ফটাঢোল

ক্ষতিপূৰণ – তৃষ্ণা সোণোৱাল

“মানুহজন বৰ বিশ্বাসী আছিল হে, দলৰ প্ৰতি এনে আনুগত্য থকা মানুহ সতকাই ক’ত দেখা পাব! বৰ লোকচান হ’ল আমাৰ দলৰ। ছেঃ….”

মানুহবোৰে দুখতে ইচইচাই উঠে, চাহৰ বাটিকেইটা সামৰি থকা আবিয়ৈ মানুহগৰাকীয়ে চকুহাল টিপতে মোহাৰি লয়।

: দেউতাৰাই আমাৰ দলৰ বাবে যিখিনি কৰিলে তাৰ ধাৰ এই জনমতো সুজিব নোৱাৰিম। এতিয়া আমিও কিবা কৰিম তুমি চিন্তাই নকৰিবা বুজিছা ভাইটি, বিপদৰ সময়ত আমি আছোঁৱেই।

মাখন দত্তৰ কথাত সুজিতে মূৰ দুপিয়ালে, বিজিতৰ মনত খুদুৱনি আছিলেই।

: কিন্তু কেতিয়ালৈ খুৰাদেউ, ইলেকচনৰ আগতে কৰিব পৰা হ’লে ভাল আছিল। পাছত আমাৰ কথা পাহৰে যদি…

: নাই নাই, কেলৈ পাহৰিব। মোৰ লগত কালিয়ে বিধায়ক ছাৰৰ কথা হৈছে। দেউতাৰাৰ সকামৰ দিনা আহিব তেওঁ, সকাম শেষ হোৱাৰ আগতেই ছাৰে কিবা গতি লগাবই চাবা।

: ছাৰ আহিব নেকি ইয়ালৈ?

কোঠাটোত গমগমনি এটা উঠিল, এমেলে আহিব বিজিতহঁতৰ ঘৰত। ইলেকচন পাইছেহি, চান্সতে কিবা সৰকাব পৰা যায় নেকি ধৰণৰ চিন্তাই কোঠাটোত ভীৰ কৰিলেহি।

বিজিত-সুজিতৰ দেউতাক পদ্মধৰ বৰা শাসকীয় দলটোৰ বুথ পৰ্য্যায়ৰ সক্ৰিয় আৰু জনপ্ৰিয় কৰ্মী আছিল। ডেকা কালৰেপৰা পাৰ্টিৰ কাম আৰু নামতে নিজক উৎসৰ্গা কৰা মানুহজনৰ নাম জিলাব্যাপী বিয়পি পৰিছিল। দলীয় আদৰ্শৰে অনুপ্ৰাণিত পদ্মধৰ বৰাৰ দৰে সৎ ৰাজনৈতিক কৰ্মীৰ প্ৰয়োজন আছিল দলটোক। কেতিয়াবা ঢাল কেতিয়াবা তৰোৱাল হৈ কাম কৰা মানুহবোৰৰ বাবেই কিছুমান ঠাইত দল এটা খোপনি পুতিবলৈ সক্ষম হয়, পদ্মধৰ বৰাও এনে এজন।

চ’তৰ প্ৰখৰ ৰদ, বিৰিঙি উঠা কপালৰ ঘামৰ টোপালবোৰ মচি সুজিতে কুঠাৰখন চলাই গ’ল। যোৱাৰাতিৰ ধুমুহাত ভাঙি পৰা এজাৰ গছ, সকামৰ খৰিৰ কাৰণে চিন্তা কৰিছিলহে সি। ধুমুহাজাকে তাৰ মনটোক বুজি থৈ গ’ল, দেউতাকেও বুজি যোৱা হ’লে….

যঁজা ল’ৰাহালৰ লগতে পত্নী আৰু বিবাহযোগ্যা ভনীয়েকৰ ওপৰত সংসাৰৰ সমস্ত ভাৰ জাপি দি দেউতাকে পাৰ্টিৰ কামত জঁপিয়াই পৰিছিল। পাৰ্টি বুলিলে খোৱা শোৱাকো এৰিব পৰা দেউতাকে কিন্তু নাজানিছিল কণমানি পুতেকহালৰ যে ভোক পাহৰিব পৰা বয়সে হোৱা নাই। ফুটগধূলিতে দলীয় মিটিং গাই এগালমান মানুহ লৈ পত্নীক ভাত বাঢ়িবলৈ কৈ নিৰ্বাচনী আখৰাত ব্যস্ত হয় তেওঁ।
সেইখিনি সময়ত ভনীয়েক ৰূপালীয়ে কচু এটা পুৰি ভতিজাক দুটাৰ মাজত ভগাই দিয়ে, বৌৱেক নিজৰাই পাঁচজনৰ জোখাৰে ৰন্ধা ভাতসাজ গিৰিয়েকৰ বন্ধুকেইজনলৈ আগবঢ়াই দি চকুলো টুকে। পুতেকহঁতৰ পেটত সেইদিনাও ভাত নপৰে।

