ফটাঢোল

গাঁওবুঢ়াৰ চোতালত – অভিজিত কলিতা

গোটেই গাঁওখন আজি গাঁওবুঢ়াৰ চোতালত উবুৰি খাই পৰিছেহি। ওচৰ কেইঘৰৰ কথাই নাই, একেবাৰে সিমুৰৰ চেঁচুক বাঁহনিখনৰ তলৰ কেইঘৰ, ধোবাৰ কাম কৰা পৰশুৰাম, মৈমনসিঙৰ পৰা আহি গাঁৱে গাঁৱে হাজিৰা কাম কৰা কামালুদ্দিন, চাউলৰ মিলৰ মহৰী ভজহৰিৰ লগতে নামনিৰ পৰা উঠি অহা বিকৰ্ণ বসুমতাৰীৰ পৰিয়াল, গাহৰি মাংস নহ’লে এসাজো পেটলে নেযোৱা ধনেশ্বৰ গগৈ, গাহৰি খাই ধনেশ্বৰে গাঁওখনৰ জাত-পাত মাৰিলে বুলি মত পোষণ কৰা বিজয় মহন্ত মাষ্টৰ, মুঠতে গাঁৱৰ সকলো Who’s Who আজি গাঁও বুঢ়াৰ চোতালত পাটি পাৰি বহিছেহি। নবহিবনো কিয়? আজি গাঁওবুঢ়াই ৰাইজৰ সৈতে ‘মন কী বাত’ কৰিব বোলে। গাঁওবুঢ়াক ভাল নোপোৱা মানুহ গাঁওখনত নাই। লোদোৰ পোদোৰকৈ সভাশুৱনি মানুহজনে আজিলৈকে কাকো খঙেৰে মাত এষাৰ দি পোৱা নাই। এইহেন পদৱীত থাকিও মানুহজনৰ গপ ভেম বোলা বস্তুটো নাই, মুখৰ পৰা ভগৱানৰ নাম নুগুচেই। বয়সত অলপ ডেকাচানেকীয়া হ’লেও গাঁওবুঢ়াৰ ব্যক্তিত্ব কিন্তু সকলোকে মুহিব পৰা, কি ল’ৰা, কি বুঢ়া সকলোৰে প্ৰিয় তেওঁ। আনকি তেখেতে গাঁওবুঢ়া নিৰ্বাচিত হোৱাৰ সময়ত গাঁৱৰ কেটেঙ মেটেঙ, মূৰ খুৰোৱা গায়ক এজনে গান এটাও লিখিছিল, বৰ জনপ্ৰিয় হৈছিল গানটো। মুঠতে ক’বলৈ গ’লে গাঁওখনত সকলোফালে আনন্দময় পৰিবেশ আজি।

গাঁওখনৰ নাম সোণতলী! পিচে অতীজতে গাঁওখন সোণতলী নাছিল, নানান ঠাইৰ মানুহে আহি পতা বাবে গাঁওখনৰ কেইবাটাও নাম দিয়া হ’ল, পিছত মাৰ গ’ল। কালত নতুন নাম ওলাল, সেইটোও এসময়ত মাৰ গ’ল। পিচে এদিন গাঁওখনৰ কেইজন মান ডেকাই বোলে- এই কথাই কথা নহয়, এনেকে দল বাগৰি ফুৰাতকৈ গোটেই গাঁওখন আলি পদূলি, ঘৰ দু্ৱাৰ সকলো সোণেৰে বন্ধাই গাঁওখনৰ নামটো স্থায়ীভাৱে ‘সোণতলী’ কৰি পেলোৱা যাওক। পৰিকল্পনাত গাঁৱৰ ৰাইজেও সঁহাৰি দিলে, পিচে সেইমতে কাম নহ’লগৈ। সোণৰ দাম যি গতিত বাঢ়িল, আলি পদূলি কি, বিয়াত কইনাক দিবলৈ জোৰোণলৈ বুলি আঙুঠি এটাও গঢ়িবলেকে অসুবিধা হ’লগৈ। শেষত যেনিবা সোণতলী নামটোকে লৈ ৰাইজে সন্তোষ লভিলে।

সোণতলী গাঁৱলৈ অনেক গাঁওবুঢ়া আহিল, গ’ল, মাজতে সেই সোণাৰী ল’ৰাহঁতৰ এজনো গাঁওবুঢ়া হ’ল। কিন্তু গাঁৱৰ সমস্যাবোৰ একেই থাকিল, দুই এটা বাঢ়িলে যদিও নকমিল। ৰাইজ অতিষ্ঠ হ’লগৈ এসময়ত। কি কৰিব কি নকৰিব, কাৰ মুখলে চাব?

