ফটাঢোল

কাছ আৰু শহাৰ দৌৰ — অলকেশ ভাগৱতী

কাছ আৰু শহাপহুৰ সাধুটো শুনিছে নিশ্চয়!

এয়া আজিৰ পৰা প্ৰায় ৭৫ বছৰৰ আগৰ কথা৷ ভাৰতবৰ্ষত তেতিয়া গান্ধী বংশৰ শাসন আৰম্ভই হোৱা নাছিল৷ জৱাহৰলাল নেহৰুৱে সুভাষ বসুক লেং মাৰি নিজ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ নানা চিন্তা চৰ্চা কৰি থকাৰ সময়তেই এদিন শহা আৰু কাছৰ মাজত এক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ল৷ শিয়ালে হুইছেল বজোৱাৰ লগে লগেই শহাই উচেইন ব’ল্টৰ দৰে ধুমুহাৰ গতিত দৌৰ আৰম্ভ কৰি পাঁচ মিনিটমানৰ ভিতৰতেই প্ৰায় আধা ডিষ্টেন্সৰ বেছি ক’ভাৰ কৰি ল’লে৷ ফিনিছিং লাইন পাবলৈ মাত্ৰ চাৰি মিনিটমান থাকোঁতে শহাই হঠাতে ৰৈ পিছফালে ঘুৰি চালে৷ দুৰ-দুৰণিলৈ কাছৰ কোনো দেখা দেখিয়েই নাই৷ নাই মানে একেবাৰেই নাই৷ কাছ ‘টোটেলি আউট অৱ দা চিন’৷ শহাৰ আমনি লাগি গ’ল৷ কি বোৰিং ৰেচ!! কাছই কিজানি পঞ্চাছ মিটাৰমানো ক্ৰছ কৰা নাই৷ সেয়েহে বেকাৰ ফিনিছিং লাইনত গৈ ৰৈ থকাতকৈ শহাই অলপ শুই লোৱাৰ ডিচিচন এটাকে লৈ ল’লে৷ আৰু ভবাৰ লগে লগেই কোনো বিলম্ব নকৰি শহা টোপনিত লালকাল দিলে৷ ইয়াৰ পিছৰখিনি আমি জানোৱেই৷

টোপনিত ‘হাম চাথ চাথ হাই’  চিনেমাখনতকৈও দীঘল কাহিনীৰ সপোন এটা দেখি শহা মছগুল হৈ থাকিল৷ আৰু যেতিয়া চিনেমা হলত ক্ৰিংঙঙঙঙ কৈ বজাৰ দৰে সপোন শেষ হোৱাৰো সৰু এটা শব্দ হ’ল,  তেতিয়া টোপনিৰ পৰা জাঁপ মাৰি উঠি শহাই দেখে যে কাছ ফিনিছিং লাইনৰ পৰা মাত্ৰ ৫০ মিটাৰ দুৰত৷ কোনো আগ পিছ নাভাবি শহাই এইবাৰ তৰা-নৰা চিঙি দৌৰিবলৈ আৰম্ভ  কৰিলে৷ কিন্তু মাত্ৰ ৩.৬৯ চেকেণ্ডৰ কাৰণে শহা হাৰি গ’ল৷ এই বিজয়ৰ পিছত কাছ নিশাটোৰ ভিতৰতেই হাবিখনৰ ষ্টাৰ হৈ পৰিল৷ লগে লগেই কাছৰ ওচৰলৈ শিয়াল,  কুকুৰ আদি নানা তোষামোদকাৰীৰ আগমন ঘটিল৷ সিহতে কাছক মূৰৰ ওপৰত তুলি গোটেই জংঘলত চাৰিপাক ঘুৰাই সম্বৰ্দ্ধনা জনালে৷

ইফালে দৌৰ শেষ কৰাৰ আগতে টোপনি মাৰি প্ৰতিযোগিতাত হাৰি যাব লগীয়া হোৱা কথাটোক শহাই কিন্তু সহজভাবে ল’ব নোৱাৰিলে৷ শহা মানসিকভাৱে সম্পূৰ্ণ ভাঙি পৰিল৷ লাহে লাহে সি কেৰ্কেটুৱাৰ গেলা ভাটিত বহি মদ খোৱা আৰম্ভ কৰিলে৷ প্ৰথমে সপ্তাহত এদিন দুদিন৷ তাৰ পিছত ডেইলি৷ আৰু শেষত এনে অবস্থা আহিল যে সাৰে থকা সময়খিনি শহাই এনিটাইম মদ খাই ঢলং পলং কৰি থকা হ’ল৷ দুদিনমান মদ খাই গাঁতলৈ ঘুৰি আহোতে বাটত নিচাতে বান্দৰ, শিয়াল আদিৰ লগত কাজিয়া লাগি বেচেৰাই পাব্লিক ধুলাইও খালে৷ আৰু শেষত এদিন অতিপাত মদ খাই লিভাৰ চিৰ’চিছ হৈ শহাই ইহলীলা সম্বৰণ কৰিলে।

