ফটাঢোল

ওস্তাদি– জয়ন্ত শৰ্মা

জীৱনত কৰাৰ ভিতৰত আটাইতকৈ বেছিকৈ চাগৈ ‘ওস্তাদি’কে কৰিছো। জনা কথাটোততো কৰোৱেই নজনাটোতো মুখেদি বা চকুৱেদি এনেকুৱা এটা ভাৱ দি থাকো যে, এইটোনো কিবা কথা হ’লনে! আমিতো আগতেই জানো। কওঁতাজনেহে শেষত ভাবিবলৈ বাধ্য হয় যে, ইচ্, কাৰ আগত কি কৈ আছো! জীৱনত যি দুই এবাৰ লিখিবলগীয়া হৈছে তাতে হবি ‘খেল’ বুলি লিখিছো যদিও আচলতে মনটোৱে হবি ‘ওস্তাদি’ বুলি লিখিবলৈহে উচতাই থাকে। কিন্তু ‘ওস্তাদি’টো ‘হবি’ত পৰে নে নপৰে নাজানো। তাতে আগতে কাকো লিখাও দেখা নাই বুলিহে।

মই তেতিয়া ‘ইদলী দোচা চম্বৰ’ৰ দেশ অন্ধ্ৰপ্ৰদেশত কিবা এটা প্ৰশিক্ষণ ল’বৰ বাবে গৈছিলো। অন্ধ্ৰপ্ৰদেশৰ লোকসকলে আকৌ হিন্দী বুজি নাপায়। পালেও ক’বলৈ নিবিচাৰে। গতিকে দোকানবোৰত অসমীয়াতে কাম চলে। অসমীয়া যে বুজে সেইটো নহয়। কথা হ’ল হিন্দী নুবুজেই যেতিয়া আকাৰে ইঙ্গিতে বস্তুটো দেখুৱাই কথাখিনি অসমীয়াতে কওঁ। কাম চলি যায়। এনেয়ো নিজেও হিন্দীত যিহে ওস্তাদ। তাতেই সঞ্জীৱ মহাপাত্ৰ নামৰ উৰিষ্যাৰ ল’ৰা এজনৰ লগত চিনাকি হ’লো। তেওঁ তেলেগু, হিন্দী দুয়োটাই বুজি পায়। তেওঁৰপৰাই যি পাৰো দুই চাৰিটা তেলেগু শিকো বুলি তেওঁৰ ৰুমলৈ যোৱা কৰিলো। মই ইংলিছ বা হিন্দীত সোধো। তেওঁ ইংলিছ আখৰেদি তেলেগু ভাষাত লিখি দিয়ে। পিছে ইমান টান উচ্চাৰণ। আমাৰ তামোল খোৱা জিভাইদি ফুটাবই নোৱাৰো। চাৰি পাঁচবাৰ চেষ্টা কৰিও যেতিয়া সঠিক উচ্চাৰণ ফুটাব নোৱাৰো টিউচন মাষ্টৰেও হাঁহি হাঁহি বেলেগ এটা বাক্যত ধৰে। এনেকৈয়ে হোৱাই নোহোৱাই প্ৰায় 26 টামান সাধাৰণ কিন্তু দৈনন্দিন ব্যৱহাৰ হোৱা বাক্য মুখস্থ কৰি ল’লো। টিভিত ফেভিকুইকৰ এডভাৰটাইজটো মনত আছেনে। লাঠী এডালত অকাটি, ৰেণ্ডু, মুৰু বুলি কেইটোপালমান ফেভিকুইক লগাই সাগৰত ধৰি থাকোতেই যে মাছ আঠাত লাগি আহে। চুটকি মে চুপকায়ে। সেই অকাটি, ৰেণ্ডু, মুৰু, নালুগু, আইডু আৰু আদি হ’ল তেওঁলোকৰ সৰু নেওঁতাখন। অকল শিকিলেইতো নহ’ব। মোৰ জ্ঞানৰ সাগৰখন কিমান গভীৰ কাৰোবাৰ আগত মেলিওতো দেখুৱাব পাৰিব লাগিব। নহ’লে কি ঠিক আমি যে বেলেগ ভাষী মানুহক অসমীয়া শিকাবলগীয়া হ’লে প্ৰথমতে আমাৰ কথাৰ মছলাকেইটাহে শিকাওঁ তেনেকুৱাওটো হ’ব পাৰে। গতিকে পাণ্ডিত্য জাহিৰ কৰাৰ বাবে প্ৰথমতে হোষ্টেলৰ বাউণ্ডেৰী ৱালৰ সিপাৰে ইদলী দোচা বেছা মানুহজনীকে ঠিক কৰিলো।

