ফটাঢোল

গিলিবিলি বোমবোম – সৌমিত্ৰ যোগী

অলপ বুজা হোৱাৰে পৰাই মই বৰ অশান্তিত দিন কটাইছো। ঠিক কি ধৰণৰ অশান্তি মই নিজেই বুজি নাপাওঁ। মাজে মাজে অশান্তিৰ উৎসটোনো কি তাকে অনুধাৱন কৰিবলৈ চেষ্টা কৰোঁ। প্ৰথমতে কথাটো শৰীৰৰ ভিতৰত যেন লাগিছিল। যেন ডিঙিটোত কিবা এটাই সোপা মাৰি ধৰিছে। যেন ডিঙিটোত বৰালী মাছৰ কাঁইট এডালহে লাগিছে। খেপিয়াই চাওঁ, কিন্তু বাহিৰৰ পৰা একো গম ধৰিব নোৱাৰোঁ, টৰ্ছ মাৰি চালেও একো নেদেখো। লাহে লাহে ভয় লাগিবলৈ ধৰিলে। কথাটো ভয়ে ভয়ে মাকে ক’লো। মায়ে মোক শুকান ভাত খোৱাৰ বুদ্ধি দিলে। খালো। কামত নাহিল। বহুত ভবাৰ অন্তত নিজে এটা বুদ্ধি উলিয়ালোঁ। পকা চেনিচম্পা কল খাই গলৰ ভিতৰটো পিছল কৰি লৈ আধাপকা আঠিয়া কল খাই চালো। এই আধাপকা কল খোৱাৰ ফলত মোৰ বৰ বেয়াকৈ কৌষ্ঠকাঠিন্য হ’ল, কেইদিনমান বৰ কষ্ট পালোঁ – পিছে ডিঙিত লাগি থকা বস্তুটো ভিতৰলৈ যোৱা যেন নালাগিল। কেতিয়াবা এনেকুৱা লাগে যেন আচলতে পেটতহে বস্তুটো আছে। মই সেই সময়ত একপ্ৰকাৰ নিশ্চিত হৈ যাওঁ যে ভীমকলৰ সৈতে নিশ্চয় বস্তুটো ডিঙিৰ পৰা সৰকি আহিছে। তাৰ পাছত মই কিবাকে বাহিৰলৈ উলিয়াই পেলাব পাৰোঁ নেকি বহুত দিন চেষ্টা কৰিলোঁ। নাই, মই মোৰ সফলতা-বিফলতা একো গম নাপালোঁ। কিন্তু এনে লাগি থাকিল যেন মোৰ ভিতৰত কিবা এটাই উকমুকাই আছে।

ইতিমধ্যে মই অলপ ডাঙৰ হৈছো। আমাৰ লগৰ ছোৱালীবোৰ দুই-এজনীকৈ গাভৰু হৈছে। সিহঁতৰ নিজৰে গাটো নিজৰ কাৰণে অপৰিচিত যেন হৈ পৰিছে। সিহঁতবোৰৰ ফুচফুচনি শুনি মোৰো ঠিক ভিতৰি ভিতৰি সন্দেহ হ’বলৈ ধৰিলে, কিজানি ল’ৰা মানুহৰ তেনেকুৱা ফিলিংছেই হয়। লাহে লাহে দেখিলোঁ নতুনকৈ গাভৰু হোৱা লগৰ ছোৱালীকেইজনীয়ে সাজোন-কাচোন আৰম্ভ কৰিছে।

জনা লোকে কয়, যিটো সময়ত ছোৱালী মানুহে স্নো-পাউডাৰ ঘঁহে, ল’ৰা মানুহে সেইটো সময়ত ভূতৰ সাধু পঢ়িব লাগে। গতিকে মই ভূতৰ সাধু পঢ়িবলৈ ল’লোঁ, কেতিয়াবা পঢ়িবলৈ নাপালে কোনোবা অভিজ্ঞ বুঢ়া মানুহৰ মুখত ভূতৰ কাহিনী শুনিবলৈ আৰম্ভ কৰিলোঁ।

