ফটাঢোল

কোমল চাউল – সুস্মিতা দাস

ফাইনেল পৰীক্ষা দি ঘৰতে বেকাৰ সন্থা জিন্দাবাদ কৰি বহি আছোঁ৷ দৈনিক কাৰ্যতালিকা প্ৰায় এনেকুৱা ধৰণৰ আছিল- ৰাতিপুৱা শুই উঠি ইটো সিটো কৰি, গা ধুই লৰালৰিকৈ পুৱাৰ জলপান খাই কোনোবা চেনেলৰ ৮.০০/৮.৩০ ৰ চিনেমা চাবলৈ বহি যাওঁ৷ দুপৰীয়া ১২ বজাত খৰধৰকৈ ভাত খাই বাচনখিনি যেনে-তেনে ধুই বেলেগ এখন চিনেমা চাবলৈ বহি যাওঁ৷ দীঘলীয়া বিজ্ঞাপনবোৰত মাজে মাজে উঠি গৈ কাপোৰ সামৰোঁ, জাঁপি থওঁ, ঘৰ ঝাৰু দিওঁ, পাৰিলে পাঁচ বজাৰ একচন চিনেমাখনো এৰি নিদিওঁ৷ চিৰিয়েলবোৰৰ কথা নকলোৱেই আৰু৷ কিহৰ তাড়নাত মায়ে গৰু পিটন নিদিয়াকৈ সহ্য কৰি ৰৈছিল, আজিও ভাবি আচৰিত হওঁ৷ তেনেকুৱা এটা অতিশয় আনন্দময় জীৱন কটাই থকা সময়তে এদিন দেউতাই সুধিলে,

“অফিচৰ কামত উজনি অসমলৈ গৈ আছোঁ, যাবি নেকি?”

নেকি ঔৰ পুছ পুছ? ইস্ত্ৰী বিচাৰিবলৈ ধৰিলোঁ মনৰ উলাহত৷ সেয়া আছিল মোৰ প্ৰথম উজনি অসম ভ্ৰমণ৷

যোৰহাট ভ্ৰমি যেতিয়া শিৱসাগৰ পাইছিলোঁ, কেনেকুৱা লাগিছিল, বুজাব নোৱাৰোঁ৷ আজিৰ তাৰিখত আইফেল টাৱাৰ চাবলৈ পালেও চাগৈ ইমান আনন্দ নালাগিব, যিমান আনন্দ ৰংঘৰ, কাৰেংঘৰ দেখি লাগিছিল৷ দেউতা ব্যস্ত আছিল বাবে শিৱসাগৰ দৰ্শন কৰিলোঁ দেউতাৰ সতীৰ্থ এজন, আমাৰ খুড়াৰ লগত৷ দুপৰীয়া উদৰ পুৰাই খালোঁ হোটেলত৷ দেউতাৰ তালৈ আহিলোঁ৷ ফুৰিবলৈ গ’লোঁ দেউতাৰ বহুতো বন্ধুৰ ঘৰলৈ৷ এই দুই-তিনিদিনীয়া ভ্ৰমণসূচীত এটা কথা ভালদৰে বুজি উঠিছিলোঁ উজনি অসমৰ মানুহে আগন্তুকৰ পেটটো কুঁৱা বুলি গণ্য কৰে৷ মন কৰিছিলোঁ গৃহস্থৰ আপ্যায়ন কৰা পদ্ধতিটো তিনিতৰপীয়া৷ পোনতে চাহ, বিস্কুট, চানাচুৰ আদিৰে অতিথিক ডিঙিটো তিয়াবলৈ দিয়া হয়৷ আধা ঘণ্টামান পিছত আহিব চিৰা, সান্দহগুৰি অথবা কোমল চাউলৰ জলপান৷ খাবই লাগিব৷ ঘৰতে খুন্দা চিৰা, নাখালে নহ’ব নহয়৷ খোৱা হ’ল৷ কিন্তু কাৰ্যক্ৰমণিকা ইয়াতেই অন্ত নপৰে৷ অলপ পিছতেই আহিব ফুলা ফুলা লুচি, আলুভাজি, বেঙেনা ভাজি আদি৷ এইখিনি নোখোৱালৈকে আপুনি কোনো কাৰণতেই গৃহস্থৰ ঘৰ এৰিব নোৱাৰে৷ যিমান ঘৰ মানুহৰ তালৈ যাব, এইখিনি ইমোশ্বনেল অত্যাচাৰ শিৰোধাৰ্য কৰিবই লাগিব৷ এটা কথাত খুদুৱনি আজিও লাগে ওচৰৰ মানুহৰ ঘৰলৈ ফুৰিবলৈ গ’লেও এনে তিনিতৰপীয়া আপ্যায়ন সহ্য কৰেনে? আমাৰ নামনি অসমৰ ফালে অলপ প্ৰক্ৰিয়াটো বেলেগ ধৰণৰ৷ ঘৰলৈ অতিথি গৃহস্থৰ মূৰ ভাঙিবলৈ আহিছে নে ছোৱালীৰ প্ৰস্তাৱ লৈ আহিছে, ৰাতিপুৱা ১১ বজাত আহিছে নে আবেলি ৪ বজাত আহিছে, ঘৰত আঞ্জা-তৰকাৰী মজুত আছে নে নাই, এইবোৰৰ চৰজমিন তদন্ত নকৰাকৈ গৃহস্থই খুব গম্ভীৰভাৱে আগন্তুকক ক’ব,

