ফটাঢোল

ককা – ডা° বিকাশ বৰুৱা

মোৰ ককাক গোটেই বিশ্বব্ৰহ্মাণ্ডই চিনি পায়৷ তেওঁক কোনোবাই ঈশ্বৰ, ভগৱান বুলি মাতে৷ কোনোবাই আল্লা, খোদা, মালিক৷ কিছুমানৰ বাবে গড্৷ ককাৰ সৈতে মোৰ সম্পৰ্কটো পিছে একেবাৰেই বেলেগ ধৰণৰ৷ তেওঁ মোৰ ফ্ৰে’ণ্ড, ফিল’ছফাৰ, গাইড৷ সৰুতেই জ্ঞানীসকলে আমাক শিকাইছিল – ভগৱান নিৰাকাৰ, দয়ালু, সৰ্বব্যাপী৷ এই কথাটো এবাৰ গম পাই যোৱাৰ পাছত তেওঁক বিচাৰি মই আৰু কেতিয়াও মন্দিৰ মছজিদলৈ যাব লগা হোৱা নাই৷ যেতিয়াই য’তে বিচাৰোঁ, লগে-লগে পাই যাওঁ৷ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আদিৰ নিচিনা মানুহবিলাকে হটলাইন টেলিফোনেৰে কথা পতাৰ দৰে ময়ো ককাৰ লগত পোনে-পোনে কথা পাতো৷ নিয়মীয়াকৈ খা-খবৰ লওঁ৷ ককাৰ কেতিয়াবা গা-চা বেয়া লাগিলে যি পাৰোঁ, ডাক্তৰী দিহা-পৰামৰ্শ দিওঁ৷

ককা যে সৰ্বব্যাপী, সেই কথাটো লৈ এবাৰ বৰ জমিছিল৷ এজন ‘অভাৰছিয়াৰ’ দাদাই মোৰ নতুনকৈ সজা ঘৰটো চাবলৈ আহি এমূৰৰ পৰা সিমূৰলৈকে গোটেইখন পিতপিতালে, কিন্তু ‘গোঁসাই ঘৰ’টো নেদেখি ‘ভীষণ’ আচৰিত হ’ল৷ সুধিলোঁ,  কিয় আচৰিত হৈছা?  ভগৱান জানো সৰ্বব্যাপী নহয়?  তেওঁ ক’লে, হয়৷ তেনেহলে?  ককা ড্ৰইংৰুম, বাথৰুম, পাকঘৰ, গেৰেজ সকলোতে আছে৷ বেলেগে আকৌ ‘গোঁসাই ঘৰ’টো কেলেই?  তেওঁৰ য’তে ইচ্ছা ত’তে থাকিব৷ পাছত এই কথাটোকে যেতিয়া ককাক ক’লোঁ,  মিহিকৈ ধমক এটাও দিলে৷ ‘তোৰ এই দুষ্টামিবোৰ নগ’ল?  মানুহক ইমানকৈ জোকাই থাকি কি ভাল পাৱ ক’ব নোৱাৰোঁ৷ কেতিয়াবা কোনোবাই যাঠি-জোং লৈ খেদি আহিব কিন্তু৷ চাবি৷’

“এহ্.. মোক বচাবলৈ তুমি আছা নহয়৷ কিহৰ চিন্তা..?”  মই যেতিয়াই কিবা এটা বেয়া কাম কৰোঁ,  দোষটো পোনেই ককাৰ মূৰত জাপি দিওঁ৷ তেওঁক কওঁ -‘মোৰ গাত কি দোষ?  তুমি মোক যেনেকুৱাকৈ তৈয়াৰ কৰিছা, মই তেনেকুৱাই হৈছো৷ বেলেগ কিবা এটা কেনেকৈ হ’ম?  মই যি যি কৰিছো সকলোবোৰ তুমিয়ে কৰাইছা৷ মোৰ নিজৰ বুলিবলৈ কিটো আছে?  আমি সকলোবোৰ ‘নিমিত্তহে’ মাত্ৰ৷’

