ফটাঢোল

খেল – দ্য টুইষ্ট – ৰিন্টুমণি দত্ত

– ওৱান ক্লাবচ
– ওৱান হাৰ্টজ
– টু ক্লাবচ
– টু হাৰ্টজ
– ডাবোল
– ৰি-ডাবোল

হাৰ্টজৰ এক্কাটো প্ৰথম ডীলত খেলি মাণিক দাইটিয়ে বিড়ি এটা জ্বলাই ল’লে। প্ৰথম খেলতে বিপক্ষ অৰ্থাৎ মোৰ আৰু ধনদাৰ হাতৰ পৰা ওলাই গ’ল হাৰ্টজৰ চাহাব আৰু গোলাম। ডাবোল দি জ্ঞানীৰ কাম নকৰিলোঁ নেকি! বিড়িটোত দীঘলকৈ টান এটা মাৰি মাণিক দাইটিয়ে ইস্কাপনৰ এক্কাটো খেলিলে চেকেণ্ড ডীলত। ধনদাই মোলৈ পোন্দোৱাকৈ চালে, ডাবোল দিয়াৰ কাৰণে তেওঁৰ খঙ উঠিছে।

কলেজ শেষ কৰাৰ কিছুদিনৰ পিছতে চাকৰিত সোমালোঁ, গাঁ‌ৱৰ ঘৰৰ পৰাই অহা-যোৱা কৰোঁ। চাকৰিৰ পৰা আহি সন্ধিয়া সদায় মাণিক দাইটিহঁ‌তৰ ঘৰত কণ্টেক্ট ব্ৰীজ খেলিবলৈ বহোঁ‌। সদস্য সদায় একেই কেইজনেই – ধনদা আৰু মই পাৰ্টনাৰ, বিপক্ষত মাণিক দাইটি আৰু মহেন দাইটি । আটাইকেইজনতকৈ সৰু সদস্য মই, মাণিক দাইটি আৰু মহেন দাইটিয়ে ইতিমধ্যেই বৃদ্ধ পেঞ্চন পাইছে। মোৰ ব্ৰীজৰ পাৰ্টনাৰ ধনদাও মোতকৈ প্ৰায় পোন্ধৰ বছৰমান ডাঙৰ। সৰুৰে পৰাই মই লগৰ সমনীয়াখিনিতকৈ বয়োজ্যেষ্ঠসকলৰ লগতহে আড্ডা মাৰি বেছি ভাল পাওঁ‌। ব্ৰীজ খেলাৰ ক্ষেত্ৰতো একেটা কথাই খাটে।

খেলৰ মাজতে মাণিক দাইটিৰ সৰুজনী ছোৱালীয়ে আমাক ৰঙা চাহ একোকাপ দি গ’লহি। দাইটিৰ ল’ৰা তিনিটা, ছোৱালী দুজনী। তিনিওটা ল’ৰাই বিয়া-বাৰু পাতি চাকৰি সূত্ৰে ঘৰৰ পৰা বাহিৰত থাকে, ডাঙৰ জনী ছোৱালীকো বিয়া দিলে। খুৰী ঢুকোৱা চাৰিমাহমান হৈছে। এতিয়া ঘৰত মানুহ বুলিবলৈ মাত্ৰ দাইটি আৰু ডিগ্ৰীত পঢ়ি থকা সৰু জীয়েকজনী।

চাহ খাই থাকোঁতেই হঠাৎ কাৰেণ্টটো গ’ল। কাৰেণ্ট যোৱা মানেই আমাৰ খেলৰ আধাতে সামৰণি হয় সদায়। কিয়নো আমাৰ প্ৰতিপক্ষ, মাণিক দাইটি আৰু মহেন দাইটিৰ কোনোজনেও লেম্পৰ পোহৰত কাৰ্ড মণিব নোৱাৰে। আৰু গাঁ‌ৱত কাৰেণ্ট যোৱা মানেই দুঘণ্টালৈ বাট চোৱা। চাহত শেষ সোহাটো মাৰি ধনদা আৰু মই উঠিবলৈ ললোঁ।

তেনেতে মাণিক দাইটিয়ে মোক উদ্দেশ্য কৰি ক’লে,
– সোনটো,অকণমান ৰ’বিচোন। কথা এটা পাতিব আছে তোৰ লগত।

মাণিক দাইটিৰ কাৰণে গাঁ‌ৱৰ সকলো বৰলা ল’ৰা ‘সোনটো’ আৰু সকলো ছোৱালী ‘মাজনী’, সকলোকে সেই দুটা নামেৰেই মাতে। সদায় একেলগে ব্ৰীজ খেলোঁ যদিও দাইটিয়ে যে মোৰ প্ৰকৃত নামটো নাজানে, সেইবিষয়ে মোৰ তিলমানো সন্দেহ নাই।

