ফটাঢোল

খন্তেকীয়া বৰলাৰ লটিঘটি – অভিজিত মেধি

ছলমান (কাৰ বাপেকৰ কি আহে কি যায় ভংগীত): ইস্ক্ ছে আগে?

কেটৰিনা (মুখখন পাতি হাঁহৰ নিচিনা কৰি): কুচ নাহী, কুচ নাহী…

এইপিনে আমাৰ দৰে হলধৰ-বলধৰৰ কাৰ লোন, হোম লোন, পেট্ৰ’লৰ খৰচ, ইলেক্ট্রিচিটি বিল, খুলশালীৰ বিয়া আদিৰে পৰা গোপন খৰ-খজুৱতিলৈকে এশ এবুৰি সমস্যাই জুৰুলা কৰা জীৱন, তাৰ মাজতে এপলক মনোৰঞ্জনৰ বাবে টিভিটোৰ সমুখত বহি এই “কুচ নাহী, ফুচ নাহী” গান চাবলগীয়া হ’লে গান বনোৱাজনৰ মুখতে ঠোকোনা মাৰি দিবলৈ মন যায়। গোপন খৰ-খজুৱতিৰ কথাটো সাধাৰাণীকৰণ কৰিহে ক’লো, ছলমান-কেটৰিনাৰ নহ’লেও সাধাৰণ মানুহৰ হয়েই এইবোৰ সাধাৰণ বেমাৰ। সদ্যহতে মোৰ হোৱা নাই। স্পষ্টীকৰণ এটা দি থোৱাটো জৰুৰী, নহ’লে এই অদৰকাৰী খবৰবোৰ আজিৰ ফেচবুক-টুইটাৰৰ যুগত বনজুইৰ দৰে বিয়পে।

খৰ-খজুৱতি নহ’লেও এটা কথা সঁচা যে আজিকালি মোৰ দিনকাল বৰ বেয়া চলি আছে। মানে মোৰ গ্ৰহ-গতি ইমানেই বেয়াৰ পিনে ঢাল খাইছে যে দিনৰ দিনটো মূৰ খজুৱাই থাকোতেই যায়। অলপ আগৰ কথাটোৱেই ধৰকচোন। অফিচত দিনটো গাধৰ দৰে খাটি সন্ধিয়া ঘৰ সোমাইছো। মুখ হাত ধুই ক্ৰিকেট খেলখন চাওঁ ভাবিছিলোঁহে, পাচে ধুতকপলীয়াৰ কপাল, দুবছৰীয়া পুত্ৰই “স্বোৱেগ ছে কৰেংগে ছব্কা স্বোৱাগত” চাই নাচি আছে। তাক কন্দুৱাৰ ( লগতে পত্নীৰ গালি খোৱাৰ) সাহস নথকাত ময়ো সেইটোকে চাই বহি আছো। অলপ পাছত সুপুত্ৰই মোৰ পিনে চাই চিঞৰি উঠিল,

“থুচ থুচ থুচ…”

ময়ো বোলো এয়াই সুৱৰ্ণ সুযোগ, তাৰ ধ্যান বেলেগত লগাই টিভিৰ চেনেল সলোৱাৰ। আঙুলিৰ পিষ্টলেৰে ময়ো তিনিজাই গুলী চলাই দিলোঁ,

“থুচ থুচ থুচ…”

তেনেতে পাকঘৰৰ পৰা গৰম গৰম গালি এটা ভাঁহি আহিল।

“হেৰা, ল’ৰাটোৱে অথনিৰে পৰা জুচ খুজি আছে, নিদিয়া কেলেই, সেইটোও কি ময়ে কৰিব লাগিব নেকি?”

হওঁতে পেশাত মই এজন অভিযন্তা। বিশ্বাস কৰক, ছাত্ৰজীৱনত মই ৰকেট বিজ্ঞানৰ বিষয়েও অলপ অচৰপ পঢ়িছিলো, কিছু বুজিও পাইছিলোঁ। কিন্তু ‘থুচ’ বুলি ক’লে ‘জুচ’ বুজিব পৰাকৈ মই এতিয়াও সক্ষম নহয়। কৈছিলোঁৱেই নহয়, আজিকালি মোৰ দিনকাল বৰ বেয়া, মূৰ খজুৱাওতে চুলিকেইডাল সৰিবলৈহে বাকী। আজি পুৱাৰ কথাটোৱেই ধৰক। অফিচলৈ বুলি পলম হোৱাত মোৰ অলপ দৌৰাদৌৰি লাগিছে। পেন্দুকণা পুত্ৰই মোৰ আলেখ-লেখ চাই পিছে পিছে ঘূৰি আছে। তেনেতে দুৰ্গাই, (মোৰ পত্নীৰ নাম দুৰ্গা, আচলতে কালী হ’ব লাগিছিল), শোৱাপাটীৰ পৰাই হুকুম জাৰি কৰিলে,