“ভাতকেইটা খাই যাব দেই৷”

অনভ্যস্ত গৃহিণী বহু সময়ত শলঠেকত পৰে৷

ওপৰ অসম ভ্ৰমণৰ অন্তিম দিন৷ দুপৰীয়া খুড়া এজনৰ ঘৰত ভাত খালোঁ৷ দেউতাৰ দেখা দেখি নাই৷ আৱৰ্ত ভৱনত আহি শুলোঁ অলপ৷ ৰাতি ভাত খোৱাৰ নিমন্ত্ৰণ আছিল দেউতাৰ কলেজীয়া বন্ধুৰ ঘৰত৷ আবেলি দেউতাৰ পূৰণি চিনাকি বন্ধু এজনৰ ঘৰলৈ গ’লোঁ৷ খুড়ীয়ে যিভাবে হাতখন দেখুৱাই ক’লে যে মই এসময়ত কিমান সৰু আছিলোঁ, মোৰ বোধ শক্তিৰে বুজিলোঁ এদিন মই সৰু অকণমানি মাণিবেগটোৰ সমান আছিলোঁ৷ দুপৰীয়া ডিঙিলৈকে খোৱা হৈছিল৷ কিন্তু বুজি উঠিলোঁ তিনিতৰপীয়া মৰম শেষ নোহোৱালৈকে খুড়ীয়ে নেৰে৷ কোনোমতে প্ৰথম পৰ্য্যায় পাৰ কৰিলো৷ সমবয়সীয়া এজনী আৰু ভণ্টি এজনীৰ লগত নানাধৰণৰ কথাত মনযোগ দিলোঁ৷ খুড়ীয়ে মাতিলে, দ্বিতীয় পৰ্যায়লৈ৷ গ’লোঁ৷ ডাঙৰ কাঁহৰ বাতিত গাখীৰ, কোমল চাউলৰ জ্লপান৷ খুড়ীয়ে ক’লে,

“ঘৰৰে কোমল চাউল, বৰ সোৱাদ, খোৱা৷”

দেউতাই নিজৰ ভাগটো ল’লে৷ বৰ মনোযোগেৰে খোৱাত লাগিল৷ মই ভণ্টিজনীক ক’লোঁ,

“ইমান খাব নোৱাৰিম, ৰাতিপুৱাই যাব লাগিব, তুমি বাতি এটা আনাচোন৷”

কণমানিয়ে দৌৰ মাৰি গৈ বাতি এটা আনিলে৷ আধাতকৈও বেছি কমাই ৰাখিলোঁ৷ নিয়মটো কৰিবলৈ বাতিটো হাতত ল’লোঁ৷ ই কি? ইমান সোৱাদ! এনে সোৱাদযুক্ত জলপান কেতিয়াও খোৱাই নাছিলোঁ৷ ডাঙৰ বাতিটোলৈ চালোঁ৷ ল’বলৈ লাজ লাগিল৷ দুখ এটা ডিঙিলৈকে উজাই আহিছিল৷ খুড়ীয়ে জলপানখিনি দেউতাৰ বাতিটোত যতনাই দিলে৷ দুখখিনি শোকলৈ ৰূপান্তৰিত হ’ল!

উভতনি যাত্ৰাত দেউতাক কৈছিলোঁ দুখৰ কাহিনী, শোক পাতলাবলৈ৷ পিচে দেউতাই সেই কাহিনী আমাৰ বংশ পৰিয়ালৰ লোকৰ মাজত মছলাযুক্ত খবৰৰ দৰে বিতৰণ কৰিলে৷ কি কি উপনাম পালোঁ কৈ লাভ নাই৷ কোমল চাউলৰ প্ৰেমত পৰিলোঁ৷ গুৱাহাটীৰ বহু নামী দামী বিপণীৰ পৰা বহুবাৰ কোমল চাউল কিনি আনিলোঁ৷ কিন্তু কোনোদিনেই সেই অতুলনীয় সোৱাদ বিচাৰি নাপালোঁ৷ সেইখিনি জলপানত খুড়ীৰ অপত্য স্নেহে জলপানখিনিক অধিক সোৱাদযুক্ত কৰি তুলিছিল৷ এটা কথা শিকিলোঁ- খোৱা লোৱাৰ ক্ষেত্ৰত ধুন-পেছ মাৰিব নাপায়৷ লোকচান নিজৰ হয়৷

সেই বিশেষ জলপানখিনিলৈ সদায়েই মনত ৷ বিহু আহিলে দুখখিনি শোক হৈ বুকুত খুন্দা মাৰে প্ৰতিবছৰে৷

☆★☆★☆

4 Comments

  • Mousumi gogoi

    ভাল লাগিল।

    Reply
  • তৃষ্ণা সো.

    বৰ ৰসাল বৰ্ণনা।

    Reply
  • বোকা চাউলৰ সোৱাদেই সুকীয়া। সুন্দৰ বৰ্ণনা।

    Reply
  • সদানন্দ ভূঞা

    উজনি অসমৰ অতিথি আপ্যায়নৰ বিষয়ে বৰ সুন্দৰকৈ লিখিলে ।

    Reply

Leave a Reply

Your email address will not be published.