ধনদা গ’লগৈ, মাণিক দাইটিয়ে আকৌ বিড়ি এটা জ্বলাই আমাক ঘৰৰ নঙলামুখলৈ লৈ গ’ল।

নুমাই যোৱা বিড়িটো পুনৰ জ্বলাই দাইটিয়ে আমাৰ দুজনক প্ৰায় টানি অনাৰ দৰে কাষৰ ৰেব খুড়াহঁ‌তৰ ঘৰৰ সন্মুখ পোৱালেহি। দাইটিৰ বিড়িটো টনাৰ গতিতে মই অনুমান কৰিলোঁ যে ঘটনা কিবা বিষম।

মাণিক দাইটি আৰু ৰেব খুড়াহঁ‌তৰ ঘৰৰ দুয়োটা পদুলিৰ মাজৰ “ন’ মেন্স লেণ্ড” খিনিত ৰৈ দাইটিয়ে ইফালে সিফালে মানুহ চাই প্ৰায় ফুচফুচাইয়ে কোৱা আৰম্ভ কৰিলে – সোনটো, অহা দেওবাৰে তোৰ চাকৰিত যাব লগা আছে নেকি?

“নাই দাইটি, শনিবাৰ আৰু দেওবাৰে মোৰ ছুটী থাকে।”

“সজ সজ। এই মহেনে ছোৱালী এজনীৰ খবৰ আনিছে, মেলেঙৰ ছোৱালী। অহা দেওবাৰে ছোৱালী চাবলৈ তিনিজন যাম বুলি ই খবৰো পঠিয়ালে। তেনে ব’ল, অহা দেওবাৰে তিনিওটাই গৈ ছোৱালীজনী চাই আহোঁ।”
বিড়িত শেষ টানটো মাৰি মাণিক দাইটিয়ে মোক উদ্দেশ্যি ক’লে। মহেন দাইটিৰ মুখত তেতিয়ালৈ এটা শব্দও নাই।

চাকৰিত সোমোৱা মোৰ তেতিয়া চাৰিবছৰ হৈছেহে। আমাৰ পৰিয়ালটোৰ দাদা বাইদেউ সকলোৱে সংসাৰ কৰিলে যদিও ঘৰত মোৰ বিয়াৰ কথা ঘুণাক্ষৰেও উলিওৱা নাই। অৱশ্যে কলেজত মোৰ লগৰ কেইবাজনীও ছোৱালীৰ ইতিমধ্যে বিয়া হৈছে, কলেজৰ দিনৰ পৰাই প্ৰেমত পৰি থকা লগৰ ল’ৰা দুটায়ো তেতিয়ালৈকে বিয়া পাতিছে।

থমক মাৰি দাইটিৰ প্ৰস্তাৱটো এবাৰ ভাবিলোঁ, সোনকালে বিয়া পতাটো ভাল কথা। ল’ৰা-ছোৱালী ডাঙৰ হোৱালৈ বুঢ়া হৈ যাম বুলি ভয় নাথাকে। ৰাজস্থান-গুজৰাটৰ ফালৰ ল’ৰাবোৰেতো বিছ একৈশ বছৰ বয়সতে বিয়া পাতে। দাইটিৰ প্ৰস্তাৱটো সেইয়ে পচন্দ হ’ল, যি নহওক ঘৰৰ মানুহে চিন্তা নকৰিলেও অন্ততঃ মাণিক দাইটিয়ে মোৰ কথা চিন্তা কৰিছে।

মনে মনে অলপ ভয়ো লাগিল, ঘৰৰ অজ্ঞাতে এইবোৰ কামত যোৱা ভাল হ’ব জানো! ঘৰত গম পালে কিজানি গালিও দিয়ে। সাহস অলপ গোটাই মাণিক দাইটিক ক’লো – “ঠিক আছে দাইটি, যাম। কিন্তু সদ্যহতে বেলেগ কাকো একো নক’ব। দৰকাৰ হ’লে পিছে-পৰে ক’ম বেলেগক।”

ইমান দেৰি এটা শব্দও উচ্চাৰণ নকৰা মহেন দাইটিয়ে এইবাৰ ফুচফুচাই মাত লগালে – “হ’ব, এতিয়াই কাকো ক’ব নালাগে।পচন্দ হয় যদি পিছত কলেই হ’ল।”