“হেৰা, ল’ৰাটোৰ নাকটো বৈ আছে যে দেখা নাই নেকি? এনিটাইম বিতচকুযোৰ কেলেই পিন্ধি থাকা একো যদি দেখিয়েই নোপোৱা, হুহ!”

টিঙিচকৈ খঙটো উঠি গ’ল নহয় মোৰো, কিন্তু দুর্গাৰ কালী ৰূপটো মনলৈ অহাত টিঙিচকৈ উঠা খঙটো ফিঙিচকৈ নুমাই থাকিল। লগে লগে শেঙুণখিনি ধুনীয়াকৈ মচি দিলোঁ। কৃষ্ণ কৃষ্ণ….লগে লগে দুৰ্গা দেৱীয়ে যিহে চৈধ্য পুৰুষ উজাৰি গালি দিলে ঐ পুৱাই পুৱাই…মনটো এতিয়াও টেঙাই আছে। চৰকাৰী বিভাগ এটাত ইঞ্জিনিয়াৰ পদবীধাৰী এজনৰ বৰ্তমানে কিমান আহুকাল আপোনালোকেটো জানেই। দহটা বাজিলেই ফিউজ লাইভৰ বুঢ়া শগুণকেইটা ৰামলাল বিহাৰীৰ দোকানত চাহ-তামোল চোবাই চোবাই আমাৰ অফিচটোতে চকু দি থাকে। অফিচলৈ পলম হ’লে কেতিয়া টিভিৰ পৰ্দাত ৰঙা বৃত্তৰ কেন্দ্ৰবিন্দু হৈ উজলি উঠোঁ ঠিকনা নাই। গতিকে দৌৰাদৌৰিতে পিন্ধিবলৈ লোৱা মোজাপাতেৰেই ভুলতে ল’ৰাটোৰ নাকটো মচি দিয়া গ’ল বাৰু। ভুল এটা হ’ল, মানুহ মাত্ৰেই ভুল, কাহানিও ভুল নকৰিবলৈ মইতো কিবা ৰবট নহয়! এইখিনি কথাতে চুবুৰীয়াৰ চৌকাৰ গাখীৰ ফাটি যোৱাকৈ গালি দিয়ে নে! মনটো এতিয়াও মোৰ অলপ টেঙা টেঙা লাগিয়ে আছে।

তথাপিও টেঙাভাৱটো জাৰি-জোকাৰি আনন্দমনেই থাকিবলৈ চেষ্টা কৰিছোঁ। তাহানিতে দে’তাই কৈছিল- ধৈৰ্যৰ ফল মিঠা। কাইলৈ মোৰ বাবে ধৈৰ্যৰ ফল ডায়েবেটিচ হৈ যাব পৰাকৈ সম্ভাৱনা এটা আছে। কাইলৈ পত্নী দুৰ্গা ৰঙিয়ালৈ যাব, মাকৰ ঘৰত এদিন থকাকৈ আৰু লগে লগে মোৰ জীৱনলৈ নামি আহিব খন্তেকীয়া বৰলাৰ অন্যন্য সুখ। পাছদিনাই মাকৰ ঘৰলৈ যাব লাগিব বুলি পুৱা অফিচত সোমোৱাৰ সময়তে পত্নীয়ে জনাইছিল। হঠাতে এনেকুৱা খবৰ পালে মনত কিমান যে আনন্দ লাগে! এই যে শ্বাহৰুখৰ “স্বদেশ” চিনেমাখনত গাঁৱত বিজুলী অহাৰ আনন্দ অথবা আমিৰ খানৰ “লগান”ত ক্ৰিকেট খেলখন জিকাৰ আনন্দ; তাৰ লগত তুলনা কৰিব পৰা বিধৰ এই আনন্দ। এইহেন আনন্দকো কিন্তু কণ্ঠত ফুটি উঠিবলৈ নিদি পত্নীক কাৰণটো সোধোঁতে গম পালোঁ যে শহুৰ ককাৰ এক বিশেষ ইণ্টাৰভিউ ল’বলৈ ফিউজলাইভৰ পৰা বিশিষ্ট সাংবাদিক মায়ামণি আহিব হেনো।এতিয়াও জীয়াই থকা ভাৰত স্বাধীন আন্দোলনৰ সক্ৰিয় কৰ্মীৰ সংখ্যা তেনেই আঙুলি মূৰত লেখিব পৰা; মোৰ শহুৰ ককাও এনেকুৱা এক বিৰল মানুহ। স্বাধীনতা দিৱসৰ আগে আগে তেওঁৰ ইণ্টাৰভিউ ল’বলৈ খোজাটো ফিউজলাইভৰ এক প্ৰশংসনীয় পদক্ষেপ, লগতে ককাৰ ইণ্টাৰভিউৰ চাবলৈ মোৰ পত্নী ঘৰলৈ যাবলৈ খোজা বাবে ফিউজলাইভ মোৰ বিশেষ ধন্যবাদৰ পাত্ৰ। কাইলৈৰ সম্ভাৱ্য সুখৰ নদীত মই এতিয়াৰ পৰাই সাঁতুৰি-নাদুৰি আছোঁ।

