ফটাঢোল

এ লেটাৰ টু গড – গীতিকা শইকীয়া

(মূল : গ্ৰেগ‘ৰিয়া ল‘পেক্স ৱাই ফুয়েণ্টেচ
মেক্সিকো‘ ভাষাৰপৰা ইংৰাজীলৈ অনুবাদ : ড‘নাল্ড এ য়েট্চ)

সমগ্ৰ উপত্যকাটোত সেই একমাত্ৰ ঘৰটো পাহাৰৰ সামান্য তলৰ ফালে আছে। ঘৰটো থকা ঠাইখনৰ উচ্চতাৰপৰা তলেদি এঁকা-বেঁকাকৈ বৈ যোৱা নদীখন বৰ সুন্দৰকৈ দেখা পোৱা যায়। ঘৰটোৰ ঠিক কাষতে থকা ভেড়া-ছাগলীবিলাক বান্ধি থোৱা গঁড়ালটো আছে। গঁড়ালৰ সিফালে পকিবলৈ ধৰা গোমধানৰ গছবোৰৰ লগতে থকা ৰাজমাহৰ বাগানখনে সেই সময়ত হ‘বলগীয়া ভাল ফচলৰ সম্ভাৱনীয়তাকে সূচায় আছে।

অৱশ্যে ধৰালৈ সামান্যভাৱে যদি এজাক বৰষুণ অথবা কমকৈ ধুমুহা বৰষুণো আহিলহেঁতেন, শস্যৰ গুণগত মানদণ্ড আৰু অলপ উন্নত হ‘লহেঁতেন! একমাত্ৰ খেতি পথাৰখনতেই আত্মীয়তা বিচাৰি পোৱা লেংকোৱে ৰাতিপুৱাৰেপৰা আকাশৰ উত্তৰ-পূব দিশলৈ চাই চাই কেৱল তাকেই চিন্তা কৰি আছিল।

“এতিয়া সঁচাকৈয়ে আমাক পানীৰ বৰ প্ৰয়োজন হৈ পৰিছে” – তেওঁ পত্নীক ক‘লে।

তেওঁৰ পত্নীয়ে আবেলিৰ আহাৰ তৈয়াৰ কৰি আছিল। পত্নীয়ে উত্তৰ দিলে – ”হয় দিয়া, ভগৱানে কৰিলেই হয় আৰু!”

ঘৰখনৰ ডাঙৰ ল‘ৰাকেইটাই তেতিয়াও গোমধানৰ পথাৰত কাম কৰি আছিল, সৰু ল‘ৰা-ছোৱালীকেইটাই ঘৰৰ ওচৰতে খেলা-ধুলা কৰি আছিল। তেনেতে পত্নীগৰাকীয়ে সকলোকে চিঞৰি মাতিলে –

“তোমালোক সকলো খাবলৈ আঁহা।”

সকলোৱে আবেলিৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে লেংকোৱে পূৰ্বানুমান কৰাৰ দৰেই ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ ধৰিলে। আকাশৰ উত্তৰ-পূব ফালৰপৰা এক বৃহৎ ডাৱৰৰ কলেৱৰ বৈ অহা দেখিবলৈ পোৱা গ‘ল। ৰিৱ ৰিৱ কৈ বৈ থকা বতাহৰ মিঠা গোন্ধ পোৱা গ‘ল। মানুহজন হঠাতে বাহিৰলৈ ওলাই আহি ভেডা়-ছাগলী বান্ধি থোৱা গঁড়ালৰ ফালে এনেয়ে গ‘ল। আচলতে কোনো কাৰণ নোহোৱাকৈয়ে কেৱল বৰষুণজাক গাত পৰাৰ আনন্দ ল’বৰ বাবেই তেওঁ ওলাই গ‘ল আৰু যেতিয়া তেওঁ উভতি আহিল তেতিয়া আনন্দতে চিঞৰি উঠিলঃ

