ফটাঢোল

কবি নৃপতি বৰ্মন আহি আছে – নয়নমনি হালৈ

মানুহজনে গোটেই জীৱন কবিতাকে লিখিলে। বাতৰি কাকতত পঠিয়াই যদি এশটা, প্ৰকাশ হয় এটা। আঠ পৃষ্ঠাজোৰা আখৰৰ অৰণ্যত মানুহজনে নিজৰ নামটো বৰ হেঁপাহেৰে বিচাৰি ফুৰে সদায়। আৰু যিদিনা কোনোবা এটা কবিতা প্ৰকাশ হয়, সেইদিনা সেই খবৰটো গোটেই চুবুৰিয়ে গম পাই যায়। সিদিনা মানুহজনৰ চকু-মুখ এক অনন্য পোহৰে উজলাই ৰাখে,পত্নীক বৰ সাদৰেৰে মাত এষাৰ লগাই চাহ এটুপি খুজি খায়।

মানুহজন এদিন এজন প্ৰতিষ্ঠিত সাহিত্যিকৰ নজৰত পৰিল। সাহিত্যিকজনাৰ নাম-যশৰ সীমা সংখ্যা নাই। মহানগৰীত তেওঁৰ সম্পত্তিৰ পৰিমাণো চকুত লগা। এটা চৰকাৰী বিভাগৰ মূৰব্বী পদৰ পৰা অৱসৰ লোৱাৰ পিছত কিতাপ পত্ৰ লিখা মেলা কৰা কামত ব্যস্ত হ’ল। এটা নে দুটা টেলিফোন কৰাৰ পাচতেই হেনো ‘সাহিত্যিক পেঞ্চন’টোও পালে। ল’ৰা-ছোৱালীহালে দিল্লীত পঢ়া শুনা কৰি তাতেই ডাঙৰ মানুহ হ’ল। বৰ্তমান ল’ৰাটো কানাডাত আৰু ছোৱালীজনী লণ্ডনত৷ তাতেই হেনো ঘৰ-সংসাৰ কৰিছে।

আমাৰ সাহিত্যিকৰ আকৌ পুত্ৰস্নেহ অপাৰ। বছৰত দুবাৰ তিনিবাৰ সেয়ে পুত্ৰবধুৰ সেৱা ল’বলৈ আকাশীপথেৰে বিদেশ ভ্ৰমণলৈও যায়। ঘূৰি আহি ৰহণ সানি সানি বিদেশৰ কথাৰে কাকতৰ বৰ বৰ পৃষ্ঠা ভৰাই তোলে। তাৰ কথাবোৰ কিমান যে ভাল আৰু আমাৰবোৰ যতমানে জাৱৰ, অপসংস্কৃতি – এনেধৰণৰ কথাৰে তেওঁৰ লিখনিবোৰ ভাবগধুৰ কৰি তোলে।

এইবাৰ এইজনা সাহিত্যিকৰেই নজৰত পৰিল আমাৰ ‘কবি’।

: হেৰি নহয় বৰ্মন, আপুনিতো গোটেই জীৱন কবিতাকে লিখিলে। কিন্তু একো নাপালে। বৰ দুখ লাগে জানেনে!

সাহিত্যিকৰ কথাত সেমেনা-সেমেনি কৰি কবিৰ মুখৰ ৰং কেহেৰাজ বটাৰ নিচিনা হ’ল আৰু শুকাই যোৱা বুকুৰ কামিহাড়বোৰৰ মাজৰ কোনোবা স্থানৰ পৰা গভীৰ হুমুনিয়াহ এটা বাহিৰ হৈ আহিল।

সাহিত্যিকে আকৌ আৰম্ভ কৰিলে-

: আচ্ছা এটা কথা কওকচোন বৰ্মন। আপোনাৰ কবিতাবোৰৰ যদি এখন কিতাপ উলিয়াওঁ আপোনাৰ কিবা আপত্তি আছে নেকি ?

এইবাৰ কবি উচপ খাই উঠিল। স্বনামধন্য এই মহান লোকজনে কয় কি! মোৰ কবিতাৰ কিতাপ! আৰু মোৰ আপত্তি!