: হেৰা, তোমাৰ টিফিনৰ বেগটোত এইটো কিহৰ বটল?

সাঁতোৰাৰ আনন্দ লৈ থাকোঁতে ঘৰিয়ালে পালে নহয় মোক, খাহ্ বাপ্পেকে…! এদিনীয়া বৰলা জীৱনটো ৰঙীন কৰিবলৈ অফিচৰ পৰা আহোঁতে একালৰ নলে-গলে লগা বন্ধু ধদুৱা বিজয়ৰ পৰা ভদকা অলপ পানীৰ বটল এটাত ভৰাই আনিছিলোঁ। সেইটোৱে টিফিনৰ বেগটোত লুকুৱাই থোৱা হৈছিল। ভাগ্যে অৰিজিনেল বটলটো নানিলোঁ।

: সেইটো তেনেকৈয়ে থৈ দিয়া। লগৰ শৰ্মাৰ বাবে সেইটো কোনোবাই হৰিদ্বাৰৰ পৰা পঠিয়াইছে, তেওঁ দুদিন ছুটীত থকা বাবে ময়ে লৈ আহিলোঁ। পৰহি গতাব লাগিব তেওঁক। গংগাজল আছে হেনো তাত।

: হুম্!!

অকস্মাতে সাজি উলিওৱা ফাঁকিটোৱে কাম দিয়া যেন লগাত আশ্বস্ত হৈ অনাগত সুখৰ ৰঙীন কল্পনাত সাঁতুৰি-নাদুৰি সন্ধিয়াটো পাৰ কৰিলোঁ।

পিছদিনা পুৱাই পেন্দুকণাক লগত লৈ মাকৰ ঘৰলৈ বুলি পত্নী দুৰ্গা সাজু হ’ল। ঠিক এইখিনিতে লাগিল নহয় কেণাটো, ঠিক কৰি থোৱা ড্ৰাইভাৰজন নাহিল। শেষ মুহূৰ্তত ময়ে গাড়ীখন লৈ গুৱাহাটীৰ পৰা ৰঙিয়ামুখী হ’বলগীয়া হোৱাত ৰঙা-ছিঙা পৰি গ’লোঁ।

: মই কিন্তু তোমালোকক পদূলিতে নমাই দি গুৱাহাটীলৈ ঘূৰিম, আজি মোৰ ইম্প’ৰটেণ্ট ছাইট ভিজিট এটা আছে।

পত্নীয়ে বিশেষ একো নকৈ হয়ভৰ দিয়াত অলপ সকাহ পালোঁ।

ৰঙিয়াৰ ভিতৰুৱা অঞ্চলত থকা শহুৰৰ গাঁওখন পাওঁতে দহ বাজিয়ে গ’ল। বাৰটালৈ গুৱাহাটী ঘূৰি অহাৰ যিটো সম্ভাৱনাৰ ভৰসাত মনত অকণ আনন্দ বাকী ৰৈছিল সেইখিনি শহুৰৰ পদূলিতে নিঃশেষ হ’ল। দূৰ সম্পৰ্কীয় খুলশালী ভেদলাই “হৌ পেহী, গুৱেহেটীৰ পেটলা ভিনিটো আইছি” বুলি যিডাল চিঞৰ লগালে তাৰপিছত পৰিবাৰক পদূলিতে নমাই ঘৰমুখী হোৱাৰ সম্ভাৱনা নাইকিয়া হৈ থাকিল। শহুৰৰ ঘৰলৈ আহিছোঁ, অন্ততঃ চাহ একাপ নুসুধিবনে!

