ফটাঢোল

‘ক’লা শণিবাৰ; ব্লেক চেটাৰডে’ – অভিজিত কলিতা

ৰাজশ্ৰী প্ৰডাকচনচৰ নিৱেদন:-

=ক’লা শণিবাৰ; ব্লেক চেটাৰডে’=

ধেন- তেনেনননন……………….

প্ৰযোজনা, পৰিচালনা, লিৰিকচ, সংগীত, কণ্ঠ, কাহিনী, চিত্ৰনাট্য, সংলাপ, চিনেমাটোগ্ৰাফী, পোহৰ, একচন, কৰিঅগ্ৰাফী, VFX, আন বাকী যি যি আছে :- অভিজিত কলিতা

 

অভিনয়তঃ-

সকলো মুল পুৰুষ চৰিত্ৰ:- অভিজিত বচ্ছন
সকলো মুল নাৰী চৰিত্ৰঃ- পল্লৱী ভাডুৰী বচ্ছন

জুনিঅৰ আৰ্টিষ্ট:- হেমন্ত কাপুৰ, দেৱজিত খান, হিতেশ কুমাৰ, অঞ্জন ছিদ্দিক্কি, অনুৰূপ দেৱগন, সৌৰভ খেৰ, মাধুৰ্য ভাটীয়া, শ্ৰীডলী, তৃ‍ষ্ণা কাইফ, নিৰ্মালী কাপুৰ, তবিবৰ চোপ্ৰা, মৌচুমী ফাৰ্নাণ্ডেজ, ৰিমঝিম ৰবাৰ্টচ, কাবেৰী খান্না, কমলা পাডুকণ, চবিনা স্বোৱাৰজেনেগাৰ, প্ৰনীতা জ’লি, মন্দিৰা দিক্ষীত ইত্যাদি!!!

ষ্পটবয়ঃ- ৰিণ্টু আৰু ৰামানুজ

Tea বয়ঃ- বিজয় মহন্ত

 

 

=চিন ১=

কেমেৰা পেনৰ পৰা ঝুমলৈ আহিব, এটা আওপুৰণি মহল টাইপৰ ঘৰ, গছ বনে বেৰি আছে, দেৱালত ফাঁট মেলিছে, কিছুমান আওপুৰণি গছৰ ডাল পাত ঘৰৰ খিৰিকীয়েদি ভিতৰলৈ সোমাই গৈছে। জোনৰ পোহৰত বগা ৰঙৰ প্ৰাচীন ঘৰোটোৱে এক মায়াবী ৰূপ ধৰিছে। কেমেৰা ঘৰটোৰ মুল দূৱাৰৰ ফালে ঝুম হব, এটা চিনেমেটিক প’জ। আৰু হঠাত দুৱাৰখন নিজে নিজে খোল খাই যাব, কে…ৰে……..এ……ক……..ক্ক………

মূল কোঠাটোত সোমায়ে এটা আওপুৰণি প্ৰকাণ্ড ঘড়ী, ঘড়ীৰ কাঁটাই নিশাৰ বাৰ বজাৰ ডাগ চোও চোও। টিক টিক শব্দ ক্ৰমাৎ বাঢ়ি আহিছে। এই বাজে আৰু বাৰ……বাজিলেই…..
ঢং ঢং ঢং …..বিকট শব্দৰে ঘড়ীটোৱে বাৰবজাৰ জাননী দিয়ে। হঠাৎ বাহিৰত বিজুলী চমকি উঠে!!

এন্ধাৰ ঘৰটোৰ ভিতৰখন হঠাৎ পোহৰেৰে উজ্জ্বল হৈ উঠে। মূল্যবাৰ লণ্ঠন জ্বলিছে ওপৰত!
এইবাৰ কাট টু অউটড’ৰ! জোনটো ক্ৰমান্বয়ে কলীয়া ডাবৱৰৰ মাজত লুকাই পৰিছে।

কাট টু ইনডোৰ।

ৰূমৰ মাজত এখন মূল্যবান মেহগনী কাঠৰ টেবুল। আৰু টেবুলৰ ওপৰত এটা সুসজ্জিত কফিন। হঠাৎ কফিনটোৰ ঢাকোনখোল খাই যায়। কফিনৰ ভিতৰখন ৰঙা মখমলৰ, তাত এজন দীৰ্ঘকায় পুৰুষ শুই আছে। কেমেৰা তেওৰ মুখত স্থিৰ হৈ ৰয়। চিনেমেটিক প’জ! এক, দুই তিনি…. হঠাত শুই থকা মানুহজনে চকু মেলি দিয়ে। তেঁওৰ চকুৰ মণি দুটা নাই, কিন্তু চকুত ফুটি উঠিছে এক জিঘাংসা। তেঁওৰ কোঁৱাৰিত জান নেজান তেজৰ দাগ। (এই চৰিত্ৰটোৰ নাম কাউণ্ট)

তেওঁ কফিনটোতে উঠি বহে। তাৰ পাছত কোঠাটোৰ চাৰিওফালে চকু ফুৰাই। কফিনৰ কাষতে ঠিয় হৈ আছে এক সুন্দৰী লাস্যময়ী যুৱতী। তেঁওৰ  মুখত হাঁহি, তেঁওৰ কোৱাৰিয়েদিও তেজ বৈ আছে। হাঁহোতে দেখা পোৱা যায়, যুৱতীৰ কুকুৰ দাঁত দুটা অস্বাভাৱিক ভাৱে দীঘল। কোঠাত আৰু কেইজনমান মানুহ আছে, তাৰে তিনিজন মুৰ তল কৰি হাত জোৰ কৰি বহি আছে, তেঁওলোকৰ দেহত সৰ্বাংগ আবৰা ক’লা পোছাক, কেৱল চকুকেইটা হে ওলাই আছে। বাকী সকলৰ হাতত বন্দুক।

কাউণ্ট এইবাৰ লাহে লাহে কফিনৰ পৰা ওলাই আহে, কোটৰ জেপৰ পৰা চাধাৰ খোলা এটা উলিয়াই, চাধা এমুঠি গলিয়াই তেও হাত জোৰ কৰি থকা মানুহকেইজনক সোধে

“কিতনে আদমী থে?”

“সাত আদমী চৰকাৰ! বাদ মে আউৰ এক আয়া, টোটেল বলেতো আঠ হুৱা ফাইনেলী।“

“ঔৰ তুম?”

