ফটাঢোল

খন্তেকীয়া বৰলাৰ ল’জিক – অভিজিত মেধি

আজৰি পৰত নেইল কাটাৰটো লৈ ভৰিৰ নখকেইটা কাটি আছিলোঁ। তেনেতে মনত পৰিল চৰকাৰী গেছ কানেকচনৰ কামটো এইকেইদিনতে নকৰিলে শ্ৰীমতীৰ কথাৰ তৰোৱালে মোক কাটিব। আজি তাতে অফিচ ছুটী, আধাৰকাৰ্ডখন লৈ এজেঞ্চিটোত লাইন পতাই ভাল! মোৰ মানুহজনীও যে, শান্তিত নখকেইটা কাটিবলৈও নিদিয়ে। অৱশ্যে শ্ৰীমতী আজি ঘৰত নাই, দুদিনৰ বাবে কালিয়ে মাকৰ ঘৰলৈ গ’ল। দুদিনৰ বাবে ময়ো এতিয়া বৰলা, সেই বুলি কামটো কালি-পৰহি কৰি থাকিলে দুদিন পাছত মোক যে দুকথা ভালকৈ শুনাব সেইয়া ধুৰূপ।

মানুহজনী আগতে ইমান এনেকুৱা নাছিল। বিয়াৰ পাছত লাহে লাহে বৰ সলনি হ’ল। আজিকালি মোৰ এটাও ভাল গুণ নেদেখা হ’ল মানুহজনীয়ে। দুজনী বান্ধৱীক লগ পাবলৈ দিয়ক, “আমাৰ এওঁ মানুহটো” বুলি যিহে মোৰ প্ৰশংসাৰ(?) ফুলজাৰি গাব…! শইকীয়াৰ ঘৈণীয়েকেও জানে যে আমেৰিকাৰ ট্ৰাম্পতকৈ মোৰ নাকৰ ড্ৰাম বেছিকৈ বাজে। সিদিনা চৌধুৰীৰ ঘৰত কঁকালৰ বিষটোৰ কথা কওঁতে বৌয়ে ‘বেছিকৈ শুলেও কঁকালৰ বিষ হয়’ বুলি বেঁকা হাঁহি মাৰিলে। ধুই, দিনৰ দিনটো শুই থাকিবলৈ মই কিবা লোকসভাৰ অসমীয়া সাংসদ নেকি?

বিয়াখন ঠিক হোৱাৰ পৰত লগৰে ধদুৱা বিজয়ে ঠিকেই বুজাইছিল, “ঐ, অকণ মাষ্টৰৰ ছোৱালী সেইজনী, জানই দেখোন, অকণ মাষ্টৰে স্কুলীয়া দিনত কেনেকুৱা গৰুপিটন দিছিল আমাক। জীয়েকেও পিটি পিটি লম্বা কৰিব তোক!” পিচে ধুনীয়া কইনা পোৱা কথাটো সেইসময়ত ইলেকচনত জিকা হেন কথা আছিল মোৰ বাবে। ইলেকচনৰ পাছত ভোটাৰৰ কোনে শুনে বুলি ধদুৱাৰ কথা আওকাণ কৰি দিছিলোঁ। ধদুৱা মানুহটো দূৰদৰ্শী, এতিয়াহে বুজিছোঁ।

সিদিনাৰ কথা, অফিচৰ পাৰ্টী এটাত বছে জীয়েকৰ লগত চিনাকি কৰাই দিলে,

: মীট মাই অ’নলি ড’টাৰ, প্ৰিয়া।

ময়ো বছ-ক শ্ৰীমতীৰ লগত চিনাকি কৰাই দিলোঁ,

: মীট মাই অ’নলি ৱাইফ, দুৰ্গা।

কিনো ভুলটো কৰিলোঁ? হাই হিলেৰে যিটোহে গচক দিলে ঐ মোৰ বাওঁভৰিত! বুঢ়া আঙুলিৰ নখটো এতিয়া ক’লা পৰি আহিছে। তাকেই নেইল কাটাৰটো লৈ কাটি আছিলোঁ। কৈছোঁ নহয়, মানুহজনীৰ ওপৰত কেতিয়াবা বৈদ্য খং উঠে মোৰ। ভাগ্যে গালি দিবলৈ অফিচত পিয়নটো আছে, নহ’লে গোপন খঙৰ কোবত মোৰ যে গেষ্ট্ৰিক হ’লহেঁতেন খাটাং।

