ফটাঢোল

ক্লকৱৰ্ক (মূল: হাৱাৰ্ড ব্ৰেচলিন) – অনুবাদ : অলকেশ ভাগৱতী

(ঘটনাৰ পটভূমি দ্বিতীয় মহাযুদ্ধৰ সময়ৰ লণ্ডন চহৰ)

চহৰখনৰ এক ব্যস্ত ৰাজপথৰ কাষতেই থকা দোকানখনৰ সন্মুখৰ সৰু খিৰিকীখনত চাৰিওকাষে কাগজ কিছুমান নুৰা কৰি কৰি আঠা মাৰি দিয়া হৈছে৷ যুদ্ধৰ এই ভয়াবহ সময়ত শত্ৰুৰ বিমানে কৰা বোমাবৰ্ষণৰ শব্দত খিৰিকীৰ কাঁচবোৰ ভাঙি নাযাবলৈ এয়া এক সাধাৰণ ব্যৱস্থা৷ দোকানখনৰ সোঁমাজতে থকা বাকচটোৰ পিছপিনে ঠিয় হৈ চশমা পিন্ধা এজন ক্ষীণকায় লোকে গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ ঘড়ীবোৰ সজাবলৈ আৰম্ভ কৰিছে৷ তেওঁ নিজ কামত ইমানেই মগ্ন যে লণ্ডন চহৰৰ এই ৰাতিপুৱা এটা নতুন দিনৰ বাবে ওলাই অহা পথচাৰীবোৰৰ ব্যস্ততাই তেওঁৰ মনোযোগ সামান্যতমো ভংগ কৰিব পৰা নাই ৷

দোকানত বিক্ৰীৰ বাবে শাৰী শাৰীকৈ ঘড়ীবোৰ সজাই লোৱাৰ পিছত এইবাৰ দোকানীজন বাহিৰলৈ ওলাই আহিল আৰু সৰু খিড়িকিখনেৰে নিজৰ দোকানখনৰ ভিতৰলৈ জুমি চালে৷ দোকানৰ বাকচটোৰ ভিতৰত পিছফালে দেৱাল ঘড়ীবোৰ শাৰী শাৰীকৈ আৰু সন্মুখৰ পিনে হাত ঘড়ীবোৰ ধেনুভিৰীয়াকৈ সজাই থোৱা আছে৷ যদিওবা এতিয়া ৰাতিপুৱা ন বাজিছে, সজাই থোৱা দেৱাল ঘড়ীবোৰৰ প্ৰতিটোতে সময়ৰ কাঁটা ছয় বজাত আৰু হাতঘড়ীবোৰত সময়ৰ কাঁটাবোৰ তিনি বজাত মিলাই থোৱা আছে৷ এনে কৰিলে ঘড়ীবোৰ দেখাত অলপ বেছি সুন্দৰ লাগে৷

“ৱাহ, বঢ়িয়া!”, নিজৰ মনৰ ভিতৰতে কথাষাৰ কৈ এইবাৰ তেওঁ আকৌ দোকানখনৰ ভিতৰলৈ সোমাই গ’ল ৷

ইয়াৰ প্ৰায় এঘণ্টা পিছত দোকানখনৰ পৰা কিছু দূৰৰ এটা কোণত থকা এক বাছ আস্থানত এখন বাছৰ পৰা মুগাবৰণীয়া মোছ একোচাৰ সৈতে এজন ওখ-পাখ লোক নামিল৷ তেওঁৰ পিন্ধনত দামী অভাৰকোট আৰু মূৰত এটা ক’লা টুপী৷ সামান্য লেকেচিয়াই খোজকঢ়া লোকজনৰ হাতত এডাল লাখুটি৷ বাছৰ পৰা নামি লোকজন লাহে লাহে ঘড়ীৰ দোকানৰ পিনেই আগবাঢ়ি আহিল৷ এনেতে তেওঁ সন্মুখত এজন আৰক্ষীৰ লোকক দেখা পালে৷ আৰক্ষীৰ লোকজনে তেওঁক দেখি ভদ্ৰতাসূচকভাৱে “সুপ্ৰভাত” বুলি কোৱাত প্ৰত্যুত্তৰত তেঁৱো মিচিকিয়া হাঁহি এটা মাৰি সম্ভাষণ জনালে৷

বাছৰ পৰা নামি খোজকাঢ়ি আহি থকা এই লোকজনৰ নাম গেভাৰ্ড৷ এইমাত্ৰ তেওঁক সুপ্ৰভাত জনোৱা আৰক্ষীজনৰ ওপৰৱালা বিষয়াসকলে অন্তত তেওঁৰ এই নামটোৰ কথা জানিবলৈ পালেও বৰ সন্তোষ পালেহেঁতেন৷ হাতত থকা লাখুটিডালত গাৰ সমস্ত ওজন এৰি দি অতি ধীৰ খোজেৰে গেভাৰ্ড লেঙেৰাই গৈ থাকিল৷ আৰক্ষীৰ লোকৰ সন্মুখীন হ’লে তেওঁ সদায় এক আমোদ পায়৷ বৃটিছসকলৰ মূৰ্খামিৰ কথা ভাবি তেওঁৰ নিজৰ মনতেই হাঁহি উঠিল৷ এনেদৰে কিছুদূৰ অহাৰ পিছতেই ঘড়ীৰ দোকানখনৰ সন্মুখ পাই তাত ৰৈ তেওঁ খিৰিকীৰে ভিতৰলৈ চাই পঠিয়ালে৷

ছয় বজাৰ সংকেত দেখুওৱা দেৱাল ঘড়ীবোৰৰ সন্মুখতেই তিনি বজাৰ সংকেত দি থকা হাতঘড়ীবোৰ দেখিও তেওঁৰ মুখমণ্ডলত কোনো প্ৰতিক্ৰিয়া দেখা নগ’ল৷ এয়া তেওঁৰ বাবে এক পৰিচিত দৃশ্য৷ যোৱা দুসপ্তাহ ধৰি প্ৰতিদিনেই তেওঁ এই দোকানখনৰ সন্মুখেৰেই পাৰ হৈ গৈছে যদিও আজিলৈ তেওঁ দোকানখনৰ ভিতৰত সোমোৱা নাই৷ গেভাৰ্ডে তেওঁ পিন্ধি থকা ঘড়ীৰ সময়টো নতুনকৈ মিলাই লৈ দোকানৰ দুৱাৰখন ঠেলা মাৰি ভিতৰলৈ সোমাই গ’ল৷ সেই সময়ত দোকানখনৰ ক্ষীণকায় মালিকজনে তেওঁৰ এজন কৰ্মচাৰীৰ লগত কিবা কথা পাতি আছিল৷ গেভাৰ্ডক দেখাৰ লগে লগে কথা আধাতে সামৰি আগুৱাই আহি আগন্তকলৈ চাই তেওঁ সম্ভ্ৰমেৰে সুধিলে,
: হয় ছাৰ, কওকচোন৷

