ফটাঢোল

গাধস্তান – জ্যোতিৰূপম দত্ত

প্ৰধানমন্ত্ৰীৰ বাসভৱন৷ ৰাতিপুৱাৰ সময়৷

: হেৰৌ৷ কোন আছ’৷ ইমান দেৰিৰ পৰা আটাহ পাৰি আছো৷ কাৰো দেখা দেখি নাই যে!

প্ৰধানমন্ত্ৰীৰ চিঞৰ শুনি খপজপকৈ অৰ্ডালী এজন দৌৰি আহিল৷ অৰ্ডালীজনৰ কাপোৰ কানি তথৈবচ, আধা পিন্ধা অৱস্থাতে প্ৰধানমন্ত্ৰীৰ কোঠাৰ পৰা মৰ চিঞৰ শুনি দৌৰি আহিছিল৷ অৰ্ডালীজন আহিয়েই প্ৰধানমন্ত্ৰীৰ সমুখত ঠিয় হৈ গোৰোহাৰে মাটিত ফোৰোহনি মাৰি চেল্যুট দিবলৈ লওতেই জোঁট-পোট খাই বাগৰি পৰিল৷

: উস! লাহৌল বিলাকুৱত! ভালকৈ ঠিয় দিবও নোৱাৰ’ নেকি ঐ! – প্ৰধানমন্ত্ৰী খঙত টিঙিৰি তুলা যেন হ’ল৷

: জোনাব্ ! গুড্ড মাৰলিং! সোনকালে কওকচোন কি লাগে৷ মই মানে গেছত পানী তুলি থৈ আহিছো৷ গৰম হবই পায়৷

: হেৰৌ, গুড্ড মাৰলিং নহয় গুড মৰ্ণিং! ইংৰাজী কব নাজানিলে উৰ্দুতে কবি৷ মিছামিছি ইনজামাম-উল-হক টাইপ ইংৰাজী কব নালাগে৷ সোনকালে চাহ একাপ দে!

: জোনাব্! গাখীৰ নাই, লাল চাহ খাব লাগিব আজি৷

: কিয়? গাখীৰ নাই নেকি?

: হয় জোনাব্! আপুনি প্ৰধানমন্ত্ৰী হৈ আহিয়েই নৱাজ শ্বৰীফে প্ৰধানমন্ত্ৰীৰ কোৱাৰ্টাৰত ৰখা ম’হকেইজনী বেচিলে৷ তাৰ পাছত ক’ত আৰু সদায় সদায় গাখীৰ খাবলৈ পাব৷ চাইনিজ দোকানকেইখনৰ পৰাই কেতিয়াবা আনো, আজি কেইদিনমান সেইকেইখনো বন্ধ আছে৷

: হ‘ব যা৷ আজি লাল চাহেই লৈ আন৷ মোক লগ ধৰিবলৈ কোনোবা অহা কথা আছিল, আহিছে নেকি চা চোন৷

: হয়, হাফিজ চয়ীদ আহি ৰৈ আছে!

: তৌবা তৌবা! কি কৰিলি তই! তেখেতৰ দৰে মানুহজনক ইমানপৰ ৰখাই থৈছ’৷ ৰ’ ৰ’, ময়েই আদৰি আনোগৈ৷ তই ভালকৈ চাহ দুকাপ কৰি আনগৈ৷ মিঠাই-বিস্কুট দিবলৈ নাপাহৰিবি কিন্তু৷

: মিঠাই নাই, কাটা বিস্কুটহে আছে!

: কি কৱ? সিদিনা সিদ্ধুৱে অনা মিঠাইসোপা শেষেই কৰিলি নেকি? যা যা, যি আছে তাকেই লৈ আহ!

