ফটাঢোল

কণপিতৌৰ সমস্যা- বেদব্ৰত বৰা

ভেকুলীৰ টোৰটোৰণি মাৰ নৌযাওঁতেই নামঘৰত ডবাৰ কোব পৰিল। কণপিতৌৱে খৰকৈ খোজ দিলে। আজিও প্ৰাৰ্থনা পলম হ’লে ডিম্বেশ্বৰ দাইটিৰ গালি শুনিব লাগিব। এই মানুহজনে খালি গালি পাৰোঁ পাৰোঁকৈ থাকে। সুবিধা পালেই ক’বলৈ আৰম্ভ কৰে,“কণপিতৌ তোৰ আৰু নহ’ব। আজিও পলম কৰিলিনে? জীৱনত কেতিয়াবা সময়মতে কাম কৰি পাইছনে? সেইকাৰণে এতিয়ালৈকে তোৰ ঘৈণীয়েৰৰ সন্তান হোৱা নাই বুজিলি”।

এই গালিটো পাৰিলে তাৰ চুলিবোৰ ঠিয় হৈ যায়। কাণ দুখন ৰঙা পৰি যায় আৰু দুয়োখন কাণেৰে হো হোকৈ কিছুমান শব্দ ওলাবলৈ ধৰে। অলপ দেৰিলৈকে সি একো নুশুনা হয়। তাৰ ঘৈণীয়েকজনীৰ প্ৰতি ডিম্বেশ্বৰ দাইতিৰ ইমান চকু কিয়? বিয়া পতা মাত্ৰ তিনিবছৰ হৈছে। এতিয়াই ল’ৰা-ছোৱালী হ’ব লাগিব বুলি কি কথা আছে? এই জঞ্জালবোৰৰ পৰা সি হাত সাৰি আছে কাৰণেই খেতি পথাৰ সামৰি এইদৰে নামঘৰলৈ আহিব পাৰিছে। খোজ খৰ কৰিবলৈ কণপিতৌৱে ধূতিখন এবাৰ কোঁচাই ল’লে। এবাৰ ভাবিছিল, চেণ্ডেলযোৰ হাতত লৈ ল’ব নেকি। কিন্তু পিছ মুহূৰ্ততে ভাবিলে আন্ধাৰে মুন্ধাৰে কিহত ভৰি দিয়ে ঠিক নাই, সেয়েহে চেণ্ডেলযোৰ খুলি হাতত লোৱাটো সজ কথা নহ’ব। খোজ কাঢ়ি গৈ থাকোতে কণপিতৌৱে নিজৰ বচন কেইথেৱা মনত পেলাবলৈ চেষ্টা কৰে। ক’ত মনত পৰিব? আখৰা আৰম্ভ হোৱা দহ দিন হৈছেহে। বচন মুখস্থ কৰিবলৈ সময়বা পাইছে ক’ত? তাৰ বেয়া লাগে। প্ৰতিবাৰ তাক মহিলাৰ ভাওবোৰ দিয়ে। আজিকালি ভাওনাত গাভৰু ছোৱালীয়ে সাজি কাচি ৰাণী, দেৱী, অপেশ্বৰীৰ ভাও লয়। তাক কিয় বাৰে বাৰে মহিলাৰ ভাও লবলৈ বাধ্য কৰাব লাগে? এইবাৰ সেইবাবে সি আঁকোৰগোজ হ’ল। লাগিলে ভাও নলবই, কিন্তু মহিলাৰ ভাও আৰু নহ’ব। বহু বাক বিতণ্ডাৰ অন্তত গাঁওবুঢ়াই শেষত তাৰ ৰজাৰ দূতৰ ভাওটো দিয়াইছে। দুথেৱা মাত্ৰ বচন। তাকো পিছদিনাৰ ভাওনাত। আগদিনা সি নিজৰ ভাগৰ দেউৰি বিলনীয় কামবোৰ ভালকৈ কৰিব লাগিব। সেই চুক্তিতহে তাক ভাওটো দিয়া হৈছে। ভালেই হৈছে। দুদিন ভাও লোৱাটো কম কষ্ট আৰু খৰচৰ কথা নহয়। ড্ৰেচ-পাতিৰ কথা আছেই তাতে আকৌ বৰঙনিও আছে। কণপিতৌৱে সময়-সুবিধা পালেই অকমান ধৰে। গাৰ বিষ মাৰিবলৈ বুলি এনেকৈ ধৰোতে ধৰোতে এতিয়া অভ্যাসত পৰিণত হৈছে। বিশেষকৈ সন্ধিয়া হাল-কোৰ, গৰু-গাই সামৰি আলিমূৰৰ ফালে অকমান ওলাই গৈ বীৰেণৰ দোকানত দুগিলাচ নাখালে তাৰ গাটো শাঁত নপৰে। নামঘৰৰ দায়িত্ব বঢ়াৰপৰা অৱশ্যে দুই-এদিন এৰা-ধৰা কৰিবলগা হৈছিল। বুঢ়া-মেথাও দাবী ধমকি দি মদ-মাংসৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিয়ে। কিন্তু সেইদিনাই সি ৰামায়ণৰ পাঠৰ সময়ত ৰামচন্দ্ৰই নিজে হৰিণা পহুৰ মাংস খোৱাৰ কথা যেতিয়া শুনিলে তেতিয়াই বুজি পালে যে স্বয়ং ভগৱানেও এইবোৰ মুখত দিছিল। ৰামায়ণৰ শ্লোক দুটা তাৰ মুখস্থই হৈ গ’ল। মহেন্দ্ৰ বৰদেউতাই সুৰ লগাই গাইছিল-

