ফটাঢোল

কেইখনমান ইংৰাজী ব্যংগ গ্ৰন্থৰ চমু আলোচনা- মৌচুমী বৰুৱা

ব্যংগ সাহিত্যত অতি চহকী ইংৰাজী সাহিত্যৰ দুখনমান বিখ্যাত আৰু কালজয়ী গ্ৰন্থৰ বিষয়ে সাহিত্যৰ সাধাৰণ পাঠক হিচাপে এই প্ৰবন্ধটিত চমুকৈ আলোচনা কৰিবলৈ বিচৰা হৈছে৷ ব্যংগৰ ব্যৱহাৰ সাহিত্যত ঘাইকৈ হাস্যৰসৰ চলেৰে লেখকে প্ৰচলিত সামাজিক, ৰাজনৈতিক ভণ্ডামী , দুৰ্নীতি, গোড়ামী আদিবোৰ উদঙাবৰ বাবে কৰে৷ কেৱল পাঠকক হহুঁৱাটোৱেই ব্যংগ লেখকৰ উদ্দেশ্য নহয়৷ বুদ্ধিদীপ্ত হাস্যৰস (Irony), বিদ্ৰোপাত্মক হাস্যৰস (humour), বক্ৰ হাস্যৰস (irony ), শব্দৰ কৌশলপূৰ্ণ প্ৰয়োগ আদিৰে লেখকে পাঠকক সমাজৰ দোষ ক্ৰুতিবোৰৰ বিষয়ে সজাগ কৰে আৰু সমাজৰ সকাৰাত্মক পৰিৱৰ্তনত অৰিহণাও যোগায়৷ তেনেদুখনমান ব্যংগ গ্ৰন্থৰ বিষয়েই তলত চমুকৈ আলোচনা কৰা হ’ল৷

(১)

ভেনিটি ফেয়াৰ (Vanity Fair ১৮৪৭-১৮৪৮):

উইলিয়াম মেকপিচ থাকৰেৰ (William Makepeace Thackeray ) ‘ভেনিটি ফেয়াৰ’ সৰ্বকালতে সমাদৃত এখন সামাজিক ব্যংগ উপন্যাস৷ উপন্যাসখনৰ বেটুপাততে উল্লেখ আছে এইদৰে ‘pen and pencil sketches of English society’৷ সেইসময়ৰ ইংলেণ্ডৰ সমাজখন দেখি উপন্যাসিক থাকৰে হতাশ হৈ পৰিছিল। ধনী হোৱাৰ আৰু সমাজত প্ৰতিষ্ঠিত হোৱাৰ হেঁপাহত কিছুমান মানুহে ইমানেই নকৰিব লগীয়া কাম কিছুমান কৰিছিল যে থাকৰেই সেই কাণ্ড-কাৰখানাবোৰকে উপন্যাসখনত তুলি ধৰিছে ৷ ‘ভেনিটি ফেয়াৰ’ উপন্যাসখন সেইসময়ৰ ভিক্টোৰিয়ান বস্তুবাদী সমাজখনৰ সুন্দৰ প্ৰতিফলন৷ লেখক থাকৰেৰ মতে এই উপন্যাসখনত মানুহৰ সকলো ধৰণৰ ফোপোলা চিন্তা চৰ্চা, অহমিকা, নিৰ্বোধিতা, স্বাৰ্থপৰতা, নিষ্ঠুৰতাৰ সতে পাঠকৰ পৰিচয় ঘটিব৷ উন্নতিৰ জখলা বগাবৰ বাবে, টকা পইচা ঘটিবৰ বাবে মানুহে কেনেধৰণৰ নিকৃষ্ট পথ বাচি ল’ব পাৰে উপন্যাসিক থাকৰেই ব্যংগৰ চলেৰে উদঙাই দিছে৷ এইখন উপন্যাসত কোনো নায়ক নাই৷ থাকৰেৰ মতে ‘A novel without a hero ‘৷ বেকী শ্বাৰ্প আৰু এমী চিডলীৰ জীৱন যাত্ৰা আৰু তেওঁলোকৰ পৰিয়াল, বন্ধুবৰ্গক লৈয়ে উপন্যাসৰ কাহিনীভাগ আগবাঢ়িছে৷ থাকৰেই হাস্যকৰ ঘটনাৰ উপস্থাপন আৰু উপন্যাসখনৰ বিভিন্ন চৰিত্ৰসমূহৰ নামৰ জৰিয়তেও হাস্যৰসৰ সৃষ্টি কৰিছে৷ উপন্যাসখনত বিদ্ৰোপাত্মক ব্যংগৰ লগতে পাঠকে নিৰ্মল হাস্যৰসৰো সেয়েহে সোৱাদ লাভ কৰিছে৷ ‘ভেনিটি ফেয়াৰ ’ক সমালোচকসকলে এখন কালজয়ী ব্যংগ উপন্যাস হিচাপে অভিহিত কৰিছে৷ এই উপন্যাসখন ইংৰাজী ব্যংগ সাহিত্যৰ সোৱাদ ল’বলৈ বিচৰা পাঠকৰ বাবে এখন অৱশ্যে পঠনীয় গ্ৰন্থ৷

