ফটাঢোল

ও.আৰ.এছ.যুক্ত ডালি – ৰক্তাভ কুমাৰ

চাকৰিত সোমোৱাৰ আগতে জীৱনত খুব কম সুবিধা পাইছিলোঁ পাকঘৰত সোমাই গেছৰ লগত প্ৰণয়ত লিপ্ত হোৱাৰ; যিমানখিনি আত্মীয়তা আছিল গোটেইখিনি ডাইনিং টেবুলখনৰ কম প্ৰস্থৰ ঠাইটুকুৰাত টিভিৰ মুখামুখিকৈ সজাই থোৱা সেই চকীখনৰ লগতেই আছিল। ৰাতিপুৱা উঠি চাহকাপ খোৱাৰ পৰা স্কুললৈ বুলি সাজু হৈ সেইখন চকীতেই বহি মাৰ হাতেৰে ভাত খোৱালৈকে, দুপৰীয়াৰ ভাত, গধূলিৰ চাহ,ৰাতিৰ ভাত আনকি বন্ধৰ দিনত টিভিৰ আগত বহিবলৈও সেই ঠাইটুকুৰা মোৰ কাৰণে অঘোষিতভাৱে সংৰক্ষণ কৰি থোৱা আছিল। মাজে মাজে কেতিয়াবা মাৰ দাবি-ধমকি পাই উপায়ন্তৰ হৈ চেনী চাহপাতৰ টেমাৰ লগত চা-চিনাকি হওঁ বুলি গৈছিলোঁ যদিও ডাইনিং টেবুলখনৰ প্ৰতি থকা মোৰ সেই অদৃশ্য আকৰ্ষণে মুহূৰ্তৰ ভিতৰতেই মোৰ ঠাইত দাদাক প্ৰকট কৰাই চকীখনক পজেচিভ হোৱাৰ পৰা বচাইছিল। কাৰণ বুলিবলৈ বিশেষ একো নাছিল যদিও মোৰ ৰন্ধন-প্ৰকৰণৰ প্ৰতি এক তীব্ৰ বৈৰাগ্য ভাৱ আছিল আৰু এতিয়াও আছে, মাত্ৰ সময়ৰ পাকচক্ৰত সেয়া এলাহলৈ ৰূপান্তৰিত হৈছে।

