ফটাঢোল

কক্ষচ্যুত– দিম্পল কলিতা

মই মেট্ৰিকত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিলো ৷ পিছে মাৰ্কশ্বিটখনৰ পয়ালগা নম্বৰকেইটাৰ দৰে পঢ়াত ইমানো বেয়া নাছিলো ৷ মধ্যমীয়া ধৰণৰ ছাত্ৰ বুলিয়ে ক’ব পাৰে ৷ হওঁতে গাঁৱৰ আটাইতকৈ নামজ্বলা স্কুলখনৰে ছাত্ৰ আছিলোঁ মই ৷ স্কুলখনৰ দশম শ্ৰেণীত দুটা শাখা আছিল, ক আৰু খ ৷ খ শাখাৰ শীৰ্ষৰ দহজনৰ ভিতৰতে মোৰ ৰোল নং পৰিছিল ৷ নাজানো কি হ’ল পৰীক্ষাত…লিখি থৈ অহাৰ দৰে মাৰ্কশ্বিটখন নাহিল ৷ অঘাইতং আছিলো যদিও স্কুলৰ প্ৰায়ভাগ ছাৰ-বাইদেউৰ মৰমৰ আছিলো ৷ ফলাফলৰ খবৰটোৱে তেওঁলোককো নিৰাশ কৰিছিল ৷

ৰিজাল্টৰ খবৰটো ৰাতিপুৱা ন বজাতে আহিছিল। পাপা জীৱিকা সূত্ৰে দূৰৈত থাকে (আধুনিকতাৰ কবলত পৰি নহয়, সৰুতে কোৱাৰ্টাৰত থাকোঁতে হয়তো কোনোবাই দেউতাকক পাপা বুলি মাতা শুনি মোৰো মূৰত ‘পাপা’ সোমাই ৰ’ল) ৷ একমাত্ৰ পুতেকৰ ৰিজাল্ট দিব গতিকে সেইদিনা ৰাতিপুৱাই ঘৰত আহি হাজিৰ হৈছিল তেওঁ ৷

প্ৰথমতে মোৰ নিজৰেই বিশ্বাস নহ’ল খবৰটো, ভাবিলো ধেমালি কৰা হৈছে ৷ পিছত স্কুলৰ বাইদেৱে যেতিয়া ক’লে মানিবলৈ বাধ্য হ’লো ৷ ওচৰ চুবুৰীয়াৰ চকুও আছিল মোৰ ৰিজাল্টৰ ওপৰত, ভাবিছিল লেটাৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ব ৷ তৃতীয় বিভাগ পোৱা বুলি শুনি কাৰ ভাল লাগিল কাৰ বেয়া লাগিল বুজি নাপালোঁ ৷ কোঠা এটাত নিজকে বন্দী কৰি ৰাখিলোঁ ৷ মোৰ পৰীক্ষাৰ ফলাফল জানিও ঘৰলৈ খবৰ ল’ব অহা মানুহৰ সোঁত বৈ থাকিল ৷ প্ৰতিবাৰে মা-পাপাই চমুকৈ কৈছিল মোৰ ৰিজাল্টৰ কথা ৷

মনটোৱে বৰ কষ্ট পাইছিল সেই সময়ত ৷ আজিলৈ একো এটা অভাৱ অনুভৱ কৰিবলৈ নিদিয়া দুজন মানুহ, মই সুখী কৰিব নোৱাৰিলো সেই মুখ দুখন ৷ ঘৰৰ এটাই সন্তানক লৈ দেখা অলেখ সপোন আজি চূৰ্ণ-বিচূৰ্ণ কৰি দিলোঁ ৷ ইফালে ওচৰৰ মানুহঘৰৰ টিভিটোৰ পৰা ডাঙৰকৈ শব্দ আহি আছিল…শীৰ্ষস্থান প্ৰাপ্তসকলৰ নাম, তেওঁলোকে দিনত কিমান ঘণ্টা পঢ়িছিল, কোনজনৰ ঘৰত বিজুলী নথকা সত্ত্বেও….ইত্যাদি ইত্যাদি ৷ অসহ্য লাগিছিল, প্ৰথমে বিছনাৰ শিতানত থকা ডাঙৰ গামোচাখন আৰু তাৰপিছত ফেনখনলৈ চকু গ’ল মোৰ ৷ এইখন মাৰ্কশ্বিট জীৱনত লৈ ফুৰাতকৈ ফেনত ওলমি দিয়াই ভাল !

বহুপৰ কান্দি উঠি হাতত গামোচাখন লৈছিলোহে মাত্ৰ, এনেতে পাপাই দুৱাৰত টুকুৰিয়ালে ৷ চকুপানীখিনি মচি দৰ্জাখন খুলি দিলো ৷

এতিয়াও হুবহু মনত আছে, মুখত এটি হাঁহিলৈ পাপা সোমাই অহা সেই দৃশ্যটো ৷

-“যি হ’ল হ’ল দে…চকুপানীৰে কি কৰিবি! ৰিজাল্ট একেই থাকিব ৷”

-“পাপা, মই ইমান কম নম্বৰ নাপাওঁ অ’ ৷ মই লিখিছো, মই বহী ৰিকল কৰিম ৷”

