ফটাঢোল

গড ইজ এ ডগ – বাসব দত্ত দাস

বাস্তৱ হেনো কল্পনাতকৈয়ো বিস্ময়কৰ। হ’ব পাৰে। মোৰ পোনপটীয়া অভিজ্ঞতা হোৱা নাই; গতিকে কথাষাৰ প্ৰতিপন্ন কৰিব পৰা যোগ্যতা মোৰ নাই। ইউট্যুবত কিছুমান আজৱ ভিডিঅ’ দেখিবলৈ নোপোৱা নহয়৷ সেইবিলাকৰ সত্যাসত্য কি মই নেজানো। ভূত মই দেখা নাই, দেখা নাই ঈশ্বৰকো। আলুগুটি আৰু সেকা ৰুটীত ঈশ্বৰক বিচাৰি থাকিবৰ মোৰ ধৈৰ্য্যও নাই। ভাতৰ পাতত মোৰ খোৱা কাম, কল্পনাৰ স্থান পায়খানাৰ ভিতৰত। অ’ হয়, মই এতিয়া মোৰ “सोचालय”টোৰ ভিতৰত আছোঁ। ভাবি আছোঁ, এই যে ফেণ্টাচী মুভীবোৰৰ ছুপাৰহিৰোবোৰ, ‘কল্পনাতকৈও বিস্ময়কৰ বাস্তৱ’ত এইবিলাকৰ আৱিৰ্ভাৱ কিয় সম্ভৱ নহয় বাৰু! ময়ো তাৰে এটা হৈ চাব পৰা হ’লে৷

এইবিলাক বাৰেভচহু কথা ভাবি মোৰ সমুখৰ বেৰখনৰ পিনে একান্তমনে চাই তাত মোৰ চিনাকি আকৃতি কিছুমান বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। সোঁপিনৰ টাইলচডোখৰৰ ঠিক মাজভাগতে হাঁহি থকা শিশু এটিৰ মুখ যেন দাগ এটা আছে; আচলতে চাৰিটামান বেলেগ বেলেগ দাগৰ সন্মিলিত চিত্ৰ সেইখন, মোৰ কল্পনাৰ। মোৰ ঠিক সন্মুখৰ টাইলচডোখৰৰ একোণত এনেকুৱা এটা আৰ্টিষ্টিক দাগ আছে, অলপ যদি মনোযোগেৰে চাই থাকোঁ তেন্তে সেইটো এটা সুদক্ষ পেইণ্টাৰে অঁকা এখন মাষ্টাৰপিচ যেন লাগি যায়। দুজনী সমকামী ছোৱালীৰ আৱেগিক মুখচুম্বনৰ মোৰ মনচক্ষুৱে দেখা এক কাল্পনিক অথচ নান্দনিক দৃশ্য। বাওঁফালে যিডোখৰ টাইলচ্ আছে, তাৰ ওপৰপিনে থকা দাগখিনিৰ মাজত সদায়ে এটা সন্মুখ হৈ বহি থকা লাব্ৰাদ’ৰৰ ছায়া দেখোঁ। অকণমানি ছায়াটো, বহি যেন‌ সদায় মোলৈকে চাই থাকে; কৰুণ তাৰ চাৱনি, নে পুতৌৰ?

