ফটাঢোল

কাকতিৰ সংসাৰ – তৃপ্তি বৰা

অনলাইনত মগাই অনা লং ব্লেক গাউনটো পিন্ধি কিমিয়ে নিজকে আইনাত সোঁৱে-বাঁৱে চালে। মুখত তাইৰ অসন্তুষ্টিৰ ভাৱ স্পষ্ট। এইবাৰ তাই গাৰ্ডাৰডাল খুলি চুলিখিনি মেলি, মুখখন জোঙা কৰি চালে, ওহোঁ মুখত এতিয়াও অসন্তুষ্টি। এবাৰ কঁকালত এখন হাত থৈ, এবাৰ দাঁত উলিয়াই আকৌ এবাৰ মিচিকিয়া হাঁহি মাৰি বিভিন্ন ভংগীমাত তাই আইনাখনত নিজকে চায়ো সুখী হ’ব নোৱাৰিলে। মুখখনত অসন্তুষ্টিৰ ভাবটো লৈয়ে তাই, পছন্দৰ চকলেটটো নাপায়, থেনথেনোৱা কেঁচুৱাজনীৰ দৰেই থেনথেনাই কাষতে কঁকালত হাত থৈ থিয় হৈ থকা মাকক ক’লে,
: একদম চ্চিপ লাগিছে জানানে মাম্মা। ড্ৰেচটো যে ইমান বেয়া ফিটিং! ভবাই নাছিলো জানা। এতিয়া মই বিয়াত কি পিন্ধিম!

: নতুন ড্ৰেচ এটা ল’ব লাগিব ৰ’বা। নহ’লে কি পিন্ধিবা?

খবৰ কাকতখন পঢ়িবলৈ বুলি চচমাযোৰ বিচাৰি চলাথ কৰি ফুৰা কাকতিয়ে মাক জীয়েকৰ কথোপকথন শুনি আগন্তুক বিপদৰ অশনি সংকেত ঠিকেই পালে। কিমিয়ে ওচৰ চাপি আহি তেওঁৰ কাষতে বহি লেনিয়াই মাত লগালে,
: অ’ পাপা, নিউ ড্ৰেচ এটা লৈ দিয়ানা প্লিজ। এইটো ভাল নহয়।

ভাল নহয়! প্রায় এসপ্তাহ ধৰি ইণ্টাৰনেটত শ শ কাপোৰ চাই, তাৰ মাজৰ পৰা কোনোৰকম এটা পছন্দ কৰি চাৰিহেজাৰ টকা ভৰি মগাই অনা পোছাকযোৰ এতিয়া ভাল নহয়! ক’ব খুজিও কাকতিয়ে কথাষাৰ নক’লে।

: যোৱামাহত এযোৰ লৈছই দেখোন।

: অ’হ পাপা, সেইযোৰ মামাৰ বিয়ালৈহে লৈছিলো। এতিয়া নেক্সট ৱিকত মোৰ ফ্ৰেইণ্ড লিজাৰ বিয়া নহয় জানো? সেইযোৰ পিন্ধি অলৰেডি মই ফেচবুকত ফটো আপলোড কৰিলোৱেই দেখোন।

: হ’ব দিয়া। দিলাই যেনিবা তাইক কাপোৰ এযোৰ, তাতে কিনো হ’ল? দিব দে মাজনী, তই চিন্তা নকৰিবি।

কাকতিয়ে কিবা এটা ক’বলৈ মুখ মেলিছিল যদিও মিছেছ কাকতিৰ কথা শুনি মনে মনে থাকিল। আচলতে এনেকুৱা সময়বোৰত তেওঁ মনে মনে থকাটোৱেই পৰিৱেশটোৰ বাবে মংগল বুলি তেওঁ বিশ্বাস কৰে।

: মাজনী মোৰ চচমাযোৰ ক’ত থ’লো বিচাৰি পোৱা নাই। খবৰ কাকতখন পঢ়ি দিবিনে? পৰিৱেশটো সহজ কৰিবলৈ কাকতিয়ে কথাষাৰ কৈ উঠিল।

: প্লিজ পাপা, তুমি দেখোন জানাই মই আচামীজ পঢ়িব নাজানো বুলি।

: অসমীয়া আমাৰ নিজৰ ভাষা, পঢ়িব নাজানো বুলি কোৱাতো লাজৰ কথা। তই এতিয়া ডাঙৰ হৈছ, পাছলৈ নিজৰ সন্তানক কি শিকাবি?

