ফটাঢোল

এপাত চেণ্ডেল – মৃদুলা গগৈ

জাগীৰোডত পাঁচ মিনিট মান ৰ’লেই প্ৰায়েই শিৱসাগৰলৈ যাবলৈ গাড়ী পাই যাওঁ। মানে ভালকৈ বহি যাবলৈ পোৱা গাড়ী। সেইদিনানো কাৰ মুখ দেখি আহিলোঁ নাজানো। নাই, ঘণ্টা পাৰ হ’ল ছীট থকা গাড়ী নাই। হাত দাঙি দাঙি ভাগৰি গৈছোঁ। যিমানে সময়বোৰ পাৰ হৈছে মোৰো সিমানে চাটি-ফুটি লাগিছে। বাৰটা বাজিবৰে হ’ল। অকল ঘৰলৈ গৈ পালেই হ’ল বুলিলেও একো নাছিল। মই গৈ পাবগৈ লাগিব এখন বিয়া, তাকো দৰাই কইনা আনিবলৈ যোৱাৰ আগত। একে ঠাইতে ৰৈ থাকিব পৰা নাই যি গাড়ী দেখিছোঁ তাতে হাত দাঙিছোঁ। ভুলতে ট্ৰাকতো হাত দাঙি দিছোঁ। অলপ সময়ৰ পিছত ট্ৰেভেলাৰ এখন আহি যেনিবা ৰখালে বোলে ৰহাত ছীট পাব। ৰৈ নাথাকি উঠিয়ে দিলোঁ। জাগীৰোডৰ ৰাস্তাত থিয় হৈ থকাতকৈ গাড়ীতে ৰহালৈকে থিয় হৈ যোৱাই ভাল। গাড়ীখনত থিয় হ’বলৈ কথমপি ঠাই অকণ পাইছোঁ। মোৰ পিছতো আৰু মানুহ তুলিছে। মুঠতে যিমান ভৰাব পাৰিছে আৰু। সকলোকে কৈ আহিছে ৰহাত চীট পাব। আও ৰহাত ইমান মানুহ নামিবনে? এইবাৰ ৰৈ নাথাকিলোঁ,

: হেৰা ভাইটি ৰহাত কোন কেইজন মানুহ নামিব দেখুৱাই দিয়াচোন। সবকেযে ৰহাতে ছীট দিম বুলি কৈছা।

: আপুনি বহিবলৈ পালেই হ’লতো?

আও বেটাৰ দম দেখা। মোৰো মুখবজাবলৈ মন নগ’ল। ৰহা নাপাওঁতেই যেনিবা ল’ৰা এটাক উঠাই মোক বহিবলৈ দিলে। ময়ো বহিয়ে দিলোঁ। শিৱসাগৰলৈ যোৱাৰ কথা সুবিধা এৰাত নাই। বহিলোঁ যদিও থিয়হৈ অহা মানুহৰ হেঁচাত শান্তি পোৱা নাই। কোনোবাই বেগটোৰে মূৰটোত খুন্দিয়াই, কোনোবাই কিলাকুটিৰে, কোনোবাই গাৰে হেঁচা মুঠতে বাকী নাই। সহিলে বোলে সম্পদ বাঢ়ে … সহিছোঁ আৰু যিমান পাৰি। কেইজনমান নামি অলপ সেৰেঙা হ’লত কাষৰ ছীটটোলৈ চকু গ’ল। ওৱা এয়া কি আকৌ! মানুহ এহাল পোৱালি চাৰিটামান। এটা মাকজনীৰ কোলাত। বাকী কেইটা থিয় হৈ আছে। গোটেইকেইটাৰ  ডিঙিতে এটা এটা পলিথিন। কি আচৰিত! খুব চাইছোঁ।  চিন্তা কৰিছোঁ  পলিথিনকেইটা কিয় ডিঙিত আঁৰি আনিছে? টিউব লাইতৰ দৰে মোৰ মগজটো। পতকে মনলৈ নাহে কথাবোৰ। অ’ ভমিটিং! মনলৈ যেতিয়াই আহিল মোৰ উকালি আহিবলৈ ধৰিলেই। বেগটোত খুচৰি যেনেতেনে শিলিখা এটাকে পাই মুখত ভৰাইহে ৰক্ষা। ভুলতো সেইফালে নোচোৱাকৈ গৈ থাকিলোঁ।

গুৱাহাটীৰ চিটিবাছকেইখনতকৈ এখোপ চৰা। পদূলিয়ে পদূলিয়ে ৰখাই মানুহ উঠাইছে  নমাইছে। ইফালে ঘৰৰ পৰা ফোন ভাগে ভাগে। মা, দেউতা, ভাইটি, মানুহজন। ক’ত পালিহি? কেইটাত পাবিহি? মানুহজনে যেনিবা আজিকালি গৈ থাকিলে কেতিয়াও নুসোধে ক’ত পালোঁগৈ। নুসোধিবলৈ কৈ থৈছোঁ । মেচেজতে সোধে মাজে মাজে। চিলমিলকৈ টোপনিটো আহিবহে বাজিব নহয় ফোনটো। খকমককৈ ধৰিম- ক’ত পালাগৈ? একো ধৰিব নোৱাৰোঁ ক’ত পাওঁগৈ। খুব চাওঁ চাইনবৰ্ড আছে নেকি? কাষৰ মানুহে শুনে বুলি গৈ আছোঁ অ’ বুলি জোৰে কৈ থৈ দিওঁ। মোৰ গৈ থাকোঁতে ঠাইবোৰ বৰ খেলিমেলি লাগে। ৰাতি হ’লেতো ক’বই নালাগে। এবাৰ জাঁজী বুলি হাঁহচৰাতে নামি দিছিলোঁ।

