ফটাঢোল

কলকাতাৰ ৰসগােল্লা আৰু দুখ – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

চিকিৎসা সম্বন্ধীয় আলােচনা-চক্র এখনত ভাগ ল’বলৈ কেইদিনমান আগতে কলকাতালৈ গৈছিলােঁ। লগত মােৰ সহকর্মী ডা° ইন্দ্রজিৎ কলিতা। ইন্দ্রজিৎ সংগীতক অন্তঃকৰণেৰে ভালপােৱা লােক। সংগীতৰ প্রতিটো দিশৰ সূক্ষ্ম বিশ্লেষণ কৰি চাব জানে। যি নহওক, নির্দিষ্ট দিনত আমি সময়মতে কলকাতামুখী উৰাজাহাজত উঠিলােঁঁ। কিমানবাৰ যে উৰাজাহাজত উঠিছােঁ, তথাপি অলপ হ’লেও ভয় লাগে। আকাশলৈ উৰা মৰাৰ সময়ত যিমান দেৱ-দেৱীৰ নাম জানাে সকলােকে স্মৰণ কৰােঁ। এইবাৰাে তাৰ ব্যতিক্রম নহ’ল। ইন্দ্রজিতলৈ চালােঁ। চকলেট এটা খােৱা দেখিলােঁ। চকুৰে ইংগিত দি খাবৰ হ’লেই নেকি বুলি সােধাত তেওঁ ক’লে,

: ছাৰ, উৰাজাহাজত গৈ থাকিলে মােৰ কাণ দুখন বৰ বিষায়৷ এতিয়া আৰম্ভ হৈছেই। চকলেট খাই থাকিলে বিষটো অলপ কমি থাকে।

ইন্দ্রজিতৰ পৰা নতুন কথা এটা শিকিলােঁ। কেতিয়াবা কাৰােবাক উৰাজাহাজত কাণৰ বিষ হ’লে চকলেট খাবলৈ উপদেশ দিব পাৰিম। মই আকৌ শুনিছিলােঁ যে এনেকৈ কাণৰ বিষ হ’লে বা বমি বমি ভাব আহিলে অলপ বেলেগধৰণৰ কথা কৈ যাত্রীজনৰ মনটো অলপ বেলেগফালে লৈ যাব লাগে। তেতিয়া কাণৰ বিষ বা বমি নিমিষতে ভাল হৈ যায়। ময়াে সেইবাবে ইন্দ্রজিতক বেলেগ কথা কৈ হঁহুৱাবলৈ চেষ্টা কৰিলােঁ। মই ক’লোঁঁ,

: এবাৰ মই প্রতাপদাৰ (প্রয়াত ডা° প্রতাপ শর্মা) লগত মুম্বাইলৈ গৈছিলােঁ। হঠাৎ প্রতাপদাই মােক ক’লে,

: অঞ্জন, এনেকৈ ভাল নালাগে দেই। চোৱাচোন এই যুৱতীকেইগৰাকীলৈ। তেওঁলােকে আমাক আসনত বেল্ট মাৰি বহি থাকিবলৈ দিছে। অথচ তেওঁলােকে মহিলা হৈয়াে আমাক খােৱা-বােৱাৰ যােগান ধৰি কেনেকৈ পৰিচৰ্যা কৰি আছে। আমি দেখােন বাছতেই মহিলাক আসন এৰি দিওঁ৷ এতিয়া এই আকাশৰ বুকুত ইমান ওপৰত তেওঁলােকে আমাক জলপান, খােৱাপানী আদি যোগান ধৰি আছে।