সিদ্ধান্ত হ’ল, দেওবাৰে দহবজাত মহেন দাইটি আৰু মাণিক দাইটি গৈ তিনি-আলিৰ ওচৰৰ ৰজতৰ দোকানতে ৰ’ব। তাৰপৰা মই দুয়োজনক গাড়ীত উঠাই লৈ যাম। গাঁ‌ৱৰ পৰা তিনিওজন একেলগে গাড়ীত ওলাই যোৱা দেখিলে দহজনে দহটা প্ৰশ্ন কৰিব পাৰে, সেই প্ৰশ্নবোৰৰ পৰা আঁ‌তৰি থাকিবলৈ মহেন দাইটিৰ এই কিটিপ।

ঘৰলৈ ঘুৰি আহি ভাতমুঠি খাই সোনকালে বিচনাত পৰিলোঁ, মনত এশ এবুৰি চিন্তা। কি পিন্ধি যাম, ছোৱালীজনীক কি কি প্ৰশ্ন সুধিম, যদি পচন্দ হয় তেন্তে ঘৰত আহি কি বুলি কথাটো উলিয়াম ইত্যাদি ইত্যাদি। হাতত দিন বুলিবলৈ মাথো দুটা।

পিছদিনা দহটামান বজাত গাড়ীখন লৈ আমাৰ গাঁ‌ৱৰ পৰা প্ৰায় ত্ৰিছ কিলোমিটাৰ আঁতৰৰ শিৱসাগৰ টাউনলৈ যাত্ৰা কৰিলোঁ – উদ্দেশ্য নতুন পেণ্ট-চাৰ্ট এযোৰ কিনা। ‘অপ্সৰা’ত সোমাইয়ে চিনাকি চেলচমেনজনক নতুন ডিজাইনৰ পেণ্ট-চাৰ্ট এযোৰ দেখাবলৈ ক’লোঁ। সিয়ো নতুন ডিজাইনৰ ‘চিক্স পকেট’ পেণ্ট এটা উলিয়াই দিলে। এইটো ষ্টাইলৰ পেণ্ট তেতিয়ালৈ পিন্ধি পোৱা নাই যদিও মোৰ কৰ্মস্থলীৰ চিনিয়ৰ ৰজনীদাক এনেকুৱা এটা পিন্ধি সাংঘাতিক চাল এটা দি থকা প্ৰায়েই দেখোঁ। বহুত বাচ-বিচাৰ কৰাৰ পিছত খাকী কাপোৰৰ ‘চিক্স পকেট’ পেণ্ট এটা আৰু পিটাৰ ইংলেণ্ডৰ ব্লেক টি-চাৰ্ট এটা বাচি লৈ কাউণ্টাৰত বিল দিলোঁহি, ২১৯৯ টকা। গাটো অলপ হমহমাইছিল, কিন্তু উপায় নাই। জীৱনত প্ৰথমবাৰ ছোৱালী চাবলৈ যাব ওলাইছোঁ, টকা ২২০০ নো কি! তাতে মেলেঙ অঞ্চলটো যোৰহাট চহৰৰ উপকণ্ঠীয় অঞ্চল, গতিকে আমি চাবলৈ যোৱা ছোৱালীজনী অলপ টাউনীয়া হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পইচা হাতৰ মলি বুলি ভাবি তাৰপৰা ওলাই আহিলোঁ।

গাড়ীখন ষ্টাৰ্ট কৰি তলাতল হোটেলৰ ওচৰ আহি পাওঁ‌তেই হঠাৎ চকুত পৰিল “শ্যাম জেণ্টচ বিউটি পাৰ্লাৰ”। স্বয়ংক্ৰিয়ভাৱে গাললৈ হাতখন গ’ল। চেহ, চাৰিদিনৰ আগতে দাড়ি কাটিছিলোঁহে, আকৌ ওলালেই দেখোন। এইবোৰ কামত এমুখ দাড়ি লৈ গ’লে ভাল নালাগিব, গাড়ীখন পাৰ্ক কৰি সোমাই গ’লো পাৰ্লাৰখনলৈ। তেতিয়ালৈ পাৰ্লাৰত দাড়ি-চুলি কাটি পোৱা নাছিলোঁ । দাড়ি-চুলি কাটিব লগা হ’লে আগতে দৌৰিছিলো আমাৰ গাঁ‌ৱৰ তিনিআলিৰ মূৰত থকা ‘বুঢ়া নাপিত’ৰ চেলুনলৈ। বুঢ়া নাপিত জীয়াই থাকোঁতে ঘৰে ঘৰে গৈ পীৰা এখনত বহাই দাড়ি-চুলি কাটিছিল। বুঢ়া নাপিত ঢুকোৱাৰ পিছত তেওঁৰ নাতিয়েক শম্ভুৱে তিনিআলিৰ মূৰতে চেলুন এখন খুলিলে। বুঢ়া নাপিতে খুৰেৰে কাটিছিল দাড়ি, পীৰাত বহাই। নাতিয়েকে এতিয়া চেলুনৰ চকীত বহাই প্ৰথমে গালত পানীৰ ফিচকাৰি মাৰি ব্লেডেৰে দাড়ি কাটে। মই তাৰ প্ৰিমিয়াম কাষ্টমাৰ, কিয়নো মই সপ্তাহত দুদিন তাৰ চেলুনলৈ যাওঁ‌। দাড়ি কটাৰ পিছত তাৰ হতুৱাই গাটোও মালিচ কৰাওঁ। কেতিয়াবা ফ্ৰীতে মালিচ কৰি দিয়ে, কেতিয়াবা দহ টকা লয়।

