ফটাঢোল

কবি নীলিম কুমাৰৰ দুটি কবিতাৰ এটি আলোচনা – চাহিন জাফ্ৰি

কবি নীলিম কুমাৰ অসমীয়া কাব্য জগতৰ এটা চিনাকি নাম। সাধাৰণ এটি বিষয়ক লৈ অথবা বিষয়বস্তুক বিশেষ গুৰুত্ব নিদিয়াকৈও কবি নীলিম কুমাৰে কিছুমান সুন্দৰ কবিতা ৰচনা কৰিছে।তেওঁৰ বিভিন্ন কবিতাত বিষয়বস্তুৰ পৰা ফালৰি কাটি আহিবলৈ বিচৰা দেখা যায়, য’ত বিষয়বস্তু মাত্ৰ এক অজুহাতহে হৈ পৰে। আমাৰ আলোচনাত তেওঁৰ তেনে দুটি ভিন্ন ধৰ্মী কবিতাৰ সম্পৰ্কে সামান্য বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে।

‘ধুনীয়া তিৰোতাবোৰ আৰু অন্য কবিতা'(২০০০) কবিতা পুথিৰ অন্তৰ্গত ‘ধুনীয়া তিৰোতাবোৰ’ কবিতাটোও ইয়াৰ ব্যতিক্ৰম নহয়।কবিতাটোৰ শিৰোনামত থকাৰ দৰে ইয়াত কোনো ধুনীয়া তিৰোতাসমূহৰ বিষয়ে বৰ্ণনা কৰা হোৱা নাই। অথবা সেই তিৰোতাবোৰনো কোন বা তেওঁলোকৰ বিষয়ে স্পষ্টকৈ কোনো এটা কথাই জানিবলৈ দিয়া হোৱা নাই।কবিতাটোত মাথো তেওঁলোকে কৰা দুটামান কাৰ্যকলাপহে কোৱা হৈছে আৰু ইয়াৰ দ্বাৰা পাঠকৰ মনত প্ৰশ্ন উদয় কৰিব পৰাটোৱেই কবিতাৰ উদ্দেশ্য হৈ পৰিছে। কবিয়ে এই প্ৰশ্নবোৰৰ উত্তৰ যেন পাঠকৰ বাবেই এৰি দিছে ―

ধুনীয়া তিৰোতাবোৰ চিটীবাছৰ পৰা নামে
আৰু ফুটপাথেৰে খোজকাঢ়ি যায়
ধুনীয়া তিৰোতাবোৰ আহিলে নগৰত বাজি উঠে এঘাৰবাৰ ঘণ্টা
নগৰখনে সকলোবোৰ খিৰিকী খুলি থয় ধুনীয়া তিৰোতাবোৰক চাই থাকিবলৈ..

কবিয়ে কৈছে যে – ধুনীয়া তিৰোতাবোৰ নগৰলৈ আহিলে নগৰখনে তেওঁলোকক চাবলৈ খিড়িকীখন খুলি থয়, কিন্তু এই ধুনীয়া তিৰোতাবোৰনো কোন আৰু তেওঁলোকক চাবলৈ কিয় নগৰখন উদ্বাউল হৈ উঠে সেই কথা তেওঁ স্পষ্ট কৰা নাই। কিন্তু তেওঁ হয়তো বুজাব বিচাৰিছে যে, ধুনীয়া তিৰোতাবোৰে যেন গোটেই নগৰখনকে আকৰ্ষণ কৰি ৰাখিব পাৰে, অথবা তেওঁলোকৰ বাবেই নগৰখন সজাগ হৈ থাকে। তেওঁ আকৌ কৈছে যে- ধুনীয়া তিৰোতাবোৰে হেনো কবিতা নিলিখে। ইয়াৰ জৰিয়তে তেওঁ হয়তো বুজাব বিচাৰিছে, তেওঁলোকে কোনো কথাতেই চিন্তাশীল অথবা আবেগিক হৈ নপৰে। কিন্তু ‘হেমন্ত শেষ’ নামৰ এজন কবিয়ে তেওঁলোকক লৈ মালিতা লিখে। অৰ্থাৎ তেওঁলোকে গুৰুত্বপূৰ্ণ বুলি নভবা কোনো অজান প্ৰেমিকে তেওঁলোকে নজনাকৈ তেওঁলোকৰ বাবে দুখৰ মালিতা ৰচে। ইয়াত ‘হেমন্ত শেষ’ শব্দ দুটাই আন এটা গুৰুত্বপূৰ্ণ অৰ্থ বহন কৰিছে। হেমন্ত ঋতুৰ পাছত ধৰালৈ শীত নামি আহে। শীত মানেই দুখ..! শীত মানেই দুখীয়া..। অৰ্থাৎ কোনোবা দুখীয়া কবিয়ে শব্দৰ চহকী হৈ ধুনীয়া তিৰোতাবোৰৰ বাবে কবিতা লিখিলেও সেয়া তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ নহয়।

