ফটাঢোল

কইনাঘৰীয়াৰ বিলৈ – নীতুমণি বৰঠাকুৰ

2002 চনৰ বহাগ মাহৰ ঘটনা। তাৰিখটো কি আছিল পাহৰিলো। ধেমাজিৰ মোৰ ননদৰ ছোৱালী মানে ভাগিনীজনীৰবিয়া। গা একেবাৰে উলাহে নধৰা সাতখন আঠখন হৈ আছিল।

বিয়াৰ কেইদিনমান আগতেই কইনাৰ ঘৰ ওলালোগৈ। ভাগিনীৰ বিয়াত মামীয়েকেই যদি দেৰী কৰে কেনেকৈ হ’ব। বাট চাওঁতে চাওঁতে বিয়াৰ দিনটো আহিল। ইফালে বহাগমহীয়া বতৰ বিশ্বাসো কৰিব নোৱাৰি। কোন সময়ত বৰুণ দেৱতাৰ জক উঠি হৰহৰাই ঢালে তাৰো ঠিক নাই। তথাপিও বৰুণ দেৱতালৈ ভয় কৰি পাটৰ কাপোৰ নিপিন্ধাকে থাকিম নে!

বিয়াৰ দিনটো ভালকৈয়ে গ’ল। যি ভয় কৰি আছিলোঁ সেইয়া নহ’ল যেনিবা। বৰুণ দেৱতাক অশেষ ধন্যবাদ দি কইনাক বিদায় দিয়াৰ যা-যোগাৰ কৰাত লাগিলোঁ। কইনাক দৰাৰ ঘৰত থোৱাৰ দায়িত্ব পৰিল আকৌ এই অভাগীৰ গাত। প্ৰথমতে বেলেগক পাচিলো যদিও শেষত কইনাৰ খুৰীয়েক, দাদা ক (বৰদেউতাৰ ল’ৰা ) ৰ লগত মইয়ে যাব লগা হ’ল।

কইনাক লৈ গৈ দৰাৰ ঘৰ আমি দুপৰীয়া হোৱাৰ আগে আগে পালোগৈ। তাত কইনা ঘৰ প্ৰৱেশ কৰোৱাৰ পৰা সকলো নিয়মনীতি কৰি আজৰি হৈ ল’লো। তাৰপিছত চাহ জলপান খাই চিনাকি পৰ্ব শেষ কৰো মানে আবেলি হওঁ হওঁ হ’ল। আমি তিনিও আহিবলৈ ওলালোঁ। দেৰি হোৱা কাৰণে দৰাঘৰীয়াই আকৌ আমাক একেবাৰে ৰাতিৰসাজ খাই ৰাতি তাতে থাকি যাব লৈ ক’লে। অ লিখিবলৈ পাহৰিছিলোঁৱেই আমি কইনাৰ ঘৰৰপৰা ওলোৱাৰ পিছতে বতাহ ধুমুহাৰ লগতে ধাৰাষাৰ বৰষুণ আৰম্ভ হৈছিল। দৰাঘৰ পাওঁ মানে বতাহ বৰষুণ শাম কাটিছিল যদিও দিনটো বৰষুণে চিপচিপাই থাকিল।

বৰষুণ দিয়া দেখি তেওঁলোকে থাকিবলৈ কোৱাত মইও ৰাতিটো থাকি যোৱাৰ কথাই ভাবিলোঁ । কিন্তু কইনাৰ খুৰীয়েক নাথাকে, নিয়ম নীতিৰ কথা আছে বোলে।গতিকে আমি সকলোকে মাত লগাই ঘৰলৈ বুলি ওলাই আহিলোঁ। বাটতে অটো এখন পাই লক্ষীমপুৰ পালোঁ। আহি দেখোঁ ভনীৰ ঘৰলৈ যোৱা বাছ নাই আৰু ভাৰাতীয়া গাড়ীও নাই ।কি কৰিম উপায় নাপাই ভাবি থাকোঁতে গোগামুখ লৈকে বাছ এখন পাই তাতে উঠি দিলোঁ । বাছখনত গোগামুখলৈকে আহি তাৰপিছত ধেমাজি মাছখোৱালৈ যোৱা বাছৰ সন্ধান কৰাত লাগিলোঁ । কিন্তু মৰিবলৈও বাছ এখন নাপালোঁ। গোগামুখত ৰৈ ৰৈ আমনি লাগি গৈছিল। বহুত দেৰি মূৰত ঢকুৱাখনালৈ যোৱা বাছ এখন পাই তাতে উঠি দিলো ।ইতিমধ্যে ধৰা লৈ আন্ধাৰ নামি আহিল। ঢকুৱাখনাৰ বাছখনত আহি আমি অলপ দেৰি পিছত ঘিলামৰাত নামিলো।