ভিতৰ সোমাই দেখোঁ উৎসৱমুখৰ পৰিবেশ। নলবাৰীৰ মাহীৰ পৰা বৰপেটাৰ পেহালৈকে সকলো আহি উপস্থিত হৈছেহি, মানে সকলোৰে টিভিত ওলোৱাৰ ধান্দা। আলহীৰ লগত অহা বাচ্চাবোৰে ইতিমধ্যে দুটা টীম বনাই চোতালত কাবাডী খেলা আৰম্ভ কৰি দিছে। বাৰাণ্ডাত জুম বান্ধি এজাক মহিলাই নিজৰ মানুহটো কিমান নিষ্কর্মা আৰু ল’ৰা-ছোৱালীকেইটা কিমান দুষ্ট তাকে আলোচনা কৰিছে। জ্যেষ্ঠ দুজনমানে শহুৰ ককাৰ বিচনা দাঁতিত বহি দুই এটা কথা পাতি আছে। শহুৰ ককাৰ বয়স এতিয়া প্ৰায় তিৰানব্বৈ, বাৰ্ধক্যই মুচৰি পেলোৱা শৰীৰটো পাটীৰ পৰা খুব কমেই টানি বাহিৰ কৰিব পাৰে। তেওঁক সেৱা জনাবলৈ যাওঁতে মোক কিবা আন্দোলনৰ কাৰ্যসূচীৰ কথা সুধি আছিল। মানুহজনৰ অলপ বিস্মৃতি হৈছে। ভাগ্যে তেনেতে খুলশালী এজনীয়ে নি পাকঘৰত বহুৱাই দিয়াত ৰক্ষা পৰিলোঁ।

পাকঘৰত পাঁচ মিনিটমান বহাৰ পাছত চাহকাপ আহিল। তেনেতে দেখিলো আগচোতালত ফিউজ লাইভৰ মানুহখিনিয়ে ভৰি দিছেহি, কেমেৰামেন-লাইটমেনৰ সৈতে বিশিষ্ট টিভি সাংবাদিকা মায়ামণি। পিন্ধনত ফৰ্মেল পেন্ট আৰু আমাৰ গাঁৱৰ কালুৱাৰ দাঁতকেইটাৰ নিচিনা ধকধকীয়া বগা চাৰ্ট, বতাহত সোণোৱালী ৰং কৰা চুলিখিনি এৰাল দিয়া দামুৰীৰ দৰে বাউলি হৈছে, বগী মানুহজনীৰ পিনে চালে ভুলতে এক্সট্ৰা হোৱাইটেনিং টুথপেষ্টটো ক্ৰীম হিচাপে মুখতে ঘঁহি অহা যেন লাগে। নাৰী সৌন্দৰ্যৰ সঠিক বৰ্ণনা দিয়াত মই কিছু অপৰাগ ; মুঠতে ধৰি লওঁক বৰ ৰূপহী মানুহজনী। কি? মাত্ৰ দুইছেকেণ্ডতে কেনেকৈ ইমান লক্ষ্য কৰিলো? এইবিধ টেলেণ্ট দাড়ি গজিবলৈ আৰম্ভ কৰা সময়ৰে। কেমেৰামেন-লাইটমেন লৈ খৰধৰকৈ সোমাই অহা ৰূপহীয়ে যেন মোৰ পিনেই খোজ লৈছে, কাষ চাপিলেই টপকৈ সুধিব, “ক্যা আপকে টুথপেষ্ট মে নমক হে?”।

তেনেতে পত্নী দুৰ্গাই কিবা এটা আনি সমুখতে থোৱাত কল্পনাৰ ঘোঁৰাত লেকাম লাগিল। উৱা… এইটো দেখোন মোৰ ভদকা ওৰফে গংগাজলৰ বটলটো। আওপুৰণি চামৰা-জোতাৰ দৰে মেল খোৱা মোৰ মুখত প্ৰশ্নবোধক চিন দেখি দুৰ্গাই নিৰ্লিপ্তভাৱে উত্তৰ দিলে,