ধুনীয়া তিৰোতাবোৰে মাথো সপ্তাহত এদিন ছেম্পু কৰি ৰ’দত বহি মূৰ ফণিয়ায়। তেওঁলোকৰ বাবে সকলো কথাই হৈ পৰে সহজ, নিৰ্ত্য-নৈমিত্তিক। ধুনীয়া তিৰোতাবোৰৰ মোনাত উঠি আহিবলৈ শাক-পাচলি বোৰেও ভালপায়। তেওঁলোকে নিজৰ মানুহজনলৈ বনিয়ন কিনে আৰু ফুটপাথৰ দাঁতিত ৰৈ ফুচকা খায়।ধুনীয়া তিৰোতাবোৰক যেন সকলোৱে সমীহ কৰি চলে, আনকি নিৰ্জীৱ শাক-পাচলি বোৰেও। তেওঁলোকে কিন্তু নিজৰ চিন্তাত নিমগ্ন (মানুহজনলৈ বনিয়ন কিনা অথবা ফুচকা খোৱাত)। তেওঁলোকে গধূলিৰ আগতে ঘৰলৈ আহিবলৈ উদগ্ৰীৱ হয় বাবে ভীৰ ঠেলি চিটীবাছত উঠি গুছি যায়। তেতিয়া যেন গোটেই নগৰখনেই মৰহি যায়। তিৰোতাবোৰ দেখাৰ বা চোৱাৰ উৎসাহত সজীৱ হৈ থকা নগৰখন তিৰোতাবোৰ যোৱাৰ লগে লগে নিস্তব্ধ হৈ যায়। কবিয়ে শেষৰ পংক্তি কেইটাত দুটামান প্ৰশ্ন পাঠকৰ বাবে এৰি থৈ গৈছে। তেওঁ কৈছে যে-

নগৰখনে ধুনীয়া তিৰোতাবোৰৰ পিছে পিছে যাব নোৱাৰে অথচ ইচ্ছা কৰিলেই ধুনীয়া তিৰোতাবোৰে নগৰখনক চিকাৰ কৰিব পাৰে..।

নগৰখনে ধুনীয়া তিৰোতাবোৰৰ পিছে পিছে যাব খোজে যদিও যাব নোৱাৰে আৰু নগৰখনক ধুনীয়া তিৰোতাবোৰে চিকাৰ কৰিব পাৰেই যদি কিয় চিকাৰ নকৰে- সেই প্ৰশ্নবোৰৰ উত্তৰ পাঠকৰ বাবে কবিয়ে এৰি দিছে। কবিয়ে হয়তো বুজাব বিচাৰিছে যে-নগৰখন এনেয়ো ধুনীয়া তিৰোতাবোৰৰ ওচৰত বন্দী অৰ্থাৎ (চিকাৰ)। তেনে ক্ষেত্ৰত ইচ্ছা কৰিলেই ধুনীয়া তিৰোতাবোৰে নগৰখনক তেওঁলোকৰ পিছে পিছে লৈ যাব পাৰে। কিন্তু তেওঁলোকে তেনে নকৰে। তেওঁলোকে বিচাৰে যেন নগৰখন সদায়েই তেওঁলোকৰ বাবে উৎসাহিত হৈ থাকক, পোহৰ হৈ থাকক-