“এয়া আকাশৰপৰা বৰষুণৰ টোপাল পৰা নাই, এয়া একো একোটা নতুন মুদ্ৰাহে পৰিছে। ডাঙৰ টোপালবোৰ ধৰি লোৱা দহটকীয়া আৰু সৰুবোৰ পাঁচটকীয়া মুদ্ৰা।”

সন্তুষ্টিৰ আনন্দেৰে তেওঁ পকিবলৈ ধৰা গোমধান তথা ৰাজমাহৰ ফুলবোৰক বৰষুণৰ উমাল চাদৰেৰে ঢাকি ধৰিছে বুলিয়েই উপমা দিলে। কিন্তু হঠাতে প্ৰচণ্ড জোৰেৰে ধুমুহা বতাহ ব’বলৈ ধৰিলে আৰু বৰষুণৰ লগত মিলি প্ৰচণ্ড জোৰেৰে শিলাবৃষ্টি হ’বলৈ ধৰিলে। এয়া যেন লেংকোৱে কোৱাৰ দৰেই ৰূপালী মুদ্ৰাৰ নতুনকৈ বৰ্ষণ হৈছে! ল’ৰাবোৰে বৰষুণত তিতিবলৈ বাহিৰলৈ ওলাই গ’ল আৰু বৰফময় হৈ থকা মুকুতাবোৰ বুটলিবৰ বাবে দৌৰিবলৈ ধৰিলে।

“এয়া দেখোন একেবাৰে বেয়াৰ ফালেহে যাবলৈ ধৰিছে” – মানুহজনে নিজকে নিজেই ক’লে, বৰ দুখেৰে নেদেখাজনক প্ৰাৰ্থনা কৰিলে, – “আশা কৰিছো এয়া অতি সোনকালেই শেষ হয় যেন।“

কিন্তু সেইয়া সোনকালে শেষ নহ’ল। এঘণ্টামান ধৰি এই প্ৰচণ্ড শিলাবৃষ্টিয়ে গোটেই ঘৰটো, ফুলৰ বাগিছা, পাহাৰৰ এঢলীয়াবোৰ, গোমধানৰ পথাৰখন তথা সমগ্ৰ উপত্যকাটোকেই আৱৰি থাকিল। পথাৰখন ঠিক যেন বগা নিমখেৰে ঢাকি থোৱাৰ দৰে বগা হৈ পৰিল। গছবোৰত এটা পাতো দেখা পোৱা নগ’ল। গোমধানবোৰ সম্পূৰ্ণকৈ ধ্বংস হৈ পৰিল। ৰাজমাহৰ গছবোৰৰ ফুলবোৰ ইতিমধ্যে সৰি পৰিল। লেংকোৰ অন্তৰাত্মা দুখত ম্ৰিয়মান হৈ পৰিল। সেই প্ৰচণ্ড ধুমুহা-শিলাবৃষ্টি শেষ হোৱাৰ পাছত তেওঁ গৈ পথাৰৰ মাজত বহি পৰিল আৰু তেওঁৰ ল’ৰাহঁতক ক’বলৈ ধৰিলে –

“কাকতি ফৰিঙৰ জাক অহা হ’লেও নিশ্চয় ইয়াতকৈ কিবা অকণমান বাচিলহেঁতেন! ধুমুহা বৰষুণ-শিলাবৃষ্টিয়ে সকলোবোৰ মষিমূৰ কৰি গ’ল। এই বছৰ আমাৰ হাতত গোমধান অথবা ৰাজমাহ কোনোটোৰেই একোৱেই নাথাকিলগৈ।”

সেই ৰাতিটো বৰ দুখৰ ৰাতি আছিল।

“আমাৰ ইমান কষ্ট অথলে গ’ল! এতিয়া আমাক সহায় কৰোঁতা কোনোৱেই নাই। এই বছৰটো আমি সকলোৱে অনাহাৰে কটাব লাগিব।”

উপত্যকাটোৰ সেই একমাত্ৰ ঘৰটোত বাস কৰা সকলোৰেই আত্মাত তেতিয়া একমাত্ৰ এটায়ে আশা তথা বিশ্বাস জীপাল হৈ আছিল, সেয়া হ’ল – ভগৱানৰ সহায়।