ভূতৰ কাহিনী শুনা বা পঢ়াৰ ফলত মোৰ মনলৈ আৰু নতুন নতুন, অদ্ভুত অদ্ভুত কথা কিছুমান আহিবলৈ ধৰিলে। ভাব হ’ল যে মোৰ গাত সৰুৰে পৰাই ভূতে লম্ভি আছে। এই যে ডিঙিত সোপা মাৰি ধৰা বস্তুটো সেইটো আচলতে এটা ভূত। সিয়ে মাজে মাজে ঠাই সলাই পেট পায়গৈ আৰু কেতিয়াবা বুকুলৈ উজাই আহে।
কিন্তু মই যেতিয়া স্কুলৰ সাত এৰি থৈ আঠ পালোগৈ, লাহে লাহে মোৰ চিন্তাৰ জগতখন সলনি হ’বলৈ ধৰিলে। লাহে লাহে আৱিষ্কাৰ কৰিবলৈ ধৰিলোঁ যে এই গোটেইবোৰ সোপা মাৰি ধৰা গোটা বস্তু বুকুৰ পৰাই উৎপন্ন হয়। গোটা গোটা এই ফিলিংছবোৰ আন একো নহয়, সেয়া আছিল মোৰ আজন্ম বাসনা। এই বাসনাটোৱেই মোক সৰুৰে পৰা ইমান যন্ত্ৰণা দি আছিল। মূৰত খুন্দা, বুকুত খুন্দা – কিমান দিন যে খুন্দা খালোঁ। আৰু এই বাসনাটো যে আচলতে জনপ্ৰিয় হোৱাৰ মতলবী কীটহে সেইটো বুজাই দিলে মোক আমাৰ মাষ্টৰে।

মাষ্টৰ মানে আকৌ স্কুলৰ মাষ্টৰ নহয় দেই, স্কুলৰ আগৰ পাণদোকানখনৰ মালিক ফটিক ককাইহে। তেওঁ সকলো ল’ৰাকে বিভিন্ন উপদেশ দিয়ে। উপদেশ আৰু জ্ঞান দিয়ে বাবে ফটিক ককাই সকলোৰে মৰমৰ মাষ্টৰ। তেওঁৰ হৃদয়খন স্ফতিকৰ দৰে পৰিচ্ছন্ন আৰু ফটফটীয়া। হাইস্কুললৈ যোৱা নতুন ল’ৰাবোৰক ফটিক ককায়ে চাধা খাবলৈ শিকায়। প্ৰথমে তেওঁ চূণ আৰু চাধা কেনেকৈ মিহলাব লাগে, কিমান সময় মোহাৰিব লাগে, কেনেকৈ থপৰিয়াব লাগে, সৰ্বোপৰি বাওঁহাতৰ তৰ্জনী আৰু অংগুষ্ঠৰে ওঁঠটো টিপা মাৰি ধৰি টানি সোঁহাতৰ তৰ্জনী আৰু অংগুষ্ঠৰ মাজত টিপা মাৰি লোৱা মহাৰ্ঘ্য চাধাকণ কায়দাৰে কেনেকৈ স্থাপন কৰিব লাগে সেই সকলো কথা ব্যৱহাৰিক জ্ঞানসহ শিকায়। সেইকাৰণে ফটিক ককাই আমাৰ সকলোৰে বাবে ডাঙৰ আৰু আচল মাষ্টৰ। ফটিক ককায়ে চাধা খাই ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰাসকলক ছিনিয়ৰৰ মৰ্যাদা দি চিগাৰেট হুপিবলৈ শিকায়।

জ্ঞানৰ ফালেৰেই নহয়, ফটিক ককাই মানুহ হিচাপেও শ্ৰেষ্ঠ। বৰ দিলদাৰ মানুহ। আৰু কেৱল নিজৰ দিলক লৈয়ে যে ব্যস্ত সেইটো নহয়, তেওঁ কি কৰে – ইতিমধ্যে চাধা-বিড়ি হুপি পুৰুষত্বৰ পৰিচয় দিয়া প্ৰতিটো ল’ৰাক সকলো মানুহৰে যে বুকুত দিল থাকে তাক মেহচুচ কৰোৱায়। কোনজনী ছোৱালীক দেখিলে দিল কঁপি উঠে, কেনেকৈ মিঠাপাণ খুৱাই ছোৱালীক নিজৰ ফলীয়া কৰিব পাৰি সকলো বুদ্ধি ফটিক ককায়ে খুব নিস্বাৰ্থভাৱে শিকাই যায়। আনকি কেতিয়াবা বশ কৰিব নোৱৰা ছোৱালীক খুৱাবলৈ বেজৰ হতুৱাই পাণ জাৰিও আনি দিয়ে। তাকো ফ্ৰি অৱ কস্ত, সম্পূৰ্ণ বিনামূলীয়াকৈ। মই এদিন ককাইক সুধিলোঁ –

-“কি পায় এইবোৰ কৰি?”

-“কোনবোৰ?”