: সৰু, চাহ এটুপি খাই ল হোঁ। ইমান ৰ’দখনত খৰি ফালি থাকিব নালাগে, অলপ জিৰাই লচোন।

পেহীয়েকৰ মাতত শৈশৱৰ দিনবোৰৰপৰা সি উলটি আহে। এইজনী তাৰ সৰুপেহীয়েক, তাৰ দ্বিতীয় মাক। ককায়েকৰ সংসাৰখন ধৰি থাকোতে নিজৰ অস্তিত্ব হেৰুৱাই পেলোৱা সৰু পেহীয়েকজনীক লৈ মাকে আফচোচ কৰে। দিগন্তলৈ মন থকা সত্ত্বেও বিয়াখন নহ’ল, দিগন্তৰ ককায়েক আছিল পদ্মধৰ বৰাৰ বিপৰীত দলৰ সদস্য। মৰি যাব পদ্মধৰ বৰা, তথাপি শত্ৰুৰ লগত সম্পৰ্ক নকৰে। মন ভাগিল ৰূপালীৰ, ৰাজনীতিৰ মেৰপাকত পৰি থাওনি হেৰুওৱা ৰূপালীয়ে বিয়া নোহোৱাৰ সিদ্ধান্ত লৈ পেলাইছিল।
ককায়েকৰ সেইবোৰলৈ চকু আগতেও নাছিল,যেতিয়া চকু দিছিল তেতিয়ালৈ ভনীয়েক প্ৰায় উদাসীন হৈ পৰিলগৈ।

ভিতৰৰ কোঠাৰপৰা মহিলাৰ মাত কথা ভাঁহি আহিছে, প্ৰায়বোৰৰে নিৰ্বাচনকেন্দ্ৰিক অপৰিপক্ক কথা। এমেলে আহিব বুলি জনাৰপৰা গাত তত নোহোৱা হ’ল মাইকীমখাৰ।

: দৰ্খাস্ত এখন লিখিব লাগে, সিখন গাৱঁৰ ঘৰে ঘৰে টিনপাত পাইছে। আমাৰ গাঁৱত কিহলৈ দিয়া নাই?

: কেঁচা ঘৰ থকাবোৰকহে দিছে বোলে শুনিছোঁ। পিছে বেংকৰ কেৰাণীৰ ঘৰ কেতিয়াৰপৰা কেঁচা হ’ল বা।

: চব পলিটিক্স বুজিছ ৰেণুকা, কেৰাণীৰ ভিনিয়েকটো কাউন্সিলাৰ নহয় জানো। ঘৰৰবোৰক দিবইতো।

: ৰহ আমিও টিনপাত কি ইন্দিৰা ঘৰ লৈহে এৰিম, লিখ দৰ্খাস্ত এতিয়াই।

: হৈ এইজনী! ইন্দিৰা ঘৰ নহয়, মোডী ঘৰহে হ’ল আজিকালি।

খিটখিটাই হাঁহি উঠে মহিলামখা, কলম কাগজ লৈ খন্তেকতে দহখনমান দৰ্খাস্তৰ ৰচনা হৈ যায়। টিনপাত, টিউবৱেল, গৰু-গাহৰি-ছাগলী, পকোৱা সূতা আনকি চাকৰি বিচাৰিও দৰ্খাস্ত ৰেডী কৰে মহিলাবোৰে। এমেলেৰ হাতত দিব পাৰিলেই সপোন সাৰ্থক হ’ব যেন ভাৱবোৰ চকুত ওলোমাই দলটো ঘৰমুখী হয়।

সুজিতৰ বিৰক্তি লাগে এইবোৰ দেখি শুনি, ঘৰতো একেবোৰেই কাণ্ড। বিজিতৰ মূৰতো ৰাজনীতিৰ পোক সোমাইছে লাহেকৈ। বিএটো পাছ কৰি সি দোকান এখন খুলি লৈছিল আৰু সুজিতে ইউনিলিভাৰ কোম্পানীৰ চাকৰিটো পাই গৈছিল। অভাৱবোৰক গুৰিয়াই ঘুচিয়াই বাহিৰ কৰাৰ চেষ্টাই লাহেকৈ ৰং সানিছিলহে।