: এঘণ্টামান আগতে মোৰ ঘড়ীটোত কিবা এটা বিজুতি হ’ল৷ এতিয়া ই ভালদৰে কাম কৰা নাই৷

এইবুলি কৈ তেওঁ ঘড়ীটো হাতৰ পৰা খুলি কাউণ্টাৰৰ ওপৰত থৈ দিলে৷ দোকানৰ মালিকে ঘড়ীটোলৈ চাই দেখিলে যে এতিয়া সময় দহ বাজিল যদিও ঘড়ীটোত তেতিয়াও ন বাজিবলৈ চাৰি মিনিট বাকী আছে৷

: অহ, ঘড়ীটো মৰি আছে ছাৰ৷

গেভাৰ্ডে এবাৰ দোকানৰ কৰ্মচাৰীজনলৈ চালে৷ তেওঁ তেতিয়া হাতত কিবা এখন কাগজ লৈ সেইখন মনোযোগেৰে চাই আছে৷ নতুন কোনো কথাৰ অৱতাৰণা নকৰি দোকানীজনে ঘড়ীটো লৈ ভিতৰলৈ সোমাই গ’ল৷ এনেতে হঠাত কিবা এটা মনত পৰাৰ দৰে গেভাৰ্ডে দোকানীজনক পিছফালৰ পৰা পুনৰ মাত দিলে,

: অ’, আৰু এটা কাম কৰিবচোন৷ ঘড়ীটোৰ ফিটাডালো একেবাৰে উৱলি গৈছে৷ সেইডালো একেলগে সলায়েই দিব৷

দোকানৰ কাউণ্টাৰত ভেঁজা দি গেভাৰ্ডে এবাৰ দোকানৰ পিছফালৰ কোঠাটোলৈ চাই পঠিয়ালে৷ তাত এখন টেবুলৰ সন্মূখত বহি লৈ দোকানীজন তেতিয়া তেওঁৰ ঘড়ীটো মনোযোগেৰে পৰীক্ষা কৰাত ব্যস্ত৷

এটা চিগাৰেট জ্বলাই লৈ গেভাৰ্ডে বাহিৰত অপেক্ষা কৰি থাকিল৷

প্ৰায় পাঁচমিনিটমান পিছতে ঘড়ীটোৰ মেৰামতি শেষ কৰি দোকানীজন পুনৰ কাউণ্টাৰলৈ ঘূৰি আহিল৷ তেওঁৰ হাতত তেতিয়া গেভাৰ্ডৰ নতুন ফিটা লগোৱা ঘড়ীটো৷ ঘড়ীটো তেওঁৰ পৰা লৈ গেভাৰ্ডে সেইটো নিজৰ হাতত পিন্ধি ল’লে৷

: ঘড়ীটো সাৱধানে ৰাখিব ছাৰ, এইটোতো অতি দামী ঘড়ী৷

: কথাটো হয়৷ আশাকৰোঁ এতিয়াৰ পৰা ঘড়ীটো সঠিককৈয়ে চলিব৷

ইয়াৰ পিছত দোকানীজনক পইছা দি তেওঁ লাহে লাহে দোকানৰ পৰা বাহিৰলৈ ওলাই গ’ল৷

নিজৰ কোঠালৈ ঘূৰি আহোঁতে গোটেই বাটটোত তেওঁ ঘড়ীটোৰ নতুন ফিটাডালৰ কথাকেই ভাবি আহি থাকিল৷ তেওঁ অনুভৱ কৰিলে যেন ফিটাডালে তেওঁৰ হাতখন খামুচি ধৰি আছে৷ কিন্তু তাৰ পিছতো তেওঁ ঘড়ীটোৰ পিনে এবাৰো নাচালে৷ কাৰণ গেভাৰ্ডে এই কথা ভালকৈ জানে যে তেওঁৰ পেশাত সামান্যতম অসাৱধানতাৰ ফলাফলো অতি ভয়ানক হ’ব পাৰে৷

অৱশেষত অতি ধীৰ খোজেৰে লেঙেৰায় লেঙেৰায় আহি এটা সময়ত তেওঁ নিজৰ কোঠা পালে৷ লণ্ডনলৈ অহাৰ পিছৰেপৰাই তেওঁ ইয়াতেই বাস কৰি আছে৷

কোঠাৰ ভিতৰত সোমাই দুৱাৰখন জপাই লৈ খিৰিকীৰ পৰ্দাবোৰ টানি দিয়াৰ লগে লগেই যেন অত সময়ে ক্লান্ত যেন লগা গেভাৰ্ডৰ গালৈ নতুন প্ৰাণশক্তি আহিল৷ তেওঁৰ মুখত এতিয়া ভাগৰৰ কোনো চিন নাই৷ হাতৰ লাখুটিডাল বিচনালৈ দলিয়াই দি মুহূৰ্তৰ ভিতৰতে তেওঁ সম্পূৰ্ণ সাধাৰণভাৱে খোজ কাঢ়িব পৰা মানুহ এজনলৈ ৰূপান্তৰিত হৈ গ’ল৷ বন্ধ কোঠাৰ ভিতৰত অতি তড়িৎ গতিৰে খোজকাঢ়িবলৈ আৰম্ভ কৰা গেভাৰ্ডে এইবাৰ টেবুলৰ ওপৰৰ লাইটটো জ্বলাই লৈ ইমানপৰে তেওঁ পিন্ধি থকা ঘড়ীটো পৰীক্ষা কৰাত লাগিল৷