প্ৰধানমন্ত্ৰী ইমৰাণ খানে হাফিজ চয়ীদক আদৰিবলৈ বিম্বাশৱদে বাহিৰলৈ দৌৰ দিলে৷

: এহ, কি যে আপুনি! আহক আহক৷ আজি কি যে ভাগ্য মোৰ৷ আহক আহক, জোতা খুলিব নালাগে, একেবাৰে ভিতৰলৈকে আহক!

হাফিজ চয়ীদে ভিতৰলৈ আহি ধপকৈ চোফাত বহি কোনো পাতনি নেমেলাকৈ চিধাই কথা আৰম্ভ কৰি দিলে৷

: খান চাহাব, মোক অলপ সহায়ৰ দৰকাৰ হৈছিল৷ পাৰিব নে? দুই এটা বস্তু লগা আছিল৷

: কি কয়, হাফিজ চাহাব৷ আপোনালোকেই সকলো চলাই আছে, সকলো আপোনালোকৰেই৷ কওকচোন কি লাগে?

: বিশেষ একো নাই৷ মানে ফাণ্ড অলপ লাগিছিল৷ মানে জেহাদী কেম্পবোৰ চলাবলৈ অলপ অসুবিধা পাইছো৷ বন্দুক বাৰুদ লাগে, কাৰ বোমাৰ বাবে গাড়ী লাগে, মানৱ বোমাৰ বাবে আহল বহল জেকেট লাগে, কাইঁটীয়া তাঁৰ কাটিবলৈ সঁজুলি লাগে, সিন্ধি খান্দিবলৈ চিপৰাং লাগে আৰু সবাটোকৈ ডাঙৰ কথাটো হ’ল যে সৰগৰ পৰীৰ ভিডিঅ’ দেখুৱাবলৈ প্ৰজেক্টৰ কেইটামানো লাগে৷

: এহ, বৰ বেয়া কথা হ’ল নহয়৷ মানে টকা পইছা মোৰ হাততো একেবাৰে নাই৷ আমেৰিকাইয়ো আগতে লাগ বুলিলেই দুহাত খুলি পইছা দিছিল৷ সেই লাডেনৰ কেচটো হোৱাৰ পৰা আজিকালি বৰ দিগদাৰ দিয়া হৈছে৷

: মই এনেয়ে অহা নাই৷ সকলো খবৰ লৈয়েই আহিছো৷ সিদিনা চৌডিৰ ৰাজকুমাৰে কোৱা পইছাখিনি দিলেই হৈ যাব৷

: মানে, মানে সেইখিনি পইছা পাকিস্তানৰ সাধাৰণ মানুহৰ বাবে শিক্ষা, যোগাযোগ, চিকিৎসা, ক্ৰীড়া আদিৰ ক্ষেত্ৰত খৰছ কৰিবলৈহে দিয়া হব বুলি কৈছিল তেখেতে৷

এনেতে বেহেৰাজনে ফিকা চাহ দুকাপ আৰু দুখন কাটা বিস্কুট আনি সমুখৰ টেবুলখনত থলেহি৷ ইমৰাণ খানে আথে বেথে চাহত পিয়লা এটা হাফিজ চয়ীদলৈ আগবঢ়াই কলে –