: এঢোক আমাৰ বুঢ়াক দিম বুলি লৈ আনিছিলোঁ, তেওঁ কোনদিনা যায় ঠিক নাইতো। লৈ যাবা বটলটো এতিয়া যাওঁতে।

বটলটোত থকা পানীয়ৰ পৰিমাণলৈ চকু দিলোঁ…হয়, ডাঙৰকৈ এঢোক কমিছে, সৰুকৈ দুঢোক হ’ব। সৰ্বনাশ…কাৰ কি সৰ্বনাশ নাজানো, কিন্তু সৰ্বনাশ!

: ইমান কিডাল চিন্তা কৰিব লাগে? এচিকটা পানীৰ বাবে শৰ্মাই বেয়া পাবলগীয়া একো কথা নাই । বুঢ়া মানুহ এজনৰ আশীৰ্বাদ পাব, সেইটোও কম কথা নেকি?

পত্নীয়ে জক্-জকাই উঠিল। তেওঁ ঠিকেই কৈছে, কম কথা মুঠেও নহয়, সেই গতিকে সদ্যহতে মই পলায়ন কৰাই ভাল বুলি জাপ মাৰি থিয় দিলোঁ।

: মই যাওঁ, ছাইট ভিজিটৰ বাবে পলম হৈ যাব নহ’লে।

: বহি থাকা ভাল ভালে, অলপ ইণ্টাৰভিউটো চাই যোৱা, তোমাকোতো কিবাকিবি সুধিব পাৰে!

কালীয়ে, আঃ ছ’ৰী, মানে পত্নী দুৰ্গাই এনেকুৱা এটা ধমক দিলে যে চুপচাপ হৈ আকৌ বহি দিলোঁ, যেন তাৰপৰা আৰু নলৰিমেই, ‘আনটিল ফাৰদাৰ ন’টিচ’।

কিছুপৰ পাছতেই ইণ্টাৰভিউৰ লাইভ টেলিকাষ্ট আৰম্ভ হ’ল। শহুৰ ককাৰ পৰিচয়ত সাংবাদিক মায়ামণিয়ে একেলেথাৰিয়ে ঢেৰ কিবাকিবি বকি গৈছে। ইমান বকিব পাৰে নিউজ চেনেলৰ মানুহবোৰে, কোৱাৰিত দুডাল তাৰ লগাই গাড়ীৰ বেটাৰীও চার্জ কৰিব পৰা যাব কিজানি।

: এতিয়া আঁহক, এনেকুৱা এজন নমস্য ব্যক্তিৰ লগত আমি দুষাৰ কথা হওঁ।

মায়ামণি আগুৱাই গ’ল পাটীত পৰি থকা শহুৰ ককাৰ পিনে। লাইট, কেমেৰা, ফ’কাছ সকলো শহুৰ ককাৰ ওপৰত। ইপিনে মই প্ৰভু ভগৱন্তক কাকূটি-মিনতি কৰাত ফ’কাছ কৰি আছো, যাতে শহুৰ ককাই গংগাজলৰ বাবে সিপুৰী নাপায়। অধমৰ প্ৰাৰ্থনা প্ৰভুৱে বেছিকৈয়ে শুনিলে, স্প্ৰীং লগোৱা পুতলাৰ দৰে শহুৰ ককাই জাপ মাৰি বিচনাতে থিয় দিলে। ঢিলাকৈ খোঁচ মাৰি থোৱা ধুতিখন লগে লগে খহি পৰিল যদিও বয়োজ্যেষ্ঠ মানুহৰ হাগিজটো শুকান খৰিহেন দেহাটোত কোনোমতে ওলমি ৰোৱাত লজ্জা নিবাৰণ হ’ল।

: ঐ মান্নাত যাৱাহাঁত, নাহবি বুলি কইছু কাষোক লেগি…

শহুৰ ককাই ৰণহুংকাৰ দিলে, কেমেৰা পাৰ্চোনৰ সৈতে মায়ামণি কিংকৰ্তব্য বিমূঢ় হৈ ৰখি গ’ল। শহুৰ ককাৰ কোপদৃষ্টি এইবাৰ কেমেৰা আৰু লাইটৰ মানুহ দুজনৰ ওপৰত পৰিল।