-“এই যে, এইবোৰ…”

তেওঁ হাঁহিলে। ক’লে – “পৃথিৱীত দুবিধেই শক্তিশালী সম্পদ আছে।”

মই তেওঁৰ মুখৰ ফালে বুজা-নুবুজাৰ মাজত দুলি থাকি হাঁকৈ মুখ মেলি চাই থাকিলোঁ।

-“এবিধ হৈছে জ্ঞান। আনবিধ হৈছে জনপ্ৰিয়তা। দুয়োটাই মাৰাত্মক শক্তিশালী বস্তু। যাৰেই হাতত ইয়াৰ এবিধ থাকে সিয়ে পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ আৰু শক্তিশালী মানুহ। তেওঁলোকে নোৱৰা কাম পৃথিৱীত একো নাই। তেওঁলোক যাদুকৰৰ নিচিনা। মানুহক ভেড়া বনাব পাৰে, ভেড়াক মানুহ বনাব পাৰে। গিলিবিলি বোমবোম। গিলিবিলি বোমবোম।”

মই ভাবিলো, হয় কথাটো। স্কুলৰ শিক্ষককেইজনে আমাক কম নচুৱাইনে? তেওঁলোকৰ এচাৰি নামৰ যাদুদণ্ডডালৰ আগত কেতিয়াবা আমি ভেড়া হৈ যাওঁ, কেতিয়াবা গৰু আৰু কেতিয়াবা গাধ। মানুহ হৈ প্ৰায় নাথাকোৱেই। জ্ঞান আছে কাৰণেই তেওঁলোক মানুহ আৰু আমি গৰু, গাধা আৰু ভেড়া। আৰু তাৰে বলত তেওঁলোকে আমাক নচুৱাই থাকে। আনহাতে ফটিক ককাই। তেৱোঁ কম যাদুকৰনে? কিমান ল’ৰা-ছোৱালীক যে তেওঁ মুগ্ধ কৰি ৰাখে। মানে ভেড়া কৰি ৰাখে। তাৰ মাজতে বহুদিন ভাবি ভাবি, বহুত কথা ভাবি ভাবি আৱিষ্কাৰ কৰিলো যে ফটিক ককাই ছাৰহঁততকৈ বহুত বেছি ভাল। ছাৰহঁতে আমাক গৰু, গাধা আৰু ভেড়া সাজে। ফটিক ককায়ে আমাক কোনোদিনে গৰু-গাধা কৰা নাই। আৰু এইটো কাৰণেই নেকি মোৰ লাহে লাহে ছাৰহঁতক বেয়া লাগিবলৈ ধৰিলে। যিমানে নহওক ভাল নালাগেতো। ইজ্জত বা ইগো বুলি কিবা এটা আছেতো। মই এদিন ফটিক ককাইক ফাইনেল কথাটো সুধিলোঁ –
-“ককাই, পৃথিৱীখন নচুৱাই থাকিবলৈ দুটাই ৰাস্তাতো ন?”

তেওঁ নিশ্চিত কৰিলে – “অঁ, দুটাই ৰাস্তা।”

মই ক’লোঁ – “তেনেহ’লে মই তাৰে এটা ৰাস্তাহে ল’ম।”

তেতিয়াৰ পৰা মই আনুষ্ঠানিকভাৱে জনপ্ৰিয় হোৱাৰ আখৰা কৰিছো। জ্ঞানৰ ৰাস্তাৰে বৰ বেছি দূৰলৈ যে আগবাঢ়িব নোৱাৰিম মই গম পাই গ’লো। সেই সময়ত মোৰ লগৰ ল’ৰাবোৰে ধুনীয়া ছোৱালীবোৰৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ললিপপ বা লুজেন দিছিল। লাহে লাহে কথাবোৰ মিঠাপাণত পৰিছিলগৈ। বহুত ল’ৰাই ফটিক ককাইৰ দ্বাৰা বেজৰ ঘৰৰ পৰা পাণ জৰোৱাই আনি খুৱাইছিল। তাৰ কাৰণে সিহঁতে যথেষ্ট পইচা-পাতিও খৰচ কৰিছিল।