এনেকুৱাও নহয় যে মই ৰান্ধিব নাজানো, “কুকাৰী”ৰ আটাইখিনি মৌলিক তথা প্ৰয়োজনীয় তত্বমূলক জ্ঞানেৰে ময়ো পৰিপুষ্ট। এই ধৰা হওক একাপ চাহত কিমান চেনী ঢালিম সেইটো পানী লোৱা কাপটোৰ যে আয়তনৰ ওপৰত নিৰ্ভৰ কৰে, লাল চাহৰ কাৰণে কিমানখিনি চাহপাত দিম, গাখীৰ দিয়া চাহৰ কাৰণে চাহপাত বেছিকৈ ঢালিলে বেলেন্স মেইণ্টেইন কৰিবলৈ গাখীৰ ঢালিম, ভাত বা ডালি বহোৱাৰ সময়ত প্ৰেচাৰ কুকাৰৰ তলিত বিৰাজমান কেঁচা সামগ্ৰীখিনিৰ পৰা তৰ্জনী আঙুলিৰ দুই নম্বৰ গাঁঠিৰ সমান উচ্চতালৈ পানী ঢালি কুকাৰটোৰ ঢাকনি মাৰি এটা বা খুব বেছি দুটা হুইছেলত ৰেগুলেটৰ অফ কৰা এইবোৰ মোৰ “কুকাৰী”ৰ মৌলিক জ্ঞানৰ কিছু আভাস। অকল এইবোৰেই নহয়, এইখিনিতো প্ৰিলিমিনেৰী জ্ঞান! ইয়াৰ উপৰি আলুভজা, মাংস ৰন্ধা, কণীৰ আঞ্জা ৰন্ধা এইবোৰৰো অভ্যাস নথকা নহয়; মাত্ৰ নিমখকণৰ প্ৰয়োগৰ ক্ষেত্ৰত এতিয়াও কিছু দুৰ্বল হৈ আছোঁ। এনেই ঘৰত নহ’লেও ঘৰৰ বাহিৰত লগৰবোৰৰ লগত প্ৰীতিভোজ খোৱাৰ সময়ত চৌকাৰ ওচৰত মোৰ ট্ৰেক ৰেকৰ্ড খুবেই ঈর্ষণীয়! (কিয়নো লগৰবোৰ এইক্ষেত্ৰত মোৰ তুলনাত নিযুত গুণে দুৰ্বল) কাৰণ সকলোৱে নাজানো বুলি হাত দাঙি দিয়াৰ পিছত এই বপুৰাই চান্সতে হেতা-কৰছ দাঙি বাঃ বাঃ লুটাৰ সুবিধাকণ বাদেই বা কিয় দিওঁ! এইপিনে খানা খোৱাৰো দুৰ্বাৰ হেঁপাহক কোনেও নেওচা দিব নোৱাৰোঁ! ষ্টেণ্ড বাই ৰান্ধনী হিচাপে যিজন লগৰ ল’ৰাৰ ঘৰত খানাৰ আয়োজন কৰা হয় তাৰ মাক বা বায়েক-ভনীয়েকৰ কথা চিন্তা-চৰ্চা কৰা যায় যদিও নিষিদ্ধ দ্ৰব্য সেৱনৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়াৰ অধিক সম্ভাৱনা থকা হেতু ৰান্ধনীৰ দায়িত্বকণ নিজেই মূৰ পাতি লওঁ! আফটাৰ অল অপেনলি ফুৰ্তি কৰাৰোতো এটা ৰাইট আছে সকলোৰে! সেই হেতু দিনৰ ভাগতে মাক নিজৰ ওচৰত বহুৱাই লৈ সম্ভাৱ্য আইটেমবোৰৰ তালিকা প্ৰস্তুত কৰি তাৰ ৰন্ধন প্ৰণালীসমূহ পৰীক্ষাত নকল প্ৰস্তুত কৰাৰ নিচিনাকৈ লিখি লওঁ আৰু মুখস্থ কৰি লওঁ। গধূলি খানাৰ প্ৰস্তুতি চলি থকাৰ সময়ত কিবা পাহৰা যেন অনুভৱ কৰি দেখুৱাই সাউতকৈ সৰু পানী চুবলৈ যোৱাৰ বাহানা মাৰি নকলৰ টুকুৰা বাহিৰ উলিয়াই লৈ ৰিভিজন এটা মাৰি “মুখ্য কাৰিকৰ”ৰ ভাৱত মোৰ পালি-প্ৰহৰি যোগালিসমূহক নিৰ্দেশনা দিয়াত লাগি যাওঁ। পিছত মূল ৰান্ধনীগৃহত সকলোৰে প্ৰৱেশ নিষিদ্ধ কৰি যথেষ্ঠ আৰামেৰে খানা নকল কৰাত লাগি যাওঁ। অতুল লহকৰৰ এশ ভাগৰ এভাগ নহ’লেও ৰক্তাভ কুমাৰ দাসৰ এশ ভাগৰ এশ ভাগ হৈয়েই প্ৰস্তুত কৰা খানা ৰাতি বাৰটা এটামান বজালৈ পৰিৱেশনৰ কাৰণে ডাইনিং গৃহলৈ লৈ যোৱাৰ ব্যৱস্থাকণ কৰোঁ। তেতিয়ালৈকে টেটুলৈকে গিলি ভোকত লেবেজান হৈ ভোক মৰি যোৱা পেটকেইটা লৈ গোটেই পল্টনে সোৱাদৰ বিষয়ে বিশেষ মন্তব্য দিব পৰা অৱস্থাত নাথাকেই। কথাতে কয় বোলে অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ, প্ৰায় পোন্ধৰখনমান খানাত অভ্যাস কৰাৰ পিছতো এই অভাজনে সেইটো বিদ্যাত পাৰ্গত হ’ব নোৱাৰিলোঁ। বাৰু যি নহওক কেইবছৰমান আগলৈকে মোৰ একছত্ৰী সাম্ৰাজ্যখন তেনেদৰেই চলাই নি যেতিয়া গম পালোঁ যে মোতকৈ লাখ গুণ ভাল খানা বনোৱা উদীয়মান ৰান্ধনী এজন আমাৰ গ্ৰুপে লাভ কৰিছে তেতিয়াৰ পৰা অফিচিয়েলি মই ৰান্ধনী পদৰ পৰা অব্যাহতি লৈ ল’লোঁ।