“পচাচ ষাঠ হোংগে হামলোগ।“

“ফিৰভী ৱাপচ আ গয়ে (কাউণ্টে চিঞৰি উঠে)। ইচকী চঝা মিলেগী! জৰুৰ মিলেগী।“

এইবাৰ কাউণ্টে কাষতে থকা সেউজীয়া ৰঙৰ মুখা এখন হাতত লৈ চায়। হঠাত তেঁও মুখাখন তেঁওৰ নিজৰ মুখত হেঁচি ধৰে। মুখাখনে জীৱন্ত গছৰ শিপাৰ দৰে তেওৰ মুখৰ ছাল ভেদ কৰি ভিতৰলৈ সোমাই যায়। এক অসহ্য যান্ত্ৰণাত কাউণ্ট বাগৰি পৰে, মৃগী ৰোগীৰ দৰে তেও ইচাট বিছাট কৰে। কাউণ্টৰ মুখ কেমেৰাৰ বিপৰীত ফালে, দুই চেকেণ্ডৰ চিনেমেটিজ প’জ। হঠাৎ কাউণ্টে মুখখন কেমেৰাৰ ফালে ঘুৰাই, ক্লজ আপ শ্বট। কাউণ্ট এজন জ’কাৰলৈ পৰিৱৰ্তিত হৈ গৈছে। নাকত ৰঙা বল এটা লাগি আছে, মুখখন সেউজীয়া, মুখাখন তেওৰ গাৰ ছালৰ সৈতে মিলি গৈছে। মুৰত এটা জ’কাৰ টুপী। বাকী মানুহবোৰ আশ্চৰ্যচকিত হৈ পৰে।

কাউণ্টে ওচৰতে পৰি থকে চেইন শ্ব’ এখন উঠাই লয়। ৰছী এডাল টানি চেইনশ্ব’ খন ষ্টাৰ্ট কৰে। ধোঁৱা ওলায়। চেইনশ্ব’ৰ কৰ্কশ শব্দ বাঢ়ি আহে, কাৰো মাত কতো নুশুনা হয়। কাউণ্ট লাহে লাহে হাত যোৰ কৰি থকা মানুহকেইজনৰ ওচৰ চাপে।  ক্লজ আপ। তাৰে এজনৰ টঁ টঁ কৈ  মেল খাই থকা ভয়াৰ্ত দুচকুৰ এক মিলিমিটাৰ মান দূৰত চেইন শ্ব’ৰ কাটাৰ ব্লেড তীব্ৰগতিৰে ঘুৰি আছে। হঠাত এন্ধাৰ হৈ যায়, কেইবাজনো মানুহৰ মৰণকাতৰ চিঞৰ ভাঁহি আহে এন্ধাৰৰ মাজৰ পৰা।
কাট!

 

=চিন ২=

এখন সুবিশাল ফাৰ্ম হাউচত কেমেৰা পেন হয়, হাই এংগল শ্বট। নানান খেতি-বাতি, গৰু ছাগলী ঘোঁৰাৰ আস্তাবল। এটা পানীৰ মেচিন চলি আছে। একোণত দুজন মান মানুহে মৰণা মাৰি আছে।
এজন বগা কোট পেণ্ট পিন্ধা মানুহ খেতিৰ মাজে মাজে ঘুৰি ফুৰিছে, তেও মানুহবোৰক দুই এটা নিৰ্দেশনা দিছে, শষ্যৰ মান হাতেৰে চাই পৰীক্ষা কৰিছে। বুজা যায় তেৱে ফাৰ্মৰ মালিক। তেওৰ নাম ৰবি। খেতি পৰিদৰ্শন কৰি তেও ফাৰ্মৰ ঠিক মাজভাগতে থকা প্ৰকাণ্ড ঘৰটোলৈ সোমাই যায়। মুল কোঠাটোতে এসোপামান বাংক বে’ড। বাংক বেডত কেইজনমান মানুহ কেৱল অন্তৰ্বাস পিন্ধি শুই আছে, নাকৰ ঘোৰ, ঘোৰণি শুনা গৈছে।  মানুহজনে গুৰুগম্ভীৰ মাতেৰে কৈ উঠে

“ঐ, সোম, মংগল, বুধ, গুৰু, শুক্ৰ আৰু শণি। তঁহতৰ উঠিবৰ হোৱাই নাই নে? উঠ, নহ’লে পানী ঢালি দিম মই। পাহৰিলি নেকি? আজি আমি তহতৰ কাৰণে ছোৱালী পলুৱাই আনিবলৈ যোৱাৰ কথা আছিল। সোনকাল কৰ, নহ’লে সেইকেইজনী আন কোনোবাই পলুৱাই লৈ যাব। গোটেইকেইজনী কাপোৰ কানি বান্ধি পলুৱাই নিওতাৰ অপেক্ষাত ৰৈ আছে।“

“উঠিছো উঠিছো আমি ৰবি দাদা! দুই মিনিটত ৰেডী হৈ যাম আমি।“

(দৰ্শকে ইতিমধ্যে বুজি উঠিছে যে এই সাতজন ভাই ককাই, ৰবি ডাঙৰ, বাকী সোম, মংগল, এইদৰে একাদিক্ৰমে ছজন ভাই)

হঠাৎ ঘৰটোৰ মুল দুৱাৰখন সশব্দে বন্ধ হৈ যায়। সাত ভাই অলপ আচৰিত হয়, ইফালে সিফালে চাই। কেমেৰা ঘৰটোৰ চিলিঙৰ ফালে ঘুৰে। তাৰ পৰা কোনোবাই তললৈ কেইডাল মান ৰছী পেলাই দিছে। আৰু ৰছী কেইডালেৰে নামি আহিছে সৰ্বশৰীৰ কলা কালপোৰেৰে আবৃত, পিঠিত তৰোৱাল বন্ধা প্ৰায় পচিশজন মান নিনজা। নিনজা কেইজনে নিশব্দে সাতভাইক বেৰি ধৰে। সাত ভায়ো যুদ্ধং দেহি মনোভাৱেৰে সাজু হয়।
এজন নিনজা তৰোৱাল উলিয়াই ৰবিৰ ওপৰত জঁপিয়াই পৰে। ৰবিয়ে বাগী দি সাৰে, নিনজা লুটি খাই পৰে, এইবাৰ আৰু দুজন নিনজাই একে সময়তে ৰবিক আক্ৰমণ কৰে। ৰবি কুংফুৰ মাংকী, স্নেক, ড্ৰাংকেন মংক  আদি সকলো ভংগী ব্যৱহাৰ কৰি প্ৰত্যাক্ৰমণ কৰে। ভাই কেইজনেও বাকী নিনজাবিলাকক আক্ৰমণ কৰে, তেঁওলোকে কোঠাতে পোৱা আন বস্তুবোৰ, যেনে, হেতা, বাতি,  কেৰাহী, আঠুৱাৰ মাৰি, তেৱা, পুৰণ টিউব লাইট আদিৰে নিনজা সকলৰ সুতীক্ষ্ন তৰোৱালৰ সন্মূখীন হয়। এজন নিনজা উফৰি গৈ সজাই থোৱা মাটিৰ কলহ এসোপাৰ ওপৰত পৰে, কলহবোৰ ভাঙি চুচুৰ্মৈ হয়। আনজন আকৌ ডাঠ কাগজৰ কাৰ্টুন এসোপাৰ ওপৰত পৰেগৈ। আন এজন চকা থকা ফলমুলৰ ঠেলাগাড়ী এখনৰ ওপৰত পৰে, দোকানখন চলি গৈ গৈ মাজ ৰাষ্টা পায়গৈ। ৱান ৱে ৰাষ্টাটো ট্ৰেফিকৰ বিপৰীত দিশৰ পৰা ঠেলা খন চলি গৈ থাকে, সিফালৰ পৰা অহা গাড়ী বোৰে ইখনে সিখনক খুন্দিয়াই।