যিমানে গাড়ীখন ৰখাই আহিছে মোৰ মুখখনো সিমানে সেমেকি আহিছে। কান্দো কান্দো অৱস্থা মোৰ বোকাখাটতো আৰু দুজনমান মানুহ উঠাইছে। এগৰাকী ক’লা কাপোৰেৰে আবুৰ হৈ থকা। দেহাটোতো আবুৰহৈ আছেই চকুদুটাতো ক’লা চশমা এযোৰ। চশমাযোৰত টিকট এটা লাগিয়ে আছে। দেহি ঐ  মানুহজনে কিনিয়ে লগে লগে পিন্ধাই দিছে। কিজানি কোনোবাই চকুকেইটা দেখে!

লাহে লাহে সন্ধিয়া হৈ আহিছে। যোৰহাট পাওঁতেই এন্ধাৰ হোৱাটো খাটাং। মই আকৌ যোৰহাটৰ পৰাও যাবগৈ লাগিব। দেৰগাওঁ পাওঁতেই গাড়ীত লাইট জ্বলালে। যোৰাহাট পাওঁতে সম্পূৰ্ণ  আন্ধাৰ। যোৰহাটত গাড়ীৰ পৰা নামিয়ে জাঁজী আমগুৰি চিঞৰি থকা মেজিক এখন পাই দৌৰি উঠি দিলোঁগৈ। সেইখনেও আহি আকৌ তেল ভৰাইছেহি। ভাইটিয়ে ফোন কৰি আছে দৰা সোনকালে যাব কিমান পালি যিমানে দেৰি হৈছে ফোনবোৰো ঘনাই আহিবলৈ ধৰিছে। উস্‌ ৰাম!গাড়ীৰ ভিতৰতে যেন দৌৰি দিম। চাটি-ফুটি কৰি গৈ জাঁজী পালোগৈ আৰু। গাড়ী ভালকৈ ৰখাবলৈ পোৱাই নাই মই গাড়ীৰ দৰ্জা খুলিলোঁৱেই। ভাইটি আহি জাঁজীত ৰৈ আছিলহি। দৌৰি গৈ তাৰ বাইকত উঠিছোঁ। খৰখেদাৰ কোবত  চেণ্ডেল এপাতকে ভৰিৰ পৰা খুলি পৰিল। আকৌ নামিলৈ চেণ্ডেলপাত পিন্ধিবলৈ লৈছোঁ৷ ওৱা মস্ত ডাঙৰ মতা মানুহৰ চেণ্ডেল এপাত! ইটো ভৰিলৈ চাইছোঁ ঠিকেই আছে মোৰ নিজৰ চেণ্ডেল৷ কেতিয়ানো আনৰ চেণ্ডেল ভৰিত সোমোৱালোঁ গমেই নাপালোঁ। লৰালৰিকৈ ঘূৰি চাইছোঁ গাড়ীগৈ কেনিবা পালেগৈ। ভাইটিক বোলো,

: ব’লচোন গাড়ীখন ধৰোঁগৈ। মোৰ দামী  চেণ্ডেল আছিল অ’।

ভাইটিয়ে বোলে,
: বাদ দে৷ ব’ল সেইপাতকে পিন্ধি। ক’ত কেতিয়া কাৰ পিন্ধিলি ঠিক নাই। যাৰ পিন্ধি আহিলি সেইটোৱেতো তোৰ চেণ্ডেল পাত হাততলৈ এপাত পিন্ধিয়ে যাব লাগিব।

বেচেৰা! মানুহজনৰ কি অৱস্থা হৈছে তাকে ভাবি ভাবিয়ে ঘৰ পালোঁগৈ আৰু। থৈ দিছোঁ চেণ্ডেলপাত সযতনে কিজানিবা মালিকজন ওলাব।

☆★☆★☆

8 Comments

  • কমলা দাস

    বৰ ভাল লাগিল ।

    Reply
  • ধ্ৰুৱজ্যোতি অৰ্জুন

    লিখিকা মৃদুলাৰ উত্তৰনত সঁচাই অানন্দিত হৈছো । কলম চলাই থাকিবা ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    আগতে পঢ়িছো, আকৌ পঢ়িলো আৰু হাঁহিলো । বৰ সুন্দৰ লিখনি বা।

    Reply
  • Rajib Sarma

    আমিও আশা কৰিম চেন্দেল পাতৰ গৰাকী ওলাওঁক। বিয়া ঘৰলৈ দুযোৰৰ দুপাত চেন্দেল পিন্ধি যোৱাৰ সমান সুখ নায়েই।😁😁

    Reply

Leave a Reply

Your email address will not be published.