ফটাঢোল

ক’ত মোৰ ঊষাৰ নগৰ – চৈয়দ আহমেদ শ্বাহ

১৯৭০৷ নতুন চহৰ৷ নতুন স্কুল৷ নতুন ইউনিফৰ্ম৷ দৰ্জীয়ে আজি দিম, কালি দিম কৰি আছে৷ পিঠিখনেও আজি মাৰখাম কালি মাৰখাম কৰি আছে৷ লোকাইচাৰৰ চকুৰ পৰা লুকাই থকা টান৷ তৃতীয় দিনা শ্ৰেণীকোঠাৰ পৰা বহিষ্কাৰ৷
নেভাৰমাইণ্ড৷ নিজকে বুজনি দিলোঁ৷

‘বহিষ্কাৰ হোৱা কথাটোতে এটা গৌৰৱ নিহিত হৈ থাকে৷ সাহসীজনক বহিষ্কাৰ কৰা হয়৷ যি নিয়মৰ বিপৰীতে অৱস্থান কৰে৷ কালক্ৰমত তেওঁ এজন মহান ব্যক্তিৰূপে চিহ্নিত হোৱাৰ নজীৰ পৃথিৱীৰ ইতিহাসত ভৰি আছে৷ যেনে জাতিৰ পিতা৷’-
আচলতে এইবিলাক একোকে ভবা নাছিলো৷ তাম্মাম লাজ লাগিছিল৷ প্ৰথম পিৰিয়ডটো বাহিৰত কটাব লাগিব৷ এঢলীয়া ৰাস্তাইদি পুখুৰীটোৰ ফালে গলোঁগৈ!

নাই, নাই, আপুনি যি ভাবিছে সেইটো কৰিবলৈ নহয়৷ কিযে ভাবে আৰু! মই আৰু সেইটো কাম কৰিম নে!

প্ৰথম কাৰণ আছিল স্কুলৰ আন আন কোঠাৰ ছাত্ৰ সকলে মোক দেখি যাতে ফিচিঙা ফিচিঙ নকৰে৷ আউট অৱ ৰেঞ্জ৷ আন এটা কাৰণ আছিল ঠাইটুকুৰাৰ প্ৰাকৃতিক শোভা৷ ডাঙৰ পুখুৰীটোৰ মাজে মাজে গাড়ী যোৱা ৰাস্তা৷ গা মন জুৰ পৰা মলয়া৷ বহিবলৈ শিল৷ মাত্ৰ ৪০ মিনিটহে৷ এনেতে মোৰ চকু দূৰণিলৈ গল৷ সিফালৰ পৰা হাতত কিতাপ লৈ সুহুৰি বজাই বজাই এটা ল’ৰা লাহে লাহে এইফালে আহি আছে৷ ল’ৰাটোক আমাৰ শ্ৰেণীতে দেখিছো৷ তাৰ মুখত এটা হিন্দী গানৰ কলি৷ ‘বদন পে চিতাৰে’৷ মোৰ ওচৰ পাই সি ৰ’ল৷ মোক তাত দেখি সি কিছু আচৰিত হৈছিল৷ মই কাৰণটো জনালো৷ অৱশিষ্ট সময়খিনি ইটো সিটো কথা পাতি আমি একেলগে পাৰ কৰি দিলোঁ৷ তাৰ পৰা জানিব পাৰিলো সি ধনুখন্দা পাহাৰত থাকে৷ দূৰৈৰ পৰা দেখুৱাই দিলে৷

দুদিনমান আগতে স্কুলৰ পৰা ঘৰলৈ ওভোটাৰ পথত পথ হেৰুৱাই সেইখিনি পাইছিলোগৈ৷ পিচত মানুহক সুধি সুধিহে ই এণ্ড ডি কল’নিত থকা ৰেষ্ট হাউচ পাইছিলোহি৷ কেইদিনমান আগতে সপৰিয়ালে দেউতা নতুন চহৰখনলৈ বদলি হৈ আহিছে৷ আমি দৰংকলেজৰ ফালে ই এণ্ড ডি কলোনিৰ ৰেষ্ট হাউচ এটাত উঠিছোহি৷ নতুন চহৰ৷ খেলিমেলি চহৰ৷ কিবা এটা অদ্ভুত ভাল লগা চহৰ৷

