ফটাঢোল

কুৰিবছৰৰ পাছত (মূল:অ’ হেনৰী) – অনুবাদ: নীলাক্ষি দেৱী ডেকা

নিউয়ৰ্কৰ এটা ভিতৰুৱা অঞ্চলৰ এটা বজাৰৰ এলাকা। শীতৰ সময়। তেতিয়া নিশা দহ বাজিবৰ হোৱাই নাছিল যদিও হিমশীতল বতাহ আৰু কিনকিনিয়া বৰষুণজাকে পথটো প্ৰায় জনশূণ্য কৰি পেলাইছিল। পথেদি এজন আৰক্ষী বিষয়া নিজ স্বভাৱসুলভ গাম্ভীৰ্য্যতা আৰু আকৰ্ষণীয় ভঙ্গীমাৰে অহাযোৱা কৰি আছিল। অৱশ্যে বতৰত গতিৰ কাৰণে তেখেতৰ প্ৰতি মন কৰিবলগীয়া মানুহ ৰাস্তাত প্ৰায় নাছিল বুলিবই পাৰি।

পথেদি আগবাঢ়ি যাওঁতে তেখেতৰ দৃষ্টি আছিল ৰাস্তাৰ দুয়োকাষৰ দোকান পোহাৰৰ প্ৰতি। হাতত থকা লাঠিদালেদি বন্ধ দুৱাৰসমূহত টুকুৰিয়াই টুকুৰিয়াই তেওঁ আগবাঢ়ি গৈছিল। সাধাৰণতে সেই অঞ্চলৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বেছিভাগেই সোনকালে বন্ধ কৰি দিয়া হয় এখন দুখন গুমটিক বাদ দি। তেনে গুমটিবোৰলৈ চুৰট খাবলৈ মানুহৰ আহযাহ নিশা দুপৰলৈকে চলি থাকে। নৈশ আহাৰৰ ৰেস্তোৰাঁ দুখনমানো নিশালৈকে খোলা ৰখা হয় গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি। এই সকলোবোৰৰ প্ৰতি দৃষ্টি ৰাখি আৰক্ষী বিষয়াজন নিজৰ পথত আগবাঢ়ি গৈছিল। দীৰ্ঘদেহী, সামান্য অহমিকামিশ্ৰিত ব্যক্তিত্বৰে মানুহজন শান্তিৰক্ষকৰ ভূমিকাত কিযে সুন্দৰকৈ খাপ খাই পৰিছিল!

তেনেদৰে আহি আহি এটা নিৰ্দিষ্ট ব্লকৰ সন্মুখত তেখেতৰ খোজৰ গতিবেগ সামান্য মন্থৰ হ’ল। আন্ধাৰে আৱৰি ৰখা ঠাইখিনিত এখন লোহা লক্কৰৰ দোকান আছিল। তাৰে সন্মুখত দুই ওঁঠৰ ফাকত নজ্বলোৱা চুৰট এটা লৈ এজন ব্যক্তিয়ে আগলৈ সামান্য হাউলি ৰৈ থকা তেওঁৰ চকুত পৰিল। মানুহজনক দেখাৰ লগে লগে আৰক্ষী বিষয়াজন তেওঁৰ ফালে আগুৱাই গ’ল। ওচৰ গৈ পোৱাৰ লগে লগে আগন্তুকে বিষয়াজনক উদ্দেশ্যি খৰধৰকৈ ক’বলৈ আৰম্ভ কৰিলে- “নাই নাই মহোদয়, আপুনি ভুল নুবুজিব। মই মোৰ বন্ধু এজনৰ প্ৰতীক্ষাতহে ইয়াত এনেকৈ বাট চাই আছোঁ‌। তাৰ বাহিৰে কোনো বেলেগ উদ্দেশ্য নাই মোৰ। আপোনাৰ শুনাত হাস্যকৰ যেন লাগিলেও এইটো সঁচা যে আজিৰপৰা প্ৰায় বিশ বছৰৰ আগতে এইখিনি ঠাইতেই আজিৰ তাৰিখ আৰু সময়তেই পুনৰ লগ হ’ম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিলোঁ। সেই তাহানিৰ পৰা বহুত সময়েই পাৰ হৈ গ’ল! সেইখিনি সময়ত এই দোকানখনৰ জেগাত বিগ জ’ ব্ৰেডীৰ ৰেস্তোৰাঁ খনহে আছিল।”

