ফটাঢোল

কাম কৰা মানুহ – অভিজিৎ মেধি

 

~ কাম কৰা মানুহ ~

২০১২ চনৰ কথা। আগশাৰীৰ জাপানীজ অট’মোবাইল কোম্পেনী এটাৰ চেন্নাইস্থিত অফিচৰ পৰা ইস্তাফা দি একেখন চহৰতে ফ’ৰ্ড মটৰছত যোগদান কৰিছিলোঁ। কাৰণ মূলতঃ দুটা: মাহৰ শেষত দুটামান বেছিকৈ পইচা আৰু কষ্টকৰ জাপানীজ কৰ্ম সংস্কৃতিৰ পৰা পলায়ন। সেইসময়ত এলাহ মোৰ সিৰাত তেজৰ দৰে বৈ থাকিছিল। জাপানীজ কোম্পেনীৰ অফিচটোত পুৱা চাৰে সাত বজাতে গৈ পাব লাগে, অফিচত ভৰি দিয়াৰ লগে লগে নৃত্য-নাটিকা আৰম্ভ। দহ মিনিটৰ বাবে স্পীকাৰত কিবা জাপানীজ গান বাজি যাব আৰু লগে লগে থিয় হৈ হাত-ভৰি জোকাৰি কছৰৎ কৰিবই লাগিব। সকলোৱে জঁপিয়াই মেলি কিবা কিবি কৰে, মোৰ কছৰৎবিধ আকৌ প্ৰায়েই বিহু টাইপ হৈ যায়গৈ শেষৰ পিনে। দেখাবোৰে বিবুধিত পৰে। দুটামান জাপানীজে সুধিছিলেও, মই কিবা প্ৰাচীন ভাৰতীয় কলাৰ অনুশীলন কৰোঁ নেকি। ময়ো গহীনত প্ৰতিবাৰে মুখত যি আহে গাজা এটা দি দিওঁ। যিয়েই নহওক, সেই অফিচটোৰ পৰা ওলাই আহি বৰ সকাহ পাইছিলোঁ। ফ’ৰ্ড মটৰছ্ আমেৰিকান কোম্পেনী, অফিচত অহা যোৱাৰ ধৰা-বন্ধা সময় নাই, ইউনিফৰ্ম পিন্ধাৰ লেঠা নাই, সকলোতকৈ ডাঙৰ কথা, বোৱাৰী পুৱাই বিহু নাচিব নালাগে।

অৱশ্যে দিনৰ দিনটো কাম বন নোহোৱাটোও এটা আমনিদায়ক কথা। নতুন চাকৰিত সোমাইহে বুজিলোঁ কথাটো। যোগদান কৰাৰ দুসপ্তাহ পাছলৈকেও হাতত একো এটা কাম আহি নপৰাত বৈদ্য কামোৰ খোৱা হ’লোঁ। মোক আৰু একেলগে জইন কৰা বন্ধু এজনক কাম শিকোৱাৰ দায়িত্ব দিয়া হৈছিল টীমৰ ডেপুটি মেনেজাৰ এজনক। মেনেজাৰজন অফিচত নাছিল কিছুদিন, দুমাহৰ বাবে কাম এটাৰ বাবদ আমেৰিকালৈ গৈছিল। ডেপুটি মেনেজাৰজন চেন্নাইৰ লোকেল মানুহ, তামিল মানুহবোৰ অফিচৰ কামৰ ক্ষেত্ৰত অলপ পেটপচা হৈ উঠাটো অস্বাভাৱিক নহয় (সকলো এনেকুৱা নহয় বাৰু)। মানে নতুন দুজনক সকলো শিকাই দিলে নিজৰ দৰ কমি যোৱাৰ ভয়। প্ৰায়েই কিবা এটা বাহানা ওলাই তেওঁৰ আৰু আমি আমন-জিমনকৈ বহি থাকোঁ দিনৰ দিনটো, মাৰিবলৈকে মাখি এটাও নাই অফিচটোত। এই দিনবোৰতে এদিন চিনাকি হ’লোঁ আমাৰ টীমৰে চাইনীজ কৰ্মচাৰী তিনিগৰাকীৰ লগত, কেওগৰাকী মহিলা। চাইনীজ সদস্যকেইগৰাকী কোম্পেনীৰ নেনজিঙত(চীন) অৱস্থিত অফিচটোত বহে। চাইনা টীমটোৰ লীড গৰাকীৰ নাম আছিল মেৰী। মেৰীৰ আচল নামটো কং লিঙ, কিন্তু আমেৰিকানবোৰে চাইনীজ নামৰ উচ্চাৰণ কঠিন পায় বাবে প্ৰায়বোৰ চাইনীজ কৰ্মীয়ে নিজৰ ইচ্ছামতে অন্য এটা সহজ খ্ৰীষ্টিয়ান ধৰণৰ নাম বাছি লয়। মেৰী বয়সত মোতকৈ পাঁচ-ছয় বছৰমান ডাঙৰ, বত্ৰিশ-তেত্ৰিশ বছৰ তেতিয়া। মেৰীয়ে উপযাচি আমাক সুধিছিল কি শিকিলোঁ, কি বুজিলোঁ এইকেইদিনত। আমাৰ অৱস্থাটো বুজি প্ৰতি আবেলি এঘণ্টা সময় ভিডিও কনফাৰেন্স যোগে ট্ৰেইনিং দিবলৈ বুলি তেওঁ নিজেই গাত পাতি ল’লে। তেওঁৰ অফিচ এৰাৰ সময় ভাৰতীয় সময়ৰ হিচাপত আবেলি চাৰে তিনি বজাত, কিন্তু আমাক কাম শিকোৱাৰ নিমিত্তে এঘণ্টা অতিৰিক্ত সময় অফিচত কটায়। নতুন চাকৰিত হয়তো বেছিদিন টিকিবয়ে নোৱাৰিলোহেঁতেন, যদিহে মেৰীৰ ওচৰত দীক্ষা নল’লোহেঁতেন। যিয়েই নহওঁক, এমাহৰ প্ৰশিক্ষণৰ পাছত মোক মেৰীৰ ওচৰতে ৰিপোৰ্ট কৰিবলৈ দিয়া হ’ল। ময়ো ভালেই পালোঁ কথাটো।

