ফটাঢোল

খুচুৰা পইচাৰ বোমা – ৰঞ্জিত হাজৰিকা

বাহিৰত মাজনিশাৰ ঘোপ মৰা অন্ধকাৰ৷ নিশাচৰ দুই-এটা নাম নজনা চৰাইৰ বিকট মাত৷ চিপচিপীয়া এজাক বৰষুণ আৰু মাজে মাজে বলি থকা বতাহছাটিয়ে নিশাটোক আৰু ৰহস্যময় কৰি তুলিছে৷ সেই ৰহস্যত ভৌতিক অনুভূতি সানি ঘৰটোৰ দ্বিতীয় মহলাৰ খোলা খিৰিকীখনৰ পৰ্দাৰ ফাঁকেৰে জান-নাজানকৈ দেখা গৈছে এটা ছায়ামূৰ্তি৷ যেন ওপৰ মহলাৰ খিৰিকীখনৰ বাহিৰৰ ফালে শূন্যতে ওপঙি আছে ছায়ামূৰ্তিটো৷ ৰাজহাড় শীতল কৰি দিব পৰাকৈ পৰিবেশটো আৰু বেছি জয়াল কৰি তুলিছে ৰৈ ৰৈ ভাহি অহা নুপূৰৰ শব্দই, ৰুণজুণ, ৰুণজুণ৷ কোনোবা অতৃপ্ত আত্মাই মাজনিশা মোৰ বেডৰুমৰ খিৰিকীৰ কাষত শূন্যতে ওপঙি এয়া নাচিছেহি৷ কি ঠিক, কোনোবা নৃত্য পটিয়সীৰে কিজানি আত্মা এয়া! কি ভয়ংকৰ সেই নিশাটো! হ’ৰৰ ছবি এখনৰ বাবেতো এয়া আদৰ্শ দৃশ্যপট৷ হয়, এই ভূতটোক আমি এনিশা এনেকৈয়ে লগ পাইছিলো৷ ক’ত পাইছিলো লগ? ওহোঁ নহয়, সাধাৰণতে ভৌতিক চিনেমাত দেখুওৱাৰ দৰে কোনো আওহতীয়া ঠাইৰ প্ৰাচীন ডাক বঙলাত নহয়৷ এইটো ভূতৰ সৈতে আমাৰ সাক্ষাৎ হৈছিল গুৱাহাটীৰে ৰাজগড় অঞ্চলৰ জনবহুল এক কংক্ৰিটাৰণ্যত৷ ১৭ বছৰমানৰ আগতে লগ পোৱা এইটো ভূতে মোক আজিও মাজে মাজে খেদি ফুৰে বিশেষ কিছুমান পৰিস্থিতিত৷
সেই ভৌতিক নিশাটোলৈ ঘূৰি আহিছো৷ সেই নিশা বৃত্তিগত ব্যস্ততাৰ বাবে ঘৰলৈ উভতিছিলো নিশা ১২ বজাৰ কিছু সময়ৰ পিছত৷ ঘৰত পত্নী  অকলে আছিল৷ তেওঁ অৱশ্যে সেইদৰে অকলে থাকিবলৈ সমূলি ভয় নকৰে৷ “প্ৰাচীন মৌজাদাৰৰ কন্যা”ৰ হেনো কলিজা ডাঙৰ! শ্ৰীমতীয়ে নিজৰ বিষয়ে নিজেই কয় সেইদৰে৷ গতিকে তেওঁ অকলে থকাটোক লৈ মই কোনোদিনে চিন্তা কৰিবলগীয়া হোৱা নাই৷ ভাত-পানী খাই শুই থাকিলো৷ গৰমৰ দিন হ’লেও চিপচিপীয়া বৰষুণৰ আমেজ আৰু খোলা খিৰিকীৰে বৈ অহা বতাহছাটিয়ে মোক কম সময়ৰ ভিতৰতে লৈ গ’ল টোপনিৰ কোলালৈ৷ শ্ৰীমতীৰ টোপনি অহা নাছিল৷ প্ৰায় এঘণ্টামানৰ পিছত তেওঁ ছয়াময়াকৈ দেখিছিল ছায়ামূৰ্তিটো৷ শুনিছিল নুপূৰৰ ৰুণজুণ শব্দও৷ “ডাঠ কলিজাৰ মৌজাদাৰৰ কন্যা”ই মোক জগোৱা নাছিল৷ দুৰ্দান্ত সাহসেৰে নিজেই