মাজে মাজে ককা মস্ত চেণ্টিমেণ্টেল হৈ যায়৷ ‘বুইছ, আজিকালি ঘৰুৱা সম্বোধনবোৰ নোহোৱাই হ’ল৷ মাহীটি,  পেহীটি,  ককাইদেউ,  দদাইদেউ,  ভনীটি,  মইনা.. এনেবোৰ অমাতৰ মাত কাৰো মুখতে নুশুনা হ’লোঁ৷ তই মোক ককা বুলি মাতিলে বৰ আপোন আপোন লাগে৷’ এই যে অনবৰতে দালাল, পুৰোহিত, পাণ্ডা আদিৰ হতুৱাই মানুহে পূজা-সেৱাবোৰ কৰায়,  বিপদৰ সময়ত উৰাই-ঘূৰাই ককাক তেল মাৰে,  ‘প্ৰভু প্ৰভু’কৈ চিঞৰি থাকে,  এনেবোৰ কথাত ককাৰ ভীষণ খং উঠে৷ ‘আৰে, তহঁতৰ কিবা ক’বলৈ মন গৈছে, চিধাচিধি,  খাৰাংখাচ কৈ দে৷ বোলে মই এনেকুৱা এটা বিপদত পৰিছো,  পাৰিলে তুমি অকণমান সহায় কৰা৷ আৰু নোৱাৰা যদি নাই৷ বচ, খেলা খতম! তাকে নকৰি মিছামিছিকৈ দেউ,  পুৰোহিত,  নাৰিকল,  বুট,  মগু.. এইবোৰ আক’ কি?  ইফালে পুৰোহিতবোৰে ভাবে,  মই কেৱল সংস্কৃতহে জানো৷ আৰে, সেইটো ভাষাৰ লগত কিমানদিন কাৰো সম্পৰ্কই নাই৷ তাতে আকৌ মুখখনৰ ভিতৰতে ইমান খৰকৈ কিসোপানো গায় মই ততকে ধৰিব নোৱাৰোঁ৷ ভুল গাইছে নে শুদ্ধ গাইছে তাকেই জনাৰ উপায় নাই৷ তদুপৰি, মই যদি সঁচাকৈয়ে ভগৱান তেনেহলে পৃথিৱীৰ আটাইবোৰ ভাষাই জানিম৷ গ্ৰীক, স্পেনিছ,  জাৰ্মান,  ফ্ৰেন্স, অসমীয়া.. যেয়ে যি ভাষা ক’ব সকলো বুজি পাম৷’

আচলতে ককাৰ মনটো মই নুবুজা নহয়৷ এটা বয়সত নিজকে বৰ অকলশৰীয়া যেন লাগে৷ কথা এষাৰ পাতিবলৈকো লগ নাথাকে৷ ইফালে বয়সীয়াল মানুহ দেখিলেই ব’ৰ হোৱাৰ ভয়ত ডেকাবোৰ দূৰতে পলায়৷ এইযে মই প্ৰায়ে আহি থাকোঁ, কাষতে অকণমান বহোঁ,  ইটো-সিটো কৰোঁ,  খা-খবৰ লওঁ,  সংস্কৃত বা ব্ৰজাৱলী ভাষাত মুঠেও কথা নাপাতি সহজ-সৰল ঘৰুৱা অসমীয়া ভাষাতে পাতোঁ,  ককাৰ ভাল লগাটো স্বাভাবিক৷ দেওবাৰে দুপৰীয়া একেলগে বহি খাই থাকোতে সুধিলোঁ – ‘এই বিশাল ব্ৰহ্মাণ্ডত কি ঘটি আছে তুমি বাৰু গম পোৱানে?  সঁচা কথা কোৱাচোন৷’

“এহ্ কেনেকৈ গম পাম?  ডেকা বয়সত অলপ-চলপ পাইছিলোঁ৷ এতিয়া সম্ভবেই নহয়৷”

দুটামান শেহতীয়া খবৰ দিলোঁ৷ সোণৰ অসম,  ৰূপহী অসম,  স্বাধীন অসমৰ কথাও ক’লোঁ৷

“সেই যে লোকসেৱা আয়োগৰ কোনোবা এটাই খুব অতপালি কৰিছিল.. লাখে-লাখে টকাবোৰ লৈ চাকৰি বিলাইছিল.. দিন-দুপৰতে চোতালত ফাইলবিলাক জ্বলাই দিছিল.. তাক হেনো ৰাইজে ভোট দি এমেলে’ বনাই ৰাজধানীলৈহে পঠালে.. কথাটো হয়নে?  আৰু এইযে ‘ছিণ্ডিকেট’  শব্দটো ইমানকৈ শুনি থাকোঁ,  ছিণ্ডিকেটে আচলতে কি ইণ্ডিকেট কৰে?  তিনি নম্বৰ কথা,  মৰ্ত্য হেনো অসুৰেৰে ভৰি পৰিল?  এটা মৰিলে তেনেকুৱা এক লাখমান ওপজে?”

ককাৰ এনেবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বিৰাট মস্কিল৷ তথাপি কওঁ নকওঁকৈ ক’লোঁ – “আচলতে ককা,  অসুৰ মৰে বুলি তোমাক কোনে কৈছে নাজানো৷ সিহঁত কোনোপধ্যেই নমৰে৷ কেৱল উপজিহে থাকে৷ সেইবাবেই দুঠেঙীয়া ডাল-দৰিদ্ৰই কেৱল তোমাৰ মুখলৈকে চাই বহি আেছ৷ একমাত্ৰ তুমিয়েহে বোলে কিবা এটা কৰিব পাৰিবা৷”

“মই..? মই আকৌ কি কৰিম?”