অতি খৰখেদাকৈ তেওঁ ঘড়ীটোত আজি নতুনকৈ লগোৱা দুয়োফালৰ ফিটা দুডাল খুলি ল’লে আৰু তাৰ পিছত এখন সৰু চুৰীৰে ফিটাদুডালৰ দুয়োমূৰ ফালিবলৈ আৰম্ভ কৰিলে৷ এনেকৈ কিছুসময় চেষ্টা কৰাৰ পিছত অৱশেষত এডাল ফিটাৰ ভিতৰৰ এটা মূৰৰ পৰা তেওঁ এখন কাগজ চেপেনাৰে টানি উলিয়াই আনিলে৷ এটা সৰু কাগজৰ টুকুৰা৷ কিন্তু সৰু হ’লেও কাগজখন সাধাৰণ নহয়৷ কাৰো মনত সন্দেহৰ উদ্ৰেক নকৰাকৈ এই কাগজখন ল’বলৈয়েইতো তেওঁ ৰাতিপুৱাৰ পৰা ইমান কষ্ট আৰু অভিনয় কৰিবলগীয়া হ’ল৷ এইবাৰ তেওঁ কাগজখন টেবুলত মেলি লৈ এখন মেগনিফায়িং গ্লাছৰ সহায়ত তাত লিখা থকা কথাবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে৷

কাগজখনত কেৱল মাত্ৰ গেভাৰ্ডে বুজি পাব পৰা সাংকেতিক ভাষাত চমুকৈ অথচ অতি স্পষ্টকৈ এটা আদেশ লিখা আছিল-

“কিং চাৰ্লছ স্কোৱেৰৰ পৰা ৫৫ নম্বৰ ৰেজিমেণ্টক লৈ ট্ৰাকবোৰ কাইলৈ পুৱাৰাতি যাত্ৰা আৰম্ভ কৰিব৷ অতি সোনকালেই কামত লাগা৷”

সাংকেতিক বাৰ্তাখিনি পঢ়ি উঠিয়েই তেওঁ লগে লগে কাগজৰ টুকুৰাটো পুৰি ছাঁইখিনি চিগাৰেটদানীত পেলাই দিলে৷ বিপদ যিমান সোনকালে পাৰি সিমান সোনকালেই নিজৰ পৰা আঁতৰ কৰিব লাগে৷ ইয়াৰ পিছত তেওঁ চকীখনত বহি লৈ কিছুসময় নিজৰ লগতেই কথা পাতিবলৈ ধৰিলে৷

এই খবৰ তেওঁ আগতেই জানিছিল যে কেইদিনমানৰ ভিতৰতেই কোনোবাদিনা কিং চাৰ্লছ স্কোৱেৰৰ পৰা ট্ৰাকৰ অতি বিশাল কনভয় এটাৰে বৃটিছ সেনাৰ এটা বৃহৎ দলক লণ্ডনৰ পৰা সাগৰৰ উপকূললৈ লৈ যোৱা হ’ব৷ তেওঁ মাথো নাজানিছিল সেই নিৰ্দিষ্ট দিনটো কেতিয়া৷ আজি এইমাত্ৰ পোৱা কাগজৰ টুকুৰাটোত লিখা আছে যে সেই যাত্ৰা হ’ব অহাকালি পুৱতিনিশা৷ তেওঁ এই কথাও আগতীয়াকৈ জানে যে লণ্ডনৰ পৰা সমুদ্ৰতীৰলৈ সেই যাত্ৰাৰে কোনোবাখিনিত এই ট্ৰাকবোৰৰ লগতে তাত মজুত থকা সেনাৰ দলটোক এক ভয়ংকৰ বোমা বিষ্ফোৰিত কৰি চিন্ন-বিচ্ছিন্ন কৰি পেলোৱা হ’ব৷ কোনেও নজনা এই অতি গোপন কথাটো গেভাৰ্ডে নাজানিবনো কিয়? কাৰণ এই ভয়ানক অপাৰেচনটোৰ দ্বায়িত্বত আছে তেওঁ নিজেই৷ কেইবাসপ্তাহো ধৰি লণ্ডনৰ অলিয়ে গলিয়ে ঘূৰি তেওঁ এই ক্ষেত্ৰত সকলো যাৱতীয় তথ্য আৰু প্ৰয়োজনীয় সা-সৰঞ্জাম যোগাৰ কৰিছে৷ গেভাৰ্ডে এই কথা ভালকৈয়ে জানে যে এনে ভয়ানক পৰিকল্পনাত সামান্যতম ভুল থাকিলেও চিকাৰী যিকোনো মুহূৰ্ততে চিকাৰত পৰিণত হ’ব পাৰে৷ এনে কাম কৰিবলৈ গৈ শত্ৰুৰ দেশত ধৰা পৰা মানে তাৰ পৰিণতি কেৱল মাথো মৃত্যু৷

কথাবোৰ ভাবি থাকি এইবাৰ গেভাৰ্ড লাহেকৈ চকীৰ পৰা উঠি বিচনাৰ ওচৰলৈ গ’ল৷ বিচনাৰ কাষত হাউলি লৈ তেওঁ তলৰ পৰা আলফুলে এটা চ্যুটকেছ উলিয়াই আনিলে৷ শতাধিক লোকৰ প্ৰাণ কাঢ়ি ল’ব পৰা ক্ষমতা থকা সৰু চ্যুটকেছটো টেবুলৰ ওপৰত তুলি খুলি লৈ এইবাৰ তেওঁ তাৰ ভিতৰত কাপোৰেৰে সযতনে মেৰিয়াই থোৱা সৰু চাৰিকোণীয়া বস্তুবোৰৰ মাজৰ পৰা এটা টুকুৰা সাৱধানে উলিয়াই আনি হাতত তুলি ল’লে৷ সৰু ইটা একোটা যেন লগা বহল আৰু চেপেটা এই বোমাবোৰ সেই সময়ত সচৰাচৰ ব্যৱহৃত হোৱা বোমাবোৰতকৈ দেখাত সম্পূৰ্ণ বেলেগ৷ এয়া তেওঁৰ দেশৰ নৱতম আৱিষ্কাৰ৷ এই ভয়ংকৰ টুকুৰাটোক যদি কোনো এখন গাড়ীৰ ইঞ্জিনৰ লগত এডাল তাঁৰেৰে সংযোগ কৰা হয় তেন্তে গাড়ীখন ষ্টাৰ্ট হৈ মটৰটো গৰম হোৱাৰ লগে লগেই ই সৰ্বনাশী ৰূপ লৈ অকল্পনীয় নৰসংহাৰ কৰিব আৰু কাগজৰ সৰু টুকুৰাটোত লিখা থকা আদেশ মতে সেই নৰসংহাৰ হ’ব লাগিব আজি নিশাই৷ মাজত মাথো আৰু কেইটামান ঘণ্টাহে বাকী৷