হৰিণেক মাৰিয়া ৰান্ধিয়া তৈতে খাইলা।
বৃক্ষমূলে লখাই পত্ৰ শয্যাক বিছাইলা।
মৃগমাৰি লক্ষ্মণে যোগান্ত নিতে আনি।
সীতা দেৱী ৰান্ধন্ত ভুঞ্জন্ত তিনি প্ৰাণী।

এই শ্লোককেইটা সি কাৰোবাক কাৰোবাক শুনাইছিল। তাৰ মুখত শুদ্ধকৈ ৰামায়ণৰ শ্লোক শুনি বীৰেণৰ দোকানত গ্ৰাহকবোৰে তবধ মানে। কয়, “তই ভালকৈ পঢ়া-শুনা কৰা হ’লে ডাঙৰ মানুহ হ’লিহেঁতেন। খেতি-বাতি কৰি এইদৰে গাঁৱত থাকিব নালাগিলেহেঁতেন”।

কণপিতৌৱে মুখতে ধৰে, “হেৰৌ সকলো মানুহ যদি চহৰলৈ যায়, গাঁৱত কোন থাকিব? আৰু চহৰৰ মানুহবোৰ কি সুখত আছে আমি দেখি থকা নাই জানো? আমাৰ গাঁৱৰে কিয় অনন্ত মাধৱৰ ছোৱালীজনী চহৰলৈ বিয়া দিয়া নাছিল জানো? কি হ’ল এতিয়া? মাৰ-পিট কৰি গিৰীয়েকে তাইক খেদি অন্য এজনী অনা নাই জানো? তাই জানো এতিয়া চহৰত পঢ়া-শুনা কৰি আহি গাঁৱতে থাকিব লগা নাই। সেইবোৰ মানুহৰ কপাল বুজিছ। গতিকে কোন ক’ত থাকিব আৰু কেনেকৈ থাকিব সেয়া ওপৰৰজনাই ঠিক কৰি দিছে। টিভি চিৰিয়েলবিলাকত ভগৱানৰ লীলাবিলাক তহঁতে নাচাৱ নেকি? কণপিতৌৰ মুখত আখৈ ফুটা দি উপদেশবাণী শুনি বীৰেণে মাত লগায়, “হেৰৌ ৩০ টকাৰ খালি, এতিয়া ঘৰলৈ যা। ঘৰত গাভৰু ঘৈণীয়েৰজনী অকলে থকা নাই জানো। তই নথকা সময়ত বোলে ডিম্বেশ্বৰ দাইটি তোৰ খবৰ কৰিবলৈ তহঁতৰ ঘৰৰ ফালে যায়। কথাটো অলপ মন কৰিবি”।