: হেৰা, থোৱাহে। কি কৰিবনো অসমীয়া জানি? এনেইও মোৰ ছোৱালী অসমত নাথাকে। মাজনী বিয়ালৈ ৰিয়ান আহিব নহয়?

: অঁ মাম্মা আহিব। মই অলৰেডি ৰিয়ানলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্টো পঠাইছোঁ জানা।

: এই ৰিয়ান কোন আকৌ? মাক জীয়েকৰ কথাৰ আঁত ধৰিব নোৱাৰি কাকতিয়ে প্ৰশ্ন কৰিলে।

: ৰিয়ান লিজাৰ মোমায়েকৰ ল’ৰা। ইঞ্জিনীয়াৰ, আমেৰিকাত থাকে। মাজনীৰ বাবে মই ৰিয়ানৰ কথাকে ভাবিছোঁ।

অ’ তাৰমানে কথাৰ গুৰি ক’ৰবাত। কাকতিয়ে উৰহি গছৰ ওৰটো এতিয়াহে পালে। সেয়ে বিয়ালৈ বুলি মাক জীয়েকৰ ইমান আয়োজন!

: মাজনীৰ বাবে মই আকৌ আমাৰ বৰুৱাৰ ল’ৰা ৰক্তিমৰ কথাহে ভাবি আছিলো। ৰক্তিমে বৰ্তমান স্থানীয় কলেজখনতে কৰে। ভাল ল’ৰা। আমাৰ এজনীয়েই ছোৱালী। ওচৰতে থাকিব। ইমান দূৰলৈ পঠিওৱাৰনো কি প্ৰয়োজন?

: হেৰা, তুমি মনে মনে থাকা বুইছা। নিজেই কাহানিবা মোক বিদেশলৈ ফুৰাবলৈকে নি পাইছিলানে? এতিয়া মোৰ ছোৱালীৰ ভাগ্যত মিলিছে, সেইটোও আকৌ তুমি হ’বলৈ নিদিবানে? তুমি নিজেই নিব নোৱাৰিলা নাই, এতিয়া মোৰ ছোৱালীৰ জহতেই বিদেশলৈ যাম বুজিছা। মুঠৰ ওপৰত মাজনীৰ বিয়া ৰিয়ানৰ লগতেই হ’ব।

: তাৰমানে তুলসীৰ লগতে কলপটুৱাৰ মুক্তি।- কওঁ নকওঁকৈ কোৱা কাকতিৰ কথাষাৰ মিছেছ কাকতিৰ ঠিকেই কাণত পৰিল।

: হেৰা কি ক’লা তুমি? জ্বলি থকা জুইকুৰাত পেট্ৰল ঢালিলে ফাউচকৈ জ্বলি উঠাৰ দৰে মিছেছ কাকতিৰ খংচাটি দেখি কাকতিয়ে মনে মনে থকাই ভাল বুলি ভাবিলে। মিছেছ কাকতিৰ ওপৰত মাত মতাৰ অধিকাৰ কাৰোবাৰ থাকিব পাৰেনে? আগত্যা কাকতিয়ে বিনা চচমাৰেই বাতৰি কাকতত মনোনিবেশ কৰিলে। লিজাৰ বিয়াখনৰ পাছৰ পৰা কিমিৰ পৰিৱৰ্তন কাকতিয়ে মন কৰিছে। আচৰিত ধৰণৰ পৰিৱৰ্তন হৈছে ছোৱালীজনীৰ। আজিকালি তেওঁক পাপাৰ সলনি দেউতা বুলি মাতিবলৈ লৈছে। মাককো মা বুলি মাতে। অসমীয়া খবৰ কাকতখন অহা মাত্ৰেই পঢ়িবলৈ লয়। শ্ৰীমতীৰো একেই দশা। গ্ৰন্থমেলালৈ গৈ ফেচবুকত দিবলৈ ফটো উঠা আৰু ৰূপচর্চা, ৰেছিপি কিতাপকেইখনৰ বাহিৰে আন কিতাপত চকুৱেই নুফুৰোৱা মানুহজনীয়ে দেখোন হঠাতে অসমীয়া সাহিত্যৰ গল্প, উপন্যাস, কবিতাৰ বিভিন্ন কিতাপেৰে ঘৰৰ আলমিৰা ভৰাই তুলিছে! কাৰণটো বা কি! বাৰাণ্ডাতে বহি পুৱাৰ চাহকাপত সোহা দি কাকতিয়ে সেই কথাটোকেই চিন্তা কৰি আছিল।