আহিব লগা কেন্দ্ৰীয় নিৰ্বাচন, প্ৰতিবাৰৰ দৰে এইবাৰো দেউতাকৰ খাবলৈ শুবলৈ সময় নোহোৱা অৱস্থা। দৈনিক চাৰি পাঁচখন মিটিং গাই দুৰ্বল হৈ পৰিলেও পিছ নোহুহুকা মানুহ পদ্মধৰ বৰা।

জিলা ষ্টেডিয়ামত মন্ত্ৰীৰ নিৰ্বাচনী সভা, গাঁৱৰ চহৰৰপৰা বাছ মেজিকৰে যোৱা মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা। চৌফলীয়া ৰ’দত মন্ত্ৰীৰ অনুৰোধ মৰ্মে পদ্মধৰ বৰায়েও ভাষণ আগবঢ়ালে,আত্মগৌৰৱেৰে উথলি উঠিল তেওঁৰ মনটো। মন্ত্ৰীৰ অনুৰোধেৰে মানী তেওঁ, সাৰ্থক তেওঁৰ এই ৰাজনৈতিক জীৱন। হাজাৰ হাজাৰ লোকৰ সন্মুখত তেওঁক সম্বোধন কৰিছে মাননীয় মন্ত্ৰীয়ে, কমখন কথা নে! বুকুখন বিষাই উঠা যেন লাগিল বৰাৰ, উভতাৰ বাটতো বিষটোৱে লগ নেৰা হোৱাত সতীৰ্থসকলে মেডিকেল পোৱালেগৈ তেওঁক। সেই পুৱাই যি যোৱা, ঘূৰি ঘৰ নাপালেহি মানুহজন। দলৰ নামতে জীৱনৰ সৰহভাগ সময় দি অৱশেষত দলৰ নামতে উশাহটো এৰিলে পদ্মধৰ বৰা নামৰ অক্লান্ত কৰ্মীজনে।

বৰাৰ মৃত্যুৰ খবৰটো বিয়পাৰ লগে লগে সুজিতহঁতৰ ঘৰলৈ মানুহৰ সোঁত বাঢ়িল, ৰাজনৈতিক-অৰাজনৈতিক, ভালপোৱা-বেয়া পোৱা আটাইবোৰ মানুহ মৃতকৰ ঘৰৰ খবৰ ল’বলৈ হিল দল ভাঙি আহিবলৈ ধৰিলে। সুজিত আচৰিত হয়, দেউতাকৰ প্ৰতি মানুহৰ ভাল পোৱা দেখিলে। দেউতাকৰ ৰাজনৈতিক সততা তথা আদৰ্শই ঢাকি পেলাইছে তেওঁৰ সংসাৰ প্ৰতি থকা চূড়ান্ত দায়িত্বহীনতা।

এইবোৰৰ মাজতে দেউতাকৰ কোনোবা সতীৰ্থই ক্ষতিপূৰণৰ চিন্তাটো বিজিতৰ মূৰত সোমাই দিলে। দহ টকা এটাও ঘৰত নিদিয়া দেউতাকৰ নামত আকৌ কিহৰ ক্ষতিপূৰণ, সুজিতে শুনামাত্ৰেই ফালৰি কাটিল।
দেউতাকৰ পাৰ্টিৰ প্ৰতি থকা আনুগত্যৰ বিনিময়ত আৰ্থিক সংস্থাপন এটা দিয়াৰ প্ৰতিশ্ৰুতিটো কিন্তু বিজিতৰ মনত গোজ পুতি ৰ’ল। নিজৰাৰ মনে নামানিলেও কোনোবাখিনিত আশা এটা জাগি উঠে। যোৱাবছৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হেমন্ত কোঁৱৰৰ মৃত্যুৰ পিছতে পুতেকে তেনেকৈয়ে মেডিকেলৰ ফৰ্থ গ্ৰেডৰ চাকৰি লোৱা নাই জানো। সুজিতে হেমন্ত কোঁৱৰ আৰু পদ্মধৰ বৰাৰ মাজৰ যোগসূত্ৰডাল মিলাব খুজি ব্যৰ্থ হয়।

