ফটাঢোল

কক্ষপথ – প্ৰিয়ংকা চক্ৰৱৰ্তী

ঢৌ, মেঘ, আকাশ, পথাৰ, জুই
আটাইতকৈ উজ্জ্বল তৰাটোৱে নিতৌ গায়
সন্ধ্যাৰ আখ্যান৷

তুমি কোৱা-‘মই হেৰাই গ’লে কিতাপবোৰ আলফুলে ৰাখিবা’
মই কওঁ-‘ নেহেৰায় আমাৰ সময়’

তুমি কোৱা-‘নদীখনে কথা কৈছে’
মই কওঁ-‘কথাবোৰেই অতীত,বৰ্তমান,ভৱিষ্যত’

অকণে নিতৌ সন্ধ্যা গোসাঁইৰ থাপনাত বহে
‘তুমি চিত্ত বৃত্তি মোৰ…’
গাঁৱৰ গো-বাটেৰে পোনাহঁত ঘৰলৈ ওভতে৷

আদৰৰ পুৰণি চাইকেল এখন গৈ থাকে নিজ বাটে
সন্ধ্যাই আগভেটি ধৰে-
‘কক্ষপথ সলনি নকৰিবি’

প্ৰত্যেকৰে একোটা কক্ষপথ থাকে
গাঁওখনৰো
চাইকেলৰ আৰোহীৰো
আপোনাৰো-মোৰো

কাহানিও বিবৰ্ণ নোহোৱা
একান্তই নিজা কক্ষপথ ৷

☆★☆★☆

Leave a Reply

Your email address will not be published.