কিন্তু বিধিৰ কি বিপাক, যিটো শিল্পৰ প্ৰতি মোৰ কোনো মোহ নাই সেই শিল্পটোৰ শিল্পকাৰ হ’বলৈ পৰিস্থিতিয়ে পুনৰবাৰ মোক বাধ্য কৰালে আৰু এইবাৰৰ স্থান মোৰ কৰ্মস্থলীত থকা মোৰ ভাড়া ৰূমটো। এনেই ইয়াতো অফিচৰ এজনক তেলিয়াই তুলিয়াই ভাতসাজৰ ব্যৱস্থা কৰা হৈছে যদিও তেখেত নথকা দিনত মোৰ নগুৰ-নাকটি নোহোৱাৰ লেখীয়া হৈ যায়। তেনে এটা ঘটনা ঘটিল প্ৰায় এক-ডেৰমাহ মান আগত। দিনটো অফিচৰ কামত ব্যস্ত থাকোঁ কাৰণে আৰু খানাৰ ক্ষেত্ৰত থকা শাৰীৰিক কষ্টখিনিৰ কাৰণে বেলেগ এজনৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে বজাৰ সমাৰ কৰাৰ কথাত মোৰ ইমান গুৰুত্ব দিবলগীয়া নহয়। দাদাজনে গোটেইখিনি সামগ্ৰী তাৰ ৰুমত আনি জমা কৰাই থয় । খোৱাৰ বাবদ টকাখিনি দিয়া আৰু নিজৰ কাঁহী-বাটিখিনি ধোৱাৰ বাহিৰে তেনেকুৱা বিশেষ কষ্ট মোৰ নাই। বিপদৰ বন্ধু হিচাপে ডালি অকণ, চাউল-তেল-লোণ অকণ মোৰ ৰুমতো জমা কৰি থৈ দিওঁ। সেইদিনাখন মই অকলশৰীয়া, ৰাতি যিহেতু বিশেষ খাদ্য বনাই খোৱাৰ প্ৰশ্নই উত্থাপন নহয় সেই হেতু ওচৰৰ দোকানৰ পৰা দুটা কণী কিনি আনি ভাতসাজ বনাই খোৱাৰ প্ৰবন্ধ কৰিলোঁ। মোবাইল ফোনৰ ৰাগীত মতলীয়া মইজনে এলাহৰ প্ৰচণ্ড আহ্বানক নেওচা দিব নোৱাৰি ৰাতি এঘাৰ বজালৈ কুকাৰটোৰ পিনে চকুৱেই ঘূৰোৱা নাই। যথাসময়ত মাৰ ফোন অহাত ভাত খোৱাৰ কথা সুধিলত হে মনত পৰিল পেটৰ ভিতৰত কেতিয়াবাৰ পৰাই কেট-কূটকৈ শব্দ শুনিবলৈ পাই আছোঁ যাৰ উৎস হৈছে মোৰ ক্ৰমান্বয়ে উজাই আহিব ধৰা ভোকটো। অকণো বিলম্ব নকৰাকৈ চাউলমুঠি এটা কুকাৰত আৰু আনটো কুকাৰত ডালি এমুঠি লৈ তাত ডাঙৰ আকাৰৰ আলু এটা চাৰিটুকুৰাকৈ কাটি বহাই দিলোঁ গেছৰ দুয়োটা চুলাত। গিলাচ এটাত কণী দুটা ভাঙি জ্বলা-পিয়াঁজ কাটি লৈ ফুটপাথৰ দোকানত অমলেট বনাই থকা ষ্টাইলত এটা গিলাছৰ পৰা এটা গিলাছলৈকে ট্ৰেন্সফাৰ কৰি মিহলাই ল’লোঁ। ইতিমধ্যে ডালিখিনিৰো তেলনি মৰা সময় আহি পোৱা বাবে কেৰাহীটো গৰম কৰি তাত