ফটাঢোল

এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ (মূল : মাৰ্ক টুৱেইন) – অনুবাদ : গীতিকা শইকীয়া

সুন্দৰ তথা পৰিপাটি পোছাক পৰিহিত যুৱকজনক যথেষ্ট উদ্বিগ্ন দেখা গৈছিল৷ মই আগবঢ়াই দিয়া চকীখনত তেওঁ লাহেকৈ বহি লৈ ক’লে যে তেওঁ “ডেইলী থাণ্ডাৰষ্টৰ্ম” কাকতখনৰ লগত জড়িত হৈ আছে৷ লগতে তেওঁ ক’বলৈ ধৰিলে –

“মই আপোনাৰ সাক্ষাৎকাৰ ল’বলৈ আহিছো৷ আশাকৰোঁ এই কথাটোৱে আপোনাক যেন ক্ষুণ্ণ কৰি নোতোলে৷”

“মানে, মই কি কথাত ক্ষুণ্ণ হ’লোহেঁতেন বাৰু?”

“সাক্ষাৎকাৰ, মানে আপোনাৰ ইণ্টাৰভিউ ল’ম যে।”

“অ’…মই বুজিছো, য়েচ য়েচ…উম! য়েচ য়েচ..”

আচলতে সেইদিনা পুৱাৰে পৰা মোৰ গাটো বৰ ভাল লাগি থকা নাছিল৷ সেয়েহে মোৰ মানসিক শক্তিও কিছু পৰিমাণে ডাৱৰীয়া হৈ আছিল৷ কিবা যেন অন্যমনস্কতাও আছিল অলপমান! কিবা ভাবি ভাবিয়েই মই বুকচেল্ফটোৰ ওচৰলৈ গ’লো আৰু প্ৰায় ছয়-সাত মিনিটমান কিবা বিচাৰি তাতেই সময় কটাই থাকোঁতে মনলৈ আহিল যে ডেকা ল’ৰাজন বহি আছে৷ মই ক’লো –

“আপুনি কেনেকৈ উচ্চাৰণ কৰে?”

“কি উচ্চাৰণৰ কথা ক’লে?”

“ইণ্টাৰভিউ।”

“অহ! হে ভগৱান! আপুনি কি কাৰণে এই শব্দটো উচ্চাৰণ কৰাটো বিচাৰে?”

“মই উচ্চাৰণ কৰিবলৈ নিবিচাৰোঁ৷ মই চাব বিচাৰিছো যে এই শব্দটোৱে কি অৰ্থ বহন কৰে?”

“আৰে! এয়াটো সঁচাকৈয়ে আচৰিত হ’বলগীয়া কথা, মই বাৰু ক’বই লাগিব নেকি? মই আপোনাক ক’ব পাৰোঁ যে এই শব্দটোৰ অৰ্থ কি অথবা কি সূচায়! ”

“অ’ ভাল কথা তেন্তে৷ সেইটোতেই উত্তৰটো পাম, আৰু মই সঁচাকৈয়ে আপোনাৰ ওচৰত বাধিত অনুভৱ কৰিছো৷“

“ইণ, ইণ, টাৰ, টাৰ, ইণ্টাৰ….”

“অ’, মানে তাৰপিছত আপুনি ইংৰাজী ’আই’ আখৰটোক লৈ উচ্চাৰণ কৰে হয়নে?”

“তাকেইতো, নিশ্চিতভাৱে!”

“অ’… সেই কথাটোকে বুজিবলৈ মোৰ ইমান সময় লাগিল৷”

“কি কাৰণ, মোৰ শ্ৰদ্ধাৰ ছাৰ, আপুনি কি ধৰণেৰে এই শব্দটো উচ্চাৰণ কৰিম বুলি ভাবি আছিলে?”