ইফালে বৰষুণ কমাৰ সলনি বেছিকৈহে দিবলৈ ধৰিলে। লাইট, ফোন ৰ তাঁৰবোৰ আগদিনা বতাহ বৰষুণত চিঙি গৈছিল। সেয়ে ঘৰৰ লগতো যোগাযোগ কৰিব পৰা নাছিলোঁ। তেতিয়া আজিৰ দৰে হাতে হাতে মোবাইল ফোনৰো ব্যৱস্থা নাছিল।

ঘিলামৰাত নামি দোকান এখনত চাকিৰ পোহৰ দেখি তাতে ৰলোঁ। ইফালে ভোক আৰু পিয়াহত আতুৰ আমি। সেইসময়ত আকৌ দোকানী জনৰ ঘৰলৈ যাবলৈ ওলাল।

গতিকে আমাৰ আৰু একো উপায় নোহোৱা হ’ল। ইফালে ঘৰলৈ যাবলৈ একো যানবাহন নাই কি কৰিম ভাবিয়েই পোৱা নাই। তেনেতে কইনাৰ বৰদেউতাৰ ল’ৰাজনৰ চিনাকি মানুহ এঘৰলৈ মনত পৰিল। সি আমাক তালৈ লৈ গ’ল। খোজকাঢ়ি খোজকাঢ়ি মানুহ ঘৰলৈ বাট ললোঁ। আন্ধাৰ মুন্ধাৰ নিজান জান ৰাস্তাটো একেবাৰে জয়াল যেন লাগিল। আমি পিন্ধি থকা গহণা গাঠৰিবোৰ খুলি বেগত ভৰাই ল’লো। আধাঘণ্টামানৰ পিছত আমি মানুহ এঘৰ ওলালোগৈ।

মানুহঘৰত আকৌ সেইসময়ত গৃহস্থ নাছিল। অকল বনকৰা বাইদেউ এজনী আছিল। তেওঁ আমাক বহিবলৈ দিলে লগতে চাহ বিস্কুট খুৱালে। চাহকণ পেটত পৰাতহে গালৈ তৰণি আহিল। তাতেই মুখ হাত ধুই লৈ অলপ জিৰণি ল’লো।

আমাক বহিবলৈ দি বৰদেউতাকৰ ল’ৰাজন গাড়ীৰ সন্ধানত ওলাই গল। আধা ঘণ্টামানৰ পিছত গাড়ীৰ খবৰ দিলেহি। মাৰুতী কাৰ ভাৰা অলপ বেছি ল’ব। তথাপিও মই কথা নাই বুলি ক’লে। যাতে কোনোমতে ঘৰ গৈ পালেই হ’ল।

গাড়ীখনত উঠি আহি নিশা দহবজাত ঘৰ পালোঁহি। ইতিমধ্যে ঘৰৰ মানুহ বিয়াৰ ভাগৰত খাইবৈ শুলে। গেটতো তলা মৰা। তেওঁলোকে আচলতে আমি দৰাৰ ঘৰত থাকিলোঁ বুলি ভাবি লৈছিল। মাতি মাতি জগাব নোৱাৰি বৰদেউতাকৰ ল’ৰাজন গেট পাৰে হৈ সোমাই গ’ল আৰু আমাক গেট খুলি দিলে।

বৰষুণত ভিজি জুৰুলা জুৰুল হোৱা আমাক দেখি ঘৰৰ মানুহ আচৰিত হ’ল। লৰালৰিকৈ ঘৰৰ ভিতৰত সোমাই কাৰো লগত কথা নাপাতি মই গা ধুই ওলাই আহিহে কাহিনী ক’বলৈ বহিলোঁ। ননদজনীয়ে আকৌ আমাৰ তিনিটাৰ কাৰণে ভাত অকণ বনাই দিলে। নিমখ তেলৰ ভাতকণ খাই স্বৰ্গ সুখ পোৱা যেন লাগিল। আমাৰ কাহিনী শুনি সকলোৰে কান্দিম নে হাঁ‍হিম অৱস্থা হ’ল। এতিয়াও এই লটিঘটি মনত পৰিলে কিবা গাটো শিয়ৰি উঠে।

☆★☆★☆

3 Comments

  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল দেই পঢ়ি। বিয়াঘৰৰ লটিঘটিবোৰৰ সোৱাদেই বেলেগ।

    Reply
  • বৰকৈ লটিঘটি হল।ভাললাগিল।

    Reply
  • Hemanta kakati

    Bhal lagil. Likhi thakibo.

    Reply

Leave a Reply

Your email address will not be published.