পাৰ্লাৰখনত সোমাইয়ে মোৰ চকু একেবাৰে ঠিয় হৈ গ’ল, গোটেইখন ইলাহী কাৰবাৰ দেখোন। চাৰিওফালে মিৰ’ৰ (শম্ভুৰ চেলুনত ডেৰফুট বাই ডেৰফুট এখনেই আইনা), মাজতে কেইখনমান বেঁ‌কা হৈ যোৱা চকী। চুলি-দাড়ি কটা মানুহবোৰো সুন্দৰকৈ ইউনিফৰ্মত। চকী এখনত বহি এজনক দাড়ি কেইডাল কাটিবলৈ ক’লো। সুন্দৰ বগা টাৱেল এখন মোৰ ডিঙিত পেলাই সি প্ৰথমে ফিচফিচকৈ গোটেই গালত পানী মাৰিলে, তাৰপিছত মুখত কিবা ক্ৰীম সানি দহ মিনিট মালিচ কৰি সুধিলে – “চাৰজী, ফ’ম লগাওঁ‌ য়া ক্ৰীম?”

শম্ভুৰ তাত এই ফ’ম বোলা বস্তুবিধৰ নাম শুনা নাই কেতিয়াও। কিনো বস্তু চোৱা যাওক বুলি তাক সেইটোকে লগাবলৈ ক’লোঁ। বটল এটা কেইবাবাৰো জোকাৰি ল’ৰাজনে তাৰপৰা চাবোনৰ ফেন এসোপা উলিয়াই গালত ঘঁ‌হি প্ৰায় আধাঘণ্টামান লগাই দাড়িখিনি কাটি দিলে। দাড়ি কাটি শেষ কৰি নাপিতজনে সুধিলে – “চাৰজী, লগতা হেই কাফি দিন চে ফেচিয়েল নেহি কৰায়া আপনে, স্কীন পূৰা গণ্ডা হো’ গয়া হেই। এক ক্লীন-আপ হি কৰৱা লো। স্কীন পে একদমচা ৰৌ’নক আ জায়েগা।”

তেতিয়ালৈ ফেচিয়েল -ক্লিন আপ জাতীয় বস্তু মোৰ গালখনে দেখি পোৱা নাছিল। শম্ভুৰ চেলুনত দাড়ি কটাৰ পিছত ৰঙা চাবোন এটুকুৰা গালত ঘঁ‌হি দিয়ে, দুঘণ্টামানলৈ গালখন বগা দেখি থাকে। প্ৰথমবাৰৰ বাবে এনেকুৱা কামত যাব ওলাইছোঁ, গতিকে ভাবিলো “স্কীনত অলপ ৰৌ’নক” আনিয়েই যাওঁ‌। চকীখন হেলনীয়া কৰি লৈ সি মোৰ মুখত তিনিবাৰমান কিবা-কিবি ঘঁ‌হি কোমল কঁ‌পাহেৰে গালখন মচি দিলে। প্ৰায় ডেৰ ঘণ্টা সময় ‘পাৰ্লাৰ’ত কটাই চাৰে চাৰিশ টকা বিল দি তাৰ পৰা ওলালোঁ। পইচানো কি, হাতৰ মলিহে। ভাল কামত যাওঁ‌তে দুই এটকা খৰচ হ’বই।

অৱশেষত সেই বহু আকাংক্ষিত ‘দেওবাৰ’টো আহি পালে। পুৱা সাতটাতে উঠি গাড়ীখন ধুলোঁ। নটা বজাত পাতলীয়াকৈ পঁ‌ইতা ভাত কেইটামান খাই ‘চিক্স পকেট’ পেণ্ট আৰু পিটাৰ ইংলেণ্ডৰ টি-চাৰ্ট পিন্ধি মই তিনিআলিৰ মূৰত হাজিৰ গাড়ী লৈ। মোতকৈও আগত আহি তাত ৰৈ আছে মাণিক দাইটি আৰু মহেন দাইটি। মই তাত গাড়ী ৰখোৱাৰ লগে লগে মহেন দাইটিয়ে পূৰ্বপৰিকল্পনা মতে সুধিলে,
“বোপাই, তই টাউনলৈ যাবি নেকি? আমাৰ দুটাকো লৈ যা অ’। টাউনত কাম এটা আছিল।”