ইতিমধ্যে বাহিৰত আন্ধাৰ হৈ আহিছে৷ গেভাৰ্ডে সিদ্ধান্ত ল’লে যে তেওঁ চুটকেছত থকা এই বোমাবোৰৰ মাজৰ পৰা চৈধ্যটামান বোমা উলিয়াই লৈ সেইবোৰ সৰু বেগ এটাত সুমুৱাই কঢ়িয়াই লৈ যাব৷ এতিয়ালৈকে তেওঁ কোঠাত গোপনে কৰি চোৱা অসংখ্য অনুশীলনৰ পৰা হিচাব কৰি উলিয়াইছে যে নিৰ্দিষ্ট সময়ৰ ভিতৰত ইয়াতকৈ বেছি বোমা সম্পূৰ্ণ সক্ৰিয় কৰি লৈ প্ৰতিখন গাড়ীৰ ইঞ্জিনৰ লগত সংযোগ কৰাটো তেওঁৰ পক্ষে সম্ভৱ নহ’ব৷ কাৰণ এই ভয়ংকৰ কামটো কৰিবলৈ তেওঁৰ হাতত দুঘণ্টাতকৈও কম সময় থাকিব৷ লণ্ডনত থকা দিনকেইটাত আলেঙে আলেঙে লক্ষ্য কৰি আৰু লগতে আন বহুতো সূত্ৰৰ পৰাও ইতিমধ্যে তেওঁ কিং চাৰ্লছ স্কোৱেৰৰ সমস্ত গোপন খবৰ গোটাই লৈছে৷ গোটেই দিনটো সৈনিক, বিষয়া, সেনা ট্ৰাকৰ কৰ্মচাৰী আদিৰে গিজগিজাই থকা কিং চাৰ্লছ স্কোৱেৰটো সদায় ৰাতি দুঘণ্টাৰ কাৰণে জনশূণ্য হৈ পৰে৷ প্ৰতিদিনেই ৰাতি ঠিক বাৰ বজাৰ লগে লগেই স্কোৱেৰত থকা সকলো সেনা আৰু লগতে ট্ৰাকৰ কৰ্মচাৰীবোৰো কৰ্তব্য সমাপন কৰি জিৰণি ল’বলৈ নিজ নিজ চাউনীলৈ যায় আৰু ইয়াৰ লগে লগেই কিং চাৰ্লছ স্কোৱেৰত আহি পৰে এক মৰিশালী সদৃশ নিস্তব্ধতা৷ এনেকৈ সম্পূৰ্ণ দুঘণ্টা সময় জনপ্ৰাণীহীন হৈ থকাৰ পিছত ৰাতি ঠিক দুই বজাত লণ্ডন আৰক্ষীৰ লোকে পুনৰ এবাৰ স্কোৱেৰটোত পাক এটা মাৰি সকলো ঠিকে আছেনে নাই চাই যায়৷ কথাখিনি মনলৈ অহাৰ লগে লগে গেভাৰ্ডে এক স্বস্তিৰ নিশ্বাস এৰিলে৷ বৃটিছ সকলৰ এই চূড়ান্ত অকৰ্মন্যতাৰ বাবেই আজি নিশা সকলো কাম কৰিবলৈ তেওঁ ৰাতি বাৰটাৰ পৰা দুই বজালৈ সম্পূৰ্ণ দুঘণ্টা নিৰাপদ সময় পাব৷ বৃটিছসকলে কেতিয়া বাৰু বুজি উঠিব যে প্ৰতিটো ক্ষণৰেই জীৱন আৰু মৃত্যুৰ মাজৰ বিশাল ব্যৱধানটোক অতিক্ৰম কৰাৰ ক্ষমতা আছে? দিনটোৰ চৌবিছ ঘণ্টাৰ দুঘণ্টা সময়েই অসতৰ্ক হৈ থকাৰ ফলাফল কিমান ভয়ানক হ’ব পাৰে সেয়া তেওঁৰ মাতৃভুমিৰ শত্ৰু এই জাতিটোৱে আজি নিশাই গম পাব৷

সময়ৰ গুৰুত্বৰ কথা মনলৈ অহাৰ লগে লগেই হঠাতে তেওঁৰ মনত পৰিল যে তেওঁৰ হাতত প্ৰায় সৰ্বক্ষণে থকা ঘড়ীটো বৰ্তমান ফিটা নোহোৱা এক যন্ত্ৰ হৈ তেওঁৰ টেবুলত পৰি আছে৷ কথাটো মনত পৰাৰ লগে লগেই বহাৰ পৰা ততাতৈয়াকৈ উঠি গৈ তেওঁ আগতেই আনি যোগাৰ কৰি থোৱা আন এডাল নতুন ফিটা লগাই ঘড়ীটো আকৌ এবাৰ হাতত পিন্ধি ল’লে৷ গেভাৰ্ডৰ পেশাত ঘড়ীটো এনে এক অত্যন্ত গুৰুত্বপূৰ্ণ অস্ত্ৰ যাৰ বুকুৰে পাৰ হৈ যোৱা আৰু আহিবলগীয়া প্ৰতিটো চেকেণ্ডেই তেওঁলোকৰ বাবে অমূল্য৷ ঘড়ীটো হাতত পিন্ধি লোৱাৰ পিছত তেওঁ আকৌ এবাৰ লৰচৰ নকৰাকৈ বহি শূণ্যলৈ অপলক নেত্ৰে চাই ৰ’ল৷ এয়া কোনো সাধাৰণ সময় নহয়৷ নিজৰ জীৱন বিপন্ন কৰিও সমাপন কৰিবলৈ অহা অভিযানলৈ মাজত আৰু মাথো কেইটামান ঘণ্টা৷ এয়া তেওঁৰ পৰিকল্পনাৰ সকলো খুটি-নাটি পুনৰ এবাৰ বিবেচনা কৰি চোৱাৰ সময়৷ এয়া জীৱন আৰু মৃত্যুৰ মাজৰ কোনোবা এটাক আঁকোৱালি ল’বলৈ প্ৰস্তুত হোৱাৰ সময়৷ গতিকে এতিয়ালৈ বাৰে বাৰে বিবেচনা কৰোঁতেও নিখুঁত বুলি প্ৰতিপন্ন হোৱা পৰিকল্পনাটোক শেষবাৰৰ বাবে আকৌ এবাৰ চালি-জাৰি চাবই লাগিব৷ সুযোগ আৰু জীৱন কোনোটো দুনাই নাহে৷