ইলেক্সনৰ দুদিনৰ আগত পদ্মধৰ বৰাৰ আদ্যশ্ৰাদ্ধ পৰে। গোটেই অঞ্চলটো উবুৰি খাই আহে শ্ৰাদ্ধলৈ, নিজৰা আৰু ৰূপালীৰ পদ্মধৰ বৰাৰ প্ৰতি মানুহৰ মৰম দেখি বুকু শাঁত পৰে। সুজিতে ঠিকেই বুজে, এয়া দেউতাকৰ শ্ৰাদ্ধ বুলি নহয়, এমেলেৰ সাক্ষাৎ পাবলৈহে মানুহ ঢাহি মুহি আহিছে।

: স্বাৰ্থপৰ চাল্লা, চব স্বাৰ্থপৰ।
সুজিতে বিৰক্তিত বাৰে বাৰে মুখখন ধুই আহে।

সৰুসুৰা নিৰ্বাচনী সভা এখনৰ পৰিবেশলৈ ৰূপান্তৰিত হয় শ্ৰাদ্ধখন। মৃতকৰ প্ৰতি এমেলেৰ শোকবাণী পাঠৰ পাছতে আবেদনকাৰীৰ ঠেলা হেঁচা বাঢ়ি আহিল। প্ৰতিজনৰে এখনকৈ, আনকি ভকত, মেধি, বিলনীয়া, গোপীনীয়েও মোনাৰপৰা সোত মোচ খোৱা দৰ্খাস্ত নামধাৰী কাগজ এডুখৰি উলিয়াই এমেলেৰ হাতত তুলি দিলে। নিজৰা আৰু ৰূপালী থৰ লাগিল, মিঠৈ বিলোৱা হাজৰিকানীয়ে আবেদনখনৰ লগতে এমেলেক মিঠৈ এটাও টিপতে দি থৈ আহিল।

এমেলেজনে পিছে মিঠৈটো নাখালে, আবেদনখিনি এজাপ কৰি মিঠৈটোক পেপাৰৱেট হিচাবে ৰাখি থৈ দিলে।

সকাম ভগাৰ ঠিক আগেয়ে এমেলে উঠিল, বিজিতে হেঁপাহেৰে তেওঁলৈ চালে। বিশেষ কাগজ এখনৰ সৈতে এনভেলপ এটাৰ আশা কৰি আছিল বিজিতে। সি আশা কৰা ধৰণৰেই এমেলেই ইটাৰঙী এনভেলপ এটা তাৰ হাতত তুলি দিলে, বিজিতৰ মুখখন উজলি উঠিল। অবিশ্বাস্য ভাৱৰে সুজিতো কাষ চাপি আহিল।

বৰ বিনয়েৰে এমেলেজনে হাতযোৰ কৰি উঠিল,
: পঞ্চাছ হেজাৰ টকা দিছোঁ, পাৰ্টিৰ নামতে ভোজত লগাবা। তোমাৰ দেউতাৰা নোহোৱা হৈ যোৱাৰ ফলত পাৰ্টিৰ সোঁহাত ছিগা যেন অনুভৱ হৈছে আমাৰ। কেতিয়াবা কিবা সহায় লাগিলে ক’বলৈ সংকোচ নকৰিবা ভাইটি। ভগৱানে তোমালোকক সহায় কৰক, আহোঁ…

এহাতেৰে আবেদনৰ ফাইলটো আৰু আনখন হাত জোকাৰি জোকাৰি এমেলে গুচি যায়, মানুহবোৰৰ চকুত আশাবোৰ বেলিৰ পোহৰ পৰি জিলিকি উঠে।
সুজিতৰ ওঁঠৰ শ্লেষাত্মক হাঁহিটো বিৰিঙিবলৈ লওঁতে বিজিতলৈ চকু যায় তাৰ।
এনভেলপটো খামুচি তলমূৰকৈ বহি আছে সি, সুজিতৰ ভাৱ হয় বিজিতে বাৰু ইয়াতকৈ কিবা বেলেগ আশা কৰিছিল নেকি?

☆★☆★☆

6 Comments

  • Utpal borah

    ভাল লাগিল।

    Reply
    • তৃষ্ণা সোণোৱাল

      ধন্যবাদ ।

      Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল ৷

    Reply
    • তৃষ্ণা সোণোৱাল

      ধন্যবাদ বা

      Reply
  • কমল তালুকদাৰ

    ভাল লাগিল পঢ়ি ।

    Reply
    • তৃষ্ণা সোণোৱাল

      আপোনালৈ ধন্যবাদ ।

      Reply

Leave a Reply

Your email address will not be published.