ফটাঢোল

কণটিলৌ মালিতা – প্ৰশান্ত কুমাৰ বৰা

কণটিলৌ চহৰত থাকে। পা-পইচা নাই বাবে ঘৈণীয়েকে ক্ৰিকেট খেলৰ কমেণ্টেটৰৰ নিচিনাকৈ ননষ্টপ বলকি থকাত খঙতে ঘৰ এৰি গুচি গ’ল পৰহি পুৱাতে। নগদ ২৪ ঘণ্টাৰ বাবে দুয়োপক্ষৰে যোগাযোগ বিচ্ছিন্ন। হাজাৰ হ’লেও ঘৈণীয়েকৰ মনহে। মানুহটো বা ক’ত আছে, কি খাইছে! হাতততো টকা-সিকা একো এটা নায়েই! সকলো অভিমান নেওচি তাই উচুপি উচুপি ফোন লগালে গিৰিয়েকলৈ – “হেৰি ক’ত আছে হয়নে! আৰু গালি-চালি নাপাৰোঁ। ঘূৰি আহক ঘৰলৈ।”
কণটিলৌৱে ৰিলেক্সড্ হৈ মাত দিলে – “এ. টি. এমত আছো।”
ভুলতে ক’ৰবাতহে ফোন লাগিলেগৈ বুলি ঘৈণীয়েকে ফোনটো কাটি দিলে। নাম্বাৰটো ভালকৈ চাই আকৌ লগালে।
কনটিলৌৰ সেই একেই উত্তৰ – “কোৱা নাই জানো এ. টি. এম.ত আছো বুলি। মিছাতে ডিষ্টাৰ্ব কৰি নাথাকিবা।”
ঘৈণীয়েকে বিচূৰ্তি খালে। একেদিনাই মানুহটোৱে ইমানগাল টকা ঘটিলেনে! জেদত ঘৰ এৰি গুচি গৈ বহুদিনৰ মূৰত ধনী হৈ ঘূৰি অহা মানুহৰ বহুতো কাহিনী তাই আগতে শুনিছে বা সাধুৰ কিতাপত পঢ়িছে। কিন্তু তাইৰ মানুহটোৱে এদিনতে সেই কাম কৰি দেখুৱালে! তাই সঁচাকৈয়ে ভাগ্যৱতী। মাকে এনেই কোৱা নাছিল – “জোঁৱাইৰ বুদ্ধিটো বৰ চোকা। আনে নকৰা চিন্তাবোৰ ফটকৈ তাৰ মনত খেলায়। চাবিচোন আই, এদিন সি বহুত ওপৰলৈ যাব।” মাকৰ কথা আখৰে আখৰে ফলিয়ালে। শনিবাৰে শনিবাৰে ব্ৰত কৰা মানুহ যে!
গিৰিয়েকৰ প্ৰতি তাইৰ মনটো মৰমত উথলি উঠিল। লগতে সঁচাই-মিছাই গালি পাৰি থকাৰ বাবে নিজৰ গালতে দুখ নোপোৱাকৈ দুবাৰমান চৰিয়ালেও। মনৰ মানুহটোৰ খবৰ এটা ল’বলৈ মৌ-সনা মাতেৰে আবেলি আকৌ এবাৰ ফোন লগালে তাই – “ক’ত আছা, জান!”
কণটিলৌৰ নিৰ্বিকাৰ ৰিলেক্সড্ উত্তৰ – “শ্বপিং মলত আছো।”
কণটিলৌৰ ঘৈণীয়েক এতিয়া “সাতৱে আচমান”ত। টোকোনা জেপটোলৈ চাই চাৰিআলিৰ গেলামালৰ দোকানখনতে সোমাবলৈ ভয় কৰা মানুহটোৱে আজি শ্বপিং মলতহে বজাৰ কৰে! এ. টি.