যুদ্ধ চলি থাকে। কেইবাজনো নিনজা ৰণত পৰিলেও তেওলোকৰ সংখ্য বহুত, ৰবি আৰু ভাই কেইজনে আঘাত পাইছে, তেজ ওলাইছে। কিন্তু তেওলোকে সৰ্বশক্তিৰে যুঁজি আছ।

তেনেতে নেপথ্যত এটি গীত বাজি উঠে……..
“আই এম এ ডিস্কো ডেন্সাৰ, জিন্দেগী মেৰা গানা!”

মুল দুৱাৰখন খোল খাই যায়, আৰু বগা জিকমিকিয়া, এল ই ডি লাইট লগোৱা পোচাক আৰু চকুত কলা চালগ্লাছ পিন্ধি এজন লোক নৃত্যৰ ভংগীমাৰে দুৱাৰত ঠিয় হয়। তেঁওৰ নাম কৃষ্ণণ আয়াৰ,  য়েম, য়ে (M.A.).  তেও নাৰিকল পানীৰ ব্যৱসায়ী। কৃষ্ণণ আয়াৰে গানৰ তালে তালে ডিস্কো নৃত্য আৰম্ভ কৰে, মিউজিক বাঢ়ি আহে। নিনজা কেইজন গীতৰ সুৰত মুগ্ধ হৈ পৰে, তেঁওলোকে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হয়,  কান্ধবোৰ স্বয়ংক্ৰিয় ভাৱে গীতৰ তালে তালে উঠা নমা কৰিবলৈ ধৰে। আৰু এসময়ত তেঁওলোকে যুদ্ধ এৰি গীতৰ তালে তালে নৃত্য আৰম্ভ কৰে।

“আই এম এ ডিস্কো ডেন্সাৰ,
জিন্দেগী মেৰা গানা,
মেঁ হু ডিক্সো দিৱানা,
তো আৱ, নাছো, গাৱো, ঝুমো, ……………….”

নিনজা সকলে নাচি থকাৰ সুযোগতে ৰবিৰ সাত ভাই আৰু কৃষ্ণণ আয়াৰ মিলি নিনজা কেইজনক পহুখেদা দিয়ে, তেওলোকে নেগুৰ ডাঙি পলায়। শেষত কৃষ্ণণ আয়াৰে হাতৰ ধুলি মাকতি জোকাৰি কয়

“তঁহতৰ নামত কুকুৰ পোহো মই, চিনি পোৱা নাই? কঈ শ্ব’ক??”

ৰবিয়ে আয়াৰক সাৱটি ধৰে।

কাট!

 

চিন ৩

বিস্তীৰ্ণ পথাৰৰ মাজত এজোপা আঁহত গছ, তাৰ তলত কেইগৰাকীমান গাভৰুয়ে জেং বিহু গাই আছে,

-“লুইতৰ পাৰৰে বৰহমথুৰি এজুপি, আমি খৰি লুৰা ঠাই,
বৰহমপুত্ৰ দেৱতা উটুৱাই নিনিবা, আমাৰ নো জোৰ পাতোতা নাই”

(এই টো দৃশ্য ফ্লেছবেকত, কাউণ্ট আৰু ৰবিৰ ডেকাকালৰ, গতিকে হিৰোক মুৰত ৱিগ লগাই আৰু হেভী মেক আপেৰে গালৰ সোতোৰা সোতোৰ বিলাক লুকুৱাই ডেকা বুজোৱা যাব)
অদূৰত দুজন যুৱকক গাভৰু জাকৰ ফালে চাই বহি থকা দেখা যাব। মুল বিহুৱতী জনীৰ ওপৰত দুয়োৰে চকু। দুইজন দেখিবলৈ একেবাৰে একে, মানুহে তেওলোকক যঁজা ভাই বুলি ভুল কৰে, কিন্তু আচলতে দুইজন অভিন্ন হৃদয়ৰ বন্ধু।সৰুতে দুইজনেই মাকহঁতৰ লগত কুম্ভমেলালৈ গৈ‌ছিল, কিন্তু তেওলোকৰ মাক দুগৰাকী সাৱধান হৈ থকাৰ বাবে এজনো নেহেৰালে। দুইজনেই মুল বিহুৱতী  মোহিনীক ভাল পায়, মোহিনীয়েও তেওলোক দুইজনকে চাল দি খীৰাই থাকে, কিন্তু ইজনে সিজনৰ কথা গম নেপায়। দুয়ো ৰ’ লাগি মোহিনীলে চাই থাকে। এই দুজনৰ নাম মুন্না আৰু লোটিয়া পাথান।  মুন্না আৰু লোটিয়া বেকাৰ,  পঢ়ি শুনি চাকৰি নেপোৱাকৈ ঘৰতে আছে। কিন্তু তেওলোক নিস্কৰ্মা নহয়,  লোটিয়া এজন বিপ্লৱী কবি, আৰু মুন্না এজন আদৰ্শ খেতিয়ক।

ইফালে সন্ধিয়া হৈ আহে, ৰান্ধনি বেলিৰ বেকগ্ৰাউণ্ডত এপাল মহ আহি থকা দেখা যায়,(অকল silhouette থাকিব, মানে আকাৰটোতে দৰ্শকে বুজিব লাগিব),আগত থকা ম’হটোৰ পিঠিত এজন মহগোৱাল, তেও পেঁপা বজাই আহিব। পেঁপাৰ মাত শুনি মোহিনীৰ বিহু নাচত আউল লাগিব, তাই আশাৰে ম’হগোৱালৰ ফালে চাব। ম’হগোৱালৰ পেঁপাৰ সুৰে মোহিনীৰ বুকুত প্ৰেমৰ ঢৌ তুলিব, লাজ লাজ কৈ তাই ম’হগোৱালৰ ফালে চাব।

কাট !