মহাভৈৰৱ, পদুম পুখুৰী, অগ্নিগড়, বজাৰ, বান্দৰ, ব্ৰহ্মপুত্ৰ, ৰবৰ বাগানৰ কুকুৰা, ফাল্টু পুলিচ লাইন, পগলা ফাটেক, কেছাৰী, ক’ল পাৰ্ক, জ্যোতি চিনেমা হল, জাহাজঘাটলৈ যোৱা ৰাস্তা, দুদিনমান ৰিক্সাত-গাড়ীত বুজিব পৰা নাই কোনোফালে গ’লে ক’ত ওলাব পাৰি৷ মুঠতে এটাই ধৰিব পাৰিছিলো যে দুটা সমান্তৰাল পথ কিছুদূৰ গৈ মহাভৈৰৱৰ ওচৰত লগ লাগে৷ তাৰ পৰা কিছুদূৰ আগুৱাই গ’লেই দৰং কলেজ৷ আমাৰ থকা ঠাই৷

শ্বিলঙৰ ফ্ৰেব্ৰুৱাৰীৰ পাইনৰ মাজেদি বতাহৰ সুহুঁৰি তেতিয়াও কাণত বাজি আছিল৷

আমি যেতিয়া তেজপুৰলৈ আহিছো তেতিয়াও নটসূৰ্যৰ শেষ নাটৰ যৱনিকা পৰা নাছিল, চহৰখনৰ ডেকা ল’ৰা এজনক লৈ অসমৰ গাঁও চহৰ উত্তাল হৈ আছিল, তেতিয়া আমাৰ ট্ৰেনজিষ্টৰ ৰেডিঅ’ত এক জনপ্ৰিয় নাৰী কণ্ঠৰ পুৱা আৰু সন্ধিয়াৰ বাতৰিত পূৰ্ব পাকিস্তানৰ গৰম খবৰবোৰ আহিবলৈ আৰম্ভ কৰা নাছিল, তেতিয়াও চহৰৰ ডেকাল’ৰা বিলাকে গুৰু চাৰ্ট পিন্ধিবলৈ আৰম্ভ কৰা নাছিল৷ কিন্তু ভূপেনদাই বিহুতলিত গান গাইছিল৷ লগতে এজনী স্কাৰ্ট পিন্ধা বাৰ তেৰ বছৰীয়া ছোৱালী৷

“এই নেপালী ছোৱালীজনীক ৰাস্তাত পাই লৈ আহিছো৷ ককায়েকে ভাল গান গায়৷ “ছোৱালীজনী এবছৰমান পিচত আমাৰ ঘৰলৈ নিয়মীয়াকৈ আহিবলৈ লৈছিল মোৰ ভণ্টিক গান শিকাবলৈ৷ গান শিকাইছিল ভণ্টিক৷ শিকিছিলো মই আঁৰে আঁৰে৷ দূৰৈৰ পৰা৷ ৰাগমালকোষত এটা ভজন৷ দুটা অসমীয়া গান৷ আৰু কিবা কিবি৷ সকলো মনত আছে৷ মই বাইদেউ বুলি মাতিছিলো৷ মোৰ মাতটো ইতিমধ্যে ভাঙিছিল৷ আমি তেতিয়ালৈ তেজপুৰৰ কলেজৰ পিচফালৰ বঙলা এটালৈ আহিছিলো৷ মোৰ ঘৰলৈ নিয়মীয়কৈ আহিছিল সেই পদুমপুখুৰীত চিনাকি হোৱা ল’ৰাটো৷ দেউতাৰ প্ৰিয় আছিল সি৷ তাৰ হাতত যাদু আছিল৷ কাঠ আৰু বাঁহৰ ওপৰত তাৰ কটাৰীখনে ফুল বাচিব জানিছিল৷ সি মোৰ মৰমৰ বন্ধু আছিল৷ আজিও৷ আমি একেলগে জীবনৰ এটা মধুৰ সন্ধিক্ষণ পাৰ কৰিছিলো৷

