ফটাঢোল

কম্বিনেশ্যন – অমিতাভ মহন্ত

নৈবদ্যৰ সন্মুখত বিভিন্ন বাটি৷ কোনোবাটোত তাৰ প্ৰিয় হালদিৰামৰ চানাচুৰ, কোনোবাটোত পায়স, কোনোবাটোত চানাৰ মিঠাই৷ পুৱাই পুৱাই খোৱাৰ এই কম্বিনেশ্যনবোৰ ভালেই লাগিছে নৈবদ্যৰ৷ কিন্তু বৰ্তমানলৈকে সি কোনোটোৱেই মুখত দিয়া নাই৷ এই ঘৰলৈ নৈবদ্য আহিছে বেমাৰী চাবলৈ৷ বেমাৰী চাবলৈ আহি পটাপট খোৱা বস্তু হজম কৰি দিলে ডাক্তৰৰ গাম্ভীৰ্য্যটোৱেই নাথাকিব দেখোন৷

নৈবদ্য দিল্লীৰ এখন প্ৰসিদ্ধ হস্পিটেলৰ ডাক্তৰ৷ এইবাৰ দীঘলীয়া ছুটী লৈ ঘৰলৈ আহিছে৷ ঘৰতেই কিছুদিন কটোৱাৰ আঁচনি আছিল যদিও মাকহঁতে তাৰ বাবে যি গতিত কইনা বিচাৰিবলৈ আৰম্ভ কৰিছে, তাকে দেখি সি সোনকালে পলায়ন কৰাই মঙ্গল হ’ব বুলি ঠিৰাং কৰিছে৷ এতিয়াই বিয়া কৰোৱাৰ কোনো মন নাই তাৰ৷ পিছে ঘৰত তাৰ ইচ্ছাক দুই পইছাৰো পাত্তা দিয়া হোৱা নাই৷

আজি ৰাতিপুৱা নিজৰ ৰুমতেই বহি গান শুনি আছিল নৈবদ্যই৷ হঠাৎ ওচৰৰে কলিতা খুড়ী তাৰ মাকৰ সৈতে আহি সন্মুখত হাজিৰ হ’লহি৷ আহিয়েই হুলস্থুল লগাই দিলে খুড়ীয়ে৷

– বাবা তই এতিয়াই ওলাচোন আমাৰ ঘৰলৈ৷

– কি হ’লনো খুড়ী হঠাৎ?

– নক’বি আৰু৷ কালি আমাৰ যোৰহাটৰ বৌৰ ভাগিনজনী আহিছিল৷ ৰাতিৰেপৰা জ্বৰ৷ তই অলপ চাই দিবি আহচোন৷

ডিউটী বুলিলে নৈবদ্য সদায় ছিৰিয়াছ৷ লগে লগে জাপ মাৰি ওলাল৷ খহি পৰিব খোজা হাফপেণ্টটো একেটানে উঠাই লওঁতেই মাকে চিঞৰি উঠিল,
– অ’ই তই হাফপেণ্ট পিন্ধি বোমাৰী চাবলৈ যাৱ নেকি দিল্লীত? এতিয়াই কাপোৰ সলনি কৰি মানুহমুৱা হ’গৈ যা৷ আলমাৰীত মই তোক বিহুত দিয়া কাপোৰযোৰ ইষ্ট্ৰি কৰি থৈছোঁ যা৷

– কলিতা খুড়ীহঁতৰ ঘৰলৈ যাওঁতেও মই নতুন কাপোৰ পিন্ধিম? হাঃ হাঃ৷

মাকে একো ক’বলৈ নাপাওঁতেই কলিতা খুড়ীয়ে মাত দিলে,
– ৰাতিপুৱাই মায়েৰক লঘূ কৰিব নাপায় বাবা৷ তই ভালকৈ পিন্ধি মেলি সোনকালে আহ৷

– ঠিক আছে খুড়ী গৈ আছোঁ৷ পিছে বেছি হৈছে নেকি বহুত?