তেনে এটা দিনতে যেনিবা এইজনা গাঁওবুঢ়া ওলালহি, আসস!! ৰাইজে স্বস্তিৰ নিশ্বাস পেলালে। এই হেন দেৱোপম মানুহজন দেহি ঐ। দেশৰ কাম কৰি কৰি নিজৰ কথা ভাৱিবলে সময়ে নেপালে, বিয়া বাৰু পতাই নহ’ল। সেইবুলি আজিও সেই থুলন্তৰ ৰাজকীয় চেহেৰাৰ গাঁওবুঢ়ালৈ ছোৱালী দিয়া মানুহৰ অভাৱ নাই, কিন্তু তেওঁ নিৰ্বিকাৰ। নাই তেওঁ গাঁৱৰ বাবেই নিজৰ দেহ প্ৰাণ সমৰ্পিত কৰিছে, ব্যক্তিগত সুখ দুখ তেওঁৰ বাবে গৌণ। আৰু মানুহজনৰ জ্যেষ্ঠজন, গুৰুজনৰ প্ৰতি যি অসীম ভক্তি, ভগৱানৰ ওপৰত যি অটল বিশ্বাস, আৰ্তজনৰ প্ৰতি যি দৰদ, আসস! ভাৱিলেই মন প্ৰাণ পুলকিত হৈ উঠে।

গাঁওবুঢ়াৰ চেহেৰা, ব্যৱহাৰ পাতি দেখি সকলো নিশ্চিত হ’ল যে তেওঁ গাঁওবুঢ়াৰ পদৱী গ্ৰহণ কৰাৰ দিনাৰপৰাই গাঁওখনৰ চেহেৰাই সলনি হৈ যাব। আগতে জকাইচুকীয়া, কোনেও চিনি নেপোৱা বুলি দহো ৰাইজে ইতিকিং কৰা গাঁওখন, মহকুমাৰ ভিতৰতে সকলো দিশতে এক নম্বৰ গাঁও হ’বগৈ। গাঁওবুঢ়ায়ো ৰাইজৰ আগত পণ ল’লে, তেওঁ গাঁওখনলৈ পৰিৱৰ্তন আনিব, গাঁওবাসীসকলৰ জীৱনলৈ কেৱল ভাল দিনেই নহয়, ভাল ৰাতিও আহিব।

এইজন গাঁওবুঢ়া আনৰ দৰে নহয়, তেওঁৰ কৰ্মপদ্ধতিয়ে সুকীয়া। তেওঁ আধ্যাত্মিক ভাৱধাৰাত বিশ্বাসী লোক। আগৰ গাঁওবুঢ়া বিলাকে গাঁৱৰ কাম কৰিবলৈ বাটে ঘাটে অনাই বনাই ঘূৰি ফুৰিছিল, যি টি অদৰকাৰী মানুহৰ লগত কথা বতৰা পাতি সময় নষ্ট কৰিছিল, পুৱাই কাৰ্যালয়লৈ গৈ দিনৰ দিনটো তাতে ফাইল চাই, কথাৰ মহলা মাৰি ‘টাইম পাছ’ কৰিছিল। এইজনা গাঁওবুঢ়াই ৰাইজৰ কাম কৰিবলৈ নতুন উপায় উদ্ভাৱন কৰিলে। তেওঁ গাঁৱৰ ৰাইজৰ উন্নতিৰ উপায় বিছাৰি ধ্যানত বহিল। ধ্যানো ধ্যান, মানে মাহ মাহ জোৰা ধ্যান। সেইখিনি সময়ত তেওঁক কোনেও দেখাও নেপায়, লগো কৰিব নোৱাৰে। অফিচৰ কামখিনি কি নো আৰু, সহকাৰীজনেই চায় সেইখিনি। গাঁওবুঢ়া ধ্যানত বহে, মাজে মাজে ধ্যানত কিবা গূঢ় তত্ত্বৰ সন্ধান পায়, দুদিনলৈ ওলাই আহি সেই তত্ত্বখিনি ৰাইজক বুজায়, সেইমতে কাম কৰে, আৰু আকৌ ধ্যানলৈ ঘূৰি যায়। গাঁওবুঢ়াৰ এই আধ্যাত্মিক কৰ্ম পদ্ধতি দেখি ৰাইজে সজ সজ বুলিলে।

তেনে এটা ধ্যানতে বোধয়, গাঁওবুঢ়াই উপলব্ধি কৰিলে, সোণতলীৰ ওপৰত ভগৱানৰ আশীৰ্বাদ জোখতকৈ অলপ কম হোৱাটোৱেই গাঁওখনৰ অনৰ্থৰ মূল। গতিকে অনতিপলমে তেওঁ সৰ্বদেৱতাৰ সন্তোষৰ অৰ্থে এক মহাযজ্ঞৰ আয়োজন কৰিলে। এনে যজ্ঞ গাঁৱৰ ৰাইজে কেতিয়াও দেখাও নাই, শুনাও নাই। আমেৰিকা নে অষ্ট্ৰেলিয়াৰ পৰা শাস্ত্ৰজ্ঞ পণ্ডিত মাতি আনি দহ দিন দহৰাতি জুৰি মহাযজ্ঞ কৰা হ’ল। বুঢ়ালোকে কোৱা মতে, ৰামায়ন মহাভাৰতৰ যুগতো হেনো এনে যজ্ঞ হোৱা নাছিল। মহাভাৰতত তক্ষকক বধিবলৈ জন্মেজয়ে পতা ‘সৰ্পযজ্ঞ’ৰ সৈতেহে বোলে এই যজ্ঞৰ তুলনা হয়। ৰাইজে গম পাই গ’ল- এই জন্মেজয়ে ‘সৰ্পযজ্ঞ’ পাতি সকলো সাপকে জুইত পুৰি মাৰি পেলোৱাৰ দৰে গাঁওবাসীৰ সকলো অপায় অমংগল যজ্ঞৰ জুইত জাহ যাব। ধইন ধইন বোলাৰ বাদে ৰাইজৰ আন একো উপায় নেথাকিল। নতুন দিনৰ নতুন সূৰ্য্যই গাঁওবাসীৰ জীৱনলৈ আমূল পৰিবৰ্তন কঢ়িয়াই আনিলে।

পিচে সেইখিনিতে সৰু সুৰা লেঠা এটা লাগি পৰিল।

এদিন চহা প্ৰেমিক কবি এজনে কবিতা এটা লিখিছিল,

“’বুৰে দিন’ৰ গছ নেথাকিলেনো
ক’ত আহি জিৰাবহি,
‘অচ্ছে দিন’ৰ চৰাই?”

