ফটাঢোল

ওকণি – মণ্টু কুমাৰ ডেকা

মূৰটো মাজে-মাজে খজুৱাই থাকে। খজুৱাই খজুৱাই আমেজ লওঁ। কিবা কামত গভীৰ ব্যস্ত থাকিলে কেতিয়া খজুৱাওঁ, কেনেকৈ খজুৱাওঁ এইবোৰৰ ধ্যান নাথাকে। মুঠতে খজুৱাই দিওঁ, সেয়া লাগিলে মানুহৰ মাজত কাণত সৰু আঙুলিটো ভৰাই বিন্দাছ খজুৱাই আমেজ লোৱাই নহওঁক কিয়, খজুৱাই দিওঁ। বিহাৰী এজনক চছমাৰ ফ্ৰেমৰ কাণত হেঁচি ধৰা এডালকে কাণত ভৰাই এটা চকু বন্ধ কৰি আনটো সৰুকৈ মেলি খুব আমেজেৰে কাণ চাফা কৰি থকাটো প্ৰায়ে দেখো। একো নাই “স্বচ্ছ ভাৰত”। মানুহ চাফা হ’ব লাগে। ৰাস্তা-ঘাট চাফাকৈ ৰখাৰ দৰে কাণ-চাণো চাফাকৈ ৰাখিব লাগে। সেইয়া লাগিলে ঝাড়ু বা চছমাৰ ফ্ৰেমেৰেই চাফা নকৰক কিয়, মুঠতে কৰিব লাগে। তাক দেখিলে মই নেহাঁহো, আপোনালোকেও নেহাঁহিব। আগতে ঠাণ্ডা দিনবোৰ আহিলেই চুলিবোৰ সৰুকৈ কাটি লওঁ। চুলিত অলপমান তেল আৰু পানী মিহলাই চুনু্-পাউডাৰ, বডী-স্পে’ সকলোবোৰ লগাই একদম “ফ্ৰেশ্ব” হৈ অফিচলৈ যাওঁ। ওচৰতে কাৰোবাক গা-নোধোৱা যেন পালে সোধো – “নাহাকে আতে হু আপ? কিতনে দিন নাহায়া নহী, গন্দে ইনচান”। এনেকৈ গা-নোধোৱাকৈ প্ৰায় এসপ্তাহ কটাওঁ। কেৱল শনিবাৰ আৰু দেওবাৰেহে কাপোৰ-কানিৰ লগতে গাটোও ধুই দিওঁ। আজিকালি পিছে লগত থকা কাঢ়া “মাষ্টৰেণী”জনীৰ কাৰণে সকলো নীতি-নিয়ম সলনি হ’ল। এনেকুৱা লাগে যেন গা নোধোলে ভাতো নেপাম। কিমান যে কঠিন হ’ল জীৱনটো।

