ফটাঢোল

কৌশল (মূল:মুন্সী প্ৰেমচান্দ) -অনুবাদ: মিতালী নাৰায়ণি

বহুদিনৰ পৰা পণ্ডিত বালকৰাম শাস্ত্ৰীৰ সহধৰ্মিনী মায়াৰ এডাল হাৰৰ বাবে বৰ হেঁপাহ আছিল আৰু কেইবাবাৰো তাই পণ্ডিতৰ আগত সেইডালৰ প্ৰতি থকা আগ্ৰহৰ কথা কৈছিল। কিন্তু পণ্ডিতে সদায় হেহো-নেহো কৰি থাকে। তেওঁ কোনোদিন তাইক খোলাখুলিকৈ কোৱা নাছিল যে তেওঁৰ টকা-পইচা নাই। এনেকৈ ক’লে তেওঁৰ প্ৰতিষ্ঠা-প্ৰতিপত্তিত প্ৰশ্ন উৎত্থাপন হোৱাৰ সম্ভাৱনা থাকে। সেয়ে তেওঁ যুক্তি-তৰ্কৰ শৰণ লৈছিল আৰু কৈছিল যে গহণা লৈ একো লাভ নাই; প্ৰথম কথা হ’ল, ভাল ধাতু পোৱা নাযায়, তাতে আকৌ সোণাৰীয়ে নগদ টকাটোকো আধলি আধলি কৰি পেলায়৷ আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো, ঘৰত সোণ ৰখা মানে চোৰ-ডকাইতক নিমন্ত্ৰণ কৰাৰ দৰেহে হয়। অলপ সময়ৰ সাজোন-কাচোনৰ বাবে ইমান বিপত্তি মূৰ পাতি লোৱাটো মূৰ্খৰহে কাম। বেচেৰী মায়া! তাইতো তৰ্ক-শাস্ত্ৰও পঢ়া নাই! এই যুক্তিবোৰৰ ওচৰত তাই নিৰুত্তৰ হৈ পৰে। চুবুৰীৰ তিৰোতাসকলক দেখি তাইৰ হাৰডাললৈ হেঁপাহ বাঢ়ে, কিন্তু মনৰ দুখৰ কথা কাকনো কয়! যদি পণ্ডিত অধিক কষ্টসহিষ্ণু আৰু কৰ্মপটু হ’লহেঁতেন তেন্তে এই সমস্যাৰ সৰল সমাধান ওলালহেঁতেন! কিন্তু তেওঁ আছিল এলেহুৱা মানুহ। অধিকাংশ সময় খাই আৰু জিৰণি লৈ কটাইছিল। ঘৈণীৰ তিতা-কেঁহাবোৰ শুনিবলৈ তেওঁৰ কোনো আপত্তি নাছিল, কিন্তু টোপনি মৰাত কোনো ধৰণে ঘাটি কৰিব নোৱাৰিছিল।

এদিন পণ্ডিতে পাঠশালাৰ পৰা আহি দেখিলে যে মায়াৰ ডিঙিত সোণৰ হাৰ এডাল জিলিকি আছে। হাৰডালৰ উজ্জ্বলতাই তাইৰ মুখখন পোহৰ কৰি তুলিছে। তেওঁ তাইক কেতিয়াও ইমান ধুনীয়া বুলি ভবা নাছিল। সুধিলে,

: এইডাল কাৰ হাৰ?

মায়াই ক’লে,

: চুবুৰীতে থকা বাবুজনৰ ঘৈণীয়েকৰ। আজি তেওঁক লগ কৰিবলৈ গৈছিলোঁ। এই হাৰডাল দেখি খুব পচন্দ হ’ল। তোমাক দেখাবৰ বাবে পিন্ধি আহিলোঁ। এনেকুৱা এডাল হাৰেই মোক গঢ়াই দিবাদেই!

পণ্ডিত : অনাহকতে আনৰ বস্তু খুজি আনিলা। যদি চুৰি হৈ যায় হাৰডালতো গঢ়াবই লাগিব আৰু বদনামো হ’ব।

মায়া : মইতো এনেকুৱা হাৰেই ল’ম, বিশ তোলাৰ।

পণ্ডিত : আকৌ সেই একেই জেদ!

মায়া : সকলোৱে পিন্ধেই যেতিয়া, মইনো কিয় নিপিন্ধিম?

