ফটাঢোল

কামাখ্যাৰ দুখ – বি জে ৰঞ্জন

মাগুৰ মাছৰ মাথা, চিতল মাছৰ মাথা আদি তিৰোতা মানুহে খায়। কাৰণ, সেইবোৰ মাথাত একো নাথাকে, কাঠ! মাইকী মানুহে যিহেতু মগজ খটোৱা কাম কৰিব নালাগে বা নোৱাৰে, সেইবাবেই আছিল এই ব্যৱস্থা।

কথাবোৰ সৰুতে শুনা। দেউতাহঁতে ধেমালি কৰি কৈছিল। দেউতাহঁতৰ দেউতাকহঁতৰ মুখেৰে বাগৰি অহা কথা আছিল এইবোৰ। এনেবোৰ ভাৱ-ধাৰাৰ তিলমাত্ৰও যে বাস্তব অস্তিত্ব নাই আজিৰ যুগত তাক আৰু বুজাব লাগিছেনে? মাইকী মানুহে কি কৰিব নোৱাৰে এতিয়া? এনেবোৰ প্ৰশ্ন কৰাও অবান্তৰ হৈ পৰিছে। কিন্তু সঁচাকৈয়েনে? স্ববিৰোধ কথা কিছুমানে নিৰন্তৰ দন্দ-খৰিয়ালৰ সৃষ্টি কৰি থকা দেখা গৈছে যে এতিয়াও?

কোনোবা চৰকাৰে দেশত ভাল দিন আনক বা নানক তাক লৈ আমাৰ দৰে বহুতো মধ্যবিত্ত শ্ৰেণীৰ মাথা মৰাৰ বিশেষ দৰকাৰ আছে বুলি বহুতে নাভাবে। কিন্তু এমুঠিমান দূৰদৃষ্টিসম্পন্ন মানুহে যে গোটেই চিষ্টেমটো নাকত ধৰি চাকত ঘূৰাব পাৰে, তাক চাই ভাল দিনৰ দিক দৰ্শন হোৱাটো নিশ্চিত বুলিব পাৰি। তাৰেই শেহতীয়া উদাহৰণ- উচ্চতম ন্যায়ালয়ৰ চবৰিমালা ৰায় আৰু স্থিতি, এশ সাতাৱন্ন বছৰ পুৰণি ঔপনিবেশিক যুগৰ 377 নিয়ম নস্যাৎ, এশ আঠাৱন্ন বছৰ পুৰণি 497 অসাংবিধানিক ঘোষণা, এন.আৰ.চিৰ স্থিতি ইত্যাদি। গতিকে ভাবিব পাৰি এটা চিষ্টেম সলনি কৰিবলৈ কেইটামান সুস্থিৰ-জ্ঞানী মগজুৱেই যথেষ্ট।

ইয়াৰ বাৰু বাকীবোৰ এৰিলোঁ। আহকচোন এইবাৰ কেৰেলাৰ চবৰিমালা মন্দিৰলৈ। বিপক্ষৰ যুক্তি দেখিছেই সকোলোৱে।

ৰজস্বলা অৱস্থাত ৰক্তেৰে লেতু-সেতু হৈ আমি যিহেতু আমাৰ বন্ধুৰ ঘৰলৈ নাযাওঁ, কি যুক্তিত ভগৱানৰ ঘৰলৈ যাম। পিচে, অন্যান্য পূজা (যেনে শিব পূজা, দূৰ্গা পূজা, কালি পূজা, বিষ্ণুপূজা) বা অন্যান্য মন্দিৰ আদিত (বাবা বৈদ্যনাথ ধাম, বৈষ্ণোদেৱী আদিত) নিয়মটো কিয় প্ৰচলিত নহ’ল? তাত নাখাটে নেকি নিয়মটো?

আমাৰ দেশৰ কোনোবা  তিৰোতা মানুহে মাহেকীয়া ৰক্তেৰে লেতু-সেতু হৈ মন্দিৰত পূজা-অৰ্চনা কৰিবলৈ সোমাব? সিমানখিনি সাহস তেওঁলোকৰ নাই, কাৰণ মানুহবোৰ আচলতে ভীষণ ধৰ্মভীৰু। পাপ লাগি ৰৌ-ৰৌ নৰকত পচিব লাগিব- এই ধৰণৰ চিন্তা-ধাৰাতে অভ্যস্ত সৰহ সংখ্যক আমাৰ মানুহ।

সেইসকললৈ এটা দীঘলীয়া নমস্কাৰ যিবোৰে মাতৃ গৰ্ভৰ নিচিনা বিভৎস আৰু লেতেৰা ঠাইত জন্ম নল’লে। তেওঁলোকতো মাটি ফুটি হে ওলাইছিল। স্বয়ং ভগৱানে বোলে ধৰালৈ আহি পবিত্ৰ ভূমিত কিছুমান গুটি সিঁচি দিছিল। তাৰ পৰাই সেই মহামানৱ সকলৰ জন্ম হৈছিল যিবোৰে ৰজস্বলা তিৰোতাক দূৰৰ পৰা চাবলৈও ঘিণ কৰে বা চকুত চকু পৰিলেও গংগা-স্নান নকৰাকৈ শান্তি নাপায়। গতিকে মাগুৰ বা চিতল মাছৰ মাথা আচলতে কাক খুৱাব লাগে ভাবিবৰ হ’ল।

“টয়লেট-এক প্ৰেম কথা” চাই প্ৰশংসাত পঞ্চমুখ হৈ পৰা বিশেষ কিছুমানক সুধিবলৈ মন যায়- ঘৰতে লাগি থাকে পায়খানাৰ পাইপবোৰ, যিবোৰে ময়লা কঢ়িয়াই থাকে অনবৰত, সেইবোৰ পাইপৰ ভিতৰ পিনে ময়লা লাগি ধৰি কেনে হৈ থাকিব পাৰে বুলি কল্পনা কৰাটোও যি প্ৰায় অসম্ভৱ, তেনেস্থলত ঘৰত টয়লেট স্থাপন কৰা কিমান দায়লগা বা অপবিত্ৰ কৰ্ম-কাণ্ড হ’ব পাৰে কওকচোন। নায়কৰ পিতাকে ঠিকেই কৰিছিল-পাঁচ মাইল দূৰলৈকে নৈৰ পাৰত কাম ফেৰা সম্পন্ন কৰি ঘৰত শুচিবায়ুগ্ৰস্ত হৈ থাকিব পাৰিছিল নিশ্চতভাৱে। এইটো সুধিলে নিশ্চিত যে তেওঁলোকে এটাই উত্তৰ দিব মোক,

: তই পাগল হ’লি।

ঠিকেই, পগলা হোৱা কথায়ে।

“নেপকিন -এক প্ৰেম কথা” কিয় হ’ব নোৱাৰে বুজাই কওকচোন বন্ধুসকল? আজি লক্ষ্মী পূজা। মা-লক্ষ্মীও মাইকী মানুহ। পিচে তেওঁ হ’ল ধন-দৌলতৰ দেৱী। গতিকে মোৰ অকণো সন্দেহ নাই, কোনোবাই এই কথাখিনি মানক বা নামানক লক্ষ্মী পূজা কিন্তু ঠিকমতে মানিবই।

যিয়েই নহওক, দিনৰ পোহৰতে হওক বা টিউব, চি.এফ.এলৰ পোহৰতে হওক, বা পূৰ্ণিমাৰ পোহৰতে হওক মুঠতে মনবোৰ ফটফটিয়া হৈ জিলিকি পৰক সকলোৰে-এয়াই আমাৰ কামনা৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.