“আৰে, স্বয়ং ভগৱানে এনেকৈ ক’লে কেনেকৈ হ’ব?  মানুহবোৰে কি কৈছে জানা? চাৰিওফালে ইমান ভ্ৰষ্টাচাৰ,  অথচ তোমাৰ খবৰেই নাই৷ তুমি বোলে একো এটা ষ্টে’প নোলোৱা৷ টিঘিলঘিলাবলৈ এৰি দিয়া৷ এসময়ত তোমালোকৰ পলিচি আছিল শান্তক পালন, দুষ্টক দমন৷ এতিয়া ওলোটা৷ দুষ্টৰ টিঘিলঘিলনি, শান্তৰ মৰণ৷ এসোপাই দেশখন লুটি-পুটি খাইছে,  তুমি সিহঁতৰ নোম এডালো নলৰোৱা৷ এইবোৰ শুনি থাকি¸ মোৰ জানো ভাল লাগে?”

ককাই একো নামাতি মাত্ৰ চুপচাপ শুনি থাকিল৷ মনটো বেয়া লাগি গ’ল৷ মইনো বাৰু কেলেই এইবোৰ গাই-বাই আছোঁ?  মনে-মনে থাকিব নোৱাৰোঁ নেকি?

 “আচলতে কি জানা, ককা?  মৰ্ত্যৰ সাধাৰণ নৰমনিচবোৰে যেতিয়া তোমাৰ বদনাম গোৱা শুনোঁ,  খুব দুখ লাগে৷ পেট ভৰাই খাবলৈ নোপোৱা খেতিয়কটোৱে ক’ব – ‘ভৰ বাৰিষাও এটোপাল বৰষুণ নাই৷ এই বছৰ আমি লঘোণে মৰিম৷ ঈশ্বৰেনো অকণমান চকু মেলি চাব নাপায়নে?’

ৰাতিপুৱাই বাতৰিকাকতখন মেলি চহৰৰ মানুহবোৰে ক’ব – ‘জানো পাই.. ভগৱান বোলা বস্তুটো মৰিলেইনে আছে! কোটি কোটি মানুহৰ আৰ্তনাদ, চিঞৰ-বাখৰ, কেঁকনি, কন্দা-কটা তেওঁৰ কাণত সমূলি নোসোমায়নে? এনেকৈ হ’লে কেনেকৈ হ’ব? নোৱাৰিলে ৰিজাইন দিয়ক৷’

ককাই দীঘলীয়াকৈ এটা হুমুনিয়াহ এৰিলে৷ তললৈ মূৰটো কৰি কিবাকিবি ভাবি থাকিল৷ হঠাতে এবাৰ মূৰ তুলি চাই ককাই সুধিলে – “তই এতিয়াও বাৰু ডাক্তৰ হৈ আছনে?  দুই এটামান বেমাৰী-চেমাৰী চাৱনে?  নে কলম পিঁহিবলৈ লৈ সেইবোৰ সমুলঞ্চে এৰি দিলি?”

“এৰা নাই ককা৷ দুই-এটা বেমাৰী চাই দুপইচা নঘটিলে জীয়াই নাথাকিমেই নহয়৷ জীৱনটোৱেই চেটেপ৷”

“তেনেহলে শুন৷ মোৰ সঁচাকৈয়ে বৰ বেয়া অৱস্থা৷ যেনেতেনেহে চলি আছো৷ বয়স যিমানে বাঢ়িছে সিমানেই কাহিল হৈ গৈ আছো৷ মূৰৰ পৰা ভৰিলৈকে গোটেই শৰীৰটো, আৰু পাৰ্টছবিলাক যেন কিবা সোলোক-ঢোলোক৷ লৰক-ফৰক৷ ভোক নালাগে, টোপনি নাহে, মুখখন শুকাই যায়৷”

“নহয় ককা৷ তুমিয়েই বিশ্বব্ৰহ্মাণ্ডৰ হৰ্তা, কৰ্তা, বিধাতা৷ পৰম পিতা, পৰমেশ্বৰ৷ তোমাৰ তেনেকুৱা এটা বেয়া অৱস্থা হ’বই নোৱাৰে৷ একেবাৰেই অসম্ভৱ৷ এনে কথা কেৱল মৰ্ত্যৰ দুঠেঙীয়াবোৰৰ ক্ষেত্ৰতহে খাটে৷”

“এহ থ৷ একদম বাজে কথা৷ দুদিন পিছত দেখিবি,  লাপুং বুঢ়াটো গৈ আই চি ইউৰ ভেণ্টিলেটৰত উঠি আছে৷”

“তোমাৰ যদি সঁচাকৈয়ে গা বেয়া, মই তোমাক আজিয়েই নি হস্পিটেলত ভৰ্তি কৰাই দিম৷ ”

“নাযাওঁ৷ হাঁচিটো মাৰিলেও সিহঁতে হেনো পোনেই নি ভেণ্টিলেটৰত উঠাই দিয়ে৷ বিলখন লাখটকীয়া নোহোৱালৈকে নমাই অনাৰ নামেই নলয়৷ আইচিইউ, চিটি স্কেন, আলট্ৰাচাউণ্ড,  এমাৰায়,  থাইৰয়ড, লিপিড প্ৰফাইল কম্পালছৰি৷ মই সকলো শুনিছো৷ কেৱল টকা ঘটাৰ বুদ্ধি৷”