“যদিও দেখাত সম্পূৰ্ণকৈ ক্ষতি হোৱা যেন লাগিছে তথাপিও ইমান বেছিকৈ দুখী হৈ পৰিবও নালাগে। মনত ৰাখিবা, অন্ততঃ ভোকত কোনো নমৰে।” – পত্নীয়ে ক’লে।

সেইয়াই সকলোৱে একমুখে ক’বলৈ ধৰিলে, – ”হয়, ভোকত কোনো নমৰে।”

সেই গোটেই ৰাতিটো লেংকোৱে কেৱল সেই একেটাই আশা কৰি থাকিল, ভগৱানৰ সহায়। লেংকোৱে ভাবিবলৈ ধৰিলে যে গীৰ্জাত কৰা প্ৰাৰ্থনাবোৰত কোৱাৰ দৰেই ভগৱানৰ চকুৱে সকলো দেখিব পাৰে, আনকি মানুহৰ অন্তৰাত্মাৰ গভীৰ কোণত থকা ভাৱনাকো ভগৱানে চাব পাৰে।

লেংকো যদিও ষাড়গৰুৰ দৰেই কেৱল পথাৰতে কাম কৰা মানুহ, তথাপি তেওঁ সামান্যকৈ লিখা-পঢ়া কৰিবও জানিছিল। কোনোবা অদৃশ্য শক্তিয়ে সকলোকে ৰক্ষা কৰে বুলি নিজকে সম্পূৰ্ণৰূপে পতিয়ন নিওৱাৰ পাছত পিছৰ দেওবাৰটোত দোকমোকালিতেই তেওঁ এখন চিঠি লিখিবলৈ বহিল আৰু সেই চিঠিখন তেওঁ নিজেই টাউনলৈ গৈ পোষ্টবক্সত ভৰাই থৈ আহিব বুলি ঠিৰাং কৰিলে। এয়া আচলতে ভগৱানলৈ লিখা এখন চিঠি আছিল।

“ভগৱান,” তেওঁ লিখিছিল, – “যদি তুমি আমাক সহায় নকৰা, তেন্তে মোৰ পৰিয়াল আৰু মই এই গোটেই বছৰটোৱেই ভোকত থাকিব লাগিব। ধুমুহা-শিলাবৃষ্টিৰ বাবে নষ্ট হৈ পৰা গোমধান আৰু ৰাজমাহৰ পথাৰত পুনৰ গুটি সিঁচি পুনৰ শস্য পাবলৈ আৰু তেতিয়ালৈকে জীয়াই থাকিবলৈ মোক অন্ততঃ দুশ পঞ্চাছ টকাৰ প্ৰয়োজন হ’ব। সেইখিনি তুমি মোলৈ পঠিয়াই দিবা।”

তেওঁ এনভেলপটোৰ ওপৰত “প্ৰতি, ভগৱান“ বুলি লিখিলে, ইতিমধ্যে লিখা চিঠিখন এনভেলেপৰ ভিতৰত সোমোৱাই আঠা লগাই বন্ধ কৰিলে আৰু টাউনলৈ গ’ল। পোষ্ট অফিচত তেওঁ চিঠিখনৰ খামটোত এটা ষ্টাম্প লগালে আৰু মেইলবক্সত ভৰাই থৈ আহিল।