 

=চিন ৪=

মোহিনীৰ ঘৰ, দেউতাকে আগফালে চোতালত বন চিকুনাই থাকিব। হঠাত এখন ৰঙা ফেৰাৰি তীব্ৰ বেগে আহি তেওৰ সমুখত ৰব। ফেৰাৰিৰ পৰা চানগ্লাছ পিন্ধা এজন যুৱক নামি আহিব। যুৱকৰ নাম ৰাহুল। ৰাহুল আহিয়ে মোহিনীৰ দেউতাকক ভৰি চুই সেৱা কৰিব।

“হে হে কি কৰা কি কৰা? কোন তুমি?”

“দেউতা, মোৰ নাম ৰাহুল। আপুনি মোক চিনি পাব, সৰুতে আমি এই গাঁৱতে আছিলো, মোৰ দেউতাৰ নাম সৰ্বেশ্বৰ। আমাৰ ম’হৰ খুঁটি আছিল।“
“আৰে! তুমি সৰ্বাৰ ল’ৰা! আহা আহা। ঐ মোহিনী আহচোন, ওলাই আহ। এয়া কোন আহিছে চা! আহ আহা বোপা ভিতৰলৈ আহা! ঐ মৰতী মোহিনী কত মৰি আছ, আহ ওলাই আহচোন।“

মোহিনী ঘৰতে আছিল, তাই দৌৰি ওলাই আহে আৰু ৰাহুলক দেখি ৰৈ যায়। আৰে ই চোন কালিৰ ম’হ গোৱালটো, ই কি ৰূপ মহ গোৱালৰ? ফেৰাৰি লৈ আহিছে?

দুয়োৰে চকুত চকু পৰে, মোহিনীয়ে লাজতে তলমূৰ কৰে।

ৰাহুল:- “হা হা! আচৰিত হৈছা নহয়। মই আচলতে কুৱেইট অইল কোম্পানীৰ ইঞ্জিনিয়াৰ,  আজি দহ বছৰৰ মুৰত ছুটিত ঘৰলে আহিছো। আহিয়েই পুৰণা গাঁওখনলৈ আহিবলৈ মন গ’ল। মোৰ শিপা বিছাৰি। মোৰ আজি যিমাখনেই ফেৰাৰি নেথাকক কিয়, পাপুৱা নিউগিনিত প্ৰাইভেট দ্বীপ নেথাকক কিয়, মইতো আচলতে ম’হ গোৱালৰেই ল’ৰা, সেয়ে মোৰ আচল চিনাকী।“

মোহিনীৰ দেউতাকঃ- “সজ সজ বোপা। আজিকালি মানুহে টাউনত ভাড়াঘৰ এটা লব পাৰিলেই গাঁওখন পাহৰি যায়। কিন্তু তুমি নিজৰ শিপা খামুছি ধৰি আছা। ভাল লাগিল। কিন্তু তথাপিও আজিকালি চৰকাৰে গাঁওবাসীৰ বাবে বহুতো কাম কৰিছে, MGNREGA ৰ জড়িয়তে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা প্ৰতিজন গাঁওবাসীৰ বাবে বছৰত ৯৯ দিন নিশ্চিত নিয়োগৰ ব্যৱস্থা কৰা হৈছে, প্ৰধান মন্ত্ৰী নিৱাস যোজনাৰ অধীনত সকলো গাঁওবাসীয়ে থাকিবলৈ এটা ঘৰ পাইছে, আজি ঘৰে ঘৰে ৰন্ধন গে’ছ! সৌভাগ্য আচনিৰ বিনামূলীয়া বিদ্যুৎ সংযোগেৰে আজি গাঁও ভূই চহৰৰ দৰেই উজলি উঠিছে। চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলে ‘মাজনী’ ‘মামণি’ আদি আঁচনিৰ যোগে মাতৃ আৰু সন্তানৰ সুস্বাস্থ্য সুনিশ্চিত কৰা হৈছে। চৰকাৰে যোগান ধৰা উন্নত মানৰ বীজেৰে খেতি কৰি আজি অসমৰ গাঁও গাঁও শষ্যশ্যামলা হৈ পৰিছে। মিডডে’ মিলৰ যোগে আজি গাঁৱবোৰত সাক্ষৰতাৰ হাৰ বঢ়োৱাৰ চেষ্টা কৰি থকা হৈছে ………………….”(এইখিনি দিয়া বাবেহে চৰকাৰী ফাণ্ডিং পোৱা গৈছে, গতিকে বেয়া লাগিলেও উপায় নাই)

ৰাহুলঃ- “ৰব দেউতা, মই আচলতে আন এটা কথা কবলৈহে আপোনাৰ ওচৰলৈ আহিছো, কালি আঁহতৰ তলত মোহিনীক দেখি মই তাইৰ প্ৰেমত পৰিছো। আপোনাৰ আপত্তি নহ’লে মই তাইক বিয়া কৰাব বিছাৰো।“

মোহিনীৰ দেউতাকঃ- “কি কৈছা বোপাই, কত তুমি আৰু কত আমি? মোৰ এজনীয়ে ছোৱালী, মাক সৰুতেই ঢুকাল (কৰুণ সুৰ বাজি উঠিব)। তাইক এজন ভাল পাত্ৰৰ হাতত গটাই দিব পাৰিলে আৰু মোক কি লাগে? কিন্তু তুমি সঁচাই কৈছানে? তুমি মোৰ দুখুনী মোহিনীক বিয়া পাতিবা?”

ৰাহুলঃ- “পাতিম দেউতা পাতিম! মোহিনীয়েই মোৰ প্ৰাণৰ প্ৰতিমা। মই তাইক ৰাজৰাণী কৰি ৰাখিম। মোক অনুমতি দিয়ক দেউতা?” (থোকাথুকি মাত)

মোহিনীৰ দেউতাকঃ- “হে ভগৱান, মোৰ নো ইমান সৌভাগ্য নে! ভগৱানে মোক নো ইমান সুখ দিবেনে? হুক হুক।“

কান্দি কান্দি বুঢ়া মাটত বহি পৰে,  মোহিনীয়ে লাজ লাজকৈ এবাৰ ৰাহুলৰ ফালে চায়। ৰাহুলে হাঁহে।
কাট

 

=চিন ৫

আচুতীয়া ঠাই এডোখৰত মোহিনী আৰু ৰাহুলে ফুচফুচাই কিবা কথা পাতি আছে। ৰাহুলে কৈ আছে, মোহিনীয়ে মুৰ দুপিয়াই শুনি আছে।
কাট

 

=চিন ৬

পথাৰখনৰ মাজেৰে বৈ যোৱা নদীখনৰ কাষতে এখন হাবি, ঠাইখিনি ধুনীয়া যদিও আওহতীয়া। মোহিনী বননিতে বহি আঙুলীৰে কিবা খুচৰি আছে। কাষত ঠিয় হৈ আছে, লোটিয়া পাঠান।

লোটিয়াঃ- “কি কব খুজিছা কোৱা আকৌ….”

