ফটাঢোল

কৌতুক – প্ৰাঞ্জল ভূঞা

ৰমেনক ঘৈণীয়েকে কৈ আছে যে তাইক হেনো কিবা আইকণিক কাজল এডাল লাগে। ৰমেনে সুধিলে সেইটো আকৌ কি বস্তু!

মালতী : সেইডালে চকুত লগোৱা বস্তু। আপুনি বুজি নাপাব। ২২ ঘণ্টা পৰ্যন্ত চকুৰ ভুৰুবিলাক ক’লা হৈ থাকে।

ৰমেন : হয় নেকি? তাতকৈ এমাহমান ক’লা হৈ থাকিব পৰা কিবা এবিধ আনি দিওঁ নেকি? তেতিয়া সদায় লগোৱাৰ দৰকাৰ নাই।

মালতী: সঁচানে? কি আনি দিবানো?

ৰমেন : ভাবিছোঁ Indica 10 minutes লগাই দিওঁ। বহুদিন ক’লা হৈ থাকিব।

মালতী : হুঁহ। বেলেগ ভাল কথা নাই মানে। মোক মৰাৰ সৰুযন্ত্ৰ ।

ৰমেন : হেৰা, সৰুযন্ত্ৰ নহয় হে! ষড়যন্ত্ৰ বুলি কয়।

তাকে দেখি ওচৰতে থকা ৰমেনৰ বন্ধু হৰেনে ক’লে,
হৰেন : বন্ধু, এই ২২ ঘণ্টা, এমাহৰ ৰঙৰ কথা বাদ দে। মোৰ কথা শুন। আজীৱন ক’লা হৈ থাকিব।

মালতীয়ে শুনি উৎসাহেৰে সুধিলে, “কওকচোন”।

হৰেন : ৰমেন তই এটা কাম কৰিবি। নিঙনাহঁতৰ ঘৰত যে লগাইছিল। তাৰে অলপ আনি লগাই দিবি। মানে পুটিন কাটি প্ৰাইমাৰ মাৰি ক’লা প্লাষ্টিক ৰংটো লগাই দিবি। আৰু শুন মাজে মাজে তেল বা পোৰা মবিল লগাই দিবি। আজীৱন ক’লা হৈ থাকিব। একো বেয়াও নহয়।

কথা শুনি মালতীৰ লগতে ৰমেনো বেহুচ হৈ পৰিল।

☆★☆★☆

Leave a Reply

Your email address will not be published.