পোষ্ট অফিচটোৰ পোষ্টমেনৰ দায়িত্বত থকা কৰ্মচাৰীজনে চিঠিখন পাই খামটোত লিখা ঠিকনাটো চাই জোৰেৰে হাঁহি হাঁহি তেওঁৰ মুৰব্বীৰ কোঠালৈ গ’ল আৰু ভগৱানলৈ দিয়া সেই চিঠিখন দেখুৱালে। পোষ্টমেনৰ চাকৰি জীৱনত তেওঁ কেতিয়াও এনে ঠিকনাৰ চিঠি পোৱা নাছিল। পোষ্টমাষ্টৰজন এজন শকত-আৱত তথা আমায়িক স্বভাৱৰ ব্যক্তি আছিল। তেৱোঁ প্ৰথমে হাঁহিত ফাটি পৰিল যদিও, পিচমুহূৰ্ততেই তেওঁ গম্ভীৰ হৈ পৰিল আৰু চিঠিখন চুই চুই ক’বলৈ ধৰিলে – “এয়া কি যে বিশ্বাস! মই আশা কৰোঁ এই চিঠিখন লিখা ব্যক্তিগৰাকীৰ দৰেই যদি মোৰো তেনে বিশ্বাস থাকিল হয়! তেওঁ যিদৰে ভগৱানক বিশ্বাস কৰিছে সেইদৰে ময়ো যদি বিশ্বাস কৰিব পাৰিলো হয়! যিদৰে তেওঁ ভগৱানে সহায় কৰিব বুলি যি এক গভীৰ আত্মবিশ্বাস ৰাখিছে তেনেদৰে ময়ো যদি তেনে বিশ্বাস ৰাখিব পাৰিলো হয়! এইদৰে ভগৱানৰ লগত যোগাযোগ কৰাৰ আশা কৰিব পৰাটোও এক গভীৰ বিশ্বাস।”

সেয়ে কেতিয়াও পঠিয়াব নোৱাৰা ঠিকনা লিখা সেই চিঠিখনত প্ৰকাশ পোৱা বিশ্বাসৰ সেই আশ্বৰ্যকৰ ধাৰণাটোক নিৰাশ নকৰিবলৈকে পোষ্টমাষ্টৰজনে এটা অদ্ভূত উপায় উলিয়ালে।

“চিঠিখনৰ উত্তৰ দিয়া যাওক।”

কিন্তু যেতিয়া তেওঁ উত্তৰ দিবলৈ প্ৰস্তুত হ’ল, এইটো অনুভৱ হ’ল যে কেৱল সদিচ্ছা, চিঞাঁহী আৰু কাগজ এখনৰ উপৰিও আৰু বিশেষ কিবা এটাৰ দৰকাৰ। আৰু সেয়া হ’ল লেংকোৱে বিচৰাৰ দৰে আৰ্থিক সহায়। সেয়া সহজে সম্ভৱ নাছিল যদিও তেওঁ নিজৰ সিদ্ধান্তত অটল থাকিল। তেওঁ নিজৰ দৰমহাৰ কিছু অংশ দিয়াৰ লগতে পোষ্ট অফিচটোৰ আন আন কৰ্মচাৰীসকলৰ পৰাও সহায় বিচাৰিলে। লগতে তেওঁৰ অনুৰোধতে ভালেমান বন্ধু-বান্ধৱেও দান-বৰঙণি হিচাবে কিছু সহায় আগবঢ়ালে।

কিন্তু তেওঁলোক সকলোৰে সীমিত আয়ৰ ফলত ইতিমধ্যে গোট খোৱা টকাখিনি লেংকোৱে বিচৰা দুশ পঞ্চাছ টকাৰ প্ৰায় আধাহে হৈছিলগৈ! সেয়ে লেংকোলৈ তেওঁ সেই আধাখিনি টকাকে পঠিয়াবলৈ ঠিৰাং কৰিলে। তেওঁ টকাখিনি এটা খামত ভৰাই, লগতে এখন চিঠিত কেৱল “ভগৱান” বুলি লিখি খামটোত লেংকোৰ ঠিকনাটো লিখি আঠা লগাই থ’লে।

তাৰ পিছৰ দেওবাৰটোত লেংকোৱে তেওঁৰ নামত কিবা চিঠি আহিছে নেকি জানিবলৈ আন দিনাতকৈ কিছু সোনকালেই আহি পোষ্ট অফিচ পালেহি। পোষ্টমেনজনে নিজেই চিঠিখন লেংকোৰ হাতত দিলে। আনহাতে পোষ্টমাষ্টৰজনে কিবা এটা ভাল কাম কৰাৰ অশেষ পৰিতৃপ্তিৰ অনুভৱেৰে তেওঁৰ অফিচ ৰুমৰ পৰাই লেংকোক লক্ষ্য কৰি থাকিল।