“আজিৰ পৰা পাঁচবছৰ আগলৈকে সেইখন আছিলেই ইয়াত।” আৰক্ষী বিষয়াজনে উত্তৰ দিলে, “তাৰপাছতহে সেইখন ভাঙি পেলোৱা হ’ল।”

আৰক্ষীবিষয়াজনে কথা কৈ থাকোঁতেই আগন্তুকে তেওঁৰ ওঁঠত চেপি ৰখা চুৰটত অগ্নিসংযোগ কৰিলে। জুইশলা কাঠিৰ ক্ষণিকলৈ জিলিকি উঠা পোহৰত তীক্ষ্ণ, সতৰ্ক দুচকুৰে এখন চাৰিকোণীয়া, শেঁতা মুখাবয়ব জিলিকি উঠিল। আগন্তুকৰ ডিঙিত মেৰোৱা স্কাৰ্ফখনৰ পিনটোত এডোখৰ ডাঙৰ হীৰা খটোৱা আছিল। তেওঁৰ সোঁচকুৰ সামান্য ওপৰত এটা পুৰণি ক্ষতচিহ্নও আৰক্ষী বিষয়াজনৰ দৃষ্টি পৰা হাৰি নগ’ল।

“আজি নিশাটোৰ সম্পূৰ্ণ বিশবছৰ আগৰ নিশাটোতেই” আগন্তুকে কৈ গ’ল, “মই আৰু মোৰ প্ৰিয়বন্ধু জিমি ৱেলছে ইয়াতেই নৈশ আহাৰ গ্ৰহণ কৰিছিলোঁ। আপুনি জানে অফিচাৰ, জিমি পৃথিৱীৰ আটাইতকৈ ভাল আৰু বিন্দাছ ল’ৰা আছিল। সি আছিল মোৰ জিগৰী দোস্ত! এইখন নিউয়ৰ্ক মহানগৰীৰ বুকুতেই আমি একেলগে ধূলি বালি খেলি ডাঙৰ হৈছিলোঁ। ইয়াতকৈ আমাৰ শৈশৱ আৰু যৌৱন পাৰ কৰিছিলোঁ দুয়ো। আমি বন্ধু হ’লেও দুয়ো প্ৰকৃততে অভিন্ন হৃদয়ৰ বন্ধুহে আছিলোঁ। এজনে হা কৰিলেই ইজনে হুমুনিয়াহৰ বতৰা পাইছিলোঁ। মোৰ বয়স তেতিয়া ওঠৰ আৰু জিমিয়ে কুৰিৰ দেওনা গৰকিছে। সেই বিশেষ নিশাটোৰ পাছৰ পুৱাটোতেই মই পশ্চিমলৈ যাত্ৰা কৰাৰ কথা ভাগ্য অন্বেষণত। জিমিকো লগ ধৰিছিলোঁ মই কিন্তু জিমি আছিল নাচোৰবান্দা। পৃথিৱীৰ কোনো প্ৰলোভনেই হয়তো জিমিক নিউয়ৰ্কৰ পৰা বাহিৰলৈ নিব নোৱাৰিলেহেতেন। জিমিৰ পৃথিৱীখনেই আৱৰ্তিত হৈছিল এই নগৰক কেন্দ্ৰ কৰি। জিমি নিউয়ৰ্কৰ বাহিৰলৈ যাবলৈ আগ্ৰহী নাছিল আৰু মই মোৰ উৰণীয়া মনটোক এই নগৰৰ গলিত আৱদ্ধ কৰি ৰাখিব বিচৰা নাছিলোঁ। গতিকে উপায়ন্তৰ হৈ আমি দুয়ো এৰাএৰি হ’বলৈ বাধ্য হৈ পৰিলোঁ। কিন্তু ইমান বছৰৰ বন্ধুত্বৰ টান জানো ইমান সহজতে এৰাব পাৰি? সেই নিশাতেই আমি দুয়ো থিৰাং কৰিছিলোঁ যে সম্পূৰ্ণ বিশ বছৰৰ পাছত আমি পৃথিৱীৰ যিটো প্ৰান্তৰতেই নাথাকোঁ কিয় আজিৰ দিনটোতেই পুনৰ ইয়াতেই লগ হ’ম। মাজৰ সময়চোৱাত আমি দুয়ো নিজৰ নিজৰ ভাগ্য অন্বেষণ কৰিম আৰু চাম যে কোনে কিমান সফলতা অৰ্জন কৰিব পাৰে।”

