ফটাঢোল

কৃষ্ণাৰ্জুনৰ গৃহস্থালি – ধনজিত বৰুৱা

অৰ্জুন উবাচ :

হে মোৰ পৰম সুহৃদ বাসুদেৱ কানাই
তুমি অন্তৰ্যামী সকলোচোন জানাই।।
দ্ৰৌপদীয়ে বনবাসে তিতাখৰি ফুৱায়
কুহুৰ কুহুৰ কাঁহে মোৰ বুকু ভেদি যায়।।
চকুৰ জলে কাজল গলে, নাকেও বৈ যায়
যাজ্ঞসেনীয়ে মোৰ বাবেই এনেয়ে কষ্ট খায়।।
মাতৃ কুন্তিদেৱীৰ নামত শপত মধুসূধন
কোৱা নাই অলপো আমি মিথ্যা বচন।।
গা মন কৰে মোৰ অতি ৰাই জাই
অগ্নি বাণ যেন মই মাৰিম এতিয়াই।।

 

কৃষ্ণ উবাচ :

বুজিছোঁ আমি পাৰ্থ তোমাৰ কথাৰ অৰ্থ
বিবাহৰ পাছতহে জানা জীৱনৰ গূঢ়াৰ্থ।।
সঁচাই বিদ্যা হ’লেও পুৰুষ নিৰূপায়
য’ত ত’ত অস্ত্ৰ প্ৰয়োগ কৰিব নাপায়।।
যদি দিয়া অগ্নি বাণে চৰুত তুমি জুই
বৰুণ বাণ মাৰি যদি থাকা কাপোৰ ধুই
প্ৰকৃত যুদ্ধ কৰিবা তুমি কোন কালে
সেইফালেই ফুৰিবা তুমি কৃষ্ণা যিটো ফালে।।
কোৱা নাই এয়া সখা অমূলক বুলি
প্ৰেমৰ ভাৱেৰে সহায় কৰিবা থুতৰিটো তুলি।।
কাঁড় থোৱা পুৰণা তূণৰ তলি এৰোৱাই
শীঘ্রই দিবা পাৰ্থ এটি ফু চূঙা বনায়।।
তথাপি এটি কথাই মোক খুলি খুলি খায় (কওঁ নে, পাৰ্থ)
কুন্তি পেহীৰ বেলিকা তুমি এনে দুখ নেদেখিলা হায়।

(অৰ্জুন বীৰে টোপা কাঁড়ৰ দৰে গ’ল যি চৰ্চৰণি খাই, মই থকালৈকে উভটি অহা নাই)

☆★☆★☆

Leave a Reply

Your email address will not be published.