: দেউতা।

হঠাৎ কিমিৰ মাতত তেওঁৰ চিন্তাত যতি পৰিল।

: ক মাজনী।

: বৰুৱা খুড়াৰ ল’ৰা ৰক্তিমৰ ফোন নম্বৰটো তোমাৰ ওচৰত আছে নেকি? কিমিৰ কথাষাৰ শুনি কাকতিৰ মনটো আনন্দত নাচি উঠিল।

: তাৰমানে তই ৰক্তিমৰ লগতেই বিয়া হোৱাৰ সিদ্ধান্ত ল’লি?

: ৰক্তিম অসমীয়াৰ লেকচাৰাৰ নহয় জানো?

: হয় মাজনী অসমীয়াৰে হয়। হওক দে। মাৰে নুবুজিলেও তই যে মোৰ কথা বুজি পালি।

: নহয় মানে দেউতা, ৰিয়ানে অসমীয়া বৰ ভাল পায়। অসমীয়া সাহিত্যতো বহুত ৰাপ আছে। সিদিনা বহুকেইখন অসমীয়া কিতাপৰ নাম ক’লে, কিন্তু মই যে একোৱেই নাজানো।

: অ’ এতিয়া তেনেহ’লে ৰক্তিমৰ সৈতেই বিয়া হোৱাৰ সিদ্ধান্ত ল’লি ন?- কাকতিয়ে প্ৰশ্ন কৰিলে।

: নহয় মানে দেউতা, মই ৰক্তিমৰ তাতে অসমীয়াৰ টিউচন লওঁ বুলি ভাবিছোঁ। কওঁ নকওঁকৈ কোৱা কিমিৰ কথাষাৰ শুনি কাকতিৰ হাতৰ চাহকাপ কোনোমতেহে সৰি নপৰাকৈ থাকিল। সন্মুখত উৎকণ্ঠাৰে ৰৈ থকা নিজৰ একমাত্ৰ জীয়ৰীৰ মুখলৈ ৰ লাগি চাই তেওঁ ভাবিবলৈ ধৰিলে, এই মুহূৰ্তত যদি কোনোবাই তেওঁক ৰাখী সাৱন্ত মিছ ৱৰ্ল্ড, ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ওজন পচপন্ন কিলো বুলিও ক’লেহেঁতেন, সেয়াও মানি ল’লেহেঁতেন চাগৈ! এৰা, তাহানিতে “মাক চাই জীয়েক” বুলি কোৱা কথাষাৰ তেওঁৰ দৰে কোনোবা ভুক্তভোগীয়েই আৱিষ্কাৰ কৰিছিল কিজানি!

☆★☆★☆

6 Comments

  • হৃষীকেশ ডেকা

    পঢ়িলো বৰ সুন্দৰ লাগিল। তৃপ্তি বা

    Reply
  • জয়ন্ত দাস

    বৰ ধুনীয়া লিখিলে৷

    Reply
  • কমলা দাস

    আকৌ এবাৰ পঢ়িলো তৃপ্তি ।ভাল লাগিল ।

    Reply
  • বাস্তৱ ছবিখন ধুনীয়াকৈ ফুটি উঠিছে। ভাল লাগিল।

    Reply
  • সদানন্দ ভূঞা

    আগতেও পঢ়িছিলোঁ, এতিয়াও পঢ়িলোঁ । বৰ ভাল লাগিল ।

    Reply
  • ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.