“ৱেল, মানে, মই মই মই— কি জানো? মোৰ স্পষ্টকৈ কোনো ধাৰণা নাছিল আৰু মই আচলতে আণ্ডাজতে ভাবি আছিলো যে হয়তো এই শব্দটোৰ ধাৰণাটোৰ লগত জড়িত কিবা ছবিজাতীয় আলোচনী বিচাৰি পাম নেকি ভাবিয়েই বুকচেল্ফটো খুচৰি আছিলো৷ কিন্তু যিখন পালোঁ সেইখন দেখোন আলোচনীখনৰ বহুত পুৰণি সংখ্যা৷”

“আপুনি কি কাৰণে এনেকৈ চাব লগীয়া হ’ল মাই ডিয়েৰ ফ্ৰেইণ্ড? একেবাৰে নতুন সংখ্যাৰ কিতাপতো এই বিষয়ত কোনো তথ্য-ছবি নাথাকিব৷ মহাশয়, মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো, আচলতে মই আপোনাক কষ্ট দিব বিচৰা নাই৷ কিন্তুু মই আপোনাৰ বিষয়ে যিটো ধাৰণা লৈ আছিলো সেইমতে আপোনাক যথেষ্ট বুদ্ধিমত্তা থকা ব্যক্তি যেন একেবাৰেই নালাগিল দেখোন! মই সঁচাকৈয়ে এইদৰে কৈ আপোনাক দুখ দিবলৈ চেষ্টা কৰা নাই দেই! সঁচাকৈয়ে আপোনাক মনোকষ্ট দিয়াৰ মোৰ কোনো অভিপ্ৰায় নাই।“

“নাই নাই, তেনেকৈ নক’লেও হ’ব৷ যিবিলাক মানুহে তোষামোদ নকৰে আৰু যি এই তোষামোদৰ ফলত অহংকাৰী হৈ যধে-মধে যিকোনো কাম নকৰে তেনে লোকসকলে মোক এনেদৰে কৈয়েই আহিছে যে মই অলপ বেলেগ প্ৰকৃতিৰ মানুহেই হওঁ৷ হয়, হয়, সেইসকল মানুহে মোক লগ পালে প্ৰায়েই অতি উচ্ছাসেৰে এনেদৰে কয়৷“

“হয়, সেই কথাটো মই অতি সহজেই কল্পনা কৰিব পাৰিছো৷ কিন্তুু এই সাক্ষাৎকাৰটোৰ বিষয়ত ক’ব খোজোঁ যে আপুনি নিশ্চয় জানেই যে বৰ্তমান বদনামী হৈ যোৱা সকলো লোকৰেই সাক্ষাৎকাৰ গ্ৰহণ কৰাটো এক প্ৰকাৰৰ লোকাচাৰ হৈ পৰিছে৷“

“সঁচাকৈয়ে! অৱশ্যে মই আগতে এই কথাটো শুনা নাই৷ এইটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কথা৷ আপুনি কেনেদৰে ভাবে অথবা কৰে?”

“অহ! ৱেল ৱেল ৱেল—এইটো সঁচাকৈয়ে দুখৰ কথা৷ এই কামখিনি যথেষ্ট গুৰুত্ব সহকাৰে কৰা উচিত, কিন্তু পৰম্পৰাগতভাৱে এনেকুৱাকৈ চলি আহিছে যে বহুত ক্ষেত্ৰতে সাক্ষাৎ গ্ৰহণ কৰোঁতাই কিছুমান প্ৰশ্ন সোধাৰেই আৰম্ভ কৰে আৰু সাক্ষাৎকাৰ দিওঁতাই উত্তৰ দি গৈ থাকে৷ এইটোৱেই বৰ্তমান একপ্ৰকাৰৰ ধাৰণা হৈ পৰিছেগৈ! আপুনি বাৰু মোক এনে কিছুমান বিশেষভাৱে প্ৰস্তুত কৰা প্ৰশ্ন সুধিবলৈ অনুমতি দিবনে যাতে সেই প্ৰশ্নবোৰৰ উত্তৰ দিওঁতে আপোনাৰ ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ বহুখিনি গুৰুত্বপূৰ্ণ কথা উলিয়াই আনিব পৰা যায়?”