ইয়াৰ পিছত কেইবা দশকো পাৰ হৈ গ’ল৷ জংঘলত শিয়াল, কুকুৰ, বাঘ,  সিংহ , শহা আদি সকলোৰে বহু কেইটা জেনেৰেছন আহিল আৰু গ’ল৷ কিন্তু কাছটো তেতিয়াও জীয়াই থাকিল৷ কাৰণ কাছৰ আয়ুস একতা কাপুৰৰ চিৰিয়েলতকৈও বেছি দীঘলীয়া৷ এই সময়খিনিত কাছই জংঘলৰ নতুন নতুন প্ৰাণীবোৰক নিজৰ অলিম্পিকত গোল্ড মেডেল জিকাৰ কাহিনীটো শুনাই ৱাহ ৱাহ লৈ থাকিল৷ মাজে মাজে কাছই পোৱালি শহাবোৰক ৰাস্তাত দেখা পালে ইতিকিং কৰি কয়,-

“ বাপু তহঁত নতুন জেনেৰেছন৷ তহঁতে নাজান,  তহঁতৰ বয়সত মই সকলো কথাতে আগৰণুৱা আছিলোঁ৷ তোৰ বাপেৰে/ ককাই / আজোককাই মোৰ লগত দৌৰ প্ৰতিযোগিতাত ভাগ লৈ পানী খাই গৈছিল৷ মই গোটেই দেশৰ ভিতৰত দৌৰত ফাৰ্ষ্ট হৈছিলো৷ তহঁতৰ উপৰিপুৰুষ চেকেণ্ড হৈছিল৷ মই প্ৰায় দহ মিনিটৰ গেপত ফাৰ্ষ্ট হৈছিলো৷”

ডেইলি কাছৰ পৰা এনে ডাংকোপ মৰা ফাঁকিবোৰ শুনি শুনি নতুন শহাবোৰে ‘কামোৰ’ খাই গৈছিল৷

 এদিন শহাই কিবা এটা টেনচনত খৰধৰকৈ নেউলৰ ঘৰৰ পিনে গৈ আছিল৷ তাৰ সেইদিনা নেউলৰ লগত পাৰ্টি এটালৈ যোৱাৰ কথা৷ কিন্তু তেতিয়ালৈ তাৰ পইছা পুৰা যোগাৰ হোৱা নাই৷ সেয়ে অলপ আনচাৰ্টেইন হৈ আছে প্লেনটো৷ তথাপিও কিবাকৈ মিলাবই লাগিব৷ কাৰণ,  সি ইমান দিনে ‘লাইন’  মাৰি থকা কেৰ্কেটুৱাৰ জীয়েকজনীও পাৰ্টিটোলৈ আহিব৷ আজোককাকে গেলা মদ বিক্ৰী কৰিহে পিছৰ জেনেৰেছন কেইটাৰ বাবে ‘খানদানী’  ধনী বুলি স্বীকৃতিটো গোটাইছিল যদিও তাই এতিয়া তামাম ষ্টেটাছ মেইন্টেইন কৰে৷ কম দামী ডিস্কোত তাই নাযাব৷ গতিকে ক’ৰবাৰ পৰা ধাৰ কৰি হ’লেও শহাই এটা ভাল এমাউন্ট যোগাৰ কৰিবই লাগিব৷ ইয়াত তাৰ ইজ্জতৰ কথা জড়িত হৈ আছে৷

নেউলৰ ঘৰ পাবলৈ আধা কিলোমিটাৰমানহে আছিল মাত্ৰ,  এনেতে শহাই দেখা পালে যে ডিঙিত মোনাখন ওলোমাই লৈ সন্মুখৰ পৰা বৃদ্ধ কাছ আহি আছে৷ কাছক দেখিয়েই শহাৰ ‘তাঁৰ’  চিঙি গ’ল৷ শহাই মুখৰ ভিতৰতে ভোৰভোৰাই গালি দি কিবাকৈ নেদেখা ভাও ধৰি পৰিস্থিতিটোৰ পৰা ‘কাটি’  খাবলৈ চেষ্টা কৰিলে৷

পিছে নাই,  কাছই মাত দিলেই- ” বাপু, ক’লৈ যাৱ?”

”ককা,  অলপ নেউলৰ ঘৰৰ পৰা আহোঁ৷ তাৰ মাকৰ হেনো চিৰিয়াছ৷ হস্পিটেলত আছে৷”

” ইচ্,  হয় নেকি?  তহত নতুন জেনেৰেচনটো বৰ দুৰ্বল অ’! তহঁতৰ বয়সত মোৰ একো বেমাৰেই নাছিল৷ মই সকলো কথাতে আগৰণুৱা আছিলোঁ৷ তোৰ আজোককাই মোৰ লগত দৌৰ প্ৰতিযোগিতাত ভাগ লৈ পানী খাই গৈছিল৷ মই গোটেই দেশৰ ভিতৰত…….।”