তিনিবাৰমান মনে মনে আওঁৰাই মানুহজনীক লাহেকৈ সুধিলো, ”ইদলী য়ক্কা ধাৰালু এমিটি?” (ইডলীৰ দাম কিমান) মোৰ উচ্চাৰণত একো বুজিয়ে নাপালে নেকি, পাত্তাই নিদিলেচোন। অলপ দমি গ’লেও এৰি নিদি পুনৰ সুধিলো, ”চেল্যি, মিহৰু এলা উন্নাউ?” অৰ্থাৎ ভণ্টি আপোনাৰ ভালনে? তেওঁ প্ৰথমতে চকুকেইটা ডাঙৰ কৰি চোৱাত ভয়ে খাইছিলো যদিও পিছমুহূৰ্ততে যেতিয়া ‘নেনু বাগানউন্নাউ’ (মোৰ ভাল) বুলি উত্তৰ দিলে তেতিয়াহে বোলো, ৰক্ষা। চেচনেলত ফুল মাৰ্কছেই পালো। মা চন্থা উৰো আসাম (মই অসমৰ) বুলি সিদিনালৈ সামৰিলো।

তেতিয়া আকৌ এতিয়াৰ দৰে ইণ্টাৰনেট সহজলভ্য নাছিল। গতিকে কিবা এটা সুধিব লাগিলে গুগল হিচাপে সঞ্জীৱকে বিচাৰিবলগীয়া হৈছিল। সঞ্জীৱে মোৰ চেল্যি (ভণ্টি) শব্দটোৰ উচ্চাৰণত সন্তুষ্ট হোৱা নাছিল যদিও ‘চেল্যি’ বুলি মতাৰ পিছত মিচিকি হাঁহিৰে মানুহজনীৰ সঁহাৰি বেছি ভালহে হৈছিল। ভণ্টি বুলি মাতিলেতো ভাল পাবই। ইডলীৰ লগত চাটনিও বেছি দিয়া কৰিছিল। ইতিমধ্যে হোষ্টেলত লগত থকাকেইটাই দাদাই তেলুগু জানে বুলি খাতিৰো কৰা হৈছিল। পিছে বেচেৰাহঁতেতো নাজানে যে মানুহজনীয়ে কি কয় ককায়েকে একো বুজিকে নাপায়। নিজে জনা বাক্যশাৰী কৈ মানুহজনীয়ে কিবা ক’লে ককায়েকে খুব বুজি পোৱা যেন দেখুৱাই মাথো মূৰহে জোকাৰে।

তাত থাকোতে কিন্তু এটা কথা লক্ষ্য কৰিছিলো যে ল’ৰা ছোৱালীবোৰে এনেয়ে আড্ডা দি নাথাকে। স্কুল কলেজৰপৰা আহিও ফলৰ দোকান বা ষ্টেচনাৰী দোকানবোৰত ঘৰৰ মানুহক সহায় কৰে। চাৰিওফালে ফলৰ ৰসৰ দোকান। গৰম কাৰণেই নেকি। কিন্তু ঘাম নোলায়। সেয়ে মানুহবোৰ শকত আৱত হৃষ্ট পুষ্ট। ছোৱালীবোৰ প্ৰায়ে মিঠাবৰণৰ। একদম সাধাৰণভাৱে থাকে। চুলিত গজৰা (ৰজনী গন্ধা ফুলৰ মালা) লগোৱাটোৱেই তেওঁলোকৰ ষ্টাইল। তাৰেই এজনী ছোৱালী আমাৰ এজনৰ পচন্দ হ’ল। হোৱাই নোহোৱাই তাইৰ দোকানত জেৰক্স কৰিবলৈ যোৱা হ’ল। তেলেগু জনা ককায়েকৰ দায়িত্বও বাঢ়িল। সিদিনা তাৰ লগত গৈ তাইক মুখস্থ কৰি যোৱা মতে নাম, কোন ক্লাচত পঢ়ে একেৰাহে সুধিলো যদিও উত্তৰবোৰহে নুবুজিলো। আহিবৰ সময়ত ভণ্টি যাওঁ বুলিবলৈ চেল্যি শব্দটো কোৱাৰ লগে লগেই তাই কিবা দপদপাই উঠিল। ওচৰতে থকা দুই এজন আহিও আমাক চুই কিলাবলৈহে বাকী। কিনো হ’ল সিদিনা চেল্যি বোলোতে সেই মানুহজনীয়ে ইমান ধুনীয়াকৈ হাঁহিলে অথচ আজি! পিছত সঞ্জীৱক সোধাতহে গম পালো যে উচ্চাৰণত সামান্য তাৰতম্য আছে। chelli শব্দটোৱে ভণ্টিক বুজায় যদিও মোৰ মুখত ফুটা chely শব্দটোৱে ভণ্টি নহয় গাৰ্লফ্ৰেণ্ডকহে বুজায়। মোক দেখিলে শকত মানুহজনীৰ মিচিকিয়া হাঁহিৰ ৰহস্য তেতিয়াহে বুজিলো। তেলেগু পণ্ডিতালি সিমানতে এৰাই ভাল বুলি বেছ কিছুদিনলৈ মনে মনে থাকিলো যদিও কথাতে আছে নহয় চোৰে নেৰে চোৰৰ প্ৰকৃতি, কুকুৰে নেৰে ছাই। যাৰ যি প্ৰকৃতি মৰিলেও লগত যায়।