মোহিনী এইবাৰ কান্দোনত ভাগি পৰে…….

লোটিয়াঃ- “চোৱা তুমি কান্দি থাকিলে মই কেনেকে বুজিম। তুমি কান্দিলে মোৰো কান্দি দিম যেন লাগে… কোৱানা কি হ’ল?”

মোহিনীঃ- “(কান্দি কান্দিয়েই) মোক পাহৰি যোৱা লোটিয়া। মই তোমাৰ বাবে উপযুক্ত নহয়।“

লোটিয়াঃ- “এয়া তুমি কি কৈছা মোহিনী?”

মোহিনীঃ- “মই ঠিকেই কৈছো লোটিয়া, মই অপবিত্ৰ মই পাপী। মই তোমাৰ যোগ্য হৈ থকা নাই!”

লোটিয়াঃ- “কিন্তু কিয় কেনেকৈ?”

মোহিনীঃ- “আজি এইখিনি কথা তোমাক কব খুজি মোৰ হৃদয় ভাঙি গৈছে। কিন্তু কবই লাগিব। নহলে তুমি মোক ভুল বুজিবা। কোনোবাই জোৰ কৰি মোৰ পৱিত্ৰতা হৰণ কৰিলে। এই অপৱিত্ৰ দেহাটোৰে মই তোমাক সংগ দিব নোৱাৰিম লোটিয়া। মোক পাহৰি যোৱা….. মই নিজেকে শেষ কৰি দিম আজি,মোক আৰু নিবিছাৰিবা কেতিয়াও।“

মোহিনী যাবলৈ ওলায়

লোটিয়াঃ- “যাব খুজিছা যোৱা মোহিনী। মই তোমাক নৰখাও, কিন্তু তুমি মোক কৈ যাব লাগিব সেই পাষণ্ডটো কোন? মই প্ৰতিশোধ লম মোহিনী, তোমাৰ অপমানৰ ভয়ংকৰ প্ৰতিশোধ লম মই।“
মোহিনী আঁতৰি যায়, আঁতৰৰ পৰাই কয়,
মোহিনীঃ- ক’লে তুমি বিশ্বাস নকৰিবা, কিন্তু… কিন্তু … মই আজি কমেই….. সেই পাষণ্ড আৰু কোনো নহয়, তোমাৰ বন্ধু মুন্না( মুন্না… মুন্না… মুন্না…… আ !! শব্দটো ইক’ হৈ চাৰিওফালে গুঞ্জৰি উঠে)

মোহিনী হাবিৰ মাজত লুকাই পৰে। লোটিয়াৰ মুখত ক্লজ আপ! খঙত কঁপিছে তেও। এটা লম্বা চিনেমেটিক প’জ।

এসময়ত তেঁও চোবাই চোবাই কোৱাদি কয়,

“আজছে লোটিয়া পাঠান কা জিন্দেগী কা এক হী মকছদ হেঁ, মুন্না কী বৰবাদী”

হঠাৎ আকাশত মেঘ আৰু পোহৰৰ চাকনৈয়া এটা উঠা দেখা যায়, চাকনৈয়াটোৰ কেন্দ্ৰ বিন্দুটো চকু চাত মাৰি ধৰাকৈ উজ্জ্বল। তাত এবাৰ চকমককৈ বিজুলী চমকি উঠে, আৰু হঠাত আকাশৰ পৰা কিবা এটা বস্তু উল্কাৰ দৰে সোঁসোৱাই তললৈ নামি আহে। বস্তুটো লোটিয়াৰ পৰা নাতিদূৰত মাটিত পৰেহি, সেই আঘাতত ভূমিকম্প আহি যায়, লোটিয়া মাটিত বাগৰি পৰে।

ভূমিকম্প শাম কটাৰ পাছত লোটিয়াই যেনে তেনে নিজকে চম্ভালি বস্তুটো পৰা ঠাই ডোখৰলৈ যায়। ওচৰলৈ গৈ দেখে, সেইটো এটা চাৰিচুকীয়া হাতুৰী। লোটিয়াই হাতুৰীটো উঠাব খোজে, নোৱাৰে, আৰু জোৰ দিয়ে নোৱাৰে, এইবাৰ সৰ্বশক্তিৰে টানে। নাই হাতুৰীটো লৰচৰেই নহয়। খঙতে লোটিয়াই হাতুৰীটোত গোৰ মাৰি দিয়ে। যুঁজি থাকোতে লোটিয়াই মনেই নকৰে যে তেওৰ পিছফালে এজন অদ্ভূত পোছাক পিন্ধা মানুহ আহি ঠিয় হৈছেহি। তেঁও লোটিয়াক লক্ষ্য কৰি আছে। মানুহজনৰ ছাঁ লোটিয়াৰ গাত পৰাত লোটিয়াই ঘুৰি চায়, আৰু তেঁওক দেখি ভয় খায়।

“ভয় নেখাবা, মোৰ নাম “থৰ”। মই বহুদূৰৰ এটা গ্ৰহৰ পৰা আহিছো, আজি তোমাৰ সৈতে যি হ’ল,  মোৰ আপোন ভাই লুকাই মোৰ সৈতে তেনে প্ৰতাৰণা কৰিলে। আহা তুমি আমাৰ লগ লাগা। আমি প্ৰতিশোধ লোৱাৰ লগতে এই পৃথিৱীখনো ধ্বংসৰ পৰা ৰক্ষা কঁৰো। লুকাই নিজৰ সমগ্ৰ সৈন্য বাহিনী লৈ পৃথিৱী আক্ৰমণ কৰিবল আহিছে। আমি সকলো লগ লাগিছো, তুমি আমাক নেতৃত্ব দিব লাগে”

তেতিয়াহে লোটিয়াই লক্ষ্য কৰে, থৰৰ পিছফালে আৰু কেইজন মান লোক ৰৈ আছে, তেঁওলোক হল আইৰন মেন, কেপ্টেইন আমেৰিকা, ষ্টৰ্ম, এক্মমে’ন, স্পাইডাৰ মেন, বেটমেন আৰু ৱণ্ডাৰ ৱমেন।
কাট

 

