ফটাঢোল

কৃষ্ণ-লীলা: ভাস্কৰজ্যোতি আচাৰ্য

(১)

এখন গাঁৱত

বাস কৰিছিল

এজন পুথি পঢ়া বুঢ়া।

হিন্দী বুজি

নেপাই বেচেৰাই

আহিল আৰ্মী কাঢ়া।।
(২)

এদিন বুঢ়াই

পুথি পঢ়ি আহি

ঘূৰিছিল ঘৰলৈ বুলি।

বাটতে সি

আৰ্মী দেখা পাই

ক'লে ৰাম ৰাম বুলি।।
(৩)

আৰ্মীবিলাকে

ঘেৰাও কৰি তাক

সুধিলে অপৰাধীৰ নাম।

বুঢ়াই ভয়তে

পঢ়ি গ'ল তাৰ

'কৃষ্ণ-লীলা' ধুম-ধাম
(৪)

"গোপাল-গোৱিন্দ

মোহন মধু

ভগৱান শ্যামকানু।

এৰি থৈয়া তাহাৰ

সংগ ধেনু

বাজায় মোহন বেণু।।"
(৫)

এটা আৰ্মীয়ে

ক'লে এচিষ্টেণ্টক

নোট কৰ নামকেইটা।

সিহঁতো আছিল

বেঙেৰা ভাই

নুবুজে অসমীয়া ভাষা।।
(৬)

এইবাৰ আৰ্মীয়ে

সুধিলে বুঢ়াক

সিহঁতে ক'ত কি কৰে।

বুঢ়াৰ উত্তৰ–––

"গোপীৰ সঙ্গে

নাচে যমুনাৰ তীৰে।।'
(৭)

আৰ্মীকেইটাই

ভাবিলে সিহঁতে

বহুত ৰিপৰ্ট পালে।

বুঢ়াক সিহঁতে

পিঠিত থপৰিয়াই

ঘৰলৈ যাবলৈ দিলে।।
(৮)

অজলা বুঢ়াই

"কৃষ্ণ-লীলা"ৰ সহায়ত

সিদিনা ৰক্ষা পালে।

আৰ্মীকেইটাই পিছে

মেজৰ চাহাবৰ

গালি-শপনিহে খালে।।

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.