জ্যোতি চিনেমাহলৰ তলত থকা চাহৰ দোকানত বহি চিঙৰা খাইছিলো৷ লগত আছিল কেতিয়াবা ইংৰাজী ছবিৰ ভক্ত মৃন্ময়, দস্যু ভাস্কৰ অনুৰাগী গোপাল৷ মই সকলোৰে বন্ধু৷ আমি কমিক কিনিছিলো৷ ডুগৰ শ্বিল্ড চাবলৈ গৈছিলো৷ মুন্নাফৰ চাইকেলত ডবল কেৰি কৰি অনাই বনাই ঘূৰি ফুৰিছিলো৷ মাজে মাজে ঘৰত নোকোৱাকৈ চিনেমা চাইছিলো৷

চাইছিলো Battle For Anzio, African Safari, Dracula. মই ইংৰাজী বিলাক মুন্নাফক বুজাই দিছিলো৷ আচলতে অসমীয়া স্কুলত পঢ়ি নিয়মীয়াকৈ ইংৰাজী কিতাপ পঢ়া মুষ্টিমেয় ছাত্ৰৰ মাজত মই এজন আছিলো৷ খুউব বাহিৰা কিতাপ পঢ়িছিলো৷ Reader’s Digest, Time Megazine আৰু অসমীয়া আলোচনী পঢ়িছিলো৷ এদিন মামা এজনে হাতত এখন আচৰিত অসমীয়া আলোচনী লৈ আহিছিল৷ কিবা বান্দৰৰ কাহিনী এটা আছিল৷ গুৱাহাটিৰ অসম বেঙ্গল জুৱেলাৰী নামৰ প্ৰতিষ্ঠান এটাৰ বিজ্ঞাপন আছিল বেটুপাতত৷ ভিতৰখনো কিবা বেলেগ৷ কৌতুক৷ এম হুচেইন৷ বিগো৷ চিনেমাৰ বাতৰি৷ বিদেশী কাহিনীয়েই বেছি৷ পঢ়ি ভাল লাগিছিল৷ তেতিয়ালৈকে এই তেজপুৰ চহৰৰ সত্যৰঞ্জন কলিতা নামৰ লেখক এজনে আৰম্ভ কৰা নাছিল তেওঁৰ শেষ নোহোৱা উপন্যাস অপাৰেচন ভাৰ্জিনিয়া৷ কিন্তু এইখন চহৰৰে আন এজনৰ কলমেদি তেতিয়া অহৰহ ওলাব লাগিছে ইখনৰ পিচত সিখন জনপ্ৰিয় ৰেডিও নাটক৷ আইদেউ বুলনিত ‘এটা চিধা দুটা উল্টা’ বা সন্ধিয়াৰ বাতৰিৰ আগ আগে “অধিক উৎপাদনক্ষম যৱধানৰ খেতিত মজাখোৱা পোকৰ নিয়ন্ত্ৰণ” আমাৰ বাবে নাছিল৷ আছিল দেওবাৰটো৷ ”বাইদেউ যাওঁ বাইদেউ যাওঁ”- ”আমি অকণি দেশৰ ধৰণী”- নাজিৰাৰ পৰা মন্তু, সোণটো, আইজনী, মাজনী, বাপুকণ দোকানীয়ে কিশোৰ কুমাৰৰ মুখত শৰ্মিলা ঠাকুৰৰ ৰূপ দেখি ৰাজেশ খান্নাই কিয় ভুল কৰিবলৈ উপক্ৰম কৰিছে এক লক্ষবাৰ জনাৰ পিচতেই মন প্ৰাণ হৰি নিয়া ”অ প্ৰাণ গোপাল” শুনি নাকে মুখে ভাত কেইটাখাই মাৰ সৈতে একে লগে শুনো এজন তেজপুৰীয়াৰ কলমৰ পৰা নিগৰি ওলোৱা সেই ধাৰাবাহিক বিলাক যি মা আৰু মাৰ দৰে হাজাৰ হাজাৰ অসমীয়া গৃহিনীৰ বৈচিত্ৰ্য্যহীন জীৱনৰ একোটা নিৰুত্তাপ সপ্তাহ প্ৰতি ৰবিবাৰে আধাঘণ্টাৰ বাবে উত্তেজনা উৎকণ্ঠা হাঁহি কান্দোনেৰে পূৰ্ণ কৰি ৰাখিছিল৷ সপোন সন্ধ্যা, উৰ্মিমালা, বন্তি বৰপূজাৰী, মলয়া ৰাজখোৱা, যাদুকৰী কণ্ঠৰ ঈশান বৰুৱা, নীৰেন বৰুৱা আদিয়ে৷ ইয়াৰ বহু বছৰৰ পিচত দিল্লীৰ সন্ধিয়া এটাত প্ৰয়াত দীনেশ গোস্বামী দেৱৰ ড্ৰয়িং ৰুমৰ কাৰ্পেটত বহি আইদেউ বুলনিৰ সেই ৰহস্যময় উৰ্মিৰ সৈতে একে লগে আখৰা কৰিছো এটি গীতৰ৷ হাৰমণিয়ামত তেওঁৰেই স্বামী আন এগৰাকী ৰেডিঅ’ৰ মানুহ৷