লেংকোৰ বিশ্বাস ইমান গভীৰ আছিল যে চিঠিখনৰ লগত থকা টকাখিনি দেখিও তেওঁ সামান্যভাৱেও আচৰিত নহ’ল, কিন্তু তাৰ পৰিৱৰ্তে টকাখিনি গন্তি কৰি তেওঁৰ খঙহে উঠিল। – “ভগৱানেতো ইমান ভুল কৰিব নোৱাৰে, অথবা মই কৰা অনুৰোধক ভগৱানে অস্বীকাৰো কৰিব নোৱাৰে। এয়া কেনেকৈ হ’ব পাৰে?”

লগে লগেই লেংকোৱে সন্মুখৰ খিৰিকিখনৰ সিফালে বহি থকা কৰ্মচাৰীজনৰপৰা এখন কাগজ আৰু কলম তথা এটা খাম বিচাৰিলে। কাষতে থকা টেবুলখনত কাগজখিলা লৈ লেংকোৱে কঁপালৰ ভ্ৰু কোঁচাই ভগৱানলৈ বুলি কি কি আৰু কেনেকৈ লিখিব সেই সম্পৰ্কে ভাবি লিখিবলৈ ধৰিলে। অলপ সময়ৰ পাছত লিখা শেষ কৰি তেওঁ ষ্টাম্প এটা কিনি জিভাৰে তিয়াই খামটোৰ ওপৰত লগাই হাতেৰে জোৰেৰে হেঁচি দি খামটো মেইলবক্সত ভৰাই দিলে।

ইতিমধ্যে লেংকোক লক্ষ্য কৰি থকা পোষ্টমাষ্টৰজনে মেইলবক্সত চিঠিখন পৰাৰ লগে লগেই উলিয়াই লৈ পঠিবলৈ ল’লে। লেংকোৱে লিখিছিলঃ

“ভগৱান, মই বিচৰা টকাৰ মাত্ৰ আধাখিনিহে মোৰ হাতত পৰিল। মোৰ সঁচাকৈয়ে বাকীখিনি টকাৰো বহুত প্ৰয়োজন আছে, সেয়েহে অনুগ্ৰহ কৰি বাকীখিনিও অতি সোনকালেই পঠিয়াই দিয়ক। কিন্তু সেইখিনি মেইলৰ যোগেদি ভুলতো নপঠিয়াব, কাৰণ পোষ্ট অফিচৰ কৰ্মচাৰীবোৰ একো একোজন মস্ত চোৰ হয়।

ইতি
লেংকো।”

[লেখকৰ পৰিচয়ঃ গ্ৰেগ‘ৰিয়া ল‘পেক্স ৱাই ফুয়েণ্টেচঃ

গ্ৰেগ‘ৰিয়া ল‘পেক্স ৱাই ফুয়েণ্টেচ (নৱেম্বৰ ১৭, ১৮৯৭ – ১০ ডিচেম্বৰ ১৯৯৬) মেস্কিকোৰ এজন জনপ্ৰিয় কবি, উপন্যাসিক আৰু সাংবাদিক আছিল। তেওঁক মেক্সিকান বিপ্লৱৰ এজন অন্যতম আগৰণুৱা হিচাবে অভিহিত কৰা হয়। তেওঁৰ পোন্ধৰ বছৰ বয়সত মেক্সিকান বিপ্লৱৰ আৰম্ভণি হয়। ফুয়েণ্টাছৰ সকলোবোৰ গ্ৰন্থতে এই বিপ্লৱৰ ফলত সৃষ্টি হোৱা ৰাজনৈতিক অৰাজকতা তথা সাধাৰণ মানুহৰ দুখ-কষ্টৰ বিৱৰণ পোৱা যায়।