ইমান টেনচনৰ সময়ত কাছৰ এই ফাল্টু কথাবোৰ শুনি শহাৰ খঙে চুলিৰ আগ পালেগৈ৷ চাল্লা,  সহ্যৰো এটা সীমা আছে৷ ৭৫ বছৰ আগতে কাছই এবাৰ হেনো এটা ৰেচ জিকিছিল৷ সেয়াও মাথো শুনা কথাহে৷ কাৰণ তেতিয়া মিডিয়া নাছিল৷ সৰ্বক্ষণে ব্ৰেকিং নিউজ দি থকা জ্যেৰিইইৰৰ হ্যুছ্যেইইইন, মৃণাল, নিতুমণি আদিৰ তেতিয়া জন্মই হোৱা নাছিল৷ গতিকে সেই ঘটনাৰ সত্যতাৰ কোনো প্ৰমাণেই নাই৷ এয়া কাছৰ প্ৰ’পাগ’ণ্ডাও হ’ব পাৰে! কোনেও আজিলৈ এই ঘটনাটোৰ ‘অ’থেন্টিচিটি কুৱেইচ্চন’  কৰা নাই কাৰণে কাছই তাৰ সুবিধা উঠাই লৈ যেতিয়াই তেতিয়াই সেই মান্ধাতা যুগৰ কথাটোৰ বকলা মেলে৷ এইবাৰ শহা সজাগ হৈ গ’ল৷

“ চাল্লা, এই বুঢ়া মোৰ আজোককা মৰি যোৱাৰ পিছতো ৫০ বছৰ জীয়াই থাকিল৷ মই মৰাৰ পিছতো ই আৰু ১০০/১৫০ বছৰ জীয়াই থাকিব৷ তেতিয়া বুঢ়াই আজি আমাক কামোৰাৰ দৰে আমাৰ নাতি পৰিনাতি সকলকো এই একেই কাহিনী শুনাই ডেইলি ব’ৰ কৰিব৷ গতিকে ইয়াৰ ফুটনি এইবাৰ শেষ কৰিবই লাগিব৷ এনাফ ইজ এনাফ কে… ৷“

”ককা, হেৰি নহয়, মানে এইবোৰ কথা পুৰণি হ’ল৷ আপুনি আগতে আমাৰ আজোককাৰ লগত জিকিছিল,  ঠিকেই আছে৷ পিছে আজিকালি দিন কাল সলনি হ’ল৷ আজিকালি আমিও দৌৰিব পাৰোঁ৷ বহুতো ৰেচত আমিও ফাৰ্ষ্ট হৈছোঁ৷”

” এহ,  থ থ৷ তহঁতৰ দৰে ল’ৰাই মোৰ লগত কি পাত্তা পাবি?  তোৰ আজোককাই মোৰ লগত দৌৰি ঢোকে ঢোকে পানী খাই গৈছিল৷ তহতৰ কথা নকওঁৱেই!”

”কিয় নক’ব?  ক’বই লাগিব৷ বহুত হ’ল৷ ব’লক কাইলৈ আমি দুজনে আকৌ এবাৰ ৰেচ খেলোঁ৷ চাওঁ কোনে কিমান দৌৰিব পাৰে! আজি মোৰ হাতত সময় কম৷ কাইলৈ ৰাতিপুৱা ময়ো চাম মোৰ আজোককা কেনেকৈ হাৰিল৷”

এই কথা শুনি কাছ মহা টেনচনত পৰিল  জীৱনত এবাৰেই শহাই কৰা এটা ভুলৰ কাৰণে কাছ জিকি গৈছিল৷ তাকো ৭৫ বছৰ আগতে৷ সেই কথাটোকে লৈ আজিও জংঘলত কাছৰ এটা সন্মান আছে৷ কালি যদি পুনৰ ৰেচ হয়,  তেন্তে কাছৰ পৰাজয় নিশ্চিত৷ আৰু তেনে হ’লে আজি সাত দশক ধৰি থকা কাছৰ মান-সন্মান সকলো কাইলৈ ধুলিস্যাৎ হৈ যাব৷ ছেহ, কিহে পাইছিল বাৰু শহা পোৱালিটোক জোকাই ল’বলৈ!

”এহ,  বাদ দে, তহঁতৰ দৰে লৰাই মোৰ লগত ৰেচ লগাই বেমাৰে চেমাৰে পৰিবি৷ নালাগে যা৷ মই যাওঁ এতিয়া৷ পেন্সন অফিচত কাম এটা আছে৷ পলমেই হ’ল মোৰ৷”

” নাই নাই,  যোৱাৰ আগতে কালিৰ ৰেচৰ কথা ফাইনেল কৰি যাওঁক৷”

এইবাৰ কাছৰ কামোৰ খোৱা পাল৷ সৰ্বনাশ,  ই দেখোন কথাটো চিৰিয়াছলি লৈ ল’লে! কালি ৰেচ হ’লে ই আজোককাকে কৰা ভুলটোতো নকৰিব৷ আৰু আধা ৰাস্তাত যদি শহা শুই নিদিয়ে তেন্তে ইয়াক ‘বিট’ কৰাটো কাছৰ পক্ষে কোনোপধ্যেই সম্ভৱ নহব৷