“হ’ব, বহক দাইটি” বুলি কৈ মই লাহেকৈ গাড়ীৰ দৰ্জা খুলি দিলোঁ। মাণিক দাইটি মোৰ লগত আগৰ চিটত, মহেন দাইটি পিছৰ চিটত। গাড়ী দুইমিনিটমান চলাৰ পিছতে মাণিক দাইটিয়ে চুৰিয়াখন আঠুৰ গুৰিলৈ কোঁ‌চাই ভৰি কেইটা আগফালৰ ডেচবোৰ্ডত তুলি বিড়ি এটা জ্বলাই ল’লে। বুজি পালো, দাইটিক কৈ লাভ নাই। গতিকে এচিটো বন্ধ কৰি গ্লাচবোৰ খুলি দিলোঁ।

কইনাৰ ঘৰত গাটো বিড়ি বিড়ি গোন্ধাব পাৰে, টাউনতে বডি স্প্ৰে এটা কিনি গাত মাৰি ল’ব লাগিব, মনতে ভাবিলোঁ ।

মাণিক দাইটিৰ চাৰি নম্বৰ বিড়িটো শেষ হয় মানে আমি টাউন পালোহি। দাইটিহঁ‌তে একো কোৱা নাছিল যদিও মই ‘ৰসৰাজ হোটেল’তে লালমোহন দহটা, বৰফি দহটা আৰু ভুজিয়া পেকেট এটা লৈ ল’লোঁ। নতুন চিনাকি মানুহ এঘৰলৈ যাব ওলাইছোঁ, উদ্দেশ্যও মিতিৰ কৰাৰ – প্ৰথম দিনাই খালি হাতেৰে যাব নোৱাৰি নহয়!

আকৌ যাত্ৰা আৰম্ভ হ’ল। বাটচোৱাত কাৰো মুখৰ মাতবোল নাই – মাত্ৰ মাণিক দাইটিয়ে দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে বিড়ি এটা জ্বলাই গৈছে। ময়ো গাড়ী চলাই থাকোতেই মানসিক প্ৰস্তুতি চলাই গৈছোঁ – কইনাক কি কি প্ৰশ্ন সুধিম, সিহঁতৰ ঘৰৰ মানুহবোৰৰ প্ৰশ্নৰ কিদৰে উত্তৰ দিম ইত্যাদি ইত্যাদি।

ঢেকীয়াখোৱা নামঘৰ পাওঁ‌তেই দীঘলকৈ ওলগ এটা ল’লোঁ – প্ৰভু, দিনটো ভালে ভালে যাওক। গন্তব্যস্থান মেলেঙলৈ আৰু আধা কিলোমিটাৰ।

হাইৱে’ৰ পৰা মেলেঙলৈ টাৰ্ণিঙটো লোৱাৰ লগে লগে মাণিক দাইটিয়ে গাড়ীখন ৰখাবলৈ ইংগিত দিলে। আদেশ মতে কাম, আজিৰ দিনটোৰ বাবে তেওঁলোকেই মোৰ ভাগ্যবিধাতা। আহল-বহল ঠাই এডোখৰ চাই গাড়ীখন ৰখালোঁ। দুয়োজনে লৰালৰিকৈ গাড়ীৰ পৰা নামি গছ এজোপাৰ আঁ‌ৰ লৈ সৰুপানীকণ চুই ল’লে। ঘূৰি আহি দুয়োজন পিছৰ চিটত বহিল। চুৰিয়া-পাঞ্জাবী চোলা অলপ ঠিক-ঠাক কৰি লৈ মাণিক দাইটিয়ে মোক ক’লে – “সোনটো, তই যে শিৱসাগৰ টাউনত ফিচ-ফিচকৈ চেণ্টবোৰ মাৰিছিলি, সেইটো অকণমান আমাৰ দুটাকো মাৰি দে। নহ’লে এই বিড়িৰ গোন্ধবোৰ পালে নতুন আলহীৰ ঘৰত লাজ লাগিব। আৰু মিঠাইৰ পেকেটটো মহেনক দি দে, সিয়েই লৈ যাব।”