: ইয়াকেই খাওক আৰু, এইকেইদিন অলপ টান চলিছে৷ দেখা পাইছেই নহয়৷

: কাটা বিস্কুট! আমাৰ কেম্পবোৰৰ কুকুৰবোৰেও আজিকালি চাইনিজ ক্ৰীম কেক খায়! মই নাজানো বুলি নাভাবিব দেই৷ চব জানো৷ পইছা নায়েই যদি চৌডিৰ ৰাজকুমাৰক দিবলৈ সোণৰ এমপি ফাইভ চাব-মেচিনগানটোৰ বাবে পইছা ক’ত পালে? পইছা লাগিবই, আমিও আমাৰ কেম্প বিলাকত বেলেগ বেলেগ শিক্ষাহে দিও৷ কাৰোবাৰ ল’ৰা-ছোৱালীক বিজ্ঞান, গণিত আদি পঢ়ুৱাবলৈ মন আছে যদি আমেৰিকা, বৃটেইনৰ স্কুলত পঢ়াব৷ আপোনাৰ মোৰ ল’ৰা-ছোৱালীবোৰে বাহিৰতহে পঢ়ে৷ পিছে আমাৰ ইয়াত থকা কেলেহুৱাবোৰে এইবোৰেই শিকিব লাগিব৷ আৰু সেইবোৰ শিকি-বুজি নিজৰ গাত বান্ধি থকা ব’মটো ফুটোৱাৰ পাছত কোনো চিকিৎসাৰ দৰকাৰেই নপৰে৷ গতিকে সেইখিনি পইছাৰে হৈ যাব৷ আৰু এটা কথা, মই এখন ক্ৰিকেট খেল পাতিম বুলিও ভাবিছো৷ আজমল কাছভ মেমোৰিয়েল টুৰ্ণামেণ্ট! গতিকে ক্ৰীড়া শিতানত যদি কিবা ফাণ্ড আছে সেইখিনিও মোক লাগিব৷ আপুনি বহক৷ মই যাওঁ৷

: মানে মানে…. – ইমৰাণ খানে কিবা কবলৈ নৌ পাওতেই হাফিজ চয়ীদ উঠি গুচি গ’ল৷ চাহকাপৰ ফালে কেৰাহিকৈয়ো নাচালে৷

এনেতে কাষৰ টেবুলত থকা ফোনটো বাজিল৷ খানে ফোনটো উঠালে, সিফালে চিনাকী মাত এটা-

: হেল্ল’ খান চাহাব, মই মাছুদ আজহাৰে কৈছো৷ এটা সৰু হেল্প লাগে৷

: অ’, কওকচোন৷ আপোনাৰ বাবে এই বান্দাৰ জান হাজিৰ৷

: মানে মই কেইটামান নতুন প্ৰজেক্ট লৈছো৷ কেইখনমান অনাথ আশ্ৰম, হস্পিটেল, স্কুল খুলিব খুজিছো৷ মেইন চহৰকেইখনতে খুলিম৷ এই ধৰক ইছলামাবাদ, লাহোৰ, ৰাৱালপিণ্ডিত৷ মোক ভাল ধৰণৰ আহল বহল ঘৰ কেইটামান দিয়ক৷ চাব যাতে চব ফাইভ ষ্টাৰৰ সকলো বন্দৱস্ত থাকে৷ মানে এই ধৰক মাচাজ চেণ্টাৰ, জাকুজ্জি, চুইমিং পুল, ইনড’ৰ শ্বুটিং ৰেঞ্জ, ছাউণ্ডপ্ৰুফ ৰুম, চিনেমা ৰুম আদি৷

: মানে … মানে.. অনাথ আশ্ৰম, হস্পিটেল, স্কুলত এইবোৰ আকৌ কিয়?

: খান চাহাব, আপুনি জানেই, আজিকালি পাহাৰে পৰ্বতে মহৰ কামোৰ খাই, শত্ৰুৰ বোমা–গুলী খাই কেম্প কৰি থাকিব নোৱাৰি৷ গতিকে বাহিৰত চাইনবৰ্ডত অনাথ আশ্ৰম, হস্পিটেল, স্কুল লিখা থাকিব৷ ভিতৰত আমাৰ কামবোৰ ইয়াৰ পৰা আৰামত চলি থাকিব৷ গম পালেও কোনেও দেখাকৈ আক্ৰমণ কৰিব নোৱাৰিব! হেঃ হেঃ!! বাৰু থৈছো৷ চাইনিজ বেপাৰী দুটামান আহিছে, কি নতুন বোমা-বাৰুদ আনিছে চাই লও৷ আপুনি সোনকালে কৰক৷ মই আপোনাক পিছৰ সপ্তাহৰ জুম্মাবাৰত লগ ধৰি বিৰিয়ানী খুৱাম৷