এইবুলি কৈ তেওঁ বিমানৰ পৰিচাৰিকা এগৰাকীক মাতি তেওঁৰ নিজৰ আসনত বহিবলৈ অনুৰােধ কৰিলে আৰু আমি দুয়ােজনেই খােৱাবস্তুবােৰ বিলাই দিব পাৰিম বুলি ক’লোঁ। তেওঁৰ কথা শুনি পৰিচাৰিকাগৰাকীয়ে মিচিকিয়া হাঁহি এটা মাৰি ধন্যবাদ জনাই ক’লে যে এইটো তেওঁলােকৰ এটা চাকৰি। এইটোৰ বাবে তেওঁলােকে বিশেষ শিক্ষা গ্রহণ কৰি আহিছে। কোনােবাই কৰাে বুলিলেই এই কাম কৰিব নােৱাৰে। বহু প্রশিক্ষণৰ দৰকাৰ। তেতিয়াহে প্রতাপদা সন্তুষ্ট হ’ল। অলপ সময়ৰ মূৰত উৰাজাহাজখন বৰকৈ কঁপিবলৈ ধৰিলে। প্রতাপদাই খাই থকা চাহ ছিটিকি কাপােৰে-গায়ে পৰিল। মােৰ ভয় লাগিল। মােৰ ভয় লগা যেন দেখি প্রতাপদাই ক’লে,

: ভয় নাখাবা, এইখিনি ৰাস্তা বেয়া। সেইকাৰণে এনেদৰে লৰিছে। আৰু অলপ গ’লেই ভাল ৰাস্তা পাম।

মই ক’লােঁ,

: এই বিশাল আকাশখনত চালকজনে এই ৰাস্তাটোহে বাছি ল’ব লাগেনে?

আমাৰ কথাবােৰ শুনি আমাৰ কাষৰ যাত্ৰীজনে ক’লে,

: আপােনালােকৰ সাধাৰণ জ্ঞানখিনিও নাইনে? বতৰ বেয়া হ’লে বা কোনােবা ঠাইত বায়ুৰ চাপ কম থাকিলে এনেকুৱা হয়েই।

প্রতাপদাই অলপ ৰগৰ কৰি ক’লে,

: আমি কিমান ভাগ্যৱান! আইনষ্টাইনৰ আত্মীয় এজন আমাৰ কাষতে বহি আছে। মানুহজনৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ।

তেওঁ চিঞৰি উঠিল,

: আইনষ্টাইনৰ মই একো নহয়। মই ছাৰ আইজাক নিউটনৰ আজোনাতি।

মই তৎক্ষণাত বাটত খাবলৈ বুলি ঘৰৰ পৰা লৈ যােৱা আপেল এটা তেওঁৰ ফালে আগবঢ়াই দি ক’লােঁ,

: বাঃ! আমাৰ কি ভাগ্য! যি আইজাক নিউটনে আপেলৰ তলত বহি থাকি, আপেলৰ বাবেই ইমান ডাঙৰ সূত্র আবিষ্কাৰ কৰিছিল, তেওঁৰ আজোনাতিক এই আপেলটো খাবলৈ দিব পাই আমি ধন্য হৈছােঁ।

এইবাৰ মানুহজনে চাগে আমাৰ ৰসিকতা বুজি পালে। হাঁহি হাঁহি ক’লে,

: ইমান সময়লৈ মই আপােনালােকক মূৰ্খ বুলি ভাবি আছিলােঁ। এতিয়াহে বুজিলােঁ আপােনালােক দুয়ােজনেই বৰ ৰসিক মানুহ।