– তই আহি থাকচোন সোনকালে৷ ডাক্তৰ তইহে৷ ভালকৈ তইহে ক’ব পাৰিবি৷

নৈবদ্যই এতিয়া লাহেকৈ চানাচুৰৰ এটা দুটা দানা মুখত দিবলৈ আৰম্ভ কৰিছে৷ কিবা অশান্তি লাগিছে তাৰ৷ ইমান দৌৰাদৌৰিকৈ মাতি আনি এতিয়া এনেই ড্ৰইং ৰুমত বহুৱাই থৈছে তাক৷ মাজতে কলিতা খুড়াই দিল্লীত হ’বলগীয়া নিৰ্বাচনৰ কথা আলোচনা কৰি তাৰ মগজুৰ এবখলা এৰুৱাই লৈ গ’ল৷ এইফালে বেমাৰী ওলাই নাহেহে নাহে৷ ভিতৰৰ ৰুমৰপৰা কাৰোবাৰ, বোধহয় বেমাৰীৰেই হ’ব, খাৰুৰ শব্দহে শুনিবলৈ পাই আছে সি৷ ‘কি যে পাল্লাত পৰিলো নহয়,’ মনে মনে ভাবিলে সি৷

অৱশেষত খুড়ীয়ে বেমাৰীক লৈ আহিল৷ বাপৰে বাপ! এইজনী বেমাৰী নে মাধুৰী? একেবাৰে জুবিনৰ ‘তুমি দুচকুতে কাজল ল’লে’জনী হৈ আহিছে৷ ওঁঠটো লিপষ্টিক লগাই বেলবেলীয়া হৈ আছে এইজনী৷ এনেকুৱা সাজোন কাচোন কৰা বেমাৰী দেখা মনতেই নপৰে নৈবদ্যৰ৷ অলপ অদ্ভূত যেন লাগিলেও অসুস্থতা আৰু তাইৰ ষ্টাইলৰ কম্বিনেশ্যনটো ভালেই লাগিছে নৈবদ্যৰ৷ কিবা এটা ইউনিক৷

কলিতা খুড়ীয়ে চিনাকী কৰি দিলে,

– বাবা এইজনী বিশিষ্টা দেই৷ তোক যে বিৰাট মৰম কৰে আমাৰ যোৰহাটৰ বৌ, তেওঁৰ ভাগিনী৷

‘কেতিয়ানো বিৰাট মৰম কৰিছিল অ’ মোক, মনতেই নপৰে দেখোন!’ নৈবদ্যই মনে মনে ভাবিলে৷

– আমি এনেই ঘৰত এইক বাবী বুলি মাতো৷ তয়ো বাবী বুলিয়েই মাতিবি৷ তোতকৈ তিনি বছৰমান সৰুৱেই হ’ব৷ এইবাৰ কটনৰপৰা এম এচ চি পাছ কৰিছে, ফিজিক্স মেজৰ৷ দিল্লীৰ ফালে ভাল চাকৰিৰ খবৰ পালে কবিচোন৷ এইৰ আকৌ দিল্লীত চাকৰি কৰাৰ খুব মন বোলে৷

– অঁ অঁ খুড়ী, এইবাৰ দিল্লীত চাকৰি উভৈনদী হ’ব৷ ২০১৯ত আকৌ মোডী আহিবই নহয়৷

খুড়ীৰ হাঁহি দেখি নৈবদ্যৰ ভাব হ’ল যে তাৰ জোকটো খুড়ীয়ে বুজি নাপালে৷ একো নাই বাৰু, ক্যা ফৰ্ক পৰতা হে৷ বেমাৰী সোনকালে চায়েই অনুৰাধালৈ দৌৰিব লাগিব, ভিলেজ ৰকষ্টাৰ ৰিলিজ হ’লেই বোলে৷

