ফটাঢোল

কান্দোন: এটা ভৌতিক গল্প – দিগন্ত কুমাৰ ভট্টাচাৰ্য

শব্দটো পৰহি ৰাতি দহমান বজাত শ্ৰীমতীয়ে শুনিলে। আচলতে শব্দ নহয়, কেঁচুৱাৰ কান্দোন। শ্ৰীমতীৰ মতে অলপ অলপ সময়ৰ ব্যৱধানত পাঁচমিনিটমানৰ ভিতৰত তিনি-চাৰিবাৰমান হেনো কান্দিছিল কেঁচুৱা এটাই। ক’ৰপৰা আহিল কেঁচুৱা!

: সঁচাকৈ কেঁচুৱাৰ কান্দোন নে? কনফাৰ্মড্ তুমি? নে মেকুৰীৰ চিঞৰ? – সুধিলোঁ এওঁক।

: কি ফাল্টু কথা কোৱা হে? কেঁচুৱাই ‘আঁ’ বুলি চিঞৰ এটা মাৰিলেও বুজি পাওঁ সেয়া যে বাচ্ছাই চিঞৰিছে। দুটাকৈ ল’ৰা ডাঙৰ কৰিলোঁ নিজ হাতে। কথা সোধে।

পৰহি আমাৰ ঘৰটোত প্ৰথম দিন আছিল, প্ৰথম ৰাতি আছিল। দিনটোৰ ব্যস্ততাৰ বাবে ন’মান বজাতে ভাত-পানী খাই বিছনাত পৰিছিলোঁ। হঠাতে এওঁ হেঁচুকি ‘বাহিৰত কেঁচুৱাই কান্দিছে’ বুলি মাতোতে সাৰ পাইছিলোঁ।

ঘৰটো আওহতীয়া অঞ্চলত। নাতিদূৰৈত পাগলদিয়া নদীখন। মথাউৰিটোৰ ইপাৰে ঘৰটো। আছাম টাইপৰ ঘৰটোকে ধৰি মাটিখিনি প্ৰায় দুই বিঘাৰ। চাৰিওফালে সুউচ্চ ৱাল। গে’টৰ পৰা ঘৰটোলৈ সোমাই যোৱা পকী কৰা সৰু ৰাস্তাটোৰ দুয়োকাষে প্ৰায় দুকঠা মাটিত ভিন্ন ফুল আৰু সৰু গছ-গছনি। পাছফালে এখন ডাঙৰ বাৰী। প্ৰায় পঞ্চাশজোপা নাৰিকলৰ গছ আছে। লগতে আছে তামোল, মধুৰিআম, অমিতা, কঁঠাল আদিৰ গছ। এক নিৰ্মল পৰিৱেশ। দাম অলপ বেছি হ’লেও প্ৰথম দৃষ্টিতে ভাল লাগি গ’ল ঘৰটো। মাটিয়ে-ঘৰে কিনি ল’লোঁ।

: হেৰা, আশে-পাশে এটাও ঘৰ চকুত পৰা নাই। ভূত-তূতৰ বাহ নহয়তো? – এওঁ কৈছিল ঘৰটো কিনাৰ সময়ত।

: চহৰত পৰিষ্কাৰ বায়ু অকণ পাবলৈ নাই। ইমান ধুনীয়া ঠাইত অলৰে’ডি সাজি থোৱা ঘৰ এটা ক’ত পাবা হে? তাকো দুবছৰ আগত সজা ঘৰ। আৰু ইমান সুন্দৰ বাৰী-ফুলনি। আটাইতকৈ ডাঙৰ কথা টাউনলৈ মাত্ৰ তিনি কিল’মিটাৰৰ বাট।

পৰহি বয়-বস্তু আনি কালি আমি ঘৰটোত প্ৰৱেশ কৰিলোঁ। শ্ৰীমতীয়ে পূজা এভাগ কৰাৰ কথা কৈছিল। মোৰ আকৌ এই পূজা-পাতলত বিশ্বাস নাই।

কালি পুৱা উঠিয়ে আমি ঘৰটোৰ চৌপাশ ঘূৰিলোঁ। ঘৰটো চোৱা-চিতাকে আগৰে পৰা ৰত্ন নামৰ মানুহ এজন আছিল। বয়স চল্লিশৰ ওচৰা-উচৰি। কেও-কিছু নোহোৱা ৰত্নক গে’টৰ কাষতে সৰু ৰুম এটা সাজি তাত থাকিবলৈ দিছিল আগৰ মালিকজনে। তেওঁৰ কথা শুনি আমিও ৰত্নক ৰাখিলোঁ।