অৱশেষত গন্তব্যস্থান পালোঁগৈ। আমাক আগবঢ়াই নিবলৈ নঙলামুখতে দুজন মানুহ ৰৈ আছিল। এটা দীঘলীয়া পদুলি, আগফালে এটা ডাঙৰ পুখুৰী, যথেষ্ট ডাঙৰ এটা অসমীয়া ষ্টাইলৰ বাটাম দিয়া ঘৰ, পৰিবেশটো ভালেই লাগিল। প্ৰথম ৰূমটোৰ বেতৰ চোফাযোৰত আমি তিনিজন বহিলো, কথা-বতৰা আৰম্ভ হ’ল। মাণিক দাইটি একদম গহীন, মাত্ৰ দুই এটা কথাহে কৈছে। মহেন দাইটিয়ে কথা-বতৰা আগবঢ়াই নিছে, লগত কইনাৰ ঘৰৰ দুজন বয়োজ্যেষ্ঠ পুৰুষ। মোক কোনেও পাত্তাই দিয়া নাই, গতিকে মই নিশ্চুপ।

পোন্ধৰমিনিটমান পিছত চাদৰ-মেখেলা পিন্ধা মহিলা এগৰাকীয়ে চাহ লৈ আহিল, লগত আৰু এগৰাকীয়ে পিঠা-পনা ইত্যাদি। কিজানিবা এইয়াই কইনা বুলি দুয়োগৰাকীৰ মুখলৈ চালো। দেখাত দুয়োগৰাকী চল্লিশোৰ্দ্ধৰ যেন লাগিল, হয়তো পাত্ৰীৰ মাহীয়েক বা পেহীয়েক। মাণিক দাইটিয়ে তাৰে দীঘলকৈ ওৰণি লৈ থকা গৰাকীক কিবা-কিবি সুধিলে, মহেন দাইটিয়েও। মই ইণ্টাৰেষ্ট দিয়া নাই। মোৰ অপেক্ষা বেলেগলৈ।

তেওঁলোকৰ কথাৰ মাজতে দাইটিয়ে গৃহস্থৰ লগত মোকো চিনাকি কৰাই দিলে – “এয়া সোনটো, আমাৰ ভতিজা। বৰ চোকা ল’ৰা, ইঞ্জিনিয়াৰ পঢ়ি এতিয়া চাকৰিত সোমাইছে।” মাণিক দাইটিয়ে মোৰ প্ৰকৃত নামটো নাজানে বুলি থকা মোৰ ধাৰণাটো সত্যত পৰিণত হ’ল।

চাহ-পিঠা খাই শেষ হ’ল। দীঘলকৈ ওৰণি লোৱা অবিবাহিত কইনাৰ মাহীয়েক বা পেহীয়েক গৰাকীয়ে এইবাৰ তামোল লৈ আহিল। আকৌ দুয়োজন দাইটিৰ সানমিহলি দুই এটা প্ৰশ্ন। ইতিমধ্যে প্ৰায় আধা ঘণ্টাৰ ওপৰ হ’ল, পাত্ৰীৰ দেখা-দেখি নাই। দুয়োজন দাইটিয়ে চাগৈ মোৰ মুখৰ উৎসুকতা বুজি পাইছিল। চকলিয়াই দিয়া তামোল দুখন দুইজনে মুখত ভৰাই বাহিৰলৈ ওলাই আহিল, পিছে পিছে মই। আহিয়েই মাণিক দাইটিয়ে ঘৰৰ বাৰী, ভঁ‌ৰাল, পুখুৰী আদি চাবলৈ লাগিল।

কিছুসময়ৰ পিছত আকৌ গৃহস্থই আমাক ভিতৰলৈ মাতিলে। এইবাৰ দৈ-চিৰা-গুড়ৰ জলপান,পৰিবেশিকা একে দুগৰাকীয়েই। দুয়োজন দাইটিয়ে মেলেঙৰ দৈৰ ভূয়সী প্ৰশংসা কৰিলে, মোৰ মুখত মাত-কথা নাই। দুঘণ্টাৰ ওপৰ হ’ল, এতিয়ালৈ যিটো উদ্দেশ্যত আহিছোঁ, তাৰ দৰ্শনেই হোৱা নাই। খঙ উঠাটো স্বাভাৱিক।

জলপান খাই উঠি তামোল এখন মুখত ভৰাই মহেন দাইটিয়ে মোক আচৰিত কৰি গৃহস্থৰ পৰা বিদায় ল’লে। মই আচৰিত, ছোৱালী চাবলৈ বুলি আনি দেখোন মোক মাহীয়েক-পেহীয়েককহে দেখালে। এতিয়া আলহীৰ মুখৰ আগতে দাইটিহঁ‌তক সোধো কি বুলি! ভাগ্যকে ধিয়াই গাড়ীত বহিলোহি তিনিওজন, গৃহস্থই পদুলিমুখলৈ আগবঢ়াই থৈ গ’ল।

গাড়ী চলাৰ লগে লগে মাণিক দাইটিয়ে বিড়ি এটা জ্বলাই মোক সুধিলে – “সোনটো, ছোৱালী কেনেকুৱা দেখিলি? মিলিব নে বাৰু?”