সমস্যাটো সেইটোৱেই হ’লগৈ শেষত। গাঁওবুঢ়াই ‘ভাল দিন’ৰ চৰাইবোৰ যিমানে হাবিৰপৰা হুৰাই, ধান চাউল খুৱাই, দলিয়াই, ফৰ্মুটিয়াই মাতি নানক কিয়, বহিবলৈ ‘বেয়াদিন’ৰ গছ নথকাৰ দোষত সকলো চৰাই আকৌ উৰি গুছি যায়গৈ। গাঁওবুঢ়াৰ আপ্ৰাণ চেষ্টা বিফলে যাওঁ যাওঁ। লাহে লাহে মানুহে তেওঁক অলপ অচৰপ বেয়া পাবলৈ ধৰিলে। বেছি মিঠাই ডায়েবেটিছ কৰাৰ দৰে হ’লগৈ কথাটো। দুই একে গাঁওবুঢ়া সলাব লাগে বুলিও কথা পাতিছে। ধ্যানবলে সেইকথা গম পাই, আজি গাঁওবুঢ়াই ধ্যান এৰি ৰাইজৰ মাজলৈ ওলাই আহিছে। আজি তেওঁ সকলোৰে সৈতে খোলাখুলিকৈ কথা পাতিব। মানুহবোৰক বুজাব, যে বেছি মিঠা খালে অলপ পেট ওকটপাকট লাগেই, সেইখিনি সহ্য কৰিবই লাগিব।

চোতালত চকী এখন পাৰি গাঁওবুঢ়া বহিছে, পুৱাৰ উমাল ৰ’দত তেওঁৰ পকা ঠেকেৰাৰ বৰণৰ মুখখন উজ্বলি উঠিছে। সদাহাস্য বদন তেওঁৰ, চকুৱে মুখে লাগি থকা হাঁহিটো নুগুচেই কেতিয়াও। জয়জয়তে গাঁওবুঢ়াই ৰাইজক সম্বোধি তিনিঘণ্টা জোৰা চমু ভা‍ষণ এটি ৰাখিলে। ভাষণত তেওঁ পাত পাত কৰি বুজাই দিলে যে তেওঁৰ দিনত গাঁওখনলৈ কিমান পৰিবৰ্তন আহিল, দিনবোৰ আগতকৈ কিমান ভাল হ’ল, জিলাৰ অফিচাৰ সকলে এইগাঁৱখনক কিমান ভাল পোৱা হ’ল। ৰাইজে মন দি শুনিলে- পিচে বুজিহে নেপালে ভালকৈ। ইমান উচ্চস্তৰৰ ভাষণ বুজিব পৰাকৈ গাঁওবাসীৰ শিক্ষা-দীক্ষা, অভিজ্ঞতা কম। এই গাঁওবুঢ়াই কৈ থকা ‘ভাল দিন’ বোলা বস্তুপদনো কি সেইটোকে ৰাইজে বুজা নাই ভালকৈ। তথাপি ভাষণৰ পৰা অনুমান কৰিলে- যি হৈছে, সকলো ভালেই হৈ আছে চাগে। আমি মুৰুখমতি বাবেহে বুজি পোৱা নাই।

ভাষণৰ পিছত নাওমান সাত্বিক জলপান কৰি গাঁওবুঢ়া এইবাৰ ৰাইজৰ লগত ‘মনৰ কথা’ পাতিবলৈ আগবাঢ়িল। এইটো আকৌ একেবাৰে নোহোৱ নোপজা কথা, গাঁৱৰ নদাই ভদায়ে গাঁওবুঢ়াৰ সৈতে চকুত চকু থৈ কথা পাতিব!

ই কি সম্ভৱ?

হয় সম্ভৱ। সেয়াচোন কথা বতৰা আৰম্ভ হ’লেই।

পোন প্ৰথমেই আগবাঢ়ি আহিল, গাঁৱৰ একমাত্ৰ থলুৱা ব্যৱসায়ী, গাঁৱৰ উন্নতিৰ বাবে সংকল্পবদ্ধ বিশিষ্ট ধাৰ্মিক নাগৰিক জুটমল কৰোৰীমল চেৰাউগী। আজি তিনিবছৰ ধৰি এইখন গাঁৱতে বসবাস কৰি অহা চেৰাউগীক, কেৱল হিংসাকুৰীয়াসকলৰ বাদে সকলোৱে ভাল পায়। তেওঁ দেৱালীত গাঁৱৰ ৰাইজক মিঠায়ো খুৱায়। গাঁওবুঢ়াৰ লগত তেওঁৰ একেবাৰে ওচৰ সম্পৰ্ক! তেওঁৰ হাতত ছুটকেছ এটা। তেওঁ আগবাঢ়ি আহি গাঁওবুঢ়াৰ কাণে কাণে কিবা এষাৰ ক’লে- গাঁওবুঢ়াৰ চকু মুখ উজ্বলি উঠিল। তেওঁৰ কথাখিনি মনপুতি শুনাৰ পাছত গাওবুঢ়াই গলখেকাৰি এটা মাৰি ৰাইজক উদ্দেশ্যি ক’লে-