আজি মই গছত গৰু উঠা কথা কিছুমান ভাবি ভাবি এই কাল্পনিক কুকুৰৰ ছায়াটোৰ পিনেই চাই আছিলোঁ। সমাজত আইন-শৃংখলাৰ ইম্-মান বিসংগতি, মোকে নো সৰ্বশক্তিমান অতিমানৱ এজন কৰি গঢ়ি নিদিয়ে কিয়! মই ভবাৰ দৰেই ঈশ্বৰ নাই হ’বলা নে কি? কুকুৰটোৰ পিনে চাই তাকে বৰ হেঁপাহেৰে ভাবি আছোঁ৷ এবাৰ নে দুবাৰ কুকুৰটোৱে অলপ লৰফৰ কৰা যেন পালোঁ৷ মই অলপ তলকা মাৰি ৰ’লোঁ। ভ্ৰম দেখিলোঁনে কি এইমাত্ৰ! পিচে নহয়, এয়াচোন কুকুৰটোৰ আকাৰ বৃদ্ধি হ’বলৈ ধৰিছে। চকু দুটা হাতৰ তলুৱা দুখনেৰে মোহাৰি দিলোঁ; নাই চকুৰ ভ্ৰান্তি নহয়, ছায়াটো সঁচাকৈয়ে ডাঙৰ হ’বলৈ ধৰিছে। চকুৰ কেইটামান পলকৰ ভিতৰতে ছায়াটোৱে এটা পূৰ্ণাৱয়ৱ কুকুৰৰ ৰূপ ল’লে। মোৰ নিজৰ চকু দুটাৰ ওপৰত অলপ সন্দেহ উপজিল। নে এয়া মোৰ অতি-কল্পনাপ্ৰৱণ মনটোৰেই বাস্তৱসদৃশ এক কল্পসৃষ্টি!

: ৱৎস, ভবা-চিন্তা এৰা। তোমাৰ ধ্যানত মই সন্তুষ্ট হৈছোঁ৷

কুকুৰটোৱে কথা কৈছে! মই চাগে’ পগলাই হ’লোঁ।

: ৱৎস, খোজা কি বৰ লাগে, মই তোমাক দিবলৈ প্ৰস্তুত।

ইয়ে, কুকুৰটোৱে দেখোন কিবা ভগৱানৰ লেখিয়া কথা কৈছে! নাই, মোৰ মূৰৰ আলবৎ বিকৃতি ঘটিল৷

: ক্-কোন তই- অ’ বোলো, তুমি-তুমি, মানে আপুনি?

কুকুৰক আপুনি বুলি কৰা সম্বোধনটো নিজৰ কাণতে যেন কেনেবা লাগিল।

: মই ঈশ্বৰ৷

কি কয় এই কুকুৰটোৱে! ঈশ্বৰৰ এনেকুৱা ৰূপ? এইটো তেনেহ’লে ঈশ্বৰৰ একাদশ অৱতাৰ নেকি? অহোভাগ্য মোৰ! তথাপি এবাৰ নিশ্চিত হৈ ল’বৰ নিমিত্তে মই অৱতাৰী কুকুৰটোক সুধিলোঁ,

: আপোনাৰ ডিপাৰ্টমেণ্ট এইটো নহয় নেকি; মানে মানুহৰ ডিপাৰ্টমেণ্টটো লজিকেলী চাবলৈ গ’লে মানৱ ঈশ্বৰেহে চাব লাগে৷ আপুনি ভুল কৰি মোক এই ভঙ্গীত বহি থকা দেখি দৰ্শন দিলে বোধহয়৷

: নহয়, ঈশ্বৰৰ কোনো ডিপাৰ্টমেণ্ট নাথাকে। ঈশ্বৰ এজন, আৰু এয়া সাক্ষাত তোমাৰ সমুখত মই।

: তেনেহ’লে আপুনি আজি মোৰ আগত আপোনাৰ এঘাৰ নম্বৰ অৱতাৰটো ধাৰণ কৰি আহিছে হ’বলা।

: নাঃ, নাঃ, কোনো অৱতাৰ-চৱতাৰ ধাৰণ কৰি মই তোমাক দৰ্শন দিবলৈ অহা নাই। দৰাচলে এই অৱতাৰৰ ধাৰণাটো মানুহৰ কল্পনাপ্ৰসূত। মোৰ ৰূপ অকল এনেকুৱাহে, এয়াই মই। মই….

: তেন্তে আমি ফটোত কল্পনা কৰা ভগৱানৰ মানৱী ৰূপটোৰ কোনো ভিত্তি নাই?