..নগৰত বাজি উঠক এঘাৰ-বাৰ ঘণ্টা,
নগৰখনে খুলি থওক খিৰিকী।

আকৌ গধূলি হোৱাৰ লগে লগেই তেওঁলোকৰ লগতেই গুছি যাওক সকলোবোৰ। আচলতে কবিতাটোত কবিয়ে ধুনীয়া তিৰোতাবোৰৰ সম্পৰ্কে একো গুৰুত্বপূৰ্ণ কথা কোৱা নাই, বা যি কৈছে সেইবোৰ বিশেষ গুৰুত্বপূৰ্ণ নহয়। কিন্তু বিষয়বস্তুৰ গুৰুত্বহীনতাক স্বীকাৰ কৰিও কবিতাটিয়ে পাঠকৰ মনলৈও কেইটিমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰিছে।

‘কাইলৈৰ পৰা আপোনাক ভালপাম'(২০০১) কবিতাপুথিৰ অন্তৰ্গত ‘কাইলৈৰ পৰা আপোনাক ভালপাম আজি যে এৰাব নোৱাৰা ব্যস্ততা’ কবিতাটোত আধুনিক জীৱনৰ ব্যস্ততাৰ কথা কোৱা হৈছে।আধুনিক জীৱনে গৰকা আধুনিক মানুহৰ ব্যস্ততাই হৈছে কবিতাটোৰ অন্তৰ্নিহিত বিষয়। আজিৰ নগৰ-চহৰবাসী মানুহৰ জনজীৱন বহু পৰিমাণে যান্ত্ৰিক। তেওঁলোকৰ ব্যস্ত জীৱনে তেওঁলোকক প্ৰেম-ভালপোৱাৰ বাবেও সময়ৰ নাটনিত পেলাইছে। কবিতাটোত কবিয়ে তেনে এজন মানুহৰে মনৰ কথা ব্যক্ত কৰিছে। তেওঁ যেন ব্যস্ততাৰ বাবে আজি তেওঁক ভালপাব নোৱাৰে, কিন্তু কাইলৈ তেওঁক ভালপাব। কবিতাৰ কথাখিনি কবিয়ে প্ৰেয়সীক কৈ থকা কথা নহয় অথবা প্ৰেমিকালৈ লিখা কোনো পত্ৰও নহয়। আনহাতে কবিৰ সেই নাৰী গৰাকীৰ লগত কোনো সম্পৰ্কও স্থাপন হোৱা নাই।কবিতাটোত যেন এই সকলোবোৰ কথাই গৌণ হৈ পৰিছে। মাথো ব্যস্ত জীৱন অথবা কামতকৈ যেন প্ৰেম অথবা প্ৰেমিকাৰে সাক্ষাৎ কম গুৰুত্বপূৰ্ণ তাকেহে যেন তেওঁ ইঙ্গিতেৰে বুজাইছে। আনহাতে, কবিতাটোত তেওঁ প্ৰেমৰ গভীৰতাকো যেন উপলুঙা কৰিছে। কিয়নো তেওঁ কৈছে যে –

আজি চকা-মকাকৈ দেখিলোঁ আপোনাৰ চুলিখিনি
কাইলৈ জুখিম দীঘল হয়নে সিমান
প্ৰেমত লাগে যিমান..