: কৃ‍ষ্ণ, কৃষ্ণ! (ভগৱান কৃষ্ণৰ নাম নোলোৱাকৈ গাঁওবুঢ়াৰ মুখৰপৰা এটাও বাক্য নোলায়), ৰাইজ! চেৰাউগী ডাঙৰীয়াই আমাৰ গাঁওবাসীৰ দুখ দুৰ্দশা আঁতৰ কৰিবলৈ এটি সুন্দৰ উপায় দিছে, মই অতি সন্তোষ পাইছোঁ। তেওঁ কৈছে- গাঁওবাসীয়ে এইযে চাউল মুঠি মোকলাবলে শাওণ মহীয়া টিকা ফটা ৰ’দত হাল বাই, কোৰ মাৰি, কঠিয়া তুলি, ভুঁই ৰুই প্ৰাণপণে কষ্ট কৰে; তাকে দেখি তেওঁৰ কোমল অন্তৰ দুখত ভাঙি পৰিছে, দুচকুৰ পৰা নিগৰা অশ্ৰুৰ ধাৰাই মজিয়াৰ মখমলৰ কাৰ্পেট ভিজাই পেলাইছে। তেওঁ ক’ব খোজে, তেওঁ জীয়াই থকালৈকে, তেওঁ গাঁওবাসীৰ এনে কষ্ট হ’বলৈ নিদিয়ে। সেয়ে তেওঁ প্ৰস্তাৱ ৰাখিছে- যে গাঁওখনৰ বছৰি যিমান চাউল, ডাইল, শাক পাতকে ধৰি যত যি খাদ্য বস্তু লাগে, গাঁৱৰ মানুহে নিজে কৰি খোৱাৰ আৱশ্যক নাই। তেওঁৰ দোকানতে আজিৰ পৰা সকলো পোৱা যাব। ৰাইজে মাত্ৰ গধূলি সময়ত তেওঁৰ দোকানলৈ এপাক মাৰি, নূন্যতম মূল্যৰ বিনিময়ত সেইবোৰ কিনি আনিলেই হ’ল। ইভিনিং ৱাকো হ’ব, খাদ্যও আহি যাব। খোজকঢ়া স্বাস্থ্যৰ পক্ষেও ভাল। মোৰ অতি পচন্দ হৈছে তেওঁৰ প্ৰস্তাৱ। গতিকে গাঁওবাসী, আজিৰ পৰা আপোনালোকৰ দুখৰ দিন গ’ল- ৰ’দত শুকাই, বৰষুণত তিতি, মৰঘাম বাজ কৰি খেতি কৰিব নেলাগে। হাত তালি দিয়ক ৰাইজ, চেৰাউগী মাহাৰাজৰ বাবে। তালিয়াঁ , তালিয়াঁ!!!

কিন্তু এটা কথা, মই জানো, এইখন গাঁৱৰ অজীণপাতকীৰ অভাৱ নাই, কেইটামানে যে ইমান সুবিধা পায়ো নাঙলটোকে খামুছি ধৰি থাকিব মই জানো। সেয়ে আপোনালোকৰ সুবিধাৰ্থে, আৰু সেইসোপাক কাবু কৰিবৰ বাবে মই আজি আইনেই প্ৰণয়ন কৰি দিলোঁ- আজিৰ পৰা এই সোণতলী গাঁৱত- খেতি বাতি কৰি চাউলমুঠি মোকলোৱা নিষেধ, সকলোৱে চেৰাউগীৰ গোলাৰ পৰাই চাউল-মাহ কিনি খাব লাগিব।

তালিয়াঁ তালিয়াঁ তালিয়াঁ!!

সঁচা কথা ক’বলৈ গ’লে প্ৰথম প্ৰস্তাৱটোতে গাঁওবুঢ়াই বাজীমাত কৰি দিলে- তেওঁ গাঁৱৰ সকলো ডেকা ডেকেৰীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল। প্ৰকৃততে যিসকল ডেকা গাভৰুৱে স্কুল দুই এশ্ৰেণী পঢ়িছিল, তেওঁলোকে এইবোৰ কাম এনেয়ো বেয়া পাই। বুঢ়া বাপেকৰ খেচখেচনি শুনি এদিন ভুঁই ৰুবলে বা হাল বাবলে গ’লে চেহেৰাৰ যি অৱস্থা হয়, এমাহ মানলে চেলফিকে উঠিব নোৱাৰা হৈ যায়। গতিকে তেওঁলোকে ‘তালিয়োঁ কি গৰগৰাহত চে’ গাঁওবুঢ়াৰ এই প্ৰস্তাৱক সমৰ্থন জনালে। এটা ভৰি চিতাত তুলি থোৱা কেলেহুৱা বুঢ়া দুটামানেহে ইজনে সিজনৰ চকুলে চোৱা দেখা গ’ল।

তাৰ পাছতে একলগে কেইবাজনো লোক আগবাঢ়ি আহিল- প্ৰায় একেলগেই ক’লে তেওঁলোকে… দেউতাৰ বছৰেকীয়া শ্ৰাদ্ধ!!!! ন পুৰুষৰ সকাম!! মাজুজনী ছোৱালীৰ বিয়াৰ ৰিচেপচন!! ভতিজাজনীৰ তোলনি বিয়া!! আঠমঙলা!! সত্য নাৰায়ণ পূজা!! কথাবোৰ ইটো সিটো প্ৰতিধ্বনিত হোৱাৰ দৰে হ’ল!