তেল ঢালি পিয়াঁজ কাটি দি কুকাৰৰ পৰা ডালিখিনি কেৰাহীলৈ স্থানান্তৰ কৰি নিমখ দিবলৈ বুলি নিমখৰ টেমাটো খুলি চালোঁ তাত নিমখ নাই! মোৰ মূৰটোৱে কাম নকৰা হৈ গ’ল, নিমখ বিচাৰি ৰূমটোৰ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰিলোঁ, আনকি মগজু ইমানেই বেছি শূণ্য হৈ গ’ল যে বিচনাৰ তুলিখন দাঙি তাতো নিমখ বিচৰাত লাগি গ’লোঁ! ৰাতি তেতিয়া চাৰে এঘাৰমান বাজিছে, মালিকঘৰ টোপনিত লালকাল! সেই ৰাতি টোপনিৰ পৰা উঠাই আনি নিমখ খুজিবলৈ নিজৰেই অপৰাধী যেন লাগি গ’ল! কিছুসময় চিন্তা কৰাৰ পিছত হঠাতে মোৰ বেগটোলৈ চকু যোৱাত কিবা এটা মনত পৰি মনটো ভাল লাগি গ’ল! ম্লান পৰি যোৱা মুখখন হঠাতে উজ্জ্বল হৈ যোৱা যেন অনুভৱ কৰি একেজাপে বেগৰ চেইন খুলি ‘ও আৰ এছ’ৰ পেকেটটো উলিয়াই তাৰ পৰা অকণমান পাউদাৰ লৈ চেলেকি চালোঁ। ভাব হ’ল পৰীক্ষামূলক ভাৱে ইয়াৰ প্ৰয়োগ মূৰ্খামি হ’ব নালাগে, তাতে আকৌ চৰম বিপৰ্যয়ৰ সময়। হাজাৰ কিবাকিবি নহওক, বিনা নিমখৰ খাদ্য খোৱাটো সপোনৰো অগোচৰ। সেয়েহে ঢালি দিলোঁ ডালিত অৰেঞ্জ ফ্লেভাৰৰ ‘ও আৰ এছ’ আৰু কিছু অংশ অমলেটটোৰ ওপৰতো! সামগ্ৰিকভাৱে সোৱাদৰ কথা বৰ বিশেষ ক’বলৈ নাযাওঁ যদিও এটা কথা ঠিক ডালিখনে যিটো ৰঙ ধৰিছিল তেনেকুৱা ৰঙৰ ডালি ইয়াৰ আগলৈকে মই ক’তো দেখিবলৈ পোৱা নাছিলোঁ।

পেটৰ ক্ষুধাকণ নিবাৰণ কৰাৰ স্বাৰ্থত এইহেন ত্যাগ স্বীকাৰ কৰিবলৈ ময়ো বাধ্য যে! বাৰু যি কি নহওক সেই ৰাতিৰ খাদ্যৰ নিচিনা ভয়ানক খাদ্য খোৱাৰ অভিজ্ঞতা মোৰ কেতিয়াও হোৱা নাছিল আৰু কেতিয়াও যাতে নহওক তাকেই কামনা কৰিছোঁ।

☆★☆★☆

3 Comments

  • ৰিণ্টু

    বাপৰে, শত্ৰুৰো এনেকুৱা দিন নাহক দেই, অৰেঞ্জ ফ্লেভাৰৰ অ’আৰ এচ দি ডাইল খাব লগাৰ অৱস্থা।

    ভাল লাগিল পঢ়ি ৰক্তাভ

    Reply
  • হাঁ হাঁ৷মজ্জা

    Reply
  • হেমন্ত কাকতি

    মজা লাগিল ৰক্তাভ!

    Reply

Leave a Reply

Your email address will not be published.