মই সিহঁতবোৰৰ দলত নাছিলোঁ। মই এজনী মাত্ৰ ছোৱালীৰ মনোযোগ প্ৰাপ্তিৰ তত্ত্বত বিশ্বাসী নাছিলোঁ। মই সকলোৰে লগত সমান ব্যৱহাৰ কৰিছিলোঁ। সকলো ছোৱালীকে একে দৃষ্টিৰে চাইছিলোঁ। সিহঁতে ললিপপ কিনাৰ পইচাৰে মই টেঙা মৰ্টন কিনি সকলোকে ভগাই দিছিলোঁ। সিহঁতে বিশেষ এজনী ছোৱালীৰ কাৰণে মিঠাপাণৰ নামত বহুত পইচা খৰচ কৰিছিল আৰু মই এখন মিঠাপাণৰ দামেৰে টেটেলি টেঙা কিনি ছোৱালীবোৰৰ মাজত বিলাই দিছিলোঁ। ছোৱালীবোৰে মোক বেছি ভাল পাবলৈ লৈছিল। সিহঁততকৈ মোক বেছি ভাল ল’ৰা বুলি বিশ্বাস কৰিছিল। ল’ৰাবোৰক ছোৱালীবোৰে ঘৰলৈ মাতিবলৈ ভয় কৰিছিল। কিন্তু মোক? মোক প্ৰতিজনীজনী ছোৱালীয়েই ঘৰলৈ মাতিছিল। দেওবাৰে দেওবাৰে বা বন্ধৰ দিনত সিহঁতবোৰৰ ঘৰলৈ ভাত খোৱাকৈ মাতিছিল। ছোৱালীবোৰৰ ঘৰৰ মানুহেও মোক খুব বিশ্বাস আৰু মৰম কৰিছিল।

এদিন ফটিক ককায়ে কৈছিল – “জনপ্ৰিয় হ’ব পৰাটো এটা ডাঙৰ গুণ। কিন্তু ই নিচাৰ দৰে।”

হয় কথাটো। মোক জনপ্ৰিয়তাৰ নিচাই ধৰিছিল। মই এটা বিড়ি হুপিলে পোৱা নিচাতকৈ কাৰোবাৰ সৈতে দুস্তি কৰি বেছি নিচাগ্ৰস্ত হৈছিলোঁ। মোক আগুৰি মোৰ চাৰিওকাষে মানুহ থাকিলে মই বেছি নিচা লগা যেন অনুভৱ কৰিছিলোঁ। লাহে লাহে মোৰ লগত মানুহ নথকাকে থাকিবই নোৱৰা হৈ গৈছিলোঁ।

ফটিক ককায়ে কৈছিল – “তুমি ইয়াৰ পৰা ওলাই যোৱা। শৰ পৰা হাজাৰ হোৱা, হাজাৰৰ পৰা লাখ হোৱা, কোটি হোৱা, কোটি কোটি হোৱা। আৰু বেছি জনপ্ৰিয় হৈ উঠা। মই নোৱাৰিলোঁ। ঘৰখন এৰিব পৰা হ’লে দোকানখন এৰিব পাৰিলোহেঁতেন, আৰু দোকানখন এৰিব পৰা হ’লে ময়ো এই ঠাই এৰি গুচি গ’লোহেঁতেন।”

মই তেওঁৰ কথা আগ্ৰহেৰে শুনি গৈছিলোঁ।

ফটিক ককায়ে কৈছিল – “কিছুমান ছোৱালীৰ গাভৰু কালত নাচনী হোৱাৰ হেঁপাহ থাকে, বাপেকৰ কাৰণে নাচিব নোৱাৰে। তাৰ পাছত যেতিয়া ছোৱালী চাবলৈ ল’ৰা আহে তেতিয়া তাই ল’ৰাটোক সোধে – ‘বিয়াৰ পাছত মোক নাচিবলৈ দিবানে?’ ল’ৰায়ো লচপচী কইনা পোৱাৰ আশাত একো নাভাবি অঁ অঁ বুলি হুকাৰ ধৰে। এদিন বিয়া হৈ যায়। মান ধৰা আৰু পৰিয়ালবোৰৰ ঘৰত ভাত খাবলৈ যোৱা, ভাত খাবলৈ মতা আনুষ্ঠানিকতা কৰি থাকোঁতেই এবছৰমান পাৰ হৈ যায়। ইতিমধ্যে কইনাৰ কোলালৈ কেঁচুৱা আহেই। সেইখিনি সময়তে লচপচী কইনাৰ পেট মোটা, গা ভাৰী হৈ যায় আৰু যিটো সময়ত ল’ৰা-ছোৱালী আদিৰ ঝামেলাৰ পৰা অলপ আজৰি হয়গৈ তেতিয়ালৈ গিৰিয়েকে অনুমতি দিলেও নিজৰ শৰীৰে নাচিবলৈ অনুমতি নিদিয়া হয়। তেনেকুৱা ঘটনাৰ ক্ষেত্ৰত পৰিণতি হয়গৈ এনেকুৱা – নিজে যিহেতু একো কৰিব নোৱাৰিলে গতিকে সেই সপোন ছোৱালী বা ল’ৰাটোৰ কামৰ মাজেৰে পূৰণ কৰিব খোজে। তেনেকুৱা সময়ত ছোৱালী নাচনী নহৈ নোৱাৰে। মন গ’লেও তাই পেট ভৰাই খাবলৈ নেপায়। মন গ’লেও ঘিঁ-মাখন জাতীয় চৰ্বিযুক্ত বস্তু খাবলৈ নেপায়। কাৰণ তাই খীণাই থাকিবই লাগিব, নাচনী হ’বই লাগিব। গা ভাৰী পেটলী হৈ গ’লে কি নাচ নাচিব? অকল নাচনী হ’ব খোজা মাকৰ ক্ষেত্ৰতে নহয়, বহুতেই নিজে দেখা সপোনবোৰ ল’ৰা-ছোৱালীৰ জৰিয়তে পূৰণ কৰিব খোজে। ময়ো তোৰ জৰিয়তে মোৰ এটা সপোন পূৰণ কৰিব খোজো।”