“অ’ নিশ্চয় নিশ্চয়! অতি আনন্দেৰে উত্তৰ দিম৷ মোৰ অৱশ্যে স্মৃতিশক্তি অত্যন্ত বেয়া দেই, আশা কৰোঁ আপুনি সেই বিষয়ত বেয়া নাপায় যেন! ক’বলৈ গ’লে, এয়া এক প্ৰকাৰৰ অনিয়মীয়া স্মৃতি, একপক্ষীয়ভাৱেই অনিয়মীয়া স্মৃতি৷ কেতিয়াবা কিবা কথা পাতি থাকোঁতেই হঠাতেই স্মৃতিয়ে লগ এৰা দিয়ে, আৰু হয়তো পোন্ধৰদিনৰ পাছতহে কোনো এক ক্ষণত তাৰ পিছৰ কথাখিনি মনত পৰে৷ সেইটোৱেই মোৰ জীৱনৰ অত্যন্ত দুখৰ কথা৷“

“অহ! কথা সেইটো নেকি! হ’ব দিয়ক, কোনো কথা নাই৷ আপুনি যিমান পাৰে মনত পেলাবলৈ চেষ্টা কৰিব বুলি আশা কৰিলো৷“

“নিশ্চয় কৰিম৷ মোৰ গোটেই মনটো এই সময়খিনিত কেৱল ইয়াতেই ৰাখিবলৈ চাম৷“

“ধন্যবাদ৷ তেন্তে আৰম্ভ কৰোঁ, আপুনি সাজু নে?”

“সাজু।”

 

 

“প্ৰশ্ন : আপোনাৰ বয়স কিমান হৈছে?”

“উত্তৰ : জুনত ঊনৈশ হ’ব৷”

“প্ৰশ্ন : সঁচাকৈ! মই আপোনাক পঁয়ত্ৰিশ বা ছঁয়ত্ৰিশ বছৰ বয়সৰ বুলি ভাবিছিলো৷ আপোনাৰ জন্ম ক’ত হৈছিল?”

“উত্তৰ : মিছৌৰীত।”

“প্ৰশ্ন : আপুনি কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিছিল?”

“উত্তৰ : ১৮৩৬ চনৰ পৰা৷“

“প্ৰশ্ন : কিয়, এইটো কেনেকুৱা কথা? এইটো কেনেকৈ সম্ভৱ যদি আপুনি ঊনৈশ বছৰীয়া হয়?”

“উত্তৰ : মই নাজানো৷ এইটো সঁচাকৈ একধৰণৰ কৌতূহলোদ্দীপক কথা হৈ পৰিছে দেখোন!”

“প্ৰশ্ন : হয় এইটো, সঁচাকৈয়ে তেনে লাগিছে! আপুনি লগ পোৱা কোনজন ব্যক্তিক আপুনি সবাতোকৈ গুৰুত্বপূৰ্ণ ব্যক্তি বুলি বিবেচনা কৰে?”

“উত্তৰ : এৰ’ণ বাৰ্ৰ”

“প্ৰশ্ন : কিন্তুু যদি আপুনি ঊনৈশ বছৰীয়া হয় তেন্তে আপুনি এৰ’ণ বাৰ্ৰক কেতিয়াও লগ নাপালেহেঁতেন!”

“উত্তৰ : এতিয়া, আপুনি যদি মোতকৈ মোৰ বিষয়ে অধিক জানে বুলি ভাবে, আপুনি মোক আৰু কি সুধিব খোজে?”

“প্ৰশ্ন : ঠিক আছে বাৰু! এইটো এটা পৰামৰ্শহে আছিল, তাতকৈ বেছি একো নাছিল৷ কিন্তু আপুনি এৰ’ণ বাৰ্ৰক কেনেকৈ লগ পাইছিল বাৰু?”

