ফটাঢোল

খেতিয়ক নে বুৰ্বক – প্ৰণৱ সিংহ

কৃষি সৰ্ম্পকীয় কামৰ বাবে মাজে সময়ে বিশ্বনাথ চাৰিআলিলৈ যাব লগা হয়। ২০ মে’ তাৰিখে যাব লগা হ’ল। নগাঁৱত ট্ৰেভেলাৰত বহি ৰৈ আছোঁ । মানুহ গাড়ীখনত খুব কম । বাহিৰৰ পৃথিৱীখন মুকলিকৈ চাবলৈ কাষৰ খিৰিকীৰ ছিটটোকে বাছি ল’লোঁ। কিছু সময়ৰ পাছত হুৰমুৰকৈ ছোৱালী এজনী আহি কাষতে বহিলেহি! মন ম্যেয় লাড্ডু ফুটা। বোলো বেটা প্ৰণৱ, দিন ভাল তোমাৰ !

ওহোঁ, খৰখেদা নকৰি লাহে লাহে আগবাঢ়। চকুৱে চকুৱে পৰাত বৰ ধুনীয়া কৈ মিচিকিয়াই দিলে। ভয় লাগিল , ধুনীয়া হাঁহিটো মাৰি মোৰ ছিটটো নিবিচাৰেতো! ছোৱালীবোৰে কিবা এটা ক’লে না ক’বলৈ মনটোৱে বৰ কষ্ট পায়। কিন্তু নাই নিবিচাৰিলে ছিটটো। মোৰ ফালে নোচোৱা হ’ল। বোলো চালেই হাই বুলি এইবাৰ কথা আগবঢ়াম । কিন্তু মোৰ ফালে নোচোৱাই হ’ল দেখোন! অৱশেষত গড়কাপ্তানী বিভাগৰ কৃপাত সম্ভৱ হ’ল যেনিবা। গাড়ী খন গাঁতত পৰাত ছোৱালীজনীৰ হাতত থকা বেগটো মোৰ ভৰিত পৰিল। তুলি দিয়াত চ’ৰি, থেংক ইউ দুইটাই ক’লে।

মই বোলো একো নাই । মনতে ভাবিলোঁ- “বেটা আৰম্ভ কৰ। ক’লৈ যাব বুলি সোধ।” ৰ’ব, নামটোৱে সোধা নাই আপোনাৰ ? ভালেই আজি কাষৰ ছিটত আপোনাক পালোঁ । চামগুৰি লৈ আপুনিৰ পৰা ইতিমধ্যে তুমি ক’ব পৰা হৈছোঁ। কথা-বতৰা ভালদৰেই আগবাঢ়িছে। শিক্ষকতা কৰে। নতুনকৈ সোমাইছে। মই কি কৰোঁ জানিব খোজাত খেতিয়ক হিচাপে পৰিচয় দিলোঁ। ছোৱালী জনীৰ মুখৰ পৰা “অহ” মাত্ৰ ওলাল।

ম’বাইলটো লৈ পিটিকিবলৈ আৰম্ভ কৰিলে। কথা পাতিব খোজাত অন্যমনস্কতাৰে ম’বাইল টিপাত ব্যস্ততা দেখুৱালে। তাৰ পাছত আৰু কথা পতা নহ’ল বহু সময়। কলিয়াভোমোৰা পোৱাৰ ৫ মিনিটমানৰ আগত কলিকতাৰ নতুনকৈ চিনাকি হোৱা ফেচবুকৰ বন্ধু এজনে ফোন কৰিলে। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য, গঁড়, ভোট জলকীয়াৰ প্ৰতি বিশেষ আগ্ৰহ আছে। অসমলৈ এবাৰ আহিব খোজে। গাড়ীত ফুৰিলে ফোনত সাধাৰণতে বেছি সময় কথা নাপাতোঁ। কলিকতাৰ বন্ধু জনকো ইংৰাজীতে গাড়ীত আছোঁ, বেয়া নাপাব, মই পিছত ফোন কৰিম বুলি ফোনটো কাটি দিলোঁ। খেতিয়কৰ মুখত ইংৰাজী শুনি কাষৰ ছোৱালীজনীয়ে যে আগ্ৰহ প্ৰকাশ কৰিব সেয়া ঠিকেই অনুমান কৰিছিলোঁ। কিবা এটা ক’ব খুজিছিল, কিন্তু তেতিয়া মোৰ চকু কেৱল ব্ৰহ্মপুত্ৰৰ বিশালতা লৈহে! কলিয়াভোমোৰা পাৰ হোৱাৰ পাছতে মোক সুধিলে কি খেতি কৰোঁ মই? কেতিয়াৰ পৰা কৰোঁ? প্ৰশ্ন কেইটাৰ উত্তৰ পাই চাৰিআলি পোৱাৰ আগত মোক সুধিলে ফেচবুক কৰোঁ নেকি মই?

