ফটাঢোল

কিবাহে হ’ল – কমল তালুকদাৰ

এসপ্তাহ মান আগৰ কথা, ঠাণ্ডাটো অলপ বেছিকৈ পৰিছিল, মানে অইনদিনাতকৈ অলপ বেছি আছিল। সেয়েহে সন্ধিয়া অলপ সোনকালে ঘৰলৈ ঘূৰি আহিলোঁ। ভাবিলোঁ অলপ জুহালত বহি জুইৰ উমনিকে লওঁ। সেইদিনা মনটো অৱশ্যে অলপ প্ৰফুল্ল প্ৰফুল্ল লাগি আছিল, পাওনা পইচা কেইটামান পাবলৈ আছিল মহন্ত দাদাৰ পৰা, বাটত লগ পাই দি দিলে, তাকো ছ-মাহ ঘূৰাৰ পিছত। সেই কেইটা হাতত লৈ ঘৰলৈ ঘূৰি আহিলোঁ।

আহি চোতালত ভৰি দিছোঁ, এনেতে এটি বৰ সুন্দৰ গোন্ধ আহি নাকত লাগিল। ইফাল সিফাল চাই গোন্ধৰ উৎস বিচাৰিলোঁ, লাহে লাহে অনুমান কৰিলোঁ একেবাৰে জুহালৰ ওচৰত শ্ৰীমতীয়ে পটাত মছলা জাতীয় কিবা পিহি আছে, ভাবিলোঁ “কথাটো কি? অইনদিনা এইখিনি সময়ত টি ভি ৰ ওচৰত, মূৰ তুলিবলৈও সময় নাই, আৰু আজি…. নে শহুৰৰ ঘৰৰ কোনোবা আলহী আহিল?” ভালকৈ ওচৰত গৈ দেখোঁ মোৰ প্ৰিয় খাদ্য বস্তু “পাৰৰ মাংস আৰু পালেং শাক”, বাটি কেইটামানত পিয়াঁজ, নহৰু, জলা কাটি-কুটি সজাই থোৱা আছে লগত গৰম মছলাও, সকলোবোৰ সাজু। পটাত জালুক কেইটামান বতি আছিল তাৰেই আমোল-মোল গোন্ধটো আহি মোৰ নাকত লাগিছিল।

ময়ো ওচৰতে থকা মূঢ়াটো টান মাৰি আনি বিপৰীত দিশে মুখামুখিকৈ বহি ল’লোঁ। শ্ৰীমতীয়ে লগে লগে মাত লগালে,

: কি হ’ল আজি ইমান সোনকালে ঘৰলৈ আহিল যে? কিবা গা-চা বেয়া নেকি?

মই বোলো,

: নহয় দিয়া, বাহিৰত বৰকৈ ঠাণ্ডা পেলাইছে, তাতে আকৌ সেই যে মহন্ত; টেলিফোনত যে চাকৰি কৰে, ছোৱালীৰ তোলনি বিয়াত ধাৰে নিয়া টকা কেইটা আজি ছ-মাহৰ মূৰকত ৰাস্তাতে লাগ পাই দিলে; তাকেই বোলো টকা কেইটা লগত লৈ ক’ত ঘূৰি ফুৰিম , ঘৰলৈ গুচি আহিলোঁ৷ পিছে ৰ’বা, এই আয়োজন কিহৰ, কোনোবা আলহী আহিল নেকি?