(২)

এডভেঞ্চাৰ অফ হাকলবেৰী ফিন ( Adventure of Huckleberry Finn ১৮৮৪):

আমেৰিকান সাহিত্যিক মাৰ্ক টুৱাইনে তেওঁৰ প্ৰায়ভাগ গল্প, উপন্যাসতে সমসাময়িক সমাজব্যৱস্থা, প্ৰচলিত কিছুমান গোড়ামীক ব্যংগৰ চলেৰে সমালোচনা কৰিছে৷ ‘এডভেঞ্চাৰ অফ হাকলবেৰী ফিন’ হৈছে মিছিচিপি নদীৰ পাৰত বাস কৰা সাধাৰণ মানুহৰ জীৱনক লৈ ৰচনা কৰা এখন উপন্যাস৷ হাকলবেৰী ফিন, টম চয়াৰ, জিম, আণ্ট পলি, পাপ ফিন আদিয়েই হৈছে মূখ্য চৰিত্ৰ উপন্যাসখনৰ৷ হাকলবেৰী ফিনৰ দু:সাহসীক অভিযান কিছুমানক লৈয়ে কাহিনীভাগ আগবাঢ়িছে৷ এই উপন্যাসখনত টুৱাইন আৰু হাক ফিনে লগ পোৱা বিভিন্নধৰণৰ মানুহ যেনে: দুমুখীয়া চৰিত্ৰৰ মানুহ, স্বাৰ্থপৰ, অসৎ, লোভী ব্যক্তি, হত্যাকাৰী আদিৰ জৰিয়তে সেইসময়ৰ সমাজখনৰ কিছুমান আন্ধাৰ দিশ আঙুলীয়াই দেখুৱাইছে৷ কেনেকৈ আপোনজনেই টকা পইচা সম্পত্তিৰ বাবে নানান ষড়যন্ত্ৰ কৰিব পাৰে সেয়াও উদঙাইছে উপন্যাসিকে৷ মানুহে মানুহক কেনে ধৰণৰ শোষণ আৰু নিষ্ঠুৰ ব্যৱহাৰ কৰিব পাৰে সেয়াও ব্যংগৰ জৰিয়তে প্ৰকাশ কৰিছে৷ সেই শোষিত শ্ৰেণীৰে প্ৰতিনিধি হৈছে জিম৷ দাসত্ব প্ৰথা বন্ধ হৈছিল যদিও ঘোৰ বৰ্ণবাদৰ (racisim)পৰা মুক্ত হ’ব পৰা নাছিল সেইসময়ৰ সমাজখন৷
‘এডভেঞ্চাৰ অফ হাকলবেৰী ফিন’ এখন বহুলপঠিত উপন্যাস৷ অসমীয়াৰ লগতে বিশ্বৰ প্ৰায়ভাগ ভাষালৈ এই গ্ৰন্থখন অনুদিত হৈছে৷