“উত্তৰ : ৱেল, কৈছো বাৰু, মই আচলতে তেওঁৰ শেষকৃত্যৰ সময়ত উপস্থিত আছিলো, আৰু তেওঁ মোক হুলস্থুল কৰিবলৈ মানা কৰিছিল আৰু…”

“প্ৰশ্ন : হে ভগৱান! আপুনি যদি তেখেতৰ শেষকৃত্যৰ সময়ত উপস্থিত আছিল, তেন্তে সেই সময়ত তেখেত মৃত অৱস্থাত আছিল! আৰু যদি তেখেত মৃত আছিল তেন্তে আপুনি হুলস্থুল কৰিছিল নে মনে মনে আছিল সেইটো তেখেতে কেনেকৈ ক’ব বা জানিব পাৰিব?”

“উত্তৰ : মই সেইটো নাজানো৷ অৱশ্যে তেখেত প্ৰত্যেকটো ক্ষেত্ৰতেই বিশেষভাৱে দায়িত্বশীল আছিল।”

“প্ৰশ্ন : হ’লেও! মই এইটো একেবাৰে বুজি পোৱা নাই৷ আপুনি কৈছে যে তেখেতে আপোনাৰ লগত কথা পাতিছে বুলি, আৰু সিফালে তেখেতৰ মৃত্যু ঘটিছে৷“

“উত্তৰ : মই অৱশ্যে কোৱা নাই যে তেখেতৰ মৃত্যু ঘটিছে বুলি!”

“প্ৰশ্ন : কিয়, তেখেতৰ মৃত্যু হোৱা নাছিল?”

“উত্তৰ : ৱেল, কিছুমানে কৈছিল যে তেখেতৰ মৃত্যু ঘটিছে, কিছুমানে কৈছিল নাই হোৱা বুলি।”

“প্ৰশ্ন : এই বিষয়ত আপুনি কি ভাবে?”

“উত্তৰ : অহ! সেইটোত মূৰ ঘমোৱাৰ মোৰ কোনো প্ৰয়োজন নাই৷ সেইয়া মোৰ মৃত্যুৰ শেষকৃত্য নাছিল৷“

“প্ৰশ্ন : আপুনি….(অলপ ৰৈ) যি কি নহওক, আমি এই বিষয়টোৰ পোনপটীয়া সমাধান কেতিয়াও নাপাওঁগৈ! সেয়ে মই আপোনাক বেলেগ বিষয়ৰ ওপৰতহে প্ৰশ্ন সুধিব খুজিছো, অনুগ্ৰহ কৰি আপোনাৰ জন্মৰ তাৰিখ, চনটো কওকচোন?”

“উত্তৰ : সোমবাৰ, অক্টোবৰ ৩১, ১৬৯৩।”

“প্ৰশ্ন : কি! এয়া অসম্ভৱ কথা দেখোন! সেই হিচাব মতে দেখোন আপোনাৰ বয়স এশ আশী বছৰ হ’বগৈ! আপুনি কেনেদৰে হিচাব কৰিছে অথবা এই বিষয়ত কি ক’ব খোজে?”

“উত্তৰ : মই এই বিষয়ত মূৰ নঘমাওঁ, হিচাব কৰাৰে বা কি দৰকাৰ?”

“প্ৰশ্ন : কিন্তু, প্ৰথমে আপুনি কৈছিল যে আপোনাৰ বয়স ঊনৈশ বছৰ বুলি, আৰু এতিয়া আপোনাৰ কথাৰ পৰাই এই হিচাবটো হৈ যায় যে আপোনাৰ বয়স এশ আশী বছৰ হৈছে৷ এইটো সঁচাকৈয়ে এটা অতি আঁসোৱাহপূৰ্ণ খেলিমেলি।”

“উত্তৰ : কিয়, আপুনি সেইটো লক্ষ্য কৰিছে নেকি?” (মই হঠাতে তেওঁৰ হাতখন ধৰি লৈ) বহুত বাৰ এই কথাটো মোৰ বাবেও আঁসোৱাহপূৰ্ণ লাগি আহিছিল বুজিছেনে, বহুত চেষ্টা কৰিও মই নিজৰ মনটোক বুজাব পৰা নাছিলো৷ আপুনি ইমান ক্ষিপ্ৰতাৰে কেনেকৈ এই কথাটো লক্ষ্য কৰিলে বাৰু?”