বাকীখিনি কথা মই বুজি পাই গ’লো।
লগতে ইয়াকো বুজিলোঁ যে মই যিকোনো উপায়েৰে জনপ্ৰিয় হ’বই লাগিব। ফটিক ককাইৰ সপোন সাৰ্থক কৰিবই লাগিব। এয়া এজন গুৰুৰ প্ৰতি মোৰ এক পৰম কৰ্তব্য।

এদিন সেই সপোন বুকুত লৈয়ে গুৱাহাটীলৈ গুচি আহিলোঁ। এই বিশাল সাগৰত ফটিক ককাইৰ দৰে এজন নাৱৰীয়া বিচাৰি হাহাকাৰ কৰি মোৰ সপোনৰ নাও যেনি-তেনি মেলি দিলোঁ। মুঠতে মই জনপ্ৰিয় হ’ব লাগে।

বহুদিন বহুৰাতি পাৰ কৰি দিলোঁ। বহুত ভাবনা-চিন্তা কৰিলো। সৰু-সুৰা বিভিন্ন কাম কৰিলোঁ। নাই – তথাপি মই জনপ্ৰিয় হ’ব নোৱাৰিলো। মোক ফতিক ককায়ে কৈছিল যে – “যিমানে ডাঙৰ সাগৰলৈ যাবি, সাঁতুৰিবলৈ সিমানে কষ্ট পাবি। যিমানে হাজাৰৰ পৰা লাখলৈ বা তাৰ ওপৰলৈ গৈ থাকিবি কথাবোৰ সিমানে টান হৈ গৈ থাকিব। ধৈৰ্য নেহেৰুৱাবি।”

গতিকে মই বিভিন্ন ধৰণে চেষ্টা কৰি থাকোঁ।

তেনেতে এদিন এজন মানুহৰ নাম শুনিলোঁ। জুবিন গাৰ্গ। গান গাই থকাৰ মাজতে মঞ্চত কিবা খুঁটা এটাত বগাবলৈ ধৰিলে। লগে লগে তেওঁ জনপ্ৰিয় হৈ পৰিল। মই ভাবিলোঁ, জুবিন গাৰ্গ মোৰ কাৰণে ফটিক ককাই হ’ব পাৰে। কৈ চালোঁ। নাই, কথাটোৱে নুশুনিলে তেওঁ। মই ভাবিলোঁ, একলব্যকো এনেকৈ দ্ৰোণাচাৰ্যই ঘূৰাই পঠিয়াইছিল। শিষ্য হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ময়ো একলব্যৰ দৰে হ’ম। মহাভাৰতত অৰ্জুন যিমান জনপ্ৰিয়, একলব্যও সমানেই জনপ্ৰিয়। গতিকে মোক কোনেও ধৰি ৰাখিব নোৱাৰে, মই একলব্যৰ দৰেই হ’ম। জুবিন গাৰ্গ মোৰ গুৰু দ্ৰোণাচাৰ্য। মোৰ ফটিক ককাই।