গাঁওবুঢ়াই এই পদৱীটো লৈ সকলোতকৈ ভাল পোৱাৰ কাৰণ এইটোৱেই, সকলোৱে ঘৰত কিবা এটা পাতিলে তেওঁক নিমন্ত্ৰণ জনাই, আৰু তেৱোঁ কেতিয়াও না নোবোলে। তেওঁ সহকাৰীক ইংগিত কৰিলে, সহকাৰীয়ে সকলো এফালৰ পৰা লিখি গ’ল। গাঁওবুঢ়া যাবই, লাগিলে পুৱা দহটাত শেষ হোৱা সকামটো খাবলৈ ৰাতি এঘাৰ বজাত ওলাবগৈ, কিন্তু যাব। আৰু তাৰ বাবে গৃহস্থ, তেওঁৰ সুৰক্ষা কৰ্মী, ভলণ্টিয়াৰ সকলোৱে সেইমতে অপেক্ষা কৰিব লাগিব। লাগিবই, তথাপি গাঁওবুঢ়াই এই অনুষ্ঠানবোৰ এৰি নিদিয়ে। মানুহৰ লগত থাকিব তেওঁ, তেওঁৰ জীৱন সাধাৰণ মানুহৰ বাবে সমৰ্পিত।

ইয়াৰ পিছতে আগবাঢ়ি আহিল- মিছ সোণতলী খ্যাত প্ৰিন্সেছ এঞ্জেল কাট্ৰিনা! সেইটো পিচে ফেচবুকৰ নামহে, আচল নামটো নিবেদিতা বৰা! কিন্তু তেওঁক কোনোবাই নিবেদিতা বুলি মতা আৰু টেকেলী কঁদোৰ বাহৰ ওপৰত তাণ্ডৱ নৃত্য কৰা একেই কথা। তেওঁ সেই আউটডেটড নামটো বেয়া পায়, অধিকাৰ আছে তেওঁৰ বেয়া পাবলৈ। গতিকে সকলোৱে তেওঁক কাট্ৰিনা বুলিয়ে মাতে। পিচে শতৰুৱেও ক’ব লাগিব, কাট্ৰিনা দেখাত ধুনীয়া, গাঁওখনত ধুনীয়া ছোৱালী বুলিলে তেওঁৰ নামটোৱেই প্ৰথমতে আহিব। কাট্ৰিনাই ফ্ৰক এটা পিন্ধি আহিছে। তেহেলে তেওঁৰ ফ্ৰক পিন্ধাৰ বয়স গ’ল বুলিয়ে দুই এক চকু চৰহাই কয়- পিচে সেইবোৰত কোনে কাণ দিয়ে। গাঁওবুঢ়ায়ো কাট্ৰিনাক বৰ ভাল পায়। কাট্ৰিনাৰ সাংঘাটিক প্ৰতিভা আছে, কেৱল সুবিধা নাইপোৱা বাবেহে বিকাশ হোৱা নাই বুলি তেওঁ আগতেই কেইবাবাৰো কৈ থৈছে। কাট্ৰিনাক দেখিয়ে গাঁওবুঢ়াই তেওঁক আথেবেথে মাতি আনি কাষতে বহাই ল’লে! সুধিলে- কোৱাচোন তোমাৰ কি সমস্যা?
কাট্ৰিনাই আকৌ গাঁওবুঢ়াক দাদা বুলিয়েই মাতে। যিমানেই ব্যস্ত নেথাকক কিয়, কাট্ৰিনাৰ ফোন আহিলে গাঁওবুঢ়াই উঠাবই। গাঁওবুঢ়াৰ লগত দুটামান চেলফি তুলি লৈ কাট্ৰিনাই আৰম্ভ কৰিলে,

: চাওক না গাঁওবুঢ়া দাদা, টাউনত ‘ছল্লু ডাৰ্লিঙ’ৰ নতুন চিনেমা আহিছে। আৰু ‘পাপা’ই মোক চাব যাব নিদিয়ে, টিকটৰ পইচাও নিদিয়ে, আপুনি কিবা এটা মেনেজ কৰক না!! প্লীঈঈঈঈঈঈঈজজজজজজ!!

