ফটাঢোল

কৌতুক – ভাস্কৰজ্যোতি দাস

এইটো তেতিয়াৰ কাহিনী, যেতিয়া ৰিণ্টুদাই কুৱেইটী হোৱাতো বাদেই, বিয়াও পতা নাই৷ একেদৰে ভাস্কোৱেও ইউনিভাৰ্চিটি এৰি ধদুৱা মাৰি ফুৰিছে৷ এদিন দুয়ো ঢাবা এখনত লগ পাই দোস্ত হৈ গ’ল৷ দোস্ত মানে গেহেৰা দোস্ত৷ চাকৰি বাকৰি নাই৷ আক তাক ঠগি দুয়ো সদায় একেলগে বহি গড়মাৰ্কা খাই ৷ ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া; সদায়েই৷ এদিন দুয়োৱে পিঁপাই থকাৰ মাজতে বহু কথা চিন্তা কৰি একেলগে ব্যৱসায় কৰিবলৈ মন মেলিলে৷ পিছে কিহৰ ব্যৱসায় কৰিব তাৰ চিন্তাই দুয়োৰে অৱস্থা নেমু খোৱাৰ দৰে কৰিলে৷ অৱশেষত বহুত গুণাগঁথা কৰি ঠিক কৰিলে; দুয়ো আলুৰ বিজনেচ কৰিব৷ আলু সদায়েই মানুহক লাগে, বহুত বিক্ৰী হয়৷ গতিকে লাভ হোৱাটো খাটাং৷

পিছদিনা দুয়ো চেণ্ট্ৰেল মাৰ্কেটৰ আগৰ ফুটপাথত বহি আলু এবস্তা লৈ গ্ৰাহকৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে৷ পিছে গ্ৰাহক নাই৷ তেনেতে ৰিণ্টুৱে ক’লে – “দোস্ত, আমাৰতো আগতে বস্তু বিক্ৰী কৰাৰ এক্সপিৰিয়েন্স নাই! কি কৰা যায়! অতসোপা মানুহ! অথচ এটাও গ্ৰাহক নাই৷”

ভাস্কোৱে ক’লে- “ৰহ ককাই৷ আমি নিজেই ট্ৰায়েল এটা দি লওঁ৷ মই দোকানী আৰু তই গ্ৰাহক৷ আলু বিচাৰি আহিবি৷ ৰিণ্টুৱে কোনোমতে অলপ দূৰলৈ গৈ, ঘূৰি আহি ভাস্কোক সুধিলে- “আলু আছে?”

ভাস্কো – “হয় আছে৷ কিমান লাগিব?”

ৰিণ্টু – “দুবটল৷ ফুল।”

ভাস্কো – “আৰে দোস্ত, আলুৰ হিচাব কেজিতহে হয়৷ ৰহ, এইবাৰ মই গ্ৰাহক হওঁ আৰু তই ককাই দোকানী হৈ বহ৷”

ভাস্কোৱে অলপ দূৰৰপৰা ঘূৰি আহি ৰিণ্টুক সুধিলে – “আলু আছে?”

ৰিণ্টু – “আছে৷ কিমান লাগে?”

ভাস্কো- “তিনি কেজি৷”

ৰিণ্টু – “কিহত নিব? বটল আনিছে? বটল?”

☆★☆★☆

One comment

  • অভিজিৎ কাশ্যপ (চিকু)

    হাঃ হাঃ

    Reply

Leave a Reply

Your email address will not be published.