=চিন ৭

লোটিয়াৰ চকুৰ পৰা আঁতৰ হোৱাৰ লগ লগে মোহিনীয়ে চকু পানী মুচি পেলায়। মুখত জিলিকি উঠে এটা ক্ৰুৰ হাঁহি। খৰতকীয়াকৈ তেঁও হাবিখন পাৰহৈ ৰাস্তাত উঠেগৈ। ৰাস্তাত এখন ৰঙা ফেৰাৰি ৰৈ আছে। মোহিনী গাড়ীত উঠে। ড্ৰাইভিং ছিটত বহি থকা ৰাহুলে মোহিনীক সাৱটি ধৰে। এইবাৰ গাড়ী তীব্ৰবেগে ৰাওনা হয়, চহৰৰ দিশে।
কাট

(ইয়াৰ পাছৰ খিনি চিত্ৰনাট্য লিখা হোৱা নাই, গতিকে চমুকৈ কাহিনীটোকে লিখি দিছো। বুকুত প্ৰতিশোধৰ অগনি লৈ লোটিয়া মাৰ্ভেলৰ চৰিত্ৰবোৰৰ সৈতে যায়গৈ, যাওতে তেও গাঁৱৰ সকলোকে মুন্নাৰ কৰানামাৰ কথা জনাই থৈ যায়। গাঁৱৰ মানুহে মুন্নাক ঘৃণা কৰা আৰম্ভ কৰে, মুন্না গাঁৱত থাকিব নোৱাৰা হয়গৈ। এদিন সকলোৰে অলক্ষিতে মুন্নাই তেঁওৰ ছজন এমাডিমা ভায়েকক লৈ বহুদূৰৰ ঠাই এখনলৈ যায়গৈ। তাত গৈ মুন্নাই এখন ফাৰ্ম খোলে। নিজৰ পৰিচয় গোপন কৰিবলৈ মুন্নাই নিজৰ লগতে ভায়েকহতৰ নামবোৰো সলাই সপ্তাহটোৰ বাৰ বোৰৰ নামেৰে ৰাখে।

ইফালে মাৰ্ভেলৰ লগত লোটিয়া গৈ পেনিচালভেনিয়া পায়গৈ, তাত এখন সাংঘাটিক আন্তৰ্জাগতিক যুদ্ধ হয়। তাত লোটিয়াই মাৰ্ভেল বাহিনীৰ সেনাপতিৰ ৰূপত অৱতীৰ্ণ হৈ সমগ্ৰ পৃথিৱীক এক অভূতপূৰ্ব এলিয়েন আক্ৰমণৰ পৰা ৰক্ষা কৰে। সেইযুদ্ধৰ মাজতে এলিয়েনৰ মিছাইলবোৰ প্ৰতিহত কৰিবলৈ এটা “ৰাডাৰ বেছড মিছাইল ডিফেন্স চিষ্টেম” নিৰ্মাণ কৰাৰ সময়ত গাফিলতি কৰাৰ বাবে লোটিয়াই নিজৰ মোমায়েককে হত্যা কৰে। তেঁওৰ বীৰত্বত মুগ্ধ হৈ পেনিচেলভেনিয়াৰ ৰজা কাউণ্ট ড্ৰাকুলাই লোটিয়াক নিজৰ উত্তৰসূৰী ৰূপে নিৰ্বাচিত কৰে। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেঁও লোটিয়াৰ ডিঙিত কামুৰি লোটিয়াক ভেম্পায়াৰলৈ ৰূপান্তিৰত কৰে আৰু নিজৰ সিংহাসন লোটিয়াক গটাই দিয়ে।
কাউণ্ট লোটিয়াই সকলো ফালে সফলতা পালেও কিন্তু মুন্নাৰ প্ৰতি থকা তেঁওৰ প্ৰতিশোধৰ জ্বালা পাহৰিব পৰা নাছিল, সেয়ে তেঁও মাজে মাজে নিনজা, তালিবানী সন্ত্ৰাসবাদী, এক্স মেৰিন স্নাইপাৰ, কাৰ-বম্ব  আদি ব্যৱহাৰ কৰি মুন্নাক হত্যা কৰাৰ চেষ্টা চলাই থাকে। কিন্তু প্ৰতিবাৰেই নিজৰ কুংফু প্ৰতিভা আৰু কৃষ্ণণ আয়াৰৰ সহযোগত মুন্না অৰ্থাৎ ৰবি ৰক্ষা পৰি থাকে। শে‍ষত কাউণ্ট লোটিয়াই নিজে ভাৰতলৈ আহি মুন্নাক অৰ্থাৎ ৰবিক বিছাৰি উলিয়াই হত্যা কৰাৰ পৰিকল্পনা কৰে।

ইফালে নিজৰ ভায়েকহঁতৰ বাবে ছোৱালী চুৰ কৰিবলৈ যোৱা ৰবিক পুলিচে ধৰি গুৰুলা গুৰুলকৈ পিতে। মনৰ দুখত ৰবিয়ে ডান্স বাৰ এখনত বহি সুৰাপান কৰিবলৈ লয়। ঘটনাক্ৰমে কাউণ্ট লোটিয়াও মুন্নাক বিছাৰি আহি সেইখন ডেন্স বাৰতে সোমাইহি। ব্লাডী মেৰী ককটেইল এটা হাতত লৈ কাউণ্টে সকলো মানুহকে লক্ষ্য কৰি থাকে।)

 

অন্তিম চিনঃ

ডান্স বাৰৰ বাহিৰত ইতিমধ্যে সংঘটিত হৈছে এক ভয়ংকৰ পৰিঘটনা, কিন্তু ভিতৰৰ মানুহবোৰে একো উমান নোপোৱায়ে। চহৰখন ইতিমধ্যে জম্বি চহৰলৈ ৰূপান্তৰ হৈ গৈছে। এক সাংঘাটিক ভাৱে সংক্ৰামক ৰোগে চহৰখনৰ ৰাইজক আক্ৰমণ কৰিছে, মানুহবোৰ জম্বি হৈ গৈছে। জম্বিবোৰে যাকে পায় তাকে আক্ৰমণ কৰি কামোৰ মাৰি দিছে, আৰু লগে লগে সেই মানুহজনো জম্বি হৈ গৈছে। জম্বিবোৰে গাড়ী ঘৰ জ্বলাই দিছে। ঢলং পলং জম্বি যেনি তেনি। এইবাৰ জম্বিবোৰ ডেন্সবাৰৰ ফালে আগবাঢ়িছে।

কাট টু ইনডোৰ!

মানুহবোৰ লক্ষ্য কৰি থকা কাউণ্টৰ চকু হঠাত চুকত বহি থকা এজন মানুহৰ ওপৰত পৰে। কাউণ্টৰ চকু ঘোপা হৈ যায়, আৰু এবাৰত কাউণ্টৰ মুখৰ পৰা ওলায়

-“মুন্না”!!!

