ফটাঢোল

কৌতুক – কমল তালুকদাৰ

মালিকে তেখেতৰ ঘৰত ঘৰুৱা কাম কাজ কৰা এজন ল’ৰা ৰাখিছে। ল’ৰাজন কাম-কাজত ভাল, কিন্তু বৰ অঘাইটং। কিবা নহয় কিবা এটা যত থাকেই৷ তামাম কামোৰ টাইপ। এদিন মালিকে তাক বজাৰ কৰিবলৈ পঠিয়াইছিল, সি কি কৰিলে তাৰেই আভাস এটা দিছোঁ তলত।
১/
ঘৰৰ পৰা ওলাই গৈয়ে বিপৰীত  ফালৰপৰা আহি থকা এখন ৰিক্সাক ৰখাই ,
: অ’ই ৰিক্সা বন্ধু, তিনি আলিলৈ যাবি? ( যিটো ফালৰ পৰা ৰিক্সাখন আহি আছিল।)
: অ’ দাদা যাম।
: দে, তেনেহ’লে ঘূৰাই ল!
ৰিক্সাক ঘূৰিবলৈ দি সি গৈ থাকে তিনিআলিৰ পিনে। ইফালে ৰিক্সাচালকে ৰিক্সা ঘূৰাই তাৰ পিছে পিছে আহি আছে,
: অ’ দাদা উঠক৷
: কিয়? ক’লৈ নিবা।
: অ’ আপুনিয়েচোন তিনিআলি যাম বুলি ক’লে।
: হে কি কোৱাহে? মই তোমাক সুধিছোঁহে তিনিআলিলৈ যাবা নেকি? মই যাম বুলি কোৱা নাই। গৈ থাকা তুমি৷
ৰ’দে খাওঁ খাওঁ কৰা ভৰদুপৰীয়া ৰিক্সাচালকজনৰ কি গতি হ’ব আপুনি ভাবকচোন?
২/
স্থান-বেলতলা বজাৰ।
কুঁহিয়াৰ বেচা দোকানীজনৰ ওচৰলৈ গৈ,
: ঐ ভাই কুঁহিয়াৰ কিমান দাম?
: ভাইয়া, ছোটাৱালা ২০ ৰুপেয়া লম্বাৱালা ৩০ ৰুপেয়া৷
: আৰে, ছোটা লম্বা এৰ চিধা-চিধি ক মিটাৰ কিমান কৈ দিবি?
তাৰ কথা শুনি দোকানীয়ে হেনো এডাল কুঁহিয়াৰ লৈ নিজৰ মূূূূৰতে এক কোব মাৰিলে৷
৩/
তাৰ পিছতো সি দুই চাৰি ঠাইত কিবাকিবি লটি-ঘটি কৰি অলপ বজাৰ সমাৰ কৰি এখন চাহ দোকানত সোমাইছিল।
: দাদা পানী এগিলাছ দিয়কহে, খউব পিয়াহ লাগিছে।
পানী খাই উঠি, মালিকজনক ক’লে,
: দাদা পানী ক’ৰ পৰা আনেহে?
: কিয়? আমাৰ দোকানৰে, কুৱাৰ পানী।
: ধেৎ, পানী হ’লে পানীৰ দৰে হ’ব লাগে, পানীখিনি অলপ গোটা হৈ আছে পাতল কৰিবচোন!
সেই বুলি কৈ সি তাৰ পৰা প্ৰস্থান কৰে, এইফালে মালিকে গিলাচৰ পিছত গিলাচ পানী খাই আছে।
৪/
বজাৰৰ পৰা আহি আহি মালিকৰ  ঘৰৰ পদূলি মুখত।কান্ধত ভাৰ বান্ধি আপেল, আঙুৰ, কল আদি লৈ বেপাৰী এজন আহে।
: ঐ ভাইজান, কি আনিছা ৰে?
:এইযে আঙুৰ, আপেল, কল।
: আঙুৰ কিমান দাম?
: দাদা আপ্নি লবেন তাই শ বিছ টেহা দিবেন।
:  অ’ ঠিক আছে একশত বিছ টকা ন? ৰহ!
এইবুলি পকেটৰ পৰা ১টকা এটা উলিয়াই,
: দেচোন মোক ৫ টা।
: আৰ কিতা ক’। ১ টেহাই কি পায়?
: কিয় ৰে তই এইমাত্ৰ ক’লিচোন একশত বিছ টকা, তেনেহ’লে এক টকাত ৫টা পাম! দে ফটাফত।
: নাৰে দাদা আপ্নাৰা বুজাত ভুল কৰছেন। আমি একশ গেৰামেৰ কথা বোলছি।
: ঐ কি কথা ঘূৰাই গেৰাম গেৰাম কৰি আছ, নাকৰ বাৰাণ্ডা খহাই দিম৷
তেনেতে মালিকে মাত দিয়ে, তেহে বেপাৰীটো ৰক্ষা পৰে৷
৫/
আবেলি টিউচন মাষ্টৰে অংক পঢ়াই আছিল, মালিকৰ প্ৰথমমানত পঢ়া ছোৱালীজনীক। আৰু সি বাৰাণ্ডাত বহি শুনি আছে।
মাষ্টৰ,
: একৰ এক গ’লে থাকিল শূন্য৷ বুজি পালানে?
ছোৱালী,
: অঁ‌, একৰ এক গ’লে থাকিল শূন্য৷
তেনেতে সি হুৰমূৰকৈ সোমাই আহি,
: ধৈ! আপুনি কি মাষ্টৰহে? চব ভুল শিকাই আছে।
: কি? কি ভুল শিকালোঁ?
: কি শিকোৱা নাই? একৰ এক গ’লে শূন্য থাকে নেকি?  চাওঁ বহিখন মোক দিয়ক। এইবুলি লিখি দিলে
একৰ এক গ’লে থাকিল ৰ
একৰ – এক = ৰ
পিছত গম পোৱা মতে শিক্ষকজনে শিক্ষকতা এৰি কিবা বেলেগ কামত ধৰিল।
☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.