এইবাৰ ওলোটাই মোৰ গাত কঁপনি উঠিল৷ সঁচাকৈয়ে যদি ককাৰ এনেকুৱা এটা অৱস্থা, আৰু হস্পিটেললৈও নাযায়,  সৰ্বনাশ হ’ব দেখোন! আমি কাৰ মুখলৈ চাই জীয়াই থাকিম? বিপদ-আপদৰ পৰা কোনে আমাক ৰক্ষা কৰিব?  কাৰ চৰণত গৈ আমি লাং খাই পৰিম?  কাক প্ৰাৰ্থনা জনাম? উঠি গৈ ককাৰ ভৰিৰ কাষতে আঠু কাঢ়ি বহি ল’লোঁ৷ ভয়ে ভয়ে এবাৰ মুখলৈ চালোঁ৷

“ঠিক আছে৷ কোৱাচোন, আচলতে কি হৈছে?  ভাঙি-পাতি কোৱা৷ একো নুলুকাবা৷ ময়ে কিবা এটা কৰিম৷ ”

“হাত-ভৰিবোৰ বিষায়৷ জিনজিনায়৷ কুটকুটাই থাকে৷ পুতুক-পুতুক বাথৰুম গৈ থাকিব লাগে৷ চকুৰে নেদেখোঁ৷ কাণেৰে নুশুনোঁ৷ দাঁতবোৰ সৰি সৰি নোহোৱাই হ’ল৷ কিবা এটা চোবাই খাওঁ বুলিলেও বহুত সময় লাগে৷ নাকটো সোপা মাৰি ধৰে৷ যেতিয়াই তেতিয়াই হাঁচিবোৰ আহে৷ পানী লাগে৷ মাজে মাজে কাহোঁ, কিন্তু কফ নোলায়৷ হঠাতে জ্বৰ উঠে৷ মুঠতে সৰ্বশৰীৰত এহাজাৰমান বেমাৰ৷ দুৱাৰত দাং মাৰি সোমাই থাকিবলগা অৱস্থা৷ খোজ থৰক-বৰক৷ লাখুটি নহ’লেই নহয়৷ কিন্তু আচলতেনো কি হৈছে মই সঁচাকৈয়ে একো নাজানো৷ সেইবোৰ ডাক্তৰী কথা তই আমাৰ ইয়াৰজন ডাক্তৰকে সুধিবি৷ তেৱেঁই বুজাই ক’ব৷

ডাক্তৰজনক চিনি পাওঁ৷ আমাতকৈ বহুত ছিনিয়’ৰ৷ ডিব্ৰুগড় মেডিকেল কলেজৰ অ’ল্ড হোষ্টেলত আছিল৷ ককাইদেউ বুলি মাতিছিলোঁ৷ তেখেতে ক’লে –

“এৰাহে বিকাছ.. ছাৰৰ কণ্ডিছন সঁচাকৈয়ে বৰ বেয়া৷ সিদিনা ছুগাৰ চালোঁ৷ ইউৰিণত টুৱেণ্টি প্লাছ৷ ব্লাডত ফাষ্টিং ছিক্স ফৰ্টি৷ পিপি নাইন হাণ্ড্ৰেদ৷ ইউৰিক এচিড থাৰ্টি টু৷ দুয়োটা চকুতে কেটেৰেক্ট৷ সিপিনে প্ৰ’ষ্টেটৰ প্ৰব্লেমটোতো আছিলেই৷ বহুত দিনৰ পৰাই এনলাজৰ্ড৷ ভাগ্য ভাল, এতিয়াও মেলিগ্নেন্সিলৈ ঢাল খোৱা নাই৷ কোনোবা কাহানিবাতেই ক’লোঁ,  ‘লেঠাটো মাৰি আহক৷’  নাই নাযায়৷ হাঁচি, পানীলগা, নাকৰ সোঁতসোঁতনি কোনোদিনে নুগুচিলেই৷ ফেৰিঞ্জাইটিছ, লেৰিঞ্জাইটিছ, ব্ৰংকাইটিছ, টনছিলাইটিছ.. ঠাণ্ডা দিনকেইটাত হাঁপানিয়েও আহি লম্ভে৷ ইপিনে হাৰ্ট ব্লক৷ পে’চ-মেকাৰ নলগালেই নহয়৷ লগতে হাইপাৰ্টেন্সন৷ পৰহি প্ৰেছাৰ কিমান আছিল জানা?  নাইন নাইণ্টি ফ’ৰ বাই ছেভেন ছেভেণ্টি থ্ৰী৷ ছিষ্টলিক ফাইভ এইট্টিৰ তললৈ নমা দেখাই নাই৷ ডায়ষ্টলিকো একেই৷ নানামেহে নানামে..”