ইন্দ্রজিতে এই কথাখিনি আগতেও শুনিছে। তথাপি মনােযােগেৰে শুনি হাঁহিলে। সঁচাকৈয়ে মন দি শুনাৰ বাবেই তেওঁৰ কাণৰ বিষ নােহােৱা হ’ল। কলকাতাত আমি ছল্টলেক অঞ্চলৰ এখন হােটেলত আছিলোঁ। গধূলি হােটেললৈ ঘূৰি অহাৰ পিছত ইন্দ্রজিতে বেলেগ হােটেললৈ গৈ খাটি বঙালী খাদ্যৰ জুতি ল’ব বিচাৰিলে। পাতত দিয়া মাছ খাব খুজিলে। সেইদিনা শনিবাৰ আছিল। শনিবাৰে দিনত মই নিৰামিষ খাওঁ আৰু ৰাতি ভাতেই নাখাওঁ। কিন্তু ইন্দ্রজিতে ইমান আগ্ৰহ কৰা দেখি একো নকৈ যাবলৈ ওলালােঁ। টেক্সিচালকক ভাল বঙালী খাদ্য পােৱা হােটেললৈ নিবলৈ ক’লােঁ। তেওঁ আমাক ‘ভজহৰি মান্না’ নামৰ হােটেল এখনলৈ লৈ গ’ল। বিভিন্নধৰণৰ সুস্বাদু মাছৰ ব্যঞ্জন বাবে বিখ্যাত সেইখন হােটেল। মােৰ খাবৰ মন নাই বুলি কৈ ইন্দ্রজিতৰ বাবে ভাত-মাছ আনিবলৈ দিলােঁ। ইন্দ্রজিতে বেয়া পাব বুলি এখন ৰুটি আলু-ভাজিৰ সৈতে খালােঁ। বৰ তৃপ্তিৰে ইন্দ্রজিতে পাতত দিয়া মাছ খাবলৈ ধৰিছে। বাৰে বাৰে মােৰ চকু সেইফালেহে যায়। এনেকুৱা মাছ বা কেতিয়া খাবলৈ পাওঁ ! তথাপি বহু সংযমী হৈ মাছ-মাংস নাখালােঁ।