কণপিতৌৱে আৰু দেৰি নকৰে। খৰধৰকৈ ঘৰলৈ ওলায়। হাতত থকা জিঅ’ফোনটোৰে ঘৈণীয়েকৰ ম’বাইললৈ ফোন কৰে। টুইট টুইট শব্দ কৰি ফোনটো ৰৈ যায়। সি কৈ উঠে, নেটৱৰ্ক বোলা বস্তুটো নথকা হ’লেহে কিজানি ফোনবোৰে ভালকৈ কাম কৰিলেহেঁতেন। তথাপিতো এই ম’বাইল ফোনবোৰে সিহঁতক বহুত সহায় কৰিছে। ইণ্টাৰনেট যি স্থানত পায়, সেই স্থানলৈ গৈ সিহঁতে ফোনত কমবোৰ লীলা-খেলা দেখিবলৈ নাপাইছেনে? অৱশ্যে প্ৰায়ে জিঅ’ ফোনৰ ভিডিওবোৰ আৰম্ভ হোৱাৰ আগে আগে কৃষ্ণৰ সুদৰ্শন চক্ৰৰ দৰে নেটৱৰ্কৰ চক্ৰটো ঘূৰি থাকে। সেইটো ঘূৰি ঘূৰি সময়ত চকা-মকাকৈ কিবা এটা বস্তু ওলায়। তাকে চাই সিহঁতে পৰম তৃপ্তি লাভ কৰে। সি ভাবে সেয়াই বোধকৰো ডিজিটেল ইণ্ডিয়া। ইণ্টাৰনেট থকা জিঅ’ ফোনত অহা মেচেজবোৰ পোৱাটো সিহঁতৰ বাবে সৌভাগ্যৰ কথা। কাৰেন্ট নাথাকিলে কি হ’ব? ৰমেশৰ দোকানৰ বেটেৰীত চাৰ্জ দি সিহঁতে হাতে হাতে ফোন লৈ গৌৰৱেৰে ক’ব পাৰে, “ভাৰত মাতা কী জয়। জয় ডিজিটেল ইণ্ডিয়াৰ জয়”। নামঘৰত হৰিধ্বনি দিয়া তাৰ কাণত পৰে, “অ’ আ হৰি অ’ আ ৰাম”। তাৰ আজিও দেৰি হ’ল। এইবোৰ কথা মূৰত সোমাই থাকিলে দেৰি নহয় কি হ’ব। এইবাৰ চেণ্ডেলযোৰ হাতত লৈ সি খৰ খোজেৰে নামঘৰ অভিমুখে যাবলৈ ধৰিলে। আজিও ডিম্বেশ্বৰ দাইটিয়ে নহ’লে সকলোৰে সন্মুখত চিঞৰি উঠিব, “কণপিতৌ আজিও পলম কৰিলি? সেই কাৰণে তোৰ ঘৈণীয়েৰে এতিয়াও……..”

☆★☆★☆

3 Comments

  • Rintumoni Dutta

    খুব ভাল লাগিল পঢ়ি

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ, বহুত ভাল লাগিল ।

    Reply
  • Diganta das

    Bohut val lagil..anekua aru assamese comics lagisile muk…kiba app ase neki baru?jonabosun

    Reply

Leave a Reply

Your email address will not be published.