ফটাঢোল

খন্তেকীয়া বৰলা – অভিজিত মেধি

খাই ভালপোৱা মানুহ, সেইবুলি এই পুৱাই পুৱাই কৰ্নফ্লেক্স,ওটছ্ জাতীয় বস্তু খাব নোৱাৰি আৰু দেই, তাকো এই ১১.৩০ বজাত! শ্ৰীমতী ঘৰত নাই, কিছুদিন আগেয়ে মাকৰ ঘৰত থকাকৈ গ’ল। বিবাহিত মানুহৰ জীৱনত অফিচ বন্ধ দিনত বৰলা সুখ পপীয়া তৰাৰ দৰে অকস্মাতেহে দেখা দিয়ে। এইকণ সময় সম্পূৰ্ণ আপোনমনে উপভোগ কৰিব লাগিব, যিহেতু আজি ময়ে উঠি ৰজা বহি ৰজা।

এইবুলি ফ্ৰীজটো খুলি চালোঁ, মোৰ অনুমান সঠিক আছিল। কালি গধূলিৰে পৰা বিচাৰি নোপোৱা গাড়ীৰ চাবিপাত ফ্ৰীজটোৰ ভিতৰতেই আছে। এনেকুৱা কাণ্ডবোৰৰ বাবে প্ৰায়ে মানুহজনীৰ পৰা গালি শুনো। চাবিটো দেখাৰ লগে লগে কালি গাড়ী চলাই আহি থাকোঁতে বাটত দেখা নতুন চাইনীজ ৰেষ্টুৰেণ্টখনলৈ মনত পৰি গ’ল। ক’ত আৰু নিজে কিবা বনাই থাকি সময় নষ্ট কৰোঁ, চাইনীজ নুদুল পেক কৰি লৈ অহাই ভাল। নৈশভোজনৰ চানেকি বহন কৰা হাফপেন্টটো খুলি জীনচ্ এটাকে পিন্ধিলোঁ। ৱাছিং মেচিনত দিবলৈ এসপ্তাহৰ পৰা দমাই থোৱা কাপোৰ জাপৰ পৰা খৰখেদাকৈ নীলা টি-চাৰ্টটো বিচাৰি উলিয়ালোঁ। বিচনাতলিৰ পৰা ডিওড্ৰেন্টটো বুটলি ফিছ্-ফিছ্কৈ চাৰিবাৰ কাষলতিত মাৰি ৰেষ্টুৰেণ্ট যাবলৈ সাজু। বাহিৰত পিন্ধা চেণ্ডেলযোৰ বিচাৰি নাপায় ঘৰৰ ভিতৰৰ যোৰাকে পিন্ধি ওলাই আহিলোঁ। চেণ্ডেল চেণ্ডেলেই, এযোৰ পিন্ধিলেই হ’ল, মোৰ মানুহজনীয়েহে কিয় জানো ঘৰত পিন্ধা চেণ্ডেল, বাহিৰত পিন্ধা চেণ্ডেল, বাথৰুমত পিন্ধা চেণ্ডেল ইত্যাদি ভিন্ন নামাকৰণেৰে চেণ্ডেল সমাজত ভেদভাৱ সৃষ্টি কৰিছে বুজি নাপাওঁ। ব্ৰিটিছ গ’লগৈ, মোৰ মানুহজনী থাকি গ’ল। এক্কেবাৰে বাপেকৰেই জীয়েক। অকণ মাষ্টৰৰ, মানে শহুৰ দেউতাৰ পিটি পিটি লম্বা কৰি দিব পৰা গুণ এটা আছে বুলি গোটেই অঞ্চলটোত জনাজাত। শহুৰৰ শাকনি বাৰীৰ জিকাহেন লম্বা তিতা কেৰেলাকেইটাইও যেন তাৰেই জলন্ত উদাহৰণ। শুৱনি চেহেৰা, লাজুক চাৱনিৰ গৰাকী মানুহজনীয়ে যে সময়-অসময়ে কালী মূৰ্ত্তি ধৰিব পাৰিব মই কিন্তু বিয়াৰ আগত কল্পনাই কৰিব পৰা নাছিলোঁ।