ফুয়েণ্টেচৰ লিখনিত উত্তেজনা, হাস্যকৰ অৱস্থাৰ নিখুত বৰ্ণনা তথা মেক্সিকোৰ জন-জীৱনক প্ৰতিফলিত হৈছিল। “টুলিঅ এফ পেচিঞ্জ“ নামৰ ছদ্মনামতো গল্প লিখা ফুয়েণ্টাছে মেক্সিকৰ ওপৰত আমেৰিকাৰ শোষণ-উৎপীড়নৰ মুকলিভাৱে বিৰোধিতা কৰিছিল। ১৯৩৫ চনত তেওঁক মেক্সিকোৰ শ্ৰেষ্ঠ সাহিত্য আৰু বিজ্ঞানৰ বঁটাৰে সন্মানীত কৰা হৈছিল।

উল্লেখযোগ্য যে ফুয়েণ্টাছৰ এই গল্প “এ লেটাৰ টু গড”ৰ অনুপ্ৰেৰণাতে বিশ্ববিখ্যাত উপন্যাসিক আৰ্ণেষ্ট হেমিংৱেই “দি অল্ড মেন এণ্ড দি চি” উপন্যাসখন ৰচনা কৰিছিল বুলি হেমিংৱেই স্বীকাৰ কৰিছিল।]

☆★☆★☆

16 Comments

  • বন্দিতা গগৈ বৰা

    পঢ়িলো,বৰ ধুনীয়া বৰ্ণনা কৰিছা।পঢ়ি যাওঁতে দৃশ্যবোৰ মনলৈ আহি পৰিছে।ভাল লাগিল।

    Reply
  • বিকাশ শইকীয়া

    বহুত ভাল লাগিল।

    Reply
  • সঞ্জীৱ মজুমদাৰ

    বৰ ভাল লাগিল। সুন্দৰ অনুবাদৰ বাবে আপোনাক ধন্যবাদ জনালো।

    Reply
  • Papari Barman

    ভাল লাগিছে

    Reply
  • পাৰবীন

    শেষৰ শাৰীটো পঢ়ি বাৰু পষ্ট অফিচৰ মানুহখিনিৰ কি অৱস্থা হ’ল ।

    হাঁহি মৰিলো । অনুবাদ সাহিত্যত তোমাৰ পৰিপক্ক হাতৰ সোৱাদ যেন সদায়েই পাওঁ ।

    Reply
    • Gitika Saikia

      অশেষ ধন্যবাদ পৰী। মোৰ এনে লাগে যে ব্যংগাত্মক ভাৱধাৰাৰে গল্পটো শেষ কৰিবলৈকে লেংকোৰ চিঠিখনতে কাহিনীটো শেষ কৰিছে, যাতে পঢ়ি যাওঁতে পাঠকৰ মনতো কথাটোৱে দোলা দি যায়। সেইটোৱেই এই গল্পটোৰ গুৰুত্বপূৰ্ণ দিশ।

      Reply
  • বৰ ভাল লাগিল বা৷

    Reply
  • মল্লিকা শৰ্মা বৰদলৈ

    বৰ সুন্দৰ অনুবাদ আপোনাৰ। পঢ়ি খুবেই ভাল লাগিল বা।

    Reply
    • Gitika Saikia

      ধন্যবাদ মল্লিকা।

      Reply
  • Dhruba Jyoti Arjuna

    বা। অাপোনাৰ লিখনিৰ মই অাগৰে পৰা ভক্ত । লেংকোৰ দৰেই এক বিশ্বাস লৈ ফুৰো ।গিতিকা বাৰ লিখনি ভাল হ’ৱই ।

    Reply
    • Gitika Saikia

      ধেইত! কি যে কোৱা! যিনহওক, মোৰ ভাল লগা মানুহবোৰে মোৰ যৎসামান্য লিখনিক লৈ কিবা ক’লে ভালেই লাগে। ধন্যবাদ নিদিওঁ যাহ!

      Reply

Leave a Reply

Your email address will not be published.