মোৰ মুখত মাত-কথা নোহোৱা হ’ল৷ মনে মনে চিন্তাও কৰি চালোঁ৷ এৰা, নহ’বনো কেলেই? সেই তেতিয়াৰ পৰা এতিয়ালৈকে ককাৰ কম বয়স হ’লহিনে?  তাৰ ওপৰতে আকৌ গোটেই ব্ৰহ্মাণ্ডখনৰ বোজা৷ মেইণ্টেনেন্সৰ ঝামেলা৷ কিমানবিলাক কাম, কিমান ধৰণৰ চিন্তা, টেনছন৷ চৌদিশে ভেজাল,  দুই নম্বৰী৷ পলিউচন, হাহাকাৰ৷ মৰ্ত্যত লেউ-লেউকৈ মহা ধুৰন্ধৰ এসোপামান পথালিচকুৱা, বিজতৰীয়া, ওভতগোৰে নচা নৰমনিচ৷ সিহঁতে নিতৌ সৃষ্টি কৰা কৌটি-কৌটি সমস্যা৷ ককাই অকলেইনো কিমান ফালে চাব?

“বাৰু তয়ে কচোন৷ মোৰনো কিয় বেমাৰ নহ’ব?  বয়স কিমান হ’ল খবৰ আছ?”

“কিমান হ’ল ককা?  তুমি নিজে নক’লে আমি জনাৰ উপায় নাই৷”

ককাই তুৰন্তে চকু-তকু মুদি চিন্তা কৰিবলৈ লাগি গ’ল৷ ‘ধৰি ল.. এপ্ৰক্সিমেটলি..’ শেহত চিন্তা কৰা বাদ দি দিলে৷ ‘ওঁহো,  নোৱাৰিম বুইছ?  জন্মৰ চন, তাৰিখ একোৱেই মনত নাই৷ সোঁৱৰণিৰ নকল-চকল যি য’ত আছিল, সেইবোৰো বিয়াৰ সময়তে হেৰাল৷ আইতাৰে ক’ৰবাত যদি গুজি-চুজি থৈছিলেও, মই কিন্তু বিচাৰি নাপালোঁ৷ গ’ল যি গ’লেই৷’

“তোমাৰ সৰুকালৰ কোনোবা লগ,  সংগ, বন্ধু, বান্ধৱী, গাৰ্লফ্ৰেণ্ড..?”

“আটাইবোৰ মৰি-হাজি শেষ৷ কোনো নাই৷ একমাত্ৰ মইহে আছোগৈ৷”

ইস্.. মোৰ এনেকুৱা হোৱা হ’লে মই বাৰু কি কৰিলোঁহেঁতেন? ভাবিবলৈকে টান৷ গাৰ নোম শিঁয়ৰি উঠে৷ এনে এটা অৱস্থাত বিশ্বব্ৰহ্মাণ্ডৰ শেহতীয়া খবৰবিলাক ককাই পাবনো কেনেকৈ?  আগতে দুই-এখন কাকত-আলোচনী পঢ়িছিল৷ চকুৰ অসুখ হ’বৰ পৰা তাকো এৰিলে৷ পঢ়িব খুজিলে খচখচায়৷ পানী ওলায়৷ বাৰে বাৰে ফেচকুৰি জমা হয়৷ আখৰবোৰ সৰু হ’লে পঢ়াৰ প্ৰশ্নই নুঠে৷ ওপৰৰ পতাখন তললৈ নামি নামি আহে৷ ইফালে চছমাযোৰতো এগালমান দাগ৷ মই চাফা কৰি দিওঁ, দুদিন পাছতে আকৌ লেতেৰা হয়৷

ককাৰ মনটো অকণমান ভাল লগাবৰ বাবে কেইটামান ‘জমনি’ ব্ৰেকিং নিউজ দিলোঁ৷ মৰতৰ আধুনিক ৰজা-মহাৰজাসকলৰ বিচিত্ৰ কাণ্ড-কাৰখানা,  তেৰাসৱে প্ৰদৰ্শন কৰি থকা ওভতগোৰ নৃত্য-নাটিকাবিলাকৰ বিষয়ে দুআষাৰ ক’লোঁ৷ মাজনিশা থানাত বহি দুৰ্ধৰ্ষ অপৰাধীয়ে পুলিচৰ হতুৱাইয়ে চ্চিকেন বিৰিয়ানি অনাই খোৱাৰ কাহিনী শুনালোঁ৷ পুলিচৰ ঘৰতে সোমাই থকা ‘পলৰীয়া’  অপৰাধীক পুলিচে কোনোপধ্যেই বিচাৰি নোপোৱাৰ কথাও জনালোঁ৷ পিচে এইবিলাক শুনি ককাই বিচুৰ্তিহে খালে৷ মনটো মুঠেও ভাল নালাগিল৷ “চাচোন,  মৰ্ত্যত নিতৌ কিমানবিলাক আচৰিত আচৰিত কাণ্ড ঘটি আছে, অথচ মই স্বয়ং ঈশ্বৰটো হৈও একো গমকে নাপাওঁ৷ লাজৰ কথা নহয়? ছিঃ৷ মইনো কেনেকুৱা ঈশ্বৰ অ’?”