“বাঃ ই সঁচাই বৰ আজৱ আৰু ৰোমাঞ্চকৰ কাহিনী!” বিষয়াজনে মন্তব্য কৰিলে। “দুইদশক বৰ দীঘলীয়া সময় আচলতে! তথাপিও আপোনাক এটা কথা নোসোধাকৈ নোৱাৰিলোঁ, যোৱা কুৰিবছৰৰ ভিতৰত আপোনাৰ নিজ বন্ধুৰ লগত এবাৰো যোগাযোগ নাছিলনে? তেখেত বৰ্তমান ক’ত আছে, কি কৰি আছে তাৰ সামান্যতমো খবৰ পাইনে আপুনি?”

“মই ইয়াৰপৰা যোৱাৰ কিছু সময়লৈকে যোগাযোগ আছিল আমাৰ।” আগন্তুকে মন্তব্য কৰিলে। “কিন্তু এবছৰ/ দুবছৰমানৰ পাছত আমি ইজনে সিজনৰ লগত সংযোগ হেৰুৱাই পেলালোঁ। পশ্চিমীয়া ঠাইবোৰৰ কথাই বেলেগ বুইছে! তাত ইয়াৰ দৰে খোৱা বোৱা, কামলৈ ওলাই যোৱা, শোৱা নিয়মমাফিক জীৱন নচলে মুঠেই। তাত টিকি থাকিবলৈ হ’লে ইফালৰ পৰা সিফাললৈ নিজৰ ধান্দাত ডলাৰ বগৰী হৈ দৌৰি থাকিব লগা হয়। নিজৰ পেটৰ ভাতমুঠিৰ চিন্তাত বন্ধুৰ খবৰ ৰখাটো একপ্ৰকাৰ অসম্ভৱেই হৈ পৰিল মোৰ বাবে। কিন্তু মোৰ কি বিশ্বাস জানে? আজি যদি জিমি জীৱিত আছে তেন্তে তেওঁ পৃথিৱীৰ য’তেই নাথাকক কিয় মোক লগ কৰিবলৈ আজি এই ঠাই আহি ওলাবই। জিমি আগৰপৰাই এক কথাৰ মানুহ। ময়ো আজি হাজাৰ মাইল দূৰৈৰপৰা ঢপলিয়াই আহিছোঁ একমাত্ৰ জিমিক লগ পাবৰ বাবেই। যদিহে জিমি আহি ওলায় তেন্তে মোৰ এই কষ্ট সাৰ্থক হোৱা বুলি ধৰিম আৰু!”