পণ্ডিত : সকলোৱে কুঁৱাত পৰে যদি তুমিও কুঁৱাত জাঁপ দিবা নেকি? ভাবিচোৱাচোন, আজিৰ দিনত এই হাৰডাল গঢ়াবলৈ ৬০০টকা লাগিব। যদি শতকৰা এটকাকৈ সুত লোৱা যায় তেন্তে বছৰত ৬০০ টকা গৈ প্ৰায় ১০০০ টকা হ’বগৈ। কিন্তু পাঁচ বছৰত তোমাৰ হাৰডাল কিবাকৈ তিনিশ টকা মানৰহে ৰ’বগৈ। এনে বৃহৎ লোকচান কৰি হাৰডাল পিন্ধিনো কি সুখ পাবা? এই হাৰডাল ঘূৰাই দিয়া, খোৱা-বোৱা কৰা আৰু আৰামত শুই থাকা।

ইয়াকে কৈ পণ্ডিত বাহিৰলৈ গ’ল। ৰাতি হঠাৎ মায়াই চিঞৰ-বাখৰ কৰি ক’লে,

: চোৰ, চোৰ, ঘৰত চোৰ সোমাইছে। মোক কোনোবাই টানি নিবলৈ ধৰিছে।

পণ্ডিতে খকমকাই সাৰ পাই উঠি ক’বলৈ ধৰিলে,

: ক’ত ক’ত? দৌৰা দৌৰা৷

মায়া : মোৰ কোঠালিলৈ গৈছে৷ মই তাৰ ছাঁটো দেখিছোঁ৷

পণ্ডিত : লণ্ঠন আনা, মোৰ লাঠিডালো লৈ আনিবা৷

মায়া : ভয়তে মোৰ উঠি যাব নোৱাৰা অৱস্থা৷

কেইবাজনো মানুহে বাহিৰৰ পৰা মাত দিলে,

: ক’ত আছে, পণ্ডিতজী? সিন্ধি পৰিল নেকি?

মায়া : নহয় নহয়, টিঙেৰে নামি আহিছে৷ মোৰ চকু মেল খোৱাত দেখিলোঁ কোনোবা যেন মোৰ ফালে তলমুৱাকৈ হালি আছিল৷ হায় হায়, সি দেখোন হাৰডালেই লৈ গ’ল! সেইডাল পিন্ধি থাকোঁতেই মই টোপনি গৈছিলোঁ৷ জহনীত যোৱাটোৱে ডিঙিৰ পৰাই খুলি লৈ গ’ল৷ হায় ভগবান!

পণ্ডিত : তুমি হাৰডাল কিয় সোলোকাই থোৱা নাছিলা?

মায়া : আপদটো আজিয়েই হ’ব বুলি মই কিবা জানিছিলোঁ নেকি! হায় ভগবান!

পণ্ডিত : এতিয়া হায় হায় কৰি কি হ’ব? নিজৰ কৰ্মফল ভুগি থাকা৷ সেইবাবে মই কৈছিলোঁ, সময় সদায় একেদৰে নাযায়, ক’ত কেতিয়া কি হ’ব পাৰে একো ঠিক নাই৷ এতিয়া মোৰ কথা বুজি পালানে? ভালকৈ চোৱা, আৰু কি কি নিছে?

প্ৰতিবেশীসকল লণ্ঠন লৈ আহি পালে৷ ঘৰৰ চুকে-কোণে চালে৷ দুৱাৰ-খিৰিকীৰ আশে-পাশে, ছাঁদৰ ওপৰলৈ গৈ চালে, আগচোতাল-পাছচোতাল চালে, শৌচালয়তো জুমি চালে, চোৰৰ ক’তো উমঘামেই নাই৷

প্ৰথম প্ৰতিবেশী : কোনো জনা-শুনা চিনাকি মানুহৰে কাম হ’ব৷

দ্বিতীয় প্ৰতিবেশী : ঘৰশত্ৰুৰ সহযোগ অবিহনে কেতিয়াও চুৰি হ’ব নোৱাৰে৷ আৰু আন কিবা নিছে নেকি?

মায়া : আৰু একো নিয়া নাই দেখোন! বাচন-বৰ্তন আটাইখিনিয়ে আছে৷ চন্দুকটোও বন্ধ হৈ আছে৷ মাউৰত মৰাটোৰ নিবলৈয়ে আছিল যদি মোৰে কিবা বস্তু নিব লাগিছিল৷ আনৰ সম্পদ আছিল হেৰৌ! ভগবান, তেওঁলোকক এতিয়া কোন স’তে মুখ দেখুৱাওঁ!

পণ্ডিত : এতিয়া গহণা পিন্ধাৰ মজাটো পালা নহয়?