” নাই ও, কাইলৈ আমাৰ নাতিজনীক একোলেণ্ডলৈ ফুৰাবলৈ নিম বুলি কৈ থৈছোঁ৷ কাইলৈ নহ’ব৷ পিছত এদিন কোনোবাদিনা কৰিম যা৷ এতিয়া যাওঁ দে৷ পেন্সন অফিচত পলমেই হ’ব এতিয়া৷”(আজিলৈ বাচি গ’লে কোনোকালেই আৰু ইয়াক খজুৱাই নলওঁ”-বুলি কাছই মনে মনে তিনি শপত খাই ল’লে৷)

” ঠিক আছে ককা৷ কাইলৈ নহয় যদি পৰহি কৰক৷ কিন্তু ৰেচ হ’বই লাগিব৷ গতিকে কেতিয়া কৰিব সেইটো কওঁক৷”

এইবাৰ কাছ নিশ্চিত হ’ল যে পোৱালি শহাও এৰি দিয়া ভকত নহয়৷ ই এই সুযোগতে তাৰ পৰিয়ালে অত বছৰে সন্মূখীন হৈ অহা লাঞ্ছনাবোৰৰ পোতক তুলিহে এৰিব৷ ৰেচ যিহেতু হ’বই,  গতিকে বিপদ আৱশ্যাম্ভি৷ সেয়েহে তাক পলম কৰি লাভ নাই৷ বিপদ পিছলৈ পেলাই নথৈ সাহসেৰে যিমান সোনকালে পাৰি তাৰ মুখামুখি হ’লে মানসিক অশান্তিৰ পৰা মুক্ত হ’ব পাৰি বুলি কাছই জীৱনত এক্সপেৰিয়েন্সৰ পৰা বুজি পাইছে৷ [নীতি শিক্ষাৰ প্ৰথম শিকনি) Moral 1 of the story ]

”হ’ব দে বাপু৷ তেনেহ’লে কাইলৈয়েই কৰ৷ পিছে বেছি হৈ-হাল্লা কৰি সকলোকে খবৰ নিদিবি৷ এই বুঢ়া বয়সত তোৰ দৰে সৰু লৰা এটাৰ লগত ’কম্পিটিছন’ কৰি তোক হৰুওৱা বুলি শুনিলে সকলোৱে মোকেই দুষিব৷”

[Moral 2 : – Try to minimise the damage as much as you can. যিমান কম মানুহে তোমাৰ বিফলতাৰ কথা গম পাব সিমানেই তোমাৰ কাৰণে মংগল৷]

”হ’ব ককা৷ কাকো নকওঁ বাৰু৷ পিচে মই ৰিপৰ্টাৰ কেইজনমানক মাতিম৷ এটা ‘প্ৰুফ’ থকা ভাল৷”

[Moral 3: – Always ensure that there are some witnesses to testify your success.]

”ঠিক আছে বাপু৷ কাইলৈ ৰাতিপুৱা পাঁচ বজাত লগ হ’ম তেন্তে৷ আচ্ছা হেৰি নহয়, হোঁ ল,  এই ২০০০ টকা৷ কালি কম্পিটিছনৰ কাৰনে তই গাজৰ, গাখীৰ আদি পুষ্টিকৰ খাদ্য খাই ল’বি৷ তেতিয়াহে গাত বল পাবি৷”- (বুঢ়া কাছৰ দাড়িবোৰ ৰ’দত পকা নাই৷ বুঢ়াই জানে যে টকা ২০০০ পালে চেঙেলীয়া শহাই গাজৰ বা গাখীৰ নাখায়৷ শহাই ডাইৰেক্ট কেৰ্কেটুৱাৰ বাৰত গৈ ডিঙিলৈকে মদ খাব৷ আৰু তেতিয়া কাইলৈ ৰাতিপুৱা শুই উঠি সি বেছি দৌৰিব নোৱাৰিব।)

[ Moral :  Presence of mind and keeping the  brain cool is very essential during a crisis.  Beat your enemy in the most unexpected way.  ]

আৰু তাৰপিছত কথাবোৰ সঁচাকৈয়ে কাছই ভৱামতেই হ’ল। টকা পাই লগে লগে শহাই নেউলৰ লগত ডাইৰেক্ট ডিস্কোলৈ গ’ল  তাত কেৰ্কেটুৱাৰ জীয়েকৰ লগত আকন্ঠ মদ্যপান কৰি ‘অলমোষ্ট’ বেহুচ হৈ ৰাতি দুই বজাত সৰ্পীল গতিৰে শহাই ঢলং পলংকৈ ঘৰলৈ উভতনি খোজ দিলে। ইফালে অতপৰে ৰাস্তাত নেউলৰ চাইকেল দোকানখনৰ পিছপিনে চোপ লৈ চাই থকা কাছই শহাৰ এই খোজ দেখি নিশ্চিত হ’ল যে শহাই পিছদিনা ৰাতিপুৱা কোনোপধ্যেই সময়ত টোপনিৰ পৰা সাৰ পাব নোৱাৰে। গতিকে প্ৰতিযোগিতাত কাছই ‘ৱাক অ’ভাৰ’ পোৱাটো একদম নিশ্চিত।   এইবাৰ এক বিজয়ৰ হাঁহি মাৰি পকেটৰ পৰা টেমাটো উলিয়াই মূখলৈ চাধা অকনমান নি কাছও ঘৰলৈ ৰাওনা হ’ল।

