ফটাঢোল

গুহেটী, নমস্কাৰ! – মল্লিকা শৰ্মাবৰদলৈ

হায়াৰ ছেকেণ্ডাৰী পাছ কৰি কলেজীয়া জীৱন আৰম্ভ কৰিছোঁ তেতিয়া। বাইদেউৰ (টিউচনৰ) পৰামৰ্শ অনুসৰি মেজৰৰ কিতাপ কেইখনমান কিনিবলৈ বুলি গুৱাহাটীলৈ যোৱা ঠিক কৰা হ’ল। যিহেতু তেতিয়া কিতাপবোৰ নিৰ্দিষ্ট কেইখনমান দোকানতহে পোৱা গৈছিল।

জীৱনত প্ৰথমবাৰৰ বাবে ঘৰৰ মানুহৰ অবিহনে, বান্ধৱীৰ লগত মহানগৰীলৈ বজাৰ কৰিবলৈ ওলাইছোঁ। যদিও ঘৰৰপৰা কিতাপ কিনাৰ উদ্দেশ্যেই ওলাইছিলোঁ, তথাপিও ইমান কাষলৈ আহি ফাঁচীবজাৰখনত এপাক নামাৰিলে মহানগৰীলৈ যাত্ৰা আধৰুৱা হৈ থাকিব, সেয়ে কিতাপ কিনাৰ পিছত, সুসজ্জিত চকু চাট মাৰি ধৰা দোকান নে চুপাৰ মাৰ্কেট কিবা এখনত সোমালোঁগৈ। দোকানখন বিভিন্ন বস্তুৰে ভৰি আছে। আচলতে সেইখন কিহৰনো দোকান, আমাৰ ডাঙৰ মূৰৰ সৰু সৰু মগজুকেইটাই ঢুকি পোৱা নাই। সুধিলেও লাজ পাম। প্ৰথমতেই ধুনীয়া ফুলখিনিৰ ওপৰত চকু পৰিল মোৰ। লগত অলপ পইচা আছেই যেতিয়া দামটোকে সুধিলোঁ, “দাদা, এই ফুলখিনিৰ কিমান দাম?”

লিপষ্টিক কাজল ক’ত কেনেকৈ লগাই নজনা মই আৰু বান্ধৱীজনীক ওচৰতে থকা হেণ্ডচাম ল’ৰা দুজনে ঘূৰি ঘূৰি চাইছে। মনটো ভালো লাগে দিয়কচোন। তেনেতে মূৰৰ পৰা ভৰিলৈকে চাই দোকানৰ মানুহজনৰ উত্তৰ–
“এইখিনি দেক’ৰেচনৰ কাৰণেহে ৰখা হৈছে। এইখন ফুলৰ দোকান নহয়তো…”

হা? লাজতে মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে। কিহে পাইছিল ফুলৰ দাম সুধিবলৈ। ইজনীয়ে সিজনীক ঠেলিয়াই গতিয়াই তাৰ পৰা ওলাই আহি কাপোৰৰ দোকান এখনত সোমালোগৈ।

এইবাৰ সোমাৱাৰ পৰাই দোকানৰ মালিক যেন লগা মানুহজনে এসোপামান মৌ ঢালি “আইয়ে বাইদৌ” বুলি যিটো মোহিনী হাঁহি মাৰিলে মনটো ফৰকাল লাগি গ’ল। অলপ আগতে যে লাজ পাই উঠিছো সেইখিনি লুকুৱাই কাপোৰবোৰ এফালৰ পৰা চাই গৈছো। আস্, যিটোকে চাইছো সেইটোকে দোকানীজনে, “লে লিজিয়ে বহুত অট্চা কালাৰ হেই” বুলি কয়। যেন প্ৰথমবাৰ বুলি এনেয়েহে দিব আমাক। তাৰ মাজতে কিবাএটা আঙুলিয়াই এইবাৰ লগৰজনীক সুধিবলৈ দিলোঁ।

“এইটোৰ কিমান দামনো?”