তাৰ পাছত মই মনে মনে জুবিনক অনুসৰণ কৰিবলৈ ধৰিলোঁ। জুবিনে যদি কেতিয়াবা চিঞৰি চিঞৰি দুটা গান গাইছে মই আটাহ পাৰি পাৰি তিনিটা গান গাইছোঁ। কেতিয়াবা যদি দুই ভৰিত দুপাট জোতা পিন্ধি আহি নিউজ চেনেলৰ সাংবাদিকবোৰৰ আগত পৰিছেহি মই তাতোকৈ বেছি কৰিছো। মই ভৰিত দুপাট বেলেগ বেলেগ পিন্ধি দুপাট ডিঙিতো ওলমাই লৈছো। নাই, মোৰ বিষয়ে কোনেও বাতৰি নকৰে। জুবিনে কেতিয়াবা গৰমৰ পৰা ৰক্ষা পৰিবলৈ পেণ্টৰ সলনি চুৰিয়া পিন্ধি আহিছে আৰু সকলোৱে বাতৰি কৰিছে। তাকে দেখি মই পেটিকোট এটা পিন্ধি ওলাই গৈছো, নাই – কোনেও নিউজ এটা নকৰিলে। সকলোৱে দেখোন কিবা সন্দেহৰ দৃষ্টিৰেহে চালে। মোৰ হেৰি হোৱা বুলি ভাবিছে বোধকৰোঁ। জুবিনে “মিছন চাইনা” কৰা দেখি ময়ো “চাওমিন অৱ চাইনা” বুলি চিনেমা এখন কৰিব খুজিছিলোঁ। নাই, বাতৰিটোকে কোনেও নকৰিলে। আৰু বাতৰি নকৰিলে মই ক’ৰ পৰা জনপ্ৰিয় হ’ম? জানো, বানপানী হোৱা ঠাইত সাহাৰ্য্য দিবলৈ গ’লেও জনপ্ৰিয় হ’ব পাৰি, কিন্তু মোৰ পইচায়ে নাই। ক’ৰ পৰা আনক সহায় কৰিম। উপায় নাপায় এদিন ফটিক ককাইৰ ওচৰলৈ উভতি যোৱাটোকে ঠিক কৰিলোঁ। কিবা এটা উপায়তো দিব পাৰিব। গৈ গম পালোঁ, ফটিক ককাই ঘৰ এৰি ক’ৰবালৈ গুচি গ’ল। ক’লৈ গ’ল, কিয় গ’ল কোনেও নাজানে।
মই আকৌ গুৱাহাটীলৈ উভতি আহিলো। এই আশাৰে যে কেতিয়াবা যদি ফটিক ককাইক চিনেমাত ঘটি যোৱাৰ দৰে ক’ৰবাত ঘটনাক্ৰমে লগ পাই যাওঁ।

একলব্যই দ্ৰোণাচাৰ্যৰ প্ৰতিমূৰ্তি বনাই লৈ নিজে নিজে ধনুৰ্বিদ্যা গ্ৰহণ কৰাৰ দৰে ময়ো জুবিনৰ পুতলা এটা বনাই ঘৰত সজাই থ’লো যদিও মোৰ একো কামত অহা নাই। প্ৰতিমূৰ্তিটো বৰ্তমানে ধনী মানুহৰ ড্ৰয়িংৰূমত পৰি থকা ডাঙৰ ডাঙৰ ভলিউমৰ দামী দামী কিতাপবোৰৰ দৰে অৱহেলিত হৈয়ে পৰি থাকিল। লাহে লাহে মোৰ ধাৰণা হ’বলৈ ধৰিলে যে জনপ্ৰিয় হ’বলৈ ইমান কষ্ট কৰিব নোৱাৰি।

মই জুবিনৰ দৰে গান গাব নোৱাৰো, মোৰ কণ্ঠ নাই। মই জুবিনৰ দৰে চিনেমা কৰিব নোৱাৰো, পইচাও নাই, অভিনয় কৰিব পৰা দক্ষতাও নাই। মই বান সাহায্য দিবলৈ যাব নোৱাৰোঁ, মোৰ পইচা নাই। গতিকে মোৰ সন্মুখত জনপ্ৰিয় হোৱাৰ ৰাস্তা প্ৰায় বন্ধ হৈ গ’ল।
বহুদিন মই তপস্যা কৰিয়েই কটাই দিলোঁ।

আগৰ দিনত মানুহ, দেৱতা, অসুৰ সকলোৱে কিবা বিশেষ লগা হ’লে তপস্যা কৰিছিল। বিশেষকৈ বৰ-চৰ লগা হ’লে। আৰু বহুদিন, ঘোৰ তপস্যা কৰি মহাদেৱ আদিৰ দৰে অন্তৰ কোমল দেৱতাৰ পৰা বৰ-চৰ পাইছিলো। আজিকালিও তেনে এটা ব্যৱস্থা থকা হ’লে মই মহাদেৱৰ পৰা জনপ্ৰিয় হোৱাৰ বৰ এটাকে ল’লোহেঁতেন। পিছে এটা কথা, বছৰ বছৰ ধৰি তপস্যা কৰি ল’ব লগা হ’লে মই কি কৰিলোহেঁতেন ক’ব পৰা নাই। হয়তো মই বৰৰ ব্যৱস্থাটো সলনি কৰিবৰ কাৰণে ধৰ্ণা-চৰ্ণা দিলোহেঁতেন। অথবা তপস্যাত বহিবলৈ কিছু বছৰৰ কাৰণে কাৰোবাক হাজিৰা হিচাপে ল’লোহেঁতেন। জনপ্ৰিয় হ’বলৈ ইমান কষ্ট কৰিব পাৰি নেকি কওক?