এইখিনি কৈ আগন্তুকে জেপৰপৰা এটা ঘড়ী উলিয়াই ঘড়ীৰ ডায়েলত চকু ফুৰালে। ডায়েলৰ চাৰিওফালে সৰু সৰু হীৰা খটোৱা মহাৰ্ঘ ঘড়ীটো আন্ধাৰতো চিকমিকাই উঠিল উজ্জ্বল তৰাৰ দৰেই।
“দহ বাজিবলৈ তিনিমিনিট সময় বাকী। কুৰিবছৰৰ আগৰ সেই বিশেষ নিশাটোত আমি দুয়ো নিশা দহবজাৰ লগে লগেই এইখিনি ঠাইতেই এৰাএৰি হৈছিলোঁ।” আগন্তুকে আৰক্ষী বিষয়াজনক উদ্দেশ্যি ক’লে।

“পশ্চিমত ভাগ্যদেৱী আপোনাৰ প্ৰতি ভালকৈয়ে সুপ্ৰসন্ন হ’ল যেন বোধ হয়!” বিষয়াজনে মন্তব্য কৰিলে।“

“ঠিক ধৰিছে আপুনি। মোৰ দেহেকেহে কৰা কষ্টৰ আৰু বুদ্ধিৰ ফল মই পাইছোঁ। আশাকৰোঁ জিমিয়েও মোৰ সমান নোৱাৰিলেও অন্ততঃ মোৰ সফলতাৰ আধামান হ’লেও লাভ কৰিবলৈ সক্ষম হৈছে। ল’ৰাটোৰ বুদ্ধিবৃত্তি বেয়া নাছিল কিন্তু তাৰ এই ঘৰগোনা স্বভাৱটোৱেই তাক খালে। জিমিৰ দৰে ধীৰ সুস্থিৰ হ’ব পৰাটো ভালেই কিন্তু তেনেদৰে পশ্চিমত টিকি থকাটো অসম্ভৱ কথা। আপোনাৰ কামকাজত কিমান ক্ষিপ্ৰ হ’ব লাগিব তাৰ অনুমানো কৰিব নোৱাৰে আপুনি। মই কেনে কেনে দুধৰ্ষ মানুহৰ লগত টক্কৰ দি দি আজিৰ এই পৰ্য্যায়লৈ আহিছোঁ মইহে জানো! পশ্চিমত ঘৰগোনা মানুহৰ কাম নাই একেবাৰেই।”

আৰক্ষী বিষয়াজন এইবাৰ যাবলৈ ওলাল। তেওঁ হাতৰ লাঠিদাল শূণ্যতে দুপাকমান ঘূৰাই ক’লে, “মই তেনেহলে এতিয়ালৈ এৰিছোঁ আপোনাক। আশাকৰোঁ আপুনি আপোনাৰ প্ৰিয়বন্ধুক শীঘ্ৰেই লগ পাব। তেওঁ চাগে কাঁটাই কাঁটাই দহবজাৰ লগে লগেই আহি পাব নহয়?”

” নাহিবও পাৰে।” আগন্তুকে উত্তৰ দিলে। মই জিমিৰ বাবে চাৰে দহ বজালৈকে বাট চাম বুলি ভাবিছোঁ। যদিহে তেওঁ আজি আহে তেন্তে সেইখিনি সময়ৰ ভিতৰতেই আহি পাব লাগে চোন।”

“বাৰু ভাল। আপুনি ৰওক তেন্তে। শুভৰাত্ৰি।” এইবুলি কৈ আৰক্ষীবিষয়াজন সেই স্থানৰ পৰা প্ৰস্থান কৰিলে পূৰ্বৰদৰেই ৰাস্তাৰ কাষৰ দোকানবোৰৰ দুৱাৰবোৰত টুকুৰিয়াই টুকুৰিয়াই।