“প্ৰশ্ন : আপোনাৰ প্ৰশংসাৰ বাবে ধন্যবাদ, যদি এইটোৱেই সঁচা হয়! আপোনাৰ কোনো ভাই-ভনী আছিল অথবা আছে নে?”

“উত্তৰ : এহ! মই, মই ময়ো ভাবো তেনেকৈয়ে। হয় হয়, কিন্তু মোৰ মনত পৰা নাই৷”

“প্ৰশ্ন : ৱেল, এইটো এটা অতিশয় বিস্ময়কৰ বিবৃতি মই মোৰ জীৱনকালত প্ৰথমবাৰলৈ শুনিবলৈ পালোঁ৷“

“উত্তৰ : কিয়, কি কাৰণে আপুনি তেনেকৈ ভাবিবলৈ ল’লে?”

“প্ৰশ্ন : মই অন্যধৰণেৰে কেনেকৈ ভাবিব পাৰোঁ বাৰু? কিয়, কৈছো শুনক৷ সেই ৱালখনত লগোৱা ফটোখনত থকাজন কোন হয়? সেইয়া আপোনাৰ ভাইৰ ফটো নহয় নে?”

“উত্তৰ : অহ! হয়, হয়। এতিয়া আপুনিহে মোক মনত পেলাই দিলে যে সেয়া মোৰ ভাইৰ ফটো৷ তেওঁৰ নাম উইলিয়াম, আমি বিল বুলি মাতিছিলো, আয়ৈ দেহি! দুৰ্ভগীয়া বিল!”

“প্ৰশ্ন : কিয়? তেওঁৰ মৃত্যু হ’ল নেকি, কেতিয়া?”

“উত্তৰ : এহ! ৱেল, অৱশ্যে মই তেনেকৈয়ে ভাবো৷ আমি কোনেও কেতিয়াও ভালকৈ ক’ব নোৱাৰোঁ৷ এই বিষয়টোত এক বিয়াগোম ৰহস্য জড়িত হৈ আছে৷“

“প্ৰশ্ন : সেইটো দুখজনক, সঁচাকৈয়ে দুখজনক কথা৷ তেওঁ তাৰমানে নাইকিয়া হৈ, নিৰুদ্দেশ হৈ গ’ল নেকি?”

“উত্তৰ : ৱেল, সাধাৰণভাৱে তেনেকৈয়ে ক’ব পাৰি৷ আমি তেওঁক সমাধি দিছিলো৷”

“প্ৰশ্ন : সমাধি দিছিল? তেওঁ মৃত হয় নে নহয় নজনাকৈয়ে তেওঁক সমাধিষ্ঠ কৰিছিল?”

“উত্তৰ : অহ! নহয় সেইটো! তেওঁৰ মৃত্যু হোৱাটো নিশ্চিতই আছিল…!”

“প্ৰশ্ন : ৱেল, মই স্বীকাৰ কৰিবই লাগিব যে মই এই কথাটো কোনোমতেই বুজি পোৱা নাই৷ যদি আপুনি তেখেতক সমাধিষ্ঠ কৰিছিল, আৰু তেওঁৰ মৃত্যু হোৱা বুলিও আপুনি জানিছিল, তেন্তে…?”

“উত্তৰ : নহয়, নহয়৷ আমি ভাবিছিলোহে তেওঁৰ মৃত্যু হোৱা বুলি!”