কথাখিনি কোৱাৰ সময়ত কাট্ৰিনাই নানান প’জেৰে মোবাইলটোত চেলফি তুলি থাকিল। গাঁওবুঢ়াই কাট্ৰিনাৰ কান্ধত লাহেকৈ হাত এখন ৰাখিলে, আৰু ক’লে-

: কৃষ্ণ কৃষ্ণ! তুমি চিন্তা নকৰিবা। তোমাৰ বুঢ়া বাপেৰ পুৰাণা জামানাৰ মানুহ। তোমালোকৰ প্ৰজন্মৰ ভাল পোৱা বেয়া পোৱা, শাৰীৰিক …… আই মীন, মানসিক, সাংস্কৃতিক, নৈসৰ্গিক প্ৰয়োজন বুজি নেপোৱা মানুহ। বাদ দিয়া তেওঁৰ কথা, তুমি এটা কাম কৰা, এইটো লোৱা! তোমাৰ ছল্লু ডাৰ্লিঙৰ চিনেমাৰ টিকেট। আৰু শুনা, মেজিকত উঠি নেযাবা আকৌ, টেক্সি লৈ যাবা। এয়া পইছা লোৱা! আৰু ফেচবুকত ফটো দিলে মোক টেগ কৰিবলৈ নেপাহৰিবা হাঁ! কৃষ্ণ কৃষ্ণ!

কাট্ৰিনা উঠি যাওঁতেও গাঁওবুঢ়াই তেওঁক পিছফালৰপৰা একেথৰে চাই থাকিল, কাট্ৰিনায়ো তেওঁলৈ ঘূৰি চাই চকু টিপ এটা মাৰি গ’ল। গাঁওবুঢ়ায়ো সকলোৰে অল‍ক্ষিতে নিজৰ জেপত থকা আৰু এটা টিকেট চুই চালে, কাট্ৰিনাক দিয়া টিকেটটোৰ কাষৰ ছীটটোৰেই টিকেট সেইটো।

আকৌ তালিয়াঁ বাজিল। সকলোৱে গাঁওবুঢ়াৰ বদান্যতা দেখি সজ সজ বুলিলে। আৰু একো বুলিবলে নায়েই ‍যে, থাকিলেও গাঁৱলীয়া মগজে ক’ত ঢুকি পাব।

অৱশ্যে সভাসদৰ পিছফালৰপৰা যোৱাবাৰৰ মিছ সোণতলী নাং এঞ্জেল প্ৰিয়া উচাৎ মাৰি সভাথলীৰপৰা ওলাই যোৱা কাৰো চকুত নপৰিল।

কামালুদ্দিনে বহু দেৰিৰপৰা হাত দাঙি আছিল, তাৰো কিবা ক’ব লগা আছে বোলে, গাঁওবুঢ়াই এইবাৰ তাক সুযোগ দিলে!

: গাঁমবুৰা চাৰ! আমাৰ ঐ এনাৰ্চিতে নাই আইছে না! অখন খিটা অইবো, আমৰা গ্ৰাম চাইৰা আবাৰ ফিৰে যাইতে লাগব নি? কিছু এখটা খইন, কি খৰব আমাৰা? আৰ কি বুঝছি, আপনাৰাও খালি হিন্দুৰাকে ৰাখবেন, মুছলিম গুলোৰে ফাটাই দিবেন!!

: কৃষ্ণ কৃষ্ণ! ধেত অঁকৰাটো! বহ বহ! ইমান টেনচন কিয় লৈছ? একো নহয়, মেঁ হু না! আমি ‘ফাটাই দিমু’ বুলিলেই কি তোৰ আগৰ গাঁৱখনত কোনোবাই তোক মাটি ভেঁটি দি বহাব নেকি? আচলতে কথাটো কি হ’ল জান? তোক আগৰ গাঁওবুঢ়াই ধোখা দিলে। বুজিবি কথাবোৰ। আমি ভজহৰিকো ৰাখিম, তোকো ৰাখিম। তহঁত নহ’লে আমাক কোনে জ্ঞান বুদ্ধি দিব, কোনে উন্নতিৰ পথ দেখুৱাব, কোনে কাম বন কৰি দিব? তহঁত আমাৰ বুকুৰ আপোন, একদম চিন্তা নকৰিবি। মোৰ বাবে সকলো সমান, তোৰ আৰু গাঁওবাসীৰ মোৰ সমান, কেৱল ভজহৰি অলপ তহঁতকৈ বেছি সমান। মোৰ বেয়া দিন চলোঁতে সি মোৰ লগত আছিল, মই তাক এৰিব নোৱাৰোঁ। চিন্তা নকৰিবি, কোনেও তোৰ নোম এডালো লৰাব নোৱাৰে। আৰু তোৰ মালিক সেই ভাচমল চাহাবৰ লগতো মোৰ ভাল, তেওঁ কেতিয়াও তোৰ অনিষ্ট হ’বলৈ নিদিয়ে। তোৰ কিবা অসুবিধা হোৱা যেন লাগিলে আমিয়ে ঝেং লগাই দিম, চাই থাক। কৃষ্ণ কৃষ্ণ!

আকৌ হাত চাপৰিৰ জাউৰি উঠিল। ৰাইজক আগতেই জনোৱা হৈছে, গাঁওবুঢ়াৰ সকলো কথাতে হাতচাপৰি দিব লাগিব, নহ’লে গাঁওবুঢ়াই আয়োজন কৰা দুপৰীয়াৰ ভোজত পাত নেপাব। ৰাইজৰ ভোক লাগিছে, ইফালে পাগৰ গোন্ধ মলমলাই উঠিছে। গতিকে হাত চাপৰিৰ জোৰ বাঢ়ি গৈছে। গাঁওবুঢ়াই ভজহৰিৰ ফালে এবাৰ চালে, দুয়োৰে যেন চকুৱে চকুৱে কিবা কথা হ’ল।

তেনেতে এটা হুলস্থুল লাগি পৰিল। মহকুমাৰপৰা কোনোবা মানুহ আহিছে, গাঁৱৰ খবৰ ল’বলৈ। গাঁওবুঢ়া চকীৰপৰা জঁপিয়াই উঠিল, ক’ত ক’ত? কোনফালে?