অৱশ্যে কথা ধৰি থকা মানুহ মই নহয়। কথাৰ বেথা আৰু নখৰ লেঠা জাৰি-জোকাৰি চৰকাৰী গেছ কানেকচনৰ কামটোৰ বাবে নিজকে সাজু কৰিলোঁ। কিন্তু সময়তেই পয়মাল লগাটো এই সংসাৰৰ নিয়ম নহয় জানো? নাই, আধাৰকাৰ্ডখন নাই! অমুক-তমুকৰ লগত লিংক কৰিবলৈ সদায় প্ৰয়োজন হোৱা দৰকাৰী বস্তুখন ক’ত যাব পাৰে? ভাগ্যে শ্ৰীমতী ঘৰত নাই, অলপ সুস্থিৰে চিন্তা কৰিবলৈ আহৰি পালোঁ যেনিবা। এনেকুৱা জৰুৰী বস্তুবোৰ ফাইল এটাত ৰখা হয়, ফাইলটো থাকে বেডৰূমৰ আলমিৰা এটাত। মানে যিমান দূৰ মই জানোঁ। কথাটো দেখাত তেনেই ছিম্পল। আপোনালোকে চাগে ভাবিছে- আলমিৰাটো খুলি, ফাইলটো উলিয়াই, কাৰ্ডখন বিচাৰি ল’লেই হ’ল, কাম খতম। হাৰে, ক্ৰিকেটৰ দৰ্শক নতুবা নিউজ চেনেলৰ পণ্ডিতৰ লেখিয়া নহ’বচোন। দেখাত সাধাৰণ কথাবোৰো কেতিয়াবা জটিল, বিশ্বাস কৰক। কোনো কথায়ে লাইটলি ল’বলৈ নাপায়, ইগন’ৰেন্স কিলছ্!!! মই ছিষ্টেমেটিক আৰু প্ৰ’ফেছনেল এনভাইৰ’মেণ্ট এটাত পৰিপাটিৰে পুৱা নটাৰ পৰা ছয়টালৈকে অফিচৰ কাম কৰা মানুহ। সকলো কাম ল’জিকেলি এপ্ৰ’চ কৰাটো মোৰ এটা স্বভাৱ। আধাৰকাৰ্ড বিচৰা কামটো তেনেই সৰু, সেইবুলি ল’জিকক জলাঞ্জলি দিম নেকি?

প্ৰথম কথা, বেডৰূমত দুটা আলমিৰা আছে। কোনটো আলমিৰাত নিৰ্দিষ্ট ফাইলটো আছে, এক নম্বৰটোত নে দুই নম্বৰটোত? এইবোৰ চিন্তা কৰিব লাগিব। চিনেমা-ছিৰিয়েলবোৰত দেখোঁ নহয়, কাপোৰৰ জাপৰ পৰা সম্পত্তিৰ ফাইলবোৰ উলিয়াই দিয়ে ঘৈণীয়েকবোৰে। আধাৰকাৰ্ডখনো সম্পত্তিয়েই দিয়কচোন। মোডীয়ে কাইলৈ নিৰ্বাচনৰ আগে আগে দহলাখটো দিম বুলিলে সেইখন দেখুৱায়েই টকাটো ল’ব লাগিব কিজানি! গতিকে প্ৰথমে জাপ জাপ কাপোৰ থকা আলমিৰাটোত তলৰ পৰা ফাইলটো বিচৰা আৰম্ভ কৰি দিলোঁ। তলৰ পৰা কিয়? মানে দৰকাৰী কথাবোৰ আমাৰ দেশত সদায়ে তলত থাকে যে, সেয়ে তলৰ পৰা আৰম্ভ কৰাটো বেছি ল’জিকেল আকৌ!

বিচাৰিলোঁ, মানে পাত-পাত কৰি দিলোঁ। নাই, নাপালোঁ। মোৰ মানুহজনী ফিল্মি নোহোৱাৰ বাবেই মিছামিছি কষ্টখন খাবলগীয়া হ’ল। সেই লৈ দুখ নাই, কিন্তু মহিলাবোৰে আমাৰ নিচিনা খমখমীয়া কাপোৰ কেলেই পিন্ধিব নোৱাৰে তাক লৈহে খংটো উঠিল। খমখমীয়া হোৱাহেঁতেন এই হাৰত শ্ৰীমতীৰ মিহি কাপোৰবোৰ ছেদেলি-ভেদেলি নহ’লহেঁতেন। শাৰী, চেলোৱাৰ, মেখেলা-চাদৰ…সকলো একাকাৰ হৈ চোনম কাপুৰে পিন্ধা জাতীয় কিছুমান নতুন হাইব্ৰীড পোছাকৰ উৎপত্তি হ’ল মজিয়াখনত। শ্ৰীমতীয়ে দিব এতিয়া মোক মছলা, বুকুখন দুৰু দুৰু কঁপিল।