সদায় সদায় গা ধোৱা, পৰিস্কাৰ-পৰিচ্ছন্ন,পৰিপাটিবোৰ “মেইনটেইন” কৰা। এনেকুৱা লাগে যেন অকলশৰীয়া দিনবোৰেই ভাল আছিল। সেইকাৰণে কওঁ, “কেতিয়াও বিয়া নাপাতিব”! এই যে “মাষ্টৰেণী” যেন এজনী পালে হ’ল আৰু, সদায় লেপটপটো আগত লৈ ঘনাই মূৰটো খজুৱাই থকাটো “মাষ্টৰেণী”জনীয়ে দেখি সিদিনা “বিয়েৰ শ্বেম্পো”ৰ বটলটো হাতত দি মূৰটো ভালদৰে ধুবলৈ দিলে। পাল নামাৰি ভালদৰে ধুলো। তিনিদিনমান তেনেকৈ ধুবলৈ দি আছে, ময়ো ধুই আছোঁ। সন্দেহ উফি হোৱাৰ। সিদিনা অকলশৰে অফিচত বহি বহি খুউব খজুৱাই আছোঁ। কিবা এটা যেন খুউব দৌৰিছে, যেন দৌৰা-দৌৰি কৰি লুকাভাকুহে খেলিছে। কেতিয়াবা কাণৰ ওচৰলৈ আহি পুৰপুৰ পাৰপাৰকৈ আকৌ পাছফাললৈ, পাছফালৰপৰা আকৌ আগফাললৈ। কামৰ মাজতে খজুৱাইয়ো আছোঁ। ইমেইল এটা লিখিবলৈ দিছিল, লিখা মেলা বাদ দি এইবাৰ খজুউৱাত ব্যস্ত। ইমানপৰে লটি-ঘটিবোৰ দেখি মেনেজাৰজন ওচৰলৈ আহি অলপ ধেমেলীয়াকৈ ক’লে, “জু পাল কে ৰাখা হে ক্যা?” মোৰ যেন চকুহে মুকলি হ’ল। ওকণি বাৰু ক’ৰপৰা আহিব? মানুহজনীৰ মূৰত ওকণি থাকিবই নোৱাৰে। ইমান বছৰে নেপালোৱেই। মোৰ মূৰত ক’ৰপৰা আহিল? ডাঙৰ প্ৰশ্ন। কিমান বছৰ যে ওকণিয়েই দেখা নাই। মনত পৰে সৰুতে ৰ’দত বহি এপাল সমন্ধীয়া বাইদেউৰ মূৰত ওকণি চোৱা কথাটো। লিখা, বীৰা, পুজুলা। কাম বন নেথাকিলে পঢ়া শুনা কৰাৰ পাছত ওকণিয়েই চাই দিছিলো। বিঢ়াবোৰ ধৰি ধৰি সিহঁতৰ হাতৰ তলুৱাত দিছিলো। সিহঁতৰ জেতুকা লগোৱা হাতবোৰত ওকণিবোৰে দৌৰা-দৌৰি কৰিছিল। পাছত দীঘল-দীঘল নখবোৰৰ চেপাত সিহঁতৰ মৃত্যু হৈছিল। কিমান যে ভয়ংকৰভাৱে সিহঁতক হত্যা কৰা হৈছিল। আঙুলিৰ দীঘল নখৰ চেপাতো “থিচক”কৈ উঠিছিল। সেই “থিচক” শব্দটো শুনিবলৈহে যেন ওকণিবোৰ চাই দিছিলো। ফটা-ফট ইমেইলটো টাইপ কৰি মেনেজাৰৰ কামটো সমাপ্ত কৰি একদম আজৰি হৈ ইফালে সিফালে চাই অফিচৰ “ৱৰ্ক ষ্টেচন”তে জিনচৰ পকেটত থকা সৰু ঘন ফণীখনেৰে চুলিবোৰ আগলৈ ফনিয়াইছো। যেন কোনোবা ওকণিপালা মহিলাইহে ৰ’দত বহি বগা কাপোৰ এখন কোঁচত লৈ চুলিবোৰ ফনিয়াই ফনিয়াই ওকণি বিচাৰিছে। কিছু সময় ফনিওৱাৰ পাছত কাণৰ পাছফালে কিবা এটা যোৱা যেন লাগিল। কি বাৰু? সাৱধানে আঙুলিৰে চেপা মাৰি ধৰি বগা ডেক্সত যেতিয়া এৰি দিওঁ, “এটা প্ৰকাণ্ড বিঢ়া ওকণি!” “অহহ মাই গ’ড!” ভয় খাই মানুহজনীক ফোন এটা কৰি কথাটো জনালোঁ। বহুদিন তদন্ত চলাৰ পাছত আচল কথাটো পোহৰলৈ আহিল। অফিচৰ “কেব”ত সদায় মোৰ ওচৰতে বহি যোৱা দীঘল আৰু ঘন চুলিৰ ছোৱালীকেইজনীৰ কথা মনত পৰিল। দুজনীয়ে প্ৰায়ে “কেব”ত বহিয়েই ঘোৰ নিদ্ৰাত ঢলি পৰে। টোপনিত চুলিবোৰ ইফাল সিফাল হৈ যায়। মূৰত পুহি ৰখা ওকণিবোৰৰ অলপো খবৰ নেৰাখে। এজনীয়ে টোপনিতে দুয়োখন হাতৰ দীঘল নখবোৰ চুলিৰ মাজত সোমোৱাই প্ৰায়ে মূৰটো খজুৱাই। খবৰ নাই। মাজে-মাজে কিবা এটা টানি অলপ দূৰৈত লাহেকৈ পেলাই দিয়ে। হয়তো ওকণিয়েই। আমি নেথাকিলে কিজানি সেইজনীয়ে নেইলপলিচ লগোৱা দীঘল দুই নখেৰে “থিচক”কৈ তাক হত্যা কৰিলে হয়। অতিমাত্ৰা ওকণিবোৰে খাবলৈ নেপাই ইফালে সিফালে গতি কৰে। যেন বাংলাদেশীয়েহে অসমত প্ৰবেশ কৰিছে বাসস্থান বিচাৰি। কালক্ৰমত কোনোবা এদিন হয়তো আমাৰ মূৰলৈ খাদ্য বিচাৰি আহে। দ্বিতীয় দিনা “ট্ৰাণ্সপৰ্ট ডিপাৰ্টমেণ্ট”লৈ গৈ “কেব” সলনি কৰি ছোৱালী নথকা “কেব” এখন “ফিক্স” কৰি ল’লো। কথাটো মই ছোৱালীকেইজনীক নজনালো। আপোনালোকেও নজনাই যেন।

☆★☆★☆

10 Comments

  • তৃষ্ণা সো.

    হাঃ হাঃ হাঃ, বঢ়িয়া।

    Reply
  • মিতু

    হাঃ হাঃ। জমনি দেই।

    Reply
  • anjan Sadhanidar

    পঢ়িলো৷ ভাল লাগিল৷

    Reply
  • Mridula

    বৰ ৰস পালো ।

    Reply
  • অনুৰূপ মহন্ত

    নিজৰে মূৰটোৱেই পিৰপিৰাই যোৱা যেন লাগিল। বেছ হাঁহিলো। হাঃ হাঃ😂😂

    Reply
  • Anonymous

    বেচেৰা ওকনিৰ বিলৈ !!!

    Reply
  • সদানন্দ ভূঞা

    চিন্তা নকৰিব, কাকো নজনাও । বঢ়িয়া লিখিলে ।

    Reply
  • সদানন্দ ভূঞা

    ওকনিৰ খজুৱতিৰ আমেজেই বেলেগ ন । বঢ়িয়া লাগিল ।

    Reply
  • সদানন্দ ভূঞা

    ওকনিৰ পিৰপিৰণিৰ খজুৱতি বৰ মজা ন ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    মূৰটো খজুৱাই গ’ল পাই।

    Reply

Leave a Reply

Your email address will not be published.