আৰে, মোকনো ক’ত ছোৱালী দেখালে!
সুধিলোঁ – “কোনজনী ছোৱালীৰ কথা কৈছে দাইটি? মই দেখোন কাকো নেদেখিলোৱেই।”

“কিয়, প্ৰথমে যে চাহ লৈ আহিছিল, মাখনী বুলি কোৱা গৰাকী।”
মহেন দাইটিৰ মাত এইবাৰ।

এইবাৰ মোৰ সঁ‌চাকৈ আচৰিত হোৱাৰ পাল। দুয়োটা বুঢ়াই মিলি মোকনো এই আঢ়ৈকুৰি গৰকা ছোৱালীজনীহে দেখাবলৈ লৈ আনিব লাগে নে! খঙটো নেদেখুৱাকৈ সুধিলোঁ – “ভালেই দাইটি, পিছে বয়সটোহে অলপ বেছি যেন লাগিল। বহুত ডাঙৰ হ’ব দেখোন।”

“এই বয়সত মইনো ক’ত ইয়াতকৈ সৰু ছোৱালী পাম অ’ সোনটো। এইগৰাকীকে যে দিবলৈ ওলাইছে, সেইয়াই বহুত ডাঙৰ কথা। তহঁতৰ খুৰীয়েৰ যোৱাগৈৰ পিছত বৰ অকলশৰীয়া হৈ পৰিছোঁ সোনটো। সংগ এটা লাগে অ’ এই বয়সত। ভগৱানে ভাল কৰক মহেনৰ, সি যে মোৰ দুখবোৰ বুজি যেনেতেনে এজনী গোটাই দিবলৈ চেষ্টা কৰিছে।”

মই বিব্ৰত হ’লো, কি কৈ আছে মাণিক দাইটিয়ে।

“সোনটো, তই আৰু এটা কাম কৰি দিব লাগিব দেই। কাইলৈ গৈ গণেশক (দাইটিৰ ডাঙৰ ল’ৰা) ক’বি গৈ, মোৰ পচন্দ হৈছে বুলি। এতিয়া সিহঁত কেইটা আহি কথাবোৰ আগবঢ়াওক। গুণ নহৈ ধৰ্ম হ’ব সোনটো!”- দাইটিয়ে চুৰিয়াখনেৰে চকু কেইটা মচি ক’লে।

“হব দাইটি।”
গধূৰ হুমুনিয়াহ এটা এৰিলোঁ। হয়তো কথাষাৰ, কেৱল মোকেই নহয় মাণিক দাইতিকোতো সংগ এটা লাগে। হায় মোৰ কল্পনা, বেজাৰমুৱা হৈ সন্মুখলৈ ধ্যান দিলোঁ।

চাৰে চাৰিশ টকাৰ গালমুখ, বাইছশ টকাৰ ছিক্স পকেট পেন্ট আৰু পিটাৰ ইংলেণ্ড টি চাৰ্টে একেলগে ফুচফুচাই উঠিল – “দুখ নকৰিব মালিক, পইচা হাতৰ মলিহে।”

☆★☆★☆

47 Comments

  • মাধুৰ্য্য

    কি লিখেহে !! সাংঘাটিক দেখোন।

    Reply
    • Rintumoni Dutta

      হে হে, ধন্যবাদ মাধুৰ্য্য

      Reply
      • Nilakshi Devi Deka

        সাংঘাতিক লিখিছে দাদা। মজা লাগিল পঢ়ি। 👌👌

        Reply
  • ভাস্কৰ জ্যোতি

    পঢ়ি বহুতেই ভাল লাগিল।

    Reply
  • ৰিমঝিম

    তামাম। আকৌ যাতে পঢ়িবলৈ পাওঁ‌।

    Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল বহুত ,বিশেষকৈ টুইস্টটো ৷ আগলৈকেও আশা কৰিলোঁ

    Reply
    • Rintumoni Dutta

      তুমি সম্পাদক হ’লে লিখিম দেই, কথা দিলো। তিনিমাহ আগৰেপৰা লিখিম।

      ধন্যবাদ

      Reply
  • গীতিকা শইকীয়া

    সকলো ঠিকেই আছিল, পিছে নতুন কাপোৰ, ফেচ ক্লিনিঙৰ লগতে মিঠাই-ভূজিয়াৰ দামটো যোগ নকৰিলা যে! বৰ্ণনা সাংঘাতিক। বিৰাট ভাল লাগিল পঢ়ি….

    Reply
    • Rintumoni Dutta

      হে হে, পইচানো কি, হাতৰ মলিহে!!!

      ধন্যবাদ গীতিকা

      Reply
  • ৰাজশ্ৰী শৰ্মা

    পইচা নো কি আৰু। হাতৰ মলিহে। বহুত ভাল পালো পঢ়ি

    Reply
    • Rintumoni Dutta

      হা হা হা, হাতৰ মলিহে

      ধন্যবাদ ৰাজশ্ৰী

      Reply
  • LIPI Khound

    সচাকৈয়ে বহুত ভাল লাগিল পঢ়ি | পইচা নো কি হাতৰ মলি 😀😀

    Reply
  • মন্দিৰা

    ভাল লটিঘটি খন হ’ল। বঢ়িয়া।

    Reply
    • Rintumoni Dutta

      বহুত ধন্যবাদ মন্দিৰা

      Reply
  • শৰ্মিষ্ঠা

    কাপোৰযোৰ কি কৰিলি পিছে ? ভাল লাগিল।

    Reply
    • Rintumoni Dutta

      তোৰ বিয়া খাবলৈ যে পিন্ধি গৈছিলো, সেইযোৰেই।

      ধন্যবাদ শৰ্মিষ্ঠা

      Reply
  • অঞ্জন

    মজা বুলিলোা দেই৷
    ভাল লাগিল বহুত

    Reply
  • হেমন্ত কাকতি

    মোৰতো কাহিনীটো পঢ়ি পুৰা সঁচা যেনেই লাগিছে৷

    তামাম ৰিণ্টু হেটচ অফ!

    Reply
    • Rintumoni Dutta

      একদম মনেসজা কাহিনী দাদা। অশেষ ধন্যবাদ

      Reply
  • নয়নমণি

    মজা লিখিছ দেখোন , ভাল লাগিল

    Reply
    • Rintumoni Dutta

      হা হা হা, ধন্যবাদ

      Reply
  • সুকুমাৰ গোস্বামী

    মানুহ মাৰি পেলাব হে ।

    Reply
    • Rintumoni Dutta

      ধেই, লাজেই পাই গৈছো দেই সুকুমাৰ

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বঢ়িয়া

    Reply
  • অভিজিৎ গোস্বামী

    সাংঘাটিক দাদা

    Reply
    • Rintumoni Dutta

      ধন্যবাদ অভিজিত

      Reply
  • দিম্পল

    মোৰ কইনা চাব যোৱাৰ দিনা আপুনি তেনেকে জুই হৈ নাহিব কিন্তু। নহলে মোৰ একো নহব দাদা

    Reply
    • Rintumoni Dutta

      তোৰ কইনা চাবলৈ মই ‘মাণিক দাইটি’ৰ দৰে চুৰিয়া-পাঞ্জাৱী পিন্ধি যাম, কথা দিলো

      Reply
  • অনুপম কাকতি

    খুব ভাল লাগিল পঢ়ি। লিখি থাকিবা।

    Reply
    • Rintumoni Dutta

      অশেষ ধন্যবাদ অনুপম, প্ৰেৰণা পালো

      Reply
  • নীলাঞ্জনা

    আপুনি নিয়মীয়াকৈ লিখিবলৈ লওক দেই৷ বহুদিনৰ মূৰত আপোনাৰ চুটিগল্প পঢ়িলো কিজানি৷ ইমান ভাল লাগিল বুজাব নোৱাৰো৷ ১০০/১০০

    Reply
    • Rintumoni Dutta

      তোমাৰ জেক খাইয়ে কলেজত যাতা ফতুৱা কিবা-কিবি লিখিছিলো। আকৌ জেক নিদিবা

      Reply
  • এইটো তামাম

    Reply
  • সঞ্জীৱ।

    বোলে তো ক্লাছ একদম।

    Reply
  • ডলী

    হাঃ হাঃ।তামাম জমনী।

    Reply
  • অভিজিৎ কলিতা

    হা হা। পাগল কৰি মাৰিবা হে। অতি সুন্দৰ

    Reply
  • কৃষ্ণ

    ব্লকবাষ্টাৰ মাৰি দিয়েহে কোৱাইদৌ, ভাল লাগিল, পইচানো কি! হাতৰ মলিহে 😜😜

    Reply
  • Jyotshna Rani Das

    Hahahahh…..jomoni.

    Reply
  • হিৰণ্যজ্যোতি দাস

    মজ্জা লাগিল

    Reply
  • আয়ৈ দেহি, প্ৰথম আশাতে চেঁচাপানী পৰিল। বঢ়িয়া লাগিল। সাংঘাটিক টুইষ্ট–

    Reply

Leave a Reply

Your email address will not be published.