দুটা বাজিল৷ মায়ে শুবলৈ গ’ল৷ এইবাৰ মোৰ প্ৰিয় গজেন৷ ইমানেই ভাল পাইছিলো গজেনক যে নাটকখনৰ সংলাপ পৰ্যন্ত মোৰ আজিলৈকে মনত আছে৷

” …….সৰুতে আই বোপায়ে মোৰ নাম গজেন কিয় ৰাখিছিল ক’ব নোৱাৰোঁ৷ শকত-আৱত আছিলো চাগৈ! মুঠতে আইনা চাবলৈ শিকা দিনৰে পৰা শকত-আৱত চেহেৰা এটা দেখা মনত নপৰে দেখোন! কিবা বেমাৰ-এজাৰতে পৰি এনেকুৱা হ’লো নেকি! মুঠৰ ওপৰত অ’ৰ থিয় গোৰ, তাৰ বোন্দাচৰ খাই মধুৰি গছৰ পৰা পেট চোঁচোৰা খাই স্কুললৈ যোৱালৈকে এশ এবুৰি কথা মনত পৰে বুইছে৷ কওঁতে কওঁতে মুখৰ ফেন ওলাই যায়গৈ৷ পঢ়াশালিৰ সাতটামান শ্ৰেনী পাইছিলোগৈ নেকি৷ লোকৰ কিমান বছৰ লাগে ক’ব নোৱাৰো৷ মোৰ হ’লে বহুত বছৰ লাগিছিল৷ হেডচাৰে ক’লে, যা বাপেৰৰ লগত নাঙলত ধৰগৈ৷ মই ক’লো পাৰিম চাৰ৷

কি পাৰিবি কি পাৰিবি৷ নালাগে অ বোপাই পেটচলা স্কুলৰ পণ্ডিত হৈ ল’ৰা ছোৱালীৰ মূৰ খাব নেলাগে৷

বছৰেকীয়া পৰীক্ষাত৷

এইয়া কি বাপেৰৰ মূৰটো দিছ৷ ছমাহিলীত ভাল কৰিব নোৱাৰিলে নমাই দিম৷

পৰীক্ষা আহিল৷ অংকত শূন্য৷ সংস্কৃতত সাত৷ ইংৰাজীত চাফচিকুণৰ বাবে দুই নম্বৰ৷ ভূগোলত উত্তৰ ভাৰতৰ নদীয়ে দক্ষিণ ভাৰতৰ নগৰ চহৰ বুৰাই পেলালে৷

লগে লগে হেডচাৰৰ আধাডজন বেতৰ কোব৷ ঘৰত তাৰ দুগুণ৷ এসাঁজ ভাত বন্ধ৷ পঢ়া শেষ৷

পিচদিনাখন মই বৰশী লৈ পুখুৰীপাৰত৷

এই তান তান

মাৰিলো চিপ৷ ভেচেলী এজনী উঠিল৷

ঘূৰি চাই দেখোঁ নগেন৷”

…….