: ইংৰাজোৰ তিৰীৰ মেখলা ধোঁৱাহাঁত, তহঁতে ইগলা টাঙান-চাঙান লৈ নিজোৰ মানুহোকে মাইৰবে আইহ্ছা…চাল্লা চুৱা চেলকাহাঁত…

ৰূপহী মায়ামণিক শহুৰ ককাই ইংৰাজ বুলি ভুল কৰিলেও মহিলা হিচাপে তেওঁক ৰেহাই দিলে, কিন্তু লগৰ দুজনক খেদা মাৰি গ’ল। বিচনীৰ নালেৰে উৰাই ঘূৰাই কোব দিলে। গংগাজলৰ কৃপাত দুৰ্দান্ত হৈ উঠা মানুহজনক কোনোমতে ধৰি ৰখাব নোৱাৰি, হাগিজ পিন্ধি এই ধৰালৈ সাক্ষাৎ যেন যমদূতৰহে আগমন! লাইভ টেলিকাষ্ট বন্ধ কৰি মায়ামণিয়ে মূৰে-কপালে হাত দিলে। বয়োজ্যেষ্ঠ দুজনমানে সকলো শান্ত হোৱালৈ কিছুপৰ বাট চোৱাৰ উপদেশ দিলে।

মায়ামণিলৈ বেয়াই লাগিল, বেচেৰীৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে হ’বলা, নলবাৰীৰ মাহীজনীক পানী এগিলাচ খুজিছে। মাহী সোমাই গৈছে পাকঘৰলৈ। মোৰ সমুখতে সকলো যেন শ্লো-মোচনত ঘটিবলৈ ধৰিছে – মাহীয়ে দৌৰাদৌৰিতে চিধাই গৈ অথনি দুৰ্গাই মোক উলিয়াই দিয়া গংগাজল ওৰফে ভদকাৰ বটলটোত হাত দিছে, সাঁঁফৰ খুলি গিলাচ এটাত বাকিবলৈ ধৰা পানীয়ই কুলু কুলু শব্দ কৰিছে, গিলাচটো হাতত লৈ তেওঁ মায়ামণিৰ পিনে লৱৰি গৈছে। নাই নাই…মোৰ পাপৰ কলশ ফুটিবলৈ আৰু বেছি পৰ নাই…টিভি চেনেলত ঘৈণীৰ লাইভ পিটন খোৱাৰ আগতে পলোৱাই শ্ৰেয়। হঠাতে যেন বিজুলী সঞ্চাৰিত হ’ল দুভৰিত, শহুৰ ককাৰ তাণ্ডৱ লীলাত সকলো ব্যস্ত থকাৰ সুযোগ লৈ একে দৌৰে পদূলিত থিয় কৰি ৰখা গাড়ীখন খৰধৰকৈ ষ্টাৰ্ট দিলোঁ….ভুৰুম্ ভুৰুম্ ভুৰুম্।

☆★☆★☆

8 Comments

  • ধেততেৰি, গংগাজলে নব্বৈ বছৰীয়া জনকো শক্তিমান বনাই দিব পাৰে দেখোন— হাঃ হাঃ। বঢ়িয়া লাগিল।

    Reply
    • অভিজিত মেধি

      ধন্যবাদ প্ৰণীতা বা।

      Reply
  • বকিলে কোৱাৰিত তাঁৰ লগাই গাড়ীৰ বেটাৰী চাৰ্জ কৰিব পাৰি, তামাম। পঢ়ি বহুত হাঁহিলো।

    Reply
  • হেমন্ত কাকতি

    এইটো তোমাৰ ৱান অৱ ডা বেষ্টেষ্ট অভিজিত৷ এখন পৰেশ ৰাৱালৰ মভিৰ দৰেই মস্তি লাগিল৷ ঝাকাছ!

    Reply
  • হাঁহি হাঁহি ৰব পৰা নাই৷চৌকাৰ গাখীৰ মোৰো ফাটিল পিছে হাঁহি হাঁহিহে৷তামাম লিখিছে দেই৷

    Reply
  • Jasmin ahmed

    Ha ha ..fantastic

    Reply
  • সদানন্দ ভূঞা

    গঙ্গাজলৰ শক্তি পঢ়ি বহুত হাঁহিলো ।

    Reply
  • Dipanjali Das

    Fatafati bondhu..

    Reply

Leave a Reply

Your email address will not be published.