কাউণ্ট সন্তৰ্পনে মদ খাই টুং হৈ থকা মানুহজনৰ ওচৰ পায়গৈ, মানুহজনৰ কান্ধত হাত ৰাখি তেও আকৌ কয়

-“কি খবৰ মুন্না গদ্দাৰ?”

মুন্নাঃ- “কো কো ক্কোন হয় আপুনি? মই মুন্না নহয়, মই ৰবি। হু আৰ ইউ”

কাউণ্টঃ- “দুনীয়াৰ সকলোকে ধোখা দিব পাৰিবি তই মুন্না। মোক নোৱাৰ, তই মোৰ মোহিনীক ধ্বংস কৰিলি, মোৰ জীৱন মোৰ প্ৰেম সকলো কাঢ়ি নিলি। আজি তোৰ জীৱনৰ শেষ দিন।“

কাউণ্টে মুখ খোলে, তেওৰ কুকুৰ দাঁত দুটা ভয়লগাকৈ দীঘল হৈ আহে, তেও লাহে লাহে মুখখন মুন্নাৰ ডিঙিৰ ওচৰ চপাই লৈ যায়। মুন্না কিংকৰ্তব্যবিমূড় হৈ পৰে, কাউণ্টৰ চকুত কিবা সন্মোহনী আছে, মুন্নাৰ বাধা দিয়াৰ শক্তিও নাইকিয়া হৈ গৈছে। মৃত্যুক আকোৱাঁলী লবলৈ সাজু হৈছে সি।

“ৰিং ৰিং ৰাং ৰিং ৰাং ৰিং ৰিং ৰিং ৰাং ৰিং ৰাং ৰিং ৰিং
তেৰা কৰু দি গিন গিন কে ইন্তেজাৰ,
আজা পিয়া আয়ী বাহাৰ”

কাউণ্ট থমকি ৰয়, মাতটো যে দুইজনৰে একেবাৰে চিনাকী,  মঞ্চৰ ফালে চকু যায় কাউণ্টৰ। হঠাত মঞ্চ পোহৰ হৈ উঠে, মঞ্চত স্বল্পবসনা এক নৰ্তকী। উগ্ৰ মেক আপ তেওৰ। কেইবাটাও চিনেমেটিক প’জ। এসময়ত দুইজনৰ মুখৰ পৰা একেসময়তে ওলায়

-“মোহিনী??

কিন্তু মোহিনী ইয়াত কিয়? মোহিনীয়েতো আত্মহত্যা কৰিছিল!

মোহিনীৰো চকু পৰে দুইজনৰ ওপৰত, তেঁওৰ নৃত্যৰ আউল লাগে। আৰু হঠাতে তেঁও নৃত্য আধাতে সামৰি মঞ্চৰ পৰা নামি যায়, ৰবি আৰু কাউণ্টে মানুহৰ ভিৰ থেলি মোহিনীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰে।

তেনেতে হঠাত বিকট শব্দ কৰি ডেন্সবাৰৰ মুল দুৱাৰখন ভাগি পৰে, আৰু কেইবাশ জম্বিয়ে নাচ গানত মতলীয়া হৈ থকা মানুহবোৰক আক্ৰমণ কৰে। মানুহবোৰো ক্ৰমান্বয়ে জম্বিলৈ পৰিৱৰ্তন হবলৈ ধৰে।
ৰৱি আৰু কাউণ্টে নিজৰ শত্ৰুতা সাময়িক ভাৱে পাহৰি একেলগ হৈ জম্বিবোৰক আক্ৰমণ কৰে। তেঁওলোকে যেনে তেনে মোহিনীক ৰক্ষা কৰিব লাগিব, জানিব লাগিব তাইৰ জীৱনৰ কাহিনী।
ৰৱিৰ কুংফু আৰু কাউণ্টৰ ৰক্তপানৰ যুগপৎ আক্ৰমণত জম্বি বাহিনী পিছুৱাই যাব লগা হয়। কাউণ্টক সহায় কৰিবলৈ তেঁওৰ পোহনীয়া ড্ৰেগনটোও আহি পায়, সি তাৰ মুখৰ জুয়েৰে জম্বিবোৰক এফালৰ পৰা দহি নিয়ে। মুন্নাই এসময়ত চিঞৰে
“লোটিয়া, তই ইহতক চম্ভাল, মই মোহিনীক বিছাৰি যাও।“

“যা যা, মোহিনীক বিছাৰ তই, মই ইহতক অকলেই শেষ কৰি পেলাব পাৰিম”
মুন্না ষ্টেজৰ পিছফালে যায়, মোহিনীক বিছাৰে। সকলো ভাঙি চিঙি পৰি আছে। কৰবাত জুই লাগিছে। মুন্না বিব্ৰত হৈ পৰে, মোহিনী কত?

“মোহিনী, মোহিনী! কত আছা ওলাই আহা! মই মুন্না, সেই গাঁৱৰ মুন্না!”

হঠাত মুন্নাই মেক আপ টেবুল এখনৰ তলৰ পৰা এটা ভৰি ওলাই থকা দেখা পাই, দৌৰি গৈ তেও টেবুলখন ডাঙি দলিয়াই পেলাই। তাত মোহিনী পৰি আছে, অচেতন। মুন্নাই ওচৰতে পোৱা পানীৰ বটল এটাৰ পৰা পানী ছটিয়াই তাইৰ মুখত।

এসময়ত মোহিনীয়ে চকু মেলে। কিন্তু ই কি? তাইৰ চকুৰ মণি কেইটা ঘোলা কিয়? মুন্নাই মোহিনীৰ হাত ভৰিবোৰ চাই। আৰু দেখে মোহিনীৰ বাওবাহুত এটা কামোৰৰ দাগ। মোহিনী ইতিমধ্যেই জম্বিৰ আক্ৰমণৰ বলি হৈছে। তাইয়ো নিজে জম্বি হোৱাৰ পথত।

আস, মোহিনী জম্বি হৈ গৈছে, তাইৰ প্ৰচণ্ড ইচ্ছা হৈছে, মুন্নাক কামোৰ মাৰি দিয়াৰ! কিন্তু কেনেকৈ কামোৰে তাই। এয়া যে মুন্না, তাই তাৰ ওচৰত ক্ষমাৰ অযোগ্য দোষ কৰিছে। আকৌ তাক তাই আক্ৰমণ কৰিব কেনেকৈ, তাইৰ যে ক্ষমা খুজিব লগা আছে।

মোহিনীৰ গাত এবাৰ জম্বি ভাৰী হয়,  আনবাৰ মানবীয়তা। এবাৰ কামুৰিব মন যায়, এবাৰ ক্ষমা খুজিব মন যায়। শেষত নিজৰ সমস্ত শক্তি গোটাই মোহিনীয়ে নিজৰ জম্বি আবেগ নিয়ন্ত্ৰণ কৰে আৰু কয়,

-“ মোৰ হাতত বেছি সময় নাই, মোক লোটিয়াৰ ওচৰলৈ লৈ বলা”

মুন্নাই মোহিনীক দুইহাতে তুলি ধৰি বাহিৰলৈ ওলায় আহে, পূৱে ইতিমধ্যে ফেহুঁজালি দিছে। কাউণ্ট আৰি ড্ৰেগন মিলি জম্বি  বাহিনীক ইতিমধ্যে প্ৰায় নিঃশেষ কৰি পেলাইছে। মোহিনীক দেখি কাউণ্ট দৌৰি আহে, ড্ৰেগনে সকলো ফালে তীক্ষ্ন দৃষ্টি ৰাখিছে।

কাউণ্টঃ- “মোহিনী,  মোহিনী!! এয়া কি হ’ল? কেনেকৈ?”