মই: ফেচবুক নকৰোঁ, মই খেতিয়ক! খেতি হে কৰোঁ।

আশা

নদীৰ কাষৰ শিল এটাত প্ৰায়ে বহোঁগৈ। নদীৰ বিশালতাৰ সন্মুখত নিজকে ক্ষুদ্ৰ যেন লাগে। কিন্তু এই ক্ষুদ্ৰতাই মনত শক্তি দিয়ে, নদীৰ দৰে বিশাল হ’বলৈ। আজি বতৰ ডাৱৰীয়া। ঠাণ্ডা বতাহ বলি আছে। অলপ আওহতীয়া এই ঠাইখিনি ৰাস্তাৰ পৰা। সেয়েহে কোনো নাহেই এই ফাললৈ। অলপ দূৰত এজন মাছমৰীয়াই মাছ মাৰি আছিল। নদীখনৰ কাষত মাছমৰীয়াজনক মাছ মাৰি থকা প্ৰায়ে দেখোঁ। বাৰে বাৰে খেৱালি জাল নদীৰ বুকুত মাৰিছে, আজি কিন্তু এবাৰো মাছ অহা নাই। এবাৰ দ-পানীত, এবাৰ বাম পানীত জাল পেলাইছে ন ন ভংগীত। মাছমৰীয়াজনে সঁচাকৈ আকৰ্ষিত কৰিলে। মাছ মৰাৰ ন ন ভংগীৰ কাৰণে নহয়, মাছ নাপাই ও মাছ মাৰিবলৈ নেৰাৰ বাবেহে! হাবিখিনি পাৰ হৈ মাছমৰীয়াজনৰ কাষ পালোঁগৈ!

ল’ৰা: খুড়া মাছবোৰ গুছি গ’ল আজি।

মাছমৰীয়া: তাকেই আজি মাছেই অহা নাই।

ল’ৰা: কেতিয়াবা মাছ নাপাই ঘৰলৈ খালি হাতে যাব লগা হৈছেনে?

মাছমৰীয়া: কেতিয়াও নাই ।

ল’ৰা: তাৰমানে আজিও মাছ পাবই!

মাছমৰীয়া: পামেই !

ল’ৰা: ইমান বিশ্বাস কেনেকৈ ?

মাছমৰীয়া: মনৰ কথা !

ল’ৰা: !

ল’ৰাঃ এইবাৰো নাহিল মাছ!

মাছমৰীয়াঃ কোনো কথা নাই। আকৌ পেলাম জাল। কি জানা ভাইটি, আমাৰ দৰে মাছমৰীয়াই জাল পানীত পেলালে আশাবোৰ সদায় বাঢ়ি যায়। সৰু মাছ লাগিলে আশা আৰু বাঢ়ে, কিজানি পিছৰ বাৰ আগৰ বাৰতকৈ ডাঙৰ মাছ লাগে! সেই আশাতেই বাৰে বাৰে জাল পানীত পেলাওঁ।

ল’ৰা: মাছ নাহিলে?

মাছমৰীয়া: হাঃ হাঃ মাছ নাহিলে আশা আৰু বাঢ়ে হে!

ল’ৰা: কেনেকৈ ?

মাছমৰীয়া: মাছে মাছমৰীয়াক জীয়াই নাৰাখে নহয়। আশাই হে আমাক জীয়াই ৰাখিছে৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.