তেতিয়াই পাপাই মোৰ চকুত চাই ক’লে,

-“শুন, এইখন মাৰ্কশ্বিট এনেকৈয়ে থাকিবলৈ দে ৷ এইখন মাৰ্কশ্বিট অকল কলেজত নাম লগাবৰ সময়তহে কামত আহিব ৷ ইয়াৰ পিছত যিবোৰ পৰীক্ষা আহিব সেইবোৰ ভালকৈ পাছ কৰিবি, তেতিয়া সকলোৱে বুজিব নহয় ৷ এতিয়া ক’ত এডমিছন ল’বি ক ৷ মই ফৰ্ম আনিম ৷”

কোঠাটোৰ পৰা ওলাই যাবলৈ ধৰা পাপা দুৱাৰৰ কাষত ৰৈ গ’ল,

-“মই বজাৰ যাওঁ, ৰাতিলৈ ওচৰৰ কিছুমান মানুহক ভাত খাবলৈ মাতিম ৷ এতিয়া তয়ো অকণ ওলাই আহ, মন বেয়া নকৰিবি ৷ মানুহ হ’ব খুজিলে এইবোৰ হজম কৰিবলৈ শিকিবই লাগিব ৷”

সেইদিনা দুখী হৈও সুখী হ’বলৈ শিকিলো ৷ ফেনত ওলমি থকা মৃতদেহ এটা হ’ব খোজা মোৰ দেহ-মনত পাপাৰ কথাকেইটাই কি যে এক অদ্ভুত শকতি সঞ্চাৰ কৰি থৈ গৈছিল!

পিছত উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট মই বিচৰা ধৰণেই পালো ৷ সেইদিনাও সেই একেই ভোজভাতৰ আয়োজন হৈছিল ৷ তেতিয়া বুজিলো সুখে-দুখে সকলো সময়তে তেওঁলোকৰ মৰম সদায় একেধৰণেই লগত আছে মোৰ, আৰু থাকিবও ৷

তোমাৰ ৰিজাল্টত পাৰ্টি খোৱা, এনে বেছিভাগ মানুহে আৰু কেতিয়াও ঘূৰি নাচাই তুমি জীৱনত কি কৰিছা ৷ তোমাৰ মাৰ্কশ্বিটখন ক’ত আছে, কিবা অসুবিধা পাইছা নেকি ইত্যাদি…একোৰেই উম-ঘাম নল’ব এওঁলোকে ৷ নিজেই যুঁজিব লাগিব প্ৰতিটো বস্তুৰ প্ৰাপ্তিৰ বাবে ৷ মাথো হাৰিবলৈ নিশিকিলেই হ’ল ৷ ভুল হ’বই বহুত, কিন্তু শুদ্ধ পথেৰে গ’লে এদিন সেই ভুলবোৰো নোহোৱা হ’ব ৷

এতিয়া কথা হ’ল নতুন প্ৰজন্মৰ বাবে প্ৰয়োজনীয় এখন ভাল নম্বৰ থকা মাৰ্কশ্বিটৰ, এতিয়া প্ৰতিযোগিতাৰ যুগ ৷ ঘৰখনেও বিচাৰিব নিজৰ ল’ৰা-ছোৱালীৰ ভাল নম্বৰ আহক ৷ কিন্তু আমি মনত ৰখা উচিত এজনৰ ব্যক্তিত্ব, এজনৰ পৰিচয় সেই মাৰ্কশ্বিটে নিদিয়ে ৷ যদি তেনেকৈ ভাবি জীৱনত আগবাঢ়ো জীৱনটো কাগজৰ দৰে হ’ব, কাগজ এখিলা ভাল নহ’লে মৰম-চেনেহৰ বান্ধোনবোৰ, জীৱনৰ আশাবোৰ হয়তো চিলিং ফেনত ওলমিব ৷ জীৱনৰ একমাত্ৰ উদ্দেশ্য এখিলা কাগজ কেতিয়াও হ’ব নোৱাৰে ৷

মই এতিয়া যদিও সফল নহয় নাইবা এতিয়াও বয়সত বহুত সৰু (মোৰ এতিয়া চৌব্বিশ বছৰ), কিন্তু জীৱনৰ যুদ্ধখন যুঁজি আছো ৷ অকলে যুঁজা নাই, মা-পাপা লগত আছে সাহস হৈ ৷ আজি নহ’লেও এদিনতো সফল হ’ম – এই যে আশাটো, এইটোৱেই জীৱন ৷

মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট অলপ হেৰ-ফেৰ হোৱা শিক্ষাৰ্থীসকললৈ আহ্বান- চিন্তা নকৰিবা, জীৱন এতিয়াও বাকী আছে, থমকি নৰ’বা ৷ কক্ষচ্যুত হোৱাটো ডাঙৰ কথা নহয়, লক্ষ্যচ্যুত নহ’লে কক্ষলৈ ওভতি অহা বাটটো সহজ ৷ অভিভাৱকসকললৈ অনুৰোধ যাতে এওঁলোকৰ ওপৰত অযথা হেঁচা প্ৰয়োগ নকৰে ৷ মনলৈ সাহস ঘূৰাই আনিব পৰাকৈ সেই সাহস, মৰম, অনুপ্ৰেৰণা আপোনালোকেহে দিব পাৰে এওঁলোকক ৷

★★★★

7 Comments

Leave a Reply

Your email address will not be published.