কথা কাটি মই প্ৰশ্ন কৰিলোঁ। মোৰ মনত কৌতূহলৰ তেতিয়া সীমা নাই৷

: নাই। মানুহৰ এয়া নিজৰ প্ৰজাতিটোক লৈ পোষণ কৰা উচ্চাত্মিকা মনোভাৱৰহে বৰ্হিপ্ৰকাশ। আচলতে মই, ভগৱান, এটা কুকুৰহে; গড ইজ এ ডগ।

‘গড ইজ এ ডগ?’ – তেতিয়াহে যেন ভগৱানৰ ইংৰাজী নামটো তেনেকৈ ৰখাৰ আঁৰৰ ৰহস্যটো মোৰ চকুত ফাদিল হৈ পৰিল। নাম ৰাখোঁতাজন ইল্যুমিনাটি আছিল নেকি বাৰু?

: কোৱা, তোমাক কি বৰ লাগে, কি আকাংক্ষা আছে তোমাৰ৷ মই তোমাক বৰ দিবলৈ আৱিৰ্ভাব হৈছোঁ।

: কিন্তু মইতো আপোনাক ধ্যান কৰি থকা নাছিলোঁ৷ তেনে মোকনো বৰ কেলেই?

জিভা পিছলি কথাষাৰ ওলাই পৰিলত মই জিভা কামুৰি ৰৈ গ’লোঁ৷ কিহে নো পালে মোক এই এষাৰ কথা কৈ পেলাবলৈ!

: তুমি সচেতনভাৱে সেয়া অনুভৱ নকৰিলেও অৱচেতনাত তোমাৰ মোৰেই প্ৰতিচ্ছবি প্ৰোথিত হৈ আছে। তোমাৰ অন্তৰখনো লগতে শুদ্ধ; নহ’লে তুমি তোমাৰ অন্তৰত উদয় হোৱা দ্বিধাভাৱ খোলোচা কৰিবলৈ কুণ্ঠিত হ’লাহেঁতেন। তুমি যিমান চেষ্টা কৰিলেও নোৱাৰা তেনে কৰিবলৈ; তুমি কি ভাবি আছা সেয়া মই জানো৷

: তেন্তে ভগৱান, অন্তৰৰ কথা জানিছেই যদি সুধিছেনো কেলৈ, মোৰ অৱচেতনাতচোন মোৰ ইচ্ছাটো চেপা-কুঁচা খাই সোমায়ে আছে। কৰক, মোৰ সেইটো আপাহকে পূৰণ কৰি দিয়ক।

ছুপাৰহিৰো হোৱাৰ এনেকুৱাকৈ এটা সপোনৰো অগোচৰ সুযোগ পাই যোৱাৰ আনন্দত মোৰ কণ্ঠস্বৰ কম্পিত হ’ল। ছুপাৰহিৰো হোৱাৰ পিছত নামটো কি ৰাখিম নিজৰ, মুহূৰ্ততে যিমান পাৰোঁ আগে ভবা বহুতো নাম মনলৈ আনিবলৈ চেষ্টা কৰিলোঁ। ক্ৰাইচিচমেন, দা চেভিয়’ৰ, হেল্পমেন, ৰেস্ক্যূমেন আৰু এই মুহূৰ্তত মনলৈ অহা নামটো ‘কেনাইনমেন’!! ভগৱানৰ যোগ্য অনুচৰ, মিলি যাব নামটো। ‘এহ্, থাওক, ছুপাৰহিৰো হৈ উঠাৰ পিছত মোৰ প্ৰেমত পৰিবলগীয়া ধুনীয়া ৰিপোৰ্টাৰজনীয়েই থ’ব বাৰু মোৰ এটা খাপ খাই পৰাকৈ সুন্দৰ নাম তাইৰ নিচিনাই।’

: বাৰু, ঠিক আছে। তোমাৰ অৱচেতন মনৰেই শুনিব লাগেতো? নিশ্চিত নে তুমি?