গুৱাহাটীলৈ ফোন কৰি বুলাবৌক মােৰ সংযম শক্তিৰ কথা ক’লােঁ। বৌৱে কথাটো বিশ্বাস নকৰিলে। বাহিৰৰ পৰা ঘৰ সােমালেই বৌৱে ক’ত কি খাই আহিছােঁ বুলি সুধি ব্যতিব্যস্ত কৰি তােলে। মই ভােজনবিলাসী মানুহ। সুস্বাদু বস্তু পালেই গােগ্রাসে গিলি থওঁ। এতিয়া অৱশ্যে বয়স বাঢ়ি যােৱাৰ লগে লগে আগৰ দৰে খাব নােৱৰা হৈছােঁ। মাজতে অলপ ডায়েবেটিছ ধৰা পৰিলেও আগৰ দৰে সকলাে বস্তু নাখাওঁ বাবে কোনাে পথ্য নােখােৱাকৈ শৰীৰত গ্রুক’জৰ পৰিমাণ নিয়ন্ত্রণ কৰি ৰাখিব পাৰিছােঁ। যি নহওক, দেওবাৰে আমি আবেলি গুৱাহাটীলৈ ঘূৰি অহা কথা। বিমানকোঠলৈ গৈ থাকোঁতে মই আৰু ইন্দ্রজিতে টেক্সিচালকক এখন ভাল বঙালী মিঠাইৰ দোকানত গাড়ী ৰখাবলৈ ক’লােঁ। তেওঁ ‘মিষ্টি মহল’ নামৰ মিঠাইৰ দোকান এখনৰ ওচৰত গাড়ীখন ৰখালে। আমি কাম কৰা চিকিৎসালয় আৰু পৰীক্ষাগাৰৰ সহকৰ্মীসকলৰ বাবে ভাল মিঠাই অনাৰ মন মেলিলােঁ। হিচাপ কৰি চালােঁ অতি কমেও এশটা মিঠাই লাগে। মই সন্দেশ ল’ব খুজিলােঁ। তেনেতে দেখিলােঁ, দোকানৰ কৰ্মী এজনে ডাঙৰ পাত্ৰ এটাত ৰসগােল্লা আনিছে। ইন্দ্রজিতে এটা খাই চালে। গৰম গৰম আৰু নৰম নৰম। ময়াে এটা খালােঁ। কি অপূর্ব সােৱাদ! পঞ্চাছটা পঞ্চাছটাকৈ দুভাগ কৰি এশটা ৰসগােল্লা দিবলৈ ক’লােঁ। আমি তাত বহু মাটিৰ পাত্র দেখিছিলােঁ। সেয়ে মাটিৰ পাত্ৰত দুভাগ কৰি দিব পাৰিব নেকি সুধিলােঁ। তেওঁলােকে পাৰিব বুলি কোৱাত বৰ ভাল লাগিল। কেঁচামাটিৰ গােন্ধ থকা খাটি ৰসগােল্লা খাই লগৰবােৰে আমাক কিমান যে আশীর্বাদ দিব! ইন্দ্রজিতে এটা কাপােৰৰ বেগত মাটিৰ পাত্ৰ দুটা ভৰাই ল’লে। বিমানকোঠত সুৰক্ষাকৰ্মীয়ে বেগটো পৰীক্ষা কৰি উৰাজাহাজত হাতত ৰসগােল্লা নিয়াৰ নিয়ম নাই বুলি ক’লে। আমাৰ মুখৰ মাত হৰিল। যিকোনাে জুলীয়া বস্তু হাতত নিবলৈ নিদিয়ে। মাটিৰ পাত্র নিয়া বাবে সেইটো লাগেজ’তে দিব নােৱাৰি ভাঙি যাব। ইপিনে, আমাৰ হাতত সময়াে নাই। উৰাজাহাজলৈ যাবলৈ যাত্ৰীসকলক বাৰে বাৰে অনুৰােধ কৰি আছে। আমি সুৰক্ষাকর্মী দুজনক এতিয়া কি কৰিব পৰা যায় সুধিলােঁ। এজনে আমাক তাতেই যিমান পাৰাে খাই বাকীখিনি ডাষ্টবিনত পেলাই দিবলৈ ক’লে। আমাৰ খং উঠি গ’ল। ইমান হেঁপাহেৰে সহকৰ্মীসকললৈ বুলি নিয়া ৰসগােল্লাবােৰ পেলাই দিব লাগে? খাদ্যবস্তু কেতিয়াও জানি-শুনি নষ্ট কৰিব নালাগে বুলি আমি সৰুৰে পৰা শিকিছােঁ। ইন্দ্রজিতৰ কাপােৰৰ বেগটোৰ পৰা মাটিৰ পাত্ৰকেইটা তেওঁলােকে উলিয়াই তাৰে যিখিনি পাৰে আমাক খাবলৈ পৰামর্শ দিলে আৰু বাকীখিনি বাৰে বাৰে ডাষ্টবিনটো দেখুৱাই পেলাই দিবলৈ দিলে। উপায় নাপাই মই ইন্দ্রজিতক গােটেইখিনি পেলাই দিবলৈ ক’লােঁ। ইন্দ্রজিতে নামানে, দুইটা পাত্র দুই হাতে বুকুত সাবটি ইফালে-সিফালে ঘূৰিবলৈ ধৰিলে৷ নিজৰ দুটা সন্তানকহে যেন সাবটি ধৰি আছে! মুখত কি বিষাদৰ যন্ত্রণা! উৰাজাহাজ এৰিবৰ সময় ওচৰ চাপিছে। মই ইন্দ্রজিতৰ পৰা এটা পাত্র লৈ সুৰক্ষাকর্মী দুজনক ৰসগােল্লা খাবলৈ ক’লােঁ। তেওঁলােকে খাব নােৱাৰে বুলি ক’লে। কৰ্মৰত অৱস্থাত কোনাে বাহিৰা বস্তু খােৱা মানা। ইন্দ্রজিতে দুটামান খালে কি হ’ব বুলি সুধিলে। তেওঁলােকে ক’লে যে ৰসগােল্লাত বিহ থাকিবওতাে পাৰে। তেওঁলােকৰ কথা শুনি ভাল লাগিল। মই হ’লে দুটামান খায়েই দিলােহেঁতেন কিজানি। তেওঁলােকৰ সংযম শক্তিক প্রশংসা নকৰি নােৱাৰিলােঁ। তথাপি খােৱাবস্তু যিমান পাৰােঁ নষ্ট নকৰােঁ বুলি, এটা-দুটাকৈ দহটা ৰসগােল্লা খাই দিলােঁ। ৰসগােল্লাবােৰ বৰ সােৱাদৰ, মুখত দিলেই পমি যােৱাৰ দৰে হয়। সেই সময়ত ডায়েবেটিছৰ কথা মনলৈ নাহিল। ইন্দ্রজিতে ক’লে,

: মই দিনত এটাতকৈ বেছি মিঠাই নাখাওঁ। দোকানতে এটা খাইছিলােঁ নহয়।

ইন্দ্রজিতৰ কথা শুনি থতমত খালােঁ। মােতকৈ বয়সত সৰু চিকিৎসক এজনে কি সুন্দৰভাৱে সংযমী হৈ খােৱা-বােৱাৰ নিয়ম মানি চলিছে। সেই কাৰণে তেওঁলােকক বেমাৰ-আজাৰে সহজে কাবু কৰিব পৰা নাই। পুৱা খােজকাঢ়ে, যােগাসনাে কৰে। নিজৰ ওপৰত ধিক্কাৰ জন্মিল। অলপ সুস্বাদু বস্তু পালেই অতিমাত্রা খাই দিওঁ। দুখে-বেজাৰে মই মাটিৰ পাত্ৰটো পেলাই দিলোঁ। কলকাতাৰ পৰা গুৱাহাটীলৈ অহা বাটছােৱা আমি এবাৰাে কথা পতা নাছিলোঁ৷ গুৱাহাটী পাই প্রথমে টেক্সিৰে ইন্দ্রজিতক থ’বলৈ গ’লােঁ। ইন্দ্রজিতক দেখি তাৰ দুয়ােটা ল’ৰা দৌৰি আহিল। ইন্দ্রজিতে দুয়ােকে কোলাত তুলি ল’লে। দুয়ােটাই দেউতাকক ডিঙিত সাবটি ধৰিলে। সেই দৃশ্য দেখি মােৰ ইন্দ্রজিতে কলকাতা বিমানবন্দৰত আলফুলে সাবটি থকা মাটিৰ পাত্ৰ দুটা যেনেই লাগিল। ইন্দ্রজিতে কলকাতাতে কৈছিল যে ল’ৰা দুটাৰ বহু কাম সৰুৰে পৰা ইন্দ্রজিতেই কৰি দিয়ে৷ গা ধুৱাই দিয়াৰ পৰা ভাত খুৱাই দিয়ালৈকে। হঠাৎ মােৰ নিজৰ ল’ৰা দুটালৈ মনত পৰিল। সিহঁত সৰু হৈ থাকোঁতে মই সিহঁতৰ কাৰণে একো নকৰিলােঁ। নিজৰ কাম, গান-বাজনা লৈয়েই ব্যস্ত থাকিলােঁ। গা-পা ধুৱাই দিয়াতাে দূৰৰে কথা, কোলাতেই লৈ নাপালােঁ। কেৱল বিহু আৰু পূজাৰ কেইদিনহে সিহঁতক ফুৰাবলৈ নিওঁতে কোলাত লৈছিলােঁ। সিহঁত কেনেকৈ ডাঙৰ হ’ল ক’বই নােৱাৰিলােঁ। ঘৰ আহি পাওঁতে ডাঙৰ ল’ৰা অংকুৰে আহি মােৰ হাতৰ পৰা বাকচটো দাঙি ল’লে। সি মুম্বাইৰ পৰা এম বি এ পাছ কৰি এতিয়া ঘৰলৈ আহিছে। কিয় জানাে তাক কোলাত তুলি ল’বলৈ বৰ মন গ’ল। ভিতৰলৈ গৈ তাক কোলাত তুলি ল’লােঁ। কেৰেকৈ সোঁহাতত শব্দ এটা হ’ল। কেইমাহমানৰ পৰা যে হাতৰ বিষ হৈ আছিল, পাহৰি গৈছিলােঁ। হাতখন বিষাবলৈ ধৰিলে। অংকুৰে আহি হাঁহি হাঁহি মলম সানি দিলে। বৌ আৰু পৰিবাৰে আহি ল’ৰাক কিয় কোলাত ল’ব খুজিছিলােঁ সুধিলে। মই সিহঁতক সৰুতে বেছি নােলােৱা বাবে আজি কোলাত ল’ব খুজিছিলােঁ বুলি কোৱাত বৌৱে ক’লে,