পৰিকল্পনাটো আৰম্ভণিৰ পৰা শেষলৈ আকৌ এবাৰ চালিজাৰি চাই গেভাৰ্ডৰ মুখেৰে স্বস্তিৰ এক হাঁহি বাগৰি গ’ল৷ একদম সঠিক৷ কিং চাৰ্লছ স্কোৱেৰৰ সমস্ত তথ্য তেওঁৰ ওচৰত আছে৷ বোমাবোৰ তেওঁৰ চ্যুটকেছটোত সাজু৷ আজি ৰাতিপুৱা ঘড়ীৰ দোকানখনত সোমাই তেওঁ অভিযানৰ নিৰ্দিষ্ট দিনটোৰ বিষয়ে আদেশ থকা কাগজখনো সুকলমে হাচিল কৰিছে৷ দোকানীজন তেওঁৰ সংস্থাটোৰে আন এক এজেণ্ট হ’লেও তেওঁক গেভাৰ্ডে আজিহে প্ৰথমবাৰৰ বাবে লগ পাইছে৷ সেয়েহে ৰাতিপুৱা দহ বজাত দোকানখনত সোমোৱাৰ আগমুহূৰ্তত তেওঁ হাতত পিন্ধি থকা ঘড়ীটোৰ সময় এঘণ্টা চাৰি মিনিট সময় পিছুৱাই লৈছিল৷ কাৰণ সেয়াই আছিল তেওঁলোকৰ পৰিচয় পৰ্বৰ বাবে চোৰাংচোৱা সংস্থাটোৱে আগতীয়াকৈ ঠিক কৰি থোৱা এক সংকেত৷ ঘড়ীৰ দোকানখনলৈ যিজন লোকে এঘণ্টা চাৰি মিনিট পলমকৈ চলি থকা ঘড়ী এটা পিন্ধি যাব আৰু সেইটো মেৰামতি কৰাৰ লগতে তাত নতুন ফিটা লগাই দিবলৈ ক’ব, সেই ঘড়ীটোতেই দোকানীজনে সেই কাগজৰ টুকুৰাটো সোমাই থকা বিশেষ ফিটাডাল লগাই দিব৷ পুনৰ এবাৰ মিচিকিয়া হাঁহি মাৰি গেভাৰ্ডে তেওঁৰ হাতৰ ঘড়ীটো আকৌ ৬৪ মিনিট আগুৱাই ল’লে৷ ঘড়ীটো এতিয়া পলমকৈ চলি থাকিবলৈ দিব নোৱাৰি৷ কাৰণ তেওঁৰ আজি নিশাৰ অভিযানটোত সময়ৰ মূল্য অপৰিসীম৷ এই সৰু সৰু কথাবোৰো পাহৰি নো়যোৱাটোৱেই প্ৰতিজন সফল চোৰাংচোৱাৰ প্ৰধান গুণ৷ আৰু গেভাৰ্ডে জানে যে তেওঁ নিজেও তেনে এজন সফল চোৰাংচোৱা৷

নিৰ্দিষ্ট সময় উপস্থিত হোৱাত গেভাৰ্ডে নিজৰ কোঠাৰ পৰা বোমাৰ বেগটো লৈ সন্তৰ্পণে আন্ধাৰ ৰাস্তাটোত খোজ পেলালে৷ এইবাৰ তেওঁৰ লক্ষ্যস্থান কিং চাৰ্লছ স্কোৱেৰ৷ আৰু মাথো কেইঘণ্টামান পিছতেই বৃটিছ সেনাৰ এক বিশাল কনভয় চলন্ত অৱস্থাতেই বিষ্ফোৰণত উৰি ছেদেলি ভেদেলি হৈ যাব৷ কোনেও হয়তো কল্পনাও কৰিব নোৱাৰিব যে এই কাম কৰিব আজি কেইদিনমান ধৰি হাতত লাখুটি এডাল লৈ লণ্ডনৰ অলিয়ে গলিয়ে লেঙেৰায় ঘূৰি ফুৰা এজন ছদ্মবেশী লোকে৷

গন্তব্যস্থান পোৱাৰ কেইমিটাৰমান আগত তেওঁ আন্ধাৰ কোণ এটাত ৰৈ পুনৰ নিজৰ ঘড়ীটোলৈ চালে৷ ঘড়ীত এতিয়া নিশা বাৰ বাজিছে৷ ৱাহ! সকলো কাম পৰিকল্পনা মতেই চলি আছে৷ গেভাৰ্ডৰ ওঁঠেদি আকৌ এবাৰ এক হাঁহি বাগৰি গ’ল৷ চোৰাংচোৱাৰ জীৱন ঘড়ীৰ কাটাৰ লগতেই সমান্তৰালভাৱে চলি থাকে নিৰৱচ্ছিন্ন ভাৱে৷ আৰু আজিও তেওঁ এক মিনিটৰো ইফাল সিফাল নোহোৱাকৈ একেবাৰে সঠিক সময়তেই আহি কিং চাৰ্লছ স্কোৱেৰ পাই গৈছে৷ বাৰ বজাৰ লগে লগেই সেনা আৰু কাৰিকৰী বিভাগৰ লোকসকল এই ঠাইখনৰ পৰা আঁতৰি গৈছে৷ এতিয়া পুৱতিনিশা দুই বজালৈ এই দুঘণ্টা মাথো গেভাৰ্ডৰ৷ কিন্তু তাৰ পিছতো সম্পূৰ্ণ নিশ্চিত হ’বলৈ তেওঁ আৰু দহ মিনিট সময় ইয়াতেই অপেক্ষা কৰাৰ সিদ্ধান্ত ল’লে৷ ভাগ্যৰ হাতত একো এৰি দিব নোৱাৰি৷ দহ মিনিট সময় ৰৈ দিয়াটোও তেওঁৰ পৰিকল্পনাৰেই এক অংশ৷ বাৰ বজাতেই জনশূণ্য হৈ পৰা ঠাইখনত তেওঁ বাৰ বজাতেই নোসোমাই আৰু দহ মিনিট পিছতহে সোমাব৷ সাৱধানীৰ মৰণ নাই৷