অসমলৈ ঘূৰি আহি আছো। সিটো বাৰ্থত আমাৰে কেইজনমান। লগতে এটা তেলেগু পৰিয়াল। আমাৰ ল’ৰাহঁতে অসমীয়াতে সিহঁতৰ বিষয়ে কিবা কিবি কৈ খুব জমাই আহি আছে। সেইটো দলৰ ল’ৰা এজন আৰু ছোৱালীকেইজনীয়ে কিবা কিবি কয় আৰু খিলখিলাই হাঁহে। দুয়োটা দলেই ইটোৱে সিটোৰ কথা কৈয়ে যে হাঁহিছে বুজাত কাৰো অসুবিধা হোৱা নাই। কিন্তু কোনে কি কৈছে সেইটোহে কোনেও বুজা নাই। দৰকাৰো নাই। হকে বিহকে হঁহাৰ বয়সেই সেইটো। যিহেতু মই ডাঙৰ গতিকে অলপ আঁতৰি থাকো যদিও হাঁহি শুনিয়ে উঠি গ’লো। এনেয়ে বুঢ়ী নাচনী তাতে ওস্তাদি কৰাৰ সুবিধা পাই মোৰ স্বভাৱটোৱে সাৰ পাই উঠিল। তোমালোক কাৰ লগত আহিছা, কেইজন, আগতে আহিছানে আদি কেইটামান বাক্য তেলেগুতে মুখস্থ মাতিলো। লগে লগে আগত কোৱাবোৰো বুজি পোৱা বুলি সিহঁতৰ হাঁহি বন্ধ হৈ গ’ল। মুখবোৰ ক’লা পৰিল। কিন্তু আমাৰকেইজনৰ হাঁহি বাঢ়িল। ময়ো জোৰে জোৰে হাঁহিলো। আমাৰো দুজন মানে সিহঁতেনো কি কৈ আছিল মোক সুধিবলৈ ধৰিলে। ময়ো জান্তাৰাম দেখুৱাই মিছাকে কিবা কিবি ক’লো। এনেতে সিহঁতৰ দলৰ ল’ৰাজনে ভঙা ভঙা অসমীয়াতে সুধিলে, “দাদা এইকেইটাই মুখস্থ আছিল নে আৰু আছে?” মইনো কেনেকৈ জানিম যে বেটাই উত্তৰ গুৱাহাটীৰখনত পঢ়ে। শহা বেঙা লাগি মুখৰ মাত বন্ধ কৰি অলপ দেৰি পিছত নিজৰ ঠাইলৈ উঠি আহিলো।

এইবাৰ দুয়োটা দলে মোৰ ওপৰত একেলগে হাঁহিব ধৰিলে। তেতিয়াৰপৰাই ওস্তাদিৰ নিচাটোৱে লাহে লাহে লগ এৰা দিলে।

*********♦♦********

6 Comments

  • Manash saikia

    গোটত পঢ়িছিলোঁ ৷পুনৰ পঢ়িলোঁ৷

    Reply
  • সঞ্জীৱ

    বঢ়িয়া।

    Reply
  • Anurup

    তামাম, মজা লাগিল

    Reply
  • হেমন্ত কাকতি

    খুউব ধুনীয়া লিখিছা জয়ন্ত এইটো৷ লিখি থাকিবা

    Reply
  • Silpasree

    বঢ়িয়া লাগিল।

    Reply
  • বৰ্ণালী ফুকন

    মজা

    Reply

Leave a Reply

Your email address will not be published.