ইমৰাণ খানে চাহকাপলৈ চালে৷ ঠাণ্ডা হৈ গৈছে৷ এনেতে অৰ্ডালীটো আকৌ সোমাই আহিল৷

: জনাব! গাধ কেইটাই আপোনালৈ ৰৈ আছে৷ আহক সোনকালে৷

: কোন? কমাণ্ডাৰ, জেনেৰেল কেইজন নেকি? সেইকেইটা আজি ইমান সোনকালে আহিল যে? নে আকৌ কিবা হ’ল?

: নহয় নহয়, সেই বেপাৰী জেনেৰেল কেইজন নহয়৷ আপোনাৰ পোহনীয়া গাধ কেইটাৰ কথা কৈছো৷ সেই কেইটাক লাই দি দি আপুনিয়েই নষ্ট কৰিছে৷ পুৱাই আপুনি নিজ হাতেৰে দুদালমান ঘাঁহ সিহঁতৰ মুখত নিদিলে দিনটোলৈ একো নাখায়৷ আৰু গাধকেইটাৰ নামবোৰো যে আপুনি ৰাখিছে – য়াছিন মালিক, গিলানী, চব্বিৰ শ্বাহ, মিৰৱাজ উমৰ ফাৰুক ….

: হ’ব, গৈ আছো যা৷

এনেতে এজন পাকিস্তানী সেনা বিষয়া কোঠালৈ সোমাই আহি ইমৰাণ খানক চেল্যুট দিলে৷ চেল্যুট দিয়াৰ সময়ত পেণ্টটো খহি পৰিবই খুজিছিল৷ কোনোমতে ধৰি ৰখালে যেনিবা৷ সেনা বিষয়াজনৰ পোছাকজোৰত তিনি ডজনমান মেডেল ওলমোৱা আছিল৷

: অ’ ! জেনেৰেল চাহাব! এইমাত্ৰ মোৰ গাধকেইটাৰ কথা পাতি থাকোতে আপোনাৰ কথা ওলাইছিল৷ আহক আহক৷ বহক৷

: জোনাব! আপোনাক দেখি আমাৰ বহুতেই এতিয়া গাধৰ বেপাৰ কৰিয়েই টকা দুটামান ঘটিবলৈ পাৰিছে৷ আজিকালি গাধৰ বেপাৰত ভাল ইনকাম৷ আমাৰ চাকৰি কেইটা বাহিৰত দেখুৱাবলৈহে৷ আচল ইনকাম বিজনেছৰ পৰাই আহে৷ মোৰ আনবোৰ বিজনেছ যেনে বেকাৰী, চেলুন, কাপোৰৰ দোকান, দৰ্জীৰ দোকানতকৈয়ো এতিয়া গাধকেইটাই বেছি লাভ দিবলৈ লৈছে৷ জনাব, আপুনি জানি খুচ হ’ব যে এই মাহত গাধ বেচিয়েই আমাৰ আটাইবোৰ অফিচাৰৰ ভিতৰত মই বেছি ইনকাম কৰিছো৷ আৰু আজি সেয়ে আপোনালৈ এটা কাৰ্টন লৈ আহিছো… মানে মানে… আপোনাৰ মানে… আপোনাৰ বাবে দৰকাৰী বস্তু লৈ আহিছো!