(৩)

এনিমেল ফাৰ্ম ( Animal ১৯৪৫) :

জৰ্জ অৰৱেলৰ ‘এনিমেল ফাৰ্ম ‘ এখন বিশ্ববিখ্যাত ৰাজনৈতিক ব্যংগ উপন্যাস। এইখন আচলতে এখন ৰূপকাত্মক উপন্যাস য’ত ১৯১৭ চনৰ ৰুচ বিপ্লৱৰ সময়ৰ ঘটনা প্ৰৱাহ আৰু সমসাময়িক সমাজখনৰ বৰ্ণনা পোৱা যায়৷ সেইসময়ত ছোভিয়েট ইউনিয়নত যোচেফ ষ্টেলিনে(Joseph Stalin) চলোৱা একনায়কত্ববাদৰ ফলত আৰম্ভ হৈছিল এক অন্ধকাৰযুগৰ। ব্যক্তিগত মালিকীস্বত্ব নোহোৱা কৰি সাম্যবাদৰ সপোন দেখুৱা ষ্টেলিনে শাসনলৈ আহিয়ে আৰম্ভ কৰিছিল নিজৰ একনায়কত্ববাদ। সেই সময়ৰ ৰাজনৈতিক পৰিৱেশ আৰু শাসনত থকা লোকসকলক সমালোচনা কৰি জৰ্জ অৰৱেলে লিখি ওলিয়াইছিল ‘এনিমেল ফাৰ্ম’৷ অৰৱেলে এটা প্ৰবন্ধত নিজেই উল্লেখ কৰিছে যে ‘এনিমেল ফাৰ্ম’ তেওঁৰ প্ৰথম ব্যংগ উপন্যাস যিখন লিখোতে তেওঁ চেষ্টা কৰিছিল ‘to fuse political purpose and artistic purpose into one whole ’৷

‘মেনৰ হাউচ’ ( Manor House )ত থকা সকলো জন্তুকে গোটাই এদিন বৃদ্ধ গাহৰি অল্ড মেজৰে ঘোষণা কৰে যে তেওঁলোকৰ প্ৰধান শত্ৰু হৈছে মানুহ৷ মানুহৰ বিপক্ষে বিদ্ৰোহ কৰিবলৈ তেওঁ সকলোকে একগোট কৰে৷ কাৰণ মানুহৰ কাৰণেই জন্তুবোৰ ভোকত থাকিব লগা হয়৷ জন্তুবোৰক মানুহে শোষণ আৰু অত্যাচাৰ কৰে৷ অল্ড মেজৰে সাতটা নিয়মো বান্ধি দিয়ে জন্তুৰ সমাজখনৰ বাবে৷ তাৰে কেইটামান হ’ল
(১) জন্তুবোৰ কেতিয়াও মানুহৰ দৰে নিষ্ঠুৰ আৰু স্বাৰ্থপৰ হ’ব নালাগিব৷
(২) জন্তুবোৰে মানুহৰ দৰে কাপোৰ পিন্ধিব নোৱাৰিব আৰু বিচনাত শুব নোৱাৰিব৷
(৩)জন্তুবোৰে মানুহৰ দৰে মদ্যপান কৰিব নোৱাৰিব৷
(৪)জন্তুবোৰে ইটোৱে সিটোক সন্মান কৰিব লাগিব আৰু কোনো জন্তুক হত্যা কৰিব নোৱাৰিব৷
(৫)সকলো জন্তু সমান (All animals are equal) আদি৷

কিন্তু প্ৰকৃত বিপ্লৱ আৰম্ভ হোৱাৰ আগতেই মেজৰৰ মৃত্যু হয়। অল্ড মেজৰৰ চৰিত্ৰটোত জৰ্জ অৰৱেলে কাৰ্ল মাৰ্ক্স আৰু লেনিনৰ আদৰ্শৰ সংমিশ্ৰণ ঘটাইছে৷ মেজৰে উল্লেখ কৰা এনিমেলিজিম (animalism) হৈছে কাৰ্ল মাৰ্ক্সৰ কমিউনিজিমৰ (communism) ৰূপাত্মক বিশ্লেষণ৷ মেনৰ ফাৰ্ম হৈছে ৰাচিয়াৰ প্ৰতিকী ৰূপ৷