“প্ৰশ্ন : অহ! মই বুজিছো চাগৈ! তেওঁ পুনৰ জীৱিত হৈছিল নহয় নে?”

“উত্তৰ : মই বাজী মাৰি ক’ব পাৰোঁ যে তেওঁ পুনৰ জী উঠা নাছিল!”

“প্ৰশ্ন : ৱেল, মই এনেকুৱা কথা জীৱনত কেতিয়াও শুনা নাছিলো৷ কোনোবা এজনৰ মৃত্যু হ’ল৷ কোনোবা এজনক সমাধিষ্ঠ কৰা হ’ল৷ এতিয়া, কওকচোন সেই ৰহস্যটোনো কি আছিল বাৰু?”

“উত্তৰ : এহ! সেইটোৱেই কথা৷ সেইটোৱেই আচলতে হৈছিল৷ আপুনি জানেনে যে আমি যমজ আছিলো, – সেই মানে মৃত্যু হোৱাজন আৰু মই, আৰু আমাৰ জন্মৰ দুসপ্তাহ হওঁতে বাথটাবত গা-ধোৱাই থাকোঁতে খেলি-মেলি অলপ হ’ল৷ আমাৰ দুজনৰ এজন পানীত ডুবি গ’ল৷ কিন্তু কোনেও নাজানিছিল যে পানীত কোনজন ডুবিছিল! কিছুমানে ভাবিলে সেই শিশুটি দুৰ্ভগীয়া বিল আছিল৷ কিছুমানে ভাবিলে সেয়া মই আছিলো।”

“প্ৰশ্ন : ৱেল, সেইটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ কথা আছিল৷ আপুনি কি ভাবে?”

“উত্তৰ : ভগৱানেহে জানে! মই সমগ্ৰ বিশ্বকে এই কথাটো জনাটো বিচাৰোঁ৷ এই গভীৰ, ৰহস্যজনিত কথাটোৱে মোৰ সমগ্ৰ জীৱনতেই কিবা এক বিষণ্ণতাৰ শাও দিয়া নিচিনা লাগি আহিছে৷ কিন্তু মই আপোনাক এটি অতি গোপনীয় কথা ক’ম, যিটো মই ইয়াৰ আগতে কেতিয়াও জীৱিত-মৃত কাকোৱেই কোৱা নাই৷ আমাৰ দুয়োৰে শৰীৰত এটি বিশেষ চিহ্ন আছিল, আমাৰ এজনৰ বাওঁহাতখনৰ পিচফালে, মানে তলৰ ফালে এটা ডাঙৰ আকৃতিৰ কলা মাহ আছিল, আৰু কি জানে, সেইজন মই আছিলো৷ সেই শিশুটিয়েই আচলতে পানীত ডুবি মৃত্যু হৈছিল৷“

“প্ৰশ্ন : বৰ ভাল কথা তেন্তে। এই সকলোবোৰ শুনাৰ পাছত লাগিছে যে এই বিষয়টোত ৰহস্য হ’ব পৰাকৈ একো নাই৷“

“উত্তৰ : আপুনি কোনো ৰহস্য বিচাৰি নাপাব৷ অৱশ্যে মই পাইছো৷ যি নহওক, মই এইটো কথা বুজি নাপালোঁ যে তেওঁলোকে কেনেকৈ ভুল কৰি শিশুটিক সমাধিষ্ঠ কৰি ইমান ডাঙৰ মহাভুল এটা কৰিবলৈ পালে? কিন্তু… চচচচ… অনুগ্ৰহ কৰি এই কথাটো এনে ঠাইত উল্লেখ নকৰিব য’ত পৰিয়ালৰ কোনোবাই শুনিব পাৰে! এই ঘটনাটোৰ বাহিৰেও কোনে জানে মোৰ পৰিয়ালৰ মানুহখিনিয়ে আৰু কিমান দুখজনক ঘটনা সংঘটিত কৰিছে বুলি!”