: এহঃ একো আলহী-দুলহী অহা নাই, আজি মন গ’ল আৰু খাবলৈ তাতে তুমিও ভাল পোৱা নহয় পাৰৰ মাংস আৰু পালেং শাক, সেইকাৰণে আবেলি মিনতিবাইৰ গিৰিয়েকৰ হাতে অনাই লৈছোঁ।

জালুকৰ গুটি কেইটা থেঁতালি থেঁতালি কথাষাৰ ক’লে।
মই এইবাৰ সঁঁচাকৈয়ে আচৰিত হ’বৰ পাল । আজি হঠাৎ ইমান ৰোমাণ্টিক, মাত কথাও বৰ মিঠা, আজি চোন সেই কেটেৰা জেঙেৰা মৰা, ইটো নাই, সিটো নাই বুলি মৰা আস্ফালনো নাই? অইনদিনাখন ইমান দেৰিলৈ এজাউৰি হ’লহেঁতেন, ময়ো অৱশ্যে তেনে পৰিস্থিতিৰ বাবে সদা প্ৰস্তুত। কিন্তু আজিচোন বিপৰীত, কি বা হ’ল? জুইৰ তাপত হাত দুখন সেকি তাকে ভাবি কিছু সময় তভক মাৰি বহি থাকিলোঁ।
তেনেতে শ্ৰীমতীয়ে মাত লগালে,

: বোলো হেৰি নহয়, তুমি চাহ একাপ খাবা নেকি? আৰু এনেকে জুইৰ ফালে চাই কিনো ভাবি আছা?

ময়ো একো নাই হোৱা দেখুৱাই,

: নাই একো নাই; এনেই, অলপ ঠাণ্ডা পৰিছে যে হাত দুখনকে গৰম কৰি আছোঁঁ আৰু চাহ, নালাগে দিয়া ; হেৰি কৰিবা ভজা হ’লে অলপ মাংসকে দিবা৷

পিচে মই কথাষাৰ অলপ লাহেকৈ কৈ চালোঁ জানোচা ভেকাহি মাৰি উঠে নেকি? পিচে নাই, বৰ মিহিকৈ হাঁহি হাঁহি ক’লে,

: এহ, তুমিও যে আৰু বহি থাকাচোন; মই দিম নহয়। চাও এই খৰি কেইডাল আগুৱাই দিয়াচোন, মই কেৰাহীটো গৰম হ’বলৈ দিওঁ।

বাঃ! আজি মোৰ প্ৰতি ইমান দৰদ! ছেঃ! মইহে ইমানদিনে মিছাকে এওঁক অভং, দন্দুৰী মাইকী বুলি ভাবি আছিলোঁ। কিন্তু ইমান মৰমিয়াল আৰু মোৰ কথাও যে অলপ ভাবে, আজিহে গম পালোঁ। বহু দিন পিছত ইমান মৰম সনা মাত শুনি মোৰো কিবা মৰম জাগি আহিল। মনটো চোন কিবা ৰোমাণ্টিক হৈ পৰিল। এনেও অলপ ফূৰ্তিতে আছিলোঁ, বোলো টকাকেইটা নি তেওঁৰ হাতত দি দিম। অলপ মনটো ভাল লগাম , মইতো সপোনতো ভবা নাছিলোঁ যে, ৰসতে মোলায়ম হৈ থকা ৰসগোল্লাটো হৈ আছে বুলি। সেই ৰসতে ডুব গৈ মোৰো চোন কিবা অলপমান পিৰীতি কৰাৰে মন গ’ল। এনেইতো কিবা এটা ক’ম বুলি ভবাৰ আগতেই মুখখন জাপ খাই যায়। বোলো আজি এই সুযোগতে অলপ ধেমালিয়েই কৰি লওঁ। নিজৰজনীৰ লগত ধেমালি নকৰি লোকৰ ঘৈণীৰ লগত কৰিম নে? ঝাৰু, চেণ্ডেলৰ কোব খাবলৈ? তাতে আকৌ অগ্নিক সাক্ষী কৰি সাত পাক ঘূৰি, “জীৱনে মৰণে তুমি মোৰ মই তোমাৰ” বুলি সমাজৰ আগত বুকু ফুলাই আনিছোঁ। গতিকে কিহলৈ ভয়, সংসাৰ সাগৰত জীয়াই থাকোঁ মানে “তুমি নাৱ, মই বঠা”। গতিকে বেছি ভাবি চিন্তি থাকি লাভ নাই। সেইভাবিয়ে দুটা মান সেপ ঢুকি মুখ মেলিলোঁ।

: বোলো হেৰি নহয় বহুদিনৰ পৰা তোমাক কথা এটা ক’ম ক’ম বুলি ভাবি আছিলোঁ। পিচে সুবিধাই পোৱা নাই ক’বলৈ।

শ্ৰী মতীয়ে কেৰাহীত পিয়াঁজ খিনি বহাই দি,

: হে হৰি! মোক কিবা ক’বলৈ তোমাক, সময় সুবিধাও লাগে নেকি? কি ক’বা কোৱা?