: এক কাৰ্টন! মানে এক বস্তা!! বাহ! এবস্তা হলেতো কথাই নাই৷ বেচ কিছুদিন চলি যাব পাৰিম! বহক বহক, চাহ খাই যাব লাগিব৷ বাঃ বঢ়িয়া! মই খুচ হৈ গ’লো৷ এই কামটোৰ বাবে আপোনাক মেডেল এটা দিম বুলি কথা দিয়েই দিলো৷

: জনাব, আপুনি বৰ ভাল৷ মানে কাৰ্টনত থকা এই ভুঁচিখিনিৰ কোৱালিটি বৰ ভাল, চাইনিজ মাল৷ আপোনাৰ গাধকেইটাই খাই বৰ ভাল পাব৷

: অ’! ভুঁচিহে নেকি? – ইমৰাণ খানে হতাশভাৱে ক’লে৷ জেনেৰেলজনে আকৌ কৈ গ’ল –

: বাৰু, মই বেলেগ কথা এটাহে চিন্তা কৰিছো৷ মোৰ ড্ৰেছজোৰত নতুনকৈ মেডেল লগাবলৈ ঠায়েই নোহোৱা হৈ আহিছে৷ তাতে আপুনি দিয়া মেডেল, ভাল এজেগাত লগাব লাগিব নহয় জানো?

ইমৰাণ খানে চকু দুটা মুদি লাহে লাহে কৈ গ’ল৷ –

: ভাল জেগা এডোখৰ আছে৷ মই কৈ আছো৷ তাতে লগাই ল’ব৷ সকলোৱে দেখি ঘুৰি ঘুৰি চোৱাটো নিশ্চিত৷ লংপেণ্টৰ পিছৰ পকেটখনত বাহিৰৰ পৰা মেডেলটো ওলমাই পিন মাৰি ল’ব! ■■
~~~~~~~~~~~~~~~~

[ওপৰত বৰ্ণিত স্থান, কাল, ঘটনা আৰু পাত্ৰসমূহৰ নাম আদি সম্পূৰ্ণ সত্য৷ যতে-ততে, যেতিয়াই তেতিয়াই প্ৰমাণ বিচাৰি থকা কোনোবা আছে যদি মোৰ সৈতে যোগাযোগ কৰে যেন৷ প্ৰমাণ বিচাৰি পাকিস্তানলৈ যাবলৈ আন ব্যৱস্থা কৰিব নোৱাৰিলেও অন্ততঃ এটা গাধ কিনিবলৈ ধনৰ যোগান ধৰিম বুলি কথা দিলো৷ মোৰ কথাখিনিৰ প্ৰমাণ বিচাৰি পাকিস্তানলৈ তেৰাই গাধটোত উঠিয়েই যাব পাৰিব৷ দুয়োটা গাধই সুকলমে যদি পাকিস্থানৰ পৰা ঘুৰি আহে তেন্তে ৰাইজেও এই কথাবোৰৰ সত্যাসত্য জানিব পাৰিব!]
☆ ★ ☆

10 Comments

  • ৰিণ্টু

    দাদা, কলমেৰে চাৰ্জিকেল ষ্ট্ৰাইক কৰি দিলে দেখোন

    Reply
  • হেমন্ত কাকতি৷

    এনেকৈ সত্য বচন আওৰাব নাপায়৷ ইমান হেণ্ডচাম হিৰো হেন মানুহজনৰ দেশৰ কাহিনী এনেকৈ কলে আমাৰ ৰদালী হতৰ কি হব? কিমান আঘাত পাব?

    হেটচ অফ!

    Reply
  • ভাল লাগিল।

    Reply
  • কমল তালুকদাৰ

    ৱাহ ! তামাম লিখিলে দাদা ।
    গাধাস্তানৰ ইমৰান খানক গুগলি ।

    Reply
  • খুব ভাল লাগিল৷

    Reply
  • Nayanmoni Haloi

    আচল চাৰ্জিকেল ষ্ট্ৰাইকটো আপুনিহে কৰিলে৷ বঢ়িয়া৷

    Reply
  • Jyotirupam Dutta

    সকলোকে আন্তৰিক ধন্যবাদ জনালো

    Reply
  • Anonymous

    এইটো কম ষ্ট্ৰাইক নিদিলে জ্যোতি দা!

    Reply
  • জয়ন্ত দাস

    চেল্যুট৷

    Reply
  • Anonymous

    বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.