“ককা, সেইযে আমি স্কুলত এটা প্ৰাৰ্থনা কৰিছিলোঁ,  তোমাৰ মনত আছেনে?”

ককাই দুই মিনিট চিন্তা কৰি চালে৷ “ওঁহো৷ অলপ গাই দেচোন৷ শুনিলে মনত পৰিবও পাৰে৷”

“যাৰ কৃপাত অন্ধই দৃষ্টিশক্তি পায়,  মূকজনে বাকশক্তি পায়,  পংগুৱে পৰ্বত লংঘিব পাৰে, সেই পৰমপিতা পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছোঁ,  তুমি আমাক অসৎ পথৰ পৰা সৎ পথলৈ নি,  অজ্ঞান আন্ধাৰৰ পৰা জ্ঞানৰ পথলৈ নি নিজ নিজ কৰ্তব্য কৰি যাবলৈ বল আৰু শক্তি দিয়া৷”  স্কুলীয়া দিনৰে সেই বিশেষ সুৰটোত খৰধৰকৈ মুখস্থ গোৱা মোৰ প্ৰাৰ্থনাটো শুনি অপাৰ কষ্টৰ মাজতো ককাই¸ হাঃ হাঃকৈ হাঁহি দিলে৷

“গানটো বাৰু ভালেই গালি৷ পিছ মইনো কোনটো কণাক দৃষ্টিদান কৰিলোঁ তয়েই কচোন৷ তেনেকুৱা যি য’ত হৈছে,  তহঁতৰে কোনোবাই গৱেষণা কৰি উলিয়াইেছ৷ তাত মোৰ কণ্ট্ৰিবিউশ্যন একো নাই৷ আই স্পেচিয়েলিষ্টবিলাকে ইণ্ট্ৰাঅকুলাৰ লেন্স-তেন্স লগাই কণাবোৰক দেখিব পৰা কৰিছে৷ আকৌ সেইযে ‘মূকজনে বাকশক্তি’ পোৱাৰ কথা ক’লি,  কোনটো বোবাই আজিলৈকে মাত মতা দেখিছ?  মিছা কথা৷ মুখ থকাবোৰৰো মাত-কথা লাহে লাহে নোহোৱাহে হৈ আহিছে৷ পৰ্বত লংঘিব পৰাবিলাকে পংগু হৈ ঘৰৰ ভিতৰত সোমাই আেছ৷ হয়নে নহয় ভাবি চা৷”

একান্তমনে কিবা এটা ভাবি,  ককাই অলপ সময় জিৰাই ল’লে৷ ‘আচলতে মই বুজিছো৷ পৃথিৱীৰ দুঠেঙীয়া নৰমনিচমখাই ‘ঈশ্বৰ’  নামৰ এই লাপুং বুঢ়াটো ইতিমধ্যে চেটেপ হোৱা বুলিয়েই ধৰি ল’লে৷’

“তেনেকুৱা অমংগলীয়া কথাবোৰনো কিয় মনলৈ আনি আছা?  মৰা-মেলাৰ কথা নক’বাচোন৷ ভাল নালাগে৷ এদিন প্ৰত্যেকেই বুঢ়া হয়৷ চুলি পকে, দাঁত সৰে৷ মূৰত কলপ সানে৷ মেন’পজ হয়৷ এণ্ড্ৰ’পজ হয়৷ প্ৰেছাৰ বাঢ়ে৷ প্ৰ’ষ্টেট বাঢ়ে৷ চেনি আৰু চৰ্বি বাঢ়ে৷ এইবিলাক তেনেই সাধাৰণ কথা৷” প্ৰষ্টেট শব্দটো মোৰ মুখত ওলাল কি নোলাল,  বহি থকাৰ পৰা লাহেকৈ উঠি ককা বাথৰুমৰ ফালে গ’ল৷ ডাক্তৰ ককাইদেৱে ক’লে,  ‘প্ৰ’ষ্টেটৰ জোৰ দেখিলা?  স্বয়ং ভগৱানকে দৌৰাই দিছে৷ আমি কোন কুটা?’

“আনবোৰ বেমাৰৰ কথা নাজানো,  কিন্তু ককাৰ কাণ দুখন যে গৈছে সেই কথা খাটাং৷”