বৃদ্ধ মেজৰৰ মৃত্যুৰ পিছত বুদ্ধিমান গাহৰিবোৰৰ দুই নেতা স্নবল (snowball) আৰু নেপোলিয়ন (napoleon) এ বিদ্ৰোহৰ নেতৃত্ব দিয়ে৷ জন্তুবোৰক বেয়া ব্যৱহাৰ কৰা মেনৰ হাউচৰ মালিক জনচক সকলোৱে খেদি পঠিয়াই৷ মেনৰ ফাৰ্মৰ নাম সলাই ৰাখে ‘এনিমেল ফাৰ্ম’৷ সকলো জন্তুৱে আনন্দমনেৰে নিজৰ বাবে কাম কৰিবলৈ ধৰে৷ মানুহৰ তলত থাকি কাম কৰিবলৈ সকলো জন্তুৱে অস্বীকাৰ কৰে৷ কিন্তু জন্তুবোৰৰ ভাল দিন সদায় নাথাকিল৷ জনচৰ লগতে আন বহুতো মানুহে ফাৰ্মখন দখল কৰিবলৈ জন্তুবোৰৰ ওপৰত আক্ৰমণ কৰিবলৈ লয়৷ আনকি জন্তুবোৰৰ নিজৰ মাজতে কাজিয়া আৰম্ভ হয়৷

লাহে লাহে গাহৰিবোৰ আন জন্তুতকৈ বেছি প্ৰভাৱশালী হ’বলৈ ধৰিলে৷ আন জন্তুবোৰতকৈ শাসনত থকা গাহৰিবোৰে নিজৰ বাবে সা-সুবিধা আৰু খাদ্যৰ পৰিমাণ বঢ়াই ল’লে৷ লাহে লাহে সিহঁতো মানুহৰ দৰেই ক্ষমতালোভী আৰু দুৰ্নীতি পৰায়ণ হৈ উঠে৷ গাহৰিবোৰৰ নেতা নেপোলিয়নে সকলো নিয়ম ভংগ কৰিলে৷ সি আগৰ মালিক জনচৰ কোঠালৈ গ’ল আৰু তেওঁৰ বিচনাত শুবলৈ ল’লে৷ মানুহৰ দৰে কাপোৰ পিন্ধিবলৈ ল’লে৷ গাহৰিবোৰে ঘোষণা কৰে যে “সকলো প্ৰাণী সমান কিন্তু কিছুমান প্ৰাণী অলপ বেছিকৈ সমান৷” এনেদৰেই গাহৰিবোৰে আন জন্তুৰ ওপৰত শাসন চলাবলৈ লয়৷ নিজৰ সা সুবিধাবোৰ আন জন্তুতকৈ বেছিকৈ উপভোগ কৰিবলৈ ধৰিলে৷ নেপোলিয়ন চৰিত্ৰটোৰ দ্বাৰা অৰৱেলে ষ্টেলিনক ব্যংগ কৰিছে৷ অৰৱেলৰ মতে সাম্যবাদৰ সপোন দেখুৱাই একনায়কত্ববাদী শাসন চলোৱা ষ্টেলিন আৰু নেপোলিয়ন নামৰ গাহৰিটোৰ কাৰ্য্য কলাপৰ মাজত যেন একো পাৰ্থক্য নাই৷ জৰ্জ অৰৱেলে ‘এনিমেল ফাৰ্ম’ৰ জৰিয়তে সকলোকে এই কথাই ক’বলৈ বিচাৰিছে যে শাসনলৈ আহিলে সকলোৱেই ৰাইজৰ কথা পাহৰে৷ ক্ষমতাৰ লোভত সকলোৱেই হৈ পৰে একো একোটা নেপোলিয়ন৷
All animals are equal but some animals are more equal than others .