[  Moral : – Always be doubly sure that your plans are going well and your enemy has fallen into your trap and lost all his powers before the fight ]

পিছদিনা ব্ৰহ্মপুৱাতে কাছ গৈ ফিল্ডত হাজিৰ। সদায় ৰাতিপুৱা 4 টা বজাতে উঠি মৰ্নিং ৱাক কৰা কাছৰ কাৰণে পুৱা টোপনিৰ পৰা উঠাটো ভাতৰ লগত পানী খোৱা টাইপৰ কথা৷ পিছে শহাৰ তেতিয়ালৈ দেখা দেখিয়েই নাই৷ কাছই জানেই যে তিনিটা কোৱাৰ্টাৰ খাই উঠি ৰাতি দুই বজাত ঘৰলৈ ওভতা শহাই ৰাতিপুৱা পাঁচবজাত কোনোপধ্যেই সাৰ নাপায়৷ ৰাতি গৈ ঘৰত বমি চমি কৰি শুওঁতে শহাৰ নিশ্চয় চাৰে তিনি বাজি গৈছে৷ ডেকাকালত ডেইলি ড্ৰিংকছ কৰা কাছই এক্সপেৰিয়েন্সৰ পৰা জানে যে ডিঙিলৈ মদ খাই শুবলৈ যোৱাৰ দিনা এঘন্টা পিছত সাৰ পোৱাটো একেবাৰে অসম্ভৱ কথা৷

খেল আৰম্ভ হ’বলৈ আৰু মাত্ৰ ১৫ মিনিট বাকী আছে৷ ফিল্ডক দৰ্শক কোনো নাই যদিও লাহে লাহে নিউজ চেনেলৰ ৰিপোৰ্টাৰবোৰ ব্ৰ’ডকাষ্টিং ভান লৈ আহি খেলপথাৰ পালে৷ দৰ্শক আনিব নালাগে বুলি নিজেই শহাক উপদেশ দিয়া বাবে এতিয়া কাছৰ অনুশোচনা হ’ল৷ শহা যিহেতু নাহেই, ৱাক ওভাৰ পোৱাৰ পিছত কাছই দৰ্শক থাকিলে সকলোৰে সন্মূখত লম্ফ জম্ফ কৰি ‘চাল’ এটা দিব পাৰিলেহেতেন৷

[ Moral  : Always think twice before you decide.  ]

খেল আৰম্ভ হবলৈ মাত্ৰ পাঁচ মিনিটহে বাকী আছে৷ শহাৰ দেখাদেখি নাই৷ নিজৰ প্লেনত চাকচেচফুল হৈ কাছই মিচিকিয়া হাঁহি মাৰি পকেটৰ পৰা জয়ী হোৱাৰ সম্ভাৱ্য ভাষণ (Winning speech) টো উলিয়াই আকৌ এবাৰ পঢ়ি চালে৷ ধুনীয়া স্পিচ্চ৷ শহাই পৰাজয়ৰ ভয়তেই ফিল্ডলৈ নাহিল বুলি তুলাধুনা দিবলগীয়া ষ্পিচ্চটো কাছই কালি ৰাতিয়েই লিখি থৈছে৷ আৰু মাত্ৰ দুই মিনিট পিছতে ৰিপোৰ্টাৰ সকলৰ আগত ডিঙিৰ শিৰ ফুলাই কাছই এই ভাষণ দিব৷ তাৰ আগতে চাৰমিনাৰ এটা জ্বলাই দেহটো সতেজ কৰি লোৱা ভাল হ’ব বুলি ভাৱি কাছই চিগাৰেটটো মুখত লগাই দিয়াশলাইটো জ্বলাইছিলহে….।

 আৰে,  এয়া কি! দুৰত সেয়া ধলং-ধপংকৈ দেখোন শহাটো আহি আছে! এই দৃশ্য দেখি কাছৰ চুলিৰ আগে জীৱ উৰি গ’ল৷ শহাই সাৰ নাপায় বুলি কাছ ইমানেই বেছি নিশ্চিত আছিল যে,  কিবা প্ৰকাৰে সাৰ পালে নেক্সট ষ্টেপ কি হ’ব সেয়া কাছৰ ভবাই নহ’ল ৷

[ Moral : Always expect the unexpected and have a backup plan ]