: ৰত্ন, কিবা ভূত-প্ৰেতৰ কথা শুনিছিলা নেকি তুমি? আগৰ মালিকজনে দুবছৰৰ ভিতৰতে সেইটো কাৰণতে ঘৰটো বিক্ৰী কৰি আঁতৰি যোৱা নাইতো? – কালি পুৱা সুধিলোঁ তাক।

: নাই ছাৰ, মই এই দুবছৰে আছোঁ। কেতিয়াওতো শুনা নাই এইবোৰ। আপুনি নিশ্চিন্ত থাকক। বাইদেৱে কিবা ভুল শুনিছিল কিজানি। – ৰত্নই অভয়বাণী দিলে।

কালি দুপৰীয়া ভাত খাই পিছফালৰ বাৰাণ্ডাতে বহিলোঁ কিছুদেৰি। ধমমম…..হঠাতে শব্দ এটা হ’ল। মই উচপ খাই উঠিলোঁ। শ্ৰীমতীয়ে দিনৰ পোহৰতো ভয় খাই মোৰ ওচৰ চাপি আহিল। থিয় হৈ দেখিলোঁ পিছফালৰ চোতালখনৰ সোঁমাজতে থকা নাৰিকল জোপাৰ পৰা নাৰিকল এটা পৰিছে।

: নাৰিকল পৰিছে হে..ইমান ভয় খোৱা নে তুমি? – মই হাঁহিলোঁ এওঁলৈ চাই।

: হৈছে হৈছে, নিজে যেন খোৱা হে নাই। গোটেই মানুহটো ৰঙা পৰিছে।

: কালি মানুহ দুজনে নাৰিকলবোৰ দেখোন লৈ গৈছিল। এইটো বা ক’ৰপৰা পৰিল?

: থাকিব পাৰে দুই-এটা। কোৱা নাই জানো তেওঁলোকে দুসপ্তাহমান পাছত আকৌ আহিব বুলি।

পৰহি আমি অহাৰ পাছতেই দুজন মানুহ আহিছিল। নাৰিকল বেপাৰী। তেওঁলোকে হেনো বাৰীৰ নাৰিকল পাৰি বিক্ৰী কৰে। আগৰ মালিকজনৰ লগতে যিটো বন্দোৱস্ত কৰিছিল, আমাৰ লগতো সেইটো চলাই থাকিব বিচাৰে। আমিও না নকৰিলোঁ। সিদিনা কিছু নাৰিকল লৈ গ’ল। টকা চাৰিশ দি গ’ল। মই বেয়া নাপালোঁ। ইমান নাৰিকল খাব নো কোনে, এনেয়ে বেয়া হৈ হে যাব।

নাৰিকলটো বুটলি আনি ঘৰৰ ভিতৰলৈ সোমাবলৈ লওতে হঠাতে শুনিলোঁ এটা কান্দোন। হয়! কেঁচুৱাৰ কান্দোন। ইনাই-বিনাই কান্দিছে সৰু সৰুকৈ। টিনৰ চালিখনৰ পৰা আহিছে যেন শব্দটো। হাতৰপৰা নাৰিকলটো পৰি পকাত পৰিল। শ্ৰীমতীয়ে মোৰ হাতদুখন খাঁমুচি ধৰিলে।

কান্দোন বন্ধ হ’ল। ৰত্নক চিঞৰিবলৈ মাতেই নোলাই ডাঙৰকৈ। মোবাইলটোতে ফ’ন কৰি মাতিলোঁ। সি দৌৰি আহিল।

: ৰত্ন, আজি মই শুনিছোঁ। এওঁ ভুল শুনা নাছিল। যখ-যখিনীৰ কান্দোন ও..বিননি। কিবা এটা আছে। তুমি এবাৰ টিনৰ চালিত উঠি চাবা নেকি?

: অকলে যাম মই? – ৰত্নইও যেন ভয় খাইছে।

অৱশেষত ওচৰৰে গাঁৱৰ এজনক মাতি আনি দুয়োজনে টিনৰ ওপৰত উঠি চালে। একো নাই ক’তো।

: ভূত-প্ৰেত কিবা চোৰ নেকি যে মনে মনে ৰৈ থাকিব? আজিয়ে পূজা এভাগ কৰক, নহ’লে মই নাথাকোঁ। কিবা আছে ইয়াত সঁচাকৈ – শ্ৰীমতীয়ে ক’লে।

দৌৰা-দৌৰিকৈ পুৰোহিত এজন বিচাৰি কালি সন্ধিয়া সৰুকৈ পূজা এভাগ কৰিলোঁ। টাউনৰ দুজনমান বন্ধুকো মাতিলোঁ। আহিল পৰিয়াল লৈ। সকলো শেষ হওঁতে দহমান বাজিল। পুৰোহিতৰ ঘৰ ওচৰৰে গাঁৱখনতে। তেওঁক থৈ আহিবলৈ ৰত্নক ক’লোঁ। বন্ধু কেইজনো উভতি গ’ল।