: নাই নাই চাৰ। আপত্তি কৰাৰ প্ৰশ্নই থাকিব নোৱাৰে।

: ঠিক আছে তেন্তে। আপুনি এটা কাম কৰক, আপুনি আজিয়ে আপোনাৰ ভাললগা কবিতাবোৰ উলিয়াই সাজু কৰক। ধৰক, পঞ্চাশটামান কবিতা হ’লে কিতাপখন দেখাত ভাল লগা হ’ব। গতিকে তাতকৈ বেছি নালাগে।

সাহিত্যিকজনাই আৰু কিবাকিবি কৈ আছিল কিন্তু কবিৰ কাণত একো নোসোমাল। বহুদিনৰ মূৰত যেন কবিয়ে হেৰোৱা জীৱন ঘূৰাই পাইছে। মাজ সাগৰত থাউনি নোপোৱা কবিয়ে এইবাৰ যেন পাৰ দেখা পাইছে। কোনোবাই কবিক সোণৰ নাওত উঠাই পাৰলৈ লৈ যাবলৈ আহিছে। এৰা, সোণৰ নাও।

: আৰু এটা কথা বৰ্মন। মই ভাবিছোঁ কিতাপখনৰ যিদিনা উন্মোচন হ’ব সেইদিনা আপোনাক একেলগে সম্বৰ্ধনা জনোৱাৰো ব্যৱস্থা কৰিম। বিশেষ একো নাই, এই ধৰক এখন সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা এটা, কিতাপৰ টোপোলা এটা। আপোনাৰ শুভাকাংক্ষী সকলোকে মাতিব সেইদিনা। আমাক কিন্তু ভালকৈ খানা এটা খুৱাব লাগিব হ’লে দেই। হেঃ হেঃ হেঃ!

কবিৰ মনৰ অৱস্থা বৰ্ণনাতীত। মহান সাহিত্যিকজনাক তেওঁ ক’ত থ’ব, ক’ত নথ’ব এনে লাগিল। কিছু সময় তেওঁ তাতে এনেই ঘূৰা-ঘূৰি কৰি ফুৰিলে। চিনাকি অচিনাকি প্ৰায় সকলোকে মাত লগালে। মনত ভাৱ – এদিন আপোনালোকেও মোৰ প্ৰতিভাৰ শলাগ ল’ব, মোক চাবলৈ এনেদৰে হেতা-ওপৰা লগাব, হে হে সেইদিনলৈ আৰু বেছি দূৰ নাই।

গেটৰ ফালে অলপ ভীৰ বাঢ়িল। স্বনামধন্য সাহিত্যিকজন যাবলৈ ওলাইছে। আমাৰ কবিও ততাতৈয়াকৈ আগবাঢ়ি গ’ল। গাড়ীৰ গ্লাছখন নমাই দি সাহিত্যিকে এবাৰ চকুৰ চিয়াঁৰেৰে কবিক মাতি পঠালে। কবিয়ে নতশিৰ ভাবেৰে মূৰ হাউলাই দিলে।

: হেৰি নহয় বৰ্মন, আপোনাৰ কিতাপখন ছপাওঁতে প্ৰেছক দিব লাগিব পোন্ধৰ হাজাৰমান টকা, উন্মোচনৰ বাবে ‘সাহিত্য সমাজ’ৰ ‘অডিটৰিয়াম’টোৱে ভাল হ’ব। তেওঁলোকেও হয়তো আঢ়ৈহাজাৰ মান ভাড়া ল’ব। দুজনমান সাহিত্যিকক ময়ে লৈ আনিম দিয়কচোন। কিন্তু তেওঁলোকৰ অহা-যোৱাৰ ভাড়াটো দিব লাগিব। মানুহখিনিক চাহ-নাস্তা খুৱাওঁতেও ধৰক তিনিহাজাৰমান খৰচ পৰিব। আপুনি পঁচিশহাজাৰমান যোগাৰ কৰি ৰাখিব আৰু।

এনেতে কোনোবা এজনে সাহিত্যিক চাৰে এৰি যোৱা জাপিটো দিবলৈ বুলি দৌৰি আহিল। কবি নৃপতি বৰ্মনে অলপ আঁতৰি দিব লগা হ’ল।

ভালেখিনি পৰ কবি তাতেই থিয় দি থাকিল। হঠাৎ মনত পৰিল কবিৰ পত্নীয়ে যাওঁতে দুটা এন্টিবায়’টিক লৈ যাব দিছিল। কেইদিনমানৰ পৰা কবিপত্নীয়ে বুকুৰ বিষত ভূগি আছে।

কবিয়ে ওপৰৰ পকেটখন খেপিয়াই চালে। পঁচিশ টকা আছে।

পোৱা যাব।

কবি এইবাৰ খৰধৰকৈ ঘৰমুৱা হ’ল৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.