“ঠিক ধৰিছা৷ নামঘৰৰ মাইক, মছজিদৰ আজান.. ককা কলা নোহোৱা হ’লে মানুহবোৰে ইমানকৈ চিঞৰিব লগা নহ’লহেঁতেন৷ কাণ দুখন ভালে থকা হ’লে ফুচফুচাই প্ৰাৰ্থনা কৰিলেও তেখেতে ঠিকেই শুনিলেহেঁতেন৷ সিফালে চুপ্ৰীম ক’ৰ্টে ৰায় দিছে, ধৰ্মীয় স্থানত মাইক বজোৱা নিষেধ৷ কাৰণ নিচেই কাষতে কোনোবা পৰীক্ষাৰ্থী থাকিব পাৰে,  হাৰ্ট পে’চেণ্ট থাকিব পাৰে,  অন্য ধৰ্মৰ মানুহ থাকিব পাৰে৷ আৰে.. ছ’ হোৱাট?  ভগৱানে শুনিছেনে নাই সেইটোহে আচল কথা৷ তেৱেঁই যদি নুশুনিলে, যিমান যি গালোঁ-বালোঁ সোপাই খোলাকটিৰ তাল৷”

মৰ্ত্যত গৈ ভালদৰে এটা চ্চেকআপ কৰোৱাৰ কথা ককাক আকৌ এবাৰ কৈ চালোঁ৷ নাই, নুশুনে৷

‘ওঁহো, মই তালৈ গৈ কুঁহিয়াৰ হ’ব নোৱাৰো৷’

কুঁহিয়াৰ..?? সেইটো আকৌ কি?  ককা কেনেকৈ কুঁহিয়াৰ হ’ব পাৰে? আচৰিত৷

“কেলেই.. ৰাস্তাৰ কাষত বিহাৰীৰ কুঁহিয়াৰ পেৰা শালবোৰ দেখা নাই?  প্ৰথমে এমোকোট, তাৰ পিছত দুমোকোট, তিনি মোকোট.. এনেকৈ কুঁহিয়াৰবোৰ ভৰাই গৈ থাকে, চেপি থাকে৷ শেষ টোপালৈকে ৰস বাহিৰ কৰি শুকানখিনি পেলাই দিয়ে৷ ডাক্তৰখানাতো সেই একেটাই কাৰবাৰ৷ ছে’ম টেকনিক! বেমাৰীক কয় ‘মক্কেল’৷ কমিছনৰ আশাত ছাল-বাকলি নাইকিয়া ভিক্ষাৰীকো বিনা কাৰণতে শৰাধৰ লিষ্টখনৰ দৰে ছন’গ্ৰাফী,  চিটি স্কেনকে আদি কৰি দামী দামী ইনভেষ্টিগেশ্যন এসোপা লিখি দিয়ে৷ আগদিনালৈকে নৰ্মেল বুলি কৈ থকা গৰ্ভৱতী বোৱাৰীজনীক পাছদিনা কথা নাই বতৰা নাই,  পেটটো চেৰচেৰকৈ ফালি পেলায়৷ ছিজাৰিয়ানৰ নামত বিলখন নোদোকা কৰে৷ চেম্বাৰত বোন্দাপৰ দি বহি থকা,  প্ৰতিবাৰতে এগাল এগাল ফীজ দিয়া,  ব্ৰহ্মপুৱাতে গৈ নাম লিখোৱা,  তেজ দিয়া,  ইউৰিণ দিয়া,  ষ্টুল দিয়া.. নাই নাই,  মই নাযাওঁ৷ কপালত যদি মৰিব লগা আছে,  ইয়াতে মৰিম৷ ডাক্তৰৰ হাতত মৰি ইয়ালৈ অহা মানুহবোৰৰ পৰা মই বহুত কথা গম পাই থাকো৷ মেডিকেল লাইনত টকা ঘটাৰ বুদ্ধি বোলে ইমানেই সাংঘাতিক হৈছেগৈ যে ডাক্তৰমখাই লগ লাগি বেমাৰৰ মেকিং পৰ্যন্ত কৰে৷ লেবৰটৰী,  নাৰ্ছিহ’ম,  ফাৰ্মেছি.. আটাইবোৰ একেলগ হৈ লয়৷ ভয়ংকৰ কাণ্ড৷ ভাবিলেই ভয় লাগে৷ ”

“হ’ব ককা৷ চৰকাৰী হস্পিটেল আছে নহয়,  তোমাক তালৈকে লৈ যাম৷ নতুনকৈ বহুত মেডিকেল কলেজ হৈছে৷ চৰকাৰে নিয়ম কৰিছে, চৰকাৰী ডাক্তৰে কেৱল চৰকাৰী হস্পিটেলতেইহে বেমাৰী চাব৷ আগৰ যিটো ছিষ্টেম আছিল,  উঠি গৈছে৷ এতিয়া দিনৰ দিনটো তেওঁলোকে নিজৰ প্ৰাইভেট ছে’ম্বাৰ বা নাৰ্ছিং হ’মতে ব্যস্ত থাকিব নোৱাৰিব৷ ফীজটো লৈয়ে হওক বা নলৈয়ে হওক, ছিভিলৰ ডাক্তৰেও এতিয়া ছিভিলতেই বেমাৰী চাব৷ এইবেলি তোমাৰ কেটেৰেক্টটোৰো লেঠা মাৰি পেলাম৷ আগৰ আধা মাহৰ কাম আজিকালি এক ঘণ্টাত শেষ৷ আনকি চছমাও নালাগে৷ ভিতৰতে আৰ্টিফিচিয়েল লেন্স লগাই দিব৷ প্ৰ’ষ্টেটৰো সেই একেই৷ কোনো টেঞ্চন নাই৷ কাটিব নালাগে, ছিঙিব নালাগে, ছিম্পল্ এটা ব্লাডলে’ছ অপাৰেছন৷”