এনেতে কাৰেন্ট গ’ল। ইনভাৰ্টাৰটোৱে অহাৰ পৰা কাম কৰা নাই। শ্ৰীমতীয়ে মম বিচাৰি পাকঘৰলৈ গ’ল। পূজাভাগ হোৱাৰ পাছত তেওঁৰ সাহস বাঢ়িছে যেন লাগিল। ভালেই হ’ল।

আৰু ঠিক সেই সময়তে…কেঁচুৱাৰ কান্দোন ভাঁহি আহিল বতাহত। একেই সুৰত কান্দিছে। মোৰ অন্ঠ-কন্ঠ শুকাই গ’ল। এওঁ আন্ধাৰে-মুন্ধাৰে দৌৰি আহিল। আহোতে ক’ৰবাত খুন্দাও খালে। খুন্দা খোৱাৰ যাতনা সেই ভয়তকৈ বহুগুণে কম যেন তেতিয়া। ৰত্নক ফোন কৰি মাতিবলৈও মোবাইলটো বিচাৰি পোৱা নাই আন্ধাৰত। আকৌ এবাৰ কান্দোন আৰম্ভ হ’ল। একেই সুৰ। কান্দোন বন্ধ হ’ল। হঠাতে খিৰিকিৰ আইনাৰে দুটা ছায়ামূৰ্তি পিছফালৰ পৰা ঘৰৰ সন্মুখলৈ গৈ থকা দেখিলোঁ। একেবাৰে মানুহৰ দৰে খোজ। মুহূৰ্ততে ছায়ামূৰ্তি দুটা আন্ধাৰত বিলীন হৈ গ’ল।

ৰত্ন আহিল। সকলো ক’লোঁ তাক।

: কিবা বেলেগেই হ’ব বুজিছা। ইয়াত নাথাকে। ইয়াত আহি কান্দি দূৰলৈ আঁতৰি যায়গৈ। ডাঙৰ মানুহৰ দৰে ওখ, কিন্তু কেঁচুৱাৰ দৰে মাত – মই ক’লোঁ ৰত্নক।

তাৰো মুখখন শুকাই ৰস নোহোৱা ৰসগোল্লাটোৰ দৰে হৈছে।

: ডিচাইড কৰি দিলোঁ। এই ঘৰটোত নাথাকোঁ। কাইলৈ যাম। টাউনতে ভাৰা ল’ম। এনেকৈ থাকিলে কোনোবাদিনা হাৰ্ট-ফেইলড্ হৈ মৰি থাকিম।

গুৱাহাটীৰ হোষ্টেলত থাকি পঢ়া আমাৰ দুই পুত্ৰকো জনালোঁ কথাবোৰ।

‘কি উল্টা-পুল্টা কোৱা হে? ডিচাইড নকৰিবা একো। ভূত থোড়ী না আছে! – এজন পুত্ৰৰ আকৌ সাহসটো বেছি। কিয় বা শুনিম মই তাৰ কথা!

কালি ৰাতি ৰত্ন আমাৰ কাষৰে ৰূম এটাত থাকিল।

আজি পুৱা কোনোবাই ‘ছাৰ, দাদা…’ এনেকৈ চিঞৰি মাতোতে সাৰ পালোঁ। দেখিলোঁ নাৰিকলৰ বেপাৰী দুজন।

: নাৰিকল ল’বলৈ আহিলাই নে? পৰহি নিছিলা হে – সুধিলোঁ তেওঁলোকক।

: নাৰিকল নহয় দাদা, মোবাইল।

: মোবাইল? – আচৰিত হ’লোঁ।

: পৰহি জানে নে নাৰিকলৰ গছৰ ওপৰত থাকোতেই ফোন এটা আহিছিল। কথা পাতি মোবাইলটো গছৰ ওপৰতে থৈ আহিলোঁ নহয়। পাছত পাহৰিয়েই গ’লোঁ ক’ত থলোঁ, ক’ত এৰিলোঁ। টেনছন হৈ গৈছিল হে। নতুন মোবাইল ফোন। ইয়াৰপৰা ফোন লগাওঁ। ৰিং হয়। সেয়েহে ভাবিছিলোঁ, কোনেও পোৱা নাই। কোনো চোৰেও নিয়া নাই। কালি ৰাতি মনত পৰিল, এই নাৰিকল গছৰ ওপৰতে এৰিব পাৰোঁ বুলি। ৰাতি আহিছিলোঁ আমি দুটা। আপোনালোক শুৱা বাবে নামাতিলোঁ, নোকোৱাকৈ গছত উঠিবও বেয়া লাগে ৰাতিখন। ৰিং শুনি বুজিলোঁ গছৰ ওপৰতে আছে। এতিয়া আজি আহিয়েই উঠি মোবাইলটো আনিলোঁ- কৈ থকা বেপাৰীজনৰ আনন্দ-সুখত উজ্জ্বল হৈ উঠিছে মুখখন।