মই জনপ্ৰিয় হোৱাৰ সহজ ৰাস্তা বিচাৰিবলৈ ধৰিলোঁ।

ফে’চবুকত আছিলোৱে, গতিকে তাতে অধিক মনোযোগ দিয়াৰ কথা ভাবিলোঁ। মোৰ ধাৰণা হ’ল, মোৰ নিচিনা মানুহৰ কাৰণে ফে’চবুকটো এটা অতিকে উপযুক্ত মাধ্যম।

মই আনৰ দৰে নকৰি ফে’চবুকতো কেনেকৈ সহজতে জনপ্ৰিয় হ’ব পাৰি সেই বিষয়ে এটা অধ্যয়ন চলাবলৈ ধৰিলোঁ। অধ্যয়নৰ প্ৰথম পৰ্যায়ত বুজি পালোঁ যে ফটো দিলে অধিক লাইক পায়। মই ধামধুম ফটো আপলোড কৰিবলৈ ধৰিলোঁ। লাহে লাহে লাইকৰ সংখ্যা বাঢ়িল যদিও যাক দেখি মই ফটো দিবলৈ ধৰিলোঁ তেওঁলোকৰ চাৰিভাগৰ এভাগো নাপাওঁ। পাছত ভাবিলোঁ, মোৰ চেহেৰাটো বাৰু ১২০০ লাইক পাবৰ যোগ্যনে?

অধ্যয়নৰ দ্বিতীয় পৰ্যায়ত বুজি পালো যে লাইক কৰিলেহে লাইক পায়। Like begets like. মৰম কৰিলেহে যেনেকৈ মৰম পায়, ঠিক তেনেকৈ লাইক কৰিলেহে লাইক পায়। মই ধামধুম এফালৰ পৰা সকলোকে লাইক কৰিবলৈ ধৰিলোঁ। কোনোবাই যদি বেলিটো পূবফালে ওলায় বুলি পোষ্ট দিছে, তাতো লাইক মাৰিছোঁ। আৰু তাকে দেখি যদি কোনোবাই বেলি পছিমফালে উদয় হয় বুলি লিখিছে তাতো বিন্দাছ লাইক কৰি দিছোঁ। মই জানো যে বেলি পূবফালে ওলায়, কিন্তু পশ্চিমফালে উদয় হয় বুলি কোৱাটোত লাইক কৰিলে বেলিটোতো আৰু পছিমফালে ওলাবলৈ আৰম্ভ নকৰে। কিন্তু মই যদি লাইক নকৰো তেনেহ’লে মোৰ জনপ্ৰিয়তা নাহিব। জনপ্ৰিয়তা নাহিলে মোৰ বহুত কিবাকিবি লোকচান হৈ যাব।

কিন্তু লাহে লাহে এটা সময়ত বুজি উঠিলোঁগৈ যে এই সৰ্বলাইকাৰ স্বভাৱটোৰ কাৰণে মোৰ জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা কমিহে গৈছে। মোক মানুহবোৰে বাদুলিৰ লগত তুলনা কৰিবলৈ ধৰিছে। মই হেনো চৰায়ো নহয়, জন্তুও নহয়। মোৰ হেনো চৰিত্ৰ বুলি একোৱে নাই।