” অকে ককা,  মই আহি গ’লোঁ৷ আই হেভ নো টাইম টু ষ্পেয়াৰ৷ অলপ পিছতে নেউলৰ মাকৰ খবৰ ল’বলৈ মই আকৌ হস্পিটেললৈ যাব লাগিব৷ চো ডোন্ট ৱেষ্ট টাইম এণ্ড লেটচ্ ষ্টাৰ্ট দা ৰেচ৷”-( আচলতে শহাৰ ইমানেই হেং মাৰি আছে যে সি বেছি সময় সাৰে থাকিলে বেহুচ হৈ যাব৷ গতিকে সোনকালে কাম শেষ কৰি আকৌ শুবলৈ যাব লাগে৷ কিন্তু সেই কথা কাছক ক’ব নোৱাৰি৷ কথাটো গম পালে বুঢ়াই চলে-বলে কৌশলে কম্পিটিচনটো আৰু দুঘন্টামান লেইট কৰাৰ বাবে চেষ্টা কৰিব৷)

[Never show your weakness to your enemy.  ]

” বাপু, তোৰ দেখোন হেং ফটাই নাই৷ এনেকৈ হ’লে তই কেনেকৈ দৌৰিবি?  এটা কাম কৰ৷ এই ল দুশ টকা৷ সৌৱা শিয়ালৰ পানদোকানলৈ যা৷ নামত পানদোকানী হ’লেও দোকানত সি ৰাতিপুৱাৰ পৰাই ব্লেকত মদো বিক্ৰী কৰে৷ তাৰ পৰা দুটা বিয়েৰ কিনি লৈ মাৰি দে৷ তেতিয়াহে তোৰ গাটো অলপ ভাল লাগিব৷ তাৰ পিছত দৌৰিলে গাত বল পাবি৷”

[Always give a last minute try to turn the situation in your favour.  ]

” নাই নাই ককা৷ এতিয়া নাখাওঁ৷ টকাটো ৰাখিলো বাৰু৷ কিন্তু বিয়েৰ দুবটল মই খেল শেষ হোৱাৰ পিছতহে খাম৷”

[ Accept any gift that life gives you even if it is small. But never lose your focus from the bigger goal.]

আৰু তাৰ পিছতেই পুৱা পাঁচ বজাৰ লগে লগেই খেল আৰম্ভ হ’ল৷ শিয়ালে তাৰ পানদোকান কাম ৱাইন শ্বপৰ পৰা পাঁচ মিনিটৰ ব্ৰেক এটা লৈ আহি হুইছেল বজাই দিয়াৰ লগে লগেই দুয়ো দৌৰ আৰম্ভ কৰিলে৷

শহাই নৰ্মেল পাৰফৰমেন্সতকৈ কম ষ্পিডত দৌৰিব পাৰিলে যদিও সেই গতিও কাছৰ তুলনাত বহু বেছি ফাষ্ট আছিল৷ দহ মিনিটমান দৌৰাৰ পিছত শহাই তাৰ আজোককাকেও কৰাৰ দৰে ফিনিছিং লাইন পোৱাৰ আগতে ৰৈ দিলে আৰু পিছলৈ ঘুৰি চালে৷ কাছৰ কোনো দেখা দেখিয়েই নাই৷ এইবাৰ শহাই তাৰ ডিঙিত ওলোমাই লৈ যোৱা অলিম্পাছৰ বাইন’কুলাৰটো চকুলৈ নি চালে। ”চাল্লা বুঢ়া এই হাই পাৰফৰমিং বাইন’কুলাৰটোৰ ৰেঞ্জতো নাই৷” হঠাতে শহাৰ মুৰটো বেছিকৈ বিষাবলৈ আৰম্ভ কৰিলে৷ ফিনিছিং লাইনলৈ আৰু মাত্ৰ ছয় মিনিটমানৰ বাট৷ কিন্তু ইমান হেঙত তাৰ আৰু দৌৰিবলৈ মন নগ’ল৷ শহাই গননা কৰি পালে যে কাছ আহি তাৰ ওচৰ পাবলৈ আৰু ৫৭ মিনিট লাগিব৷ গতিকে বেকাৰ খৰখেদা নকৰি অলপ শুই লোৱাই ভাল হ’ব বুলি ভাৱি শহা লগে লগে ঠাইতেই টোপনিত লালকাল দিলে৷ তাৰপিছত আজোককাকে দেখাৰ দৰে সিও এটা দীঘলীয়া সপোনৰ আমেজ ল’বলৈ আৰম্ভ কৰিলে৷

ইফালে এক্জেক্টলি ৫৭ মিনিটৰ পিছত কাছ দৌৰি দৌৰি আহি শহাৰ ওচৰ পালে৷ শহা তেতিয়াও গভীৰ নিদ্ৰাত৷ কাছই নিজ চকুকেই বিশ্বাস কৰিবলৈ টান পালে৷ এয়া কি?  এয়া দেখোন ইতিহাসৰ পুনৰাবৃত্তি! এনে এক সাংঘাটিক চমৎকাৰৰ কথা কাছই কল্পনাও কৰা নাছিল৷ এতিয়ালৈ নিজৰ পৰাজয় নিশ্চিত বুলি জানিও সকলো ভাগ্যৰ হাতত এৰি দি কাছই লাহে লাহে মাথো আগুৱাইহে গৈছিল৷

[ Have faith upon God even if you are losing. Miracles do happen.  ]