প্ৰেমৰ অনুভূতিৰ তীব্ৰতা চুলিখিনৰ দৈৰ্ঘ্যই কেতিয়াও নিৰূপণ নকৰে, কিন্তু কবিৰ সেই উক্তিয়ে যেন ইয়াৰ গুৰুত্বহীনতাকে বুজাইছে। আনহাতে আকৌ কবিয়ে প্ৰেয়সীৰ স’তে নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি ঘূৰি ফুৰিবলৈ প্ৰস্তাৱ দিয়া কথাটোৱেও সেই একেই সুৰকে বুজোৱা হৈছে। তেওঁ আকৌ কৈছে যে – জীৰ্ণতা হেনো প্ৰেমৰ অলংকাৰ-

.. কাইলৈ নগৰৰ আটাইতকৈ জীৰ্ণ ৰিক্সাখনত উঠি আমি ঘূৰি ফুৰিম দিয়ক
আপুনিতো জানেই জীৰ্ণতা প্ৰেমৰ অলংকাৰ..

য’ত কবিয়ে শাৰীৰিক সৌন্দৰ্য(চুলিৰ দৈঘ্য) তথা বাহ্যিক আৱৰণক প্ৰেমৰ জোখ বুলি কৈছে তাতেই আকৌ তেওঁ জীৰ্ণতাক প্ৰেমৰ অলংকাৰ বুলি কোৱা কথাই প্ৰেমৰ নিৰ্লিপ্ততাক সোঁৱৰাই দিছে। প্ৰেমত জীৰ্ণতা থাকে, কবিৰ মতে যি শ্বাশ্বত, চিৰন্তন। অৱশ্যে এই ধাৰণাটো কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাতো দেখা যায়।
…তুমিতো জানাই
এই কবিৰ আৰু একো নাই
এটাই মাথোঁ কামিজ
তাৰো ছিগো ছিগো চিলাই..

নীলিম কুমাৰে কবিতাত প্ৰেমৰ পৰম্পৰাগত ধাৰণাক সচেতনভাৱে প্ৰতিৰোধ কৰিব বিচাৰে। সচৰাচৰ প্ৰেমিকে প্ৰেমিকাৰ পাৰ্ফিউমৰ গোন্ধ ভালপোৱাৰ দৰে কিন্তু কবিয়ে সেয়া ভাল নাপায়, তাৰ সলনি তেওঁৰ ঘামৰ গোন্ধহে তেওঁ বেছি ভালপাব বুলি কৈছে।আনহাতে কবি অনিশ্চিত যে কাইলৈ তেওঁক সেই ঠাইতেই লগ পাবনে নাপায়, অথবা তেওঁ এইটোও নাজানে যে আজি তেওঁৰ মাজত বিচাৰি পোৱাখিনি কাইলৈও বিচাৰি পাবনে নাপায়। অৰ্থাৎ তেওঁৰ মনত এটি শংকাৰ উদয় হৈছে যে কাইলৈ তেওঁ হেৰাই যাব নেকি? এই ক্ষেত্ৰত কবিৰ ধাৰণা প্ৰেমৰ অমৰত্ব আৰু চিৰন্তনৰ ধাৰণাত কল্পিত হোৱা নাই। কিয়নো তেওঁ জানে সময়ৰ অস্থায়ীত্বৰ কথা। নাৰী গৰাকীক বিচাৰিবলৈ তেওঁৰ হাতত কোনো পৰিচয় পত্ৰও নাই, অথচ তেওঁ তেওঁৰ লগত পৰিচিত হোৱাৰ আকাংক্ষাও প্ৰকাশ কৰিছে। আজিৰ ব্যস্ততাৰ বাবে তেওঁ নোৱাৰিলেও কাইলৈ তেওঁ তেওঁক ভালপোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে, যদিও সেয়া হ’বনে নহয় তেওঁ নাজানে।ড° আনন্দ বৰমুদৈৰ মতে- “মহা অনিশ্চয়তাৰ মাজতে ব্যস্ত মানুহজনৰ এবাৰ দেখা পোৱা নাৰী এগৰাকীৰ লগত এটা সাক্ষাৎ কল্পনা কৰি মানুহজনে কৈ যোৱা কথাবোৰেই কবিতাটো।”

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.