সিমান পৰলৈকে বৰষুণজাক জোৰেৰে দিবলৈ আৰম্ভ কৰিছিল। তাৰ লগে লগে বতাহৰ বেগো বাঢ়িছিল। বতৰৰ উপদ্ৰৱত বিৰক্ত পথচাৰীসকলে নিজ নিজ গৰমকোটৰ কলাৰ ওপৰলৈ উঠাই আৰু জেপত হাত ভৰাই খোজৰ বেগ বঢ়াই সেই ঠাইৰ পৰা আঁতৰিছিল। দোকানৰ সন্মুখত নিজ বন্ধুৰ বাবে প্ৰতীক্ষাত থকা আগন্তুকে বন্ধুক লগ পোৱা নোপোৱাৰ অনিশ্চয়তাৰ ডাৱৰৰ মাজত নিজৰ চুৰটত ধীৰে ধীৰে টান দিছিল। তেনেকৈ প্ৰায় দহ বাজি কুৰিমিনিট যোৱাৰ পৰত ৰাস্তাৰ বিপৰীত দিশৰ পৰা কোট পৰিহিত এজন দীৰ্ঘদেহী লোকে আগবাঢ়ি আহি আগন্তুকক মাত দিলেহি।

” হেৰা, তুমি বব্ নহয়নে?” অলপ সন্দেহমিশ্ৰিত সুৰত তেওঁ দোকানৰ সন্মুখৰ আগন্তুকক উদ্দেশ্যি প্ৰশ্ন কৰিলে।

“আৰে! জিমি ৱেলছ তুমিয়েই নহয় জানো!” উচ্ছসিত কণ্ঠৰে আগন্তুকে ক’লে।

“ভগৱানক অশেষ ধন্যবাদ! অতবছৰৰ মূৰত তোমাক লগ পালোঁ। মোৰ বিশ্বাস আছিল যে তুমি যেনেতেনে হ’লেও আহি ওলাবাহি। বিশবছৰ সঁচাকৈয়ে বৰ দীঘলীয়া সময়। আমি সেই তাহানিৰ দৰে আজিৰ ইয়াতে নিশাৰ সাজ খাব পৰা হলে কিমান যে ভাল লাগিল হয়! বাৰু বাদ। এতিয়া নিজৰ খবৰ কোৱা। পশ্চিমৰ ফালে তোমাৰ অভিজ্ঞতা কেনে আছিল বন্ধু?”

“ভাগ্যই মোক হিয়া উজাৰি দিছে বুলিয়েই ক’ম। মই বিচৰা প্ৰায় সকলোখিনিয়েই পাইছোঁ। তুমি কিন্তু বহুত সলনি হ’লা পাই! তোমাক দেখাত ইমান বেছি ওখ লাগিছে প্ৰথমতে মোৰ তুমি বুলি বিশ্বাসেই হোৱা নাছিল।”

“কুৰিৰ দেওনা গৰকাৰ পাছত ওখ অলপ হ’লোঁ অৱশ্যে।”

“তোমাৰ কামকাজ কেনে চলিছে জিমি?” আগন্তুকে প্ৰশ্ন কৰিলে।

“মোটামুটি ঠিকঠাক। এই চহৰৰেই এটা বিভাগত কৰ্মৰত হৈ আছোঁ। ব’লা বব, আমি চিনাকী এঠাইত গৈ বহোঁগৈ আৰু পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰোঁ।”

দুয়ো বন্ধু হাতত ধৰাধৰিকৈ আগবাঢ়ি গ’ল। পশ্চিমীয়া দেশৰ পৰা অহা আগন্তুকে জীৱনৰ বাটত নিজ সফলতাৰ কাহিনী বন্ধুৰ আগত বকলা মেলিবলৈ আৰম্ভ কৰিলে। আনজনে নিজ ভাবত মগন হৈ কেৱল নীৰৱে শুনি ৰ’ল। এনেকৈয়েই খোজকাঢ়ি আহি আহি দুয়ো এখন দৰবৰ দোকানৰ সন্মুখ পালেহি। ঠাইখিনি বিজুলী বাতিৰ পোহৰেদি দিনৰ দৰেই আলোকিত হৈ আছিল। স্বাভাবিকতেই দুয়ো ইজনে সিজনৰ ফালে মুখ ঘূৰালে। আনজন ব্যক্তিৰ মুখমণ্ডলত চকু পৰাৰ লগে লগেই পশ্চিমৰ আগন্তুকে সচকিত হৈ ততাতৈয়াকৈ তেওঁৰ হাত এৰা দিলে।

