ফটাঢোল

কথোপকথন – অৰ্চনা কলিতা

১ম বন্ধু- আমাক যে আনিবৰ পৰত ইম্মান সুন্দৰ আবৰণেৰে সজাই আনে! অথচ আবৰণ খোলাৰ পাছতেই কি যে বিৰম্বনা কৰে ঐ৷

২য় বন্ধু- ঠিকেই কৈছা দোস্ত৷ কাইলৈ-পৰহিলৈ যেতিয়া গিৰিহঁতে আবৰণ খুলি আমাক দেখিব কেনেকুৱা যে পেংলাই কৰিব!

৩য় বন্ধু- ইস্ থোৱা হে গিৰিহঁতৰ পেংলাই, আকৌ নতুনকৈ আবৰণ পিন্ধাই তেঁৱো আমাক অইন এঘৰলৈ নপঠিয়াই নে?

৪ৰ্থ বন্ধু- দুখেই লাগে অ’, গিৰিহঁতে আবৰণখন খুলিয়েই যেতিয়া সেয়া আমি বুলি গম পায়, আমাক কঢ়িয়াই অনা মানুহজনক দিয়া গুৱাল-গালিবোৰ শুনি দুখ-লাজ একাকাৰ হৈ যায়৷

৫ম বন্ধু- ইমান যদি আমাক লৈ বিতৃষ্ণা পায়স-চানাচুৰ দিবলৈ বহুতে চোন আমাকেই বিচাৰে৷

৬ষ্ঠ বন্ধু- দুখ কৰি থাকিব নালাগে৷ কোনোবাই আমাক লৈ ঠাট্টা কৰে, পেংলাই কৰে তাত আমাৰ কি আহে-যায়! যুগে-যুগে আমি যে এচামৰ পচন্দৰ পাত্ৰ হৈ নিজৰ অস্তিত্ব জাহিৰ কৰিব পাৰিছোঁ সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা৷

কথা-বতৰা চলি থাকোতেই দুগৰাকী সুন্দৰীয়ে প্ৰকাণ্ড কিবা এটা কঢ়িয়াই আনি সিহঁতৰ ওপৰতেই থ’লে৷ লগে-লগে আটাইকেইজন বন্ধুৰ চিয়ঁৰ-

“বাপ্পা ও, এনেই চুকটোত ঠেলা-হেঁচাত ঠাই নাই এতিয়া আকৌ সেইটোক আমাৰ ওপৰতেই জাপিছে, সিপুৰীয়েই পাম নেকি অ’৷”

বিয়াঘৰৰ উপহাৰ থোৱা কোঠাটোত এয়া ‘বাতিচেট’ৰ কৰুণ গাঁথা৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.