: ও, নিশ্চিত৷ দিয়ক আপুনি মোক মোৰ আপাহৰ বৰটি৷

দুই হাত যুৰি মই আগ্ৰহেৰে খুজিলোঁ৷

: ঠিক আছে তেতিয়াহ’লে, তথাস্তু! আজিৰ পৰা তোমাৰ কোষ্ঠকাঠিন্যৰ সমস্যাটো সম্পূৰ্ণ নিৰাময় হ’ল৷ কাইলৈৰ পৰা তুমি আৰু আধা আধা ঘণ্টালৈ এই স্থানত বহি মোৰ ধ্যানত বহিবৰ আৱশ্যক….

: প্ৰভু-প্ৰভু, ৰ’ব ৰ’ব, এই-এয়া আপুনি কি বৰ দিলে প্ৰভু! এয়াতো মোৰ আকাংক্ষ্য নাছিল! মই, মই….

: ছুপাৰহিৰো হ’ব খুজিছিলা? সেয়া তোমাৰ সচেতন মনৰ হাবিলাস। কিন্তু তোমাৰ অৱচেতন মনে কি বিচাৰে সেয়া তুমি কেনেকৈ জানিবা? অথনিলৈ তুমিচোন মোকেই যে মনত ধাৰণ কৰি থাকা সেয়াইচোন নেজানিছিলা। তোমাৰ অৱচেতন মনে বিচাৰিছিল তোমাৰ যেন শৌচ টান ৰোগটোৰ পৰা তুমি মুক্ত হোৱা। গতিকে মই তোমাৰ এই প্ৰাৰ্থনা স্বীকাৰ কৰিলোঁ৷ এতিয়া মোৰ কৰিবলগীয়া একো নাই৷

: কিন্তু প্ৰভু!

: বিদায়৷

কুকুৰ-ঈশ্বৰ অন্তৰ্ধান হৈ গ’ল; অন্তৰ্ধান হৈ পৰিল টাইলচত ‘অংকিত’ তেওঁৰ প্ৰতিচ্ছবিও৷ আৰু মই মোৰ মূৰে-কপালে হাত থৈ পায়খানাতে বহি থাকিলোঁ।

অৱশ্যে আশা এৰি দিয়া নাই মই এতিয়াও। কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পোৱাৰ আজি ছমাহৰ পিছতো ইচ্ছাকৃতভাৱেই পায়খানাত আগৰ দৰেই আধা ঘণ্টালৈ বহি থাকোঁ, বাওঁফালৰ ‘ঈশ্বৰবিহীন’ উকা টাইলচখনলৈ একেথৰে চাই, কিবা চিন্তা কৰি। মোৰ অন্তৰখন শুদ্ধ, স্বয়ং ভগৱানৰ চাৰ্টিফিকেট পাই থৈছোঁ মই৷ গতিকে এদিন নহয় এদিন ভগৱানজন নে ভগৱানটো আকৌ এবাৰ ঘূৰি আহিব মোৰ ওচৰলৈ, ভক্তৰ আকূল আহ্বান নেওচিব নোৱাৰি আৰু মোক প্ৰদান কৰিব মোৰ চিৰ আকাংক্ষ্য সেই বৰটি। এইবাৰ মই ভুল নকৰোঁ!

☆★☆★☆

4 Comments

  • Rintumoni

    খুব ভাল লাগিল পঢ়ি, ইমানদিন ক্‌ত লুকাই আছিল জানো আপুনি। পৰৱৰ্তী সংখ্যাবোৰতো আপোনাৰ লিখা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • অতি সুন্দৰ

    Reply
  • MITALI Saharia

    ধুনীয়া লিখনি

    Reply
  • সৌৰভ শৰ্মা

    এক কথাত ফেণ্টাষ্টিক।

    Reply

Leave a Reply

Your email address will not be published.