হুড খোলা জীপ এখনৰপৰা এজন চেঙেলীয়া ডেকা নামি আহিল। গাঁওবুঢ়াই তেওঁক চিনি পায়, তেওঁ মহকুমাধিপতিৰ খুলশালি। প্ৰভাৱশালী মানুহ।

তেনেতে গাঁওবুঢ়াই দিনটোৰ ‘মাষ্টাৰ ষ্ট্ৰ’কটো’ মাৰি দিলে। তেওঁ দৌৰ মাৰি গ’ল আৰু খুলশালিৰ চৰণত দীঘল দি পৰি ইনাই বিনাই গোৱা আৰম্ভ কৰিলে,

: অপৰাধ বিনাশন, তযু নামে নাৰায়ণ, জানি নামে পশিলো শৰণ………………………..”

মিলিটেৰী কাৰ্গো পিন্ধি অহা খুলশালি ভেবাচেকা খাই গ’ল। তেওঁ আচলতে গাঁওবুঢ়াৰ ওপৰত কিবা খং উঠিহে ইয়ালৈ আহিছিল। কিন্তু গাঁওবুঢ়া চৰণত পৰি দিয়াৰ পাছত তেওঁ একো ক’ব নোৱাৰা হ’ল। অৱশেষত তেওঁ ঘোষণাহে কৰিলে- তেওঁ এইখন গাঁৱত পৃথিৱীৰ সকলোতকৈ গধুৰ মূৰ্তিটো প্ৰতিষ্ঠা কৰিব। হাতচাপৰিৰ গৰ্জনত কোনেও একো নুশুনা হ’ল। বয়সত নহ’লেও পদৱীত জ্যেষ্ঠজনক কিদৰে সন্মান কৰিব লাগে, গাঁওবুঢ়াই হাতে কামে দেখুৱাই গ’ল।

এনেদৰেই এজন এজনকৈ মানুহ আহি থাকিল, গাঁওবুঢ়ায়ো সকলোকে বিধান দি থাকিল, হাত চাপৰি মাৰি মাৰি ৰাইজৰ হাতৰ তলুৱা ফৰফৰাই গ’লগৈ। হঠাতে পিছফালৰপৰা দিগম্বৰ আগবাঢ়ি আহিল, দিগম্বৰলৈ গাঁৱৰ সকলোৱে ভয় কৰে। পুৱাৰপৰাই ফিটিং হৈ থাকে তেওঁ। ঢলং পলং কৈ আগুৱাই আহি তেওঁ মোনাৰপৰা দীঘলীয়া কিবা এটা উলিয়াই গাঁওবুঢ়াৰ সমুখত ৰাখিলে।

: ছাৰ! আই এম দিগম্বৰ। মোৰ কোনো কমপ্লেইন নাই, আপুনি গাঁওখন বহুত ভালকৈ চলাইছে। চ’, মই আপোনাৰ কাৰণে গিফ্ট এটা আনিছোঁ। কালি টাউনলৈ যাওঁতে – চাওক, একদম দামী মাল এটা লৈ আহিছোঁ আপোনাৰ বাবে। এক পেগ মাৰি দিলেই আপোনাৰ দেহা মন ৰঞ্জিত ৰঞ্জিত লাগি যাব! আহক ছাৰ, গিলাচ দুটা আনক, ভোজ খোৱাৰ আগতেই এপেগ এপেগ মাৰি দিওঁ।

: কৃষ্ণ কৃষ্ণ! কি কোৱা হে দিগম্বৰ! তুমি মোৰ বাবে সুৰা আনিছা? মোৰ দৰে সাত্বিক মানুহৰ বাবে সুৰা? ইচ ইচ! কি কৰিলা তুমি? তুমিতো জানাই, মই এইবিলাকৰপৰা এশ যোজন দূৰত থাকোঁ, আই মীন দিনত। তুমি এটা কাম কৰা, যোৱা, ঘৰৰ ভিতৰলৈ যোৱা। তাতে অলপ বহি দুপেগ মাৰি অলপ প্ৰকৃতিষ্ঠ হোৱা। কৃষ্ণ কৃষ্ণ! মই অলপ পাছত গৈ তোমাক মদ খোৱাৰ অপকাৰিতাবিলাক ভালকৈ বুজাই দিম। দৰকাৰ হ’লে ডেম’ও দিম। যোৱা যোৱা! মদ অনৰ্থৰ মূল! ৰাইজ, আপোনালোকে কেতিয়াও মদ নেখাব। অতি বেয়া বস্তু! কিন্তু এটা কথা মনত ৰাখিব, সুৰা দৈৱবস্তু, সুৰাৰ অপমান কৰিব নেপায়, স্বয়ং ব্ৰহ্মায়ো চাৰিখন মুখৰ এখন কেৱল সুৰাপান কৰিবলৈকে ৰাখিছিল৷

বাৰু তেনে ৰাইজ, আজিলৈ আপোনালোকক এৰোঁ! মোৰো ধ্যানৰ সময় হ’ল! মোৰ কথাত হাত চাপৰি দিয়াসকলে সেই চামিয়ানাৰ ফালে যাওক, আৰু পেট ভৰাই খাওক। হাতচাপৰি নিদিয়াসকল ঘৰলৈ যাওকগৈ, ভৱিষ্যতে হাত চাপৰি বজোৱাৰ অনুশীলন কৰি আহিব। তেহে মাছে মঙহে খাবলৈ পাব, ভাল দিন দেখিব!