দহ মিনিট সময় তেনেকৈ আন্ধাৰ কোণটোতেই লৰচৰ নকৰাকৈ ৰৈ থকাৰ পিছত গেভাৰ্ডে তেওঁৰ সন্মুখত থকা ওখ কাঁটাতাঁৰৰ বেৰখন নিশব্দে বগাবলৈ আৰম্ভ কৰিলে৷ এইবোৰ কাম তেওঁৰ দৰে প্ৰশিক্ষিত চোৰাংচোৱাৰ বাবে একেবাৰে সাধাৰণ কথা৷ বেৰখন পাৰ হৈ দুটা অট্টালিকাৰ মাজৰ এক ঠেক আন্ধাৰ ৰাস্তাৰে কেইমিটাৰমান আগুৱাই গৈয়েই তেওঁ কিং চাৰ্লছ স্কোৱেৰত উপস্থিত হ’ল৷

গোটেই স্কোৱেৰটো এতিয়া নিশাৰ আন্ধাৰত ডুব গৈ আছে৷ দূৰত সৰু-সুৰা দুই এটা লাইট জ্বলি আছে যদিও সেই পোহৰে স্কোৱেৰত শাৰী শাৰীকৈ ৰৈ থকা ট্ৰাকবোৰক স্পৰ্শ কৰিব পৰা নাই৷ গেভাৰ্ডৰ সন্মুখত এয়া যেন এখন ক’লা ৰঙৰ ৰেলগাড়ী৷ ট্ৰাকবোৰৰ অৱয়ববোৰ এবাৰ চাই তেওঁ ওচৰতে থকা ট্ৰাক এখনৰ কাষত পিঠিত কঢ়িয়াই লৈ যোৱা বেগটো নমাই থ’লে৷ ইয়াৰ পিছত পকেটৰ পৰা কিছু তাঁৰ আৰু এডাল তাঁৰ কটা চেপেনা উলিয়াই লৈ তেওঁ ট্ৰাকখনৰ তলত সোমাই ওপৰমুৱাকৈ শুই ল’লে৷ এইবাৰ তেওঁ বিশাল ইঞ্জিনটো হাতেৰে আলফুলে চুই চালে৷ ইমান দিনৰ ইপ্সিত লক্ষ্যক হাতেৰে চুবলৈ পাই গেভাৰ্ডৰ মনটো ভাল লাগি গ’ল৷ আৰু মাত্ৰ কেইঘণ্টামান পিছতে এই চেঁচা পৰি থকা ইঞ্জিনটোৱে গৰ্জন কৰি সাৰ পাই উঠিব৷ তাৰ পিছত মটৰটো গৰম হোৱাৰ লগে লগেই তেওঁৰ বেগত থকা বোমাবোৰ এটা এটাকৈ বিষ্ফোৰিত হৈ অকল্পনীয় ধ্বংসলীলা আৰম্ভ কৰিব৷ কিন্তু এতিয়া এই কথাবোৰ ভাৱি তেওঁ সময় নষ্ট কৰি থাকিব নোৱাৰে৷ এই দুঘণ্টাৰ প্ৰতিটো মিনিটেই অতি মূল্যবান৷ ততাতৈয়াকৈ তেওঁ বেগৰ পৰা বোমা এটা উলিয়াই লৈ ইঞ্জিনৰ সঠিক স্থানত সেইটোক সংযোগ কৰাত লাগি গ’ল৷

এনেকৈ দুই মিনিটমান পাৰ হৈছিলহে মাথো৷ হঠাৎ গেভাৰ্ডে ট্ৰাকৰ তলৰ পৰা বাহিৰলৈ ওলাই থকা তেওঁৰ ভৰিৰ গোৰোহাত এক প্ৰচণ্ড বিষ অনুভৱ কৰিলে৷ আকস্মিকভাবে হোৱা এই বিষত তেওঁ উশাহ নোলোৱাকৈ নিজৰ ওঁঠ দুটা কামুৰি ধৰিলে৷ তেওঁৰ এনে লাগিল যেন কোনোবা তেওঁৰ গোৰোহাৰ ওপৰত থিয় হৈ লৈছে৷ কিন্তু এয়াতো অসম্ভৱ৷ কিং চাৰ্লছ স্কোৱেৰত এই সময়ত তেওঁৰ বাহিৰে আন কোনো লোক থকাটো সম্ভৱেই নহয়৷ কেবল আজিয়েই নহয়, এই সময়খিনিত ইয়াত কোনোদিনেই কোনো লোক নাথাকে৷ এয়া মাথো এদিনৰ কথা নহয়৷ বহুদিন অতি সূক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰাৰ অন্তত তেওঁ এই কথাক লৈ নিশ্চিত যে ৰাতি বাৰটাৰ পৰা ৰাতিপুৱা দুই বজালৈ কিং চাৰ্লছ স্কোৱেৰত মানুহ বাদেই, কুকুৰ এটাও নাথাকে৷ কিন্তু তাৰ পিছতো তেওঁৰ ভৰিৰ ওপৰত এতিয়া তেন্তে কোন উঠি আছে?!