“প্ৰশ্ন : ৱেল, মোৰ বিশ্বাস হৈ গৈছে যে এতিয়ালৈকে আপোনাৰ লগত কথা পাতি যিখিনি তথ্য পালো সেয়া যথেষ্ট যেন ভাৱ হৈছে৷ মই আপোনাৰ ওচৰত বাধিত হৈ ৰ’ম যে আপুনি এই সময়খিনি মোক দিলে৷ কিন্তুু সেই এৰ’ণ বাৰ্ৰৰ শেষকৃত্যৰ কথাখিনি সঁচাকৈয়ে বহুত তথ্যপূৰ্ণ কথা৷ আপুনি যদি বেয়া নাপায় তেন্তে অনুগ্ৰহ কৰি মোক ক’ব পাৰিবনে যে সেই বিশেষ এনে কি পৰিস্থিতি আহি পৰিছিল যিটোৱে আপোনাক ভাবিবলৈ বাধ্য কৰাইছিল যে এৰ’ণ বাৰ্ৰ এজন বিশেষ গুৰুত্বপূৰ্ণ ব্যক্তি আছিল?”

“উত্তৰ : অহ! এইটো এটা এতি নগণ্য কথাহে! পঞ্চাৰ্শোদ্ধ কোনো ব্যক্তিয়েই এই কথাটো লক্ষ্য নকৰিলেহেঁতেন! সেইসময়ত তেওঁৰ শৱদেহ ৰখা কফিনটোত ফাদাৰজনে আহি কৰিবলগীয়া নিয়মখিনি কৰি হৈছিল, আৰু শেষকৃত্যৰ বাবে সমাধিস্থললৈ লৈ যোৱাৰ বাবে সমদল আৰম্ভ হ’ব লৈছিল৷ ইতিমধ্যে মৃতদেহটোক লৈ উপস্থিত থকা বিভিন্নজনৰ মাজত বু-বু বা-বা কৈ গুজৱ হ’বলৈ লৈছিল, তেতিয়া তেখেতে, মানে এৰ’ণ বাৰ্ৰে সেই দৃশ্যটো শেষবাৰৰ বাবে চাব বিচাৰিছিল, আৰু সেয়ে তেওঁ উঠি বহিছিল আৰু তাৰপাছত গাড়ীৰ চালকৰ লগত গুচি গৈছিল৷“

****

আৰু এনেদৰেই মোক লোৱা সাক্ষাৎকাৰৰ অন্ত পৰিছিল৷

সাক্ষাৎ গ্ৰহণকাৰী যুৱকজন লাহে লাহে উঠিছিল৷ তেওঁৰ সংগ যথেষ্ট আনন্দদায়ক আছিল, আৰু সেয়ে তেওঁ গৈ থকাটো চাই চাই মোৰ বেয়া লাগিছিল৷

********

* মাৰ্ক টুৱেইনৰ প্ৰকৃত নাম আছিল চেমুৱেল লংগহৰ্ণ ক্লিমেন্স৷ আমেৰিকা তথা সমগ্ৰ বিশ্ব সাহিত্যৰ এজন পুৰোধা ব্যক্তি মাৰ্ক টুৱেইন একাধাৰে আছিল প্ৰবন্ধ লিখক, ব্যংগাত্মক সাহিত্যত আগৰণুৱা, উপন্যাসিক, ভ্ৰমণ সম্পৰ্কীয় লিখক, উদ্যোগী, প্ৰকাশক আৰু অধ্যাপক৷ টুৱেইনৰ বিশ্ব বিখ্যাত উপন্যাস ক্ৰমে “দি এডভেন্সাৰ্চ অৱ টম চেইয়াৰ” (১৮৭৫) আৰু ইয়াৰ পিছৰখন “দি এডভেন্সাৰ্চ অৱ হাকলবেৰী ফিন” (১৮৮৫) বিশ্ব সাহিত্যৰ মহীৰুহ হিচাবে অভিহীত হৈ আহিছে৷