ইয়াৰ পিছত প্ৰায় আঢ়ৈ বছৰ মেৰীৰ অধীনত কাম কৰিলোঁ। প্ৰথমে মেৰীৰ নুদুল ইংৰাজীৰ লগত মোৰ খাৰখোৱা ইংৰাজীৰ তৰংগ নিমিছিল যদিও লাহে লাহে ভালদৰে বুজিব পৰা হ’লোঁ ইজনে সিজনক। কামৰ মাজতে মেৰীয়ে ভাৰতৰ ইটো সিটো কথাও সুধিছিল। থ্ৰী ইডিয়ত চিনেমাখন চাই উঠি মাধৱনৰ অন্য চিনেমাৰ নাম বিচাৰি ফুৰিছিল। কৃষ্ণ চৰিত্ৰটোৰ প্ৰতি থকা কৌতুহলৰ কথা জনাইছিল। টোপনিৰ পৰা সাৰ নোপোৱা বাবে মোৰ অফিচ আহোঁতে পলম হ’ল বুলি ক’লে আচৰিত হৈছিল।

“Don’t you get hungry when you sleep till 9 a.m.?”

ব্ৰহ্মপুৱাই উঠি জ’গিং কৰা আৰু হেভী ব্ৰেকফাষ্ট খোৱা চাইনীজ মহিলাগৰাকীক কিদৰে বুজাও যে ৰাতি দুকাঁহী ভাত খালে গধূলিলৈকে ভোক নালাগে। অফিচৰ কামৰ বাবে ভাৰতলৈ আহোঁতে মেৰীক দুবাৰ লগ পাইছিলোঁ। খুবেই ফুৰ্তিত থকা মানুহ এজনী। চেন্নাইৰ অসহ্য গৰমৰ বিৰুদ্ধেও একো অভিযোগ নাই, চাৰিশ একৰৰ বৃহৎ কাৰখানাটো ইমূৰৰ পৰা সিমূৰ খোজকাঢ়ি ঘূৰি ফুৰে, কিজানি চীনৰ কাৰখানাত নেদেখা নতুন কিবা এটা দেখে। ভিডিও কনফাৰেন্স অথবা কমিউনিকেটৰ যোগে চিনাকি হোৱা ভাৰতীয় সহকৰ্মীসকলক এফালৰ পৰা মাত লগাই যায়। মেৰী যেন প্ৰাণোচ্ছল জীৱনৰ প্ৰতীক।

আচৰিত হৈছিলোঁ এনেকুৱা কৰ্মী মানুহ এগৰাকী ন বছৰ ধৰি একেটা পদবীতে চাকৰি কৰি থকা বুলি জানি। সাধাৰণতে পদোন্নতিৰ বাবে ফ’ৰ্ডত ইমান সময় নালাগে। সুধিছিলোঁ এদিন মেৰীক, ইমানদিনে একেটা পোষ্টতে কিয় কাম কৰি আছে, বছ-ক প্ৰমোচনৰ কথা নোসোধে কিয়। মেৰীৰ চিধা উত্তৰ-

“মই কাম কৰিছোঁ, দৰমহা পাইছোঁ। প্ৰমোচন দিয়া নিদিয়াটো বছ-ৰ হাতত, হয়তো মোৰ কামৰ মানদণ্ড বেয়া, সেয়ে প্ৰমোচন পোৱা নাই।”