: হেৰা মিষ্টাৰ, সময় নষ্ট নকৰি ভালে ভালে তলৰ পৰা ওলাই আঁহা৷

কথাষাৰ শুনি বজ্ৰপাত পৰা মানুহৰ দৰে হৈ পৰা গেভাৰ্ডৰ হাতৰ পৰা তাঁৰ কটা চেপেনাডাল মাটিত পৰি গ’ল৷ একে সময়তেই দুখন হাতে গ্ৰেভাৰ্ডৰ ভৰিত ধৰি তেওঁক ট্ৰাকৰ তলৰ পৰা বাহিৰলৈ টানিবলৈ ধৰিলে৷ ঘটনাৰ আকস্মিকতাত কিংকৰ্তব্যবিমূঢ় হৈ পৰা গেভাৰ্ডে চিৎকাৰ কৰি এক গোৰ মাৰি উঠি বহিল আৰু আন্ধাৰৰ মাজত দিক-বিদিক হেৰুৱাই বলিয়াৰ দৰে সন্মুখলৈ দৌৰিবলৈ আৰম্ভ কৰিলে৷ এনেতে তেওঁ শুনিবলৈ পালে যে তেওঁৰ পিছফালে কোনোবাই কিবা চিঞৰি চিঞৰি কৈ এটা হুইছেল বজাই দিছে৷ হুইছেলটো বজাৰ লগে লগেই এক ছাঁয়ামূৰ্তি হঠাতে কৰবাৰ পৰা আবিৰ্ভাৱ হৈ গেভাৰ্ডৰ ওপৰত জঁপিয়াই পৰিল৷ মাটিত পৰি যোৱা গেভাৰ্ডে লগে লগে নিজকে চম্ভালি লৈ উঠি বহিল আৰু ছাঁয়ামূৰ্তিটোৰ মুখত বজ্ৰকঠিন দুঘোঁচা লগাই দি পুনৰ তৰা-নৰা ছিঙি দৌৰিবলৈ আৰম্ভ কৰিলে৷ আন্ধাৰৰ মাজেৰে তেওঁ কলৈ দৌৰি আছে সেয়া নিজেও গম পোৱা নাই৷ কিন্তু এতিয়া সেই কথা ভাৱিবলৈ সময়ো নাই৷ তেওঁ মাথো উৰ্ধশ্বাসে দৌৰি থাকিব লাগিব৷ প্ৰাণ ৰক্ষাৰ বাবে এয়াই বৰ্তমান সময়ত তেওঁৰ হাতত থকা একমাত্ৰ উপায়৷

কিন্তু আজি যে ভাগ্য গেভাৰ্ডৰ লগত নাই৷ আন্ধাৰত বাট ধৰিব নোৱাৰি দৌৰি থাকি হঠাতে আহি তেওঁ এখন ওখ দেৱালৰ সন্মূখত নিজকে আৱিষ্কাৰ কৰিলে৷ তেওঁৰ বাট ভুল হৈ গ’ল৷ এনেতে এটা তীব্ৰ আলোকৰ টৰ্চৰ পোহৰ তেওঁৰ গাত পৰিল৷ আন্ধাৰত নিমজ্জ কিং চাৰ্লছ স্কোৱেৰত বৰ্তমান গেভাৰ্ডেই যেন একমাত্ৰ উজ্বলি থকা তৰা৷ গাত পোহৰ পৰাৰ লগে লগেই তেওঁ ঘূৰি দিলে আৰু দেৱালৰ কাষেৰে দৌৰিবলৈ আৰম্ভ কৰিলে৷ কিন্তু তেতিয়ালৈ পলম হৈ গৈছিল৷

: সেইটো৷ ধৰা তাক৷

দূৰৈৰ পৰা কোনোবাই চিঞৰি উঠিল৷ দৌৰি থাকিয়েই গেভাৰ্ডে এইবাৰ নিজৰ পকেটৰ পৰা ৰিভলভাৰটো উলিয়াই ল’লে৷ তেওঁৰ পিছফালে খেদি আহি থকা সৈন়্যবোৰৰ চিঞৰবোৰ লাহে লাহে ওচৰলৈ আহি আছে৷ এনেতে গেভাৰ্ডে শুনিলে যে তেওঁৰ পিছপিনৰ পৰা ধাৰাসাৰ গুলিবৰ্ষণ হ’বলৈ আৰম্ভ হৈছে৷ দিশহাৰা হৈ প্ৰাণপনে দৌৰি থকাৰ মাজতো গেভাৰ্ডৰ মনত এতিয়া মাথো এটা কথাই আহি আছে৷ “ভগৱান, এয়া কেনেকৈ সম্ভৱ? মোৰ পৰিকল্পনাতো একদম সঠিক আছিল৷ তেন্তে আজি কিয়…..”

‘থাক্ !’

হঠাত গেভাৰ্ডৰ পিঠিত কিবা এটাই আঘাত কৰিলে৷ ইয়াৰ পিছত গেভাৰ্ডৰ বাবে যেন সময় ৰৈ গ’ল৷ পিঠিৰে সোমাই বুকু চিৰাছিৰ কৰি পাৰ হৈ যোৱা গুলীটোৰ প্ৰচণ্ড আঘাতত গেভাৰ্ড মাটিত হামখুৰি খাই পৰি গ’ল৷ শেষবাৰৰ বাবে তেওঁৰ মুখেৰে গেঙনি এটা ওলাই আহিল,

“No…”

সৈন্যসকল আহি গেভাৰ্ডৰ ওচৰ পোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল৷ এখন হাত দেহৰ পৰা বাহিৰলৈ মেলি পৰি থকা গেভাৰ্ডৰ ঘড়ীটোত টৰ্চৰ পোহৰ পৰি সময় আকৌ এবাৰ জিলিকি উঠিল৷

বহু সৈন্যই আগুৰি ধৰা গেভাৰ্ডৰ মৃতদেহটোৰ ওচৰত হাউলি লৈ এজন কমবয়সীয়া সৈনিকে ক’লে,

: এই মানুহজনৰ সাহস দেখি আচৰিত হৈ গ’লোঁ৷ এওঁ ইয়ালৈ এনেকৈ সোমাই আহিছিল যেন ইয়াত আমাৰ কোনো অস্তিত্বই নাই৷ ইমান মৰসাহ!

ইয়াৰ পিছত হঠাত তেওঁৰ চকু গেভাৰ্ডে হাতত পিন্ধি থকা ঘড়ীটোত পৰিল৷

: ৱাহ, এওঁচোন হাতত এটা বৰ ধুনীয়া ঘড়ী পিন্ধি আছে৷ পিচে পৰি যোৱাৰ ফলত ঘড়ীটোৰ গ্লাছখন ভাঙি গ’ল৷

ভাঙি যোৱা গ্লাছৰ মাজেৰে ঘড়ীটোৰ ভিতৰলৈ চাই এইবাৰ তেওঁ আচৰিত হৈ ক’লে,

: আৰে, পৰি যোৱাৰ ফলত ঘড়ীটোৰ গ্লাছখনেই কেবল ভাঙি যোৱা নাই, ঘড়ীটোৰ সময়োচোন এঘণ্টা আগবাঢ়ি গৈছে!

: হেইৎ, কি কথা কোৱাহে৷ ঘড়ী এটা পৰি গ’লে গ্লাছ ভাঙি যোৱাটো সাধাৰণ কথা৷ কিন্তু সময়টো এঘণ্টা আগুৱাই যোৱাটো কেনেকৈ সম্ভৱ?