” আৰে কোন হয় আপুনি? আপুনিতো জিমি ৱেলছ হব নোৱাৰে! মানিছোঁ যে বিশবছৰ বহুত দীঘলীয়া সময় কিন্তু সময়ৰ ব্যৱধান যিমানেই নহওক কিয় তিলফুলীয়া নাকৰ ব্যক্তি এজন ফেঁচানকা হৈ পৰাটো অসম্ভৱ কথা।”

“কেতিয়াবা সময়ে একোজন ভাল মানুহকো বেয়া মানুহলৈ পৰিৱৰ্তিত কৰি পেলায়। যোৱা দহমিনিট ধৰি তুমি গ্ৰেপ্তাৰ হৈ আছা ‘চিল্কী বব’। এইবাৰ আইনৰ চকুৰ পৰা পিচলি সৰকিব পাৰিম বুলি ভুলতো নাভাবিবা। তোমাৰ কুকৰ্মৰ খতিয়ান আমাৰ ওচৰত জমা আছে। চিকাগোৰ পুলিছৰ চকুত ধূলি মাৰি সাৰি আহিছিলা যদিও এতিয়া তোমাৰ সেই অনা ডেলে। এতিয়া ভালে ভালে মোৰ লগত ব’লা। তোমাৰ লগত বাৰ্তালাপ কৰিবলৈ চিকাগো আৰক্ষী বিষয়াই আগ্ৰহেৰে বাট চাই আছে। অ আৰু এটা কথা, থানালৈ যোৱাৰ আগতে এই চিঠিখন লোৱা। এইখন মোক তোমাক দিবলৈ কোৱা হৈছিল।”

এইবুলি কৈ তেওঁ কাগজৰ টুকুৰা এটা আগন্তুকৰ হাতত তুলি দিলে। ঘটনাৰ আকস্মিকতাত হতভম্ব আগন্তুকে কঁপা কঁপা হাতেৰে চিঠিখন লৈ পঢ়িবলৈ আৰম্ভ কৰিলে। তাত লিখা আছিল: “বব, মই নিৰ্দিষ্ট সময়মতেই আমাৰ ঠিক কৰি থোৱা ঠাইখিনি পাইছিলোঁগৈ। মই মোৰ চিনাকি দিব ওলাওতেই তুমি চুৰটটো জ্বলালা আৰু তাৰ পোহৰত মই তোমাৰ মুখখন দেখা পালোঁ। লগে লগে এইটোও ধৰিব পাৰিলোঁ যে চিকাগো আৰক্ষীয়ে অতদিনে বিচাৰি ফুৰা দুধৰ্ষ অপৰাধীজন তুমিয়েই। পুৰণি বন্ধুত্ব বা আন কিবা কাৰণেই হওক তোমাক গ্ৰেপ্তাৰ কৰা কামটো মই নিজে কৰিবলৈ সংকোচ বোধ কৰিলোঁ। সেয়েহে আন এজনক এনেদৰেই মোৰ দায়িত্ব পালন কৰিবলৈ পঠিয়ালোঁ।”

ইতি
জিমি

বৰষুণজাক আৰু জোৰেৰে আহিছিল। বৰষুণৰ মাজত ফুটপাথটোত আগন্তুক শিল পৰা কপৌৰ দৰে থৰ হৈ ৰ’ল। কিছু সময়ৰ পূৰ্বে অনৰ্গল কথা কৈ যোৱা আগন্তুকৰ নতুনকৈ কিবা ক’বলৈ তেওঁৰ মুখত ভাষা আৰু মনত শক্তি দুয়োটাৰ এটাও নাছিল তেতিয়া।