বিশিষ্টাক বহুৱাই খুড়ী ভিতৰলৈ গ’ল৷ নিখুত সুন্দৰী নহ’লেও কিবা এটা মৰম লগা ভাব আছে ছোৱালীজনীৰ৷ জুবিনৰ গান শুনি দুইপেগমান মাৰি একেথৰে চালে নিচা ভালকৈয়ে লাগিব চাগে৷ দীঘল চুলিকোঁচাত নীলা ক্লিপ এটা, লগতে নীলা চুৰিদাৰ৷ কাজল, নীলা পোচাক, বেৰিয়া দাঁত…….. কম্বিনেশ্যনখিনি ভালেই লাগি গ’ল নৈবদ্যৰ৷

– এতিয়া কেনেকুৱা পাইছা? কেতিয়াৰপৰা আছে জ্বৰ?

– কালি ৰাতিৰপৰাই৷ খুব বেছি নহয় বাৰু৷

– কেৱল জ্বৰ? চৰ্দি, কাঁহ কিবা?

– নাই, কেৱল জ্বৰেই৷

– হুমমম৷ একো নাই৷ পেৰাচিটামল খালেই ঠিক হৈ যাব৷ ইমান চিন্তা কৰিবলৈ একোৱেই নাই৷

বেৰিয়া দাঁতটো উলিয়াই তাই আকৌ এবাৰ হাঁহিলে৷ তাৰপিছত খোৱা বস্তুখিনিলৈ আঙুলিয়াই নৈবদ্যক ক’লে,
– খাওক আকৌ, একো খুৱাই নাই আপুনি৷

– অঁ অঁ খাম খাম৷

খোৱাত মন দিলে নৈবদ্যই৷ খোৱাৰ মাজে মাজে বিভিন্ন কথা৷ ছোৱালীজনী স্মাৰ্ট৷ কথাৰ মাজতে সি গম পালে যে পায়সখিনি তাই বনাইছে৷ ইমান সোৱাদ হৈছে! কি বা দিছে পায়সখিনিত!

কৰিবলৈ আৰু একো কাম নাছিল৷ ইতিমধ্যে ৰ’দৰ চিঠি চোৱাৰ সময় পাৰ হৈ গৈছে৷ পিছে তাৰ ঘৰ যাবলৈয়ো মন যোৱা নাই৷ এইজনীৰ যেন সদায় জ্বৰ হৈ থাকে, কেৱল অলপ অলপ জ্বৰ৷ সি সদায় পুৱাই আহি তাইক পেৰাচিটামল দি যাব……. ধেইৎ কি যে ভাবি আছে সি৷

– মই যাওঁ দিয়া৷ কিবা অসুবিধা পালে ফোন কৰিবা৷ খুড়়ীক মাতি দিয়াচোন৷ মাত এষাৰ দি যাওঁ৷

খুড়ী ওলাই আহিল৷ মুখত হিন্দী চিৰিয়েলবোৰত দেখা হাঁহি৷
– খুড়ী যাওঁগৈ৷ কিবা দৰকাৰ হ’লে ক’ব৷

– ঠিক আছে৷ তই এতিয়া কি কৰিবি পিছে?

– বিশেষ একো নাই৷ দুপৰীয়া ভিলেজ ৰকষ্টাৰ চাম বুলি ভাবিছোঁ৷

– অকলে যাৱ যদি আমাৰ এইজনীকো লৈ নাযাৱ কিয়? সেইখন চাবলৈ লগ বিচাৰি আছে৷

ঘৰত পৰি থকা দাদাকৰ নতুন বুলেটখন, পিছফালে তাই! চিনেমা শেষ হোৱাৰ পিছত খাৰঘূলিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাস্তাটোৰে এটা ইভিনিং ৰাইড!

কম্বিনেশ্যনটোৰ কথা ভাবিয়েই ভাল লাগি গ’ল তাৰ৷

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.