: যেতিয়া যিটো কাম, তেতিয়াই কৰিব লাগে। এতিয়া ইয়াক দাঙিব খুজিলে পাৰিবি জানাে? ভৱিষ্যতে এনে ভুল নকৰিবি। নাতি-নাতিনী হ’লে সিহঁতক তয়েই বেছিভাগ কোলাত লৈ থাকিবি। বেলেগক ল’বলৈ নিদিবি।

বৌৰ কথা শুনি ঘৰৰ সকলােৱে গিৰ্জনি মাৰি হাঁহিলে৷

☆★☆★☆

8 Comments

  • ৰিণ্টু

    ভাল লাগিল পঢ়ি চাৰ। আগলৈও এইখন প্লেটফৰ্মত আপোনাৰ লেখা পঢ়ি থাকিবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • যাত্ৰাৰ অভিজ্ঞতাখিনি বৰ ৰসালকৈ বৰ্ণনা কৰিলে। ভাল লাগিল। কথাটো হয়, সময়ৰ কাম সময়ত নকৰিলে পাছত অনুশোচনাত ভোগা যায়।

    Reply
  • ৰাজীৱ শৰ্মা

    আপোনাৰ লিখনিৰ পৰা নিৰ্গত ৰসে কলকতাৰ ৰসগোল্লাকো পাছ পেলাইছে।আপ্লুত হ’লো।

    Reply
  • Sankar Jyoti Bora

    চাৰ,বহু দিনৰ পিছত আপোনাৰ লেখাৰ সোৱাদ পালো৷ফটাঢোলত পাই থাকিম বুলি আশা ৰাখিলো৷

    Reply
  • চিদানন্দ বৰা

    বৰ ভাল লাগিল | টিভিত আপোনাৰ প্ৰগেমবোৰ পালে শেষ নোহোৱা পৰ্য্যন্ত নেৰো | আপোনাৰ খুহুতীয়া কথাবোৰত বৰ তৃপ্তি লভোঁ | আশা ৰাখিছো,,.আপোনাৰ লেখা ইয়াত পঢ়াৰ পুণৰ সৌভাগ্য লভিম !!

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল পঢ়ি।ভজহৰি মান্নাৰ খাদ্য সচাঁকৈ বহুত সুস্বাদু।বিশেষকৈ ভেটকী মাছ পাতত দিয়া আৰু ছাগলী মাংস।

    Reply
  • কুকী কল্পিতা মহন্ত

    বৰ ভাল লাগিল পঢ়ি ছাৰ। ৰসগোল্লা কেইটাৰ কথা ভাবিহে বৰ বেয়া লাগিছে।

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    চাৰ, মই হোৱা হ’লে সেই সুস্বাদু গোল্লা কেইটা অকলেই খাই পেলালোহেঁতেন ! পুণৰ আন লেখা পঢ়িবলৈ আশাপালি থাকিলোঁ ৷

    Reply

Leave a Reply

Your email address will not be published.