যা হওঁক, চাইনীজ ৰেষ্টুৰেণ্টৰ আগত গাড়ী ৰখাই, নুদুল পাৰ্চেলৰ অৰ্ডাৰ কৰি বৰলা বন্ধু বিজয়লৈ ফোন লগালো।

: ঐ ধদুৱা, মিছেচ মাকৰ ঘৰ গৈছে, অমৰকো লৈ আহিবি। আৰু শুন, যোগাৰ লৈ আহিবি।

আস…এই মৰাকেইটাৰ নহ’ব, আজি বোলে চিনেমা চাব, নাইট শ্ব’। যাহ্…মৰ গৈ…। নুদুলৰ টোপোলা লৈ ঘৰমুৱা হ’লো, ঘৰ গৈ গা-পা ধুই ইণ্ডিয়া-অষ্ট্ৰেলিয়াৰ খেলখনকে চোৱা যাওঁক।দুৱাৰদলিত ভৰি থমকি ৰ’ল, বাহিৰত মাইকী মানুহৰ চেণ্ডেল।

হে ভগৱান…দুদিন আগয়ে শ্ৰীমতীয়ে হোৱাটছএপ্ মেছেজত আজি আহিব বুলি কৈছিল, পাহৰি আছিলোঁ। সন্ত্ৰাসৰ শংকাই সিৰা-উপসিৰা কঁপাই গ’ল। কিছু সময় বুকুৰ ধপ্-ধপনি শান্ত হ’বলৈ দি বিন্দাচ ভংগীত ভিতৰলৈ সোমাই আহিব চেষ্টা কৰিছিলোঁহে…গুলীৰ দৰে তীব্ৰ গতিত কিবা এটাই কপালত আঘাত কৰিলেহি। উফ ৰক্ষা…মোজাহে এইপাত, ভেকেটা ভেকেটা গোন্ধটোতেই বস্তুবিধ চিনি পাইছোঁ।

: লেতেৰা মোজাযোৰ টিভিটোৰ ওপৰত কি কৰি আছে হুহঁ?

ভিতৰৰ পৰা পত্নীৰ আৰ্তনাদ।

: নহয় মানে, ৱাছিংত দিম বুলি পাহৰি গ’লোঁ।

: আচ্ছা..! আৰু লেতেৰা কাপোৰবোৰে মজিয়াত কি কাবাডী খেলি আছিল?

টি-চাৰ্ট বিচৰাৰ দৌৰাদৌৰিত কাপোৰবোৰ মজিয়াত অলপ ছেদেলি-ভেদেলি হৈছিল, তাতেই চুবুৰীয়াই শুনাকৈ চিঞৰিব লাগেনে !

: নহয় মানে……

কিবা এটা কোৱাৰ আগতেই নাকৰ বিন্ধা চুই কিবা দুটা উৰা মাৰি গ’ল। অহ্, মোৰ বাহিৰত পিন্ধা চেণ্ডেলযোৰাহে…।

: চেণ্ডেলযোৰ ভিতৰত আনিছা, তাকো ৱাছিং মেচিনৰ ওপৰত থৈ দিছা….বিকৃতি ঘটিছে তোমাৰ মগজুৰ?

এওঁৰ মাতটো ক্ৰমাৎ ভয়ংকৰ হৈ উঠিছে। কিবা এটা বুদ্ধি কৰিবই লাগিব। নাক খজুৱাওহে খজুৱাও, বুদ্ধিৰ সলনি বেলেগ কিবাকিবি বাহিৰ হয়। অৱশেষত পাশুপাত এডাল এৰিলোঁ। শেহাই শেহাই মিঠা মাত উলিয়ালোঁ।

: জান, ঘৰটো চিজিল কৰিম বুলি ভাবিছিলোঁৱেই জানানে, তাৰপিছত ভাবিলোঁ তুমিও আহি পাবাহি আৰু, গতিকে দৌৰাদৌৰিকৈ অলপ এগ নুদুল লৈ আহিলোঁ।

মানুহজনীয়ে নুদুল বৰ ভাল পায়, গুগ্লীটোৱে উইকেট বগৰাই দিলে। শ্ৰীমতীৰ অন্তৰ কুমলিল। ময়ো দাঢ়ি খুৰাই, গা-পা ধুই পৰিষ্কাৰ হৈ ডাইনিংত বহি এওঁৰ সৈতে নুদুল ভক্ষণত লাগিলোঁ।