এম.ৰপৰাহে টকা উলিয়ায়! তাইৰ মাকৰ কথাবোৰ সঁচাকৈয়ে বৰ ফলিয়ায়। কণটিলৌ আজি সঁচাকৈয়ে ডাঙৰ মানুহ হ’ল।
মনৰ ফূৰ্তিতে তাই ৰ’ব নোৱৰা হ’ল। মৰমেৰে বুজাই-বঢ়াই গিৰিয়েকক পাছদিনা ঘৰলৈ আহিবলৈ মান্তি কৰালে। তাইৰ মানুহটো এতিয়া আগৰ দৰে হৈ থকা নাই। তাৰ এটা ষ্টেণ্ডাৰ্ড আছে। গিৰিয়েকক আদৰিবৰ বাবে তাই জোৰদাৰ আয়োজন কৰিলে।
গাঁওবুঢ়াৰ ঘৰৰপৰা টকা এহেজাৰ ধাৰলৈ আনি মাছে-মঙহে ঢেৰ বজাৰ কৰিলে। ওচৰৰে ল’ৰা এটাক টকা পঞ্চাছটা হাজিৰা দি পদূলি মূৰত কলপুলি দুটাও পোতালে। আটাইতকৈ ডাঙৰ কথা – গিৰিয়েকৰ খংটো ঠাণ্ডা পেলোৱাৰ বাবে ক’ল্ড ড্ৰিংকছৰ ডাঙৰ বটল এটাও আনি ওচৰৰে এঘৰৰ ফ্ৰীজত থৈ দিলে। ফ্ৰীজৰ ভাড়া হিচাপে কিবা এটা খুজিছে মানুহঘৰে। তাইৰ চিধা কথা – চিন্তা কৰিব নালাগে, দি দিব যিমান টকা লাগে। তাহাঁতৰনো এতিয়া কিহৰ টকাৰ অভাৱ! ইচ্ছা কৰিলেই তাইৰ গিৰিয়েকে তেনেকুৱা দহটা ফ্ৰীজ কিনিব পাৰে। হুহ্! সামান্য ফ্ৰীজ এটাৰ বাবে দম দেখুৱাবলৈ আহে!
যথা সময়ত গিৰিয়েক আহিল। তাই প্ৰথমতে আচৰিতেই হৈছিল। নিজকে চিকুটিও চালে এবাৰ। তাইৰ গিৰিয়েকেই হয়নে এইটো! ইমানকৈ ধন ঘটি, শ্বপিং মলত বজাৰ কৰিওচোন সেই একেযোৰ কাপোৰকে পিন্ধি আহিছে। ভৰিত সেই একেই পিং মাৰি জোৰা দিয়া হাৱাই চেণ্ডেলযোৰ। একেই জধলা চেহেৰা। হাততো মোনা-চোনা একো নাই। যোৱা ভাগেই উভতি আহিছে। কথাটো কি!
উৰহী গছৰ ওৰ ওলাবলৈ বেছি পৰ নালাগিল।
তাইৰ মাকে ঠিকেই কৈছিল। জোঁৱাইৰ বুদ্ধিটো বৰ চোকা। আনে নকৰা চিন্তাবোৰ ফটকৈ তাৰ মনত খেলায়। সেয়েহে বেংকত একাউণ্ট বোলা বস্তুটোৱেই নথকা সত্ত্বেও সি গোটেই আগবেলাটো এ.টি.এম.ত সোমাই আছিল। পাছবেলাটো পাৰ কৰিছিল শ্বপিং মল এটাত।
তাকে নকৰি সি কৰিবনো কি! যি হে গৰম কালিৰ দিনটো! এ.টি.এম. আৰু শ্বপিং মলৰ বাদেনো ফ্ৰীকৈ এ.চি.ৰ হাৱা খুওৱা জেগা চহৰখনত আছে ক’ত? গধূলি বেলি পৰাৰ পাছতহে ষ্টেচনলৈ গৈ প্লেটফৰ্মত শুব পাৰিছিল সি।
কণটিলৌৰ শাহুৱেকে একেবাৰে ঠিক কথাই কৈছিল। জোঁৱায়েক এদিন বহুত ওপৰলৈ যাব। ঘৈণীয়েকৰ বেলনা মাৰিৰ কোবত এই টিকাফটা ৰ’দত চোতালত লাই খাং পৰি থাকি এতিয়া সি সঁচাকৈয়ে ওপৰলৈ যোৱাৰ ৰাষ্টা বিচাৰি ফুৰিছে – “উঠা লে ৰে ভগৱান! উঠা লে…”
☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.