ময়ো অলপ বেছি উৎসাহিত হৈ ক’বলৈ ধৰিলোঁ,

: নহয় অ’ আচলতে কি জানা, এইযে, অকলে অকলে ঘৰখন চলাবলৈ তোমাৰ বৰ কষ্ট হয়, সেয়া মইতো সদায় দেখিয়েই আছোঁ। সেইকাৰণে মই এটা কথা ভাবিছোঁ, তোমাৰো অলপ সহায় হ’ব দিয়াছোন, এজনী লৈ আহোঁ নেকি?

আখলৰ খৰি কেইডাল লৰাই দি লগে-লগে শ্ৰীমতীয়ে কৈ উঠিল,

: বোলো মইতো তোমাক কেতিয়াবাৰ পৰাই কথাটো কৈ আছিলোঁ, তুমিহে মন নকৰা। ৰাতিপুৱা ভাগত কিমান কষ্ট হয় মইহে জানো। এবেলা কাম কৰা হ’লেও হ’ব দিয়া, আনা।

: অ’ এবেলা কিয়, গোটেই দিনটো সহায় কৰি দিব। পিচে মই কাৰ কথা ভাবিছোঁ জানানে নাই, সেই যে ৰমণী মাষ্টৰ, আমাৰ নন্দু গেলামাল দোকানি, তাৰ দোকানৰ সন্মুখৰ ঘৰটো, বেলেগ আৰু কোনো নাই, মাক আৰু জীয়েকজনীহে। মাষ্টৰতো কেতিয়াবাই ঢুকাল, জীয়েকজনীকে আনিম দিয়া। দুইজনী দেখাতো একেই, বয়সটো অৱশ্যে অলপ কম; থাকিবা আৰু দুইজনীয়ে বাই-ভনীৰ দৰে একেলগে। নে, কি….( ধৰাম্ ম্ )

নাই, কথাখিনি শেষ হ’বলৈ নাপালেই, কেৰাহীত ঢালিবলৈ লোৱা মাংসৰ সৈতে পিতলৰ চৰিয়াটো চিধা আহি মোৰ মূৰৰ ওপৰত। চৰিয়াৰ খুন্দাত কপালত এটি টেমুনা। য’ৰে বস্তু ত’তে এৰি থৈ যি ভাগে ঘৰৰ ভিতৰত সোমাল আৰু দুৱাৰ খুলি নিদিলে, গোটেই ৰাতি বাৰান্দাতে লঘোণে-ভোকে কেঁচা মাংসৰ গোন্ধ লৈ বহি থাকিলোঁ। ধেৎতেৰি, ধেমালিও নুবুজে!

☆★☆★☆

4 Comments

  • হয় দেই, ধেমালিও নুবুজে।
    অসময়ত এনেকুৱা কথা ক’লে এনে গতি হ’বই,,,, হাঃ হাঃ

    Reply
    • কমল তালুকদাৰ

      অশেষ ধন্যবাদ বাইদেউ ।

      Reply
  • হেমন্ত কাকতি

    সাহস মানিলো আৰু৷ গৰম চৰিয়া পৰিল নে?

    Reply
    • কমল তালুকদাৰ

      চৰিয়া পৰি এটা শিং গজি উঠিল ,হাঃ হাঃ হাঃ । ধন্যবাদ কাকতী দা ।

      Reply

Leave a Reply

Your email address will not be published.