আগুৱাই গৈছিল খিৰিকীখনৰ ৰহস্যৰ মাজলৈ৷ তাৰপিছত? খিৰিকীখনৰ বাহিৰত শ্ৰীমতীয়ে দেখিছিল কিচকিচকৈ ক’লা এখন মুখ৷ সেই আন্ধাৰতো জিলিকি আছিল ছায়ামূৰ্তিটোৰ বগা দাঁতবোৰ৷ ইয়াৰ পিছত হয়তো শ্ৰীমতীৰ সেই “প্ৰাচীন মৌজাদাৰী ডাঠ কলিজা” জই পৰি গৈছিল৷ তেওঁৰ মুখৰ অস্ফুট গেঙণি আৰু কাণৰ কাষতে বোমা ফুটাৰ দৰে এটা শব্দত সাৰ পাইছিলো মই৷ জাঁপ মাৰি বিছনাৰপৰা নামোতেই ভৰিত অনুভৱ কৰিছিলো শীতল এক ধাতৱ স্পৰ্শ৷ কিছু সময় লাগিছিল যদিও শ্ৰীমতী স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল৷ একে সময়তে ভৰিত অনুভৱ কৰা শীতল ধাতৱ স্পৰ্শৰ উৎসও মই বুজি উঠিছিলো৷ ৰুমটোৰ মজিয়াখন ভৰি আছে বিক্ষিপ্তভাৱে সিঁচৰতি হৈ থকা ভঙা পইচাৰে৷ শ্ৰীমতীৰ মুখৰপৰা শুনা কথাখিনি, খোলা খিৰিকীখনৰ পজিচনটো আৰু মজিয়াত পৰি থকা ভঙা পইচাবোৰৰ মাজত যোগসূত্ৰ স্থাপন কৰি ভূতৰ ৰহস্য ভেদ কৰিবলৈ মোৰ বেছি সময় নালাগিল৷ আচলতে সেই খিৰিকীখনৰ কাষতে এখন টেবুলত আছিল খুচুৰা পইচা জমা কৰা এটা মাটিৰ টেকেলি৷ সদায় খুচুৰা পইচা ভৰাওঁতে ভৰাওঁতে টেকেলিটো যথেষ্ট গধুৰ হৈ আহিছিল৷ মাজে মাজে সেইটো দাঙি চাই মনটো ভালো লাগিছিল, আমিয়েই জমা কৰিলোনে অতবোৰ খুচুৰা পইচা? এই টেকেলিটোকে “টাৰ্গেট” কৰি সেই মাজনিশা পানীৰ পাইপ বগাই খিৰিকীখনৰ কাষ পাইছিলহি ভূতৰূপী এটা চোৰ৷ ভাগ্যই হাততে ধৰা দিলেও সেইদিনা হয়তো গুৰু প্ৰসন্ন নাছিল তাৰ৷ খিৰিকীৰে হাত সুমুৱাই টেকেলিটো ঠিকেই ধৰিলে সি, কিন্তু গ্ৰীলৰ মাজেৰে কোনোপধ্যে সৰকাই বাহিৰলৈ নিব পৰা নাই কুবেৰৰ ভাণ্ডাৰটো৷ এবাৰ সোঁফালে বেঁকা কৰে, আনবাৰ বাঁওফালে৷ মুঠতে চোৰৰ মগজুত থকা জ্যামিতিৰ সমস্ত কলা-কৌশলেও খুচুৰা পইচাৰ টেকেলিটোক আমাৰপৰা বিচ্ছিন্ন কৰিব পৰা নাই৷ টেকেলিটোৰ ভিতৰৰ খুচুৰা পইচাবোৰে কেৱল সৃষ্টি কৰি গৈছে নুপূৰৰ ৰুণজুণ ৰুণজুণ৷ ঠিক এইখিনি সময়তে শ্ৰীমতী আগবাঢ়ি গৈছিল খিৰিকীখনৰ কাষলৈ৷ লগে লগে চোৰে হাতৰপৰা এৰি দিছিল মাটিৰ টেকেলিটো আৰু চকুৰ পচাৰতে নিজে পাইপেৰেই চুঁচৰি নামি গৈছিল তললৈ৷ পকা মজিয়াত পৰি ভাঙি যোৱা মাটিৰ টেকেলিটোৱে মাজনিশাৰ নিৰ্জনতা থানবান কৰি মোৰ কাণৰ কাষতে সৃষ্টি কৰিছিল বিস্ফোৰণৰ দৰে শব্দটো৷ বোমাৰ স্প্লিণ্টাৰৰ দৰে চাৰিওফালে চিটিকি পৰা খুচুৰা পইচাবোৰে শব্দটোক অধিক প্ৰাবল্য দিছিল৷ স্বৰূপাৰ্থত মজিয়াত পৰি ৰোৱা সেই খুচুৰা পইচাবোৰেই মোৰ ভৰি দুখনক দিছিল ধাতৱ শীতল অনুভূতিটো৷ লাইট-চাইট জ্বলাই তললৈ যাওঁ মানে পাইপেৰে তললৈ নামি চোৰ কোন মুলুক পাইছিলগৈ ঠিক নাই৷ মনতে ভাবিছিলো, পাই হেৰুওৱাৰ বেদনা কিমান ভয়ংকৰ, সেইটো ভূতৰূপী চোৰটোতকৈ ভালকৈ কোনে বাৰু বুজিব! বেচেৰাটো! তাৰ পিছত আৰু আমাৰ শোৱা নহ’ল৷ শ্ৰীমতীয়ে ঝাৰু এটা আনি গোটাই দিয়া খুচুৰা পইচাবোৰ গণি থাকোতেই কিছু দূৰৰ মছজিদৰপৰা পুৱাৰ আজানৰ শব্দ ভাহি আহিছিল৷ মনত আছে, ভঙা টেকেলিটোৰপৰা ২৮৬০ টকা পাইছিলো৷
(প্ৰাসংগিক কিছু ব্যক্তিগত চিন্তা : এচাম বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰ অভিযোগ অথবা উৎকোচ লওঁতে ধৰা পৰাৰ অন্তহীন বাতৰি আমালৈ সদায়ে আহি থাকে৷ এনে বাতৰিৰ মাজত মই মাজে মাজে সেই ভূতৰূপী চোৰটোক যেন দেখিবলৈ পাওঁ৷ এই যে দুৰ্নীতিগ্ৰস্ত মানুহবোৰে কোনো পৰিশ্ৰম নকৰাকৈ আলাসতে টকা-পইচা এসোপা গোটাই সমাজত বৰ মানুহৰ ভাও জুৰি থাকে, এইবোৰ মানুহতকৈ সেই চোৰটোৰ স্থান দেখোন বহুত ওপৰত৷ খুচুৰা পইচাৰ টেকেলিটোৰ বাবে মাজনিশা পাইপ বগাই ওপৰলৈ উঠি সেইটো সৰকাই নিবলৈ সিটো কম পৰিশ্ৰম কৰা নাছিল! মাজনিশাৰ ইমানখিনি শ্ৰমৰ বিনিময়ততো মজুৰি হিচাপে সেইখিনি প্ৰাপ্যই আছিল তাৰ! সেই মুহূৰ্তত লগ পোৱা হ’লে মই কিজানি খুচুৰা পইচাখিনি বেচেৰাটোক দিয়েই দিলোহেঁতেন! Yes he deserved that)
☆★☆★☆

5 Comments

  • বৰ ৰসাল উপস্থাপন। প্ৰাসংগিক। ভাল লাগিল।

    Reply
  • Rintumoni Dutta

    উপস্থাপন শৈলী বৰ ৰসাল। আপোনাৰ লিখা এইখন প্লেটফৰ্মত পঢ়িবলৈ পাই নথৈ সুখী হ’লো দাদা

    Reply
  • ঋতুপৰ্ণা

    বৰ ভাল লাগিল

    Reply
  • S S Dutta

    ভাল লাগিল৷আপুনি যেন কথাহে পাতি আছিল আমাৰ সৈতে!

    Reply

Leave a Reply

Your email address will not be published.