মোবাইলটো পকেটত ভৰাই দুয়ো যাবলৈ ওলাল।

: ভাগ্যে বৰষুণ-বতাহ নাই এই দুদিন, নহ’লে এইটো শেষ হ’ল হয় – আনজনে ক’লে।

হঠাতে আৰম্ভ হ’ল কেঁচুৱাৰ কান্দোন। মই ভয়তে ঢলি পৰাৰ আগতে বেপাৰীজনে মোবাইলটো উলিয়াই কান্দোনটো বন্ধ কৰি ছিঞৰি উঠিল -‘হেলললল্লো….’!

দুয়ো গ’লগৈ।

: জহনীত মৰা, ৰিংটোন বেলেগ লগাবলৈ নাপালে আৰু – শ্ৰীমতীয়ে ভেকাহি মাৰি কৈ ভিতৰলৈ গ’ল দৌৰাদৌৰিকৈ!

(থীমটোত মালায়লম চুটি ছবি এখনৰ ছাঁ পৰিছে)

☆★☆★☆

22 Comments

  • গীতিকা শইকীয়া

    হে ভগৱান! পঢ়ি যাওঁতে কি হব বুলি ভাৱি আছিলোঁ। কি যে অনুপম বৰ্ণনা। ভাল লাগিল বহুত।

    Reply
  • Dhurjjati

    Borhia

    Reply
  • দেৱজ্যোতি ভট্টাচাৰ্য্য

    মজা লাগিল দেই ।

    Reply
  • দেৱজ্যোতি ভট্টাচাৰ্য্য

    মজা লাগিল দেই

    Reply
  • হাঃ হাঃ, ভাল ভয় খুৱালা দেই। চাচপেন্সবোৰ গৈ হাঁহিত পৰিণত হয়। মন ভৰিল পঢ়ি।

    Reply
  • Rintumoni Dutta

    শেষৰ পেৰেগ্ৰাফতহে মোৰ ভূতৰ ভয় ভাগিছে। ভাল লাগিল পঢ়ি দিগন্ত

    Reply
  • সোনটো

    কৃষ্ণহ 😂😂

    Reply
  • মানসী বৰা

    অতি ৰসাল …বৰ ভাল লাগিল..

    Reply
  • ৰাজশ্ৰী শৰ্মা

    চুটি ছবিখন চাইছিলো কিন্তু আমাৰ অসমৰ পৰিবেশত পঢ়ি খুব ভাল লাগিল। অলপ ভয়ৰ লগতে। ভাল লাগিল।

    Reply
  • মিতু

    মই চুটি চবিখন চাইছো। পঢ়ি থাকোতে চবিখনলৈ দৃশ্যকেইটা ভাঁহি আহিছে।

    Reply
  • অভিজিৎ কলিতা

    ভাল লাগিল

    Reply
  • হেমন্ত কাকতি

    বঢ়িয়া লাগিল দিগন্ত

    Reply
  • Rajib Sarma

    ভয়লগা কাহিনীৰ ৰহস্য ভেদ বৰ বঢ়িয়াকৈ কৰিলে।ভাল লাগিল।

    Reply
  • Anonymous

    একেই কাহিনীৰ video এটা চাইছিলো আগতে ।

    Reply
  • একেই কাহিনীৰ video এটা চাইছিলো আগতে । গতিকে আৰম্ভণিতে গম পাই গলো ।

    Reply
  • Anonymous

    নলবৰীয়া ৰুমমেটে তাৰ ঘৰৰ ঘটনা বুলি কৈ আছিল।

    Reply
  • হা:হা: জমনি দেই

    Reply
  • Sankar Jyoti Bora

    ধেই৷আজিৰ পৰা কেচুৱাই কান্দিলে এইটোলৈ মনত পৰিব৷

    Reply
  • Anonymous

    বৰ ভাল লাগিল ‌

    Reply
  • সদানন্দ ভূঞা

    বহুত ভাল লাগিল।

    Reply
  • parishmita

    ভাগ্যে দিনত পঢ়িছো নহ’লে ৰাতি পঢ়া হ’লে হাৰ্ট ফেইল যে কৰিলোঁ হয় নিৰ্ঘাট। শেষৰকণ পঢ়িহে জান পে জান আয়া।

    Reply
  • কুশলজিৎ কুমাৰ

    ছবিখনৰ দৃশ্যাংশ চাইছো। ভৌতিক কাহিনীৰ ৰূপত চুটি গল্পটোৰ বৰ্ণনা সুন্দৰ হৈছে।

    Reply

Leave a Reply

Your email address will not be published.