“আৰে দাম বাদ মে, পেহলে আপ পচন্দ কিজিয়ে না”- মিহি হাঁহিটোৰে তেওঁ টপৰাই উত্তৰ দিলে।

“কওঁকচোন তথাপি”

আকৌ সুধিলোঁ।
“আপত’ ৰেগুলাৰ কাষ্টমাৰ হেই, আপচে কিউ যাদা লেংগে হম। একদম দেনেৱালা দাম ব’ল ৰহে হে আপকো। ডিচকাউন্ট মিলাকে পুৰাপুৰি দ’ দিজিয়েগা বাইদ’…”

হেৰৌ গুড়ৰ লাড়ুটো মুখৰ পৰা উলিয়াই থ, জীৱনত প্ৰথমবাৰ আহিছো ইয়াত বজাৰ কৰিবলৈ, ৰেগুলাৰ কাষ্টমাৰ কেনেকৈ হ’লো আকৌ? কথাষাৰ মুখলৈ আহিও ঘূৰি গ’ল। লগে লগে বেগটো খুচৰি চালোঁ। আছে, দুশ টকা নহয় অলপ বেছিকৈয়ে আছে। লগৰজনীক ক’লো, মই লওঁ এইটো। এইবাৰ তাইৰো আকৌ সেইটোহে লবলৈ মন। ইফালে একতা কাপুৰৰ চিৰিয়েলৰ হিৰ’ইনে পিন্ধা কাপোৰৰ দৰে ইমান সুন্দৰ ৰং আৰু কোমল কাপোৰটো দেখি মোৰ এৰিবলৈ মন নাই। দুয়োজনীয়ে তাতেই মোক লাগে, মোক লাগে যুক্তি তৰ্ক কৰি কৰি সিদ্ধান্ত ল’লো যে, দুয়োজনীয়ে আধা আধা দাম দি কিনো। যাৰ যেতিয়া পিন্ধিবলৈ মন যাই ইজনীয়ে সিজনীৰ পৰা ল’ম, বছ হৈ গ’ল সিদ্ধান্ত, দুয়ো একদম খুচ। দোকানৰ মানুহজনে ইফালে কৈয়েই আছে, ” ইয়ে কপড়া আপপে বহত অট্চা লগেগা।” কোৱা দামতকৈ আৰু অলপ কমাই লওক বুলি ভাবিয়ে এনেয়ে মই কৈ চালোঁ–
“দেৰশ টকাত দিব?”

কথাষাৰ শুনি এইবাৰ দেখোন সেইজনে খুকখুকাই হাঁহিবলৈ ধৰিলে। মোৰ খং উঠিল। এনে নো কি ডাঙৰ কথাটো হ’ল। পঞ্চাশ টকাহে কমাই কৈছোঁ। তেওঁৰ হাঁহি এইবাৰ জোৰে জোৰে শব্দ কৰি ওলাল। হাঁহি হাঁহিয়েই মাতটো কিছু ডাঙৰ কৰি ক’লে, ” অ’ বাইদৌ, এইটোৰ দাম ‘দুই-হাজাৰ’ হয়। ক’ত দ’হাজাৰ কা কাপড়া আপনি দেৰচ্ ৰুপয়া কৈ আছে”

এইবাৰ ওচৰে পাঁজৰে থকা গোটেই মানুহবোৰে আমাৰফালে চোৱা যেন লাগিল। মোৰ হাওঁ হাওঁকৈ কান্দি কবলৈ মন গৈছিল, ফাঁট মেলা বসুমতী পাতালে লুকাওঁ। পিছে কৈয়োনো কি লাভ হ’ব, য’ৰে বস্তু ত’তেই এৰি পলালোঁ।

বজাৰ সমাৰৰ অন্ততো হাতত দেধাৰ সময় থকা বাবে, এইবাৰ চুলিখিনিকে গুৱাহাটীৰ পাৰ্লাৰত কটাই যাওঁ বুলি সোমালোঁ। এনেয়ো গুৱাহাটীত বৰ ধুনীয়াকৈ কাটি দিয়ে বুলি শুনি থাকো। সোমালোগৈ নাম উচ্চাৰণ কৰোঁতে দাঁত ভঙা বিউটিপাৰ্লাৰ এখনত। মঙ্গলদৈৰ হিচাপত দাম অলপ বেছি হ’ব জানিয়ে পইছা হিচাপ কৰি লৈহে চুলিখিনি কাটি দিবলৈ ক’লো। দীঘল চুলিখিনি যিমান কাটিব দিছিলোঁ তাতকৈ দুগুণে বেছি কাটি দিলে। আইনাত চুলিখিনি চাই জীউটো ওলাই যোৱা যেন লাগিল। চকু চলচলীয়া হ’ল পিছে তেনেকৈ দেখিলে আমি গাঁৱৰ ফালৰপৰা অহা বুলি বুজিয়েই পাব, সেয়ে গুৱাহাটীৰ পাৰ্লাৰ বুলিয়েই নিজক সান্ত্বনা দিলোঁ। এইবাৰ আহিল বিল দিয়াৰ সময়। মঙ্গলদৈত পঞ্চাশ টকা, গতিকে ইয়াত আশী বা খুব বেছি এশ টকা মান হ’ব বুলি ভাবি বিলখনত চকু ফুৰাই চাই যি দেখিলোঁ মূৰত পানী ঢালিব লগীয়া অৱস্থা হ’ল মোৰ গোসাঁই। মহানগৰ হ’ল বুলি “আঢ়ৈশ টকাৰ” চুলিকে কটোৱালো নে? সৰুৰে পৰা সাঁচি সাঁচি থৈ দিয়া খুচুৰা পইচাকেইটাও উলিয়াই দিবলগীয়া হ’ল। পাৰ্লাৰৰ পৰা ওলাই আহোঁতে মজিয়াত পৰি থকা চুলিখিনি বুটলি লৈ আহিম যেন লাগি গৈছিল।