মায়া : হায় ভগবান! এই অপযশ কপালতে লিখা আছিল৷

পণ্ডিত : ইমানকৈ বুজাই বুজায়ো হাৰি গ’লোঁ, তুমি নামানিলা যি নামানিলায়ে৷ কথাৰ কথাতে ৬০০টকা উৰি গ’ল; এতিয়া কেনেকৈ লাজ-সন্মান ৰক্ষা পৰিব ভগবানেহে জানে৷

মায়া : কটা নিধকটোৱে মোৰ ঘৰৰ এটা এটা সৰু-বৰ বস্তু বিচাৰি বিচাৰি লৈ গ’লেও মোৰ ইমান দুখ নালাগিলহেঁতেন! বেচেৰীজনীয়েও হাৰডাল নতুনকৈ গঢ়াইছিলহে মাথোন৷

পণ্ডিত : বৰ জানে একেবাৰে, বিশ তোলাৰ আছিল!

মায়া : বিশ তোলাৰ বুলিয়েতো কৈছিল!

পণ্ডিত : অঁকৰা মৈত উঠিছিলা নহয়?

মায়া : তেওঁক ক’ম যে ঘৰত চুৰি হৈছিল৷ হ’ল বুলিয়ে মোক প্ৰাণদণ্ড দিব নোৱাৰে নহয়! এতিয়া তেওঁৰ বাবে কোনোবাই চোৰ কৰিবলৈ যাব নেকি?

পণ্ডিত : তোমাৰ ঘৰৰ পৰা কাৰোবাৰ বস্তু হেৰাইছে, গতিকে তুমিয়ে দিব লাগিব৷ চোৰে নিলে নে তুমিয়ে থৈ দিছা তেওঁক এইবোৰৰ কি দৰকাৰ? তোমাৰ কথাত তেওঁ পতিয়ন নাযায়৷

মায়া : তেন্তে ইমানবোৰ টকা ক’ৰপৰা আহিব?

পণ্ডিত : ক’ৰবাৰ পৰা নহয় ক’ৰবাৰ পৰা গোটাব লাগিব; নহ’লে সন্মান ক’ত ৰ’ব? কিন্তু তুমি এইটো সাংঘাতিক ভুল কৰিলা৷

মায়া : কাৰোবাৰ পৰা খুজি আনি পিন্ধাটোও ভগবানে সহিব নোৱাৰিলে৷ মোৰে মতিভ্ৰম হৈছিল; নহ’লেনো এই দুটিমান ক্ষণৰ বাবে সেইডাল ডিঙিত ওলোমাই মইনো কি ইমান সুখ পালোঁ! ময়ে দুৰ্ভগীয়া৷

পণ্ডিত : এতিয়া নিজক দোষ দি হায়ৈ-বিয়ৈ কৰি কি লাভ? শান্তিৰে বহা আৰু তেওঁক ক’বা যে যেতিয়ালৈ তেওঁৰ বস্তুপদ তেওঁক ঘূৰাই দিবলৈ নাপাম, তেতিয়ালৈ আমিও শান্তিত থাকিব নোৱাৰিম৷

(২)
পণ্ডিত বালকৰামৰ এতিয়া সদায় মাথোঁ এটাই চিন্তা যে যেনেকৈ নহওক হাৰডাল গঢ়াব লাগে৷ পিচে বাজীটো ওলোটাই দিলে কথাটো অন্য ধৰণৰ হ’লহেঁতেন! ব্ৰাহ্মণৰ দণ্ড কোনেনো মূৰ পাতি ল’বলৈ বিচাৰিব, ওলোটাই প্ৰতিবেশীয়েহে ব্ৰাহ্মণক সন্তুষ্ট কৰিবলগীয়া হ’লহেঁতেন! কিন্তু পণ্ডিতে ব্ৰাহ্মণত্বৰ গৌৰৱক ইমান সস্তীয়া কৰিবলৈ নিবিচাৰিলে৷ এলাহ এৰি তেওঁ ধন উপাৰ্জনত একাগ্ৰচিত্তে মনোনিৱেশ কৰিলে৷
ছমাহলৈ তেওঁ দিন-ৰাতিৰ চিন-ভিন নোহোৱা কৰিলে৷ দুপৰীয়া শোৱা বাদ দিলে, ৰাতিও বহুপৰলৈ জাগি থকা হ’ল৷ আগতে কেৱল এখন পাঠশালাতহে পঢ়াইছিল৷ ইয়াৰ বাদে ব্ৰাহ্মণৰ বাবে থকা এশ এটা ব্যৱসায়ৰ প্ৰতিটোকে তেওঁ অপমানজনক অৰ্থাৎ হেয় জ্ঞান কৰিছিল৷ এতিয়া পাঠশালাৰ পৰা আহি সন্ধিয়া এঠাইত ভাগৱত পাঠ কৰিবলৈ যায়৷ তাৰ পৰা উভতি আহি নিশা ১১-১২ বজালৈ বিভিন্নজনৰ জন্ম পত্ৰিকা, বৰ্ষফল আদি লিখি থাকে৷ দোকমোকালিতে মন্দিৰত দুৰ্গা আৰতি পাঠ কৰে৷ পণ্ডিতৰ কঠোৰ শ্ৰম আৰু অধ্যাৱসায় দেখি মায়াই “মই কি নো বিপত্তি এটা মূৰত তুলি ল’লোঁ, কষ্টতে মানুহজনৰ বেমাৰ-আজাৰ হ’লে বিপত্তি কমক চাৰি বাঢ়িবহে৷” বুলি কেতিয়াবা কেতিয়াবা অনুতাপো কৰে৷ চকুৰ আগত মানুহজনৰ দিনে দিনে খীণাই যোৱা শৰীৰটোৰ চিন্তাই তাইক দুখ দিবলৈ ধৰিলে৷

