ফটাঢোল

খোজ লাহেকৈ দিবি – মুনমুন শইকীয়া

যোৱা পাঁচটা বছৰে মুখ নেদেখা বিধায়কগৰাকী ভোটৰ ঠিক এমাহ মান আগতে নিজৰ সমষ্টিৰ এক ভিতৰুৱা এলেকাত ভোট বিচাৰি আহিব লগা হ’ল।

এলেকাটোৰ বাসিন্দাসকল নানা ধৰণৰ সমস্যাৰে জৰ্জৰিত।

বিশুদ্ধ খোৱাপানী এটোপা, সুগম ৰাস্তা, বিদ্যুৎ সৰবৰাহ৷

কোনো ধৰণৰ সুবিধা নাই এলেকাটোত।

৫ বছৰে উমি উমি জ্বলি থকা জুইকুৰা নেতাজনক দেকি ভমককৈ জ্বলি উঠিল।

বিধায়ক : শ্ৰদ্ধেয় ৰাইজ। নমস্কাৰ ল’ব।

ৰাইজ: সেইডাল লৈ কি কৰিম, পানী এটোপা দিয়ক হে বিশুদ্ধ পানী।

বিধায়ক: আমাৰ কৰ্মকৰ্তা সকলে যথেষ্ট কষ্ট কৰি আছে অচিৰেই ডিস্টিল্ড ৱাটাৰৰ প্লাণ্ট এটা আমি এই এলেকাত বহাম।

এলেকা খ্যাত স্বনামধন্য হৰেশ্বৰ কাইটিৰ ঘোৰ মদাহী ৰূপে থকা খ্যাতি বজাই ৰাখি বিধায়ক মহোদয় লৈ প্ৰশ্ন কৰিলে : “সিবিধ বিলাতীৰ লগৰ নেকি?

চুলাই হলে নচলিব কিন্তু, মৰি থাকিলে লেঠা মৰিব,

অহাবাৰ আকৌ মোৰ ভোটটো আপুনিয়েই পাব লাগিব। “

লাজে অপমানে জৰ্জৰিত বিধায়ক মহোদয়ে এইবাৰ বেগাবেগিকৈ গাড়ীৰ পালে ঢাপলি মেলোতেই বাটৰ গাঁত এটাত উজুটি খাই পৰিল।

হৰেশ্বৰ কাইটিৰ চিঞৰ :”অ চাহেব, চাই চিতি পেলাব ভৰি হাত, বাটত আছে ডাঙৰ ডাঙৰ গাঁত।

এইবাৰ আকৌ আৰু বেছি বেগাই যোৱাদি নাযাব, এক ফাৰ্লং দূৰত্বত তিনিদিন ধৰি বিদ্যুতৰ তাৰ এডাল ছিগি পৰি আছে, ইধৰ আপকা ভৰি পৰিব

উধৰ যদি কানেকশন দিয়ে

আপুনি চিৰকাললৈ আইজ মুদিব। আফটাৰ অল মোৰ ভোটটো দিবলৈ আপোনাকো মই পাবই লাগিব।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.