*****

32 Comments

  • বিশ বছৰৰ পিছত যিজন বন্ধুক লগ কৰিবলৈ আহিছিল সেইজন বন্ধুৱেই ঠগিলে। ভাল লাগিল বাইদেউ।

    Reply
    • নীলাক্ষি

      ধন্যবাদ জনালোঁ তবীবৰ।

      Reply
  • তৃষ্ণা সো

    সুন্দৰ অনুবাদ, পঢ়ি ভাল লাগিল।

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ তৃষ্ণা ☺️

      Reply
  • ৰিণ্টু

    সুন্দৰ আৰু সাৱলীল অনুবাদ, ভাল লাগিল নীলাক্ষি

    Reply
    • নীলাক্ষি

      ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ দাদা

      Reply
  • ৰাজশ্ৰী শৰ্মা

    কি সুন্দৰ। কৰ্তব্যৰ আগত একোৱেই ডাঙৰ নহয়।

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ ৰাজশ্ৰী!

      Reply
  • চিদানন্দ বৰা

    এক্সিলেন্ট !!

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ দাদা

      Reply
  • জৰ্জেছ কদ্দৰ

    সুন্দৰ অনুবাদ…
    আগলৈকো পঢ়াৰ আশা ৰাখিলো…

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ। নিশ্চয় চেষ্টা কৰিম।

      Reply
  • মানসী বুদ্ধ

    ভাল লাগিল দেই পঢ়ি ।

    Reply
    • নীলাক্ষি

      ধন্যবাদ মানসী

      Reply
  • Alakesh Bhagawati

    Classic …

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    ভাল লাগিল। সুন্দৰ অনুবাদ।

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা!

      Reply
  • কাবেৰী মহন্ত

    কৰ্তব্যৰ ওপৰত একো নাই ৷
    সুন্দৰ অনুবাদ কৰিছা নীলাক্ষী , ভাষাই মন্ত্ৰমুগ্ধ কৰি ৰাখিলে ৷

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা কাবেৰীবা! 🙂🙂

      Reply
  • সুন্দৰ অনুবাদ বা৷ভাল লাগিল৷

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ নীলা 🙂

      Reply
  • সৌৰভ শৰ্মা

    ভাল আৰক্ষী, আৰক্ষীয়েই। বন্ধু বুলি নিজে নকৰিলেও, অন্য সতিৰ্থৰ দাৰা গ্ৰেপ্তাৰ কৰিলে। ইমান সুন্দৰ গল্প। তাতোকৈ সুন্দৰ অনুবাদ।

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ শৰ্মাদা। আপোনাৰ মন্তব্যই উৎসাহিত কৰিলে!

      Reply
  • ডলী তালুকদাৰ

    সাৱলীল অনুবাদ। ভাল লাগিল বা।

    Reply
    • নীলাক্ষি

      ধন্যবাদ জনালোঁ ডলী

      Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

    ভাল লাগিল বাইদেউ।২০ বছৰত মানুহৰ জীৱন কিমান সলনি হৈ যাব পাৰে।

    Reply
    • নীলাক্ষি

      সঁচাকৈয়ে! এয়াই জীৱন!

      Reply
  • বৰ ভাল লাগিল নীলাবা ৷ কৰ্তব্যৰ ওচৰত বন্ধুত্বই হাৰ মানিলে৷

    Reply
    • নীলাক্ষি

      ঠিকেই কৈছা উৎপলা!

      Reply
  • জ্ঞানদীপ খনিকৰ

    বা বৰ ভাল লাগিল দেই.. আপোনাৰ প্ৰকাশভংগী অতুলনীয়..আকৌ এটা পঢ়িবলৈ আশাৰে বাট চালো..

    Reply
    • নীলাক্ষি

      অশেষ ধন্যবাদ জনালোঁ। নিশ্চয় চেষ্টা কৰিম। ☺️

      Reply

Leave a Reply

Your email address will not be published.