এদিন সন্ধ্যা সময়ত মায়াই চাকি-বন্তি জ্বলাবলৈ লোৱা পৰত পণ্ডিত ঘৰলৈ আহিল, জেপৰ পৰা নুৰা এটা উলিয়াই তাইৰ সন্মুখত দলিয়াই দি ক’লে,

: লোৱা, আজি তোমাৰ ঋণৰ পৰা মুক্ত হ’লোঁ৷

মায়াই নুৰাটো খুলিলে৷ তাত এডাল সোণৰ হাৰ আছিল৷ সেইডালৰ চিকমিকনি, সৌন্দৰ্য দেখি তাইৰ মন থৌকি-বাথৌ লাগিল৷ মুখমণ্ডলত সুখৰ আভা বিয়পি পৰিল৷ তাই কাতৰ দৃষ্টিৰে চাই সুধিলে,

: হৰ্ষ মনে দিছা নে বেজাৰ মনে?

পণ্ডিত : এই কথাৰ মানে কি? ঋণ পৰিশোধ কৰিবই লাগিব, সন্তোষ মনেই হওক বা দুখ মনেৰেই!

মায়া : এয়া ঋণ নহয়৷

পণ্ডিত : নহ’লেনো কি, এডালৰ সলনি আনডাল দিয়া৷

মায়া : এডালৰ সলনি আনডাল দিয়াও নহয়৷

পণ্ডিত : তেন্তে কি নো?

মায়া : তোমাৰ চিন৷

পণ্ডিত : তেন্তে ঋণ মাৰিবলৈ আন এডাল হাৰ গঢ়াব লাগিব নেকি?

মায়া : নহয় নহয়, সেই হাৰডাল চুৰি হোৱা নাছিল৷ মই মিছাকৈ হৈ-হাল্লা লগাইছিলোঁ৷

পণ্ডিত : সঁচা?

মায়া : হয়, মই সঁচাকৈ কৈছোঁ৷

পণ্ডিত : মোৰ শপত?

মায়া : তোমাৰ ভৰিত ধৰি কৈছোঁ৷

পণ্ডিত : তেন্তে তুমি মোৰ লগত কৌশল কৰিলা?

মায়া : হয়৷

পণ্ডিত : তুমি জানানে মই তোমাৰ কৌশলৰ কিমান মূল্য ভৰিবলগীয়া হ’ল?

মায়া : ৬০০ টকাতকৈয়ো বেছি নেকি?

পণ্ডিত : বহুত বেছি! ইয়াৰ বাবে মই মোৰ আত্মস্বাতন্ত্ৰ্যক বলিদান দিবলগীয়া হ’ল৷

☆★☆★☆

4 Comments

  • ৰিণ্টু

    মুন্সী প্ৰেমচান্দৰ গল্প মানেই সমাজলৈ এটি সুন্দৰ বাৰ্তা।

    সুন্দৰ আৰু সাৱলীল অনুবাদ, খুব ভাল লাগিল পঢ়ি

    Reply
  • Alakesh Bhagawati

    সুন্দৰ অনুবাদ৷ বঢ়িয়া ৷

    Reply
  • জ্ঞানদীপ খনিকৰ

    বৰ ভাল লাগিল দেই..

    Reply
  • সুন্দৰ অনুবাদ, মজ্জা।

    Reply

Leave a Reply

Your email address will not be published.