কোনো শব্দ নকৰাকৈ কাছ নীৰৱে শহাৰ কাষেৰে পাৰ হৈ গ’ল৷ গভীৰ নিদ্ৰাত থকা শহাই কাছৰ এই অভাৰটেকৰ কথা একো গমেই নাপালে৷ আজোককাকৰ ক্ষেত্ৰত হোৱাৰ দৰে একেই কথা নাতিয়েকৰ লগতো হ’ল৷

[ Never repeat the same mistakes that your forefathers did.  ]

আৰু শেষত কাছ গৈ ফিনিছিং লাইন পালে৷ পালে মানে আৰু মাত্ৰ দহ মিনিট  বাকী৷ উৎসাহত কাছই নিজৰ গতি দুগুণ বঢ়াই দিলে৷ কাছ আনডিফিটেড চেম্পিয়ন আকৌ এবাৰ!! আৰু অনাগত সাতটামান দশকলৈ কাছ জংঘলৰ উচেইন ব’ল্ট৷ কথাবোৰ  বিশ্বাস কৰিবলৈ কাছৰ নিজৰেই টান লাগি গ’ল৷

এনেতে ক্ৰিং ক্ৰিং ক্ৰিং কৈ এটা শব্দ হ’ল৷ শব্দটো শুনাৰ লগে লগেই শহাই খপজপকৈ সাৰ পাই উঠি পকেটৰ পৰা স্মাৰ্টফোনটো উলিয়াই লৈ এলাৰ্মটো বন্ধ কৰিলে৷ তাৰ পিচত জিপিএচটো খুলি লৈ কাছৰ এক্জেক্ট লোকেচনটো চাই ল’লে৷ শহাৰ মনটো ভাল লাগি গ’ল৷ শুই যোৱাৰ আগতে নিজৰ স্মাৰ্টফোনত কাছৰ জিপিএচ লোকেছন আৰু ষ্পিড চাই কাছৰ ফিনিছিং লাইন পাবলৈ শহাই কৰি লোৱা হিচাবটো তাৰমানে একেবাৰে পাৰফেক্ট৷ ফিনিছিং লাইন পাবলৈ কাছক আৰু অতিৰিক্ত দহমিনিট বাইছ চেকেণ্ডৰ প্ৰয়োজন হ’ব৷ তাৰমানে শহাৰ হাতত এতিয়াও পৰ্য্যাপ্ত সময় আছে৷ আৰামত চিগাৰেট এটা জ্বলাই দুটান মাৰি লৈ শহাই এইবাৰ পুনৰ দৌৰ আৰম্ভ কৰিলে৷

[ Learn from the mistakes of your forefathers and improvise your plan accordingly.  Make full use of the gadgets ( Smartphone mainly )  available to you and apply your common sense and knowledge to calculate the exact timing of your enemy’s move.

And never underestimate the smartness of the new generation. ]

দ্বিতীয়বাৰ দৌৰ আৰম্ভ কৰাৰ মাত্ৰ ছয় মিনিটতে কাছক ক্ৰছ কৰি শহাই ফিনিছিং লাইন পাই এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে৷ বিজয় নিশ্চিত বুলি জানি ফূৰ্ত্তিত আপোন পাহৰা হৈ দৌৰি থকা কাছই শেষ মূহুৰ্তত এনে অভাৱনীয় পৰাজয়ৰ সম্মুখীন হৈ একদম বলিয়া হোৱাৰ উপক্ৰম হ’ল৷

[ No battle is lost or won till it is over ]

ইয়াৰ পিচত কাহিনীখিনি চিম্পল৷ শহাক ৰিপোৰ্টাৰে আগুৰি ধৰি নানা ফটো আৰু ইন্টাৰভিউ ল’লে৷ শহাইও 75 বছৰে কাছই তেওঁলোকৰ প্ৰতি কৰি অহা শোষণ আৰু তিৰষ্কাৰৰ বিৰুদ্ধে বৰ বৰ ভাষণ দিলে৷

সন্ধিয়া কাছ মনৰ দুখত কেৰ্কেটুৱাৰ বাৰত মদ খাবলৈ গ’ল৷ 75 বছৰ আগতে এনে এক দিনতে কাছৰ লগত পৰাজিত হৈ মনৰ দুখত শহাই মদ খাবলৈ আৰম্ভ কৰিছিল৷

[ কাৰো ভাগ্য সদায় একে নাথাকে৷ কালিৰ চিকাৰী আজিৰ চিকাৰো হব পাৰে৷]