(৪)

এলিচ ইন ৱাণ্ডাৰলেণ্ড (১৮৬৫)

ইংৰাজ গণিতজ্ঞ লুই কেৰলৰ ‘এলিচ ইন ৱাণ্ডাৰলেণ্ড’ এখন শিশুৰ বাবে ৰচিত ফেণ্টাচী উপন্যাস। এই উপন্যাসখন নপঢ়া মানুহ বৰ কম৷ এলিচৰ লগত এখন কাল্পনিক জগতত উটি ভাঁহি ফুৰাৰ আনন্দই সুকীয়া৷ কিন্তু এই কাল্পনিক উপন্যাসখনতে লুই কেৰলে সচেতনভাবেই ব্যংগ কৰিছে তেওঁ বাস কৰা সমাজখনৰ বিভিন্ন দিশ৷ এলিচ এদিন শহাপহুৰ গাত এটাৰ মাজেৰে গৈ উপস্থিত হয়গৈ এখন আজৱ জগতত৷ সমালোচকসকলৰ মতে সেই আজৱ জগতখন হৈছে সেইসময়ৰ ভিক্টোৰিয়ান ইংলেণ্ড৷ ৱাণ্ডাৰলেণ্ডৰ শাসনকৰ্তা কুইন অৱ হাৰ্টচ হৈছে ৰাণী ভিক্টোৰীয়াৰ প্ৰতীকি ৰূপ৷

সেইসময়ৰ ভিক্টোৰীয়ান সমাজখনৰ মতে নাৰী হ’ব লাগে পৰীৰ দৰে, স্বভাৱ হ’ব লাগে শান্ত আৰু ঘৰুৱা৷ ঘৰৰ ভিতৰতে থকাটোৱে নাৰীৰ স্বভাৱ হ’ব লাগে৷ ইয়াৰ বিপৰীতে এলিচ যেন সম্পূৰ্ণ বিপৰীত৷ তাই সাহসী ,অসহিষ্ণু৷ এলিচ যেন লুই কেৰলৰে এক প্ৰতিবাদী কণ্ঠ৷ ডাঙৰে কৰা প্ৰতিটো উদ্ভদ কাণ্ডৰে তাই প্ৰতিবাদ কৰিছে৷

কেৰলে ব্যংগ কৰিছে সেইসময়ৰ ব্ৰিটিছ ন্যায় ব্যৱস্থাকো। ৰাণীয়ে যেতিয়া ঘোষণা কৰিছে ’প্ৰথমে শাস্তি তাৰপাছতহে জুৰিৰ ৰায় ’(Sentence first ,then verdict) এলিচে প্ৰতিবাদ কৰিছে৷ ৰাণীৰ মুখৰ বাক্যই যেন সকলো৷

এই বিশ্ববিখ্যাত গ্ৰন্থখনত আৰু বহুতো ব্যংগ অৰ্ন্তনিহিত হৈ আছে৷ শিশু উপন্যাসৰ লগতে সেইবাবে ‘এলিচ ইন ৱাণ্ডাৰলেণ্ড’ এখন ৰাজনৈতিক ব্যংগ হিচাপেও বিখ্যাত৷

★★★★

3 Comments

  • আকৌ পঢ়িলোঁ। সুন্দৰ তথ্য ভিত্তিক প্ৰবন্ধ। বহু কথাই জানিলো।

    Reply
  • বিকাশ শইকীয়া

    এনে লিখা লিখিবলৈ বহুত কষ্ট কৰিব লাগে। পাঠকৰ মনোগ্ৰাহী কৰি তুলাৰ লগতে মূল কথা এৰাব নোৱাৰি। ইমান কষ্ট কৰি সময় দি লিখিছে। ভাল লাগিল দেই। ধন্যবাদ জনালোঁ।

    Reply
  • উত্তম কলিতা

    মনোগ্ৰাহী লিখনি ৷ ধন্যবাদ জনালোঁ মৌচুমী ৷

    Reply

Leave a Reply

Your email address will not be published.