: তুমি খীণাইছা অলপ, এইকেইদিন চাগে ভালকৈ খোৱা-বোৱা কৰাই নাই ন’। গধূলি অলপ পঠাৰ মাংস লৈ আহিবা, ভালকৈ এসাজ খাম।

এওঁৰ মুখত মিচিকিয়া হাঁহি। চল বুজি ওঁঠ দুটা ছেল্ফি ম’ডত ৰাখি দুষ্ট হাঁহি এটা মাৰিম খুজিছিলোঁ, কিন্তু সিজা চাউল আৰু বেছি সিজাবলৈ মই মূৰ্খ নহয়।

সন্ধিয়া আঠ বাজি পোন্ধৰ মিনিটৰ কথা। এওঁ পঠাৰ মাংস ভাজি আছে আৰু এই সুযোগতে মই টিভিত ছিৰিয়েলৰ সলনি ক্ৰিকেট চলাইছোঁ। তেনেতে কলিং বেল বাজিল। কোন এই অসময়ৰ আলহী বুলি বিৰক্তিৰে দুৱাৰ খুলিলোঁ।

: আব্বে ছন…চিক্-নি চামেলি হৈ আছ দেখোন বে..! আব্বে তই মাতা কাৰণে চিনেমা কেঞ্চেল, বৌ নথকাৰ ফুল ফেইডা উঠাব লাগিব আজি। বাহ, তই মাংস আনি থৈছ নেকি বে? এইয়া চা, ফুল এটা লৈ আহিছোঁ, অমৰো আহি পাবহি আৰু….আজি মেহফিল জমিব…

বৰলা বিজয় মোৰ দুৱাৰমুখত, ইমান চিঞৰি কথা কয় এইটোৱে, মাতটোও টেঙটেঙীয়া। পাকঘৰৰ পৰা কিবা এটা পৰি ভঙাৰ শব্দ ভাঁহি আহিল, তাৰপিছত যেন মস্ত এটা ব্লেংক্…..।

বন্ধৰ দিন, শ্ৰীমতীৰ আবিৰ্ভাৱ, ৰণচণ্ডী মূৰ্ত্তি, এগ নুদুল, ভালকৈ এসাজ, পঠাৰ মাংস, দুৱাৰত বৰলা বিজয়…..ইয়াৰ পিছত কি হৈছিল বাৰু? উফ, বহুত চেষ্টা কৰিও মনত পেলাব পৰা নাই কথাবোৰ। অলপ শুই লওঁ দেই, ডাক্তৰেও বেণ্ডেজ লগা মুৰটোত বেছি হেঁচা ল’ব মানা কৰিছে আৰু লগতে প্ৰেছাৰ কুকাৰজাতীয় বস্তুৰ পৰা সাৱধানে থাকিব কৈ গৈছে।

■■

8 Comments

  • উৎপল বৰা

    ৰ’ব, কিবা লিখাৰ আগতে আৰু দুবাৰমান হাঁহি লও … ! 😀

    Reply
  • মেহফিল …………জমি গ’ল………হা:হা:

    Reply
  • প্ৰমথ

    ৱাহ , মেধিৰ তীৰ্থ ভ্রমণ হৈ গল । এজুলুকা সোমৰস পান কৰি শুদ্ধ হৈ লওক

    Reply
  • হাহাহা এনেকুৱা হব লাগে

    Reply
  • তামাম হে মেধি! এইটো পঢ়িবলৈ থাকি গৈছিল ৷ বৰ ৰস পালো!

    Reply
  • ডাঙৰকৈ হাঁহিলো। কি যে উপমা–“-জিকাৰ দৰে লম্বা তিতা কেৰেলা”—
    বিজয়ৰ কি হ’লগৈ বাৰু–

    Reply
  • Monali Gogoi

    বঢ়িয়া হৈছে দাদা ।

    Reply
  • Monjit gogoi

    Tamam dise dei dada..

    Reply

Leave a Reply

Your email address will not be published.