লাহেকৈ মূৰটো দুপিয়াই ককা বহাৰ পৰা উঠিল৷ পাকঘৰলৈ গৈ আধাগিলাচ পানী খালে৷ লগতে ড্ৰয়াৰটো খুলি কিবা এটা টেবলেটো গিলি বাথৰুমৰ পিনে গ’ল৷ ওলাই অহাৰ পাছত ক’লোঁ -“ককা, গাটো ভাল পোৱাৰ পাছত তোমাক ‘লগান’ দেখুৱাম৷”

“লগান?- সেইটো আকৌ কি?”

“এখন চিনেমা৷ তাত এটা বঢ়িয়া ভজন আছে৷ দুখীয়া মানুহবোৰৰ যেতিয়া কোনোফালে একো উপায় নোহোৱা হ’ল,  শেহত গৈ তোমাৰ ভৰিত দীঘল দি পৰিল আৰু ভজনটো গাবলৈ ধৰিলে৷”

“ভজন শুনি মই কি কৰিলোঁ?  কিবা কৰিলোঁনে?”

“কৰিলা৷ সিহঁতে যি বিচাৰিছিল,  দি দিলা৷ যুদ্ধত হাৰি বৃটিছবোৰ নিজৰ দেশলৈ গুচি গ’ল৷”

“হয়নেকি? বাৰু হ’ব দে৷ বৰ ভাল কথা৷ বাস্তৱত নহ’লেও চিনেমাতে অন্ততঃ কিবা এটা কৰিলোঁ৷ ভজনটো গাই শুনা৷ ”

কৈয়ে তেওঁ চকু মুদিলেই৷ তাৰমানে শুনিহে এৰিব৷ গতিকে যি পাৰো গাবলৈ লাগি গ’লো৷ অ’ পালনহাৰি,  নিৰ্গুণ ঔৰ ন্যাৰি,  তুম্ৰি বিন হম্ৰা কঁউনু নাহি৷ হম্ৰি উলঝন্ চুলঝাঅ’ ভগৱন্ তুম্ৰি বিন হম্ৰা কঁউনু নাহি..

ভজন শুনি থকা অৱস্থাতে হঠাৎ ককাৰ মাত-বোল নোহোৱা হৈ গ’ল৷ মূৰটো এফালে ঢলি পৰিল৷ হাত-ভৰিবোৰ চুই চালোঁ,  জঠৰ৷ সঁচাকৈয়ে কিবা এটা হ’লনেকি?  ছেঃ! পিচে ভাগ্য ভাল, ককাই চকু মেলিলে৷ তুৰন্তে এটা সিদ্ধান্ত লৈ পেলালোঁ৷ নাই,  ইয়াতকৈ আৰু চাই থাকিব নোৱাৰি৷ আজিয়েই ককাক লৈ যাম৷ কোনো কথা নুশুনোঁ৷ ককাৰ অৱস্থাটো সঁচাকৈয়ে বৰ বেয়া৷

☆★☆★☆

7 Comments

  • ৰিণ্টু

    খুব ভাল লাগিল পঢ়ি চাৰ

    Reply
  • ভাষা নাই– বৰ ভাল লাগিল। অশেষ ধন্যবাদ আপোনাক।

    Reply
  • অসমী গগৈ

    কিয় জানো ককালৈ মনত পৰিল।

    Reply
  • Gitika Saikia

    অত্যন্ত মনোগ্ৰাহী লিখনি চাৰ, বাৰে বাৰে পঢ়িও ভাল লগা লিখনি। অশেষ ধন্যবাদ।

    Reply
  • Hemanta Kakati

    “পৃথিৱীৰ দুঠেঙীয়া নৰমনিচমখাই ‘ঈশ্বৰ’ নামৰ এই লাপুং বুঢ়াটো ইতিমধ্যে চেটেপ হোৱা বুলিয়েই ধৰি ল’লে৷” এই লাইন টোৱেই সকলো বুজাই দিলে ছাৰ৷ বহুত দিনৰ পিছত মনোগ্ৰাহী লিখা এটা পঢ়িলো৷ ফটাঢোলক দিয়া লিখাটোৰ বাবে অশেষ ধন্যবাদ ছাৰ৷

    Reply
  • ৰাজীৱ শৰ্মা

    গমপোৱাৰে পৰা এই লিখনিটো পঢ়িবলৈ উত্ৰাৱল হৈ আছিলো।ফটাঢোলৰ এই সংখ্যাটো ধন্য হ’ল আপোনাৰ উপস্থিতিত।

    Reply
  • ভাৰত শৰ্মা

    পঢ়ি তৃপ্ত হলোঁ ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *