ফটাঢোল

খৰিচাৰ ৰস – অসীমা শইকীয়া দত্ত

স্কুললৈ যাবলৈ লৈছো মুৰত আইতাৰ তেল জেপজেপীয়াকৈ সানি বনফুল তেলৰ বটলতো হৈ তেতিয়া৷ আম তল, বগৰি তলৰ পৰা যোৱা মন স্কুলত বহাই নাই তাতে আকৌ গাঁৱৰে খুৰা এজনৰ কি শাসন৷ সদায় পুৱা তেওঁ দাঁত ব্ৰাছ কৰি কৰি গোটেই গাওঁ ভ্ৰমে কোনে কোনে পঢ়িছো চাবলৈ৷ এদিন ঘৰৰ চোতালত ৰ’দ লৈ মই, সন্মুখত মেলা কিতাপ৷ কাৰোবাক দেখিলে অকনৰ ঘৰ নগৰত গাওঁ নহলে গোহালিৰ গৰু কেইটা চাই ভাবি থাকো ইহঁতৰ ঠেং ইমানবোৰ কিয় হল৷

মৌখিকত যে কেৱল এটা গৰুৰ চাৰিটা ঠেং অমুক টা গৰুৰ কেইটা ঠেং সোধে৷ নেগুৰ এডাল ঠিকে আছে৷ আহিল সেই সময়তে খুৰা৷ গল হেকাৰি মাৰোতেই গোহালিৰ পৰা অকনৰ নগৰত ভৰি দিলোহি টেটুফালি চিঞৰিছো নগৰত বৰ বৰ ঘৰ৷ খুৰাই অলপ সময় ৰৈ ক’লে ঐ যাছোন তহঁতৰ দা খন আন৷ বেতৰ জোপাটোৰ ডাল ৰাষ্টাত হাওলি পৰি আছে বাটৰুৱাক বিন্ধিব৷ ……কাটি দিও ডালতো৷ ’ খুৰাৰ কথাত মনত পৰিল সেই ডাল টো কাতোতে দেউতাক বৰলে কামুৰিছিল৷ তাত এখন বৰলৰ গাওঁ আছে৷

মই কিন্তু জানিও নকলো৷ স্কুলতো পিতে অকণমান ভুলতে, কৰবাত খেলিলেও ঘৰলৈ খেদে নগলিনে পঢ়িবলৈ৷ মই পাওঁক সেকাটো বুলি দা আনি খুৰাক দি নিৰাপদ ঠাইত ৰ’লোগৈ৷ বচ্ প্ৰথম টো ঘাপতে ধৰিলে বেঢ়ি খুৰাক৷ দ্বিতীয় ঘাপত তেওঁ দা দলিয়াই “আজৌ মৰিলো” বুলি দেদাউৰিয়াবলৈ ধৰিলে৷ সেই চিঞৰত দেউতা হঁত দৌৰি আহি খুৰাক ধৰি মেলি আমাৰ চোতাললৈ তুলি আনিলে৷ বৰলৰ কামোৰত নামঘৰৰ ডবা ৰূপ লোৱা তেখেতৰ দেহাত শুশ্ৰূষা চলিল৷

মায়ে ইচ ইচাই ক’লে অলপ খৰিচা ৰ ৰস পোৱা হলে আৰাম পালে হয়৷ তেতিয়ালৈ মোৰো বেয়া লাগিছিল খুৰালৈ৷ মাৰ কথাত এক্কে দৌৰে ভিতৰৰ বৈয়ামৰ পৰা খৰিচাৰ ৰস চেপি একবাতি দিলোহি তুলি আইতাৰ হাতত৷ আইতাইও খৰিছাৰ গোন্ধ পাই লেপালেপে সানি দিলে খুৰাৰ মুখত৷ অলপ পিছত চকিত বহি সেহাই থকা মানুহতো এক অদ্ভুত নৃত্যৰে চোতালত বাগৰি জপিয়াই মাইকেল জেকচনতকৈও উদ্দাম নাচ দিবলৈ ধৰিলে৷ মায়ে সুধিলে মোক… তই খৰিছা কত পালি……মই ক’লো কিয় আমাৰ বৈয়ামৰ আকৌ৷
মায়ে মোক ৰসাতলে যাইতি সেয়া ভোট জলকীয়াৰ ৰসত ডুবাই কৰা খৰিছাৰ আচাৰ বুলি ফলা খৰিলৈ খেদিবলৈ লাগিল৷ মই দৌৰোতেও গন্তি কৰিছো মানে দুমাহ মানলৈ মোৰ আৰু গেং টোৰ শাস্তি… খুৰাৰ পৰা৷ ■■

2 Comments

Leave a Reply

Your email address will not be published.