তথাপি হাৰ মানি লৰ মাৰা মানুহ মই নহয় দেই! আফটাৰ অল্ , ল’জিকেলি চিন্তা কৰি সমস্যাৰ সমাধান কৰিবলৈ মই এজন কেপেব’ল মানুহ। ফাইলটো সৰু বস্তু, বিচাৰি উলিয়ামেই উলিয়াম! দ্বিতীয়টো আলমিৰাও ধুনি দিলোঁ। নাই, ক’তোৱেই নাই বস্তুখন। ক’ত গ’ল? এইটো শ্ৰীমতীৰেই কাম হ’ব নিশ্চয়, পৰিপাটিৰ দোহাই দি ক’ৰবাৰ বস্তু ক’ৰবাত থৈছে। কাম নাই এইজনীৰো! কৈছোঁ নহয়, বৈদ্য খং উঠে মানুহজনীৰ ওপৰত কেতিয়াবা। এতিয়া পিচে উপায় নাই, তেওঁকেই ফোনত সুধিব লাগিব ক’ত ৰাখিছে ইমান দৰকাৰী ফাইলটো। শ্ৰীমতীক ফোনটো লগালোঁ,

: হেৰা, এই যে আমাৰ দৰকাৰী নথি-পত্ৰ ৰখা ফাইলটো, ক’ত ৰাখিছাহে সেইটো?

মাতটো যিমান পাৰি কোমল কৰিলোঁ। মাতত খং-বিৰক্তিৰ গোন্ধ পালে সিপিনে আকৌ দুৰ্বাসাৰ দৰে জাঙুৰ খাই উঠিব!

: কিয়, কালি পুৱাও খুজিছিলা দেখোন সেইটো? মই দেখোন উলিয়াই ফ্ৰীজৰ ওপৰত থৈছিলোঁ।

হে হৰি! তাকেইতো, কালি খুজিছিলোঁ মই ফাইলটো, এওঁ উলিয়ায়ো দিছিল, মইহে পাহৰি থাকিলোঁ পাছত। এতিয়াও ফ্ৰীজৰ ওপৰতে পৰি আছে চাগে সেইটো।

: নহয় মানে… ফ্ৰীজৰ ওপৰত নাপালোঁ দেখোন, সেয়ে সুধিলোঁ আৰু! বাকী ভালে আছা ন তুমি?

উৱা, মই দেখোন থিতাতে মিছা মাতিব পাৰো, ভৱিষ্যতে বাবা নহ’লে নেতা হোৱাৰ সম্ভাৱনা প্ৰবল!

: তাতেই থাকিব ফাইল, নহ’লে ক’ত যাব? ফাইলৰ ভৰি নাথেকেতো। আৰু যদি আলমাৰি খুচৰি মোৰ জাপি থোৱা কাপোৰবোৰ নষ্ট কৰিছা চাবা কিন্তু, কথা বেয়া….

টিউ টিউ টিউ….যোগাযোগ বিছিন্ন হৈ গ’ল। জীৱনত প্ৰথমবাৰ এয়াৰটেল নেটৱৰ্কৰ প্ৰেমত পৰিছোঁ মই।

আচ্ছা, আপোনালোকে চাগে এতিয়া ভাবিছে- ইমান ওস্তাদি নামাৰি প্ৰথমেই শ্ৰীমতীক ফোনটো লগাব লাগিছিল মই। হাৰে…ক্ৰিকেটৰ দৰ্শক নতুবা নিউজ চেনেলৰ পণ্ডিতৰ দৰে কাৰবাৰবোৰ নকৰিবচোন। মইতো জানিছিলোৱেই যে ওস্তাদি নামাৰি পত্নীক ফোন কৰাটোৱেই সমীচিন কথা। অতদেৰি মই কেৱল অলিখিত চৰকাৰী নিয়মটোৰহে অনুসৰণহে কৰি আছিলোঁ। মানে জোৰ পুৰি হাত পোৱাৰ সময়ত, নিৰ্বাচনৰ ঠিক আগে আগে সমীচিন কামবোৰ কৰাৰ নিয়ময়টো! কি যে হ’ব নহয় আপোনালোকৰো!

☆★☆★☆

8 Comments

  • Rintumoni Dutta

    সৱৰে একেই অৱস্থা হে অভিজিত।

    ভাল লাগিল পঢ়ি

    Reply
  • purabi

    মজ্জা..অভিজিত দা, 👌👌

    Reply
  • ৰাজশ্ৰী শৰ্মা

    খুব ভাল লাগিছে পঢ়ি দাদা।

    Reply
  • হেমন্ত কাকতি

    নিউজ চেনেলৰ পণ্ডিতৰ দৰে কথাবোৰ নকবাচোন! হাঃ হাঃ মজা লাগিল অভিজিত৷

    Reply
  • কাবেৰী মহন্ত

    পঢ়িছিলোঁ , আকৌ পঢ়িলো ৷ আৰম্ভ কৰিলে এৰিব নোৱাৰি তোমাৰ লেখা

    Reply
  • পূৰ্ণময়ী

    ওৱা ,আমাৰ কথা কৈছে! তেনেকুৱা এ কি কৰিব😂

    Reply
  • আগতে পঢ়িছিলোঁ৷বৰ ভাল লেখা তুমি

    Reply
  • বঢ়িয়া।

    Reply

Leave a Reply

Your email address will not be published.