তেওঁৰ ৰসবোধ আৰু খুহুতীয়া কথাৰ ৰচনা আছিল অনন্য৷ তেওঁৰ লিখনীয়ে সেইসময়ৰ সমালোচক তথা তেওঁৰ সমবয়সীয়া সকলক খুবেই মন্ত্ৰমুগ্ধ কৰিছিল৷ তেওঁ ৰাজহুৱা অনুষ্ঠান আদিৰ মুখ্য বক্তা হিচাপেও বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ মাৰ্ক টুৱেইনৰ সেইসময়ৰ সমাজৰ কথিত ভাষাৰ ওপৰত অপৰিসীম দখল আছিল৷

“এন এনকাউণ্টাৰ উইথ এন ইণ্টাৰভিউৱাৰ” নামৰ এই গল্পটোত মাৰ্ক টুৱেইন এজন প্ৰখ্যাত ব্যক্তি হৈ পৰাৰ পাছৰে পৰা তেওঁৰ সাক্ষাৎকাৰ বাৰে বাৰে ল’বলৈ অহা মানুহৰ মানসিকতাক অধ্যয়ন কৰি লিখা এক বহুল জনপ্ৰিয় চুটি গল্প৷ প্ৰায়ে সাক্ষাৎকাৰ ল’বলৈ আহি আজে-বাজে প্ৰশ্ন সোধাসকলক মাৰ্ক টুৱেইনেও আজে-বাজে কথা কৈ শলঠেকত পেলাইছিল৷ টুৱেইনৰ মতে সাক্ষাৎ গ্ৰহণ কৰোঁতাসকলে নিজকে বেছি স্মাৰ্ট বুলি ভাবি ল’ব নালাগে৷ কাৰণ বেয়া ধৰণৰ প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰা সাক্ষাৎকাৰ এটাত পঢ়োঁতাই কোনো আমোদ পাব নোৱাৰে৷ তেওঁৰ জীৱনৰ শেষৰ ফালে এখন আলোচনীৰ বাবে এই সাক্ষাৎকাৰটোৰ কল্পনা কৰিছিল৷ সমালোচকসকলৰ মতে সাক্ষাৎকাৰৰ আৰ্হিৰে এই গল্পটো এক প্ৰকাৰৰ অধিবাস্তৱবাদ (Surrealism)ৰ প্ৰভাৱত লিখা যেন অনুভৱ হয়৷ কাৰণ মাৰ্ক টুৱেইনৰ কোনো যমজ ভায়েক নাছিল৷ উল্লেখযোগ্য যে গল্পটোত থকা এৰ’ণ বাৰ্ৰ (১৭৫৬-১৮৩৬) নামৰ ব্যক্তিজন আমেৰিকাৰ এজন ৰাজনীতিবিদ আছিল৷ থমাছ জেফাৰচন আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকা সময়ছোৱাত এৰ’ণ বাৰ্ৰ উপ-ৰাষ্ট্ৰপতি পদত আছিল৷

মাৰ্ক টুৱেইন আছিল আমেৰিকাৰ ভাষা-সাহিত্যক এক বিশেষ ৰূপত উজ্জ্বলাই তোলাৰ বাটকটীয়া৷ তেওঁক আমেৰিকাৰ হাস্য-ব্যংগ সাহিত্য জগতৰ মহানতম ব্যক্তি হিচাবে অভিহীত কৰা হৈ আহিছে৷

(বিঃদ্ৰঃ – ‘ইণ্টাৰভিউ’ শব্দটো কাহিনীটোৰ সুবিধাৰ বাবে ইচ্ছাকৃতভাৱে তেনেকৈ ৰখা হৈছে)

☆★☆★☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল অনুবাদ বা,মাৰ্ক টোৱেইনৰ গল্পবোৰ সঁচাই সুখপাঠ্য ।

    Reply

Leave a Reply

Your email address will not be published.