মই মূৰে-কপালে হাত দিলোঁ।

অধ্যয়নৰ তৃতীয় পৰ্যায়ত আহি দেখিলোঁ যে আটাইতকৈ ছেনছিটিভ বিষয়টোৱে হৈছে কবিতা। ইমানেই যে ধৰ্মীয় অনুভূতিতকৈ বেছি স্পৰ্শকাতৰ। আৰু কবিতাৰ বিষয়ে পোষ্ট দিলে বেছি লাইক পাব পাৰি। অধিক জনপ্ৰিয় হ’ব পাৰি। কিন্তু কেইদিনমানৰ পাছত বুজি উঠিলোঁ যে মোৰ অধ্যয়নটোৰ অনুসিদ্ধান্তত অলপ ভুল হৈছে। কবিতাৰ বিষয়ে কিবাকিবি সজ কথা কৈ বৰ বিপদত পৰি গ’লোঁ। মূৰ-চূৰ ঘূৰাই গ’ল। বহুত চিন্তা-চৰ্চা কৰি অৱশেষত আৱিষ্কাৰ কৰিলোঁ যে আনৰ কবিতাক অকবিতা বুলি কোৱা মানুহক বা হৃদয়ৰ অনুভৱ লিখা মানুহক প্ৰেৰণা নিদিয়া বা প্ৰশংসা নকৰা মানুহক গালি দি পোষ্ট দিব পাৰিলে এঘণ্টাৰ ভিতৰতে জনপ্ৰিয় হ’ব পাৰি। বহুত লাইক পাব পাৰি। তেনেকে তেনেকে কিবাকিবি কৰি মোৰ লাইকৰ সংখ্যাটো অলপ বঢ়ালো। বৰ্তমান মই এজন জনপ্ৰিয় লেখক। মোটামুটি ৩০০ৰ ওচৰা-ওচৰি লাইক পাওঁ। কেতিয়াবা অলপ বেছিও পাওঁ। আমাৰ অসমত ৫৬টা লাইক পোৱা জনপ্ৰিয় লেখকো আছে। ১২৪টা লাইক পোৱা প্ৰখ্যাত লেখকো আছে। সদ্যহতে মই এই সীমা পাৰ হৈ আহিছোঁ। মোৰ এতিয়া চৰম লক্ষ্য ৫০০ৰ পৰা ৭০০ লাইক পোৱা প্ৰচুৰ জনপ্ৰিয়, খ্যাতিসম্পন্ন অসমীয়া কবি-ঔপন্যাসিকসকল। তেওঁলোকৰ নিচিনা হৈ যাব পাৰিলে বনি যাম আৰু। মোৰো অফুৰন্ত কনফিডেঞ্চ আহি যাব। তাৰ পাছত লাহে লাহে জনপ্ৰিয়তাৰ ক্ষমতাৰে ময়ো মানুহক ভেড়া বনাম, ভেড়াক মানুহ বনাম।

তাৰ কাৰণে মই সম্প্ৰতি কমিউনিষ্ট হ’বলৈ লৈছোঁ। আজিকালি ফে’চবুকত কমিউনিষ্ট বা প্ৰগতিশীল লোকসকলে বহুত বহুত লাইক-কমেণ্ট পায়। বৰ খ্যাতি হৈছে কমিউনিষ্টসকলৰ। বিশেষকৈ হেমন্ত বিশ্বই ডঃ হীৰেণ গোহাঁইক তুচ্ছ-তাচ্ছিল্য কৰাৰ পাছত এই অপমানৰ বিৰোধিতা কৰা কমিউনিষ্টসকলৰ জনপ্ৰিয়তা অকল্পনীয়ভাৱে বাঢ়ি গৈছে। হয়তো এয়া কমিউনিজিম পপুলাৰ হোৱাৰে লক্ষণ। মই ভাবিছোঁ, সদ্যহতে মই নিজেও কমিউনিষ্ট হৈ থাকোঁ। যথা সময়ত কোনফালে পোৰ্ট কৰোঁ দেখা যাব।

আৰু কোনে জানে, তেতিয়ালৈকে কিজানি ফটিক ককাইৰ সৈতে মুখামুখি হওঁৱেই।

8 Comments

  • জনপ্ৰিয়তাৰ নিচা—- পঢ়ি বৰ ভাল পালোঁ।
    ফটাঢোলৰ প্ৰতিটো সংখ্যাত আপোনাৰ লেখা আশা কৰিলোঁ।

    Reply
  • সৌমিত্ৰ যোগী

    বহুত বহুত ধন্যবাদ আপোনাক।
    চাওঁ দিয়কচোন, সময়-সুবিধা পালে, সম্পাদকে আগ্ৰহ দেখুৱালে হৈয়ে যায় কিজানি।

    Reply
  • Hiranya Sarma

    পঢ়ি বৰ ভাল পালোঁ।

    Reply
    • সৌমিত্ৰ যোগী

      বহুত বহুত ধন্যবাদ।

      Reply
  • অভিজিত কলিতা

    সুন্দৰ, তীৰ্যক, সাহসী

    Reply
    • সৌমিত্ৰ যোগী

      বহুত বহুত ধন্যবাদ।

      Reply
  • সৌমিত্ৰ যোগী

    কোনোবাই আগ্ৰহ কৰিলে Youtubeৰ লিংকটোও শুনিব পাৰে। কৃষ্ণ।
    https://www.youtube.com/watch?v=PU7OlNjvLug&feature=youtu.be

    Reply
  • Anal Krishna Yein

    Moiu like ta mari dilu…bhaal lagile porhi…

    Reply

Leave a Reply

Your email address will not be published.