মোহিনীঃ- “(সেহাই সেহাই), মোক ক’বলে দিয়া লোটিয়া, মুন্না! মই মহাপাপী। মই তোমালোক দুইটাকে মিছা কথা কৈছিলো। মুন্নাই মোক কোনো দিনে বেয়া চকুৰে চোৱা নাই, মোৰ লোভেই মোক শেষ কৰিলে, আৰু লগতে তোমালোককো। তোমালোকৰ পৰা আঁতৰি মই ৰাহুলৰ সৈতে পলাই যাব খুজিছিলো, সেয়ে মই তোমালোক দুইজনৰে মাজত ভুল ভুজাবুজিৰ সৃষ্টি কৰিলো। কিন্তু মোৰ পাপৰ ফল মই লগে লগেই পালো। ৰাহুল এটা ঠগবাজ ওলাল। সি মোক আনি মুম্বাইত বিক্ৰী কৰি দিলে। সেই গাঁৱৰ বিহুৱতী আহি আজি মই মুম্বাইত বাৰ ডেন্সাৰ হলোহি। ঘুৰি যোৱা সম্ভৱ নাছিল, কিন্তু মই মানুহজনী বিবেকৰ দংশনত তিল তিল কৈ মৰি আছিলো। আহহ! ভগৱান কিমান দয়াশীল। আজি মোৰ এই শেষ মুহুৰ্তত আজি মোক ক্ষমা খোজাৰ সুবিধা দিলে। জানো মই ক্ষমাৰ অযোগ্য, তোমালোকে মোক ক্ষমা কৰিব নেলাগে। কিন্তু মই যে ক্ষমা খুজিব পাৰিলো সেয়ে মোৰ সন্তুষ্টি। বিদায় মুন্না, বিদায় লোটিয়া, বিদায় জিন্দেগী!!!”

মোহিনীৰ মুৰটো ঢলি পৰে। চকু হাল মুদ খাই যায়। মুন্না আৰু লোটিয়াই চিঞৰি উঠে

“মোহিনী, মোহিনী, প্লীজ আমাক এৰি নেযাবা মোহিনী। আমি তোমাক ক্ষমা কৰিছো। উঠা মোহিনী উঠা।“

মোহিনীৰ সাৰ সুৰ নাই। দুইজনে লাহে লাহে মোহিনীৰ দেহটো মাটিত শুৱাই দিয়ে। দুইজন ঠিয় হয়, মুন্না আৰু লোটিয়াই ইজনে সিজনে ফালে চায়। দুইজনে কিবা কব খোজে, কিন্তু ইজনে সিজনক বাধা দিয়ে। আৰু এসময়ত সাৱটি ধৰে। চকুৰে বাগৰি আহে অশ্ৰুকণা। নেপথ্যত চেতাৰৰ সুৰ বাঢ়ি আহে। কেমেৰা ঝুমৰ পৰা পেন হবলৈ ধৰে।

হঠাত চেতাৰৰ সুৰ স্তব্ধ হৈ যায়? কেমেৰা আকৌ ফাষ্ট ঝুম হয়, মোহিনীৰ মুখ! মোহিনীয়ে ট ট কৈ চকু  মেলি আছে। পিছমুহুৰ্ততে তাই জপিয়াই উঠিছে আৰু একে ‘মুভ’তে  মুন্না আৰু লোটিয়াক  কামুৰি ধৰিছে হিংস্ৰ বাঘিনীৰ দৰে। দুইটাকে পৰাজিত কৰি মোহিনীয়ে এইবাৰ ড্ৰেগনৰ ফালে চোঁচা লৈছে। ভয় খাই ড্ৰেগন উৰা মাৰিছে। অসহায় লোটিয়া আৰু মুন্না মাটিত বাগৰি ছটফটাই আছে। লাহে লাহে দুয়োৰে চকু মোহিনীৰ দৰে ঘোলা হবলৈ ধৰিছে।

ঢিছকিউ…. ঢিছকিউ…. ঢিছকিউ …. লেখি লেখি তিনিটা গুলীৰ শব্দ! মোহিনী, মুন্না আৰু লোটিয়াৰ বুকুৰ মাজেদি পাৰ হৈ গৈছে এটা এটাকৈ গুলী। তিনিওৰে দেহাবোৰ ডিঙি কটা মুৰ্গীৰ দৰে ধৰফৰাই  ক্ৰমান্বয়ে শান্ত হৈ আহিছে।

স্ক্ৰীণৰ এচুকত ৰ’ব’কপে-৩ য়ে নিজৰ ধোৱা ওলাই থকা পিষ্টলটো লাহেকৈ খাপত ভৰাই। চহৰখনক জম্বি মুক্ত কৰিবলৈ ৰ’ব’কপ-৩ ক নিয়োগ কৰা হৈছে।

কেমেৰাত এইবাৰ ৰব’ক’পৰ ৰঙা আখেৰে লিখা ডিজিটেল হেলমেট ডিচপ্লে খিনি দেখা গৈছে।

“থ্ৰী টাৰগেটচ এলিমিনেটেড!”

ৰবক’প’-৩ কমাণ্ড চেন্ট্ৰেলৰ পৰা অহা নিৰ্দেশখিনিও জিলিকি উঠে

“মুভ ষ্ট্ৰেইট অন দা হাইৱে, চাচপিচিয়াচ এক্টিভিটি ডিটেক্টেড-  ৩৫০ মিটাৰচ এট ৪৮.৫ ডিগ্ৰীজ। এনি জম্বি অৰ জম্বি ভিক্টিমচ চাইটেড, শ্বুট এট ৱিল”

বেলিয়ে সজাল ধৰিছে তেতিয়ালৈ।

☆★☆★☆

Leave a Reply

Your email address will not be published.