দিনটোৰ বাৰকুৰি ঘটনা, পৰিঘটনাৰ অন্তত, কিবা এটা খাই ঘৰলৈ যাওঁগৈ বুলি এইবাৰ হোটেল এখনত সোমালোঁ। দেখিলো যে চাহ, ৰুটি, ভাত সকলো পোৱা যায় তাত। আমাৰ পিছে এইবাৰ বেলেগ কিবা অৰ্ডাৰ দিবলৈকে সাহস নহ’ল। ইফালে চিন্তা হ’ল নাখাওঁতেই দামবোৰ সুধিলে আমাক বাহিৰৰ বুলি গম পাই ঠগাই যদি? বুৰ্বকৰো এটা সীমা থাকে, আমাৰ কিন্তু অদ্ভুত চিন্তাবোৰৰ কোনো সীমা নাছিল। দুয়োজনীয়ে আলোচনা কৰি আটাইতকৈ কম খৰচত হোৱাকৈ চাহ আৰু মিঠাই খোৱাটোকে ঠিক কৰিলোঁ। অৰ্ডাৰ দিয়ামতে দুকাপ চাহ আৰু নাম নজনা মিঠাই দুটা আহিল। দেখিবলৈ ধুনীয়া মিঠাইটো, কাষতে চাহ দি যোৱা মানুহজনক দেখি এনেয়ে সুধিলোঁ,
“মিঠাইটোৰ দাম কিমান দাদা?”

তেওঁ ক’লে-“আঠ টকা!”

কি ভাবি জানো মোৰ মুখৰপৰা ওলাল,
“আআআঠ টকা?”

আচলতে মিঠাইৰ দাম কিমান হ’ব পাৰে তাৰ কোনো ধাৰণাই নাছিল। সেইসময়ত আঠ টকা আমাৰ কলেজলৈ প্ৰায় দুবাৰৰ বাছ ভাড়া। সেয়ে আঠ টকা বৰ বেছি যেন লাগিল। লগৰজনীয়ে মিঠাইটো কাটি মুখলৈ নিবলৈ ওলাইছিল, মোৰ ৰিয়েক্সন দেখি, ওভতাই আনি মিঠাই টুকুৰা আকৌ জোৰা দিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। তাই ভাবিলে, ইতিমধ্যে চুলিৰ নামত খুচুৰা পৰ্য্যন্ত উলিয়াই দিয়াৰ পিছত মোৰ হাতত সেই আঠ টকাও বচা নাই চাগৈ। তায়ো যদি খৰচ কৰে ঘৰলৈ কেনেকৈ যাম? তাইৰ অৱস্থাতো দেখিহে মোৰো হাঁহি নৰখা হ’ল। মিঠাইনো কোনোবাই জোৰা লগাই উভতাই দিয়েনে? নিদিলোঁ যেনিবা, মহানগৰীৰ মিঠাইৰে তিতা-কেঁহা অভিজ্ঞতাৰ সামৰণি মাৰি ঘৰলৈ উভতিলোঁ। ঘৰলৈ উভতোতে বাৰে বাৰে সৰুতে শুনা সেই গানটো মনলৈ আহি থাকিল,
“গুহেটীক আৰু কেথানো নাযাওঁ, গুহেটী নমস্কাৰ …”

☆★☆★☆

4 Comments

  • দিম্পল

    হা হা নমস্কাৰ দিলে বা

    Reply
  • ইয়াৰ পিছত আৰু গুহেটিক আহিলেনে? 😃

    Reply
  • জাহ্নৱী

    হাঃ হাঃ হাঃ

    Reply
  • অভিজিত কলিতা

    বঢ়িয়া। সেই সৰলতাখিনি জীয়াই ৰাখিব পৰাতোৱেই সফলতা।

    Reply

Leave a Reply

Your email address will not be published.