ফটাঢোল

গাৰ্ল উইদাউট মোবাইল – তৃষ্ণা সোনোৱাল

মলয়া বাইদেৱে পুতেকৰ কাৰণে কইনা বিচাৰি ফুৰিছে, চৰ্তমতে কইনাৰ থাকিব লাগিব এটা বিশেষ গুণ। কিন্তু ক’ত সেই বিশেষ ‘কইনা’ ৰূপে অলংকৃতা, গুণে বিভূষিতা, শিক্ষাত সৰস্বতী, লক্ষ্মীৰ জেউতি চৰা অতবোৰ কন্যাক তেওঁতো ঘূৰিয়ে নেচালে।

-থোৱাহে তোমাৰ ৰূপ, থোৱাহে তোমাৰ গুণ। বাদ দিয়া তোমাৰ টকা, বাদ দিয়া তোমাৰ পঢ়া। মই বিচৰাবিধত তেনেই দুখীয়া, কেনেকৈ আনিম মই সেইজনী কইনা!

মলয়া বাইদেউৰ বেংকাৰ পুতেকৰ বিয়াৰ ভৰপক বয়স, বেচেৰাৰ ভয়ো সোমাইছে মাকে বিচৰা গুণৰ ছোৱালী নাপালে সি দেখোন আবিয়ৈ-হাবিয়ৈ হৈ হৈ থাকিব লাগিব।

মলয়া বাইদেৱে বুজায়,
-আবৈয়ৈ হাবৈয়ৈ নহয় হেৰ’ বুৰ্বক, জীৱনত বিয়া নপতা পুৰুষক বৰলা বুলি কয়। তই চিন্তা নকৰ বাবামানু, তোৰ কইনা ওলাবই ওলাব। মেৰি বোৱাৰী আয়েগি… জৰুৰ আয়েগি।

পাই গ’ল, সঁ‌চাকৈয়ে পাই গ’ল কইনা। মলয়া বাইদেউৰ জা-য়েকৰ ভায়েকৰ পুতেকৰে নে জীয়েকৰে নে ঘৈণীয়েকৰে বিয়া আছিল।

এঃ ইমানবোৰ আমাকনো কিয় লাগে, মুঠতে এখন ডাঙৰ পেণ্ডেলৰ বিয়া আছিল। ৰমক জমক লাইট আছিল, লাইটৰ তলত পুৰুষ মহিলা, ডেকা গাভৰু প্ৰতিবিধেই উপস্থিত আছিল।

মলয়া বাইদেউৰ চকু বিষাই যায় এইবোৰত, মূৰটোও বিষাই খঙত,

-নৰকীহঁত, নোপোৱাই পোৱাদি মোবাইলটোকে জুপি থাক। মাত এষাৰ নাই, কথা এষাৰ নাই, সেইটোতে সোমাই নাযাৱনো কিয় হেৰ’?

হয় দেই মলয়া বাইদেউ, বিয়া এখন খাব আহি মহিলাবোৰে কাপোৰ নাচাই, পুৰুষবোৰে প্ৰাকৃতিক পৰিবেশ নাচাই, ডেকাবোৰে ছোৱালী নাচাই, ছোৱালীবোৰে ডেকা নাচাই আপোনমনে মোবাইলটোকে যদি চাই থাকে পৃথিৱীৰ আৱৰ্তন-বিৱৰ্তন হ’ব কেনেকৈ হে!
মাজতে ঝিলিককৈ লাইট এটা জ্বলিব, সেইকনেই যি মূৰ দঙা। কৃষ্ণ গোপাল, সেই লোহাচটাত কিনো আম্বানীৰ কোষ্ঠীখন সোমাই আছে গোটেই মখাই জুমি – জুমি চাবলৈ।

মলয়া বাইদেৱে ফোপাই জোপাই উঠিব লওঁতেই চকুত পৰে বিশেষ এটি কন্যাত।

-হে মোৰ কৃষ্ণ গোঁসাই, কোটি কোটি ধন্যবাদ তোমাক। কিহে দি পূজিম তোমাকে ঈশ্বৰ ও…..
আনন্দতে মলয়া বাইদেউৰ চকুপানীৰ লগতে চুটি মুটি প্ৰাৰ্থনা এটাও নিগৰি আহিল।

বিয়াঘৰৰ শত সহস্ৰ মানুহৰ মাজত থাকিও অকলশৰীয়াকৈ আমন জিমনকৈ বহি থকা একমাত্ৰ প্ৰাণীটিলৈ মলয়া বাইদেউৰ মৰম উথলি আহিল।
আলেখ-লেখ চাই লগাই হুৱাদুৱা, মলয়া বাইদেৱে কৰিলে কন্যাটিৰ খোজা বঢ়া।
বোলে, “এইটিয়েই মই বিচাৰি থকা অমূল্য ৰত্ন। ন ঘণ্টা বুজিছা, সম্পূৰ্ণ ন ঘণ্টা মই তাইকেই লক্ষ্য কৰি আছোঁ।”

-“আও আই, কিয় বা?”

-“কৈছাহেনে, সেই সম্পূৰ্ণ ন ঘণ্টাত এবাৰো তাই মোবাইলটো চোৱা নাই, ছেলফি-ফেলফিটো দূৰৰে কথা। ভাবাচোন কিমান ডাঙৰ কথা! মোবাইল নোচোৱাকৈ ইমান সময় থাকিব পাৰিছে কিমান গুণী ছোৱালী হ’ব এই! আজিৰ যুগৰ কি দূষ্প্ৰাপ্য ছোৱালী, তাইয়েই হ’ব মোৰ লখিমী বোৱাৰী।

-“তাইৰ মবাইল নাথাকিবটো পাৰে।”

-“আছে, মই সেয়াও খাটাং কৰিয়েই কৈছোঁ।”

মুঠতে মলয়া বাইদেউ খুশ, পুতেকো ছোৱালীৰ ৰূপ লাৱণ্যত খুশ। কইনাৰ মাক দেউতাকো খুশ সন্মুখত হঠাতে বেংকাৰ জোঁ‌ৱাই।
পিছে কইনা মানে আমাৰ চেংকলিয়ে একো ভূকে নাপালে..ঘৰ গৈ পোৱাৰ চিন্তাই খুলি খাইছে বেচেৰীক।

নিশা ১০ বজাত ঘৰ পায়েই বিচনাত চেংকলি ধাচ…… বেগৰপৰা মবাইলটো ওলিয়াই লাহেকৈ চাৰ্জিং পইন্টত লগালে।

উফ ৰক্ষা…. উশাহটো এতিয়াহে ঘূৰিল। সঁ‌চাকৈ পাই, চাৰ্জ নোহোৱাৰ বাবে মোবাইল অফ্ হৈ তাইৰ কি যে অৱস্থা হৈছিল! বিয়াঘৰত একেবাৰে থম-থম মদনগোপাল। ভাল যে আগবেলাতেই ফটোবোৰ তুলি থৈ দিছিল।

বেটাৰী পাৰ্চেণ্টেজ ২% হোৱাৰ লগে লগে চেংকলি ওৰফে মলয়া বাইদেউৰ হ’বলগীয়া লখিমী বোৱাৰীয়ে ডেটা অন কৰি ফেবুত ৫৬খন ফ’টো আপলোড কৰি পষ্ট দিয়ে,

“মি এনজয়িং ছিষ্টাৰচ ৱেডিং, feelings happy with 192 others.”

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.