একেবাৰতে হোৱা নাছিল৷ কিতাপখন কিনি আনিছিলো৷

মোৰ স্মৃতি শক্তিয়েই মোৰ বাবে কাল হ’লগৈ৷ পাহৰিব নোৱাৰো দেখোন সেই মাতটোক৷ আৰু বহুত কথা৷ বহুত মানুহ৷ বহুত মুখ৷

পাহৰা নাই তেজপুৰক৷

পাহৰা নাই মুন্নাফক আজিও৷ সিহে মোক পাহৰিলে চাগৈ৷

বহুদিন একো খাবলৈ নোপোৱা কাৰোবাৰ আগত হঠাতে নানান বিধ ব্যঞ্জনেৰে পৰিপূৰ্ণ এখন থালি আনিলে যি অৱস্থা হয় মোৰো অনুৰূপ অৱস্থা হৈছে৷ কেইখনমান টুকুৰা ছবি দিওঁ৷
….
আমি ৰেষ্ট হাউচত থাকোঁতেই এজন পাইপখোৱা ধুনীয়া বগা মানুহ আহিছিল৷ দেউতাৰ নতুন বন্ধু৷ খুব প্ৰশংসা কৰিছিল তেখেতৰ৷ এই গোস্বামী দম্পতীৰ কথা কৈ মা-দেউতাই তৎ পোৱা নাছিল৷
……
ৰবৰ বাগানৰ কুকুৰা ফাৰ্মখনৰ তেতিয়া জয় জয় ময় ময়৷ এজন অভিযন্তাই চাকৰিৰ পৰা লিয়েন লৈ প্ৰতিষ্ঠা কৰিছিল৷ এটা বৰটোকোলা গহীন হৈ খোজ কাঢ়ি ফুৰা মনত আছে৷ তাৰ ঘৰত মতা নামেই আছিল বৰটোকোলা৷ পিচত এদিন লগৰীয়া পাই উৰি গ’ল৷
…..
এদিন মাহঁত নথকা অবস্থাত ক’ৰবাৰ পৰা হুৰমূৰকৈ মহিলাৰ দল এটা আহি উপস্থিত হ’লহি৷ নেতৃত্বত অহা গৰাকী আমাৰ আত্মীয়া৷

ককাইটিহঁত ক’লৈ গ’ল৷ আচ্ছা আমি নবহোঁ যাওঁগৈ৷ কমলকুমাৰীও আহিছে৷

এইবুলি কৈ যাবলৈ ওলাওঁতেই তেখেতৰ চকু গৈ পৰিল ফ্ৰীজৰ ওপৰত পৰি থকা দৰৱৰ বটল এটাৰ ওপৰত৷

সেইটো খোৱা নাই কেলৈ এতিয়ালৈকে৷

একদম হেড বাইদেউ৷

চাওঁ এখন চামুচ আন৷

বাবুৰ্চিক চামুচ আনিবলৈ আদেশ দি মোক আৰু মোৰ ভণ্টিক আমি বেয়া পোৱা water berries compound এচামুচকৈ খোৱাই থৈ ধুমুহাৰ দৰে অহা বাটে গ’লগৈ৷ পিচে পিচে কমলকুমাৰী নামৰ মহিলা গৰাকী৷

আমি তেখেতৰ বাদে কাকো চিনি নাপাওঁ৷ জোৰ-জৱৰদস্তি আমাক ৱাটাৰ বেৰী কম্পাউণ্ড খোৱাই গুচি যোৱা দূৰ সম্পৰ্কীয় পেহী গৰাকীৰ এই ষ্টাইল আমাৰ বৰ আচহুৱা লাগিছিল৷

তেখেত চিকিৎসক নাছিল৷ আমাৰ অভিভাৱকো নাছিল৷

মা দেউতাও ঘৰত নাছিল৷ কথা নাই বতৰা নাই ফ্ৰীজৰ ওপৰত ভিটামিনৰ বটল এটা দেখা পাই….. আমাৰ দুয়োটাৰে মুখদুখন তিতা নহলেও বহুত পৰ বেঁকা হৈ থাকিল৷

পিচত মাহঁত আহিলত অভিযোগ কৰিলো– টাইমুৰ পেহীয়ে আমাক জোৰকৈ ভিটামিন খোৱাই থৈ গুচি গ’ল৷
লগত কোনোবা কমলকুমাৰী নামৰ এগৰাকী পেহী নে জেঠাই আহিছিল৷

আমি তাত থাকোঁতেই ৰেষ্ট হাউচটোৰ কাষতে দুজন মানুহে কথা পাতি থকা শুনিছিলো৷
…….