শহাইও নেউল আৰু কেৰ্কেটুৱাৰ লগত ডিস্কোলৈ গৈ মনৰ আনন্দত মদ খালে৷ তাৰ পিছত সাত বজাত প্ৰাইম টাইমত নিজৰ ঐতিহাসিক বিজয় চাবলৈ শহাই ‘নিইজ ৰেকৰ্ডিং’ চেনেলটো লগাই দিলে৷ কিন্তু এয়া কি?  চেনেলত ‘বিগ ব্ৰেকিং নিউজ’ দি আছে যে আজি জংঘলত হোৱা এক গুৰুত্বপুৰ্ণ দৌৰ প্ৰতিযোগিতাত হেনো মেকুৰী জয়ী হ’ল৷ “আৰে মেকুৰী ক’ৰ পৰা আহিল! মেকুৰীতো ৰেচত নাছিলেই”৷ ৰেচত আছিল মাত্ৰ সি আৰু কাছহে!! হঠাৎ শহাৰ মনত পৰি গ’ল যে মেকুৰী নিউজ ৰেকৰ্ডিং চেনেলৰ মালিকৰ একে ৰাজনৈতিক দলৰ নেতা৷ অ,  তাৰমানে সেয়েহে এই মেকিং!! এইবাৰ শহাই ‘ভাৰত টকচ্’ চেনেল লগালে৷ তাত বিগ ব্ৰেকিং নিউজ দি আছে যে ৰেচত গাধ জয়ী হ’ল৷ গাধ আকৌ সেই চেনেলটোৰ মালিকৰ পাৰ্টিৰ নেতা৷ শহা হতবাক হৈ গ’ল৷ তাৰ পিছত শহাই এফালৰ পৰা চেনেল চেঞ্জ কৰি গ’ল৷ ৱাইৱাই 360 চেনেলৰ ব্ৰেকিং নিউজ মতে বৰষুণৰ বাবে খেল অনুষ্ঠিতই নহ’ল৷ প্ৰতিৰাতি টাইমৰ মতে খেল ড্ৰ,  প্ৰাগজ্যোতিষপুৰ চেনেলে আকৌ খবৰেই নাপায় যে জংঘলত আজি এক ঐতিহাসিক ৰেছ হৈ গ’ল৷ তাত এতিয়াও কোনোবা জ্যোতিষীৰ প্ৰগ্ৰেমহে চলি আছে৷ আন এটা চেনেলৰ মতে আকৌ কাছহে জিকিল৷ তাৰমানে কাছই সেই চেনেলটোক পইছা খুৱালে! শহাৰ মুৰটো আচন্দ্ৰাই কৰি উঠিল৷ লগে লগে শহা বেহুচ হৈ গ’ল আৰু তাৰ পিছত আজি ছমাহ ধৰি শহা হষ্পিটেলত ক’মাত পৰি আছে৷

[ মেইন ম’ৰেলঃ ওপৰৰৰ কোনো ম’ৰেল কামত নাহে যদিহে আপোনাৰ নিজা টেলিভিছন চেনেল এটা নাই৷ আৰু যদি আছে, তেতিয়াও ওপৰৰ ম’ৰেল কেইটা আপোনাক দৰকাৰেই নাই৷ কাৰণ তেতিয়া আপুনি নিজৰ ইচ্ছা মতেই দিনক ৰাতি আৰু ৰাতিক দিন কৰি থাকিব পাৰিব৷]

☆★☆★☆

13 Comments

  • Rintumoni Dutta

    মানুহটোৱে এনেই কৈ থাকা, ব্যংগ লিখিব নোৱাৰো বুলি অলকেশ।

    সুন্দৰ লিখনী।

    এইবাৰ তোমাক নেৰিছো

    Reply
  • পৰীস্মিতা দাস

    বহুত ভাল লাগিল৷

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    মোৰ অতি প্ৰিয় লেখা এইটো। মোৰ নিউজ ফিডত যেতিয়াই ওপৰলৈ আহে তেতিয়াই পঢ়ো এবাৰ। সুন্দৰ!

    Reply
  • গীতিকা শইকীয়া

    পৰিপক্ক অনুভৱৰ লিখনি। বাৰে বাৰে পঢ়িও আমনি নালাগে।

    Reply
  • বিৰাট ভাল লাগিল।

    Reply
  • লিখনিটোৰ পৰা বহু কথা শিকিলোঁ, ভাল লাগিল।

    Reply
  • Sankar Jyoti Bora

    যেনেতেনে এটা নিউজ চেনেল খুলিবই লাগিব৷চুপাৰ্ব৷

    Reply
  • অনুৰূপ মহন্ত

    ইমান সুন্দৰ লেখা, সচাই আপ্লুত হলো।

    Reply
  • যাজ্ঞবল্ক্য

    ক্লাছিক ব্যংগ। বাৰে বাৰে পঢ়ি থাকিলেও নতুন যেন লগা লিখনি। লিখকৰ পৰা এনেকুৱা লিখনি আৰু লাগে।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    পৰশুৰাম ভাগৱতীৰ লেখা পঢ়াৰ আমেজেই সুকীয়া।

    Reply
  • Mitali saharia

    বহুত ধুনীয়া লাগিল।

    Reply
  • Manash Saikia

    আগতে পঢ়িছিলোঁ আকৌ পঢ়িলোঁ৷ ইয়াৰ পিছতো এখন প্ৰতিযোগিতা ভাৱিব পাৰি দেখোন৷

    Reply
  • ধৰিত্ৰী শৰণীয়া

    মজা।খেলখন দেখি থকাৰ দৰে লাগি মৰেলবোৰ কি খাপখোৱা।চেল্যুত

    Reply

Leave a Reply

Your email address will not be published.