ভিৰৰ মাজৰ পৰা আন এজন সৈন্যই তৎক্ষণাৎ মাত দিলে৷

এইবাৰ সৈন্যসকল এজন এজনকৈ আহি প্ৰতিজনেই ঘড়ীটোলৈ এবাৰ জুমি চালে৷ হয়তো, কি আচৰিত কথা! ঘড়ীটোৰ সময় সঁচাকৈয়ে এঘণ্টা আগবাঢ়ি আছে৷ বহু ভৱা চিন্তা কৰিও সৈন্যসকলে এই কথা বুজি নাপালে যে ঘড়ী এটা থেকেচা খাই পৰি গ’লে কেনেকৈ সি দেখুওৱা সময় এঘণ্টা আগুৱাই যাব পাৰে৷

পিছদিনা ৰাতিপুৱাৰ বাতৰি কাকতত গেভাৰ্ডৰ মৃত্যুৰ খবৰটো শুনি ঘড়ীৰ দোকানীজনো সমানেই আচৰিত হ’ল৷

: এয়া কেনেকৈ সম্ভৱ! নিশ্চিতভাৱে নিজৰ কিবা অসাৱধানতাৰ বাবেই এজেণ্টজনৰ মৃত্যু হ’ল৷ মইতো মোৰ ফালৰ পৰা কোনো ধৰণৰ ত্ৰুটী নৰখাকৈ সকলো দ্বায়িত্ব সূচাৰুৰূপেই পালন কৰিছোঁ৷ তেওঁৰ লগত কথা পাতোঁতে ইমানেই সাবধান হৈছোঁ যে মোৰ দোকানৰ কৰ্মচাৰীজনেও কোনো সন্দেহ কৰা নাই, কাগজৰ টুকুৰাটোও কোনেও ধৰিব নোৱাৰাকৈ মনে মনে ফিটাডালত সুমুৱাই দিছোঁ৷ তেন্তে ভুল ক’ত হ’ল? সকলোতো সঠিক আছিল৷ আৰে, আন কথা বাদেই, শেষত ঘড়ীটো ঘূৰাই দিয়াৰ আগে আগে মই আনকি তেওঁৰ ঘড়ীটোৰ সময়টোও সঠিককৈ মিলাই দিছোঁ!

☆★☆★☆

43 Comments

  • Anonymous

    ধুনীয়া গল্প অলকেশ দা। সুন্দৰ অনুবাদ।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ ৷ 😊

      Reply
    • Mridula Gogoi

      বৰ ভাল লাগিল

      Reply
      • অলকেশ ভাগৱতী

        অশেষ ধন্যবাদ 😊

        Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    ধুনীয়া গল্প।দুবাৰৰ ৬৪ মিনিটটোৱেই কাল হ’ল বপুৰাৰ।

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ সঞ্জীৱ ৷

      Reply
    • Dipankar Bhattacharyy

      বৰ সুন্দৰ অনুবাদ আৰু গল্প টো বৰ সময়পোগী ।

      Reply
      • অলকেশ ভাগৱতী

        অশেষ ধন্যবাদ 😊

        Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ ৷ 😊

      Reply
  • ৰিণ্টু

    সুন্দৰ আৰু সাৱলীল। তোমাৰ বৰ্ণনাশৈলী অনুপম, এলাহ অলপ এৰা মোৰ ভাই। ভবিষ্যতে এই বুঢ়া ককায়েৰে মানুহৰ আগত ফুটনি মাৰি ক’ব পাৰিব, অলকেশ নামৰ বিখ্যাত লিখকজন মোৰ আটাইতকৈ মৰমৰ ভাই বুলি

    Reply
    • অলকেশ ভাগৱতী

      ধন্যবাদ দাদা 😊

      Reply
  • ৰাজশ্ৰী শৰ্মা

    বঢ়িয়া গল্প।ভাল লাগিল পঢ়ি দাদা।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Abhijit Goswami

    বহুতদিন অৰ পাছত আপোনাৰ লেখা তো পঢ়ি ভাল লাগিল.

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • দুৰ্লভ দাস

    ভাল লাগিল পঢ়ি ৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • purabi

    ভাল লাগিল দাদা

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • Hemanta kakati

    Super duper

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ দাদা৷ 😊

      Reply
  • ভাল লাগিল পঢ়ি।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • দেবজিত শৰ্মা

    সাংঘাটিক! খুব ভাল লাগিল পঢ়ি ৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক লিখনি আৰু অনুবাদশৈলী ৷ ঘড়ীৰ সময়েই কাল হল যেন লাগিল

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • খুব ভাল লাগিল

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • সুন্দৰ অনুবাদ ৷

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • সৌৰভ শৰ্মা

    সিংহৰ শক্তি আৰু সাহসৰ বৰ্ননা শুণি লাভনাই। তাক চাব লাগে। যেতিয়া সি চিকাৰ কৰে তেতিয়া, চাব লাগে। বহু দিনৰ মুৰত সিংহৰ চিকাৰ চালো, সাহস শক্তি দেখিলো। অবিৰাম দেখাৰ ইচ্ছা ব্যক্ত কৰিলোঁ।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • Rajib Hazarika

    বঢ়িয়া লাগিল। সাৱলীল ভাষা। আৰু আশাত ৰলো।

    Reply
    • অলকেশ ভাগৱতী

      আন্তৰিক ধন্যবাদ 😊

      Reply
  • ৬৪মিনিট আগুৱাই লোৱাটোৱে কাল হ’ল বেচেৰাৰ। ভাল লাগিল দাদা।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ😊

      Reply
  • কাকন কাকতি

    সুন্দৰ অনুবাদ। আগলৈ আশা কৰিলো।

    Reply
    • অলকেশ ভাগৱতী

      অশেষ ধন্যবাদ 😊

      Reply
  • মানসী বৰা

    বৰ ভাল লাগিল পঢ়ি..

    Reply
    • অলকেশ ভাগৱতী

      অশেয় ধন্যবাদ ৷😊

      Reply
  • গায়ত্ৰী গোস্বামী

    আজি আকৌ পঢ়িলো ।
    চোৰাংচোৱাই তাৰমানে দুটাকৈ ঘড়ী লগত ৰাখিবই লাগে, সেইটোকে ভাবি ভাবি পালোগৈ
    মজা লিখে কিন্তু 🙏

    Reply

Leave a Reply

Your email address will not be published.