ডেড বডি কেইটা পালে৷

কাৰ ডেড বডি? দেউতাই সুধিছিল৷

সেই যে পৰিয়ালটো হেৰাইছিল ছাৰ৷
কোনোবাই মাৰি ফুলনিত পুতি থৈছিল৷

তাৰ পিচৰ কেইটামান সপ্তাহ অসমৰ যিকোনো চহৰৰ দৰে তেজপুৰৰ হাটে-বজাৰে দুখীয়াৰ পঁজাৰ পৰা ধনীৰ ড্ৰয়িং ৰুমলৈ কেৱল এটাই আলোচনাৰ বিষয়৷

মই একো বুজি পোৱা নাছিলো৷ মাক সুধিছিলো৷

কিয় মানুহজনে পত্নীসহ নিজৰ তিনিজনী ছোৱালীক মাৰিলে৷ লগতে চাৰ্ভেণ্ট ল’ৰা জনে কিয় সহায় কৰিলে৷

মাৰ ওচৰত কোনো উত্তৰ নাছিল৷ উত্তৰ দিবলৈ বিচৰা নাছিল৷ দিলেও বুজি নাপালোহেঁতেন৷

তেতিয়াও বহুত কথা বুজিব পৰাকে জ্ঞান হোৱা নাছিল৷

মায়ে মাত্ৰ মোক কৈছিল আমাৰ গোলাঘাটৰ মানুহ৷

পোন কথা বিলাক বুজিছিলো৷ বুজিছিলো “অসমবাণী” নামৰ কাকতখনে অসমৰ মানুহক নচুৱাই আছে৷

শিৰোনাম পৰ্যন্ত মোৰ মনত আছে৷

পোতা গাঁত দুটাৰ ৰহস্য৷ কলা এমবেচাডৰখনৰ ৰহস্য৷ সবিশেষ জানিবলৈ অহা সংখ্যাত৷

মানুহক কেনেকৈ টোপ দি বৰশী খোৱাব পাৰি সেই মহা বিদ্যা তাহানিয়েই আয়ত্ত কৰিছিলো “অসমবাণী”ৰ সেই নাম নজনা মানুহজনৰ পৰা৷

নামটো পিচলৈ জানিছিলো৷ দেখিছিলো তিনি বছৰ পাছত গুৱাহাটিলৈ আহি প্ৰায় প্ৰতি সন্ধ্যা আচাম ট্ৰিবিউনৰ পৰা চান্দমাৰীৰ পিনে আৰামচে আহি থকা পাইছিলো৷ বহল পায়জামা৷ পাঞ্জাবী৷ দীঘল চুলিৰ সেই মানুহজনৰ পৰা লিখাৰ ষ্টাইল শিকিছিলো তেওঁ নজনাকৈ৷ এদিন এগৰাকী আত্মীয়ৰ সৈতে তেখেতৰ কোঠালৈ গৈছিলো৷ তেখেতে কোৱা কথা কেইটামান আজিও মনত আছে৷

কিছুমান মানুহ বৰ কমিউনেল বুইছা৷

ককাইটি পলিটিক্সৰ মানুহ নহয়৷

ডাঙৰ ডাঙৰ মানুহৰ লিখাতো হাজাৰটা ভুল থাকে৷ আমি ঠিক ঠাক কৰি ল’ব লাগে৷

কাট বেক টু তেজপুৰ৷

মাৰ এটা অভ্যাস আছিল৷ “আমাৰ গোলাঘাটৰ”