লাহে লাহে বুজি উঠিছিলোঁ। ভাৰতীয় বছ-ৰ তলত কাম কৰি মেৰীয়ে ভুগিব লগা হৈছে। ডিপাৰ্টমেণ্টটোৰ সৰহভাগ কৰ্মী দক্ষিণ ভাৰতীয়, এক কৰিলে দহৰ লেবেল দিয়ে। ইপিনে মেৰীয়ে দহ কৰি এঘাৰৰ মাথা মাৰি থাকোঁতে লেবেল দিবলৈ আহৰি নাই। প্ৰমোচন নিদিব যেন দেখিলে আমাৰ নিচিনাবোৰে পকেটত ইস্তাফা লৈ ঘূৰি ফুৰোঁ, ইপিনে নতুন চাকৰি বিচাৰিবলৈ মেৰীৰ হাতত সময় নাই। মেৰী কাম কৰি আনন্দ লভা মানুহ, বছ-ৰ আদেশ সৈনিকে কামাণ্ডাৰৰ আদেশ পালন কৰাৰ নিচিনাকৈ কৰে।

মই মানুহটো কামৰ ক্ষেত্ৰত তেতিয়ালৈকে আছিলোঁ মস্ত এলেহুৱা। কিন্তু মেৰীৰ লগত তিনিবছৰ কাম কৰি পৰিপাটি কি বস্তু শিকিলোঁ। লাহে লাহে কামত ফাঁকি নিদিয়া হ’লোঁ, নিতৌ পুৱা অফিচত সোমায়েই দিনটোত কি কি কাম কৰিম লিষ্ট এখন বনাও, যিদিনা গোটেইবোৰ নিয়াৰিকৈ কৰোঁ সিদিনা নিজকে “চাব্বাচ” বুলি কওঁ, কিবা দেখোন ভাল লাগে মনটো। মেৰীয়ে শিকাইছিল এইটো কথা।

Take it as a game, take the challenges you face in work as a hurdle in a game, you will feel good if you overcome, if not, you will feel like trying all over again.

এইয়া কি কেৱল মেৰী নামৰ মহিলাগৰাকীৰে ফিল’ছফি নেকি? নে চাইনীজ মানুহবোৰ এনেকুৱাই। অইন দুজনমান চাইনীজ কৰ্মীৰ ওপৰত চকু দিলে পিছৰটো যেনেই লাগে। ফ’ৰ্ডৰ চাকৰি এৰিলোঁ, কিন্তু ফ’ৰ্ডত মেৰীয়ে শিকোৱা এনেকুৱা দুটামান কথা আজিও কৰ্মক্ষেত্ৰত পালন কৰি আহিছোঁ। অৱশ্যে মেৰীৰ দৰে ব্যক্তিগত লাভালাভৰ প্ৰতি উদাসীন হৈ কাম কৰিবলৈ কোনোদিনেই নোৱাৰিম চাগৈ। হাজাৰ হওক, সৰুৰে পৰা তেল-মছলা খাই ডাঙৰ হোৱা মানুহ, প্লেইন বস্তু সহজে জিভাত নালাগে। মেৰীৰ এই অত্যন্ত উপকাৰী “কাম কৰো, ফল কি চিন্তা মত কৰো” ধৰণৰ প্লেইন শিক্ষাটোৰ লগতো অকণ তেল-মছলা সানিহে ব্যৱহাৰ কৰোঁ। সমাপ্ত-অসমাপ্ত কামবোৰৰ এখন তালিকা এক্সচেল শ্বিটত সদায়েই সাজু ৰাখোঁ। যেতিয়াই দেখোঁ বছে প্ৰকাৰান্তৰে কাম এটাৰ ডেলিভেৰি সময়ত হোৱা নাই বুলি অভিযোগ লগোৱাৰ চেষ্টা কৰিছে, লগে লগে সেইখন দেখুৱাই দিওঁ। আঙুলিয়াই দিওঁ যে দহটা কাম দিয়া হৈছিল, দহোটায়ে সময়মতে কৰি আছোঁ, তাৰ ওপৰত এঘাৰ নম্বৰটো জাপি দিলে পলম হ’বয়ে, এঘাৰ নম্বৰটো সমাপ্ত কৰাৰ টাৰ্গেট এটাও নিজেই দি থৈ আহোঁ। ইমানদিনে ভাবি আছিলোঁ বছে মোৰ এই কাৰবাৰটো বৰ এটা ভাল চকুৰে নাচায়। পিচে নহয়, আজি বোলে তেওঁ অইনৰ আগত উদাহৰণ দি আছিল, যে অমুকাৰ নিচিনা পৰিপাটি বেলেগৰ নাই। দিল গাৰ্ডেন গাৰ্ডেন লাগি গ’ল, তেল-মছলা জিন্দাবাদ!

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.