তেনেতে পিছৰপৰা খীণ মীন মানুহ এজনে চিঞৰি উঠিল-

: ছাৰ ছাৰ! নেযাব, কথা এটা, এটা নহয় বহুত কথা ক’ব লগা আছিল। মানে আজিকালি খাজনা বেছি হৈছে, বস্তুৰ দামো বলে নোৱাৰা হৈছেগৈ। যাৰে মন যায় সিয়ে গাঁওখন লুটি পুটি খাইছে, জীয়ৰী বোৱাৰী ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা হৈছে। যাকে তাকে মানুহে ডাইনী বুলি, সোপাধৰা বুলি জীয়াই জীয়াই জ্বলাই দিছে। চোৰ ডকাইতে দিনতে টিঘিলঘিলাই ফুৰিছে। ডেকা গাভৰুবোৰে কামবন, পঢ়াশুনা বাদ দি কেৱল মোবাইল খুচৰি দিন কটাইছে। বাৰীৰ ফলমূল শাকপাচলি বান্দৰে খাই তহিলং কৰিছে!!! কামালুদ্দিন নহ’লে জেওৰা এখন দিব জনা মানুহ এটাও গাঁওখনত নোহোৱা হৈছে!! গাঁওখন জাতি, ধৰ্মৰ নামত ভাগি টুকুৰা টুকুৰ হৈছে, ইটো খেলে সিটো খেলৰ প্ৰাণ ল’বলৈ উঠিপৰি লাগিছে। মানুহে খেতিৰ মাটি বেছি মটৰ চাইকেল কিনিছে, সকলোৰে মুখৰ মাত বিজতৰীয়া হৈছে। আপোনাক আমি ইমান আশাৰে গাঁওনায়ক পাতিছিলোঁ, পিচে আপুনি দেখোন….খুলশালিৰ চৰণতহে পৰিল! শুনকচোন ছাৰ… ক’লৈ গৈছে……………. মোৰ কথা শুনকচোন এবাৰ।

গাঁওবুঢ়াই হয়তো তেওঁৰ কথা নুশুনিলে, কাৰণ ভোজ খোৱাৰ আশাত ৰৈ থকা গাঁওবাসীৰ হাত তালিৰ গৰগৰণিত মানুহজনৰ মাত তল পৰি গ’ল।

☆★☆★☆

15 Comments

  • Anonymous

    এইটো একদম সাংঘাটিক ব্যংগ। উচ্চস্তৰৰ।

    Reply
  • Jyotirupam Dutta

    এইটো কি? কি লিখি দিলে এইটো? কেনেকৈ লিখিলে? কিয় লিখিলে? …. অদ্ভুত, অবিশ্বাস্য, ক্ষুৰধাৰ ব্যংগ৷

    হে মহাপ্ৰভূ! তোহ্মাৰ চৰণে লৈলো শৰণ!

    Reply
    • অভিজিৎ কলিতা

      চৰিত্ৰবোৰ দেখিয়ে আছো। লিখো বুলিলেই চন, বাকৰি মাটিতে ধন
      ধন্যবাদ

      Reply
  • অপৰাধ বিনাশন, তযু নামে নাৰায়ণ, জানি নামে পশিলো শৰণ..

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    অতি উচ্চস্তৰৰ ব্যঙ্গ দাদা।পঢ়ি বহুত ভাল লাগিল।

    Reply
  • হেমন্ত কাকতি

    ডাঙৰ কেচ দেখোন৷ মানে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপূত্ৰ একাকাৰ কৰি হৈছে আৰু! কিচন!
    ঝাকাছ!

    Reply
  • কাবেৰী মহন্ত

    কি লিখে দাদা…ইমান উচ্চখাপৰ চিন্তা ! কিমান যে ভাল লাগিল !

    Reply
  • অভিজিত কলিতা

    সকলোকে ধন্যবাদ।

    Reply
  • Suntu

    তিনিবাৰ পঢ়িলোঁ দাদা, ইমানেই কলোঁ।

    Reply
  • Mitali Saharia

    ক’বলৈ শব্দ নাই আচলতে।

    Reply
    • অভিজিত কলিতা

      অভিধান এখন কিনি লোৱা আকৌ 🙂
      অশেষ ধন্যবাদ। বন্ধুবোৰে ভাল পাইছো বুলিলেহে লিখিব মন যায়

      Reply
  • ৰাজশ্ৰী শৰ্মা

    বাপৰে দাদা। কি লিখিলে এইটো। আমিও সেই হাত চাপৰি বজাই মাছ মাংস ৰৈ থকা দলৰ হে। চাবুক পৰা দিছে একেবাৰে।

    Reply
  • কমলা দাস

    গাওঁ বুঢ়া জনৰ নিচিনা চৰিত্ৰ সমাজত দেখিয়েই থকা যায়।

    Reply
  • Raju Kumar Nath

    তালিয়াঁ”হাজাৰ দিলো।বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.