এদিন কৈছিল চন্দ্ৰ গোস্বামীৰ পত্নী অমুক বাইদেউ আমাৰ গোলাঘাটৰ৷ চন্দ্ৰ গোস্বামীক দেখিছিলো৷ বাণ থিয়েটাৰত৷ আমাক এজন মানুহে লৈ গৈছিল চাবলৈ৷ মানুহজন পুৱাতেই ক’ৰবাৰ পৰা আহি ওলাইছিলহি৷ দিনৰ দিনটো কিবা এটা লিখি আছিল৷ তেওঁক ইমান মন দি কিবা লেখা মই দেখা নাছিলো কেতিয়াও৷ সাধাৰণতে মানুহৰ সৈতে কথা পাতি পাতি হে কিবা কিবি লিখা দেখিছো আগেয়ে৷ এইটো তাৰমানে কিবা ডাঙৰ বক্তৃতা৷

মোৰ স্পীচটো অলপ লিখি লৈছো৷ বাণ থিয়েটাৰৰ ……জয়ন্তী৷

সন্ধিয়ালৈ তেখেতৰ গহীন কথাখিনি স্তব্ধ হৈ মানুহে শুনিছে৷ তাৰ পিচতেই আৰম্ভ হ’ল চিৰাজ৷ চিৰাজৰ ভাওত চন্দ্ৰ গোস্বামী৷

নিশালৈ আমি যেতিয়া একে লগে ভাত খাইছো মই ক’লো, “সেইযে বিদায় দৃশ্যটো৷ আবেলিৰ পোহৰ যে মুখত পৰিছিল৷ বৰ ভাল লাগিছিল৷”

গোস্বামীৰ হাতখন কিছু কঁপিছিল৷ আগেয়ে শৰ্মাই কৰিবৰ সময়ত একদম লৰচৰ নকৰিছিল৷

তেখেতেহে জনাৰ কথা৷ তেখেতে দুয়োজনকে দেখিছে৷ আমি দেখা নাই৷

শৰ্মা বোলাজন যে আজি দুবছৰ হ’ল ঢুকুৱা৷

আৰু সেই ৰাতিপুৱাৰ পৰা লিখি থকা বক্তৃতাটো?

কোনোবাই সংৰক্ষণ কৰি থ’লে নে নাই৷ বেহুঁচ মানুহ৷ নিজৰটো খবৰ নাই৷ লোকেহে কষ্ট কৰি সংগ্ৰহ কৰে৷

নহ’লে ক’ত গ’লহেঁতেন অসমীয়া ভাষাত তেখেতৰ দ্বাৰা লিখিত দুই হাজাৰ চুটি গল্প৷

সময়ে নতুন নতুন নায়ক দিয়ে৷

আমাৰ বাবে চন্দ্ৰ গোস্বামী নহয় তেখেতৰ ল’ৰা জনহে নায়ক আছিল৷

☆★☆★☆

10 Comments

  • ৰাজদ্বীপ বৰা

    ভাল লাগিল !

    Reply
  • অনুৰূপ মহন্ত

    ভাল লাগিল পঢ়ি

    Reply
  • Rintumoni Dutta

    ভাল লাগিল পঢ়ি চাৰ। আগলৈও ফটাঢোল ই-আলোচনীত আপোনাৰ লিখা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • Mitali saharia

    ভাল লাগিল পঢ়ি।

    Reply
  • Gitika Saikia

    পঢ়ি বহুত ভাল লাগিল। কথাবোৰ চকুৰ আগত ভাঁহি থকা যেন লাগিল।

    Reply
  • Silpasree Das

    খুব ভাল লাগিল।

    Reply
  • ৰাস্না বৰা

    মোৰ ঊষাৰ নগৰী তেজপুৰ নামটোৰ আকৰ্ষণতে উশাহ নসলোৱাকৈ পঢ়িলোঁ। বৰ ভাল লাগিল পঢ়ি। প্ৰতিটো কথাই মন চুই গল

    Reply
  • Manash Saikia

    নামটো দেখিয়েই পঢ়িবলৈ লৈ নিৰাশ নহলোঁ৷ সত্তৰ আশী দশকৰ তেজপুৰখন খুৱ সুন্দৰকৈ ফুটি উঠিছে৷

    Reply
  • বৰ ভাল লাগিল।

    Reply
  • মৃদুল শইকীয়া

    পঢ়ি খুব ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.